[ প্ৰথম পৃষ্ঠা ]

অসম-সন্ধ্যা
(কাব্য)

 

শ্ৰীদণ্ডিনাথ কলিতা

 

হিৰণ্যৰঞ্জন গ্ৰন্থকুটী
লম্বোদৰ ধৰা ৰোড্,
তেজপুৰ

[ প্ৰকাশন ]

প্ৰকাশক গ্ৰন্থকাৰ।
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী
লম্বোদৰ বৰা ৰোড্
তেজপুৰ

 

১৮৭১ শক (খৃঃ ১৯৪৯)

মূল্য :—৩

 

জেনাৰেল প্ৰিণ্টাৰ্চ য়্যাণ্ড পাব্লিশাৰ্চ লিমিটেডৰ (ছাপাখানা অবিনাশ প্ৰেছ ১১৯ ধৰ্মতলা ষ্ট্ৰীট, কলিকাতা) পৰা শ্ৰীসুৰেশ চন্দ্ৰ দাস এম-এ কৰ্ত্তৃক মুদ্ৰিত হল

[ উছৰ্গা ]

অৰ্পণ

 যাৰ শিক্ষাই বিদ্যালয়ত, উদগনিয়ে সাহিত্য-চৰ্চ্চাত আৰু উপদেশে সামাজিক ক্ষেত্ৰত আগ বাঢ়িবলৈ লেখকক প্ৰেৰণা যোগাইছিল, সেই অশেষ শ্ৰদ্ধাভাজন সাহিত্যৰথী ৺পদ্মনাথ গগাহাঞি বৰুৱাৰ স্মৃতিত “অসম-সন্ধ্যা” অৰ্পিত হ’ল।

তেজপুৰ
১ শাওণ ১৮৭১ শক।
প্ৰণত
গ্ৰন্থকাৰ।
 

[ পাতনি ]
নিবেদন

 ১৯৩৮ চনৰ জুলাই মাহত এদিন জনচেৰেক ডেকাই আমাৰ ভাষাত কাব্য নাই বুলি আক্ষেপ কৰি অন্ততঃ এখন লিখি দিবলৈ মোক অনুৰোধ জনাইছিল। ময়ো তেওঁলোকৰ অনুৰোধ এৰাব নোৱাৰি একেৰাহে দিনচেৰেক কলম ল’বলৈ আজৰি উলিয়াব পাৰিলে এখন লিখি দিম বুলি গাত লৈছিলোঁ। কিন্তু এবছৰ পাৰ হৈ গ'ল, তথাপিও কোনো মতে আজৰি উলিয়াব নোৱাৰিলো। এনেকৈ থাকোঁতেই ১৯৩৯ চনৰ ১ আগষ্টৰ দিনা হঠাৎ শৰীৰ অসুস্থ হোৱাত মই শয্যাৰ আশ্ৰয় ল’ব লগাত পৰিলোঁ। পিচ দিনা ডাক্তৰ আহিল। তেওঁ পৰীক্ষা কৰি চাই দহ দিনৰ ছুটীৰ নিমিত্তে লিখিলে আৰু ঔষধৰ ব্যৱহাৰৰ উপৰিও সম্পূৰ্ণ বিশ্ৰাম ল’বলৈ উপদেশ দিলে। সেই মতে দহ দিন কটোৱা হল, কিন্তু ৰোগৰ উপশম নহ’ল। ডাক্তৰে আকৌ পৰীক্ষা কৰি এইবাৰ আৰু এমাহ ছুটীৰ ব্যৱস্থা কৰিলে আৰু পূৰ্ব্বৰ দৰেই চলিবলৈ পৰামৰ্শ দিলে। মই কিন্তু ইমান দীঘলীয়াকৈ পোৱা আজৰি সময়খিনি অবাবত কটোৱা অনুচিত বুলি ভাবিলোঁ আৰু পাটীৰ ওচৰতে কাকত-কলম চপাই ল’লোঁ। সেই দিনাই “অসম- সন্ধ্যা” আৰম্ভ কৰা হ’ল আৰু একেৰাহে বাইশ দিন লিখি তাক শেষ কৰিলোঁ। বাকী থকা কেই দিনত লিখা হ’ল “আবিষ্কাৰ” নামৰ উপন্যাসখন।

 কিতাপ দুখন লিখাৰ অলপ দিনৰ পাচতে ৺মাধৱচন্দ্ৰ বেজবৰুৱা “বাহী”লৈ প্ৰবন্ধ বিচাৰি মোৰ ওচৰলৈ আহিছিল। মই “অসম-সন্ধ্যা”[ পাতনি ] খনকে আগ বঢ়াই দিলোঁ। তেওঁ তাক লৈ গৈ সেই চনৰ আঘোণ মাহৰে পৰা ধাৰাধাহিকৰূপে বাঁহীত প্ৰকাশ কৰে।

 গোটেইখন কিতাপ বাঁহীত ওলোৱাৰ পিচতেই তাক বেলেগে কিতাপৰ আকাৰে ছপাবৰ মন কৰিছিলোঁ, কিন্তু মহাযুদ্ধই ঘটোৱা বেমেজালিবোৰৰ কাৰণে সি হৈ নুঠিল।

 ১৯৪৫ চনত কিতাপখন আগৰ পৰা গুৰিলৈকে হাত ফুৰাই ন-কৈ লিখা হ’ল আৰু কেইমাহমানৰ পাচত ছপাবলৈ বুলি কলিকতাৰ ভাৰত-মিহিৰ প্ৰেচলৈ পঠোৱা হ’ল। কিন্তু পঢ়াশলীয়া কিতাপ ছপোৱাত ব্যস্ত থকাৰ বাবে বহুত দিনলৈকে প্ৰেচে তাত হাত দিব নোৱাৰিলে। এনে ভাবে কিতাপখন তাত পৰি থাকোতেই মুচলীম লীগৰ প্ৰত্যক্ষ সংগ্ৰাম আৰম্ভ হ'ল। প্ৰেচ ধ্বংস হ’ল; অসম-সন্ধ্যাও তাতে জাহ গ’ল।

 সংশোধিত কিতাপখনৰ নকল নাছিল। সেই কাৰণে ১৯৪৭ চনত আকৌ বিস্তৰ সালসলনি কৰি তাক বাঁহীৰ পৰা উদ্ধৃত কৰা হ’ল। তেতিয়াৰে পৰা ইয়াক প্ৰকাশ কৰিবলৈ যত্নৰ অলপো ত্ৰুটি হোৱা নাছিল, তথাপি ইমান দিনৰ মূৰত হে সি কোনো মতে পোহৰ দেখিলে। ইও সম্ভব হৈছে মোৰ প্ৰিয় ছাত্ৰ, ১১৯ ধৰ্ম্মতলা ষ্ট্ৰীটত থকা “জেনাৰেল প্ৰিণ্টাৰ্চ অ্যাণ্ড পাব্লিশাৰ্চ লিমিটেডৰ” মেনেজিং ডিৰেক্টৰ শ্ৰীমান সুৰেশচন্দ্ৰ দাস এম-এৰ সাহায্য আৰু তত্ত্বাৱধানৰ ফলত হে। সেই বাবে তেওঁলৈ আগ বঢ়ালোঁ মোৰ স্নেহ-ভৰা আশীৰ্ব্বাদ।

 “অসম-সন্ধ্যাৰ” মূল সঁজুলিবিলাক গোটোৱা হৈছে শ্ৰদ্ধাস্পদ ৰায় বাহাদুৰ ডাক্তৰ সূৰ্য্যকুমাৰ ভূঞাদেৱৰ দ্বাৰা সম্পাদিত “অসমৰ গদ্য বুৰঞ্জী”ৰ পৰা। সেই বাবে কৃতজ্ঞ অন্তৰেৰে তেখেতক ধন্যবাদ জনালো।

[ পাতনি ]  এই কাব্য-ৰচনাত আৰু এজন লোকৰ পৰা সু-পৰামৰ্শ লাভ কৰি বিশেষ উপকৃত হৈছিলোঁ। তেওঁ হৈছে মোৰ অগ্ৰজতুল্য নীৰৱ সাহিত্যিক আৰু সমালোচক শ্ৰীযুত বেণুধৰ দাস। তেখেতলৈকো মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

 সামৰণিত ইয়াকে কওঁ যে “অসম-সন্ধ্যা ৰাইজৰ হাতত দিয়াৰ লগে লগে মোৰ প্ৰতিশ্ৰুতি ৰক্ষা পৰিল; কিন্তু উদ্দেশ্যৰ সফলতা নিৰ্ভৰ কৰিছে ৰাইজৰ শুভ দৃষ্টি আৰু সহানুভূতিৰ ওপৰত। ইতি–

তেজপুৰ
১০ শাওণ, ১৮৭১ শক।
বিনীত
গ্ৰন্থকাৰ।
 

[  ]

অসম-সন্ধ্যা
⸺:•:⸺
প্ৰস্তাৱনা।

 দিক্কৰবাসিনী যাৰ পূব সীমা-ৰেখা,
পশ্চিমত পুণ্যতোয়া কৰতোয়া ন'ই,
গিৰিমালা-বিভূষিত উত্তৰ-দক্ষিণ,
বুকুৱেদি বয় যাৰ স্তন্য-ধাৰা ঢালি
মহানদ ব্ৰহ্মপুত্ৰ অজস্ৰ ধাৰেৰ
প্ৰকৃতিৰ কাম্যভূমি সেয়ে কামৰূপ,
বিধাতাৰ আদি সৃষ্টি, কৃষ্টিৰ প্ৰসূতি।
যি ফালেই চকু যায় সি ফালেই কেনে
মন-প্ৰাণ হৰি নিয়া মেলা সৌন্দৰ্য্যৰ।
খাপে খাপে উঠি যোৱা পৰ্ব্বত-শিখৰ,
মাজে মাজে নিজৰাৰ অমৃত-কল্লোল।
শত শত তৰঙ্গিণী যায় ধীৰে ব'ই
দুয়ো পাৰে সৃষ্টি কৰি নিকুঞ্জ শ্যামল।
পল্পৱ-মণ্ডিত তৰু পিন্ধি পুষ্পমালা,
সৌৰভেৰে বন্দী কৰি মুগ্ধ মধুলোভী,
নৃত্য কৰে তালে তালে মৃদু গুঞ্জনৰ,
বাহু মেলি হৰষেৰে লতা-পৰশত।

[  ]

কতনা নগৰ, বন, কত শত গাওঁ,—
ভাগে ভাগে কৰে বাস নানা প্ৰকৃতিৰ
নৰ-নাৰী, গঢ়ি লই নিজৰ সমাজ;
বিহঙ্গ, কুৰঙ্গ কত, মাতঙ্গ বিশাল,
কতনা শ্বাপদ, কত পতঙ্গৰ পাল,
নীৰৱতা আঁতৰাই অৰণ্য-ভূমিৰ
নিজমনে মহানন্দে কৰে বিচৰণ।
ধন-ধান, ফল-মূল, অগৰু-চন্দন,
খনিজ-সম্পদ ভৰা অমৰ-বাঞ্ছিত
জগতৰ সম্পদৰ সবাৰে আকৰ,
সৌন্দৰ্য্যত, ঐশ্বৰ্য্যত তুলনা-বিহীন
ক্ষুদ্ৰ এক বসুন্ধৰা কামৰূপ ভূমি
ৰত্ন, কাম, স্বৰ্ণ আৰু সৌমাৰ পীঠত
চতুৰ্ধা বিভক্ত হ'ই জিলিকে বিশ্বত।
তেৱেঁ মোৰ মাতৃ, ধাত্ৰী, সাধনা, কামনা,
তেৱেঁ মোৰ অন্তৰৰ পূজাৰ বেদীত
জাগ্ৰত দেৱতা। অসীম ভকতি ল'ই
কৰোঁ প্ৰণিপাত জন্মভূমি। চকু-লোৰে
ধুৱাই চৰণ।
 ইয়াতে লভিলে কামে
নিজ ৰূপ, দগ্ধ হ'ই হৰ-কোপাগ্নিত।
ইয়াতে আশ্ৰয় ল'ই গিৰি-আশ্ৰমত
ঋষি-শ্ৰেষ্ঠ বশিষ্ঠই গালে সাম-গান;
ধ্বনি তাৰ এতিয়াও যোৱা নাই মাৰ;

[  ]

আজিও উঠিছে বাজি গভীৰ নিনাদে
সন্ধ্যা-কান্তা-ললিতাৰ নিত্য আৰতিত।
ভগদত্ত মহাবীৰ নৰক-তনয়
কীত্তি যাৰ ভাৰতত অক্ষয়, অব্যয়,
কামৰূপ গৌৰৱৰ স্তম্ভ জ্যোতিস্ময়।
বাণৰ অমিত তেজ, অমত বিক্ৰম,
উষাৰ অতুল ৰূপ, কল'-নিপুণতা,
ই কামৰূপৰে জ্যোতি জ্বলিব লাগিছে
পুৰাণ, ভাৰত কত কাব্যৰ বুকত।
কুমাৰ ভাস্কৰ কামৰূপৰ ভাস্কৰ,
⸺অৰিতীয় নৰপতি পূব ভাৰতৰ⸺
শ্ৰীহৰ্ষৰ উৎসৱত য'ৰ প্ৰভাৱত
নিস্প্ৰভ নৃপতি দল দিক-বিদিকৰ।
সংস্কাৰ সাধিলে গ্লানি যিজনে গুচাই
কালত বিকাৰ প্ৰাপ্ত বৈদিক ধৰ্মৰ,
বিজয়ী শঙ্কৰাচাৰ্য্য শিষ্য হ’ল যাৰ
সেই কুমাৰিণ কামৰূপৰ সন্তান।
আৰু কত অতীতৰ কৃতী সুসন্তান
জনমাই জননীয়ে বঢ়ালে গৌৰৱ,
স্মৰণত যাৰ আজি প্ৰাণৰ স্পন্দন।
কিন্তু হায়। চিৰদিন সমানে নাষায়;—
উৎপত্তি, বিনাশ আৰু নব অভ্যুদয়
উঠে-নামে ঘূৰি ঘূৰি কাল-চকৰিত।

[  ]

কত কীৰ্ত্তিমান বুৰে বিস্মৃতি-সিন্ধুত;
অজ্ঞাত কতনা জ্বলে বিশ্বৰ চকুত।

 সেই কামৰূপ যাৰ জ্ঞান-বিজ্ঞানৰ,
বল-বিক্ৰমৰ তুলনা নিজেই মাথো,
কালৰ চকৰি ঘূৰি গ'ল তলল’ই;
অতীতৰ সন্মুখত অন্ধ যৱনিকা
পৰি গ'ল কেতিয়াবা; লগে লগে তাৰ
লুপ্ত হ’ল শক্তি, ভক্তি, জ্ঞান, পৰাক্ৰম।
কত যে স্বয়ম্ভু ৰজা, কত ভাঙা-পত্ত ,
কত ৰাজ্য জনমিল একৰ গভতগৰ্ভত
অতীতৰ ৰাজবংশ গ'ল ধ্বংস হ'ই,
স্মৃতি মাত্ৰ ৰ'ল তাৰ বুৰঞ্জী-বুকুত,
সমাধিৰ শেষ ৰক্ষা ভগ্ন মন্দিৰত।
ঋষি-মুনি লয় পালে, লুপ্ত বেদ-গান;
প্ৰকৃতি-বিভৱ মাত্ৰ সাক্ষী অতীতৰ।

 বহুকাল উৰি গ'ল দুৰ্দ্দশা চপাই,
ছিঙি-ভাঙি জননীৰ বসন-ভূষণ;
ভাবনাত তেজ-মাংস সকলো শুকাল;
পৰি ৰ'ল জকা মাথোঁ লৌহিত্য-কূলত।

 এনে দৰে পাৰ হ'ল আৰু কত কাল,
তাৰ পাচে অকস্মাৎ ঘূৰিল চকৰি।—
বিধাতাৰ প্ৰিয়পুত্ৰ ইন্দ্ৰ-বংশধৰ
শ্যানবীৰ চুকাফাই অসম শৌৰ্য্যেৰে

[  ]

সৌমাৰত সিংহাসন কৰিলে স্থাপন;
ধৰিলে অসম নাম জীৰ্ণ কামৰূপে।
চুকাফাৰ বংশধৰ ভূপতিসকলে
বিধাতাৰ কৃপাকণা ল’ই মস্তকত,
শাসিলে শতিকা ছয় মহা-বিক্ৰমেৰে
ব্যৰ্থ কৰি আক্ৰমণ বিদেশী শত্ৰুৰ,
ব্যৰ্থ কৰি মোগলৰ সিংহ-পৰাক্ৰম।
কিন্তু হায়! কবল’ই হিয়া ভাগি যায়–
সেই শক্তি, সেই বীৰ্য্য, সেই কীৰ্ত্তিৰাশি
সুপ্ত হ’ই লুপ্ত হ’ল চিৰকালল’ই,
গৃহ-কন্দলৰ জ্বলি প্ৰলয়-অগনি।
 অস্তোন্মুখ আহোমৰ গৌৰৱ-ৰবিৰ
কিদৰে অদৃশ্য হ’ল শেষ ৰশ্মিকণা,
কিদৰে পিন্ধিলে হায়! অসম মাতৃয়ে
দাসত্ব শৃঙ্খল, সুৱঁৰিম বুলি তাকে
ধৰিছোঁ লেখনী। সৃষ্টি-স্থিতি-প্ৰলয়ৰ
গৰাকী যিজন, ইচ্ছামতে ঘূৰে যাৰ
কালৰ চকৰি, যাৰ কৰুণাই কৰে
বোবাক কথকী, পঙ্গুক,লঙ্ঘাই গিৰি,
কৰপুটে নিবেদন,–অযোগ্য যদিও–
কৰোঁ সিজনক যাচি হিয়াৰ ভকতি
পূৰ্ণ যেন হয় মোৰ মনৰ কামনা;–
ছন্দো-বন্ধ-প্ৰৱন্ধৰ সুচিকণমালা
গাঁথি যেন দিব পাৰোঁ মাতৃ-চৰণত।

[  ]
প্ৰথম সৰ্গ।

 বিদায়ৰ হাঁহিটিৰ হেঙ্গুলী বোলেৰে
দিনৰ মলিন মুখ বোলালে তপনে;
হাম্বাৰৱে ঘৰল'ই উলটিল ধেনু;
বাহত আশ্ৰয় ল'লে বিহগৰ দল।
দিনৰ আলোকমালা পমি উৰি গʼল;
লগে লগে নিশাৰাণী নামিল অৱনী;
কৰি ল'লে অধিকাৰ শূণ্য ৰাজপাট।
লগে লগে আৰতিৰ মধুৰ নিঃস্বন
উঠিল বায়ুৰ তুলি গধুৰ হিল্লোল;
সমীৰণে শীতলালে ধৰণীৰ বুকু;
বকুল-ৰজনীগন্ধা বিলালে সৌৰভ।
আকাশত সুধাকৰে দিলে দৰিশন
শান্তিৰ অমিয়া ঢালি সন্তপ্ত প্ৰাণত;
পৰশত সৰসীত হাঁহিলে কুমুদ;
এনে সময়ত মন্ত্ৰী আহোম ৰাজ্যৰ
ডাঙৰীয়া পূৰ্ণানন্দ গজেন্দ্ৰ-গমনে
ৰাজমাতৃ ভৱনত কৰিলে প্ৰবেশ।
জন্মদাত্ৰী চন্দ্ৰকান্ত-কমলেশ্বৰৰ
দীঘলা গোহাঁইৰ ভাৰ্য্যা নামত নুমলী
আছিল চ’ৰাই ৰ'ই পূৰ্ণানন্দল'ই;

[  ]

দেখা মাত্ৰে আথে-বেথে যাচিলে আসন।
চিন্তামগ্ন পূৰ্ণানন্দ হ’ল সমাসীন।
“কি সংবাদ? আছে নে কি সমস্য নতুন?”
—ব্যস্তভাবে ৰাজমাৱে সুধিলে মন্ত্ৰীক
“হয়, আছে।”—দিলে বুঢ়াগোহাঁয়ে উত্তৰ,
“দিন-ৰাতি একেৰাহে কৰি পৰিশ্ৰম,
“ভাবিছিলোঁ ভগা ৰাজ্য গঢ়িম পুনৰ,
কিন্তু তাত বাধা বহু, পথত কণ্টক।
স্বৰ্গদেৱে ইষ্টানিষ্ট নুবুজে নিজৰ,
নুবুজিলে কাৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে
যুজিছো ইদৰে মই নলই বিশ্ৰাম।
পাটত থাপোঁতে মই স্বৰ্গদেৱতাক
ভাবিছিলো পৰশত সিংহ-আসনৰ
সুপ্ত সিংহ-শক্তি জাগি উঠিব আপুনি,
পাহৰিব গ্ৰাম্য কথা, গ্ৰাম্য ব্যৱহাৰ ,
ৰাজৰক্ত প্ৰবাহিত সিৰত যেতিয়া,
ৰাজযোগ্য ব্যৱহাৰ, ৰাজনীতি-জ্ঞান,
নালাগিব বেচি দিন কৰোতে অজ্জন
অন্তৰৰো অন্তৰত ৰাখিছিলো আশা,
কৰি ৰাজপদ সেৱা অকপট ভাবে,
শাসনৰ শৃঙ্খলাৰে শৃঙ্খলা লগাই,
শান্তিৰ শীতল ছায়া বিস্তাৰি ৰাজ্যত,
হেৰোৱা অতীত পুনু আনিম ঘূৰাই;
চৰ্চ্চা কৰি ধৰ্ম, জ্ঞান, শক্তি, পৰাক্ৰম,

[  ]

জাতীয় জীৱন নব কৰি উদ্বোধন,
গৌৰৱ-মণ্ডিতা কৰি বিশ্বৰ বুকুত
তুলিস অসমা মোৰ জননী অসম;
উঠিব বাস্তব হ’ই সোণালী সপোন।
কিন্তু মোৰ নুপূৰিল মনৰ কামনা,
নোৱাৰিলো মতি-গতি লৰাব ৰজাৰ;
নুবুজিলে এতিয়াও কৰ্ত্তব্য নিজৰ।
এতিয়াও দিন-ৰাতি নীচ সঙ্গী ল’ই,
নিমগন পূৰ্ব্বৱৎ নীচ আমোদত।
ভূতৰ পুতেক হ’ল কলি ভূপতিৰ;
নোৱাৰিলোঁ যত্ন কৰি ঘটাব বিচ্ছেদ।
ফুকনৰ পদ পাই, পাহৰি অতীত,
উন্মত্ত সৎৰাম আজি পদমৰ্যাদাত;
তাতে পুনু লাই পাই স্বৰ্গদেৱতাৰ,
জঁপিয়াবলই চাই মোৰ গলল’ই,
সাহ কৰে লবল’ই সেৱা মোৰ পৰা।”
শুনি ক'লে ৰাজমাৱে আচৰিত হই,—
“সঁচা নে ই কথা? কিহত প্ৰমাণ পালে?
পূৰ্ণানন্দে ক'লে,—“আজি বিশেষ কামত
সাক্ষাৎ বিচাৰি গলোঁ স্বৰ্গদেৱতাৰ;
দেখিলোঁ নিমগ্ন ৰজা নীচ আমোদত
বহুৱাই সৎৰামক নিজৰ লগত।
দেখি দৃশ্য হইছিল বিদ্ৰোহী অন্তৰ;
তথাপি দমাই, তাক, গুণি আগ পিচ,

[  ]

নীৰৱে জনালোঁ সেৱা স্বৰ্গদেৱল’ই।
তথাপি আসন এৰি নুঠিল সৎৰাম,
ৰাজসখা হ'ই যেন আছে অধিকাৰ
লবল'ই সেৱা-ভাগ সমানে ৰজাৰ।
এনে অপমান পায়ো থাকিলে নিমাতে
নাথাকিব মান মোৰ, নামানিব লোকে;
শাসনৰ বান্ধ হ’ই পৰিব শিথিল।
আনফালে সৎৰামৰ কৰিলে বিচাৰ,
হিয়াত আঘাত পাব স্বৰ্গদেৱতাই।
এনে অৱস্থাত মোক কি দিয়ে নিৰ্দ্দেশ?”
ৰাজমাৱে ক'লে,—“মই কি দিম নিৰ্দ্দেশ!
অনভিজ্ঞ চন্দ্ৰকান্ত ৰাজ্যৰ কাৰ্য্যত,
পাপিষ্ঠ সৎৰামে পাই অবাটে চলায়।
লৰা মোৰ শিশুমতি অতিকে সৰল,
ভবিষ্যৎ নোৱাৰে ভাবিব। মোৰ মতে
চলক ইদৰে যাতে ৰয় সুশাসন,
ৰজাৰো ৰাজ্যৰ প্ৰতি নোপজে বিৰাগ।”
 চিন্তামগ্ন পূৰ্ণানন্দে ক'লে দৃঢ়স্বৰে,—
“দুয়ো কুল ৰাখি চলা অসম্ভব কথা।
হয় মই একেবাৰে অৱসৰ ল’ই,
সমৰ্পিম ৰাজ্যভাৰ ৰজাৰ হাতত;
নতুবা যি নীচ স্বাৰ্থ সিদ্ধিৰ নিমিত্তে
ঘটাই বিঘিনি মোৰ সাধু উদ্দেশ্যত,
আজি হোক, কালি হোক, হোক বহুদিন,

[ ১০ ]

কৰিব লাগিব তাক সমূলি নিৰ্ম্মূল।
কোন পথ আপোনাৰ হব মনোমত?”
 ৰাজমাৱে ভয়ে ভয়ে দিলে সমিধান,—
“আপোনাৰ শাসনতে দেশৰ মঙ্গল,
অৱসৰ ল'লে ৰাজ্য হব অৰাজক,
নোৱাৰিব চন্দ্ৰকান্তে কৰিব শাসন।”
 উত্তেজিত পূৰ্ণানন্দে শুনি দিলে মাত,—
“সেয়ে যদি হয়, পালিম কৰ্ত্তব্য মোৰ
এৰি দয়া-মায়া। ৰাজ্যৰ মঙ্গল-হেতু
হ'লে প্ৰয়োজন, অকল সৎৰাম কিয়,
ৰজাকো নমাম সিংহ-আসনৰ পৰা।”
 সুদৃঢ় বচন শুনি প্ৰধান মন্ত্ৰীৰ
আশঙ্কাত ৰাজমাও হ’ল বিবৰণা,
উঠিল কঁপনি গাত; সানুনয়ে ধীৰে
মন্ত্ৰীৰ হাতত ধৰি বুলিলে বচন—
“ডাঙৰীয়া! আপুনিয়ে ৰক্ষক ৰজাৰ,
ৰাখক যিদৰে পাৰে পতনৰ পৰা।
দোষীক বিহক দণ্ড দোষৰ জোখাৰে,
নাসাঙোৰে যেন মোৰ অজ্ঞান পুত্ৰক,
কাতৰে হাতত ধৰি কৰিছোঁ মিনতি
 অকস্মাৎ শুনা গল পদৰ শবদ,
দেখা গ'ল চন্দ্ৰকান্ত আহিছে সোমাই,
হাতত হেংদান ল’ই উগ্ৰমূৰ্ত্তি ধৰি।
গজি উঠিল দেখি দৃশ্য সন্মুখৰ,—

[ ১১ ]

“এয়েই কৰ্ত্তব্য যদি প্ৰধান মন্ত্ৰীৰ,
এয়েই চৰিত্ৰ যদি ৰাজ-জননীৰ
কলঙ্কৰ কালিমাৰে হ'ই কলুষিত
অচিৰে নুমাব নাম আহোম বংশৰ।
চকুৰ আগত মোৰ এনে ব্যভিচাৰ,
অসহ্য! অসহ্য অতি! কৰিম বিচাৰ,
ৰজা মই। পূৰ্ণানন্দ। এই পৰাচিত।”
 ক্ষিপ্ৰবেগে স্বৰ্গদেৱে কথাৰ লগতে
চোঁচা ল’লে মন্ত্ৰীল’ই তুলি হেংদান।
ভয় খাই আগ ভেটি ক'লে ৰাজমাৱে,—
“ক্ষান্ত হোৱাঁ পুত্ৰ মোৰ! নুবুজি উদ্দেশ্য,
হঠাৎ উতলি কিয় কৰা মহা ভুল?
কোনোবা শত্ৰুৱে নিজ স্বাৰ্থৰ কাৰণে
বিকৃত ব্যাখ্যাৰে কৰি বিকৃত মস্তক,
মিত্ৰভাৱে অমঙ্গল চিন্তিছে তোমাৰ।
তাতে তুমি ভোল গ’ই তথ্য নিবিচাৰি,
অনৰ্থক বিপদৰ কৰিছা আহ্বান।
যোৱা তুমি, স্থিৰ হোৱাঁ, জিৰোৱাঁ ক্ষন্তেক,
জানিবা যেতিয়া তুমি সকলো ঘটনা,
বুজিবা নিজৰ ভুল, পাবা নিজে লাজ,
দগ্ধ হ’বা অনুশোচনাত। পত্ৰ হ'ই,
নোৱাৰা নে মাতৃ-বাক্য কৰিব বিশ্বাস?”
 নামানি মাতৃৰ বাধা, নামানি প্ৰবোধ,
বিজুলী-সঞ্চাৰে ৰজা গ'ল আগুৱাই।

[ ১২ ]

ধীৰ, স্থিৰ পূৰ্ণানন্দ ৰ'ল চিত্ৰৱৎ;
নুছুলে কোষৰ অসি, নলৰালে খোজ,
মূৰ পাতি লব যেন খুজিছে বিপদ।
ৰজাই উন্মুক্ত অসি কৰিলে প্ৰহাৰ
লক্ষ্য কৰি পূৰ্ণানন্দ মন্ত্ৰীৰ মস্তক।
হঠাৎ হুঁহকি গ’ই পৱন-গতিৰে।
ব্যৰ্থ কৰি অস্ত্ৰাঘাত চাপি একে ডেৱে
কাঢ়ি ল'ই হেংদান ৰজাৰ হাতৰ,
ক্ষিপ্ৰতাৰে পূৰ্ণানন্দে পেলালে দূৰত।
স্তব্ধ হ’ল চন্দ্ৰকান্ত; ৰুদ্ধ হ’ল গতি।
পূৰ্ণানন্দে শান্ত ভাবে ক'লে,-স্বৰ্গদেৱ
আশ্চৰ্য্য মানিলোঁ আজি দেখি আচৰণ!
প্ৰজাৰ দেৱতা হ’ই ৰাজবংশধৰ,
ইমান জঘন্য ভাৱ পুহিছে মনত।
কোনোবা শকুনি আছে এই মন্ত্ৰণাত,
বুজা নাই লক্ষ্য তাৰ, বুজিব পাচত।”
 ৰজাই উত্তৰ দিলে,-“নালাগে বুজনি,
লাগে মোক সমিচাৰ একেটি প্ৰশ্নৰ-
ৰজা কোন অসমৰ? মই নে আপুনি?”
 “স্বৰ্গদেৱ চন্দ্ৰকান্ত ৰজা অসমৰ
পূৰ্ণানন্দ চিৰকাল ৰজাৰ সেৱক।”—
শান্তভাবে পূৰ্ণানন্দে দিলে সমিধান।
ৰুক্ষস্বৰে পুনৰ্ব্বাৰ সুধিলে ৰজাই,-
“যদি সেয়ে সত্য হয়, ক’বনে কাৰণ,

[ ১৩ ]

কিয় চলে ৰাজকাৰ্য্য অজ্ঞাতে ৰজাৰ?
কিয় মোৰ স্বাধীনতা নাই শাসনত?
নালাগে অধিক কথা, কাৰ আদেশত
পশিল আপুনি এই অন্তেষপুৰত?”
 পূৰ্ণানন্দে ক'লে,-“মই অহা নাই নিজে;
ৰাখিছোঁ মাথোন ৰাজমাতৃৰ আহ্বান
গুৰুতৰ ৰাজনীতি-সংক্ৰান্ত কথাত।”
 বিদ্ৰূপভঙ্গীৰে,পুনু সুধিলে ৰজাই,
“পাটত থাকোঁতে ৰজা, গোপন কক্ষত
ৰাজনীতি চৰ্চ্চা কৰে নাৰীৰ লগত।
পাৰোঁ নে জানিব তাৰ গুপুত কাৰণ?”
 পূৰ্ণানন্দে ক'লে,-“তাৰ প্ৰধান কাৰণ,-
নাই স্বৰ্গদেৱতাৰ ৰাজনীতি-জ্ঞান,
আছে মাত্ৰ অন্তৰত বিলাস-বাসনা।
ৰাজমাও বিনে নাই গুৰু সমস্যাত।
লবল’ই পৰামৰ্শ শাসন কাৰ্য্যত
আন কোনো যোগ্যজন যোগ্য বিশ্বাসৰ।
অনিয়ম কিবা যদি ঘটিছে কাৰ্য্যত,
একমাত্ৰ ৰজা-ৰাজ্য ৰক্ষাৰ কাৰণে;
বিন্দুমাত্ৰ নাই তাত কালিমা স্বাৰ্থৰ।”
  চন্দ্ৰকান্তে গুনি ক'লে কঠা মাতেৰে
“মিছা যুক্তি, মিছা তৰ্ক নোখোজোঁ শুনিব।
দুটি মাত্ৰ আছে পথ মুক্ত সন্মুখত,-
হয় মোক স্বাধীনতা দিয়ক ৰজাৰ,

[ ১৪ ]

নতুবা নমাই মোক আসনৰ পৰা,
সিংহাসন, ৰাজদণ্ড কৰক গ্ৰহণ।”
 পূৰ্ণানন্দে ক’লে,—“তাৰ এটিও নহয়,
পাটত থাকিব ৰজা ভুঞ্জি ৰাজভোগ,
শাসন-সঁচাৰকাঠী ৰাখিম মুঠিত।
শ্ৰেষ্ঠ মোৰ জন্মভূমি ভূপতিতক’ই।
প্ৰয়োজন হলে পাৰোঁ সলাব ভূপতি,
নোৱাৰোঁ এৰিব কিন্তু জনমভূমিক।
ৰাজনীতি জ্ঞানহীন ৰজাৰ হাতত।"
 “বাৰু তেন্তে"—স্বৰ্গদেৱে কৰিলে উত্তৰ,
“কৰক যিহকে ইচ্ছা নকৰোঁ বাৰণ।
ময়ো কিন্তু ভৱিষ্যতে নিজ ইচ্ছামতে
চলিম নৰ'ই কাৰো পৰামৰ্শল’ই;
যায়, থাকে ৰাজ্য তাৰ নকৰো ভাবনা।”
 কথাৰ লগতে ৰজা উত্তেজিত হ'ই,
উলটিল কক্ষ এৰি উন্মাদৰ দৰে।
ৰাজমাৱে ক'লে পূৰ্ণানন্দল’ই চাই,—
“ঘৃণনীয় আচৰণ ক্ষমিব পুত্ৰৰ;
বুজনিৰে পখালিম চেঁকা অন্তৰৰ।”
 “আপোনাৰ কথামতে ক্ষমিছোঁ সদায়,
কিন্তু তাৰ পৰিণতি দেখোঁ ভয়ঙ্কৰ।
ৰাহুগ্ৰস্ত শশধৰ মুক্ত কৰিবৰ
এইবাৰ শেষ চেষ্টা কৰিব লাগিব,
তথাপি নোৱাৰো যদি, দুৰ্ভাগ্য ৰজাৰ।

[ ১৫ ]

যাওঁ মই চাব ভাবি দূৰ ভবিষ্যৎ।”
—ইমানকে ক'ই ল'লে মন্ত্ৰীয়ে বিদায়।
প্ৰকটিত চিন্তাৰেখা ল'ই ললাটত,
ধীৰে ধীৰে ল'লে খোজ নিজ গৃহলই।
সন্তানৰ মতি-গতি ঘূৰাবৰ গুণে
ৰাজমাৱে আঠু কাঢ়ি কৰিলে মিনতি
বিপদ-বাৰণ প্ৰভু বিভু-চৰণত।

দ্বিতীয় সৰ্গ।

 তমোময় তুৰগৰ ত্বৰিত গতিত
পাৰ হ’ল অদ্ধ-পথ আঁউসীৰ ৰথ।
অচেতন নৰ-নাৰী নিদ্ৰাৰ কোলাত;
দিনৰ উদ্যমে ল'লে সপোনৰ সাজ।
বাহিৰত মাজে মাজে মূৰ দুপিয়াই
দৈত্যাকাৰ বনস্পতি ৰ'ল থিয় হই,
ৰ'ই ৰ’ই কিবা ভাবি একো একোবাৰ,
তুলি নিশ্বাসৰ স্বন অতি ভয়ঙ্কৰ।
নীৰৱ বিশ্বৰ বীণা, বিগত চেতনা,
লুপ্ত মানৱৰ ভাষা, ভূষা প্ৰকৃতিৰ।
মাজে মাজে শুনি মাথোঁ ৰাও কুকুৰৰ,

[ ১৬ ]

জিলিৰ কঠুৱা মাত, ভেক-কলৰৱ
ফেঁচা-হুদু-ফেৰুৱাৰ বিকট চীৎকাৰ।
এনে সময়ত স’উ নগৰ প্ৰান্তত
ঢিমিকি জ্বলিছে এটি অলস প্ৰদীপ
সৎৰামৰ দ্বাৰৰুদ্ধ গৃহৰ কোণত।
সৎৰাম কুকুৰাচোৱা ভূতৰ পুতেক,
আশৈশৱ চন্দ্ৰকান্তসিংহৰ সুহৃদ,
কৰ্ণ-দুৰ্য্যোধন-প্ৰায় অভিন্ন হৃদয়।
চাৰিঙীয়া ফুকনৰ যাচি উচ্চপদ
স্বৰ্গদেৱে সৎৰামৰ বঢ়ালে সন্মান,
মচি দিলে জন্মগত চেঁকা নীচতাৰ;
অঙ্গৰাজ পাতি যথা ৰজা দুৰ্য্যোধনে,
সূতপুত্ৰ-অপযশ মচিলে কৰ্ণৰ।
শকুনিৰ কুটনীতি কুষ্ট বুদ্ধি ল'ই
সৎৰাম ৰজাৰ হ'ই পৰামৰ্শদাতা।
ঢালিব লাগিছে তীব্ৰ বিদ্ৰোহৰ বিষ
ৰজাৰ কাণত নিতে বিৰুদ্ধে মন্ত্ৰীৰ।
আজি এই মাজনিশা ল’ই সহচৰ,
ঘৰৰ চৌপাশে থই ৰখীয়া-পৰীয়া,
পাতিছে গুপুত মেল বিচাৰি উপায়
পূৰ্ণানন্দ অমাত্যৰ প্ৰাণ লবল’ই।
আসনত সৎৰামৰ বিশ্বাসী বান্ধব,—
জগধৰ দৈচুঙীয়া ব্ৰাহ্মণ-কুমাৰ,
মথনৰ পুত্ৰ বুদু ৰজাৰ লিগিৰা,

[ ১৭ ]

মনসিন্ধু, চিত্ৰসেন গন্ধিয়া ফুকন,
হলিৰাম, কৃষ্ণদাস ভাণ্ডাৰী বৰুৱা,
ধনাই, মনাই, বগাদমৰা প্ৰভৃতি।
 প্ৰথমতে সকলোটি ৰ’ল থৰ লাগি
ঘন ঘন উশাহেৰে বায়ু কঁপোৱাই,
চকু-চোৱাচুই কৰি ইজনে সিজনে।
এনেতে উদ্বেগময়ী ভাঙি নীৰৱতা,
সৎৰামে ভাঙিলে ঠেক আলোচ্য কথাৰ,—
“উপস্থিত বন্ধুগণ! দুৰ্দ্দশা দেশৰ
সুবিদিত সকলোৰে; কি ক’ম দুনাই!
আজিৰ আহোম-ৰাজ্য সত্ৰ বৈষ্ণৱৰ,
নৃপতি বিগ্ৰহ মাথো সিংহ-থাপনাত;
অধিকাৰ পূৰ্ণানন্দ কৰ্ত্তা সৰ্ব্বময়,
ৰজা-প্ৰজা ত্ৰস্তমান চকুৰ ঠাৰত।
বিষয়াসকল বশ প্ৰধান মন্ত্ৰীৰ-
মন্ত্ৰীৰ প্ৰসন্ন দৃষ্টি লাভৰ কাৰণে
বিবেককো দিয়ে বলি, নামানে ৰজাক।
ৰাজমাৱো তলে তলে মন্ত্ৰীৰ দলত।
নাই অজি স্বাধীনতা স্বৰ্গদেৱতাৰ
উঠে, বহে পূৰ্ণানন্দ মন্ত্ৰীৰ কথাত,—
কাঠৰ পুতলা যেন চেতনাবিহীন।
নিজৰ চকুৰে দেখি দুৰ্দ্দশা ৰজাৰ,
শুণি নিতে হিয়াভগা কৰুণ কাহিনী,
দহিছে অন্তৰ মোৰ জ্বলি তুষানল।

[ ১৮ ]

নামত যদিও ৰজা, বন্দী স্বৰ্গদেৱ;
দিনৰাতি ম্ৰিয়মাণ ঘোৰ অশান্তিত।
একমাত্ৰ চিন্তা মোৰ দিঠকে—সপোনে
কিদৰে ৰজাৰ কৰোঁ বন্ধন মোচন।
পাইছোঁ উমান কৰি গোপনে সন্ধান,
—যদিও ফুটাই মুখ নকয় ভয়ত,—
সকলোৰে কাম্য পূৰ্ণানন্দৰ পতন।
সময়ত সকলোৰে পাম সমৰ্থন,
পাম বৰফুকনকো আমাৰ দলত।

বুজি ভাবি ভবিষ্যৎ,


বাছি লোৱা সাৱধানে কৰ্ত্তব্যৰ পথ।
 সৎৰাম নীৰৱ হ'ল। ক’লে জগধৰে,—
“ধ্বংস হোক পূৰ্ণানন্দ, মিলোক ধূলিত,
এয়ে মাত্ৰ প্ৰতিধ্বনি প্ৰতি হৃদয়ত।
কিন্তু কোন নিগনিয়ে বান্ধিব টিলিঙা
সাহ কৰি আগ বাঢ়ি মেকুৰী-ডিঙিত?
বন-বল, জন-বল, সৈন্য-বল ল’ই
ক্ষমতাৰ শিখৰত কৰি আৰোহণ,
বিৰাজিছে পূৰ্ণানন্দ মধ্যাহ্ন-ভাস্কৰ।
কোন তাৰ কাষ চাপি হ’ব ভস্মীভূত!
তথাপিও সকলোটি হ’ই একমত,
যোগ্যৰ নেতৃত্ব মানি হ’লে অগ্ৰসৰ,
পাব মোক সহচৰ যাবৎ জীবন।

[ ১৯ ]

 চ’উদিশে চাই ক’লে বুদু লিগিৰাই,—
“বন্ধুগণ! শুনা মোৰ যিবা অভিমত,–
যদিওবা নাই মোৰ শ্ৰদ্ধা মন্ত্ৰীল’ই,
যদিও ভিতৰি আছোঁ বিদ্ৰোহী দলত,–
তথাপিও ভৃত্য মই প্ৰধান মন্ত্ৰীৰ,
ৰজাৰ লিগিৰাৰূপে হুই গুপ্তচৰ।
সামান্য আভাসো যদি এই প্ৰচেষ্টাৰ
পৰেগ’ই কিবাৰূপে মন্ত্ৰীৰ কাণত,
পিতাৰ হেৰাব মান, যাব মোৰ প্ৰাণ;
আচলত জীৱ বান্ধি ফুৰিছোঁ সদায়।
সিহেতু নোৱাৰোঁ আৰু কৰিব পলম,
ওলোৱাঁ সকলো মিলি অস্ত্ৰ-শস্ত্ৰ ল’ই
সংগোপনে, মই ল’ম নেতৃত্ব দলৰ।
বিশ্বাসী লিগিৰাৰূপে হু’ই সম্মুখীন,
অতৰ্কিতে শত্ৰুৰূপে কৰিম সংহাৰ;
প্ৰতিৰোধ কৰিবৰ নাপাব সুযোগ।
আছানে সকলো সাজু? বাঢ়িবানে আগ?”
 “সাজু আমি, হোৱাঁ আগ, যাওঁ এতিয়াই।”—
উলাহেৰে একমুখে দিলে সমিধান
ধনাই, মনাই, হলি, বগাদমৰাই;
প্ৰশংসিলে লিগিৰাক ধন্য ধন্য় বুলি।
 কৃষ্ণদাসে শুনি ক'লে,-“কিন্তু এটি কথা,
অদ্যাপি আমাৰ শক্তি দেখোঁ অতি ক্ষীণ,
হঠাৎ বিদ্ৰোহে মাথোঁ চপাব বিপদ।

[ ২০ ]

দল-বল বৃদ্ধি কৰি হ’ই শক্তিমান,
সমতা লভিম যেবে মন্ত্ৰীৰ বলৰ,
তেতিয়া বাঢ়িম আগ, লভিম সুফল।
অযথা আগ্ৰহে মাত্ৰ মাতিব বিপদ।”
 চিত্ৰসেনে ক'লে,-“ঠিক মোৰো সেয়ে মত।
জানি নিজ দুৰ্ব্বলতা, কিয় আগ বাঢ়ি
চগাৰ নিচিনা ক’ই মাতিম মৰণ?
প্ৰথমে বঢ়াওঁ আমি শকতি নিজৰ।
তাৰ পাচে জয়লাভ হলে সুনিশ্চিত,
বায়ুবেগে সম্মুখীন হ’ম বিপক্ষৰ।
লৰালৰি কৰি কিয় চপাওঁ বিঘিনি।”
 "কি দিয়া ফুকন তুমি যুক্তি অৰ্থহীন?”—
মনসিন্ধু উঠি ক’লে ধৰি মুখ পাতি,
“মানিলে তোমাৰ কথা এই জীৱনত
নোৱাৰিবা কেতিয়াও উদ্দেশ্য সাধিব।
বাকে-তাকে ল'ই যদি বৃদ্ধি কৰোঁ দল,
অকাল প্ৰসব হ’ব গুপ্ত মন্ত্ৰণাৰ;
ফলত হেৰাব প্ৰাণ প্ৰসুতিগৃহত।
বাছিব লাগিব সঙ্গী অগ্নি-পৰীক্ষাৰে,
বাঢ়িব লাগিব আগ অতি সংগোপনে
ভুলি মৃত্যু-ভয়, অকল বিপক্ষ কিয়,
অলক্ষিতে অমৰাৰ অমৰ বৃন্দ।
নাই আৰু ৰ'বৰ সময়; কাৰ্য্যনাশ
হ'ব বিলম্বত।”

[ ২১ ]

 শুনি মত সকলোৰে
ক’লে পুনৰ্ব্বাৰ সৰামে সম্বুধি দল,—
“পৰম সন্তোষ পালোঁ সুহৃদসকল।
শুনি সকলোৰে মত বিৰুদ্ধে মন্ত্ৰীৰ,
তুষ্ট হব স্বৰ্গদেৱ শুনি ই সংবাদ।
কিন্তু তাত এটি কথা, সৈন্য়-সমাবেশ
প্ৰকাশ্য যুদ্ধৰ বাবে নহ’ব সম্ভৱ।
এফালে সমস্ত ৰাজ্য মন্ত্ৰীৰ মুঠিত,
আনফালে ধনহীন, বলহীন আমি;
আত্মহত্যা হব মাথোঁ প্ৰকাশ্য বিদ্ৰোহ।
আনফালে কোনো শত্ৰু অজেয় নহয়
প্ৰয়োগত কুটনীতি শাণিত অস্ত্ৰৰ।
হব পাৰে পূৰ্ণানন্দ মধ্যাহ্ন ভাস্ক,
তথাপি নিস্তেজ হব পৰিব যিদিনা
আকস্মিক গৰাহত ছলনা-ৰাহুৰ।
লাগে মাত্ৰ মনোবল, সাহস দুৰ্জ্জয়,
লাগে আৰু সঙ্কল্পৰ প্ৰেৰণা কঠোৰ,
উৰি যাব পূৰ্ণানন্দ ধূলিকণা হ’ই।
প্ৰাণৰ মমতা এৰি পাৰিব নে বাৰু
বিস্তাৰিব বিষ-হস্ত বিৰুদ্ধে মন্ত্ৰীৰ?”
 বুদুৱে লগালে মাত,—নুবুজোঁ সঙ্কেত,
ভাঙি কোৱাঁ, ভাবি চাওঁ সকলোৱে মিলি।”
 সতৰামে পুনৰ ক'লে,-“ভাবিছোঁ মনত
অৱস্থাৰ উপযোগী সহজ উপায়।

[ ২২ ]

দেখাত মন্ত্ৰীৰ হু’ই আপ্ত অনুচৰ,
গোপনে ধৰাম অস্ত্ৰ প্ৰাণ সংহাৰৰ,
বলেৰে নিসিজা কাম সিজাম ছলেৰে।
শুনা মোৰ আয়োজন কওঁ ভাঙি-পাতি,—
ৰাজনগৰত যিটি খনালোঁ পুখুৰী,
পাতিম উৎসৱ তাত পাতি নাওখেল
নাওবৈচাসকলৰ কৰি পয়োভৰ।
বছা বছা বিষয়াই পাব নিমন্ত্ৰণ,
মন্ত্ৰীকো মাতিম স্বৰ্গদেৱতাৰ নামে।
যি বেলাত পূৰ্ণানন্দে নাওখেল চাই
চকুৰে নমনি ফান্দ, ৰ'ব ভোল গ’ই,
তেতিয়া সকলো মিলি কৰি আক্ৰমণ
অতৰ্কিতে, ৰাজশত্ৰু কৰিম নিধন।
স্বেচ্ছাচাৰ উচ্চ চূড়া হ’ব ধূলিসাৎ,
শান্তি পাব স্বৰ্গদেৱে, গুচিব বন্ধন।”
 উঠিল প্ৰশংসা-ধ্বনি সকলোৰে পৰা
সতৰামৰ প্ৰস্তাৱৰ সমৰ্থন ল’ই;
উতলিল সকলোৰে সিৰৰ শোণিত।
এনেতে ওলাই আহি গাভৰু ৰূপহী
সতৰামৰ অৰ্ধাঙ্গিনী ভিতৰৰ পৰা,
ধীৰে ধীৰে নিজ মত কৰিলে বেকত,—
“শুনিলোঁ আদিৰে পৰা সকলো আলচ,
শুনিলোঁ সিদ্ধান্ত যিবা কৰলা ঠাৱৰ,
কিন্তু তাৰ নেদেখিলোঁ শুভ পৰিণাম।

[ ২৩ ]

খেলা চাই যাব ভোল, ৰ’ব অন্ধ হ’ই।
সহস্ৰলোচন মন্ত্ৰী দিন দুপৰত,
পাৰিছানে তোমালোকে ভাবিব মনত?
এতিয়াও নিচিনিলা পূৰ্ণানন্দ কোন!
সুৰুষৰ পোহৰত থাকি সন্মুখত,
মুখত পেটৰ কথা ৰাখি বিৰিঙাই
ধূলি দিব খোজা পূৰ্ণানন্দৰ চকুত!
নোৱাৰিবা কদাচিতো, নিজৰ হাতেৰে
চপাব পাৰিবা মাথোঁ নিজৰ মৰণ।”
 ৰূপহীৰ কথা শুনি সকলো নিৰ্ব্বাক।
বিমূঢ় সৎৰামে ক'লে,– “তাত বাজে আৰু
কি আছে সুগম পথ লক্ষ্য স্থানল’ই?
স্ত্ৰী-বুদ্ধি প্ৰলয়ঙ্কৰী কয় সুধীজনে,
তুমিয়েই পাৰা যদি কৰা আবিষ্কাৰ
বৰ্তমান সমস্যাত উদ্ধাৰৰ পথ।”
 ৰূপহীয়ে হাঁহি ক'লে,– “ভাল তোমালোক!
দেখাতে অবলা মই জ্ঞান বুদ্ধিহীনা,
ময়ো নে পাৰোঁ নে বাৰু দেখাব আনক
দুৰ্দ্ধৰ্ষ বলীৰ বল হৰিবৰ ছল।
তথাপি সুধিছা যদি শুনা অভিমত,
অন্ধকাৰ চিৰসঙ্গী গুপ্ত-ঘাতকৰ।
ৰজনীৰ আঁচলৰ আঁৰত লুকাই,
মুখৰ বিকাৰ ৰাখি অদৃশ্য শত্ৰুৰ,
হানিলে চক্ৰীৰ চক্ৰ হ'ব পাৰে জয়।

[ ২৪ ]

আনফালে মোহপ্ৰাপ্ত পুৰুষৰ মন
অকল কৰিব পাৰে ৰূপে ৰমণীৰ।
ভুলিল এদিন হৰ মোহিনী-ৰূপত,
দেবেন্দ্ৰই হেৰুৱালে স্বৰ্গ-সিংহাসন;
মৰিল ৰাৱণ বীৰ নাৰীৰ মোহত।
নহয় অকল সেয়ে, পাহৰি সংযম,
উগ্ৰতপা বিশ্বামিত্ৰ অস্থি-চৰ্ম্ম-সাৰ,
তপস্যাত ক্ষীণকায় বৃদ্ধ পৰাশৰ
বদ্ধ হ'ল ৰমণৰ মোহ-বন্ধনত।
এতিয়াও পাৰা যদি কৰিব বিস্তাৰ
নৃত্য-গীত-সুনিপুণা কটাক্ষ-কুটিলা
সুন্দৰীৰ মায়াজাল পথত মন্ত্ৰীৰ,
নমনিব পাৰে তাক মোহৰ ৰাগীত।
সেয়ে হলে ব্যাধল’ই মিলিব সুচল,
পূৰ্ণ হব মনোৰথ, উদ্দেশ্য সফল।”
 ৰূপহীৰ কথা শুনি হৰ্ষাপ্লুত হ’ই
সানুৰাগ দৃষ্টি ঢালি ৰূপহী-চকুত
সৎৰামে উঠিল ক’ই,-“বুজিছোঁ এতিয়া,
নাৰীয়ে প্ৰধান মন্ত্ৰী বিমূঢ় নৰৰ!
ইমান সহজ এটি সুন্দৰ উপায়
নাছিল খেলোৱা আগে কাৰো মগজুত;
ললোঁ সাৰোগত কৰি যুক্তি ৰূপহীৰ।
কালিল’ই ৰভা সাজি ৰাজ নগৰত
ৰসিকা নৰ্ত্তকী আনি চাৰি-পাঁচজনী

[ ২৫ ]

উৰ্ব্বশী-মেনকা-সমা, পাতিম উৎসৱ।
হ’ব তাৰ গুৰিয়াল নিজে স্বৰ্গদেৱ,
নিমন্ত্ৰিত হ’ব শ্ৰেষ্ঠ ৰাজকৰ্ম্মচাৰী।
আন্ধাৰত দল-বল ৰাখিম লুকাই;
আলোকত নৃত্য-গীত হ’ব নৰ্ত্তকীৰ।
সুন্দৰীৰ কটাক্ষৰ সম্মোহন শৰে
মুগ্ধ কৰি, হৰি যেবে চকুৰ পলক,
দশকৰ উপস্থিতি দিব পাহৰাই,
তেতিয়াই পাম আমি সুবৰ্ণ সুযোগ,
পূৰাম কামনা; অতৰ্কিতে পূৰ্ণানন্দে
লভিব শয়ন।
 পুনৰ্ব্বাৰ হৰ্ষধ্বনি
উঠিল সভাত। জিলিকিল মূৰ্ত্ত হ’ই
সুনিশ্চিত সফলতা কল্পনা-চকুত।
হৰ্ষ-দীপ্ত নয়নেৰে কৰি নিৰীক্ষণ
সম্বুধি সতীৰ্থ-দল, বুলিলে সৎৰামে,—
“বন্ধুগণ! দিন-ৰাতি ৰাখিবা সজাগ
অন্তৰত সন্মুখৰ কৰ্ত্তব্য ভীষণ;
মিলিবাহি কালিল’ই ঠিক সন্ধিয়াতে
বুজি লবা সকলোৱে কৰ্ত্তব্য নিজৰ।
কিন্তু কথা সাৱধানে ৰাখিবা মনত,—
চ’উ দিশে চকু-কাণ চতুৰ মন্ত্ৰীৰ।
যদিহে পেটৰ কথা বিৰিঙে মুখত
সঙ্কল্প বিফল হ’ব হেৰাব জীৱন।

[ ২৬ ]

সিহেতু ৰাখিবা চিত্ত কৰি নিৰ্বিকাৰ;
নীৰৱে বাঢ়িবা আগ কল্পিত কাৰ্য্যত।”
 সৎৰামৰ কথা শুনি কৰিলে প্ৰতিজ্ঞা
কলোৱে সমস্বৰে ধৰম চিয়াই,
ৰহস্য নাভাঙো বুলি প্ৰাণো যদি যায়।
ভঙ্গ হ’ল ইমানতে সিদিনাৰ সভা;
সভাসদে ল’লে খোজ নিজা ঘৰল’ই।
আন্ধাৰৰ উদৰত হ’ই অন্ধকাৰ।
থৰ লাগি চাই থাকি ক্ষন্তেক নিৰলে,
সন্তোষৰ হাঁহি মাৰি ক’লে সৎৰামে
অলক্ষিত পূৰ্ণানন্দ মন্ত্ৰীক সম্বুধি,—
“আজিয়েই মাৰি লোৱাঁ সুখৰ ঘূমটি
পূৰ্ণানন্দ! কালিল’ই নাপাবা সময়।
মহাকালে সন্মুখত নাচিছে তোমাৰ,
পৰ্ণ হ’ব প্ৰায়শ্চিত্ত, চূৰ্ণ অহঙ্কাৰ,
লুপ্ত হ’ব আস্ফালন চিৰ কালল’ই।”

[ ২৭ ]

তৃতীয় সৰ্গ।

 অতিক্ৰমি সীমাৰেখা স্বৰ্গ পৃথিবীৰ,
হেঙুলীয়া ফোঁট ল’ই ধীৰ গতি ধৰি,
স্নিগ্ধ, শান্ত আলোকৰ মধুৰ হাঁহিৰে
ওপচাই ধৰাতল, পূব আকাশত
দিলেহি উষাই দেখা; বোৱালে মলয়
সোণালী আঁচলখনি লাহেৰে দোলাই।
পৰশত সুপ্ত বিশ্বে লভিলে চেতনা
লুপ্ত শক্তি জগতৰ জাগিল দুনাই।
জোকাৰি উঠিল পুনু মৃদু কঁপনিৰে
নব জীৱনৰ সুৰ নীৰৱ বীণত;
ঘূৰিল চকৰি পুনু কৰ্ম্ম-জীৱনৰ।
নিকুঞ্জৰ আঁচলৰ আঁৰত লুকাই,
বিহগে ধৰিলে তান বিশ্ব-বিমোহন।
ৰাশি ৰাশি শতদলে বুকু সৰসীৰ
উজলালে সুমধুৰ হাঁহিৰ জ্যোতিৰে।
কুঞ্জে কুঞ্জে মুঞ্জৰিল কুসুম-কলিকা
সৌৰভেৰে সুবাসিত কৰি দশোদিশ,
সগৰ্ব্বে মস্তক তুলি, শুনি প্ৰেম-গীতি
মতলীয়া ভোমোৰাৰ, মধু-মক্ষিকাৰ।
লাগিল সকলো প্ৰাণী নিজ কৰ্ত্তব্যত,
কলৰৱ পূৰ্ণ হ’ল নীৰৱ জগৎ।

[ ২৮ ]

পূৰ্ণানন্দে শয্যা এৰি এনে সময়ত,
প্ৰাতঃকৃত্য যথাৰীতি কৰি সমাপন,
কপালত ছায়া ল’ই গভীৰ চিন্তাৰ,
চ’ৰাত গহীনভাবে ল’লেহি আসন।
এনেতে দুৱৰী আহি ক’লে আঠু লই,—
“ক’ৰবাৰ কলা-বোবা মগনীয়া এটা
আছেহি পুৱাৰে পৰা দুৱাৰত ৰ’ই;
নোৱাৰে বুজাব কথা, খেদিলে নাযায়।”
“ল’ই আহ তাক”—দিলে মন্ত্ৰীয়ে উত্তৰ।
মুহূৰ্ত্ততে মগনীয়া হ’ল উপস্থিত,
দুৱৰীৰ পিচে পিচে, মন্ত্ৰী-সন্মুখত;
আভূমি প্ৰণত হ’ই ৰ’ল আঠু কাঢ়ি।
তাৰ পাচে মাৰি এটি অস্পষ্ট চিঞৰ,
হাতৰ ভঙ্গীৰে কিবা কৰিলে ইঙ্গিত।
ততালিকে পূৰ্ণানন্দে কৰিলে আদেশ
দুৱৰীক যাবলৈ এৰি অভ্যন্তৰ।
দুৱৰী গ’লত মাৰি সন্তোষৰ হাঁহি,
পূৰ্ণানন্দে ক’লে,-“কোৱা কটকী বিজয়
কেতিয়া আহিলা ঘূৰি, কি পালা সম্ভেদ?”
আগন্তুকে ধীৰে ধীৰে কলে—“ডাঙৰীয়া
পুৱাৰ লগতে আজি পালোঁহি নগৰ।
প্ৰাতঃকৃত্য কৰি শেষ নদীৰ পাৰত,
প্ৰথমে আহিছোঁ কৰি দৰ্শন কামনা,
নিয়োগৰ ফলাফল নিবেদিল’ই

[ ২৯ ]

শ্ৰীচৰণত। যোৱা নাই ঘৰলই,
কৰা নাই এতিয়াও ত্যাগ ছদ্মবেশ।”
 ”ক’ই যোৱাঁ সবিশেষ”—ক’লে পূৰ্ণানন্দে।
বিজয়ে বিবৰি ক’লে নিজৰ বিজয়,—
“ডাঙৰীয়া! নিয়োগৰ ল’ই গুৰুভাৰ,
আদেশ শিৰত তুলি, ধৰি ছদ্মবেশ
গৃহহীন, বাক্যহীন, বধিৰ ভিক্ষুৰ,
কৰি গুৰু পথশ্ৰম, দশম দিনত
পালোঁগই ৰাজধানী বৰফুকনৰ।
ভিক্ষাৰ জোলোঙা ল’ই ফুৰিলোঁ বিস্তৰ,
বুটলি ভিক্ষাৰে স’তে তথ্য শাসনৰ।
ছদ্মবেশ হ’ল মোৰ পৰম সহায়।
বাক্-শ্ৰুতি-শক্তিহীন কৰি অনুমান,
প্ৰকাশ্যে প্ৰজাই পাতে অপ্ৰকাশ্য কথা
নিঃসঙ্কোচে স্থিতি মোৰ কৰি অৱহেলা।
এনেকৈয়ে ঘূৰি ঘূৰি নগৰ-প্ৰান্তৰ.
বুজি ললোঁ দেখি-শুনি প্ৰত্যক্ষ ঘটনা,
অভিযোেগ অতি সত্য কামৰূপীয়াৰ।
শাসন-নামত তাত ঘোৰ অত্যাচাৰ,
সহিছে প্ৰজাই নিতে প্ৰাণৰ ভয়ত
শাৰীৰিক, মানসিক সহস্ৰ পীড়ন।
বাজি উঠে বৰকাঁহ সন্ধ্যাৰ লগতে;
লগে লগে হব লাগে নগৰৰ বাজ
নিৰ্ব্বিচাৰে সকলেটি কামৰূপবাসী।

[ ৩০ ]

কিবা যদি আকস্মিক দৈব-ঘটনাত
কোনো জন পৰে পিচ বন্ধা সময়ৰ,
হয় তাৰ উগ্ৰ শাস্তি, নাই পৰিত্ৰাণ।
নহয় অকল সেয়ে, দেখিলোঁ, শুনিলোঁ
যেনি তেনি অত্যাচাৰ জন্মি পিয়লিৰ।
সিবেলি মাৰিলে লোক মেলি সমাজত
ভাঙৰ ৰাগীত কষ্ট মতলীয়া হাতী;
জগাই তুলিলে সুপ্ত মৰ্য্যাদা প্ৰজাৰ।
এইবাৰো সিহঁতৰ উগ্ৰ পীড়নত
নৰ-নাৰী, শিশু-বৃদ্ধ, যুৱা-যুৱতীৰ
কণ্ঠাগত প্ৰাণ। বিতৃষ্ট সকলো প্ৰজা।
বিপ্লৱৰ তৃষানল কামৰূপ জুৰি
ধোৱাঁব লাগিছে, শীঘ্ৰে হ’ব প্ৰজ্বলিত।
 “এদিন বাটত পাই জন্মি-পিয়লিয়ে
দৃঢ়ভাবে বান্ধি-ছাটি বন্দী কৰি মোক,
ল’ই গল টোলল’ই বৰফুকনৰ,
নচালে বান্দৰী নাচ কোবাই-কিলাই।
বদনে নিদিলে বাধা থলে হাঁহি মাৰি।
যদিও ভুঞ্জিলোঁ মই বহু নিৰ্য্যাতন,
তথাপি কৰিলোঁ এটি তথ্য আবিষ্কাৰ;
অন্তৰেৰে ধন্যবাদ দিলোঁ দুজনাক।
আছিল আলচ কৰি তেতিয়া বদনে
উজনীৰ কোনো এক লোকৰ লগত।
কৰিছিল যদিওবা বন্ধ আলোচনা

[ ৩১ ]

দেখি মোক প্ৰথমতে, ধৰিলে পুনৰ
বুজিলে যেতিয়া মোক বুলি বাক্যহীন।
যদিও নাছিল কথা সুস্পষ্ট সকলো,
তথাপি ধৰিলোঁ গম,—চলিছে গোপনে
ষড়যন্ত্ৰ আপোনাৰ প্ৰাণ-বিনাশৰ।
বুজিলোঁ সিজন লোক সৎৰামৰ দূত,
ফুকন-সৎৰাম দুয়ো আছে মন্ত্ৰণাত।
প্ৰকৃত ঘটনা বুজি ভাবি পৰিণাম,
উদ্বেগত হিয়া মোৰ হ’ল তোলপাৰ;
হইছিল ইচ্ছা যেন মেলিম উৰণ।
তথাপি দমাই ৰাখি মনৰ আবেগ,
জন্মি-পিয়লিৰ আজ্ঞা কৰিলোঁ পালন।
এৰোৱা মাত্ৰকে হাত দুই দুৰ্ব্বৃত্তৰ,
এৰিলোঁ নগৰ, ললোঁ উজনীৰ বাট,
আগন্তুক বিপদৰ জান দিবল’ই।
শেষ মোৰ ইমানতে কৰ্ত্তব্য কঠোৰ,
প্ৰতীকাৰ আপোনাৰ নিজৰ হাতত।”
 বিজয়ে বিদায় ললে বিতৰি সংবাদ।
মগ্ন হ’ল পূৰ্ণানন্দ গভীৰ চিন্তাত।
কপালত চিন্তাৰেখা জিলিকি উঠিল,
ছিটিকিল নয়নত স্ফুলিঙ্গ অগ্নিৰ;
ভ্ৰূকুটিত ৰুদ্ধ যেন পবনৰ গতি।
ক্ষন্তেক পাচত ক’লে আপোনা-আপুনি,—
“বদন! বদন! তোৰ নাহিল চেতনা!

[ ৩২ ]

সিবেলি শাসনে তোৰ পীড়ি কামৰূপ,
পচালে বিহৰ গুটি দন্দুৱা দ্ৰোহৰ;
তথাপি দ্বিতীয় বাৰ দিলোঁ তোক ভাৰ
অকালত কলিয়াৰ মহাপ্ৰয়াণত,
শাসকৰ যোগ্য জন বিচাৰি নাপাই,
বুজাই শাসন-নীতি আত্মীয় ভাৱত।
কিন্তু মোৰ উপদেশ পেলালি নেউচি;
সেচ্ছাচাৰ কৰি ল’ই শাসনৰ নীতি
নুমুৱা অগনি পুনু তুলিলি জ্বলাই।
দিনে দিনে অভিযোগ কামৰূপীয়াৰ
পায়ো তোক অতদিন কৰিছিলোঁ ক্ষমা
আপোন কুটুৰ বুলি৷ আৰু ক্ষমা নাই।
কুটুৰ নহয় শ্ৰেষ্ঠ স্বদেশতক’ই;
যথাযোগ্য প্ৰায়শ্চিত্ত ভুঞ্জিবি পাপৰ।”
 দুনাই দুৱৰী আহি কাৰ দণ্ডৱৎ
নিবেদিলে,—“চিত্ৰসেন আছে দুৱাৰত।”
আদেশিলে পূৰ্ণানন্দে,—“আন এতিয়াই।”
অবিলম্বে চিত্ৰসেন গন্ধিয়া ফুকনে
জনালেহি দণ্ডৱৎ নতজানু হ’ই।
“কি বাত্তা ফুকন?"-বুঢ়াগোহাঁয়ে সুধিলে।
চিত্ৰসেনে কাষ চাপি ক’লে ধীৰে ধীৰে,—
“ডাঙৰীয়া! ভয়াবহ বাৰ্ত্তা বিপক্ষৰ,
সৎৰামৰ দল-বল বাঢ়িছে বেগেৰে।
স্বৰ্গদেৱ নিজে লিপ্ত গুপ্ত মন্ত্ৰণাত;

[ ৩৩ ]

বৰফুকনৰ তাত আছে সমৰ্থন।
কালি ৰাতি সৎৰামে কৰিছে মন্ত্ৰণা,—
চাবল’ই নৃত্য-গীত কৰি নিমন্ত্ৰণ
অতৰ্কিতে আপোনাক কৰিব নিধন।”
পূৰ্ণানন্দে গহীনাই সুধিলে পুনৰ,—
“আছিল নে কোনো আৰু আমাৰ পক্ষৰ
উপস্থিত সৎৰামৰ মন্ত্ৰণা-মেলত?”
“থাকিলে থাকিব পাৰে,”—কলে চিত্ৰসেনে,
কিন্তু তাক জানিবৰ নাছিল উপায়।
দেখাত চক্ৰীৰ দল সৎৰামৰ বশ,
মোকে তো নাজানে কেৱে ভিন্ন-পক্ষী বুলি।”
পূৰ্ণানন্দে ক’লে,-বাৰু অতি ভাল কথা,
মেলত মন্ত্ৰণাকাৰী আছিল যিমান
ক’ই যোৱাঁ নাম-ধাম প্ৰত্যেক জনৰ;
স্বপক্ষ-বিপক্ষ মই কৰিম বিচাৰ।”
চিত্ৰসেনে সকলোৰে দিলে পৰিচয়;
পূৰ্ণানন্দে ল’লে কৰি তালিকা প্ৰস্তুত।
 ফুকনে বিদায় ল’লে। কৰিলে পুনৰ
কৃষ্ণদাসে যথাৰীতি মন্ত্ৰীক সাক্ষাৎ।
মন্ত্ৰীৰ প্ৰশ্নৰ তেওঁ দিলে যি উত্তৰ,
প্ৰত্যেক আখৰ তাৰ পুনৰুক্তি মাথোঁ,
চিত্ৰসেন ফুকনৰ পূৰ্ণ বিবৃতিৰ।
“বাৰু যোৱাঁ”—পূৰ্ণানন্দে কৰিলে আদেশ।
প্ৰণামেৰে কৃষ্ণদাসে কৰিলে প্ৰস্থান।

[ ৩৪ ]

পূৰ্ণানন্দে কল্পনাৰ আৰোহি বিমান,
চাই ল’লে আগন্তুক কৰ্ত্তৱ্যৰ পথ।
 পুনৰ্ব্বাৰ দুৱৰীয়ে দিলে আহি জান,—
“সাক্ষাৎ প্ৰাৰ্থনা কৰে বুদু লিগিৰাই।”
পূৰ্ণানন্দে ক’লে,-“তাক আন ততালিকে।”
বুদু আহি সেৱা কৰি ৰ’ল অধোমুখে
বুকুত কঁপনি ল’ই; নাছিল শকতি
চাবল’ই চকুল’ই প্ৰধান মন্ত্ৰীৰ।
সুধিলে মন্ত্ৰীয়ে,—“কোৱাঁ৷ কি আছে সংবাদ।
পাইছা নে তত্ত্ব কিবা গুপ্ত মন্ত্ৰণাৰ?
বুদুয়ে উত্তৰ দিলে,—“মিছা ডাঙৰীয়া!
ষড়যন্ত্ৰ কল্পনাত জন্ম কাৰবাৰ।
সৎৰামৰ সঙ্গী হই চালোঁ উচতাই,
নাপালোঁ তথাপি কোনো বিদ্ৰোহৰ চিন;
নেদেখিলোঁ সমলঞ্চে সন্দেহৰ স্থল।”
 হিয়াতলি ভেদ যোৱা শানিত দৃষ্টিৰে
লক্ষ্য কবি লিগিৰাক, কি জানো কি ভাবি
নিৰ্ব্বিকাৰ পূৰ্ণানন্দে ক’লে গহীনাই,—
“যাব পাৰা, বিচাৰিম হ’লে প্ৰয়োজন।”
স্বস্তিৰ নিশ্বাস এৰি ওলাই লিগিৰা৷
সোমাল দুৱৰী পুনু বেদি নিবেদিবল'ই
ৰাজদূত-আগমন-বাৰ্ত্তা সচিবক।
পূৰ্ণানন্দে অনুমতি দিলে প্ৰবেশৰ।
দূতে আহি দণ্ডৱত পৰি সন্মুখত,

[ ৩৫ ]

সমৰ্পিলে সসন্মানে মন্ত্ৰীৰ হাতত
নিমন্ত্ৰণ-লিপি ভূপতিৰ; নিবেদিলে,—
“স্বৰ্গদেৱে আয়োজন কৰিছে বিপুল
চাবল’ই আজি ৰাতি নটীৰ নৰ্ত্তন,
সঙ্গী লই নগৰৰ মুখ্য সভাসদ।
আপোনাৰ উপস্থিতি কৰিছে কামনা।”
মন্ত্ৰীয়ে উত্তৰ দিলে,—“যাম পাৰোঁ যদি।”
 গুচি গ’ল ৰাজদূত ওলগ জনাই।
পূৰ্ণানন্দ ৰ’ল চাই আকাশৰ পিনে।
ভ্ৰূকুটি-কুটিল মুখ, কুঞ্চিত ললাট;
বিকৃত বদন ভঙ্গী, বিৰিঙি পৰিল
সঙ্কল্পৰ কঠোৰতা প্ৰতি অঙ্গ জুৰি।
ক’লে দৃঢ় স্বৰে,-“সৎৰাম! সৎৰাম!
ইমান আস্পৰ্দ্ধা! সামান্য কুকুৰাচোৱা,
উচ্চ পদ পাই, পাহৰিলি কোন তই!
প্ৰতিদ্বন্দ্বী হ’ব খোজ পূৰ্ণ আনন্দৰ!
নাতৰায় উচ্চপদে বুজিছোঁ, এতিয়া
নীচ মনোবৃত্তি তোৰ,—বাপতী সাহোন।
পাখি গজে পিপৰাৰ চাপিলে মৰণ;
তোৰো এই মহতালি মৃত্যুৰ কটকী,
খৰ্ব্ব হ’ব গৰ্ব্ব তোৰ, হেৰাব জীবন।
কি কৰিবি বাট ভেটি কুক্কুৰৰ দলে।
পূৰ্ণানন্দে পূৰ্ণোদ্যমে নিজৰ পথত
সমানে কৰিব গতি নল’ই বিশ্ৰাম,

[ ৩৬ ]

ফুৎকাৰত উৰুৱাই সহস্ৰ অপায়,
সহস্ৰ কণ্টক দলি পাদ-বিক্ষেপত।”


চতুৰ্থ সৰ্গ।

 নিজম আন্ধাৰ ৰাতি। ৰাজ নগৰত
বিতোপন ৰভাখনি জকমক কৰি
জিলিকিছে আলোকত শত প্ৰদীপৰ।
ওপৰত চন্দ্ৰাতপ আহল বহল;
সোণোৱালী বুটা তোলা, চালে চকু ৰোৱা,
নক্ষত্ৰ-ক্ষচিত; যেন নীলাকাশখনি।
কেন্দ্ৰত চিত্ৰিত এটি ফুল্ল শতদল,
সনাল কোৰক অঁকা চাৰিও কোণত৷
হিৰণ্ময় পাৰ্শ্ব জুৰি লম্বিত জালৰ৷
তিৰবিৰ কৰি জ্যোতি মণি-মুকুতাৰ৷
সজোৱা বিচিত্ৰ সাজে স্তম্ভ মণ্ডপৰ৷
ইন্দ্ৰ-ধনু-ৰহণৰ ৰঞ্জিত বসন
আচ্ছাদন কেনোটোৰ, কোনোবাটো ৰাজে
পিন্ধি কিসলয়-হাৰ, শোভে কোনোটোত
নানা জাতি ফুল আৰু লতাৰ বেষ্টন।

[ ৩৭ ]

চ’উদিশে আৱৰণ আঁৰ কাপোৰৰ,
মুক্ত মাত্ৰ দুয়ো কাষে পথ প্ৰবেশৰ।
ৰজা, মন্ত্ৰী, বিষয়াৰ সজ্জিত আসন
মণ্ডপত, যাৰ যেনে মৰ্য্যাদা পদৰ।
এমূৰত সু-কল্পিত উচ্ছ্ৰি মঞ্চত
বিৰচিত বিতোপন নিকুঞ্জ-ভবন—
পল্লবিত তৰুশাখা, কুসুমিত লতা,
নব বিকসিত আনি কুসুম-স্তৱক,
লুকুৱাই কৃত্ৰিমতা নিপুণ হাতেৰে।
এয়েই নিৰ্দিষ্ট স্থান নটী-নৰ্ত্তনৰ।
কাষৰত সমাহিত বাদকৰ দল।
বাজত ফুৰিছে ঘুৰি ইফালে সিফালে
আন্ধাৰত বাক্যহীন সশস্ত্ৰ প্ৰহৰী।
সকলো ব্যৱস্থা তাৰ কৰিছে সৎৰামে।
 এজন দুজনক’ই আহিল বিষয়া,
বহিল আসন জুৰি নিজৰ নিজৰ।
তিনিজন ডাঙৰীয়া হ’ল সমাসীন।
সকলো প্ৰস্তুত; অহা নাই মাত্ৰ ৰজা
লোভনীয় সাজ-সজ্জা দেখি সম্মুখত,
ততোধিক লোভনীয় নৃত্য নৰ্ত্তকীৰ
চাবল’ই দৰ্শকৰ নয়ন চঞ্চল;
অপেক্ষি উদগ্ৰীব হ’ই ৰ’ল ৰজাল’ই।
এনেতে আহিল ৰজা ল’ই পৰিজন,
—দেহৰক্ষী, চাওদাং, লিগিৰা, লিগিৰী,—

[ ৩৮ ]

প্ৰবেশি মণ্ডপ ল’ই সকলোৰে সেৱা,
আয়মেৰে উপবিষ্ট হ’ল আসনত।
লগে লগে বাদকৰ বিবিধ যন্ত্ৰৰ।
সুমধুৰ ঐক্যতানে কঁপালে মণ্ডপ;
মঞ্চত আৱব্ধ দৃষ্টি ৰ’ল দৰ্শকৰ
নৰ্ত্তকীৰ প্ৰতীক্ষাত। ক্ষন্তেক পাচত
প্ৰবেশিত চাৰিজনী আকৃঞ্চিতকেশী
সুন্দৰী ষোড়শ বালী কুৰঙ্গনয়নী
চঞ্চল গতিৰ সূক্ষ্ম অঞ্চল কপাই,
উজ্জ্বলাই সৰ্ব্বাঙ্গত উচ্ছল যৌৱন,
মোহন ভঙ্গীৰে জুৰি মধুৰ সঙ্গীত।
লীলায়িত বিক্ষেপত কৰ-চৰণৰ,
নক্ষেপত কটাক্ষৰ, ভঙ্গীত এবাৰ,
উচ্ছাসত আন্দোলিত উন্নত বক্ষৰ,
মূৰ্ত্তিমান সম্মুখত মধুৰ সঙ্গীত।
চক্ষু স্থিৰ দৰ্শকৰ দেশি লয়লাস,
ভেদি কুহেলিকাসম সূক্ষ্ম আৱৰণ,
জ্বলি উঠা নৰ্ত্তকীৰ দেহৰ গঠন।
সকলো অস্তিত্ব ভুলি ভাবত তন্ময়।
হঠাৎ উঠিল ৰজা, ক’লে,-“সভাসদ!
কৰিছে কাতৰ মোক শীৰ্ষ-বেদনাই,
বিশ্ৰামৰ প্ৰয়োজন, যাওঁ ঘৰল’ই।
পিয়ক আপোনালোকে সঙ্গীতৰ মধু
আমনি নালাগে মানে আপোন ইচ্ছাৰে।

[ ৩৯ ]

 ৰজাই বিদায় ল’লে; ৰ’ল সভাসদ।
পূৰ্ণানন্দে অলক্ষিতে মিচিকি হাঁহিলে।
নৃত্য-গীত পূৰ্ব্বৱতে চলিল দুনাই;
মুগ্ধ নেত্ৰ দৰ্শকৰ ৰ’ল নৰ্ত্তকীত।
পাৰ হ’ল কিছু পৰ, উঠিল সৎৰাম;
চকুৰ ঠাৰেৰে কিবা কৰিলে ইঙ্গিত
দুৱাৰৰ পৰা আগুৱালে ধীৰে ধীৰে—
প্ৰহৰী-স্বৰূপে থকা সৎৰামৰ দল
সতৰ্ক গতিৰে পূৰ্ণানন্দক উদ্দেশ্যি
অকস্মাৎ পূৰ্ণানন্দে মাৰিলে সুহুৰি।
মুহূৰ্ত্ততে মণ্ডপত হ’ল উপস্থিত
শতেক সৈনিক ল’ই বিজুলী সঞ্চাৰে
মন্ত্ৰীৰ তৃতীয় পুত্ৰ ওৰেষা ফুকন।
মাৰিলে ভিৰাই লৰ বিপ্নবীৰ দল।
কিন্তু পলাই সাৰিব ক’ত? ভেটি আছে
পতি পথ শত শত সশস্ত্ৰ সৈনিকে।
বন্দী হল চক্ৰীদল সৎৰামত বাজে।
সৎ ৰাম সোমাল গ’ই ৰাজ কাৰেঙত,
নোৱাৰি চাপিব কাষ উলটিল সেনা।
শুনি বাৰ্ত্তা পূৰ্ণানন্দে ক’লে ওৰেষাক,—
“থাকক সৎৰাম, তাক অনাম পাচত।
ল’ই যোৱাঁ বন্দীদল বন্দীশালল’ই
বান্ধি থ’বা সকলোকে শিকলি লগাই।
বন্দীৰ মুখৰ পৰা আৰু কোনো নাম

[ ৪০ ]

পোৱা যদি তাকো আনি থ’বা বন্ধনত
বন্দীপাল বৰুৱাৰ তত্ত্বাৱধানত।”
 বন্দীদল ল’ই গ’ল ওৰেষা ওলাই;
পুনৰায় পূৰ্ণানন্দ হ’ল নিৰ্বিকাৰ।
কিন্তু এই ঘটনাই ঢালিলে গৰল
মোহন মদিৰাময় সঙ্গীত ৰসত।
লুকাল, নৰ্ত্তকী গ’ই কুঞ্জৰ আঁৰত;
আতঙ্কত স্তব্ধ হ’ল বাদ্য বাদ বাদকৰ;
উত্তেজিত সভাসদে এৰিলে মণ্ডপ।
হস্তগত কৰি শত্ৰু পূৰ্ণ আনন্দত
পূৰ্ণানন্দে এলে বাট গহীন খোজেৰে,
বিজয়ৰ গৰ্ব্ব ল’ই নিজ ঘৰ’লই।

পঞ্চম সৰ্গ

 আহোমৰ গৌৰৱৰ পিন্ধি হেমহাৰ
হাঁহিছিল ৰংপুৰ ৰঙ্গ-ৰসে পুৰ,
ৰাজধানী অসমৰ দিখৌৰ পাৰত;
গাইছিল যশোগান শত্ৰুৱেও যাৰ
মুগ্ধ হই সৌন্দৰ্য্যত, ধন-ঐশ্বৰ্য্যত।

[ ৪১ ]

ৰজা-প্ৰজা পুৰ এৰি পলাল যেতিয়া
প্ৰাণ ল’ই বিদ্ৰোহত মোৱামৰীয়াৰ,
পূৰ্ণানন্দ বাধ্য হ’ই গল ভটীয়াই
মুষ্টিমেয় সৈন্য ল’ই নোৱাৰি ভেটিব
সাগৰ সঙ্কাশ শত্ৰু, যোৰহাটল’ই।
বিপ্লবীৰ বিষহস্তে দয়া-মায়াহীন
বিনাশিলে এই হেন নগৰৰ প্ৰাণ,
পৰি ৰ’ল ধ্বংসস্তূপ-বীভৎস কঙ্কাল,
দৰ্শকৰ শোক-অশ্ৰু কৰি আকিঞ্চন।
পূৰ্ণানন্দে পাতি যোৰহাটত নগৰ
ৰাখিলে সুদীৰ্ঘ-কাল নিজ বিক্ৰমেৰে,
প্ৰতিৰোধ কৰি গতি প্ৰবল শত্ৰুৰ।
বৃটিছৰ সাহায্যত দমাই বিদ্ৰোহ,
যদিওবা হৃতৰাজ্য কৰিলে উদ্ধাৰ,
নগ’ল তথাপি ঘূৰি ৰংপুৰল’ই।
সি যে মৰিশালি! নাই প্ৰাণৰ স্পন্দন
যোৰহাট নগৰতে কৰিলে নিৰ্ম্মাণ
গড় বান্ধি চ’উদিশে ৰজাৰ নগৰ,
ৰাজপথ, জলাশয়, বিচাৰৰ চ’ৰা।
যোৰহাট অসমৰ শেষ ৰাজধানী।
ইয়াতেই গৌৰীনাথে মুদিলে নয়ন;
ইয়াতে কমলেশ্বৰ উঠিল পাটত,
এয়ে ৰজা চন্দ্ৰকান্ত সিংহৰ সদন;
ইয়াতেই মাৰ যাব আহোমৰ বেলি।

[ ৪২ ]

 বেলা প্ৰায় তিনিপৰ। কৰ্ম্মত তৎপৰ
নৰনাৰী, জিৰণিৰে আমনি গুচাই।
বিপৰীত দৃশ্য কিন্তু ৰাজনগৰত,—
জনাকীৰ্ণ ৰাজপথ, প্ৰহৰী দ্বাৰত৷
চ’ৰাত বিচাৰ আজি হব বিদ্ৰোহীৰ;
সেইহে গ’ইছে লোক কৌতুহলী হ’ই
বিষয়া, চমুৱা,কাঁড়ী, জুম পাতি পাতি।
কোনো জনে ল’বগই বিচাৰত ভাগ;
কোনো ৰ’ব বাহিৰত অপেক্ষি সংবাদ।
 উপস্থিত হ’ল অহি সোধৰ সময়।
বৰুৱা-বিষয়াসহ তিনি ডাঙৰীয়া
উপবিষ্ট আসনত নিজ মৰ্য্যাদাৰ;
শূণ্য মত্ৰ সু-সজ্জিত ৰাজ-সিংহাসন।
অন হ’ল চ’ৰালই অপৰাধীদল,
যথাৰীতি বান্ধি-ছাটি, সৎৰামত বাজে।
সভাক সম্বুধি বুঢ়াগোহাঁয়ে বুলিলে,—
“ডাঙৰীয়া, সভাসদ, বিসয়াসকল,
মেলৰ বিষয় আজি অতি গুৰুতৰ,
সিকাৰণে ৰজাহীন ৰাজসভা গাজি।
এই যে বন্দীৰ দল আছে সম্মুখত
দল বান্ধি সৎৰামেৰে ষডযন্ত্ৰ কৰি
হ’ইছিল সাজু মোৰ প্ৰাণ ল’বল’ই;
অভিপ্ৰায়—শাসনৰ শৃঙ্খলা গুচাই।
অৰাজক কৰি ৰাজ্য হ’ব দলপতি,

[ ৪৩ ]

পূৰাব নিজৰ নীচ স্বাৰ্থৰ হুতাহ।
বিস্তৃত বৰ্ণনা পাব এই কাকতত।”
 পূৰ্ণানন্দে সন্তৰ্পণে কৰিলে অৰ্পণ
চক্ৰান্তৰ লিপিবদ্ধ পূৰ্ণ বিবৰণ;
সভাক শুনাই বৰগোহাঁয়ে পঢ়িলে।
ক্ৰুদ্ধ হ’ল সভাসদ শুনি সি কাহিনী,
ৰুদ্ধ হ’ল অভিযুক্ত বন্দীৰ নিশ্বাস,
আসন্ন মৃত্যুৰ ছবি দেখি সন্মুখত।
দেখি শুনি বৰপাত্ৰগোঁহায়ে সুধিলে,—
“ই কি আপ"! বিচাৰৰ ব্যৱস্থা অদ্ভুত,
বন্দীৰ মাজত নাই নেতা বিদ্ৰোহীৰ!”
উত্তৰিলে পূৰ্ণানন্দে,-“কাৰণ জটিল।
সৎৰামক লুকুৱাই ৰাজ কাৰেঙত,
ল’ইছে ৰক্ষাৰ ভাৰ নিজে স্বৰ্গদেৱ;
যুটীয়া সন্মতি বিনে তিনিও মন্ত্ৰীৰ
নোৱাৰি ব্যৱস্থা ল’ব বল-প্ৰয়োগৰ ”
 শুনি বৰপাত্ৰ-বৰগোহাঁয়ে বুলিলে,—
“সৎৰামক ভালে ভালে নেৰিলে ৰজাই
বলেৰে আনিব তাক লাগিব নিশ্চয়;
আছে তাত পূৰ্ণৰূপে সন্মতি আমাৰ।”
শলাগিলে সভাসদে সিদ্ধান্ত মন্ত্ৰীৰ;
পূৰ্ণানন্দে অবিলম্বে লিখিলে আদেশ;
কৰিলে স্বহস্তে তাত তিনিও স্বাক্ষৰ।
পূৰ্ণানন্দে দিলে লেখ্য মাতি ওৰেষাক,

[ ৪৪ ]

ক’লে,-“তুমি এতিয়াই ল’ই দল-বল
ৰজাৰ টোলৰ পৰা আনা সৎৰামক।
ৰজাক বুজাই ক’বা বিচাৰৰ কথা,
লাগিলে আশ্বাস দিবা জীৱন-ৰক্ষাৰ,
তথাপি নামানে যদি আনিবা বলেৰে।”
 ওৰেষা ওলাই গ’ল ওলগ জনাই;
সকলে। বিষয়া ৰ’ল উৎকণ্ঠিত হ’ই।
সভাল’ই চাই বৰগোহাঁয়ে জনালে,—
“মোৰ মতে ঘাই দোষী নিজে স্বৰ্গদেৱ,
চক্ৰান্তত লিপ্ত নিজে চক্ৰীৰ আশ্ৰয়।
উচিত আমাৰ কৰা ৰজাৰে বিচাৰ,
ৰজা বুলি ৰাজনীতি নোৱাৰে লঙ্ঘিব।”
পূৰ্ণানন্দে ক’লে,-“সঁচা, যুক্তিযুক্ত কথা;
তথাপিও দোষীৰূপে বিচাৰত থিয়
নোখোজোঁ কৰিব মই স্বৰ্গদেৱতাক।
যথাৰীতি লওঁ যদি বিচাৰ হাতত,
ৰজাৰ মূৰৰ পৰা খহিব মুকুট,
নামিব লাগিব সিংহ-আসনৰ পৰা;
সিহেতু এৰিব খোজোঁ ৰজাৰ বিচাৰ।
শোচনীয় দুৰ্ঘটনা ৰজা ভঙা-পতা,
দেশৰ দুৰ্দ্দশা মাথোঁ পৰিণাম তাৰ।
বিশেষত বুজিলেও বিষবৃক্ষ বুলি
কিমতে উভালোঁ কৰি স্বহস্তে ৰোপণ!
আন হাতে নাই আজি ৰজাৰ বংশত

[ ৪৫ ]

সুযোগ্য কোৱঁৰ কোনো ৰাজপাটল’ই।
সিকাৰণে চেষ্টা কৰি চাওঁ পুনৰায়;
কুসঙ্গীৰ বুজনিৰ নৰ’লে কুৱঁলী
আপুনি আচল পথ দেখে বা ৰজাই৷
 কাণে কাণে বৰপাত্ৰ গোহাঁয়ে সুধিলে,—
“বৰফুকনকো জানো একে নীতি মানি
দিব খোজে অব্যাহতি নকৰি বিচাৰ?”
উত্তৰত পূৰ্ণানন্দে ক’লে দৃঢ়স্বৰে,—
“অব্যাহতি! অসম্ভৱ! হ’বই লাগিব
দোষ চাই দণ্ড যেনে দণ্ডবিধিমতে;
নাখাটে ৰিজনি তাৰ ৰজাৰ লগত।”
 পূনৰ্ব্বাৰ পূৰ্ণানন্দে বুলিলে বচন;—
“আৰম্ভ কৰক সোধ নিৰপেক্ষ ভাবে।
সঁচাকৈয়ে কিবা যদি পায় দোষ মোৰ,
কৰক আপোনালোকে শাস্তিৰ বিধান;
মানি ল’ম তাক মই অৱনত শিৰে।
বাহুল্য বিবৰি কোৱা, জানে সকলোৱে,—
যিদিনা পলাল ৰজা ৰাজ্য পৰিহৰি,
ৰাখিলোঁ, নগৰ মই যুঁজি.অকলই,
মুষ্টিমেয় সৈন্য ল’ই, শত্ৰুৰ লগত।
থকা হ’লে দুৰাকাঙ্ক্ষা ৰজা বোলাবৰ
অনায়াসে তেতিয়াই পৰিলোহেতেন
নিজৰ মূৰতে মোৰ ৰাখিব মুকুট।
কিয় তেন্তে দিলো তাক ৰজাক শোধাই?

[ ৪৬ ]

ইমানতো কোনোবাই কৰিব নে ভুল
নঘটিলে কিবাৰূপে মস্তিষ্ক-বিকাৰ,
আছে বুলি অন্তৰত মুকুটৰ লোভ!”
“নকৰে, নকৰে কেৱ”—ক’লে সভাসদে।
পূৰ্ণানন্দে ক’লে,-“তেন্তে কৰক বিচাৰ
ন্যায়ৰ মৰ্য্যাদা ৰাখি। ৰাখিব মনত,—
যদিও ময়েই লক্ষ্য গুপ্ত ঘাতকৰ,
তথাপি অদৃশ্যে তাত আছে ছদ্মবেশে
শাসন শৃঙ্খলা-নাশ মুখ্য অভিপ্ৰায়।
সকলোতে চকু ৰাখি কৰিব বিচাৰ।”
 বন্দীক তেতিয়া বৰগোহাঁয়ে সুধিলে,—
“বন্দীগণ! অভিযোগ শুনিলা সকলো,
পালা গম কিবা দোষ, কি তাৰ প্ৰমাণ।
কোৱা এবে নিজমুখে দোষী নে নিৰ্দোষ।
কোৱাঁ ভাঙি হইছিলা কিবা বেজাৰত
এনে কুকাৰ্য্যত লিপ্ত কল্পনা-অতীত।”
 কাতৰ দৃষ্টিৰে চাই কম্পিত কণ্ঠেৰে
বুলিলে বিদ্ৰোহীদলে কৃতাঞ্জলি হ’ই;—
“আমাৰ স্বতন্ত্ৰ একো নাই অভিযোগ।
ৰাজসভা সৎৰামৰ শুনি প্ৰৰোচনা,
বুজিছিলো ষড়যন্ত্ৰ কাম্য ভূপতিৰ;
সেইহে ভয়তে যোগ দিছিলো দলত
মুখৰ কথাৰে, হ’ই উদ্যমবিহীন;
তাৰ বাবে অনুতাপে দহিছে অন্তৰ।”

[ ৪৭ ]

 বৰপাত্ৰে ক'লে,-“আছে সকলো প্ৰমাণ,
পুনু নিজমুখে দোষ কৰিছা স্বীকাৰ;
কিবা লাভ কৰি আৰু মিছা বাক্য-ব্যয়!
সাজু হোৱাঁ‌ উপযুক্ত শাস্তি লবল’ই।”
 কঁপি কঁপি, আঠু কাঢ়ি, কৰি হাত-যোৰ,
চকুলো বোৱাই ক'লে বিপ্লবী দলে,-
“যদিওবা সঙ্গদোষে বিপথে চলাই
খুজিছিলে লেটিয়াব পাপৰ পঙ্কত,
তথাপিও কৰা নাই কলুষিত কৰ;
এয়েই সৌভাগ্য, এয়ে সান্ত্বনা প্ৰাণৰ।
কৰিছোঁ‌ ঈশ্বৰ সাক্ষী কৰি অঙ্গীকাৰ
জীৱনত এনে ভুল নঘটে পুনৰ;
ইবাৰৰ অপৰাধ কৰক মাৰ্জনা।”
 কথা শুনি পূৰ্ণানন্দ গৰজি উঠিল,-
“কি কলি! মাৰ্জনা! মাৰ্জনা দূৰৰ কথা,
অতি উগ্ৰ শাস্তি যিটো দণ্ডবিধিমতে
সেয়ে ভোগ্য তহঁতৰ, আৰ্জ্জিত নিজৰ;
কণামাত্ৰ কম তাৰ কদাপি নহয়।”
সভাসদল’ই চাই সুধিলে পুনৰ,
“নহয় নে এয়ে মত আপোনালোকৰ?”
প্ৰধানমন্ত্ৰীৰ কথা কৰি সমৰ্থন,
অৰ্পিলে তেওঁকে ভাৰ ক্ৰুদ্ধ সভাসদে
বিপ্লবীৰ যথাযোগ্য দণ্ড-বিধান।
পূৰ্ণানন্দে শুনি দিলে ব্যৱস্থা শাস্তিৰ,⸺

[ ৪৮ ]

“বিদ্ৰোহীৰ নাই শাস্তি প্ৰাণদণ্ড বিনে;
দোষৰ গুৰুত্ব বুজি থাকিব মাথোন
প্ৰণালীত প্ৰয়োগৰ সামান্য প্ৰভেদ।
একমাত্ৰ জগধৰে পাব অব্যাহতি
ব্ৰাহ্মণ-সন্তান বুলি মৰণৰ পৰা;
দিয়া হোক শাস্তি তাক, নল’ই জীৱন,
কাঢ়ি চকু, আঠু ঘিলা, কাটি নাক-কাণ।
মনসিন্ধু বিপ্লবীৰ দ্বিতীয় নায়ক,
তাৰেই যত্ন এই দলৰ গঠন।
সিকাৰণে কৰা হোক বান্ধি হাত-ভৰি
জীৱন্তে নিক্ষেপ তাক জ্বলন্ত বহ্নিত।
বুদু ওজা অতি নীচ বিশ্বাস-ঘাতক,
থইছিলো তাক মই ৰজাৰ লগত :
সম্পূৰ্ণ বিশ্ব ৰাখি গুপচৰ ৰূপে
সন্ধান দিবহি বুলি গুপ্ত মন্ত্ৰণাৰ।
কিন্তু সি গোপনে কৰি ফন্দী সামেৰে
মিছা সংবাদে ৰ নিতে কৰি প্ৰতাৰণা।
ছান্দিছিল বুদ্ধি মোক হত্যা কাৰবৰ;
হব লাগে শাস্তি তাৰ নোহোৱা-নোপজা
খুৱাব লাগিব তাৰ কৃতঘ্ন পিতৃক
জীয়াই জীয়াই কাটি দেহৰ মঙ্গহ;
তাৰ পিচে চিৎ কৰি মাটিত পেলাই
কোৰাব লাগিব তাৰ আপাদ-মস্তক
যাৱৎ নহয় জীৱ শৰীৰৰ বাজ।

[ ৪৯ ]

শূল-আৰোহণ শাস্তি বাকী বিদ্ৰোহীৰ।
এয়ে মোৰ মত, এয়ে দণ্ডৰ বিধান।
কৰক বেকত যদি আছে কাৰবাৰ
বিৰুদ্ধ বক্তব্য কিবা এই ব্যৱস্থাত।”
 সমস্বৰে সকলোৱে ক'লে,-“নাই, নাই।
আৰ্জ্জিলে ভুঞ্জিব ফল, নাই পৰিত্ৰাণ
বিষ-ফল ভুঞ্জি হোক মৃত্যু বিপ্লৱৰ।”
ততালিকে পূৰ্ণানন্দে কৰিলে অৰ্পণ
চাওদাং বৰুৱাক লিখিত আদেশ।
সকলে বন্দীক বান্ধি বেঢ়ি চাওদাঙে
ল’ই গল সাৱধানে বধ্য ভূমিল’ই।
হ’ল এনে সময়ত সৎৰামক ল'ই।
দলে-বলে উপস্থিত ওৰেষা ফুকন।
অধোমুখ সৎৰাম, নাই মাত বোল;
হৃৎপিণ্ড জড়, যেন স্পন্দন-ৰহিত;
চকুত মাথোন দৃষ্টি আহত সিংহৰ।
বিচাৰকল’ই চাই ক'লে ওৰেষাই,
“বহুতো প্ৰৱন্ধে ধৰি আনিছে বন্দীক।
প্ৰথমে দিছিল বাধা নিজে স্বৰ্গদেৱে
নমানি বুজনি ল’ই হাতত হেংদান;
সৎৰাম দিছিল থিয় ৰজাৰ আঁৰত।
নেদেখি উপায় ক'লো,-“যাওঁ তেন্তে আমি।
মিলিছে তিনিও মন্ত্ৰী বিচাৰ-চ’ৰাত,
কৰোগ’ই নিবেদন কৰক যি হয়।

[ ৫০ ]

অকল সৎৰাম কিয়, হ'লে প্ৰয়োজন
ৰজাৱো বিচাৰ হ’ব, ৰাখিব মনত।
নোৱাৰিব কিন্তু মোক দুষিব পাচত।”
অচল অটল হ’ই অচলৰ দৰে
সিমানতে ৰ'ল ৰজা নিদিলে উওৰ।
গতি দেখি ৰাজমাৱে দিলেহি বুজনি,
‘চন্দ্ৰকান্ত! নামানিলে চ'ৰাৰ আদেশ,
নচলিব, হেৰুৱাবা ৰাজ-সিংহাসন,
হেৰুৱাবা প্ৰিয়তম বন্ধুৰ জীৱন।
কওঁ মই—সৎৰামক কৰা সমৰ্পণ
মাৰ্জ্জনাৰ অনুৰোধ কৰি মন্ত্ৰীল’ই,
ৰাজ অনুৰোধ বুলি ৰাখিব নিশ্চয়।
মাতৃ-বাক্য শুনি মোক ক'লে স্বৰ্গদেৱে,-
‘নিব পাৰা, পাৰা যদি দিব প্ৰতিশ্ৰুতি
ৰক্ষা পাব বুলি মোৰ বন্ধুৰ জীৱন।
নহ'লে নোৱাৰা নিব নবধিলে মোক।
নেদেখি উপায় আন দিলোঁ‌ প্ৰতিশ্ৰুতি,
অনিচ্ছাৰে সৎৰামক অৰ্পিলে ৰজাই।
ৰাজমাৱে নিবেদিছে ৰাজ-সভাল'ই
 মৰণ-দণ্ড স্বৰ্গদেৱতাই
দাৰুণ আঘাত পাব, ভাগিব হৃদয়।
যিহেতু হ'লেও দোষ ক্ষমাৰ অতীত,
ৰাখে যেন দয়া কৰি সৎৰামৰ প্ৰাণ।
এয়েই বক্তব্য মোৰ, এয়ে অনুৰোধ,

[ ৫১ ]

বিহিত ব্যৱস্থা-তাৰ কৰ্ত্তৱ্য চ’ৰাৰ।”
 নীৰৱ নিশ্চল হ’ই ৰ'ল সৎৰাম।
একেৰাহে চাই বৰগোহাঁয়ে সুধিলে,-
“জানা তুমি, চাৰিঙ্গীয়া ফুকন সৎৰাম।
অভিযোগ গুৰুতৰ বিৰুদ্ধে তোমাৰ;
কৰিছিলা ষড়যন্ত্ৰ, ছলনাৰে ছলি
প্ৰাণ লবল’ই তুমি প্ৰধান মন্ত্ৰীৰ;
আমাৰ হাতত আছে সকলো প্ৰমাণ।
কোৱা যদি আছে কিবা বক্তব্য তোমাৰ।
 নুমাওঁ নুমাওঁ হোৱা চাকিৰ নিচিনা
সৎৰামৰ হ’ল যেন চেতনা সঞ্চাৰ,
অবজ্ঞা-জড়িত কণ্ঠে কলে ৰূক্ষ স্বৰে,-
“কাক ক'ম। কিবা কম। কোনেবা শুনিব!
নাই ৰজা, গুচৰীয়া নিজে বিচাৰক,
বিচাৰৰ ই যে এক ব্যঙ্গ অভিনয়!
কি হ’ব ইয়াত কৰ অৰণ্য-বোদন।”
 “সঁচা তেন্তে অভিযোগ কৰিছা স্বীকাৰ?–
গহীনাই বৰপাত্ৰ গোহায়ে সুধিলে।
 সৎৰামে উত্তৰ দিলে,—“ৰাজভক্ত মই,
কামনা কৰিব পাৰোঁ ৰজাৰ মঙ্গল;
ক্ষতি হলে তাত কোনো ৰাজ বিদ্ৰোহীৰ
অপৰাধ বুলি তাক নকৰোঁ স্বীকাৰ;
বোলক যিহকে বোলে স্বাৰ্থপৰ দলে।”
 শুনি ক’লে পূৰ্ণানন্দে,-“কি হ’ব সুধিলে!

[ ৫২ ]

অস্বীকাৰ কৰিবৰ কি আছে উপায়!
অতি নীচ, মহাপাপী, শত্ৰু স্বদেশৰ
ইয়াৰ জোখাৰে শাস্তি নাই পৃথিবীত।
ইয়াৰ উচিত শাস্তি—দীৰ্ঘকাল জুৰি
তিল তিল কৰি নিতে কৰি অঙ্গচ্ছেদ
হত্যা কৰা, নৰকৰ যন্ত্ৰণা ভুঞ্জাই।
তথাপি ৰাখিব বাক্য লাগিব ৰজাৰ;
সিকাৰণে লঘুদণ্ড কৰিলেোঁ বিধান,
নিৰ্ব্বাসন, প্ৰাণ ৰাখি, নামৰূপল'ই।”
 সভাসদে ক'লে,– “শাস্তি লঘু অতিশয়;
তথাপি মানিলোঁ ৰাখি নৃপতিৰ মান।”
 নিয়া হল সৎৰামক বন্দীশালল’ই।
যাবৰ বেলিকা চাই পূৰ্ণানন্দল’ই
বন্দ্ৰনাদে সত্ৰমে শুনালে,-“পূৰ্ণানন্দ!
জানো মই নিৰ্ব্বাসন প্ৰতাৰণা মাথোঁ,
ছলিবৰ বাবে নিৰ্জ্জু স্বৰ্গদেৱতাক।
শোণিত-লোলুপ সেই দৃষ্টিয়ে তোমাৰ
বিচাৰিছে ৰক্ত মোৰ। জানো যাব প্ৰাণ।
কিন্তু দুখ ৰ’ল,– নোৱাৰিলোঁ ছিঙি যাব
ৰজাৰ বন্ধন। তথাপিও আশা মোৰ,–
ৰক্তবীজ সৎৰামৰ শোণিতৰ পৰা
সহস্ৰ সৎৰাম জন্মি, কোনোবা এদিন
অসম্পূৰ্ণ কাৰ্য্য মোৰ কৰিব সাধন।
পূৰ্ণানন্দ! বাট চোৱাঁ সেই দিনল’ই।”

[ ৫৩ ]

 অন্ত হ’ল বিচাৰৰ, ভঙ্গ হ’ল সভা।
পূৰ্ণানন্দেৰে ধীৰে ধীৰে কৰিলে গমন
মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক ল’ই,
নিৰলে আলচি কিবা, নিজ টোলল’ই;
এৰি থ’ই পিচ ফালে আসন্ন আন্ধাৰ।

 

ষষ্ঠ সৰ্গ।

 সৎৰামৰ প্ৰাণদণ্ড ভাবি সুনিশ্চিত
হ’ইছিল ৰূপহীৰ দগধ অন্তৰ,
দহনত দুৰ্ব্বিসহ শোক-অগনিৰ,
লতা-প্ৰায় বজ্ৰাহত তৰুৰ আশ্ৰিতা।
চ’ৰাৰ বিচাৰে জীৰ্ণ হতাশ প্ৰাণত
আশাৰ শীকৰ-কণা গ’ল ছটিয়াই।
নিজে নিজে ভাবিলে মনত,—“হোৱা নাই
অদ্যাপি নিঃশেষ, কিন্তু হ’ব সময়ত।
নিৰ্ব্বাসন যদিও বা প্ৰকাশ্য ঘোষণা
ৰাখিছে ব্যৱস্থা কৰি নিশ্চয় মন্ত্ৰীয়ে
অপ্ৰকাশ্য গুপ্তহত্যা, অপেক্ষি সুযোগ।

[ ৫৪ ]

প্ৰধান শত্ৰুৰ প্ৰাণ ৰাখিব মন্ত্ৰীয়ে!
অসম্ভব কথা! দিখ’উ উলটি ব’ব,
পশ্চিমত হ’ব সুৰ্য্যোদয়। হ’ব পাৰে,
প্ৰত্যয় জন্মক বুলি স্বৰ্গদেৱতাৰ
নিৰ্ব্বিঘ্নে ৰাখিব প্ৰাণ কিছু দিনল’ই।
ইয়াৰ মাজতে যদি নোৱাৰোঁ কৰিব
স্বামীক বন্ধন-মুক্ত, নাথাকে জীৱন।
কোন এনে বিপদত ওলাব সহায়!”
 ৰূপহীয়ে মনে মনে কৰিলে আলচ,–
বদন চক্ৰান্তকাৰী বুজিছে মন্ত্ৰীয়ে,
নল’ই নাথাকে তেওঁ প্ৰতিশোধ তাৰ।
অতৰ্কিতে পৰে যদি জালত বদন,
নৰ’ব দেশত কোনো থিয় দিবল’ই
স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে মন্ত্ৰী।
নাগপাশে বিপদৰ ন’উ বান্ধোঁতেই
পৰা হ'লে দিব বাৰ্ত্তা এই বিচাৰৰ,
কিজানিবা কিবা ৰূপে কিবা প্ৰতীকাৰ
পাৰিলেহেঁতেন তাৰ কৰিব বদনে!
কিন্তু কোনে ল’ব এনে গুৰু কাৰ্য্য-ভাৰ!”
 উঠি, বহি, ঘূৰি-পকি, হুমুনিয়া কাঢ়ি,
ভাবি-চিস্তি কৰি কিবা সঙ্কল্প ঠাৱৰ,
ওলাল ৰূপহী বাজ সন্ধ্যাৰ পাচত;
প্ৰবেশিল দ্ৰুতবেগে ৰাজ কাৰেঙত।
ৰূপহীৰ দৰ্শনত শোকাৰ্ত্ত ৰজাৰ

[ ৫৫ ]

ওলাল হৃদয় ভেদি সুদীৰ্ঘ নিঃশ্বাস;
ৰুদ্ধকণ্ঠে সমাসীন ৰ'ল চিত্ৰৱৎ।
দগুৱতে ৰূপহীয়ে ক'লে,-“স্বৰ্গদেৱ!
শুনিছে সকলো৷ কি হ’ব দাসীৰ দশা?”
স্বৰ্গদেৱে ক'লে,-“মই কি দিম উত্তৰ!
আজি মই পিঞ্জৰত আৱদ্ধ কেশৰী,
অন্তৰত তীব্ৰ দাহ, সঙ্কল্প বিফল,
ভাবনাত ছিগি যায়, গ্ৰন্থি হৃদয়ৰ;
প্ৰতীকাৰ কৰিবৰ কি আছে শকতি।
ইমানে সান্ত্বনা মাথোঁ,-বন্ধুৰ জীৱন
যোৱা নাই দংশনত কাল-ভুজঙ্গৰ।
অজ্ঞাত ভৱিষ্য যদি কৰে পৰিত্ৰাণ,
হ’ব পাৰে কেতিয়াবা পুনৰ মিলন;
ধৈৰ্য্য ধৰি, আশা লই, থাকাঁ প্ৰতীক্ষাত।”
 শুনি ক'লে ৰূপহীয়ে,-“কিন্তু স্বৰ্গদেৱ!
নামানে সমূলি মোৰ অন্তৰে প্ৰত্যয়
ৰাখিব জীৱন বুলি প্ৰধান শত্ৰুৰ,
পূৰ্ণানন্দে নিৰাপদে দীৰ্ঘ দিনলই।
নিশ্চিত ধাৰণা মোৰ,-পাঙিছে মন্ত্ৰীয়ে
শেষ শাস্তি বিধানৰ গুপুত উপায়।”
 ৰূপহীৰ কথা শুনি ৰজাৰ মনত
জাগিল অচিন্ত্য এটি আশঙ্কা দাৰুণ,
ম্লান হ’ল পলকতে জ্যোতি নয়নৰ।
চিন্তাক্লিষ্ট ললাটেৰে ৰ’ই জড়প্ৰায়

[ ৫৬ ]

নীৰৱে সুদীৰ্ঘ কাল, ক’লে ধীৰে ধীৰে,–
“মই তো নাছিলোঁ কৰা এনে অনুমান;
এতিয়া দেখিছোঁ সিও সম্ভৱ মন্ত্ৰীৰ।
তথাপিও তাকে চাই নিৰ্জ্জীৱৰ দৰে।
থকাৰ বাহিৰে আৰু কি আছে উপায়!”
 ক’লে পুনু ৰূপহীয়ে,-“আছে স্বৰ্গদেৱ!
এতিয়াও এটি পথ অন্তিম চেষ্টাৰ।
সমস্ত ৰাজ্যত মাত্ৰ এজন পুৰুষ।
হ’ব পাৰে সম্মুখীন দুৰ্দ্ধৰ্ষ মন্ত্ৰীৰ;
নক'লেও হ’ব তেওঁ বদন ফুকন।
কিন্তু তেওঁ পোৱা নাই বাৰ্ত্তা বিচাৰৰ;
হোৱা নাই সাৱধান বিপদৰ প্ৰতি।
পাৰে যদি অবিলম্বে জনাব সংবাদ,
তেৱেঁই কৰিব পাৰে কিবা প্ৰতীকাৰ।
নহ’লে বিলম্ব হ'লে কোন মুহুৰ্ত্তত
কোনে জানে ধৰে আহি বিপদে মেৰাই!”
 নীৰৱে আলচি পুনু ক’লে স্বৰ্গদেৱে,–
“নাই এনে কোনো জন এই নগৰত
পাৰে যি কৰিব সাহ পাৰ হবল’ই
জীৱন বিপন্ন কৰি, জ্বলন্ত অগনি।
থাকিব লাগিব মাত্ৰ ভাগ্যকে ধিয়াই।”
ক’লে ৰূপহীয়ে এৰি সুদীৰ্ঘ নিঃশ্বাস,
“যাওঁ তেন্তে স্বৰ্গদেৱ! মাগিলোঁ বিদায়।
জীৱন-মৰণ মোৰ উভয়ে সমান।

[ ৫৭ ]

মৰণক সঙ্গী কৰি, শেষ চেষ্টা কৰি
পাৰোঁ নে কৰিব চাওঁ অসাধ্য সাধন।”
 স্তব্ধনেত্ৰে চাই মাত্ৰ ক'লে স্বৰ্গদেৱে,–
“কৰক ঈশ্বৰে পূৰ্ণ কামনা তোমাৰ।”
 তেতিয়া চৌপাশে মেলি ক’লা চুলিতাৰ
নামিছিল বিভাবৰী ধীৰ গতি ধৰি
লাহতী ধোপাৰ ফুল সিঁচি আকাশত।
ল’ই সেই আবৰণ কৰি আভৰণ,
চাপিল ৰূপহী কাষ মন্ত্ৰী-ভবনৰ
সন্ত্ৰস্ত গতিৰে নৈশ অভিসাৰিকাৰ।
দেখিলে দূৰৰ পৰা এনে সময়ত
মন্ত্ৰীৰ টোলৰ পৰা ওলোৱা বাহিৰ
দুজন পুৰুষ, দুয়ো ৰাজকৰ্ম্মচাৰী।
গছৰ ছায়াৰ পৰা কৰি নিৰীক্ষণ
চিনি পালে ৰূপহীয়ে ফুকন দুজন–
নাওবৈচা-পৰ্ব্বতীয়া মগ্ন আলাপত।
বিদায়-বেলিকা কোৱা শেষ কথা ফাঁকি
অকস্মাৎ ৰূপহীৰ পৰিল কাণত।
নাওবৈচা ফুকনক ক'লে মহেশ্বৰে,–
“অলক্ষিতে হ’ব লাগে যাত্ৰা অৰুণৰ;
থাকে যেন পূৰ্ব্বে তাৰ সকলো সজ্জিত।
 কথা শুনি ৰূপহীয়ে কৰিলে ঠাৱৰ,–
বদনক ধৰিবৰ এয়ে অভিযান।
মহেশ্বৰ পৰ্ব্বতীয়া ফুকনে নিশ্চয়

[ ৫৮ ]

কৰিব খুজিছে যাত্ৰা গুৱাহাটীল’ই
উদ্দেশ্য আন্ধাৰ ৰাখি নৈশ আন্ধাৰত।
বুজি এই অভিপ্ৰায় অলপো নৰ’ই
আন্দোলিত অন্তৰৰ কিবা আবেগত
সোমাল ৰূপহী গ’ই, চাই আগ-পিচ,
ভৱনত মন্ত্ৰী-পুত্ৰ ওৰেষানাথৰ।

 

সপ্তম সৰ্গ।

 শোভিছে প্ৰকাণ্ড টোল প্ৰধান মন্ত্ৰীৰ;–
সুৰক্ষিত চতুৰ্দ্দিশ, সুসজ্জিত দ্বাৰ,
বাস-গৃহ বিতোপন, সজ্জা মনোৰম;
ৰাজগৃহ বিনে নাই প্ৰতিদ্বন্দ্বী তাৰ।
সপত্নীক সপ্তপুত্ৰ থাকে সচিবৰ
স্বতন্ত্ৰ আবাস ল’ই;-জ্যেষ্ঠ ৰুচিনাথ,
দ্বিতীয় মৰঙ্গিখোৱা, ওৰেষা তৃতীয়,
জগন্নাথ আদি আৰু আন চাৰিজন।
সকলোটি সুনিপুণ ৰাজকৰ্ম্মচাৰী,
অনুগত জনকৰ।

সিদিনা সন্ধিয়া

[ ৫৯ ]

গৃহ-অলিন্দত বহি ওৰেষানাথৰ,
ফুলাম বিচনী ল’ই বিচি ধীৰে ধীৰে,
আছিল গাভৰু এটি কৰি গুণ গুণ,
বিচাৰি কি যেন সুৰ গন্ধৰ্ব্ব ৰাজ্যৰ।
সম্মুখৰ ফুলনিৰ সুগন্ধি সমীৰ
নাচিছিল নচুৱাই কপালৰ কেশ।
পিজ’উ গাভৰু এওঁ পত্নী ওৰেষাৰ
বদনৰ একমাত্ৰ স্নেহৰ দুহিতা।
অকৃত্ৰিম সৌন্দৰ্য্যৰ পৰশ্ন-উজ্জ্বল
কমনীয় দেহালতা কোমলতাসনা;
ভূষণ-কুসুমৰাজি কৰি পৰিধান,
পুলকিত যৌৱনৰ নব বসন্তত।
বিবাহত নন্দিনীৰ যেনে আড়ম্বৰ
কৰি বহু অৰ্থ-ব্যয় কৰিলে বদনে,
হোৱা নাই তেনে পূৰ্ব্বে অসম ৰাজ্যত।
যৌতকত দিলে যিবা বস্তু-অলঙ্কাৰ,
ধন-ৰত্ন-প্ৰসাধন অসম-বঙ্গৰ,
নোলায় তুলনা তাৰ ৰাজ ভবনত।
ওৰেষাৰ তৃপ্ত প্ৰাণ পিজৌৰ প্ৰেমত;
পিজৌ সততে লিপ্ত স্বামী-শুশ্ৰূষাত;
উভয়ৰে মধুময় জীৱন-প্ৰবাহ।
তথাপিও মাজে মাজে হয় প্ৰতিহত
প্ৰতিকুল ধুমুহাত সপত্নী-ঈৰ্ষ্যাৰ
মাজু আইদেউ নামে অপৰা ভাৰ্য্যাৰ।

[ ৬০ ]

ৰজাৰ ভগিনী এওঁ, স্বভাব-চপলা,
সততে কলহপ্ৰিয়া অপ্ৰিয়ভাষিণী।
আছিল প্ৰথমে ভাৰ্য্যা মৰঙ্গিখোৱাৰ;
নোৱাৰি গুচাব পিচে প্ৰাণৰ পিয়াং,
অতৃপ্ত কামনা ল’ই তৃপ্তি-সন্ধানত,
আপোন ইচ্ছাত ছিঙি বিবাহ-বন্ধন
কৰিলেহি ওৰেষাক আত্ম সমৰ্পণ।
সিমানতো প্ৰতিকূল ইচ্ছা বিধাতাৰ
নহ’ল কামনা পূৰ। পিজৌৰ লগত
হ’ল যেবে পৰিণয় ওৰেবানাথৰ,
মাজু আইদেউ হ’ল পুনৰ বাউলী
দগ্ধ হ’ই দিনে দিনে ঈৰ্ষ্যা-অগণিত।
সেইহে সততে সৃষ্টি কৰি আহুকাল
তোলে শান্তি-সৰসীত অশান্তিৰ ঢ’উ।
নালাগে তথাপি তাত সৰলা পিজ’উ;
বিশ্বৰ সৌন্দৰ্য্য চাই আপোন মনেৰে
সন্তোষৰ হাঁহি মাৰি আপুনি বিভোল।
 আজিও সন্ধিয়া চাই সুনীল আকাশ
হীৰক-খচিত যেন চন্দ্ৰাতপখনি,
নিৰখি আঁচল তুলি সুৰভি বিলাই
লয়-লাসে নৃত্য কৰা কুসুমৰ ৰূপ,
ভ্ৰমৰৰ গুঞ্জনৰ তালত মিলাই
বিৰিঙায় অন্তৰৰ সুমধুৰ সুৰ।
হঠাৎ সপোন ভাঙি, দাঙি সম্মুখত

[ ৬১ ]

নিদাৰুণ দিঠকৰ ছায়াময় ছবি,
শুনালে পিজৌক কথা মাজু আইদেৱে,—
“সাজি-পাৰি আয়মেৰে ৰেহ-ৰূপ চাই,
গৰবৰ গীত গাই, ৰূপহী বোলাই
ৰূপে-গুণে, সাজে-পাৰে, ভাবিছা মনত
তোমাৰ সমানজনী নাই জগতত।
দেখিম কিমান দিন থাকে অহঙ্কাৰ।
বিদ্ৰোহীৰ কন্যা হ’ই নালাগেনে লাজ?”
 “মিছা কথা! কোনে কয় বিদ্ৰোহী দেউতা?”—
পিজৌৱে সুধিলে ল’ই কঁপনি হিয়াৰ।
উত্তৰত ক’লে মাথোঁ মাজু আইদেৱে,—
“সঁচা-মিছা পাবা গম উঠিলে শূলত।”
 শোকত কাতৰ হ’ই কন্যা বদনৰ,
ব্যগ্ৰ হ’ল সবিশেষ বাৰ্ত্তা পাবল’ই।
নিদি তাৰ সমিধান কাঠ হাঁহি মাৰি,
নিষ্ঠুৰ আনন্দময় তৃপ্ত হিয়া ল’ই
আঁতৰিল আইদেউ উলটি নাচাই।
এনে সময়ত মাৰি মিচিকিয়া হাঁহি,
মুগ্ধনেত্ৰে কৰি পান বদনৰ মধু,
চাপিল ওৰেষা কাষ, পাহৰি ভাগৰ।
কিন্তু দেখি গাভৰুৰ মুখ-মণ্ডলত
বিজুলীৰ ৰেখাহীন মেঘৰ সঞ্চাৰ,
শঙ্কাত সলনি হ’ল মুখৰ বৰণ।
সুধিলে,-“কি হ’ল আজি? কিয় অকস্মাৎ

[ ৬২ ]

ৰাহুগ্ৰস্ত শৰতৰ পূৰ্ণ শশধৰ?
পিজৌৱে নাপাতি কাণ জনালে মিনতি
পাবল’ই সবিশেষ বাতৰি সোধৰ।
ম্লান মুখে ওৰেষাই ক’লে কোমলাই,—
কি কৰিবা শুনি বাৰু সোধৰ বাতৰি!
নালাগে তোমাক।” “আপুনিও তেন্তে মোক
নকৰে বিশ্বাস!”—পিজৌৱে উচুপি ক’লে।
বুলাই সান্ত্বনা-হাত কলে ওৰেষাই,—
“নহয়, নহয়, তুমি নুবুজিবা ভুল।
বজ্ৰময় কঠোৰতা ৰাজ্য-শাসনৰ,
নিষ্ঠুৰতা ৰাজকীয় দণ্ড-বিধানৰ,
কুসুম-কোমলপ্ৰাণা অশ্ৰাব্য তোমাৰ।
তথাপিও নুশুনিলে নেৰা যদি তুমি
শুনা কওঁ,—প্ৰাণদণ্ড শাস্তি বিপ্লবীৰ।
অকল সৎৰাম মাত্ৰ সুস্থ দেহ ল’ই
নিৰ্ব্বাসিত আজীৱন ৰজাৰ কৃপাত।”
“নালাগে সিবোৰ মোক, লাগে সমিচাৰ,—
সঁচা নে পিতাও আছে বিপ্লবী-দলত?”
—গাভৰুৱে থোকাথুকি মাতেৰে সুধিলে।
ফুকনে উত্তৰ দিলে,-“বিপ্লবীৰ দলে
যদিও ল’ইছে নাম বৰফুকনৰ,
সত্যাসত্য এতিয়াও আন্ধাৰ ঘোপত।”
“পোহৰ কিদৰে পাব?—সুধিলে পিজৌৱে,
“আনিব নে দেউতাকো বৰচ’ৰাল’ই?”

[ ৬৩ ]

ওৰেষাই ক’লে,-“তাৰ নাপাওঁ সম্ভেদ,
হোৱা নাই আলোচনা প্ৰকাশ্য সভাত,
মন্ত্ৰীৰ বাহিৰে লক্ষ্য অজ্ঞাত আনৰ।”
“আপুনি কি ভাবে?”—পুনু পিজৌৱে সুধিলে।
ওৰেষাই ক’লে,-“একো নোৱাৰোঁ ভাবিব,
জানা তো মনৰ গতি দুৰ্ব্বোধ্য পিতাৰ।
সময়ত পাবা গম কোন সোঁত বয়।”
 এনেতে আহ্বান পাই প্ৰধান মন্ত্ৰীৰ,
অশান্ত প্ৰাণেৰে গ’ল ওৰেষা ওলাই।
অজ্ঞাত ভবিষ্য ভাবি নিজ জনকৰ
পিজউ ওপঙি গ’ল চিন্তা-প্ৰৱাহত।
হঠাৎ ৰুধিলে গতি লিগিৰীয়ে আহি
ৰূপহীৰ আগমন-বাতৰি জনাই।
গাভৰুৱে ৰূপহীক আনি সমাদৰে,
বহুৱাই ওচৰত সুধিলে সংবাদ,
যথাৰ্থ উত্তৰ তাৰ দিলে ৰূপহীয়ে।
বুকুত আঘাত ল’ই সমবেদনাৰ
পিজৌৱে সান্ত্বনা দিলে সাদৰী মাতেৰে,—
“বৰ দুখ পালোঁ শুনি শোকৰ বাতৰি,
কিন্তু কি কৰিম! নাই শক্তি গুচাবৰ!
ভবিষ্যৎ আশা ল’ই থাকাঁ বাট চাই,
কি জানিবা ঘূৰি যায় ভাগ্যৰ চকৰি!”
 ৰূপহীয়ে ক’লে,-“মিছা! নুঘূৰে, নুঘূৰে!
জানো মই ভবিষ্যৎ, জানো ভাগ্য মোৰ;

[ ৬৪ ]

জানিছোঁ তোমাৰো ভাগ্য ঘোৰ আন্ধাৰত,—
প্ৰাণান্তক বিপদত পিতাৰা তোমাৰ।
যদিহে নোৱাৰা দিব বাতৰি বেগাই
পৰিব জালত তেওঁ হেৰুৱাব প্ৰাণ।
যদিও গোপন, মোৰ নহয় অজ্ঞাত,
পুৱাতেই যাব সেনা গুৱাহাটীল’ই;
বলেৰে কৰিব বন্দী বৰফুকনক।
বিচাৰত যিবা হ’ব জানা তো নিজেই।”
 ৰূপহীৰ কথা শুনি শোকাকুল হ’ই
সম্মুখত দেখি মহা প্ৰলয়ৰ বান,
দেউতা! দেউতা! বুলি আৰ্ত্তনাদ কৰি,
পৰিল পিজ’উ ঢলি সংজ্ঞা হেৰুৱাই।
লিগিৰীয়ে পানী আনি ঢালিলে মূৰত
ৰূপহীয়ে ধীৰে ধীৰে কৰিলে ব্যজন।
লাহে লাহে সুস্থ হ’ই বহিল পিজ’উ।
ৰূপহীয়ে ক’লে পুনু কৰি তিৰস্কাৰ,—
“বিপদত ধৈৰ্য্য ধৰা বীৰৰ লক্ষণ।
নিজকে নোৱাৰা যদি ৰাখিব সংযত,
কি দৰে সহায় তুমি হ’বা পিতাৰাৰ!
জালত পৰাৰ আগে বৰফুকনক
গোপনে সতৰ্ক কৰা কৰ্ত্তব্য তোমাৰ।”
 পিজৌৱে সাবটি ধৰি ক’লে ৰূপহীক,—
“ৰূপহী! তুমিয়ে মোৰ চিৰলগৰীয়া;
একেটি বংশতে জন্মি হলোঁ একেলগে

[ ৬৫ ]

কেচুৱাৰে পৰা দুয়ো ডাঙৰ দীঘল;
পিতাৰ স্নেহৰ ভাগ দুয়োৰে সমান।
মাজতে বিচ্ছেদ মাথোঁ থাকোঁতে আঁতৰি
গুৱাহাটী নগৰত পিতাৰ লগত।
পিতাৰ জীৱন আজি ঘোৰ সঙ্কটত;
ধৰা পৰে যদি তেওঁ মিলিব মৰণ;
জানিও কৰ্ত্তব্য মোৰ নোৱাৰো পালিব।
পিতাৰ বিৰোধী মোৰ নিজ গুৰুজন,
কি দৰে বাতৰি দিওঁ! শক্তিহীনা মই।
কোনেবা কৰিব সাহ এই নগৰত।
লবল’ই কাৰ্য্যভাৰ বিৰুদ্ধে মন্ত্ৰীৰ!”
 “নেদেখোঁ উপায় একো,”–ক’লে ৰূপহীয়ে,
তথাপি নিশ্চেষ্ট হ’ই নোৱাৰি থাকিব,
দেখিও আসন্ন মৃত্যু, নিৰ্জ্জীৱৰ দৰে।
হয়তো নহব একো চেষ্টাৰ সুফল,
হয়তো হেৰাব প্ৰাণ পথৰ মাজত,
তথাপি বিৰুদ্ধে তাৰ লাগিব যুঁজিব।
আহাঁ আমি পাৰি দিওঁ উত্তাল সিন্ধুত।
পাৰোঁ যদি উত্তৰিম উজ্জ্বল তীৰত;
নোৱাৰিলে শেষ হ’ব তীব্ৰ জ্বালাময়
সংসাৰৰ অভিনয় চিৰদিনল’ই।”
 পিজৌৱে সুধিলে,-“মই কি কৰিব লাগে?
বুজা নাই মৰ্ম্ম একো তোমাৰ কথাৰ।”
 ৰূপহীয়ে ক’লে,-“লিখাঁ দেউতাৰাল’ই

[ ৬৬ ]

এখনি সতৰ্ক কৰি সাঙ্কেতিক চিঠি,
কোনে দিছে, কাক দিছে, ৰাখিবা অজ্ঞাত,
নুবুজে অপৰে যাতে কিবা মৰ্ম্ম তাৰ;
কৰিম ব্যৱস্থা মই পত্ৰ-প্ৰেৰণৰ৷
 ৰূপহীৰ কথা মতে লিখাৰ সঁজুলি
আনি দিলে লিগিৰীয়ে, লিখিলে পিজৌৱে,—
“দেউতা, সকলো আজি বিপক্ষে তোমাৰ,
ৰাখিলে ৰাখিব পাৰে ঈশ্বৰে মাথোন।”
 চিঠি ল’ই তেতিয়াই ওলাল ৰূপহী,
আঁৰ হ’ই আন্ধাৰত সজাগ চকুৰ।
দূৰত ফেঁচাই এটি মাৰিলে চিঞৰ;
কোনে জানে কি কৰিলে ভবিষ্যৎ বাণী!


অষ্টম সৰ্গ।

 অতীতৰ লীলাভূমি ভগ-ভাস্কৰৰ
পুৰাণ-প্ৰসিদ্ধ পুৰ প্ৰাগ্‌জ্যোতিষৰ
ক্ষীণ জ্যোতি-কণা ল’ই কৰিছে বিৰাজ
দুয়ো কূলে লৌহিত্যৰ দুৰ্জ্জয় নগৰ
গুৱাহাটী, ৰাজধানী ভাটী অসমৰ।

[ ৬৭ ]

পূব কালে নবগ্ৰহ, মণিকৰ্ণেশ্বৰ,
পশ্চিমত অশ্বক্ৰান্ত, গিৰি নীলাচল,
সতৰ্ক প্ৰহৰী ৰূপে আছে, থিয় হ’ই,
শিৰত চৰণ-ৰেণু ল’ই দেৱতাৰ।
মাজত ধৰিছে চালি গিৰি ভস্মাচলে
অতীতৰ স্মৃতি ল’ই মদন-ভস্মৰ,
অৱহেলি উৰ্ব্বশীৰ অৰ্ঘ্য প্ৰণয়ৰ।
ভক্তি-বিগলিত ধাৰে সঙ্গীত মুখৰ
অমোঘানন্দনে কৰি চৰণ বন্দনা,
পিন্ধায় ফেনিল-নীৰ-ৰচিত ৰণনা।
উত্তৰে দক্ষিণে গিৰি দুৰ্ল্লঙ্ঘ্য প্ৰাচীৰ
সুৰক্ষিত প্ৰকৃতিৰ বিশাল নগৰ।
ইয়াৰ মাজতে পুৰী বৰফুকনৰ,
মহানদ লৌহিত্যৰ দক্ষিণ কূলত,
ব্যাপি লতাশিল হন্তে ফটাশিলল’ই
গড়ৰ মাজত দৃঢ় দুৰ্ভেদ্য শত্ৰুৰ।
পুৰীৰ প্ৰকাণ্ড টোল, বিশাল হাউলী,
মনোৰম বাস গৃহ, চ’ৰা বিচাৰৰ;
ঠায়ে ঠায়ে নিকেতন শ্ৰেষ্ঠ বিষয়াৰ,
দুৱাৰত পঁজা ঘৰ পালি প্ৰহৰীৰ।
ইয়াতেই থাকি বৰফুকন বদনে।
ৰজাৰ নামত কৰে নামনি শাসন।
আজ্ঞাবহ কৰ্ম্মচাৰী বৰুৱা, বিষয়া,
নৌ সেনাপতি পানীফুকন প্ৰভৃতি,

[ ৬৮ ]

অগণন চওদাং, ৰখীয়া-পৰীয়া,
সকলো হাতত পাই হ’ই স্বেচ্ছাচাৰী
চলায় শাসন যেন নিজে নৰপতি।
নীতিৰ বিচাৰ নাই, নাই দয়া, মায়া;
ত্ৰস্তমান কামৰূপ ডাকে ত্ৰাহি ত্ৰাহি।
চাৰিটি সন্তান, তাৰে পিজ’উ গাভৰু
অতি আদৰৰ কন্যা, পত্নী ওৰেষাৰ।
পুত্ৰ তিনিজন—জন্মি, পিয়লী, নুমলী।
নুমলী উমলি খোৱা চালুকীয়া শিশু,
কৈশোৰত উপনীত বাকী দুয়োজন।
দুয়ো অতি আত্মশ্লাঘী, ঘোৰ অবিবেকী,
নিষ্ঠুৰ আনন্দ লভে কৰি উৎপীড়ন,
আমোদতে যেনি তেনি নিৰীহ প্ৰজাক।
বিচাৰৰ আশা কৰি কোনো দুৰ্ভগীয়া
যদিহে চাপেহি কাষ বৰফুকনৰ,
সমিধান পায়,-“সি যে লৰাৰ ধেমালি,
নহয় দোষৰ; তাত নালাগে সজ্জন।”
 বদনৰ অত্যাচাৰ, অবিচাৰ যত
গুপ্তচৰে লুপ্তস্বৰে কৰে নিবেদন
অবিৰাম পূৰ্ণানন্দ মন্ত্ৰী-সমীপত।
নহয় অকল সেয়ে, হ’ই আতঙ্কিত,
পঠিয়াই কামৰূপ-নিবাসী প্ৰজাই
অভিযোগ মন্ত্ৰীল’ই প্ৰতিনিধি-যোগে।
পূৰ্ণানন্দে নিৰানন্দ হ’ই সংবাদত,

[ ৬৯ ]

দেখি মুক্ত ৰুব্ধ হোৱা বিদ্ৰোহৰ দ্বাৰ,
কঠোৰ আদেশ দিয়ে বৰফুকনক,
ন্যায়ৰ দণ্ডেৰে যাতে চলায় শাসন,
বশীভূত ৰাখি প্ৰজা প্ৰীতি-বন্ধনেৰে।
এনেদৰে বাধা পাই স্বাৰ্থৰ পথত,
নচলিব স্বেচ্ছাচাৰ, বুজিলে বদনে,
যত দিন পূৰ্ণানন্দ থাকিব জীয়াই।
নাথাকিলে পূৰ্ণানন্দ নাথাকিব কোনো
প্ৰতিদ্বন্দ্বী বদনৰ প্ৰবল প্ৰতাপী;
পাৰিব তেতিয়া তেওঁ হ’ব কৰ্ণধাৰ
ৰজাক আগত ল’ই শাসন-তৰীৰ।
সিহেতু মন্ত্ৰণা কৰি সৎৰামেৰে স’তে
ল’বলই পূৰ্ণানন্দ মন্ত্ৰীৰ জীৱন
কৰিছল ষড়ষন্ত্ৰ, থাপি গুপ্তদল।
কিন্তু তাৰ পৰিণাম শুভ কি অশুভ,
অগোচৰ বদনৰ অদ্যাপি শ্ৰতিৰ।
শুভ হ’লে হব পাৰে সৌভাগ্য উদয়,
অশুভত প্ৰাণৰ সংশয়। বাৰ্ত্তা নাই!
এয়েই বা আগন্তুক বিপদ-সঙ্কেত।
আশঙ্কাত আজি এই দুপৰ নিশাত
নিদ্ৰাহীন বদনৰ প্ৰদীপ্ত নয়ন।
থাকি থাকি একোবাৰ উঠে চক খাই,
উত্তেজিত হ’ই কৰে পাদ সঞ্চালন।
উঠিল এবাৰ ক’ই আপোনা-আপুনি,—

[ ৭০ ]

“পূৰ্ণানন্দ, বদন ফুকন, ঠাই নাই,
—ঠাই নাই দুজনৰ এই অসমত।
এজনৰ নিশ্চিত মৰণ। কোনে জানে—
কোন সেই জন! কাৰ ভাগ্য সুপ্ৰসন্ন!
কাৰ প্ৰতি বিষপূৰ্ণ কটাক্ষ মৃত্যুৰ!
মগ্ন থাকি কিছু কাল নীৰৱ চিন্তাত,
আক’উ উঠিল ক’ই,—“আজিও নাহিল
বাৰ্ত্তাবাহী কোনো জন উজনীৰ পৰা।
সম্ভব নৰ’ল গুপ্ত চক্ৰান্ত আমাৰ;
সম্ভব সদলে ধ্বংস হ’ল সৎৰামৰ।
তেন্তে? তেন্তে—মোৰ পাল পৰিব ইবাৰ।
টানিছে দুফালে মোক জীবনে-মৰণে,
কোন হাৰে, কোন জিকে, কোনে দিব ক’ই!”
 উদ্বেগত উদ্দেশ্যৰ আঁত হেৰুৱাই,
নাপাই বিচাৰি বাট, দেখি অন্ধকাৰ
ওলাল বদন বাজ কিবা ভাবি গুণি;
চঞ্চল গতিৰে গ’ই পালে পুৰ-দ্বাৰ।
প্ৰহৰীয়ে সেৱা কৰি মেলিলে কপাট।
শুক্লা দশমীৰ জোনে হাঁহে আকাশত;
ধৱল কিৰণে তাৰ জিলিকাই ধৰা।
বাহিৰ ওলাই চাই দেখিলে বদনে,—
পিঠিত আৰোহী ল’ই বিদ্যুৎ গতিৰে
সমাগত তুৰঙ্গম সম্মুখৰ পৰা,
আলাসতে উৰি যেন পক্ষী গৃহমুখী।

[ ৭১ ]

ভাবিলে বদনে দেখি-হ’ব পাৰে দূত,
শুভ কি অশুভ কিবা আহিছে সংবাদ;
স্পন্দিত বক্ষেৰে ৰ’ল আগমনলই।
মুহূৰ্ত্ততে অশ্বাৰোহী চাপিল ওচৰ;
হঠাৎ আগতে দেখি বৰফুকনক
নামিল ঘোঁৰাৰ পৰা সন্ত্ৰস্ত ভঙ্গীৰে;
কৰিলে সাষ্টাঙ্গে সেৱা নিলগৰে পৰা।
কিন্তু ই কি! আৰোহীৰ হঠাতে কি হ’ল!
ঢলি গল! পৰি গ’ল! হ’ল ধৰাশায়ী!
প্ৰহৰীৰে স’তে তুলি ধৰাধৰিক’ই
দেখিলে বদনে শ্বাসহীন আৰোহীৰ।
আড়ষ্ট শৰীৰ। ততালিকে বহুজন
হল সমবেত, বিপদ-সঙ্কেত শুনি;
ঢালিলে শীতল জল, কৰিলে শুশ্ৰুষা।
কিন্তু হায়! নুলটিল বিলুপ্ত চেতনা
অবিজ্ঞত হতভাগ্য অশ্ব-আৰোহীৰ!
ঘৰ্ম্মসিক্ত পৰিচ্ছদ কৰালে মোচন
চিকিৎসকে, শেষ চেষ্টা কবিবৰ মনে।
কিন্তু ই কি! প্ৰহেলিকা। উন্মুক্ত বক্ষই
স্বৰূপ প্ৰকট কৰি অশ্ব-আৰোহীৰ
দেখুৱালে অভ্যাগত নহয় পুৰুষ,
পীন-পয়োধৰা নাৰী নবীন-যৌবনা৷
প্ৰদীপৰ আলোকত দেখিলে বদনে
সংজ্ঞাহীন কন্যাসমা গাভৰু ৰূপহী;

[ ৭২ ]

ব’ই গ’ল অশ্ৰুনদী দুয়ো নয়নৰ।
অকস্মাৎ সলোতক নয়ন-পথত
পৰিল এখনি লিপি ৰূপহী-বুকুৰ;
বদনে বুটলি ল'লে কঁপা হাত মেলি।
তাৰ পাচে ন্যস্ত কৰি বেজৰ হাতত
ৰূপহীৰ যথাযোগ্য শুশ্ৰূষাৰ ভাৰ ,
সবেগে সোমাই গ'ল নিজ কক্ষল’ই।
 ভিতৰ সোমাই, ল’ই দুৱাৰ জপাই,
বদনে মেলিলে চিঠি চঞ্চল হাতেৰে;
পিজৌৰ হাতৰ লিখা দেখিয়ে চিনিলে।
পঢ়িলে একান্তমনে কম্পিত কণ্ঠেৰে,–
‘দেউতা, সকলো আজি বিপক্ষে তোমাৰ,
ৰাখিলে ৰাখিব পাৰে ঈশ্বৰে মাথোন।”
বুজিলে বদনে কিবা সাৰ মৰ্ম্ম তাৰ।
যদিও অস্পষ্ট লিখা বুজিলে তথাপি
নাই বুলি কোনো জন জীৱিত দলৰ;
কৰিলে ধাৰণা দৃঢ় দৌত্যে ৰূপহীৰ।
বুজিলে গুৰুত্ব তাতে নিজ বিপদৰ;
বুজিলে নিস্তাৰ নাই নেৰিলে নগৰ।
অবিলম্বে গুপ্ত ভাবে নৈশ আন্ধাৰত।
মাতিলে পুত্ৰক ধীৰে অধীৰ বদনে,–
“উঠাঁ জন্মি, নিদ্ৰা এৰি, নুশুবা পিয়লী,
উঠাঁ শীঘ্ৰে, কৰা শেষ শান্তিৰ বিশ্ৰাম।”
 পিতৃৰ আহ্বান শুনি, শয্যা পৰিহৰি,

[ ৭৩ ]

দুয়ো পুত্ৰ উপস্থিত হ’ল সন্মুখত।
দেখিয়ে বদনে ক'লে,-“শুনা বোপাহঁত।
ধৰিছে আমাক ছাটি দুৰ্ঘোৰ বিপদে,
নাই ঠাই কালিল’ই এই নগৰত।
এতিয়া দুপৰ ৰাতি। কৰি খৰধৰ,
যাব’ই লাগিব আমি গুৱাহাটী এৰি
ন’উ হওঁতেই পূৰ্ণ তৃতীয় প্ৰহৰ।
নাজানো ভাগ্যই নিয়ে কোন দেশল’ই।
যোৱা জন্মি, কৰাঁ শীঘ্ৰে ব্যৱস্থা নাৱৰ।
সজাবা ভাঙ্গৰ নাও, ল’বা নাৱৰীয়া
আঠ জন সুনিপুণ সাঁতৰ-নিপুণ;
বেগতে ঘাটত যেন থাকেহি প্ৰস্তুত।
পিয়লী, তুমিও যোৱাঁ বিলম্ব নকৰি,
লোৱাগ’ই বহুমূল্য বস্ত্ৰ-অলঙ্কাৰ,
ধন-ৰত্ন যত পাৰা চন্দুক ভৰাই।
নীৰৱে আদেশ মানি গ’ল পুত্ৰদ্বয়।
চিন্তাত নিমগ্ন হ’ই বুলিলে বদনে,–
“পূৰ্ণানন্দ! নোৱাৰিলোঁ! জিতিলা ইবাৰ
কিন্তু এয়ে শেষ ঢাল নহয় জানিবা।
প্ৰাণ ল’ই পাৰোঁ যদি সাৰিব ইবাৰ,
শেষ ঢাল সময়ত খেলিম পুনৰ।
হয় হ’ব বদনৰ অস্তিত্ব বিলোপ;–
নহলে তোমাক কৰি সবংশে নিধন,
ল’ম এই লাঞ্ছনাৰ পূৰ্ণ প্ৰতিশোধ।”

[ ৭৪ ]

 ইদৰে ক্ষন্তেক থাকি ওলাল বদন;
নিজেও তৎপৰ হ’ল যাত্ৰা-উদ্যোগত।
আৰম্ভৰ লগে লগে চতুৰ্থ প্ৰহৰ,
ঢোদৰ দুৱাৰে গ’ই পুত্ৰ দু’টি ল’ই,
বদনে আশ্ৰয় ল’লে নাৱৰ বুকত।
লগত দহোটা ল’লে ধনৰ চন্দুক,
পাঁচোটা লিগিৰ ল'লে অতি সুনিপুণ।
সকলো প্ৰস্তুত হ’ল। এনেতে বদন
নামিল নাৱৰ পৰা কি জানো কি ভাবি!
দ্ৰুতবেগে পালেগ’ই ৰূপহীৰ কাষ।
দেখিলে বইছে ধীৰে শ্বাস ৰূপহীৰ,
চলিছে নাড়ীৰ গতি, মেলিছে নয়ন,
অহা নাই কিন্তু ঘূৰি সম্পূৰ্ণ চেতনা।
আশাৰ সঞ্চাৰ হ’ল, ভাবিলে বদনে
সুস্থ হলে পাব বাৰ্ত্তা ৰূপহীৰ পৰা।
কিন্তু পাই সমাগত বিপদ-সঙ্কেত,
নোৱাৰে অপেক্ষা কৰি কটাব সময়।
তাবি-চিন্তি ৰূপহীকো তোলালে নাৱত;
ভাবিলে বতাহ লাগি শীতল জলৰ।
আহিব চেতনা শীঘ্ৰে, হ’ব সুস্থদেহ,
বুজি ল'ব লাহে-ধীৰে তথ্য ঘটনাৰ।
 উঠিল বদন পুনু; দিলে এৰি নাও;
গিৰিপ্‌ গিৰিপ্‌ শব্দ উঠিল পানীত
টোপা কাঁড যেন নাও চলিল বেগেৰে,

[ ৭৫ ]

ভটীয়াই মহানদ লৌহিত্য-বুকত।
আন্ধাৰত ছায়ামাত্ৰ দেখা গ’ল তাৰ,
যেন পিশাচৰ নাও অলক্ষিতে আহি,
আন্ধাৰতে আঁৰ হ’ল হৰি অসমৰ
বল-বীৰ্য্য, ধন-ৰত্ন, জাতীয় জীৱন।
নগৰৰ সীমাতেই অলপ দূৰত।
ৰাতি এপৰতে আহি লইছে বিশ্ৰাম
সানুচৰ মহেশ্বৰে অপেক্ষি আলোক,
পুৱাতে ধৰিব বুলি বৰফুকনক।
নুবুজিলে, নাজানিলে নিজৰ ভুলত
কিদৰে হাতৰে পৰা হেৰাল চিকাৰ।
এৰি থ’ই এটি মাত্ৰ বিদ্ৰূপৰ হাঁহি।

 

নবম সৰ্গ।

 পূবত সূচনা দেখি প্ৰসূতি গৃহৰ,
আসন্ন প্ৰসব ভাবি সহস্ৰৰশ্মিৰ,
উঠিল শয়ন এৰি চমকি হঠাৎ
ব্যস্ত হ’ই মহেশ্বৰ পাৰ্ব্বত্য ফুকন।
কৰিলে সঙ্কেত ধ্বনি; শুনি সেনাদল
সাজু হ'ল, যাৰ যিবা অস্ত্ৰ-শস্ত্ৰ ল’ই।

[ ৭৬ ]

ততালিকে সমদলে হ’ই অগ্ৰসৰ,
ভেটিলে চাৰিও দিশে বদনৰ ঘৰ।
কিন্তু হায়! শূন্য চোঙ! পলাল হৰিণ
ধূলি মাৰি চোপা লোৱা ব্যাধৰ চকুত।
বিক্ষোভত ফুকনৰ বদন মলিন,
স্নান জ্যোতি নয়নৰ, ঘূৰ্ণিত মস্তক।
হেৰুৱাই বদনক নিজ দৰ্ব্বুদ্ধিত,
অভাবত দীৰ্ঘ দৃষ্টি, সূক্ষ্ম কল্পনাৰ,
স্তব্ধ হ’ল মহেশ্বৰ বজ্ৰাহত-প্ৰায়।
ক্ষন্তেক অচল থাকি, লভি মনোবল,
বাৰ্ত্তা ল’ই সময়ৰ অজ্ঞাত যাত্ৰাৰ,
নাৱে-তৰে চ’উদিশে কৰালে বিচাৰ,
হতাশাতো ক্ষীণ আশা ৰাখি অন্তৰত।
কিন্তু মিছা হল! কায়া তো দূৰৰ কথা,
নেদেখিলে কেৱে ক’তো ছায়া বদনৰ;
নুবুজিলে কিবা হ’ল ক’তে বা লুকাল,
সূৰুযৰ আলোকত প্ৰেত-যোনি-প্ৰায়।
ব্যৰ্থ হ’ল অভিযান; নোলাল বদন।
ভগ্ন আশা, ভগ্নোদ্যম, ভগ্ন হিয়া ল’ই
উলটিল মহেশ্বৰ যোৰহাটল’ই,
দিবল’ই পলায়ন-বাৰ্ত্তা বদনৰ।
 পালে যেবে পূৰ্ণানন্দে অশুভ সংবাদ,
বুজিলে কিদৰে হ’ল ব্যৰ্থ আয়োজন,
পলাল পিঞ্জৰ ভাঙি আহত কেশৰী,

[ ৭৭ ]

ক্ৰোধত জ্বলিল যে জ্বলন্ত অগনি।
ব্ৰাহ্মণক তিৰস্কাৰ কৰিলে বিস্তৰ,–
“মহেশ্বৰ! ৰাখিছিলোঁ বিশ্বাস তোমাত,
অচল কৰ্ত্তব্যনিষ্ঠা কৰিছিলোঁ আশা;
কিন্তু তুমি ভাঙি দিলা সোণৰ সপোন।
চকুৰ আগতে গ’ল বদন পলাই,
জ্যোতিহীন নয়নেৰে ৰ’লা তুমি চাই।
এৰিব বিশ্ৰাম সুখ, নিদ্ৰাৰ পৰশ,
নোৱাৰিলা যদি তুমি এৰাতিৰ বাবে,
প্ৰত্যেক পথতে কিয় নথ’লা প্ৰহৰী?
হয় তুমি সংগোপনে চক্ৰীৰ সহায়,
নতুবা নিৰ্ব্বোধ, ভীৰু, অযোগ্য পদৰ।
তোমাৰ উচিত শাস্তি আছিল মৰণ;
কিন্তু দিলোঁ অব্যাহতি, নবধোঁ ব্ৰাহ্মণ;
অতি লঘু শাস্তি দিলোঁ, ভাঙিলোঁ বিষয়া।
সকলো দায়িত্ব আজি কৰি সমৰ্পণ
গুচি যোৱাঁ; দূৰ হোৱাঁ সম্মুখৰ পৰা।”
 প্ৰকম্পিত বাত্যাহত কদলী-সদৃশ
মহেশ্বৰ সন্মুখত প্ৰধান মন্ত্ৰীৰ।
ব’ই গল ধাৰাৰে লোতকৰ ধাৰ;
মূৰ তুলি চাবল’ই নাছিল শকতি
মন্ত্ৰীৰ চকুৰ ফালে অনল সদৃশ।
নিৰ্ব্বাক, নিষ্পন্দ দেহ ব’ই কোনোমতে,
আঁতৰিল অধোমুখে সম্মুখৰ পৰা।

[ ৭৮ ]

 অকলে বিমূঢ় ভাবে থাকি কিছুকাল,
গৰজিলে পূৰ্ণানন্দে আপোনা-আপুনি,–
“বদন! বদন! তই সৰিলি ইবাৰ;
ছিঙি গলি জাল মোৰ যতনেৰে তৰা;
কিন্তু তই নাভাবিবি ইমানতে তোৰ
হ'ব বুলি প্ৰায়শ্চিত্ত স্বদেশ-দ্ৰোহৰ।
যত দিন পূৰ্ণানন্দ থাকিব জীয়াই,
যত দিন ৰ’ব মোৰ মস্তিষ্ক শীতল,
মুচুকায় যত দিন বাহুৰ শকতি,
তত দিন অসমত নাই স্থান তোৰ।
যিদিনা শোণিত তোৰ বিদ্ৰোহী বুকুৰ
কৰিম তৰ্পণ মই মাতৃ-চৰণত,
সিদিনাহে সিদ্ধি লাভ হ’ব সাধনাৰ;
শেষ অৰ্ঘ্য কৰি দান জননী-পূজাৰ
উজ্জ্বলাম ম্লান-জ্যোতি জনমভূমিৰ।”
 ক্ষন্তেক শঁতাই ল’ই, আনিলে মতাই
দূত পাচি পূৰ্ণানন্দে নিজ টোলল’ই
ঘনশ্যাম দিহিঙ্গীয়া নৱ ফুকনক।
নুবুজি উদ্দেশ্য একো প্ৰধান মন্ত্ৰীৰ,
আশঙ্কিত ঘনশ্যাম ৰ’ল সম্মুখত,
কৰি যথা নিয়মেৰে শ্ৰদ্ধা নিবেদন।
পূৰ্ণানন্দে গহীনাই বুলিলে,-“ফুকন!
শুনা অতি দুঃসংবাদ, পলাল বদন
বিদ্ৰোহৰ গুটি সিঁচি, অঙ্কুৰ গজাই,

[ ৭৯ ]

দেখি তাৰ বিষ ফল—মৰণৰ দূত।
অৰক্ষিত গুৱাহাটী, অচল শাসন।
ল’বল’ই সাম্ৰাজ্যৰ, এনে দুৰ্য্যোগত
শাসনৰ সুপবিত্ৰ দায়িত্ব গধুৰ,
পোৱা নাই যোগ্য জন তোমাৰ বাহিৰে।
সি কাৰণে আজি হন্তে তোমাৰ কান্ধত
কৰিলোঁ অৰ্পণ ভাৰ বৰফুকনৰ।
যোৱাঁ তুমি অবিলম্বে গুৱাহাটীল’ই;
বুজি ল’ই ৰাজকাৰ্য্য, কৰাঁ প্ৰবৰ্ত্তন,
পাহৰি অনৰ্থ-স্বাৰ্থ, আত্ম-অভিমান,
যথাসাধ্য ন্যায়ৰ শাসন। ভাবি ল’বা,
ভৃত্য তুমি সাম্ৰাজ্যৰ, নোহোৱা ঈশ্বৰ;
ৰজাৰ গৌৰব ৰক্ষা, প্ৰজাৰ কল্যাণ
অদ্বিতীয় কৰ্ত্তব্য তোমাৰ। আৰু শুনা,—
কৰিছে অজ্ঞাত বাস বিদ্ৰোহী বদনে;
কৰিব নোৱৰা কাম নাই পাষণ্ডৰ;
সিকাৰণে চ’উদিশে পঠিয়াই চৰ,
পম খেদি উলিয়াই গোপনে সন্ধান,
বন্দী কৰি পঠিয়াবা ৰাজধানীন’ই।
এয়েই নিৰ্দ্দেশ মোৰ, কৰ্ত্তব্য তোমাৰ।
বিশ্বাসেৰে আশা মোৰ কৰিছোঁ পোষণ,—
তোমাৰ শাসনে নাশি নামনি প্ৰজাৰ
অতীতৰ অবিশ্বাস, সুমাব বুকুত
মাৰ যাব অসন্তোষ চিৰদিনল’ই।

[ ৮০ ]

বদনৰ দৰে যেন নকৰা নিৰাশ।”
মন্ত্ৰী নিয়োগে তুলি সংঘৰ্ষ হিয়াত
হৰ্ষ-ভয় বিপৰীত বিদ্যুৎ স্ৰোতৰ,
ফুকনৰ অন্তৰাত্মা তুলিলে কঁপাই।
হৰ্ষ,-যদি পাৰে তেওঁ কৰিব বিধান
সুশৃঙ্খল শাসনেৰে সন্তোষ প্ৰজাৰ,
বিলাব পাৰিব নিজ গৌৰৱ-সৌৰভ।
ভয়-যদি কিবা ৰূপে গন্তব্য পথত
জ্ঞানে বা অজ্ঞানে হয় স্খলিত চৰণ,
অপমান, অপযশ, লাঞ্ছনা, মৰণ,
অভিশাপ স্বজনৰ, মিলিব ভাগ্যত।
অজ্ঞাত অদৃষ্ট-লিপি দূৰ ভবিষ্যৰ
নোৱাৰি মণিব ভেদি ঘনচ্ছায়াময়
সীমাৰেখা—যৱনিকা সসীম জ্ঞানৰ,
নিৰ্ব্বাক, নিস্পন্দ হ’ই ৰ’ল ঘনশ্যাম।
নাই সাহ মেলিবৰ মনৰ ঢাকোন,
নাই শক্তি লঙ্ঘিবৰ অনুজ্ঞা মন্ত্ৰীৰ;
যন্ত্ৰৱৎ মানি ল'ই মন্ত্ৰীৰ শাসন,
শপথ গ্ৰহণ কৰি ল'লে গুৰুভাৰ
শাসন-বিধানমতে বৰফুকনৰ।
 অবিলম্বে পূৰ্ণ কৰি যাত্ৰা-আয়োজন,
মন্ত্ৰীৰ আদেশ ল’ই শিৰোধাৰ্য্য কৰি,
ভটীয়ালে ঘনশ্যাম গুৱাহাটীল’ই
শুভ দিন, শুভ ক্ষণ, শুভ নক্ষত্ৰত।

[ ৮১ ]

ৰাজকাৰ্য্য বুজি ল’ই, পাই কৰ্ম্মস্থল
ইন্দ্ৰিয় সজাগ ৰাখি, গুৰি ব’ঠা ধৰি,
মন্ত্ৰী নিৰ্দ্দেশ কৰি মন্ত্ৰ জীৱনৰ,
মেলিলে একাগ্ৰমনে শাসন-তৰণী।
চ’উদিশে বছা বছা পঠিয়ালে চৰ;
জানোচা সন্ধান কিবা পায় বদনৰ!
থাকিল আদেশ যেন নাৰাখি সঙ্কোচ,
নকৰি প্ৰাণৰ ভয়, ধৰি বদনক
য’তে পায় ত’ৰে পৰা আনে বন্দী কৰি।
গুপ্তচৰে নাৱে তৰে ঘূৰি গাওঁ-ভূই,
বিচাৰি পৰ্ব্বত, গুহা, গহন কানন,
নাপাই সন্ধান ক’তো বৰফুকনৰ
দিনকে দুৰ্ব্বল হোৱা ক্ষীণ আশা ল’ই
ভটীয়ালে সীমা ডেই আহোম ৰাজ্যৰ।
 ইফালে বদনে ল’ই নাৱত আশ্ৰয়,
মনত আশঙ্কা কৰি অনুসৰণৰ,
দিন-ৰাতি ভটীয়ালে সমান বেগেৰে
নাৱতে সম্পন্ন কৰি আহাৰ-বিহাৰ;
নৰ’ল মেৰিলে মানে সীমা অসমৰ।
বাটতেই ৰূপহীৰ ঘূৰিল চেতনা;
শুশ্ৰূষাত সুস্থ হ’ই দিলে বিবৰণ,
আদ্যোপান্ত ঘটনাৰ, নিজ দুৰ্দ্দশাৰ;
বিচাৰিলে সৎৰামৰ ব্যৱস্থা ৰক্ষাৰ।
সকলো বৰ্ণনা শুনি ভাবি ভবিষ্যৎ,

[ ৮২ ]

বদনে চপালে নাও চিলমাৰী পাই।
ইয়াতে বসতি ল’ই ঘূৰিলে বিস্তৰ
দেখা কৰি বহুজন শ্ৰেষ্ঠ ক্ষমতাৰ;
কিজানি সাহায্য পাৰে কৰিব যোগাৰ।
যদিওবা হোৱা নাই উদ্দেশ্য সফল,
এৰা নাই, আশা ৰাখি, চিলমাৰী ঘাট।
 ঘনশ্যাম ফুকনৰ গুপ্তচৰ-দলে
চপালে ঘাটত নাও চিলমাৰী পাই;
গোপনে গোটাই তথ্য নব্য আগতৰ
বুজিলে লইছে তাতে বদনে আশ্ৰয়।
সূত্ৰ ধৰি উলিয়াই সঠিক সংবাদ
সানুচৰ বদনৰ অজ্ঞাত বাসৰ,
ছেগ চাই গুপ্তচৰে বৰফুকনক
কৰিলে এদিন বন্দী পথৰ মাজত।
ৰূপহী সততে ফুৰে পুৰুষৰ বেশে
শৰীৰ ৰক্ষক-ৰূপে বৰফুকনৰ।
আজিও আছিল তেওঁ ধৰি ছদ্মবেশ;
ধৰা মাত্ৰে বদনক জনালে থানাত।
লাগি গ'ল হুলস্থূল নগৰ বিয়াপি;
থানাদাৰ উপস্থিত হ’ল দলে-বলে।
অসম-চৰক ক’লে শুনি বিবৰণ,–
“হ’ব পাৰে পলৰীয়া বদন ফুকন,
হ’ব পাৰে দোষী তেওঁ ৰজাৰ কাষত,
তথাপি নোৱাৰোঁ মই কৰিব অৰ্পণ

[ ৮৩ ]

লাটৰ নাপাওঁ মানে লিখিত আদেশ।
নোহে ই আহোম ৰাজ্য, ৰাজ্য ইংৰাজৰ,
কঠোৰ কৰ্ত্তব্য মোৰ লঙ্ঘিব কিদৰে?”
 নেদেখি উপায় আন উলটিল চৰ;
কৰিলে গোচৰ বাৰ্ত্তা বৰফুকনৰ।
ঘনশ্যামে দিলে বাৰ্ত্তা পূৰ্ণানন্দল’ই
সম্পাদন-হেতু তাৰ ব্যৱস্থা বিহিত।
বদনে মুকলি হ’ই বন্ধনৰ পৰা
নাভাবিলে চিলমাৰী বুলি নিৰাপদ;
সিহেতু আলচ কৰি ৰূপহীৰে স’তে,
সদলে কৰিলে যাত্ৰা কলিকতাল’ই,
মনত কল্পনা কৰি লাটৰ দৰ্শন।

 

দশম সৰ্গ।

 বৃটিচ-শাসনাধীন ভাৰতবৰ্ষৰ
ৰাজধানী কলিকতা দ্ৰুতগতি ধৰি,
শৌৰ্য্য-বীৰ্য্য, সম্পদত লভি শীৰ্ষ স্থান,
অতিক্ৰমি শ্ৰেষ্ঠতম পুৰী অতীতৰ,
বিৰাজিছে ভাগিৰথী নদীৰ তীৰত।

[ ৮৪ ]

সুবিস্তৃত ৰাজপথ কৰ্দ্দমবিহীন,
পাৰ্শ্ব জুৰি সুসজ্জিত স্তম্ভ প্ৰদীপৰ
প্ৰবেশ নিষেধ কৰি তামসী নিশাৰ।
ইষ্টক নিৰ্ম্মিত, উচ্চ, প্ৰাচীৰ-বেষ্টিত
সহস্ৰ সহস্ৰ হৰ্ম্ম্য উঠে অভ্ৰ ভেদি,
বিকাশি বিচিত্ৰ শোভা কৃত্ৰিম সজ্জাৰ।
ক’তো বা কৰিছে বাস ৰাজ কৰ্ম্মচাৰী,
ক’তো বা পণ্ডিত, সাধু, জ্ঞানী, দানী, মানী,
ক’ৰবাত গুপ্তগৃহ দস্যু-তস্কৰৰ।
ৰাজিছে নগৰ জুৰি ৰাজ কাৰ্য্যালয় :–
কাৰাগাৰ, ধনাগাৰ, ধৰ্ম্মাধিকৰণ,
চিকিৎসাৰ কেন্দ্ৰ, কেন্দ্ৰ শান্তি-ৰক্ষকৰ।
কৰিছে দুৰ্গত বাস সমৰ-নিপুণ
সাম্ৰাজ্য-শাসন-যন্ত্ৰ শিক্ষিত বাহিনী।
পথৰ দুকাষে ভৰা পণ্য দ্ৰব্য যত,
থাকে থাকে সুসজ্জিত নেত্ৰ-তৃপ্তিকৰ।
সুসজ্জিতা পণ্য-নাৰী দুৱাৰে দুৱাৰে
বিলোল কটাক্ষ ল’ই লুব্ধ নয়নত,
নিবল’ই ধন-মান হৰি কামুকৰ।
সমস্ত নগৰী পূৰ্ণ কৃত্ৰিম সজ্জাৰে;
নাই নগ্ন-প্ৰকৃতিৰ বিনন্দ-বিলাস।
মাজে মাজে শোভে মাথোঁ ক্ষুদ্ৰ জলাশয়;
ক’ৰবাত ক্ৰীড়াভূমি, প্ৰমোদ কানন,
লয় য’ত দিনান্তত শ্ৰান্ত নাগৰিকে

[ ৮৫ ]

আশ্ৰয়, বিচাৰি স্পৰ্শ উন্মুক্ত বায়ুৰ।
 এই নগৰৰে এক সুৰম্য প্ৰান্তত
সুদৃঢ় প্ৰাচীৰে বেৰা শোভে ‘ৰাজপুৰী,’
ভাস্কৰ্য্যত দৰ্শকৰ নয়ন-ৰঞ্জন।
প্ৰাসাদৰ চ’উদিশে হাঁহিছে প্ৰকৃতি
কমনীয় বেশ-ভূষা কৰি পৰিধান,
উৰুৱাই শ্যামাঞ্চল তৰু-লতিকাৰ,
দোলাই অলকামালা পুষ্পিত কুঞ্জৰ
অতুল সুৰভি সনা, বিচিত্ৰ ৰূপৰ।
পাল পাতি পৰ দিয়ে প্ৰবেশ-পথত
দিন-ৰাতি শস্ত্ৰপাণি সতৰ্ক প্ৰহৰী,
সাধ্য নাই প্ৰবেশৰ অনুমতি বিনে।
 ইয়াতেই কৰে বাস মাৰ্কুইচ্ হেষ্টিংচ,
গবৰ্ণৰ-জেনেৰেল–—প্ৰধান শাসক
সাম্ৰাজ্যৰ ‘ভাৰতীয় বণিক-সঙ্ঘৰ’
অতুল ক্ষমতা পাই নৰপতি-প্ৰায়।
বদন ফুকন ঘূৰি বিশাল পুৰীত
বুজি ল’ই:গতি-গোত্ৰ নগৰীৰ ৰীতি,
সাক্ষাৎ প্ৰাৰ্থনা কৰি প্ৰধান লাটৰ
পৰিচয় সহ লিপি কৰিলে প্ৰেৰণ।
লাটে পাই আবেদন, ল’ই আঁতি-গুৰি
বদন,– প্ৰতিনিধি আহোম ৰাজৰ,
জনালে নিৰ্দ্দিষ্ট কাল সাক্ষাৎ লাভৰ।
লাটৰ নিৰ্দ্দেশ পাই প্ৰফুল্লবদন

[ ৮৬ ]

বদন অপেক্ষি ৰ’ল বন্ধা সময়ত
দুৱাৰত সুৰক্ষিত লাট ভৱনৰ।
বাৰ্ত্তা পাই বৰলাটে অনালে আদৰি,
জনাই যিৰূপ ৰীতি স্বাগত-ভাষণ,
যাচিলে আসন, সুসজ্জিত প্ৰকোষ্ঠত
নিজ সন্মুখত। সুধিলে সাগ্ৰহে লাটে,—
“অকস্মাৎ সাক্ষাতৰ কিবা প্ৰয়োজন?”
বদনে উত্তৰ দিলে,—“গুৰু প্ৰয়োজন।
আহোম ইংৰাজ মিত্ৰ পূৰ্ব্ব সন্ধি-মতে,
মিত্ৰ ভাব ৰ’ব লাগে সম্পদে-বিপদে।
অসম-ৰাজৰ আজি ভাগ্য-বিপৰ্য্যয়;
কাঢ়ি ল’লে ৰাজ্য বুঢ়াগোহাঁয়ে বলেৰে,
বন্দী স্বৰ্গদেৱ; নাই মুক্তিৰ উপায়!
সিহেতু আহিছোঁ মই হ’ই ৰাজদূত,
সাহায্য বিচাৰি, স্মৰি সন্ধি অতীতৰ।
দুখন ৰাজ্যৰ আমি দুয়ো প্ৰতিনিধি,
উদ্দেশ্য দুয়োৰে একে—ৰাজ্যৰ মঙ্গল।
সিহেতু প্ৰাৰ্থনা মোৰ ৰজাৰ নামত,—
দিব লাগে সেনাদল ৰণত দুৰ্জ্জয়;
যাৰ সাহায্যেৰে সাধি বিনাশ শত্ৰুৰ
পাৰোঁ স্বৰ্গদেৱতাক ৰাখিব পাটত,
নমাই স্বয়ম্ভূ প্ৰভু মস্তকৰ পৰা।”
 বদনৰ কথা লাটে মন পাৰি শুনি
চাই পেৰা-কাকতত নিৰ্ব্বন্ধ সন্ধিৰ,

[ ৮৭ ]

গহীন মাতেৰে ক'লে,-“শুনক ফুকন!
অসমক আক্ৰমণ বিদেশী শত্ৰুৱে
কৰা নাই, হোৱা নাই অন্তৰ্বিপ্লৱ;
ঘটিছে বিৰোধ মাত্ৰ মন্ত্ৰী-ভূপতিৰ।
এনে বিৰোধত, কোনো পক্ষ লব আমি
নোখাজোঁ, নোৱাৰোঁ৷ নহয় অকল সেয়ে,
যদিও আমাৰ সন্ধি আহোম-ৰাজেৰে
তথাপি মূলত মন্ত্ৰী পূৰ্ণানন্দ তাৰ।
প্ৰকৃততে পূৰ্ণানন্দ মিত্ৰ ইংৰাজৰ;
বিৰোধিতা অসম্ভব, বিৰুদ্ধ সন্ধিৰ।
সিকাৰণে সবিনয়ে দুখেৰে জনাওঁ,
নাপাব আমাৰ পৰা সৈন্যৰ সহায়।
আশা কৰোঁ অক্ষমতা কৰিব মাৰ্জ্জনা।”
 পাই কাঠ-সমিধান, এৰি দীৰ্ঘশ্বাস,
চিন্তাকুল চিত্তে ল’লে বদনে বিদায়।
দেখি সম্মুখৰ পথ ঘোৰ অন্ধকাৰ,
নেদেখি কেনিও এটি সৌভাগ্যৰ ৰেখা,
ধীৰে ধীৰে ললে খোজ হতবুদ্ধি হ’ই।
বদনৰ অপেক্ষাত পুৰৰ দ্বাৰত
আছিল ৰূপহী ৰ’ই পুৰুষৰ বেশে,
বুকুত কঁপনি ল’ই শুভ বাৰ্ত্তাল’ই।
এতিয়া উত্তৰ শুনি ইংৰাজ-লাটৰ
ছিগি গ’ল আশা-সুতা, হেৰাল সপোন।
ভাবিলে আশ্ৰয় স্থল এটি এটি ক’ই,

[ ৮৮ ]

দেখিলে মাথোন এটি আছে অৱশেষ।
মহিষী অসম-কন্যা ব্ৰহ্ম-নৃপতিৰ
সম্পৰ্কত বদমৰ পিতৃব্য-তনয়া,
ৰূপহীৰো বয়োজ্যেষ্ঠা ভগিনী স্নেহৰ।
পৰে যদি কিবাৰূপে যাব ব্ৰহ্মল’ই
তেৱেই তাৰিব পাৰে এনে বিপদত।
নিৰলে মনতে ভাবি ক’লে বদনক,–
“মোৰ মতে যাওঁ আমি ব্ৰহ্ম দেশল’ই।
আছে তাত বাইদেউ, শুনিলে বিপদ,
নিশ্চিত বিশ্বাস মোৰ, কৰিব সহায়।”
শুনি ক’লে হতাশাৰ সুৰত বদনে,–
“মোৰো তো বিশ্বাস সেয়ে, কিন্তু নিৰুপায়!
ৰুদ্ধ পৰিচিত পথ অসম-ব্ৰহ্মৰ,
অজ্ঞাত অপৰ মাৰ্গ, নাই প্ৰদৰ্শক।
আন্ধাৰত পাৰি দিলে নিমিলে পোহৰ;
আন্ধাৰতে অন্ত হ’ব মন্ত্ৰ জীৱনৰ।”
ৰূপহীয়ে ক'লে,-“এৰি প্ৰাণৰ মমতা,
তথাপিও আন্ধাৰতে নামো শেষ বাৰ;
পালে পাম কেনিবাদি আলোৰ সন্ধান;
নাপালে হেৰাই যাম চিৰকালল’ই,
হেৰাব যাতন-ৰাশি; কিবা ক্ষতি তাত।
কি হ’ব নিশ্চেষ্ট হই ৰাখিলে জীৱন।”
 বদনে উত্তৰ তাৰ ন’উ দিওঁতেই
দেখিলে আগতে এক অপূৰ্ব পুৰুষ,

[ ৮৯ ]

পৰিহিত বহুমূল্য ৰম্য পৰিচ্ছদ,
বিলম্বিত অধোবস্ত্ৰ নাৰীৰ সদৃশ
আচ্ছাদন মস্তকৰ কৌষেয় বসন।
বুজিলে বদনে তেওঁ ব্ৰহ্মদেশবাসী।
কাষ চাপি সম্ভাষণ জনালে বদনে,
আলাপত পৰিচয় হ’ল দুজনাৰ।
জানিলে বদনে তেওঁ ব্ৰহ্মৰাজ-দূত
সমাগত ৰাজনীতি-সংক্ৰান্ত কথাত
পাবল’ই সংগোপনে লাটৰ দৰ্শন।
কটকীৰ পৰিচয় পাই বদনৰ
নুমুৱা আশাৰ চাকি ঢিমিকি জ্বলিল,
ওলাল হঠাতে যেন পথৰ সন্ধান।
ভাবিলে বদনে এয়ে সোণালী সুযোগ,
বিধাতা-প্ৰেৰিত এওঁ সৌভাগ্যৰ দূত।
পাৰে যদি সঙ্গী হ’ব প্ৰত্যাবৰ্ত্তনত
পাব পথ-প্ৰদৰ্শক, পূৰিব কামনা,
ভগিনীৰ সমীপত লভিব আশ্ৰয়।
ভাবি তাকে, গুপ্ত ৰাখি নিজ অভিপ্ৰায়,
কটকীক সবিনয়ে জনালে বদনে,–
“ব্ৰহ্মৰাজপত্নী মোৰ স্নেহৰ ভগিনী,
নৃপতি ভগিনীপতি আত্মীয় প্ৰধান।
অন্তৰত চিৰদিন প্ৰবল ধাউতি,
চাবল’ই ৰজা-ৰাণী, ব্ৰহ্ম ৰাজধানী।
কিন্তু জানি দীৰ্ঘ পথ অজ্ঞাত, দুৰ্গম,

[ ৯০ ]

মনতে বিলীন হ’ল মনৰ কামনা;
কল্পনাতে ৰ'ল আভা সোণালী আভাৰ।
আপুনি কৰিব পাৰে কল্পনা দিঠক,
প্ৰীতিৰ পাশেৰে বান্ধি, প্ৰত্যাবৰ্ত্তনত
পথৰ সহায় হ’ই সহযাত্ৰী ৰূপে।
কৰিব নে পূৰ্ণ মোৰ আকাঙ্ক্ষা প্ৰাণৰ?”
 ৰজাৰ কুটুম বুলি জানি কটকীয়ে
সাগ্ৰহে সম্মতি দিলে সঙ্গী হ’বল’ই,
ব্ৰহ্ম-যাত্ৰা সময়ত কাৰ্য্যৰ অন্তত।
বদনে আশ্বাস পাই জনালে অশেষ
ধন্যবাদ কটকীক কৃতজ্ঞ হিয়াৰ।।
কৰি স্থিৰ দিন-বাৰ সুদীৰ্ঘ যাত্ৰাৰ,
চাই চাই মনে-গঢ়া ছবি ভবিষ্যৰ,
বদন উলটি গ'ল ৰূপহীক ল’ই,
বাটে বাটে কথা পাতি বাসস্থানই।
 নিৰ্দ্দিষ্ট দিনত মিলি নিৰ্দ্দিষ্ট স্থানত
সদলে বদনে ল’লে কটকীৰ লগ;
হ’ল অগ্ৰসৰ, হিয়াৰ সম্বল কৰি।
অসামান্য মনোবল, সঙ্কল্প দুৰ্জ্জয়।
অতিক্ৰমি নানাস্থান বিপদ-সঙ্কুল,–
নগৰ, প্ৰান্তৰ, নদী, গিৰি-গুহা-বন,
পাহৰি আহাৰ-নিদ্ৰা, ভুলি পথশ্ৰম,
পালে গ’ই লক্ষ্য স্থান ব্ৰহ্ম ৰাজধানী,
চকুত ছবিটি ল’ই মোহিনী আশাৰ।

[ ৯১ ]

একাদশ সৰ্গ।

 মনোৰমা পুৰী আভা ব্ৰহ্ম-ৰাজধানী
বিহৰিছে কুসুমিত প্ৰমদ বনত,
বহুমূল্য আভৰণ কৰি পৰিধান,
ইৰাৱতী-প্ৰবাহত প্ৰক্ষালি চৰণ।
মুক্ত পথ, মুক্ত বায়ু, মুক্ত নৰ-নাৰী।
চৌপাশে পেগোডা শোভে তুলি উচ্চ শিৰ,
–সম্মুখত প্ৰকৃতিৰ সৌন্দৰ্য্য-সম্ভাৰ।
লুঙ্গী পিন্ধি ফুঙ্গীদল কৰে বিচৰণ,
বুদ্ধৰ মহিমা কৰি সততে কীৰ্ত্তন।
বিহাৰে বিহাৰে বহু ভিক্ষু সমাবেশ,
কৃষক, কৃষক-বধু শস্যৰ ক্ষেত্ৰত।
উৰে পুষ্প-কাননত বালা পুষ্পৱতী
অসংযত কল্পনাৰ সোণালী ৰথত,
খেদি খেদি পিচে পিচে মৃদু মলয়াত
কুসুম-পৰাগ সনা পখিলাৰ জাক।
ইয়াৰ মাজতে শোভে হৰ্ম্ম্য মনোহৰ,
স্তম্ভ যাৰ শাৰী শাৰী চূড়া স্বৰ্ণময়,
চিত্ৰিত সৌন্দৰ্য্য ল’ই বিচিত্ৰ শিল্পৰ।
চাৰি দিশে তুলি শিৰ জিলিকে প্ৰাচীৰ,
বিশাল গৰ্ভত ল’ই তৃণ তৰু-লতা,
কুঞ্জবন, সুৰভিত কুসুম উদ্যান।
পৰাক্ৰমী বডোয়াফা ব্ৰহ্ম নৃপতিৰ

[ ৯২ ]

বিলাস-সম্ভাৰ ভৰা এয়ে ৰাজপুৰী।
চ’উদিশে পৰিজন, পুৰৰক্ষীগণ,
নিমগন দিন-ৰাতি নিজ নিয়োগত।
শ্বেতবৰ্ণ গজৰাজ থাকে দুৱাৰত
সু-সজ্জিত, ঐৰাৱত সদৃশ ইন্দ্ৰৰ।
বদনৰ সম্পৰ্কীয়া অসম কুমাৰী
দুৱৰ বংশৰ কন্যা মহিষী ৰজাৰ;
–ৰূপ-গুণ-মন্ত্ৰণাত নাৰী নিৰুপমা,
ৰঙ্গত, ৰসত নাম সাৰ্থক ৰঙ্গিলী।
বন্দী হ’ই ৰঙ্গিলীৰ ৰূপৰ মোহত,
গুণত বিমুগ্ধ হই নিজে ধন্য মানি,
কটায় ভূপালে কাল পৰম সুখত;
ৰজাৰ উপৰি ৰজা মানি মহিষীক।
 পাই ব্ৰহ্মৰাজধানী, নগৰ প্ৰান্তত
ক্ষন্তেক বিশ্ৰাম ল’ই, এৰি পুত্ৰদ্বয়,
ছদ্মবেশী ৰূপহীক ল’ই সহচৰ,
বিচাৰি ৰজাৰ টোল ওলাল বদন।
নগৰৰ শোভাৰাশি, নগৰ-নিবাসী,
যদিও পথত হ’ল নয়ন-গোচৰ,
তথাপিও একোল’ই নকৰি ক্ষেপ,
বাঢ়িল বদন আগ, উদ্দেশ্য ধিয়াই;
পালেগ’ই লক্ষ্যস্থান পুৰীৰ দুৱাৰ।
কাষ চাপি দুৱৰীৰ অতি সন্তৰ্পণে
হাতত এখনি লিপি কৰিলে অৰ্পণ

[ ৯৩ ]

দিবল’ই কুৱঁৰীক নকৰি পলম।
দুৱৰীয়ে পত্ৰ ল’ই পশি অভ্যন্তৰ,
ৰাণীৰ আদেশ আনি কৰালে প্ৰবেশ
অবিলম্বে বদনক কুৱঁৰী-টোলত।
থাকিল ৰূপহী ৰ’ই দুৱাৰ-মুখত।
দৰ্শনত স্বজনৰ দূৰ বিদেশত
ৰঙ্গিলীৰ অন্তৰত মিলিল উৎসৱ।
পাব আজি সমাচাৰ ভ্ৰাতা-ভগিনীৰ,
ৰজা-প্ৰজা, পিতৃ মাতৃ, বন্ধু-কুটুম্বৰ,
স্বৰ্গাদপি গৰীয়সী জনমভূমিৰ,
—শৈশৱ-স্মৃতিৰে-স’তে যাৰ চিন্তাধাৰ
অতকাল অন্ত মাথোঁ দীৰ্ঘ নিঃশ্বাসত৷
সুধিলে বিবিধ প্ৰশ্ন একে উশাহতে:—
“ভালে আছা? কেনে আছে ঘৰৰ সকলো?
পৰিল মনত নে কি ভনীয়েৰাল’ই?
পিতৃ-মাতৃ, ভাই-ভনী আছে নে কুশলে?
গুচিল নে অভিশাপ গৃহ-বিবাদৰ?
আছে নে শান্তিত প্ৰজা? কেনে স্বৰ্গদেৱ?
বহিঃশত্ৰু আক্ৰমণ নাই তো দেশত?”
 বদনে উত্তৰ দিলে,—“কি কম ভনীটি!
শুনিলে নোপোৱা সুখ দুৰ্দ্দশা দেশৰ।
নাই আজি অসমত শান্তিৰ পোহৰ;
ৰজা-প্ৰজা ম্ৰিয়মাণ ঘোৰ অশান্তিত।
ৰাজমন্ত্ৰী পূৰ্ণানন্দে ৰাজদণ্ড ল’ই

[ ৯৪ ]

বন্ধনত ৰাখি ৰজা; একচ্ছত্ৰী হ’ই,
খেদালে ৰাজ্যৰ লক্ষ্মী নিষ্ঠুৰ হাতেৰে।
শাসনৰ নীতি আজি নৃশংস পীড়ন।
দেখে যদি পূৰ্ণানন্দে বুদ্ধি-কৌশলত
কোনো জন শ্ৰেষ্ঠ কিংবা সমকক্ষ তাৰ,
তেনেহলে সিজনৰ নাই পৰিত্ৰাণ,—
মিছা অভিযোগ কৰি মিছাৰে প্ৰমাণ,
গুচায় পথৰ পৰা কল্পিত কণ্টক।
ৰজাৰ বিলাই দেখি, দুৰ্দ্দশা দেশৰ,
লগতে নিজৰো জানি বিপন্ন জীৱন,
আহিলোঁ স্বদেশ এৰি দাৰুণ শোকত;
ভ্ৰমিলোঁ বহুত দিন পৰৰ ৰাজ্যত।
নেদেখি কেনিও পথ ওলালোঁ শেহত
অনিশ্চিত ভৱিষ্যৎ ল’ই সম্মুখত,
তোমাতে ভাৰসা ৰাখি, বিচাৰি সাক্ষাৎ।
চাৰি মাহ সহ্য কৰি গুৰু পথশ্ৰম,
দুৰ্ল্লঙ্ঘ্য পৰ্ব্বত লঙ্ঘি, লঙ্ঘি গুহা-বন,
হইছোঁহি উপস্থিত কাষত তোমাৰ
অসম দেশৰ ৰজা-প্ৰজাৰ কাৰণে।
দিয়াঁ মোক সৈন্য-বল ৰজাক বুজাই,
ঘূৰি যাওঁ দেশল’ই শান্তি-দূত হ’ই,
কৰোঁ মুক্ত নৃপতিক বন্ধনৰ পৰা;
লুপ্ত কৰি অত্যাচাৰ, অবিচাৰ যত,
শান্তি-সমীৰত কৰি হৃদয় শীতল,

[ ৯৫ ]

ফুটাওঁ মুখত হাঁহি জনমভূমিৰ।
ৰাখিব নে অনুৰোধ? হ’বা নে সহায়?”
 “কি ক’লা ককাইদেউ!”-ক’লে ৰঙ্গিলীয়ে,
“ঘৰৰ কন্দল নিজে নোৱাৰি ভাঙিব
আহিছা বিচাৰি তুমি পৰৰ সহায়!
ভাবিছা নে দেখুৱাই প্ৰবল জাতিক
স্বজাতিৰ দুৰ্ব্বলতা, গৃহ-অভ্যন্তৰ,
পাৰিবা ৰাখিব ৰাজ্য নিজৰ হাতত?
কি কৰিবা হয় যদি ৰক্ষকে ভক্ষক?
সুদীৰ্ঘ শতিকা ছয় যি ভুজ-বলেৰে
ৰাখিলে দেশৰ মান ইন্দ্ৰ-বংশধৰে,
কি হ’ল শকতি সেই বিজয়ী ভূজৰ?
ভায়ে ভায়ে কটা-কটি মৰা-মৰি কৰি,
ল’বা নে প্ৰভুত্ব মানি তৃতীয় পক্ষৰ?
সিদিনা বিদ্ৰোহ-জুই ঘৰতে জ্বলাই,
নুমাব নোৱাৰি তাক অপোন হাতেৰে,
আনিলা ইংৰাজ মাতি সাম্ৰাজ্য-লোলুপ;
নাভাবিলা, নুবুজিলা পৰিণাম তাৰ।
আহিছা আক’উ কৰি হীনতা স্বীকাৰ,
পাহৰি বংশৰ মান, মৰ্য্যাদা দেশৰ,
শৰণ ল’বৰ মনে বিজাতি-পদত।
হ’ব পাৰে পূৰ্ণানন্দ মন্ত্ৰী স্বেচ্ছাচাৰী,
তথাপি স্বজাতি তেওঁ,—নিজ জ্ঞাতি-ভাই,
নুভুলে কদাপি স্নেহ জনমভূমিৰ।

[ ৯৬ ]

কিন্তু যদি দিয়া সঁপি আপোন হাতেৰে
নিজৰ জনমভূমি পৰৰ হাতত
স্বেচ্ছাচাৰ গুচি যদি হয় অত্যাচাৰ,
কি দৰে কৰিবা তুমি প্ৰতীকাৰ তাৰ?
আপোন জনত নাই বিশ্বাস তোমাৰ;
কি সাহে থাপিব খোজা পৰত বিশ্বাস!
ৰাখাঁ মোৰ অনুৰোধ, এৰাঁ অভিমান,
উলটি ঘৰৰ ল’ৰা যোৱা ঘৰল’ই;
অশান্তি আঁতৰ কৰাঁ শক্তিৰে নিজৰ।
নহ’লে নোৱাৰা যদি ভাঙিব কন্দল,
নোৱাৰা সহিব আৰু ব্যৱস্থা মন্ত্ৰীৰ
তেনেহলে নিজকেই কৰাঁ নিৰ্ব্বাসিত;
তথাপি দেশত নিজে নলগাবা জুই,
নকৰিবা স্বৰ্ণপুৰী সমাধি ভস্মৰ।
শুনিবা নে কথা মোৰ? এৰিবা নে ৰোষ?
 বদনে দুখেৰে কলে—“স্নেহৰ ভনীটি।
নাভাবিবা ভবা নাই ভূত-ভবিষ্যৎ।
দেশৰ কল্যাণ, নিজ জাতিৰ সুনাম
ৰক্ষাৰ নিমিত্তে নিজ স্বাৰ্থ পৰিহৰি,
কৰিলোঁ প্ৰয়োগ নীতি সম্ভব যিমান,
নোৱাৰিলোঁ কোনোমতে লভিব সুফল;
নোৱাৰিলোঁ উদ্ধাৰিব ৰাজত্ব ৰজাৰ।
হেৰুৱালো বহুজন গুনী-জ্ঞানী-মানী
বুদ্ধি-বিক্ৰমত শ্ৰেষ্ঠ অসম-সন্তান।

[ ৯৭ ]

দুৰ্ভগীয়া মই মাত্ৰ আছোঁ প্ৰাণ ধৰি
বিনাবৰ বাবে প্ৰিয়-বন্ধু-বিয়োগত।
দেৱৰৰ দেৱতা মোৰ জনমৰ ভূমি;
তথাপিও অপবিত্ৰ বিজাতি স্পৰ্শত
পাৰোঁতে খোজো নে মই কৰিব আপুনি!
নাই, নাই, আৰু নাই ইয়াৰ বাহিৰে
স্বদেশৰ ৰক্ষাৰ উপায়। সঁচা কথা,
হব পাৰোঁ নিৰাপদ দেশান্তৰী হ’ই,
কিন্তু এৰি স্বদেশক ধ্বংসৰ পথত
কোন বিদেশত পাম শান্তিৰ জিৰণি।
দেখাত উত্তম যুক্তি সকলো তোমাৰ,
কিন্তু যদি নিজে তুমি দেখিলাহেতেন
কি যে হায় শোচনীয দুৰ্দ্দশা দেশৰ,
কাটিলাহেতেন যুক্তি নিজেই নিজৰ,
বুজিলাহেতেন নাই দ্বিতীয় উপায়
জননীৰ উদ্ধাৰৰ পৰাশ্ৰয় বিনে;
কৰিলাহেতেন নিজে হস্তক্ষেপ তাত।
নাই আজি অসমৰ ধন-জন-বল,
নাই জ্ঞানী পাত্ৰ-মন্ত্ৰী, নাই নীতিবিদ্,
নাই শিক্ষা, নাই দীক্ষা, নাই সুশাসন।
গুপ্তচৰ মাত্ৰ মন্ত্ৰী প্ৰধান মন্ত্ৰীৰ;
ষড়যন্ত্ৰ, গুপ্তহত্যা অস্ত্ৰ শাসনৰ।
আৰু যদি কিছু কাল চলে ই শাসন,
নাথাকিব যোগ্যলোক এজনো জীয়াই;

[ ৯৮ ]

নাথাকিব অসমত অস্তিত্ব বীৰৰ।
তেতিয়া বিদেশী শত্ৰু আহি অপ্ৰয়াসে
অসমৰ স্বাধীনতা কৰিব হৰণ।
তাতক’ই মিত্ৰভাবে, সময় থাকোঁতে,
পৰৰ সাহায্য লৈও অশান্তি চাই
কি জানি ৰাখিব পাৰোঁ মৰ্য্যাদা দেশৰ।
নাই তাত স্বাৰ্থ মোৰ, উদ্দেশ্য অসৎ,
অহা নাই আকস্মিক উত্তেজনা ল’ই।
প্ৰতিকূল অৱস্থাৰে যুঁজি দীৰ্ঘকাল,
অন্ত কৰি সুচিন্তিত সকলো উপায়,
শেষ চেষ্টা কৰোঁ বুলি আহিছোঁ ইবাৰ
ইমানতো খোজা নে কি কৰিৰ বিমুখ।
ধীৰ ভাবে ভাবি চোৱাঁ, নকৰিবা ভুল;
কোৱা, কোৱাঁ, ৰাখিবা নে অনুৰোধ মোৰ?”
 ৰঙিলীয়ে ক'লে,-“কথা সকলো শুনিলো
তথাপি আশঙ্কা মোৰ, নহব মঙ্গল,
পৰৰ পুতলা, হ’ই সোমালে ঘৰত।
থাকাঁ তুমি কৰি ৰাজ আতিথ্য গ্ৰহণ,
চাওঁ ভাবি কোন পথ কণ্টকবিহীন।
মোৰ মতে লোৱাঁ তুমি ইয়াতে বসতি
ল’ই পদ শাসকৰ মোগ্য মৰ্য্যাদাৰ।
নালাগে জ্বলাব নাম দেশদ্ৰোহী বুলি
শত্ৰুৰূপে কৰি নিজ দেশত প্ৰবেশ।”
 বদনে উত্তৰ দিলে,- “ই যে অসম্ভব।–

[ ৯৯ ]

স্বদেশৰ প্ৰতি মোৰ কৰ্ত্তব্য পাহৰি
লিপ্ত ৰ’ম বিদেশত সুখ-সম্ভোগত!
ব্যৰ্থতাৰ জুয়ে পুৰি তিল তিল কৰি
প্ৰতি নিমিষতে দিব নৰক-যন্ত্ৰণা।
গ্ৰহণীয় দুটি মাত্ৰ আছে মোৰ পথ :–
হয় মোক দিবা তুমি সৈন্যৰ সহায়,
ৰাখিম জনমভূমি পতনৰ পৰা;
নহলে ইয়াতে কৰি আপোন হাতেৰে
জীৰ্ণ-শীৰ্ণ জ্বালাময় অন্ত জীৱনৰ,
বিচাৰিম সিপুৰীত শান্তিৰ বিশ্ৰাম।
নুবুজিলা ইমানতো জোখ যন্ত্ৰণাৰ!
নুবুজিলা অন্তৰত ধুমুহা কিহৰ!
চোৱাঁচোন কোন সৌৱা দুৱাৰ-মুখত।”
কথাত বিস্ময় মানি চালে ৰঙিলীয়ে,
দেখিলে থিয় দি আছে যুৱক ৰূপহ;
নিচিনিলে, নুবুজিলে কথা বদনৰ।
বদনে পুনৰ ক'লে,-“চোৱাঁ ভালক’ই
নহয় পুৰুষ তেওঁ,-ৰূপহী গাভৰু।”
“কিয় তেন্তে এনে বেশ?”—কলে ৰঙিলীয়ে।
বদনে বুলিলে,-“লোৱাঁ তাৰে পৰা বুজি,
অত পৰে পৰা নাই বুজাব যি কথা।”
ৰঙিলীয়ে ৰূপহীক মাতি কাষল’ই।
ক'লে,-“ভনী! কিয় তোৰ আজি এনে বেশ?”
শুনি ক'লে ৰূপহীয়ে,-“সকলো শুনিছা,

[ ১০০ ]

শুনিছা কিমান লোকে ভুঞ্জিছে নিকাৰ।
শুনা এবে কওঁ মোৰ কাহিনী নিজৰ।
স্বামী মোৰ সৎৰাম ৰজাৰ সুহৃদ,
সিকাৰণে চক্ষুশূল প্ৰধান মন্ত্ৰীৰ।
বধিলে সকলো সঙ্গী ভুঞ্জাই যাতনা;
স্বামীকো কৰিলে বন্দী বধিবৰ মনে।
ৰাজমাৱ-স্বৰ্গদেৱে নানা যুক্তি কৰি
ৰাখিলে জীৱন, কিন্তু হ’ল নিৰ্ব্বাসিত।
জানো মই ইমানতে নুগুচে অপায়,
ৰজাক দেখাই প্ৰাণ ৰাখি কিছু কাল,
বধিব মন্ত্ৰীয়ে গুপ্ত ঘাতক লগাই।
নেদেখি ৰক্ষাৰ পথ, এৰিলোঁ নগৰ,
ছদ্মবেশে ললো লগ বৰফুকনৰ
পাৰিম ৰাখিব বুলি স্বামীৰ জীৱন।
কিন্তু বৰফুকনৰো প্ৰাণৰ সঙ্কট,
কি দৰে আনক ৰাখে সঙ্কটৰ পৰা!
দুয়ো মিলি দেশ এৰি গোপনে পলাই
উপায় বিচাৰি ঘূৰি আচহুৱা ঠাই,
পাইছোঁ তোমাৰ কাষ শেষ আশা ল’ই।
তোমাতে নিৰ্ভৰ কৰে জীৱন মৰণ।
দয়া কৰি কৰা যদি সৈন্যেৰে সহায়,
উদ্ধাৰিম স্বামী মোৰ, উদ্ধাৰিম দেশ।
নহলে ইয়াতে শেষ এই জীৱনৰ;–
কিবা মুল্য পতিহীন-ৰমণী-প্ৰাণৰ!”

[ ১০১ ]

 অকামাৎ
অকস্মাৎ কণ্ঠৰােধ হ’ল ৰূপহীৰ
ৰঙিলীৰো ব’ই গল চকুলো দুধাৰ।
স্থিৰ হ’ই ক’লে পুনু,—“ৰূপহী ভনীটি।
দেখি তােৰ দুখ মােৰ হিয়া ভাগি যায়,
দিলোঁ মই প্রতিশ্রুতি কৰিম সহায়।
যদিওবা হয় তাৰ ফল বিষময়,
হয়াে যদি আত্মহত্যা ৰক্ষাৰ নামত,
তথাপি নােৱাৰি ভাবি কটাব সময়,
ধৈৰ্য্যই এৰিলে মােক দেখি তােৰ দশা।
সম্প্রতি টোলতে থাক এৰি ছদ্মবেশ,
অতি শীঘ্ৰে হ’ব তােৰ কামনা পূৰণ।”
বদনক ক'লে—“কৰাঁ ক্লান্তি নিবাৰণ
শান্তিৰে বিশ্রাম ল’ই বিশ্রাম-কক্ষত।
যেতিয়া যি লাগে পাবা সকলোঁ প্রস্তুত।
কালিলই হ’ব লাভ ৰাজ দৰশন।”
 আশাৰে হৃদয় বান্ধি বুলিলে বদনে,–
“তােমাৰ আশ্বাসে মোৰ ৰাখিলে জীৱন।
নালাগে ভাবিব মােৰ বিশ্ৰামৰ কথা।
শ্ৰান্তি-ক্লান্তি, ক্ষুধা-তৃষ্ণা নাই একো মােৰ,
সুসিদ্ধ নহয় মানে কর্ত্তব্য কঠোৰ ।
আছে মােৰ পুত্রদ্বয় নগৰ প্ৰান্তত,
ল’ই আহোঁ, সম্প্রতিকে মাগিলোঁ বিদায়।”
 শুনি ক'লে ৰঙিলীয়ে আচৰিত হ’ই,–
“কোন ? জন্মি-পিয়লী আহিছে ? ক’ত আছে?

[ ১০২ ]

নানিলা লগত কিয়? যোৱা আনাগই;
কৰীম প্ৰতীক্ষা মই, আহিবা বেগাই।
 ৰঙিলীয়ে তেতিয়াই দিলে অনুচৰ;
প্ৰাণত সান্ত্বনা ল’ই ওলাল বদন।
ৰূপহীক পঠিয়াই অভ্যন্তৰল’ই,
লিগিৰীক দিলে ভাৰ সেৱা-শুশ্ৰুষাৰ
নিজে ৰ'ল মগ্ন হ'ই গভীৰ চিন্তাত।

দ্বাদশ সৰ্গ।

 ৰাজ নগৰত হ’ই সন্মানী অতিথি,
সপুত্ৰে বদনে কৰি সমাপ্ত ভোজন,
নীৰৱে আশ্ৰয় ল’লে শীতল শয্যাত।
কতদিন কৰিছিল ৰচনা শয্যাৰ
তপস্বীৰ প্ৰায় বন্য পাদপ-মূলত,
আকাশী চালেৰে ঢকা বিশ্ব-মন্দিৰত।
উম্মুক্ত প্ৰান্তৰ এৰি আজি গৃহবাসী
সুসজ্জিত ভবনৰ কোমল শয্যাত;
তথাপি চকুত নাই তন্দ্ৰাৰ আবেশ।
অনিশ্চিত সাফল্যৰ ছায়াময় পট

[ ১০৩ ]

একোবাৰ জ্বলি উঠে জেউতি বিলাই,
লয় পায় একোবাৰ মিলি আন্ধাৰত।
অনাগত ভবিষ্যৰ বিকাশ, বিলয়
আহে যায় পাল পাতি, মোহাৰি হৃদয়।
কেতিয়া দৰ্শন হ’ব ৰজাৰ লগত,
সাহায্যৰ প্ৰতিশ্ৰুতি পাব নৃপতিৰ,
ভাবি তাকে গঢ়ি-ভাঙি আকাশ-কুসুম,
বিয়াকুল বদনৰ অশান্ত হৃদয়।
ইমান দীঘল ৰাতি! নুপুৱাব যেন,
নাহিব সোণালী পুৱা এই জীৱনত!
উঠে, বহে, একোবাৰ ওলাই বাহিৰ,
চাই আকাশৰ পিনে, জানো দেখা পায়
পুৱাৰ সূচনা কিবা পূব আকাশত।
ইদৰে কটালে ৰাতি অনুশাসনত
অবিশ্ৰান্ত কৰ্ম্মশীল উগ্ৰ মস্তিষ্কৰ,
প্ৰভাত প্ৰতীক্ষা কৰি। প্ৰদীপ্ত মঞ্চত
কৰিলে প্ৰবেশ যেবে শুক্ৰ-সূত্ৰধাৰ,
লভিলে সান্ত্বনা দেখি প্ৰবেশ জাননী
নেপথ্যত সুসজ্জিতা মোহিনী উষাৰ।
ক্ষন্তেক সুস্থিৰ থাকি ভাবি কাৰ্য্যক্ৰম,
উষাৰ পৰশ পাই এৰিলে শয়ন।
প্ৰাতঃকৃত্য যথাৰীতি কৰি সমাপন,
কৰি শেষ যথাযোগ্য স্নান-প্ৰসাধন,
বন্দি ইষ্টদেবতাক, অভীষ্ট জনাই,

[ ১০৪ ]

সাগ্ৰহে অপেক্ষি ৰ'ল আমন্ত্ৰণল’ই।
এডাৰ দুডাৰকই পাৰ হ’ল পৰ,
তথাপি ৰজাৰ পৰা নাহিল সংবাদ।
আশঙ্কাত আন্দোলিত হ’ল অন্তঃস্থল
বদনৰ, অভিপ্ৰায় নুবুজি ৰজাৰ।
 আহিল আহ্বান যেবে বেলা ডেৰ পৰ,
জ্বলাই নিৰ্ব্বান প্ৰায় আশাৰ প্ৰদীপ।
বদন বাঢ়িল আগ ত্বৰিত গতিৰে
অবিলম্বে হৃষ্টচিত্তে, ৰাজসভালই।
বিশাল ৰজাৰ চ’ৰা, চূড়া অভ্ৰলেহী,
শাৰী শাৰী সুচিত্ৰিত স্তম্ভ মনোহৰ।
ৰঞ্জিত বিবিধ ৰাগে গৃহ-আৱৰণ
পিন্ধি নানা আভৰণ সূক্ষ্ম ভাস্কৰ্য্যৰ,
দীপ্তি ল’ই দৰ্পণৰ স্বচ্ছ পিতলৰ।
শিৰোভাগ জাতিস্কাৰ নয়নাভিৰাম,
সপ্তস্তৰ চন্দোৱাৰ সপ্তৰশ্মিময়
বিলম্বিত অধস্তন উৰ্দ্ধৰ গৰ্ভত,
কিৰণ বিকীৰ্ণ কৰি মণি-মাণিক্যৰ।
তাৰেই তলত জ্বলে স্বৰ্ণ-সিংহাসন
প্ৰদীপ্ত অনলপ্ৰায়। বিৰাজিছে তাত
পৰিজন-পৰিবৃত ব্ৰহ্ম নৰপতি।
ৰাজছত্ৰ মস্তকত ধৰে লিগিৰাই
লিগিৰীয়ে ধীৰে ধীৰে চামৰ ঢুলায়।
স্তম্ভই স্তম্ভই শ্ৰেষ্ঠ ৰাজকৰ্ম্মচাৰী

[ ১০৫ ]

উপবিষ্ট যাৰ যেনে মৰ্য্যাদা পদৰ।
বদন প্ৰবিষ্ট হ’ই, চাই শোভাৰাশি,
ধীৰে ধীৰে সম্মুখীন হ’ই নৃপতিৰ
নিবেদিলে শ্ৰদ্ধাঞ্জলি অভিবাদনৰ।
কৰি প্ৰীতি-সম্ভাষণ, প্ৰদানি আসন,
সুধিলে ৰজাই ক্ৰমে কুশল-মঙ্গল
বদনৰ, ৰজাৰ, ৰাজ্যৰ, অসমৰ
মিত্ৰ-কুটুম্বৰ। অভিপ্ৰায় সাক্ষাতৰ
সুধিলে শেহত। বদনে বিবৰি ক'লে
নিজৰ কাহিনী,প্ৰধান মন্ত্ৰীৰ গ্লানি,
ক’ইছিল কুৱঁৰীক পূৰ্ব্বতে যিদৰে।
শুনি হ’ল ভূপতিৰ হৃদয় বিকল,
বলে ধাৰ খৰস্ৰোতে সমবেদনাৰ।
অন্তৰৰ অনুভূতি প্ৰকাশি বাক্যত,
বুলিলে ৰজাই,-“পালোঁ বৰ দুখ শুনি
দুৰৱস্থা অসমৰ, অবস্থা মিত্ৰৰ।
নহ’ব উচিত কিন্তু সৈন্যৰ প্ৰেৰণ
তথাপিও শত্ৰুভাবে মিত্ৰ-ৰাজ্যল’ই।
সিহেতু প্ৰস্তাব মোৰ এৰি দ্বেষ-ৰোষ,
ব্ৰহ্মকে স্বদেশ কৰি যাপক জীৱন;
যোগ্যস্থান পাব মোৰ বিশাল ৰাজ্যত।”
বদনে উত্তৰ দিলে,-“নহয় ৰাজন,
 নহয় সম্ভব মোৰ ব্ৰহ্মত নিবাস,
নিজৰ স্বাৰ্থত মজি পাহৰি স্বদেশ,

[ ১০৬ ]

এৰি স্বৰ্গদেৱতাক বিপদ-সিন্ধুত।
অহা নাই নিজল’ই আশ্ৰয় বিচাৰি;
আহিছোঁ প্ৰাৰ্থনা ল’ই স্বৰ্গদেৱতাৰ
বিচাৰি সৈন্যৰ বল, উদ্ধাৰিবল’ই
নৃপতিক অমাত্যৰ বন্ধনৰ পৰা।
জীবনৰ ব্ৰত মোৰ কৰিছোঁ ঠাৱৰ,—
পাৰোঁ যদি উদ্ধাৰিম স্বৰ্গদেৱতাক
নোৱাৰিলে কৰি ল’ম মৰণ বৰণ।
একে শ্যান জাতি গুৰি মান-আহোমৰ,
সিকাৰণে স্বৰ্গদেৱ ভ্ৰাতৃ আপোনাৰ।
উদ্ধাৰৰ ভাৰ ল’ই বিপন্ন ভ্ৰাতৃৰ,
কৰে যদি অভিযান আত্মীয় ভাবত,
পবিত্ৰ কৰ্ত্তব্য হ’ব পৰম মিত্ৰৰ;
নোৱাৰে লাগিব তাত শত্ৰুতাৰ চেঁকা।”
 ক্ষন্তেক নিৰলে থাকি ক’লে নৃপতিয়ে,—
“আপুনি যে ৰাজদূত কি তাৰ প্ৰমাণ?
নাই মুদ্ৰা, নাই কোনো লিপি ভূপতিৰ,
নাই কোনো নিদৰ্শন সমৰ্থনকাৰী
ৰজাৰ নামত কৰা গুৰু প্ৰস্তাৱৰ।
বিবৃতিয়ে আপোনাৰ ব্যক্তিগতভাবে
প্ৰতীতি জন্মাব পাৰে, কিন্তু সমৰ্থন
নোৱাৰে কদাপি পাব ৰাজনৈতিকৰ।
মুখৰ কথাকে মানি নল’ই প্ৰমাণ,

[ ১০৭ ]

কোন নীতিমতে সৈন্য কৰিম প্ৰেৰণ।
অতৰ্কিতে শত্ৰুভাবে মিত্ৰৰাজ্যল’ই?”
 বাষ্পৰুদ্ধ কণ্ঠে দিলে বদনে উত্তৰ,–
“আপুনি স্বয়ং ৰজা, প্ৰতিভূ বিভুৰ,
সম্মুখত থিয় হ’ই ধৰ্ম্ম সাক্ষী কৰি,
সাক্ষী কৰি চন্দ্ৰ-সূৰ্য্য, গগন-পৱন,
সাক্ষী কৰি অন্তৰ্য্যামী হৃদয়-দেৱতা,
কওঁ মই সত্য মোৰ প্ৰতিটো আখৰ।
নহ'লে ইমান দিন কৰি পথশ্ৰম,
অসহ্য যাতনা সহি দুৰ্গম পথত,
নাহিলোঁহেতেন লৰি বিচাৰি আশ্ৰয়।
শুনিছে সকলো কথা, বুজিছে নিজেই
কিদৰে আৱদ্ধ ৰজা আপোন কক্ষত ,
ৰুদ্ধ পথ অভিজ্ঞান-পত্ৰ-প্ৰেৰণৰ।
বিশ্বাসী জনৰ মুখে মৌখিক সংবাদ
জনোৱাত বাজে অন্য নাছিল উপায়।
ৰাজ সমীপত মোৰ যিবা নিবেদন
কৰক বিশ্বাস, সেয়ে উক্তি ভূপতিৰ।
সিকাৰণে সানুনয়ে কৰিছোঁ মিনতি,⸺
মনৰ সন্দেহ এৰি, এৰি দ্বিধা ভাব,
কৰক পূৰণ বাঞ্ছা স্বৰ্গদেৱতাৰ।”
 “কৰা নাই অবিশ্বাস”—বুলিলে ৰজাই,
“উঠিছে হিয়াত ঢ’উ সমবেদনাৰ
শুনি দুৰ্দ্দশাৰ কথা অসম-ৰাজৰ।

[ ১০৮ ]

তথাপি নোৱাৰোঁ মই ৰাজনীতি মতে
কোনো পক্ষ স্বেচ্ছাক্ৰমে কৰিব গ্ৰহণ,
যাবৎ নোলায় স্পষ্ট বিৰোধৰ হেতু।
তথাপি কুটুম্ব বুলি নিৰপেক্ষভাবে
দিব পাৰোঁ এটি দল সৈন্য-সেনানীৰ,
পাৰে যদি ল’ব ভাৰ পৰিচালনাৰ;
পাৰে যদি নিজে আৰু কৰিব বহন
অস্ত্ৰ-শস্ত্ৰ, খাদ্য-দ্ৰব্য, যান-বাহনৰ
সকলো দায়িত্বসহ সামৰিক ব্যয়।”
 বদনে উত্তৰ দিলে,-“উত্তম প্ৰস্তাব,
মোৰো তো প্ৰাৰ্থনা সেয়ে। মোৰ নেতৃত্বত
চলিব লাগিব সেনা বিনা প্ৰতিবাদে,
সকলো দায়িত্ব মই কৰিম গ্ৰহণ;
কৰিম বহন ব্যয় লাগিব যিমান।
কাৰ্য্যান্তত পুৰস্কৃত কৰি সেনাদল,
পঠিয়াম পায় যাতে নিৰ্ব্বিঘ্নে স্বদেশ।
নালাগে অধিক সেনা, মাত্ৰ দুহেজাৰ
দিয়ে যদি সৈন্য বাছি বাছকবনীয়,
দিয়ে পানি সেনাপতি দুই তিনি জন,
সেয়েই যথেষ্ট হ’ব, পাৰিম তাৰেই
কৰি মোৰ কাৰ্য্যোদ্ধাৰ স্থাপিব ৰজাক।”
 “ভাল তেন্তে, সেয়ে হ’ব,”—বুলিলে ৰজাই,
পাব সৈন্য দুহেজাৰ যুদ্ধত নিপুণ,
অধীনত সুনিপুণ তিনি ফুকনৰ;

[ ১০৯ ]

শুভাশুভ, লাভালাভ, জয়-পৰাজয়,
নেতৃত্ব, কৰ্ত্তৃত্ব কিম্বা পৰিচালনাৰ,
একোৰে দায়িত্ব কিন্তু না থাকিব মোৰ;
অকলে আপনি হ’ব দোষ-গুণ-ভাগী।”
 মনোমত প্ৰতিশ্ৰুতি পায় নৃপতিৰ
অঠাই পানীত যেন ভুৰৰ সন্ধান,
জ্বলিল হিয়াত পুনু বৰফুকনৰ
নিৰাশাই নুমুওৱা আশাৰ প্ৰদীপ।
প্ৰকাশি মনৰ ভাব ক’লে,—“মহাৰাজ,
পৰম কৃতাৰ্থ হ’লোঁ কৰি কৃপালাভ।
লভি এই প্ৰীতি-ভৰা পৰম কৰুণা,
কৃতজ্ঞতা-পাশে-বন্ধা ৰ’ব চিৰকাল
অসমৰ নৰ-নাৰী, অসম-ঈশ্বৰ।
তাত বাজে কিবা দিম যোগ্য প্ৰতিদান!”
 হৰিষ মনেৰে ক’লে ব্ৰহ্ম-নৃপতিয়ে,—
“তুচ্ছ ভাবোঁ ধন-ৰত্ন, পাৰ্থিব সম্পদ,
পাওঁ যদি প্ৰতিদান প্ৰীতি অন্তৰৰ।”
 “কি দৰে জনাম প্ৰীতি?”—সুধিলে বদনে।
ক্ষন্তেক মনতে গুণি কলে ব্ৰহ্মৰাজে,—
“সততে সৌহাৰ্দ্দ্য আছে অসম-ব্ৰহ্মৰ,
হ’ব সি সুদৃঢ় যদি বিবাহ-বন্ধনে
দুয়ো ৰাজ-পৰিবাৰ একত মিলায়।
অসম নাৰীৰ দৰে ধন্যা ৰূপে-গুণে
দেখা নাই ক’তো, কাকো লক্ষ্মী-স্বৰূপিণী।

[ ১১০ ]

কিশোৰী কুমাৰী এটি আহোম ৰজাৰ
প্ৰীতিৰ চানেকিৰূপে পালে উপহাৰ,
বাঢ়িব আভাৰ আভা, লভিম সন্তোষ;
স্থায়ী হ’ব মৈত্ৰীভাব উভয় ৰাজ্যৰ।”
উৎসাহেৰে দিলে তাৰ বদনে উত্তৰ,—
“পৰাক্ৰমী ব্ৰহ্মৰাজে কৰিব গ্ৰহণ
ৰাজকন্যা অসমৰ,—সি যে অনুগ্ৰহ
অসমৰ প্ৰতি; মানিম সৌভাগ্য আমি।
প্ৰাচীন সম্বন্ধ পুনু হ’ব ঘনীভূত,
কৰিব দুগুণে দৃঢ় প্ৰীতিৰ বন্ধন।
প্ৰতিশ্ৰুতি দিলোঁ মই, পূৰিব কামনা।”
 বদনৰ কথা শুনি ব্ৰহ্ম-নৃপতিৰ
আহিল যৌৱন ঘূৰি, হ’ল প্ৰতিভাত
মানস-প্ৰতিমাখনি কল্পনা চকুত।
আনন্দ-অধীৰ হ’ই কৰিলে অৰ্পণ।
বদনক অঙ্গীকৃত সৈন্য-সেনাপতি।
ইমান দিনত দেখি সিদ্ধিৰ সূচনা,
লভিলে বদনে যেন নতুন জীৱন;
অধীনত ৰাখি মান সেনা-সেনাপতি
শিকালে যুদ্ধৰ ৰীতি নিজা প্ৰণালীত।
যুদ্ধৰ সম্ভাৰমানে কৰিলে যোগাৰ;
গোটালে যুদ্ধৰ অস্ত্ৰ, পাথেয়, বাহন,
যিবা লাগে কৰি ব্যয় সঞ্চিত সম্পদ।
 পূৰ্ণ কৰি আয়োজন, চাই শুভক্ষণ,

[ ১১১ ]

বদনে বোৱাই অশ্ৰু কৃতজ্ঞ নেত্ৰৰ,
ভিক্ষা কৰি শুভাশীষ ৰাজ-দম্পতীৰ
সানুনয়ে পুত্ৰসহ মাগিলে মেলানি।
ৰূপহী লাগিল লগ পুনু ছদ্মবেশে।
মহোল্লাসে সমদলে জয়ধ্বনি কৰি
ঊনবিংশ শতিকাৰ হ’ই বিভীষণ,
কৰিলে বদনে যাত্ৰা বিজাতিক ল’ই
শত্ৰুৰূপে বীৰদাপে নিজ গৃহল’ই।
আত্মকৃত মহাপাপে হ’ই মূৰ্ত্তিমান
নুবুজিলে স্বৰ্ণভূমি কৰিব শ্মশান;
নেদেখিলে ভবিষ্যৎ স্বাৰ্থান্ধ নয়নে।

———

ত্ৰয়োদশ সৰ্গ।

 যদিওবা চন্দ্ৰকান্ত ৰজা অসমৰ,
চন্দ্ৰৰ সদৃশ মাত্ৰ আপোন কক্ষত
আলোকিত সহস্ৰাংশু মন্ত্ৰীৰ তেজত।
শাসনৰ জটিলতা, দায়িত্ব কঠোৰ,
প্ৰজাৰ মনৰ গতি, মতি বিষয়াৰ,
একোৰে সম্যক বোধ নাছিল ৰজাৰ।
পূৰ্ণানন্দ একমাত্ৰ ৰাজ্যৰ ধৰণী,—
সুচতুৰ, কৰ্ম্মযোগী, নীতিত কুশল,
মহা পৰাক্ৰমী, ধীৰ, সমৰ-নিপুণ,

[ ১১২ ]

শাসনত অদ্বিতীয় অসম সন্তান।
দূৰতে নিয়াই মাৰ বিপদৰ ঢ’উ,
পালিছিল পিতৃৱৎ সমূহ প্ৰজাক;
হ’ইছিল শ্ৰদ্ধাস্পদ সমস্ত দেশৰ।
কিন্তু এটি দোষ,—চন্দ্ৰত কলঙ্ক যথা,—
আছিল মন্ত্ৰীৰ। ৰজা হোক, প্ৰজা হোক,
হোক কৰ্ম্মচাৰী, কিম্বা নিজ পৰিজন,
কাৰো প্ৰতি অন্তৰত নাছিল বিশ্বাস;
ৰাখিছিল পিচে পিচে অগণন চৰ,
কিজানিবা কোনো জন হয় স্বেচ্ছাচাৰী,
শত্ৰুৰ লগত নতু কৰে বা মন্ত্ৰণা!
শয়নে-সচিতে, কিম্বা আহাৰে-বিহাৰে
ৰাজ্যৰ ভাবনা যেন জীৱন মন্ত্ৰীৰ।
ফল হ’ল তাৰ,—নোলাল দ্বিতীয় জন
পাৰিব যি তেওঁ বিনে গুৰি ব’ঠা ধৰি
শাসনৰ চলাব তৰণী। আন ফালে
দিন-ৰাতি কৰি গুৰু শ্ৰম, স্বাস্থ্য-ভগ্ন
কৰিলে নিজৰ। বদন পলাই পুনু
বঢ়ালে উদ্বেগ, দুগুণে বঢ়ালে কাম;
নাৰাখিলে বিশ্ৰামৰ ক্ষন্তেকো সময়।
তথাপিও অবিচল ৰাখি মনোবল,
অদ্যাপি বিচৰা নাই শয্যাৰ আশ্ৰয়।
 এদিন কটকী আহি চিংফৌ ৰজাৰ
সবিনয়ে নিবেদিলে প্ৰধান মন্ত্ৰীক,—

[ ১১৩ ]

“আহিছে ব্ৰহ্মৰ পৰা সজ্জিত বাহিনী।
বুজা যায় আক্ৰমণ কৰিব অসম।
আগতে জাননী দিছে আমাৰ ৰজাক,
নাই বুলি শত্ৰুভাব চিংফৌৰ লগত;
লাগে হেনো অসমত প্ৰৱেশৰ পথ।
শুনা যায়, অসমৰ কোনোবা যোদ্ধাই
লইছে নেতৃত্ব এই মানবাহিনীৰ।
যদিও চিংফৌৰ সন্ধি ব্ৰহ্মৰ লগত,
তথাপিও কৰি ভয় আমাৰ ৰজাই
গোপনে জাননী দিছে ডাঙৰীয়াল’ই।
ন’উ হওঁতেই পাৰ সীমাৰ পৰ্ব্বত
দিয়ে যদি বাধা ল’ই এটি সেনাদল,
সাধ্য নাই—বাঢ়ে আগ, প্ৰবেশে অসম;
নাথাকিব বিপক্ষৰ—ছিন্ন-ভিন্ন হ’ই—
পলায়ন বিনে অন্য ৰক্ষাৰ উপায়।
যদিহে আদেশ দিয়ে শত্ৰু ভেটিবৰ,
তাৰো বাবে আছে সাজু চিংফৌ-নৃপতি।
নিবেদিলোঁ বাৰ্ত্তা মোৰ, কৰক আদেশ।”
 ক্ষন্তেক নিৰলে ভাবি বুলিলে মন্ত্ৰীয়ে,—
“জনাব ৰজাক মোৰ শত ধন্যবাদ।
সুখী হলোঁ পাই চিন পৰম মিত্ৰ।
কিন্তু নাই প্ৰয়োজন শত্ৰু ভেটিবৰ
অতৰ্কিতে অকালত পথৰ মাজত।
কৰে যদি পলায়ন, ৰক্ষা পৰে প্ৰাণ,

[ ১১৪ ]

ৰই যাব ভবিষ্যৎ আশঙ্কাৰ বীজ।
নিশ্চিত বিশ্বাস মোৰ আহিছে বদন
দেশদ্ৰোহী, কুলাঙ্গাৰ, পৰপদলেহী
বিদেশী অৰাতি ল’ই জন্মভূমিল’ই।
বিচাৰি ইমান দিনে নাপালোঁ সম্ভেদ,
নিজেই আহিছে চাপি, নোৱাৰোঁ এৰিব,
নিদিওঁ সুযোগ তাক পুনু পলাবৰ।
আহক নিশ্চিন্ত হই, হক অগ্ৰসৰ।
চৌপাশে অভেদ্য ব্যুহ কৰিম ৰচনা,
নাৰাখোঁ কেনিও পথ পলায়নল’ই;
স্বহস্তে কৰিম বন্দী যুদ্ধৰ ক্ষেত্ৰত।
পৃষ্ঠ ৰক্ষা কৰিবৰ হ'লে প্ৰয়োজন,
সময়ত সুনিৰ্দ্দিষ্ট পাব বিজ্ঞাপন।
জনাব ৰজাক, লভিলোঁ পৰম প্ৰীতি
এই সৌজন্যত। থাকে যেন প্ৰীতি এই
চিৰকালল’ই।”
 মেলানি মাগিলে দূতে।
পূৰ্ণানন্দ লাগি গ'ল পাহৰি ভাগৰ,
পাহৰি স্বাস্থ্যৰ কথা, পাহৰি বিশ্ৰাম,
বদনক ধৰিবৰ পূৰ্ণ উদ্যোগত।
নহয় শিলেৰে গঢ়া, মানুহৰ দেহা;
কিমান টানিব আৰু। সহিব কিমান!
বিচাৰিলে শ্ৰান্ত দেহে শয্যাৰ আশ্ৰয়।
তিন দিন আজি তেওঁ নৰিয়া পাটীত।

[ ১১৫ ]

সকলোৱে যথাসাধ্য কৰিছে যতন।
ৰাজমাৱে নিজ হাতে কৰিছে শুশ্ৰষা,
ঔষধ দিছেহি নিজে বেজবৰুৱাই।
ৰোগৰ লক্ষণ দেখি দিছে উপদেশ
ল’বল’ই নিৰুদ্বেগে সম্পূৰ্ণ বিশ্ৰাম।
কিন্তু তাক পূৰ্ণানন্দে শুনিও নুশুনে;
ৰাজ্য যে নচলে তেওঁ ৰ’লে বিশ্ৰামত।
যদিও অস্থিৰ দেহ ৰোগ-যন্ত্ৰণাত,
ডাঁৰৰ বাতৰি ডাঁৰে লইছে তথাপি;
কৰিছে ব্যৱস্থা যিবা পাটীৰে পৰাই।
 এদিন কটকী আহি দিলেহি বাতৰি,⸺
“আহিছে বদন ল’ই অগণন সেনা
মানৰ দেশৰ পৰা, সীমা পাৰ হ’ই;
পাইছেহি ঘিলামৰা কৰি পয়োভৰ।”
 বাৰ্ত্তা শুনি পূৰ্ণানন্দ গৰজি উঠিল,⸺
“কি! কি! পাপী কুলাঙ্গাৰ আহিছে বদন
আপোন ইচ্ছাতে চাপি মৃত্যু-মুখল’ই।
অতি শুভ বাৰ্ত্তা, শুনি প্ৰাণ পুলকিত!
কিন্তু হায়! বন্দী মই নৰিয়াপাটীত!
নোৱাৰিলোঁ যাব নিজে ৰণক্ষেত্ৰল’ই।
অতিকে দুৰ্ভাগ্য মোৰ, সৌভাগ্য শত্ৰুৰ।
আনা মাতি ৰাজখোৱা গগৈক বেগাই,
এই মুহূৰ্ত্ততে মোৰ আদেশ শুনাই।”
 দূত-মুখে বাৰ্ত্তা পাই আহিল গগ’ই,

[ ১১৬ ]

দণ্ডৱতে ৰ’ল কৰি প্ৰতীক্ষা আদেশ।
পূৰ্ণানন্দে দেখি ক’লে,-“শুনা ৰাজখোৱা,
আহিছে স্বদেশদ্ৰোহী পাষণ্ড বদন
মানৰ সাহায্য ল’ই, ৰাজ্য ল’বল’ই,
পাইছেহি ঘিলামৰা পাইছোঁ বাতৰি।
ভাবিছিলোঁ তাক মই নিজ হাতে ধৰি,
পাপৰ জোখাৰে কৰি শাস্তিৰ বিধান
দেখুৱাম পৰিণাম দেশ-দ্ৰোহিতাৰ।
কিন্তু মোৰ দুৰদৃষ্ট! ৰলোঁ বন্দী হই,
বঢ়াই শত্ৰুৰ তেজ,নৰিয়া-পাটীত।
সিকাৰণে যোগ্য বুলি তোমাৰ কান্ধত
সমপিলোঁ বদনক ধৰিবৰ ভাৰ।
যোৱাঁ তুমি অবিলম্বে শত্ৰু-অভিমুখে
সুশিক্ষিত সুসজ্জিত সেনাদল ল’ই,
যুঁজি সিংহ-বিক্ৰমেৰে, দলি শত্ৰুদল,
আনি দিয়াঁ বদনক বধ্য পশু যেন
বন্দী কৰি সন্মুখত মোৰ। আৰু শুনা,⸺
কৰি যদি অৱহেলা নিজ কৰ্ত্তব্যত
নোৱাৰা সাধিব কাম, নাহিবা উলটি।
ৰাখিবা মনত, দিওঁ পুনু সোৱঁৰাই⸺
ৰণত বিমুখ হ'লে নিশ্চিত মৰণ।’’
 মন্ত্ৰীৰ আদেশ মানি, নকৰি পলম,
বিৰাট বাহিনী ল’ই, কৰি জয়ধ্বনি,
কৰিলে গগৈয়ে যাত্ৰা শত্ৰু-অভিমুখে।

[ ১১৭ ]

ঘনে ঘনে বাৰ্ত্তা ল’ই, কৰি ছটফট,
কৰচি কৰচি দাঁত কণ্টক শয্যাত
পৰি ৰ'ল পূৰ্ণানন্দ সৰ্প বিষহীন।
 এদিন দুদিনক’ই আৰু সাত দিন
পাৰ হ’ল; উপশম নহ'ল ৰোগৰ।
বাঢ়িল বিকাৰ দিনে, হল শঙ্কান্বিত
আত্মীয়-স্বজন, ৰজা, বিষয়াসকল।
নাই ক্ষুধা, নাই তৃষ্ণা, নাই নিদ্ৰালেশ,
প্ৰলাপতো ৰাজনীতি, যুদ্ধৰ ব্যৱস্থা,
দেশদ্ৰোহী বদনৰ বিচাৰৰ কথা।
বিচাৰে সুস্থিৰ হ'লে ৰণৰ সংবাদ,
কৰ্ত্তব্যৰ নিৰ্দ্ধাৰণ কৰে বিষয়াৰ;
কঠোৰ আদেশ দিয়ে প্ৰতি জনে জনে
ৰ’বল’ই দিন-ৰাতি নিজ নিয়োগত
তৎপৰ, পাহৰি দুখ, ভাগৰ বিশ্ৰাম।
বিকাৰত একোবাৰ উঠে জঁপিয়াই
ভীষণ চীৎকাৰ কৰি, তুলি তৰোৱাল;⸺
“নৰাধম! এইবাৰ কল’ই সাৰিবি!
আজি তোৰ প্ৰায়শ্চিত্ত দেশদ্ৰোহিতাৰ।”
অৱস্থা বিষম দেখি বেজবৰুৱাই।
এৰা নাই দিন ৰাতি সন্নিধি শয্যাৰ।
 সিদিনা কটকী আহি জনালে সংবাদ,⸺
“হাৰিল আমাৰ সেনা, পৰিল ৰণত;
বন্দী হ’ল সেনাপতি শত্ৰুৰ হাতত।

[ ১১৮ ]

পালেহি চৰাইদেউ বিজয়ী বদন।”
 শুনি হ’ল পূৰ্ণানন্দ উন্মাদৰ দৰে,
বিকাৰত ৰক্ত চক্ষু ৰক্তজবা-প্ৰায়,
ভ্ৰূকুটি-কুটিল নেত্ৰ, বিকৃত বদন।
বিকৃত স্বৰেৰে ক'লে,—“যাম ৰণল’ই
নিজে আজি; নৰাধম কুলৰ কলঙ্ক
বদনক হত্যা কৰি আপোন হাতেৰে,
বুকু ছিৰি উলিয়াই হৃৎপিণ্ড তাৰ,
খণ্ড খণ্ড কৰি মাংস ল'ম প্ৰতিশোধ।”
—তুলি ল'লে তৰোৱাল উত্তেজিত হই,
ৰাখিব খুজিলে ধৰি পৰীয়াসকলে;
সভয়ে বুজনি দিলে বেজবৰুৱাই।
পূৰ্ণানন্দে হকা-বধা একোকে নামানি,
ক’লে উত্তেজিত হ’ই,—“অসম্ভব কথা।
চেনেহৰ জন্মভূমি ল’বহি শত্ৰুৱে
আৰু মই পৰি ৰ'ম শীতল পাটীত!
নোৱাৰে কদাপি হ’ব, যাম ৰণল’ই।”
—দেহৰ সমস্ত শক্তি কৰি একেলগ,
একে ডেৱে শয্যা এৰি নামিল ভূমিত;
ঘূৰাই শাণিত অসি হ’ল অগ্ৰসৰ;
নহল সাহস কাৰো কাষ চাপিবৰ॥
কিন্তু ই নিৰ্ব্বাণমুখী আলো প্ৰদীপৰ;
ক্ষন্তেক পিচতে হ’ল অচল চৰণ;
থৰকবৰক দেহে শক্তি হেৰুৱাই

[ ১১৯ ]

ধৰণীত লভিলে আশ্ৰয়। বন্ধ হ'ল
হৃদযন্ত্ৰ, ৰুদ্ধ হ’ল গতি ধমনীৰ।
সকলোৱে ধৰি-মেলি শষ্যাত শুৱাই
উৎকণ্ঠাৰে যথাসাধ্য কৰিলে শুশ্ৰুষা,
কিন্তু হায়! নুঘূৰিল চেতনা মন্ত্ৰীৰ;
অপূৰ্ণ বাসনা ৰ’ল অচল হিয়াত।
ততালিকে দুঃসংবাদ বিজুলী-বেগেৰে
বিয়পিল দশোদিশ, বিলাপৰ ধ্বনি
উঠিল নগৰ জুৰি। বিনালে প্ৰজাই,—
“বিপন্ন দেশক এৰি ঘোৰ সঙ্কটত
অতৰ্কিতে মহাযাত্ৰা কৰিলে মন্ত্ৰীয়ে;
উদ্ধাৰিব কোনে আৰু এই দুৰ্য্যোগত!
ভৰা নাও ভাহি যাব, নাই গুৰিয়াল,
মাৰ যাব অসমৰ সৌভাগ্যৰ বেলি।”

 

চতুৰ্দ্দশ সৰ্গ।

 পূৰ্ণানন্দ মন্ত্ৰী যেৱে গ’ল স্বৰ্গী হ’ই
জনমভূমিক এৰি ৰণ-সমুদ্ৰত,
—পণ্যভৰা তৰী যথা অতল সিন্ধুত
কাণ্ডাৰী-বিহীন,—ৰুচিনাথে ল’লে ভাৰ

[ ১২০ ]

পিতৃ-কৰ্ত্তব্যৰ। কিন্তু এই দুৰ্য্য়োগত
শোকে-দুখে ম্ৰিয়মাণ প্ৰধান মন্ত্ৰীয়ে
নেদেখিলে কোনো ফালে উদ্ধাৰৰ পথ;
ক'লে,—স্বৰ্গদেৱ, অসম্ভব বৰ্ত্তমানে
কৰা প্ৰতিৰোধ বিপক্ষৰ আক্ৰমণ।
পিতৃৰ শোকত মোৰ মস্তিষ্ক দুৰ্ব্বল;
বুজি ল’ই ৰাজকাৰ্য্য়, ধন-জন-বল,
কৰোঁতে কাৰ্য্যৰ দিহা লাগিব সময়।
শত্ৰু তো নাথাকে ৰ’ই আমাৰ কাৰণে।
পৰাজয় অনিবাৰ্য্য় নেৰিলে নগৰ।
সিহেতু প্ৰস্তাব মোৰ—ল’ই দল-বল,
যিবা আছে ধন-ৰত্ন ৰাজ ভঁৰালত,
যাওঁ আমি ভটিয়াই গুৱাহাটীল’ই
তাতেই পিতৃৰ শ্ৰাদ্ধ কৰি সমাপন,
কৰি লগ নামনিৰ বৰুৱা-ফুকন,
যুদ্ধৰ বিপুল ভাবে কৰি আয়োজন,
আহিম উজাই ল’ই সুনিশ্চিত জয়।
মোৰ মতে নাই আৰু ইয়াৰ বাহিৰে
আত্মৰক্ষা কৰিবৰ দ্বিতীয় উপায়।
সাজু হোক স্বৰ্গদেৱ; সময় তাকৰ,
ভাবি-চিতি কটাবৰ নাই অবসৰ।”
 স্বৰ্গদেৱে চিন্তা কৰি ক’লে গহীনাই,—
“মই কওঁ ডাঙৰীয়া! নহব উচিত
শত্ৰু দেখি ৰাজ্য এৰি কৰা পলায়ন,

[ ১২১ ]

ৰক্ষীহীন কৰি এৰি নিমাখিত প্ৰজা,
ঘৰ-বাৰী ধন-জন, অতুল বিভৱ।
প্ৰাণৰ নিমিত্তে যাম পলৰীয়া হ’ই।
কদাপি নোৱাৰে হ’ব, নক’ব দুনাই।
এনে কাপুৰুষ হ’ই নধৰোঁ জীৱন।
তাতক’ই মৃত্যু ভাল শত্ৰুৰ হাতত।”
 শুনি কথা ৰুচিনাথে গুনিলে মনত,—
আছিল বদন লিপ্ত ৰজাৰ লগত
সতৰামৰ চক্ৰান্তত বিৰুদ্ধে পিতাৰ।
এতিয়াও কিজানিবা একে মন্ত্ৰণাৰে
আহিছে বদন ল'ই মানৰ বাহিনী।
সিহেতু ৰজাৰ নাই মনত সংশয়,
নোখোজে আঁতৰি যাব এৰি ৰাজধানী!
যদি সেয়ে হয়, তেন্তে এই অভিযান
ৰজাৰ সপক্ষে, মাত্ৰ বিপক্ষে আমাৰ।
ভাবি তাকে চিনাথে ক'লে—“স্বৰ্গদেৱ।
জানে নিজে বদনৰ শত্ৰুতাৰ কথা
আজীৱন স্বৰ্গগত পিতাৰ লগত;
সিকাৰণে স্বৰ্গদেৱ হলেও অমত,
বাধ্য মই যাবল’ই গুৱাহাটীল’ই
অবিলম্বে ভ্ৰাতৃসহ এৰি ৰাজধানী।
সম্প্ৰতি শত্ৰুৰে আমি নোৱাৱোঁ যুঁজিব;
দিন পালে ক্ষণ পাম, পাম মনোবল,
শত্ৰুৰ সন্মুখ হ’ম ল’ই ৰণ-বল;

[ ১২২ ]

উদ্ধাৰিম মাতৃভূমি কৰি শত্ৰু ক্ষয়।
যদিহে নামানে যুক্তি স্বৰ্গদেৱতাই,
নিতান্ত নোখোজে যাব আমাৰ লগত
তেনেহলে অনিচ্ছাতো মাগিলোঁ বিদায়।”
 স্বৰ্গদেৱে পূৰ্ব্বৱতে দিলে সমিধান,—
“যিবা ইচ্ছা কৰা তাকে, নকৰোঁ বাৰণ।
এটি মাত্ৰ কথা মোৰ,—গলেও জীৱন,
নলৰোঁ এখোজো এই নগৰৰ পৰা।
 ৰজাৰ কথাত হু’ই ভগ্ন-মনোৰথ,
ৰুচিনাথে কৰি সেৱা স্বৰ্গদেৱতাক
অনিৰ্দ্দিষ্ট কালল’ই মাগিলে বিদায়।
ঘৰত আলচ কৰি সাতো ভায়ে মিলি ,
যিবা পাৰে ধন-ৰত্ন চপাই-কোঁচাই,
লগত এদল ল’ই বিশ্বাসী বিষয়া,
মেলি দিলে লুইতত ভটিয়নী নাও,
জিঘাংসু শত্ৰুৰ পথ কৰি পৰিষ্কাৰ।
ইফালে বদনে বাৰ্ত্তা শুনিলে যেতিয়া
নাই বুলি পূৰ্ণানন্দ ইহ জগতত,
পালে এটি অন্তৰত দাৰুণ আঘাত,
নুপূৰিল সাঁচি থোৱা মনৰ কামনা।
ক’লে নিজে,—“পূৰ্ণানন্দ! ফাঁকি দিলি মোক:
ভাবিছিলোঁ দিম তোক যমৰ যাতনা,—
বধিলি যিমান জন যিমান শাস্তিৰে,
দিম তোক সকলোটি এটি এটিক’ই।

[ ১২৩ ]

কাণ কাটি, চকু কাঢ়ি, কাঢ়ি আঠু-ঘিলা,
চমটাৰে কৰি তোৰ পিঠি ছিৰাছিৰ,
মাগুৰ মাছৰ দৰে কচি হাত-ভৰি,
তপত খাৰণি ঢালি জীয়াতু ভুঞ্জাম,
তিল তিল কৰি তোৰ টুটাম আয়ুস।
সাৰিলি নাৰকী তই, ৰক্ষা পালি মৰি,
নাপালোঁহি, নোৱাৰিলোঁ প্ৰতিজ্ঞা পূৰাব।
তথাপিও প্ৰতিশোধ ল’ম অন্যৰূপে,
নথওঁ এজনো তোৰ বংশত জীয়াই,
নৰয় এজনো যাতে পিণ্ড দিবল’ই।”
 স্বৰ্গী হ’ল পূৰ্ণানন্দ, ৰাজ্য বিশৃঙ্খল,
ভ্ৰাতৃসহ ৰুচিনাথে এৰিলে নগৰ;
নাই বাধা, বদনৰ পথ পৰিষ্কাৰ;
আগুৱালে স্ফীত হই বিজয়-গৰ্ব্বত।
পঠালে গোপনে পত্ৰ স্বৰ্গদেৱল’ই,—
“আহিছে অধম ভৃত্য স্বৰ্গদেৱতাৰ,
অচিৰে জনাব সেৱা শ্ৰীচৰণত।
অপৰাধ হলে কিবা কৰিব মৰ্ষণ।”
 নিৰ্ব্বিৰোধে বাঢ়ি আগ বিজয়ী বদনে
পাতিলে চাউনি পাই ভোগদই তীৰ।
তাতে এৰি সেনাদল, নল’ই জিৰণি,
দেহৰক্ষী মাত্ৰ ল’ই ওলাল বদন
পাবল’ই চন্দ্ৰকান্ত সিংহৰ সাক্ষাৎ।
তাৰো আগে ৰূপহীয়ে এৰি দলবল,

[ ১২৪ ]

বিজুলী সঞ্চাৰে আহি ধৰি নিজ বেশ,
প্ৰবেশিল অকল’ই ৰজাৰ চ’ৰাত।
ৰজাক জনাই সেৱা ক'লে,-“স্বৰ্গদেৱ।
যি মহা উদ্দেশ্য ল’ই ওলালোঁ বাহিৰ,
জীৱনৰ মায়া এৰি ধৰি ছদ্মবেশ,
অসাধ্য সাধিলোঁ ঘূৰি দেশ-দেশান্তৰ,
হ’ব জানো সিদ্ধি লাভ সেই উদ্দেশ্যৰ?
পাৰিব নে দিব মোক প্ৰাপ্য পুৰস্কাৰ?”
 ঢাকিলে ৰজাৰ মুখ বিষাদ-ছায়াই,
হৰিল মুখৰ মাত, ৰ’ল অধোমুখে।
আশঙ্কাত ৰূপহীৰ কঁপিল অন্তৰ;
বুকু ভাঙ্গি ব’লে শ্বাস হ’ই খৰতৰ।
কঁপা মাতে পুনয়ায় ক'লে,-“স্বৰ্গদেৱ।
একেষাৰ কথা মাত্ৰ, এটি সমিধান।
লাগে মোক, নাভাৰিব হ’ই নিৰুত্তৰ-
জীৱন-দেৱতা মোৰ আছে নে কুশলে?”
 তথাপি নিমাত ৰজা, নুতুলিলে মূৰ।
ৰূপহী অধীৰা হই উন্মাদিনী-প্ৰায়
ক'লে,-“তেন্তে স্বৰ্গদেৱ, স্বামী মোৰ নাই?”
 উচুপি ৰজাই ক'লে,-“নাই! নাই! নাই!
ফলিয়ালে তোমাৰেই ভবিষ্যৎ বাণী;
দুমাহ আগতে বন্ধু হ’ল স্বৰ্গবাসী।”
 ৰূপহীয়ে ক'লে,-“উস! এয়েহে আছিল!
আৰু তেন্তে ৰূপহীৰ কিবা প্ৰয়োজন!

[ ১২৫ ]

জীৱন-সমস্যা আজি হ’ল সমাধান;
নাই ঠাই ৰূপহীৰো এই মৰতত।
নোৱাৰে হেৰাব মোৰ প্ৰাণৰ দেৱতা,
উলিয়াম সিপুৰীতো লৰি পিচে পিচে।
যাওঁ, যাওঁ বেলি হ’ল; মাগিলোঁ বিদায়।”
 নকৰি অপেক্ষা কোনো সমিধানল’ই,
বাউলী ৰূপহী যেন উৰি গুচি গ’ল,
কোনে জানে কোন পথে, কোন লোকলই!
 নিমাত-নিবোল হই বিমূঢ় ৰজাই
মচিলে চকুলো মাত্ৰ পথল’ই চাই।
এনেতে বদন আহি হ’ল উপস্থিত।
ৰজাক জনাই সেৱা ধৰি চৰণত।
উচুপি উচুপি ক'লে কাহিনী নিজৰ;
অসম এৰাৰে পৰা বৰ্ত্তমানল’ই।
অন্ত কৰি বৰ্ণনাৰ ক'লে,-“স্বৰ্গদেৱ!
ভাষা নাই বৰ্ণাবৰ ভুঞ্জিলোঁ যি দুখ
শাৰীৰিক মানসিক দূৰ প্ৰবাসত।
আকৌ ঘূৰিম বুলি নাছিল ভাৰসা।
পৰম সৌভাগ্য মোৰ সফলতা ল’ই,
পালোঁহি চৰণ দেখা স্বৰ্গদেৱতাৰ।
ভৃত্য বুলি সেৱকক নিদিব নে ঠাই?”
 মুগ্ধ হ’ল স্বৰ্গদেৱ; বুলিলে বচন
দুয়ো হাতে বদনক তুলি আকোঁৱালি,—
“নকৰা ফুকন! শোক, হোৱা হ’ই গ'ল,

[ ১২৬ ]

কুশলে আহিলা ঘূৰি লভিলোঁ সন্তোষ।
অৰ্পিলো তোমাক ভাৰ প্ৰধান মন্ত্ৰীৰ;
বিশৃঙ্খল ৰাজ্য পুনু শৃঙ্খলা লগাই
কৰা দিহা যথাৱতে ৰাজ্য-শাসনৰ।”
 পূৰ্ণ হ’ল মনোৰথ, মিলিল আনন্দ
বদনৰ; মুহূৰ্ত্ততে হ’ল অন্তৰ্দ্ধান—
শ্ৰান্তি-ক্লান্তি, দুখ-তাপ, অশান্তি-বেজাৰ।
ক’লে পুনু,—“স্বৰ্গদেৱ! কৃতাৰ্থ মানিলোঁ,
লভি এই অযাচিত ৰাজ-অনুগ্ৰহ;
কিন্তু এটি নিবেদন আছে শ্ৰীপদত,—
দিছোঁ মই প্ৰতিশ্ৰুতি ব্ৰহ্ম-নৃপতিক
দিম বুলি ৰাজকন্যা এটি অসমৰ,
সাহায্যৰ প্ৰতিদান, চিনাকি প্ৰীতিৰ।
কৰে যদি দয়া কৰি ব্যৱস্থা ইয়াৰ,
স্থায়ী হ’ব মৈত্ৰী ভাব দুখনি দেশৰ।”
“ভাল কথা,”—স্বৰ্গদেৱে কৰিলে উত্তৰ।
“হেমো আইদেউ নামে বগাকোৱঁৰৰ
আছে সম্প্ৰদান যোগ্যা ৰূপহী কুমাৰী
তেওঁকেই দিম দান সালঙ্কৃতা কৰি।”
 সুখী হ’ল উত্তৰত বদন ফুকন।
ৰজাৰ আদেশ মতে ঘাই মন্ত্ৰী হ’ই,
ধৰিলে ৰাজ্যৰ গুৰি সুদৃঢ় মুঠিৰে,
কৰি ল’ই আগোৱাল মান সেনাদল।
চন্দ্ৰকান্ত পূৰ্ব্বৱতে থাকিল শুৱাই

[ ১২৭ ]

অসমৰ সিংহাসন পূৰ্ব্বজ্যোতিহীন।
বদনে বিষয় ল’ই কৰিলে নিঃশেষ
শত্ৰু বুলি যাৰ প্ৰতি আছিলে সন্দেহ;
পালে মানে নগৰত স্বৰ্গীয় মন্ত্ৰীৰ
আত্মীয়, কুটুম্ব, বন্ধু কিম্বা পৰিজন,
নাৰী ভিন্ন কোনো জন নথ’লে জীয়াই।
মনোৰম বাসগৃহ স্বৰ্গীয় মন্ত্ৰীৰ
হ’ল আজি বদনৰ বিলাস-ভবন।
দেখি-শুনি নাবাধিলে একোতে ৰজাই।
বদনৰ ৰুচিমতে কৰিলে সংস্কাৰ
শাসনৰ, পাতি ল’ই নতুন বিষয়া;
শূন্য ৰ'ল মাত্ৰ বুঢ়াগোহাঁইৰ আসন।
বদনৰ কথামতে ৰুচিনাথল’ই।
অবিলম্বে স্বৰ্গদেৱে পঠালে সংবাদ,—
তুৰন্তে উলটি আহি বাব ল’বল’ই।
কিন্তু তাত ৰুচিনাথ নহল সন্মত,
ভাবিলে মনত—নাই ৰজাতো সঁজাত
কি জানি ই বদনৰ প্ৰতাৰণা জাল
ল’বল’ই প্ৰতিশোধ ওচৰ চপাই!
সিহেতু নাহিল তেওঁ গুৱাহাটী এৰি,
কৰি ভয় বদনক ধৰা দিবল’ই;
নাৰাখিলে অনুৰোধ স্বৰ্গদেৱতাৰ।
বদনে তথাপি শূন্য ৰাখিলে আসন
দেখুৱাই উদাৰতা, ৰুচিনাথল’ই।

[ ১২৮ ]

 ইদৰে সকলো দিহা কৰি শাসন,
সকলো ক্ষমতা ল’ই নিজৰ মুঠিত,
খুজিলে বদনে দিব মানক বিদায়।
আনিলে মানক মাতি, পাতি দৰবাৰ;
সকলোৰে যথাৰীতি জনালে ওলগ
স্বৰ্গদেৱতাক। সকলোৰে মন পূৰি,
ধন-ৰত্ন স্বৰ্গদেৱে দিলে উপহাৰ।
শ্ৰেষ্ঠ উপহাৰ দিলে বডোয়াফাল’ই
সালঙ্কৃতা ৰাজকন্যা হেমো সুন্দৰীক।
হয়-হস্তী, ধন-ৰত্ন, সামগ্ৰী বিবিধ,
লগুৱা-লিগিৰী বহু দিলে যৌতকত।
লভি প্ৰীতি, ৰাখি খ্যাতি, ল’ই ধন-জন,
ল’ই স্নেহ সম্ভাষণ মন্ত্ৰী-ভূপতিৰ,
অন্তৰত অসমৰ সুখ-স্মৃতি-চিন,
আনন্দৰ কিৰিলিৰে জয়ধ্বনি কৰি
উলটিল মানসেনা নিজ দেশলই।

পঞ্চদশ সৰ্গ।

 অসীম শকতিশালী হ’ই অসমত,
ল’ই অভিনব পদ মন্ত্ৰী ফুকনৰ,
উঠি ৰজা হই ৰাজ্য চলালে বদনে ,
বহি ৰজা চন্দ্ৰকান্ত থাকিল পাটত।

[ ১২৯ ]

যদিওবা আৰম্ভণ নতুন শাসন
অত্যাচাৰ, উৎপীড়ন, হত্যা, লুণ্ঠনেৰে,
তথাপিও পূৰ্ণানন্দ মন্ত্ৰীৰ পাচত
নাছিল দ্বিতীয় জন বদনৰ সম
শাসন-নীতিত বিজ্ঞ, সমৰ-নিপুণ।
লাগিছিল ধীৰে ধীৰে শৃঙ্খলা ৰাজ্যত
পৰিছিল চকা-মকা শান্তিৰ পোহৰ,
বদনৰ প্ৰাণপণ চেষ্টাৰ ফলত।
কিন্তু এই শান্তি মাত্ৰ দৃশ্য বাহিৰৰ,
অন্তৰ আগ্নেয়গিৰি আছিল গুমৰি
ৰ'ই উদগীৰণলই বিতুষ্ট প্ৰজাৰ।
ঘাইকই ৰাজমাৱে পালে যি আঘাত
স্বৰ্গীয় মন্ত্ৰীৰ দেখি সমস্ত বংশত
বদনৰ অত্যাচাৰ নৃশংস নিৰ্ম্মম
ৰ'ল সি বিচাৰি চল প্ৰতিশোধল’ই।
মুখেৰে মিতিৰ পাতি বদনেৰে স'তে
তলে তলে ৰাজমাৱে জোঙালিলে হুল
লবল’ই প্ৰতিশোধ, ল’ই সংগোপনে
আপ্তজন ধনী বৰবৰুৱা-প্ৰধান।
বহুদিন চেষ্টা তাৰ চলিল গোপনে
নোৱাৰিলে কোনোমতে লভিব সুফল।
এদিন আদৰ কৰি মাতি পিয়লীক
ৰাজমাৱে ভালমতে কৰাই ভোজন,
পাতি পাতি নানা কথা দেশ-বিদেশৰ,

[ ১৩০ ]

হঠাৎ সভয়ে ক'লে কথাৰ মূৰত,—
"সমস্ত দেশৰে আজি সম্পদ-বিপদ
যোঁ‌টা আছে পিতাৰাৰ ভাগ্যৰ লগত,
কিন্তু মোৰ জাগি আছে আশঙ্কা মনত,
—অকাৰণ বৈৰী বহু আছে পিতাৰাৰ,
কোনে জনে কিবাৰূপে কিবা অমঙ্গল
হঠাৎ ঘটাই যদি মন্ত্ৰী ফুকনৰ,
তেনেহ'লে অসমৰ মিলিব মৰণ
আঠো প্ৰহৰতে যেন থাকে সাৱধানে।”
 পিয়লীয়ে হহি ক'লে—“নিশ্চিন্ত থাকক
পিতাৰ নিমিত্তে নাই ভয়ৰ কাৰণ।
যথেষ্ট পিতাৰ গাত আছে তেজবল,
সদায় লগত থাকে শাণিত কৃপাণ।
তাৰ ওপৰত আছে মন্ত্ৰপূত বিৰি,
শকতিত অতীতৰ স্যমন্তক মণি;
অস্ত্ৰ-শস্ত্ৰ একোৱেই নোৱাৰে ভেদিব,
কোনো অৱস্থাতে ক'তো নিমিলে বিঘিনি।
 ৰা'জমাৱে ক'লে,-“চিন্তা তথাপি নাতৰে
নিশ্চয় শয্যাত বিৰি থয় সোলোকাই;
তেতিয়া গোপনে শত্ৰু চাপে যদি কাষ,
কিদৰে কৰিব ৰক্ষা নিজৰ জীৱন?"
 পুনৰ্ব্বাৰ হাহি মাৰি ক'লে পিয়লীয়ে,⸺
“ৰাজমাও দেউতাৰ ভাবনা অলীক,
পিক পিতাৰ স্বাৰ্থ নালাগে বুজাব।

[ ১৩১ ]

নেৰে তেওঁ কদাচিতো বিৰি তৰোৱাল
শয়নে-সচিতে কিম্বা ভোজনে-ভ্ৰমণে।
শোচৰ বেলিকা মাত্ৰ এৰে এক্ষন্তক।
তেতিয়াও ওচৰতে থয় সোলোকাই
সযতনে সন্তৰ্পণে শৰাই ভৰাই,
পাৰে যাতে শুচি হৈয়ে পিন্ধিব পুনৰ।”
 সুখী হ’ল ৰাজমাও শুনি বিবৰণ;
পিয়লীক ক'লে,-পালো পৰম সন্তোষ,
এতিয়াহে দুৰ্ভাবনা গুচিল মনৰ।”
 ক’ই গ'ল পিয়লীয়ে যাবৰ বেলিকা,
“আপোন বুলিহে মই কলো আপোনাক,
চব যেন ফুট তাৰ কোনেও নাপায়।”
 “নালাগে শিকাব মোক,”-ক'লে ৰাজমাৱে,
“নহওঁ নিঃকিন মই কৰ্ত্তব্য-জ্ঞানত।”
 পিয়লী গ’লত ভাবি ক্ষন্তেক নিৰলে,
ৰাজমাৱে কৰি নিজ সঙ্কল্প ঠাৱৰ
ধনী বৰবৰুৱাক অনালে মতাই;
গোপনে বিবৰি ক'লে পিয়লীৰ কথা,
কৰিলে লগতে ব্যক্ত গুপ্ত অভিপ্ৰায়,⸺
"মাতিলোঁ‌ তোমাক বৰবৰুৱা যিহেতু
কোৱাৰ আগতে তুমি বুজিছা নিশ্চয়।
জানা তুমি বদনক নকৰিলে বধ
প্ৰাণৰ হেৰোৱা শান্তি নাহিব দুনাই;
সিকাৰণে উলিওৱা শৌচৰ সময়

[ ১৩২ ]

গোপনে সন্ধান কৰি। সেই সময়তে
কৰাব লাগিব তাক গোপনে নিধন।
তেহে হ’ব প্ৰায়শ্চিত্ত দেশদ্ৰোহিতাৰ ,
ওলাব বিশাল মোৰ শেল হৃদয়ৰ।”
 আদেশ শিৰত লই বৰবৰুৱাই,
সুচতুৰ অনুগত ৰিপুৱা লগাই
লাগি গ'ল গুপ্তভাবে অনুসন্ধানত
মহাবল বদনৰ দুৰ্ব্বল ক্ষণৰ।
শেহত এদিন পাই সঠিক সংবাদ,
ৰাজমাও দেউতাক জনালে গোপনে
নিজে ল’ই তত্ত্ব তাৰ, সন্দেহ গুচাই।
 ৰূপচিং নামে এক শিখ চুবাদাৰ
আছিল সাহসী, বলী সৈন্যৰ দলত।
ৰাজমাৱে দূত পাচি মতালে গোপনে;
ধনীৰ ইঙ্গিত পাই আহিল সৈনিক।
বিবৰিলে ৰাজমাৱে উদ্দেশ্যৰ কথা,-
“চুবাদাৰ! বীৰ তুমি, মাতিলোঁ তোমাক,
কওঁ বুলি এটি অতি গোপনীয় কথা,-
কোৱাঁ‌ মোক পাৰিবা নে ৰাখিব বিশ্বাস।
 শুনি কলে ৰূপচিঙে—“পাৰিম নিশ্চয়।
বিশ্বাসৰ কথা মোৰ সোমালে হিয়াত
নোৱাৰিব কোনো কালে ওলাব বাহিৰ।”.
 “শুনা তেন্তে”-ৰাজমাৱে বুলিলে বচন,
“জানা তুমি পূৰ্ণানন্দে কেনে দক্ষতাৰে

[ ১৩৩ ]

ভগা ৰাজ্য নিজ হাতে গঢ়িলে পুনৰ;
জানা আৰু মৰ্ম্মব্যথা নোপোৱাহেতেন
মন্ত্ৰীবৰে অকস্মাৎ ৰোগৰ শয্যাত,
নহ'লহেতেন এনে অকাল মৰণ।
মন্ত্ৰীৰ লগতে গ’ল মুক্তি অসমৰ।
আন ফালে স্বাৰ্থপৰ, দ্ৰোহী স্বদেশৰ
বিজাতিৰ পদলেহী বদন ফুকন
জীয়াই থাকিলে আৰু নিজীয়ে ইজাতি।
তুমি যোদ্ধা, তুমি বীৰ স্বাধীন জাতিৰ,
বুজা তুমি স্বাধীনতা দেৱ-আশীৰ্বাদ;
তোমাৰো জড়িত ভাগ্য অসমৰে স'তে।
সিকাৰণে সানুনয়ে কৰোঁ‌ অনুৰোধ
অসমবাসীৰ হকে,—কৰাঁ‌ উপকাৰ;
বধ কৰি বদনক উদ্ধাৰাঁ‌ অসম।”
 ভূমি ছুই, কাণ ঢাকি ক'লে ৰূপচিঙে,-
“ক্ষমিব দাসক মাতৃ, ধৰোঁ‌ চৰণত,
অসম্ভব কাৰ্য্যভাৰ নিদিব কান্ধত।
মই তো নহওঁ ভৃত্য ব্যক্তি-বিশেষ,
ভৃত্য সাম্ৰাজ্যৰ। ৰজা মন্ত্ৰী যেয়ে হোক,
নিবিচাৰি ভাল-মন্দ পালিম আদেশ।
ভৃত্য হ'ই লম অস্ত্ৰ বিৰুদ্ধে প্ৰভুৰ।
নুচটাৰ আৰু তেনে পাপ কাৰ্য্য ল'ই।
 ৰাজমাৱে বাৰে বাৰে বুজালে বিস্তৰ;
যুক্তি দিলে নানাভাবে বৰবৰুৱাই,-

[ ১৩৪ ]

“চুবাদাৰ! চোৱা ভাবি থাকিলে বন
মানৰ অবাধ গতি থাকিব সদায়;
কঢ়িয়াব বাৰে বাৰে দেশৰ সম্পদ,
উদং কৰিব তলি ৰাজ-ভঁ‌ৰালৰ।
নাপালে ঈপ্সিত ধন কিবা ছলনাৰে
সিংহাসন-সহ ৰাজ্য কৰিব লুণ্ঠন।
বদনৰ তিৰোভাবে মানৰ পথত
তোমাকো শকতি দিব বাধা জন্মবৰ,
অসমৰ স্বাধীনতা ৰক্ষা কৰিবৰ।
তুমি শিখ, তুমি যোদ্ধা, তুমি শক্তিমান
অসম সাহসী বুলি আৰ্জ্জিছা সুনাম;
দুগুণে উজ্জল কৰাঁ‌ খিয়াতি তোমাৰ
দেশদ্ৰোহী বদনৰ তেজৰ বোলেৰে,
নাম ৰাখাঁ‌ বুৰঞ্জীত যুগমীয়াক’ই।
 ৰূপচিঙে ক'লে,-“ৰাখি হিয়াত বিশ্বাস,
বীৰ বুলি যদি মোক ধৰিছে লেখত,
বীৰৰ কাৰ্য্যত মোক নকৰি নিয়োগ,
খোজে কিয় দিব ছাপ কাপুৰুষতাৰ?
নোৱাৰিম কোনোমতে পালিব আদেশ,
বিচাৰক অন্য জন, ক্ষমিব দাসক।”
 ৰাজমাৱে পুনৰ্ব্বাৰ ক'লে দৃঢ়স্বৰে,
“চুবাদাৰ! অনুৰোধ নাৰাখিলা মোৰ;
শুনা তেন্তে এইবাৰ আদেশ কঠোৰ,-
দিলোঁ যিবা কাৰ্য্যভাৰ কান্ধত তোমাৰ

[ ১৩৫ ]

ল’বই লাগিব তাক বিনা প্ৰতিবাদে,
পালিব লাগিব তাক আখৰে আখৰে;
পাবা তাৰ পুৰস্কাৰ বিপুল সম্পদ।
নহলে পুনৰ যদি কৰি পিচ ভৰি,
উলঙ্ঘা আদেশ মোৰ, মৰণ তোমাৰ।
ধীৰ ভাবে কোৱা ভাবি ল’বা কোন পথ।"
 ভয়, লোভ, আশঙ্কাত হেৰুৱাই মোৰ
নেদেখি উপায় একো ক'লে ৰূপচিঙে,
“ললোঁৱেই বাৰু এই দায়িত্ব ভীষণ
সামান্য শিয়াল হ'ই সিংহ আক্ৰমণ।
কৰিম বিৰূপে? পুৰস্কাৰ ল’ব কোনে,
হেৰুৱাওঁ‌ যদি মোৰ নিজৰে জীৱন?”
 ক'লে বৰবৰুৱাই—“নকৰা সংশয়।
জানো মই অস্ত্ৰপাণি অবধ্য বদন,
জানো আৰু কোন বেলা থাকে অস্ত্ৰহীন।
ভয় নাই, যাম ময়ো লগতে তোমাৰ।”
 আৰু তো উপায় নাই! বহু গুণি-গাধি
নিৰুপায় ৰূপাচঙে জনালে সম্মতি।
অযাচিতে সৈনিকক যাচি ধন্যবাদ,
ৰাজমাৱে বিৰিঙালে সন্তোষৰ হাঁহি।
 পিচ দিনা শৌচাচাৰ সমাপি বদনে
লইছিল মাটি-পানী নিশ্চিন্ত মনে;
এনেতে জনালে সেৱা বৰবৰুৱাই।
আহি সম্মুখৰ ফালে সম্ভ্ৰম দেখাই।

[ ১৩৬ ]

বিধি-বহিভূত-ভাবে এনে অস্থানত
সাক্ষাতৰ প্ৰয়োজন নুবুজি বদনে
সুধিলে উদ্দেশ্য কিবা বৰবৰুৱাৰ।
হঠাৎ পিচৰ পৰা অলক্ষিতে আহি
তাঁ‌ৰবেগে ৰূপচিঙে কৰিলে প্ৰহাৰ
তীক্ষ্ণ অসি লক্ষ্য কৰি কণ্ঠ বদনৰ।
ন'উ দেখোতেই মুখ গুপ্ত ঘাতকৰ
পৰিল বিজয়ী বীৰ মাটিত বাগৰি
তেজেৰে ৰাঙলী কৰি ধৰণীৰ বুকু।
“প্ৰতাৰণা।হত্যা। জন্মি! প্ৰাণৰ পিয়লী।
প্ৰতিশোধ!”-অন্ত কৰি বাণী অন্তিমৰ
ইমানতে, তেজোদীপ্ত দুৰ্জ্জয় বদনে
ইহ জনমৰ বাবে মুদিলে নয়ন,
হৰি শেষ শান্তি-কণা জীৰ্ণ অসমৰ।

ষোড়শ সৰ্গ।

 চন্দ্ৰকান্ত নৃপতিৰ উপেক্ষি আহ্বান।
গুৱাহাটী নগৰত ৰ'ল ৰুচিনাথ
ভ্ৰাতৃস, চিন্তা কৰি দূৰ ভবিষ্যৎ।
অতীত সুৱৰি চাই ক'লে নিজে নিজে,

[ ১৩৭ ]

“নোৱাৰি কৰিব আৰু ৰজাক বিশ্বাস।
যি জন পিতৃয়ে মোৰ শৈশৱৰে পৰা
যান-বাহনতো তুলি নিজৰ কোলাত,
নিজ সন্তানৰ দৰে তুলিলে ৰজাক,
নিজেই দায়িত্ব ল’ই দিলে সিংহাসন,
ষড়যন্ত্ৰ সিজনৰ প্ৰাণ ল’বল’ই।
পাৰিলে কৰিব যেবে দুৰ্জ্জনেৰে মিলি,
নোৱাৰে কি প্ৰতাৰণা কৰিব ৰজাই!
বদন আমাৰ শত্ৰু, আমি বদনৰ,
আত্মীয় কুটুম্ব মোৰ ভস্মীভূত আজি
হিংসাগ্নিত বদনৰ, দেখিছে ৰজাই॥
তথাপি কিদৰে খোজে ৰাখিব মিতিৰ
এনে দুই শত্ৰুৰ মাজত! মিছা কথা!
নিমন্ত্ৰণ নৃপতিৰ ছলনা মাথোন; —
স্নেহৰ বান্ধেৰে খোজে পেলাব ফান্দত।
সম শত্ৰু চন্দ্ৰকান্ত, বদন ফুকন;
এজনকো নিৰাপদে নোৱাৰি এৰিব;
লাগিব লগেৰে হ’ব দুয়োৰে পতন।
বদনক বধি তাৰ তপত তেজেৰে
কৰিব লাগিব স্বৰ্গী পিতৃৰ তৰ্পণ ,
সিংহ আসনৰ পৰা নিৰ্ম্মম হাতেৰে
একেলগে চন্দ্ৰকান্ত সিংহক নমাই
থাপিব লাগিব তাত চাই মনোমত
সুযোগ্য কোঁ‌ৱৰৰ কোনো ৰাজ বঙহৰ।”

[ ১৩৮ ]

 ভাবি তাকে পিতৃশ্ৰাদ্ধ কৰি সমাপন,
কৰি লগ নামনিৰ বৰুৱা-ফুকন,
বিবৰিলে ৰুচিনাথে উদ্দেশ্য নিজৰ,
অৱস্থা বিশদৰূপে কৰি আলোচনা;
সকলোৱে সমৰ্থন কৰিলে প্ৰস্তাব।
তেতিয়া হাতত ল’ই বিষয়াসকল,
লাগি গ'ল ৰুচিনাথ সৈন্য-সংগ্ৰহত।
নিতে ন ন সৈন্য ল'ই নৱ উদ্যমেৰে।
দিয়ালে সমৰ শিক্ষা, কৰিলে নিপুণ
ধনু-কাঁ‌ড়, যাঠি-জোং, হিলৈৰ যুঁজত।
সাজু কৰি সেনাদল, বুজি নিজ বল,
সুদৃঢ় বিশ্বাস ৰাখি কৃতকাৰ্যতাৰ,
বিচাৰিলে ৰুচিনাথে ভাবী নৰপতি,
ৰূপে-গুণে যোগ্য জন ৰাজপাটল’ই।
 বজ্ৰনাথ নামে এক ৰাজবংশধৰ
পৰিনাতি ৰাজেশ্বৰসিংহ নৃপতিৰ,
পাটৰ অযোগ্য হ'ই, হ'ই শ্ৰুতিহীন,
ল’ইছিল চিলমাৰী ঘাটত বসতি,
পুত্ৰসহ পুৰন্দৰ নামে সুকোমল,
দেশ এৰি পূৰ্ণানন্দ মন্ত্ৰীৰ ভয়ত।
পুৰন্দৰকেই কৰি ৰজা মনোনীত,
ৰুচিনাথে অবিলম্বে কৰিলে প্ৰেৰণ
জগন্নাথ নামে এক অনুজ নিজৰ
দূতৰূপে, পত্ৰ সহ চিলমাৰীল’ই।

[ ১৩৯ ]

জগন্নাথে কৰি বজ্ৰনাথেৰে সাক্ষাৎ,
নিবেদিলে লিপিসহ বাৰ্ত্তা সবিশেষ
ভাঙি-পাতি আদি-অন্ত, অৱস্থা ৰাজ্যৰ।
বজ্ৰনাথ হল সুখী শুনি সি সংবাদ,
দেখি সৌভাগ্যৰ হাঁহি কল্পনা-অতীত।
পূৰ্ব্বৰ সঞ্চিত অৰ্থ কৰি বিনিময়,
ল’ই এটি সুগঠিত শিখ সৈন্যদল,
সপুত্ৰে কৰিলে যাত্ৰা গুৱাহাটীল’ই।
ভাবী নৰপতি পাই নিজৰ মাজত।
সৈন্যৰ উৎসাহ, তেজ দুগুণে বাঢ়িল;
নিতকে বঢ়ালে দল নতুন সৈনিকে।
সম্পূৰ্ণ সমৰ-সজ্জা কৰি আয়োজন,
যাত্ৰাৰ কাৰণে সাজু হ’ল ৰুচিনাথ।
পালেহি এনেতে পত্ৰ ৰাজ-জননীৰ,
লিখিছে বিবৰি তাত ৰুচিনাথল’ই,
কিদৰে বদন বধি ল’লে প্ৰতিশোধ,
কিদৰে কান্ধৰ ভূত নমালে ৰজাৰ।
ৰং পালে ৰুচিনাথে শত্ৰু-সংহাৰত,
নাপালে উপায় কিন্তু ঘূৰ যাবল’ই
মিত্ৰভাবে ভূপতিৰ যোৰহাটল'ই,
শত্ৰুভাবে কৰি ল'ই যাত্ৰাৰ উদ্যম।
অগত্যা সঙ্কল্প স্থিৰ ৰাখি ৰুচিনাথে
কৰিলে সদলে যাত্ৰা শুভলগ্ন চাই।
বুদ্ধি কৰি বাটে বাটে সমৰ সম্ভাৰ,

[ ১৪০ ]

কৰি লাভ সমৰ্থন সকলো প্ৰজাৰ,
অবাধে পশিল গ’ই দিচ’ই-কোঁ‌ঠত।
শুনি চন্দ্ৰকান্তসিংহে শত্ৰু-আগমন,
লুকু ডেকাফুকনক সমৰ্পিলে ভাৰ
শত্ৰুৰ হাতৰ পৰা নগৰ ৰক্ষাৰ।
নুবুজি কি হ’ব গতি আঁতৰিল নিজে,
ল’ই নিজ পৰিজন ৰংপুৰণই।
 পৃষ্ঠভঙ্গ নৃপতিৰ শুনি ৰুচিনাথে,
পৰম আনন্দলাভ কৰিলে মনত।
হ’ব বুলি অনায়াসে সিদ্ধ অভিপ্ৰায় ,
নল’ই বিশ্ৰাম, ল’ই নিজ দল-বল,
আক্ৰমিলে বায়ুবেগে ৰজাৰ নগৰ।
বাজিল ৰণৰ বাদ্য, ৰক্ষী সেনাদল
লুকুৰ আদেশ মানি, হ’ল অগ্ৰসৰ
যাৰ যিবা অস্ত্ৰ ল’ই মেদিনী কঁপাই।
লাগিল তুমুল যুদ্ধ, হ’ল হতাহত
অগ্ৰবৰ্ত্তী সেনাদল, উভয় দলৰ।
এনেতে সসৈন্যে কৰি আত্মসমৰ্পণ,
লুকুৱে প্ৰস্তাব দিলে যুদ্ধবিৰতিৰ।
বিশ্বাসঘাতক লুকু! কৰি প্ৰতাৰণা,
—যোগ ৰাখি গুপ্তভাবে শক্ৰৰ লগত,
আঁতৰালে নৃপতিক নগৰৰ পৰা,
কঠোৰ দায়িত্ব ল’ই নগৰ ৰক্ষাৰ।
আছিল উদ্দেশ্য যাতে বিনা ৰক্তপাতে

[ ১৪১ ]

বিনাশ্ৰমে ৰুচিনাথে লভে ৰণ-জয়।
সিহেতু দিলে যি বাধা লোকক দেখাই
নাছিল উৎসাহ তাত, মাত্ৰ অভিনয়।
 অনায়াসে, ৰুচিনাথে লভি ৰণ-জয়,
বন্দী কৰি সৈন্যসহ ডেকা ফুকনক,
ৰাজ্যৰ শৃঙ্খলা-হেতু কৰিলে আহ্বান
মিত্ৰভাবে সকলোৰে সহযোগিতাৰ।
শুনি তাকে পাত্ৰ-মন্ত্ৰী, বৰুৱা, ফুকন
জেতাৰ লগত যোগ দিলে আগ্ৰহেৰে;
নাথাকিল কোনো আৰু ৰজাৰ দলত।
নিৰ্ব্বিবোধে ৰুচিনাথ নিজ ৰুচিমতে
প্ৰবেশিল নগৰত কৰি আড়ম্বৰ।
বিষয়াবৰ্গেৰে স’তে কৰি আলোচনা
পঠিয়ালে আমন্ত্ৰণ স্বৰ্গদেৱল’ই;
জনালে,-“ৰজাই যদি কৰে মনোনীত
পুৰন্দৰ কোঁ‌ৱৰক যুৱৰাজ-ৰূপে,
তেনেহলে পাৰে আহি ল’ব সিংহাসন।
যদিহে নোলটে তেওঁ এই বাৰ্ত্তা পাই,
হেৰুৱাব অধিকাৰ সিংহ-আসনৰ;
হ’ব ৰজা পুৰন্দৰ সৰ্ব্ব সম্মতিৰে।”
 বাৰ্ত্তা পাই স্বৰ্গদেৱে কৰিলে বিচাৰ,
“নাছিল কুভাব মোৰ ৰুচিনথল’ই;
তথাপিও শক্তভাবে ল’ই দল-বল,
ৰজাৰূপে কৰি অন্য জনক বৰণ,

[ ১৪২ ]

আক্ৰমিলে ৰাজধানী বিনা কাৰণত।
পাৰি নে কথাত তাৰ কৰিব বিশ্বাস!
বুজিছোঁ‌ ই ছল মাথোঁ‌ বন্দী কৰিবৰ।
কৰক যি কৰে মই নলওঁ খোজ ,
নিদিওঁ আপুনি ধৰা শত্ৰুৰ হাতত।”
 ইদৰে ৰজাই গুণি হ’ল অনিচ্ছুক
যাবল’ই অনুগ্ৰহ বিচাৰি জেতাৰ;
আপোন ইচ্ছাতে ল’লে বাছি নিৰ্বাসন।
তেতিয়া সমাজ পাতি সৰ্ব্বসম্মতিৰে
⸺কোনেবা বিৰুদ্ধে মাতে বলীৰ কথাত,⸺
ৰুচিনাথে ৰুচিমতে কৰি আভম্বৰ
বহুৱালে পুৰন্দৰ সিংহক পাটত।
পটেশ্বৰী হ’ল কন্যা মৰঙ্গীখোৱাৰ।
ৰুচিনাথ হল নিজে অমাত্য প্ৰধান;
গোপন মন্ত্ৰণাদাতা ৰ’ল বজ্ৰনাথ।
 চন্দ্ৰকান্তসিংহ, নিজ ভাগ্যক ধিয়াই
ৰংপুৰ নগৰতে ৰ'ল নিৰ্ব্বাসিত
সিমানতো বজ্ৰনাথে নাপালে সন্তোষ;
ভাবিলে যদিহে ৰজা থাকে নিৰাপদে
কি জানিবা কেতিয়াবা আচৰে বিদ্ৰোহ।
কিজানিবা ৰাজ্যচুত হয় পুৰন্দৰ!
আছিল বজ্ৰৰ তাতে চন্দ্ৰকান্তল'ই
ব্যক্তিগত ঈৰ্ষা, হিংসা, আক্ৰোশ, বিদ্বেষ।
যদিও আছিল তেওঁ যোগ্য অধিকাৰী

[ ১৪৩ ]

অসমৰ সিংহাসন, ৰাজমুকুট,
তথাপিও পূৰ্ণানন্দে কৰি অবিচাৰ
খেদালে অযোগ্য কৰি কৰি কৰ্ণহীন,
দিবল’ই চন্দ্ৰকান্তসিংহক মুকুট।
সিহেতু ভাবিলে তেওঁ ল’ব প্ৰতিশোধ,-
চন্দ্ৰকান্ত নৃপতিক কৰি অঙ্গক্ষত,
নিৰাশ্ৰয় কৰি এৰি বিজন বনত।
দিলে মত ৰুচিনাথে বজ্ৰৰ মতত।
তেতিয়াই বজনাথে সিদ্ধান্ত জনাই,
মৰঙ্গী খোৱাক দিলে পালনৰ ভাৰ।
মৰঙ্গী খোৱাই ল’ই সশস্ত্ৰ বাহিনী,
অবিলম্বে অবৰুদ্ধ কৰি ৰংপুৰ,
কৰিলে সগৰ্বে বন্দী স্বৰ্গদেৱতাক।
যাৰ চৰণত কৰি অৱনত শিৰ।
সেবিছিল ভৃত্যৰূপে অত দিন ধৰি,
পাহৰিলে শ্ৰদ্ধা আজি সিজনৰ প্ৰতি;
অতিকে নিষ্ঠুৰ ভাবে মৰঙ্গীখোৱাই
পৰিহৰি ভয়, ভক্তি, মনৰ সঙ্কোচ,
নিজ হাতে কৰ্ণচ্ছেদ কৰিলে ৰজাৰ।
কাঢ়ি ল'লে ধন ৰত্ন বস্ত্ৰ-অলঙ্কাৰ,
চক্ৰবৰ্ত্তী ৰজা কৰি পথৰ ভিক্ষুক।
সামান্য দোষীৰ দৰে যোৰহাটল’ই
আনি স্বৰ্গদেৱতাক কৰিলে অৰ্পণ
সবলে নতুন ৰজা মন্ত্ৰীৰ হাতত।

[ ১৪৪ ]

 বন্দী আজি চন্দ্ৰকান্ত নিজ নগৰত।
নিয়তিৰ পৰিহাস! ভ্ৰূকুটি কালৰ!
নিৰ্ব্বাক নিশ্চল হই ৰ'ল নৰপতি।
বন্দী নৃপতিক দেখি ভাবিলে বজ্ৰই,
থাকিলে শত্ৰুৰ শেষ, থাকিব বিপদ,
দেশদ্ৰোহী বুলি কৰি দণ্ড প্ৰাণান্তক
মৰা ভাল ভবিষ্যৎ শত্ৰুতাৰ বীজ।
সেইমতে অনুৰোধ জনালে মন্ত্ৰীক।
নাৰখিলে, ৰুচিনাথে, কৰিলে আদেশ
নিবল’ই নৃপতিক স্থানান্তৰল’ই,
পাৰ কৰি ভোগদ’ই চেৰাই দিচ’ই
তৰাতলী নামে এক বনভূমিল’ই।
চন্দ্ৰকান্ত বন্দী আজি, নহয় নৃপতি।
নাই বেশ, নাই ভূষা, নাই হেংদান,
মুক্ত শিৰ, কৰ্ণহীন, বিকৃত বদন,
পদব্ৰজে নিয়ে বেঢ়ি ৰক্ষী সেনাদলে
ঠিক যেন অপৰাধী বধ্যভূমিল’ই।
হ’ল ৰাজ-সহচৰী ৰজাৰ কুঁ‌ৱৰী,
ৰাজমাও কান্দি গ'ল ৰজাৰ পিচত।
মাতৃৰ বিলাপ শুনি ক'লে স্বৰ্গদেৱে,
“আৰ্জ্জিছা যেতিয়া ফল লাগিব ভুঞ্জিব,
মিঠা হোক, তিতা হোক, হোক প্ৰাণান্তক।
কোন শত্ৰু, কোন মিত্ৰ, নকৰি বিচাৰ,
বদনক কৰি বধ, কৰিলা যি পাপ,

[ ১৪৫ ]

এয়ে তাৰ প্ৰায়শ্চিত্ত, বিধি বিধান।
কি হ’ব বিলাপ কৰি থাকাঁ‌ মনে মনে।
শুনি এই তিৰস্কাৰ পুত্ৰৰ মুখত
উঠলিল শোক-সিন্ধু ভাঙি হৃদি-পাৰ ,
সুৱঁ‌ৰি নিজৰ ভুল উচুপি উচুপি
আগুৱালে ৰাজমাও পুত্ৰৰ লগত।
কালি যাক সেবিছিল সমস্ত ৰাজ্যই
দেখি আজি সিজনৰ ইহেন বিলাই
পাৰিব নে সজ্জনৰ চকু-লো নোলাই!
দৰ্শকৰ সকৰুণ বিননিৰ ঢৌৱে
তুলিলে কঁপাই বায়ু, দুৰ-দূৰণিত
শুনা গল হিয়া-ভগা প্ৰতিধ্বনি তাৰ।

সপ্তদশ সৰ্গ।

 চন্দ্ৰকান্ত নৃপতিৰ পতন-সংবাদ
বদন-বধৰ বাৰ্ত্তা পালে যেবে আভা,
কঁপিল কাৰেঙ উঠি বিননিৰ ঢ'উ।
হেমোৱে ৰিনালে শুনি বিপত্তি ৰজাৰ,
ৰঙ্গিলীয়ে বিয়োগত বদনচন্দ্ৰৰ।
বডোয়াফা মৰ্মাহত শোক-সঙ্ঘৰ্ষত,
ধূমায়িত অন্তৰত ক্ৰোধৰ অগনি;

১০ [ ১৪৬ ]

লাগি তাতে কুৱঁৰীৰ বিননি-বতাহ
জ্বলিল দুগুণে মেলি লেলিহান শিখা।
প্ৰথমতে চাপি কাষ দুয়ো কুৱঁৰীৰ
শুনালে সান্ত্বনা-বাণী—“কান্দিলে কি হব।
বিলাপত কোনো কালে নুঘূৰে অতীত,
নুঘূৰে যি জন গ'ল চিৰকালল’ই;
তথাপি যি আছে তাকে ঘূৰাব লাগিব
বিনাশি শত্ৰুক, ল'ই ক্ৰুৰ প্ৰতিশোধ।”
 কুৱঁ‌ৰীক শান্ত কৰি অশান্ত ৰজাই
আলুংমিঙ্গিক মাতি ক'লে—“সেনাপতি।
শোকৰ বাতৰি পালোঁ‌ অসমৰপৰা,
জ্বলিল পুনৰ তাত কন্দলৰ জুই।
প্ৰথম আহুতি হ’ই হ’ল গতপ্ৰাণ
পৰম সুহৃদ মোৰ বদন ফুকন;
ৰাজ্যভ্ৰষ্ট চন্দ্ৰকান্ত আত্মীয় প্ৰধান।
পুৰন্দৰ নামে ৰজা বহিছে পাটত।
কৰাঁ‌ তুমি আয়োজন অসম-যাত্ৰাৰ
ষোড়শ সহস্ৰ সৈন্য ল’ই অধীনত,
বাছি ল’ই সহকাৰী নিজ ইচ্ছামতে।
অতি শীঘ্ৰে ৰণ-সজ্জা কৰি সমাপন।
হ’ব লাগে উপস্থিত অসম দেশত।
বিদ্ৰোহী দমাই তাত দলি শক্ৰদল,
পুৰন্দৰ নৃপতিক ৰাখি বন্ধনত,
বহুৱাবা চন্দ্ৰকান্তসিংহক পাটত।

[ ১৪৭ ]

বদনৰ শত্ৰু কাকো নথ’বা জীয়াই।
নাৰাখিবা বিদ্ৰোহৰ ফিৰিঙ্গতি-লেশ।
যেতিয়া দেখিবা লুপ্ত অশান্তিৰ চিন,
নিৰাপদ ভবিষ্যৎ ৰজাৰ, ৰাজ্যব,
এৰিব অসম থ’ই ৰজাৰ লগত
সমৰ-নিপুণ চাই সহস্ৰ সৈনিক
পুনৰ বিঘিনি যাতে নঘটে হঠাৎ।”
 নামৰূপবাসী এক ভূঞাৰ পোৱালি
মোমাই বৰুৱা নামে মহাবলশালী।
সম্পৰ্কত চন্দ্ৰকান্তসিংহৰ মাতুল
গ’ইছিল পূৰ্ণানন্দ মন্ত্ৰীৰ কথাত
উদ্ধাৰ কৰিব বুলি বুদ্ধি-চাতুৰ্য্যেৰে
চিংফৌৰ ৰাজ্যত বন্দী অসমীয়া প্ৰজা।
পাইছিল প্ৰতিশ্ৰুতি কৃতকাৰ্য্য হ'লে
পাব তেওঁ নামৰূপ শাসনৰ ভাৰ।
মোমায়ে খটালে নীতি পাৰিলে যিমান,
একোতে উদ্দেশ্য কিন্তু নহ’ল সফল;
লাজ পাই, কৰি ভয় পূৰ্ণানন্দল’ই,
নাহিল উলটি; গ'ল ব্ৰহ্মদেশল’ই।
ব্ৰহ্মত বিষয় ল’ই সৈন্যবাহিনীত,
দেখুৱাই বল-বীৰ্য-বুদ্ধি পৰাক্ৰম,
সীমান্তত কৰি এক বিদ্ৰোহ দমন,
পালে বাব সিস্থানৰে শাসনকৰ্ত্তাৰ।
হ’ইছিল শাসনতে মুগ্ধ ব্ৰহ্মৰাজ।

[ ১৪৮ ]

এতিয়া তেওঁকে মাতি, পাতি সেনাপতি
আলুংমিঙ্গিৰে স’তে সমক্ষমতাৰ,
ক’লে ব্ৰহ্মৰাজে মাতি আলুংমিঙ্গিক,
"লগৰীয়া দিলো এই বীৰ অসমৰ।
জানে তেওঁ বাট-পথ, দেশৰ নিয়ম,
জানে আৰু কোন কেনে যোদ্ধা অসমৰ ,
সিকাৰণে নকৰিবা নকৰি আলচ
কোনো কাম, আগ ধৰি মোমাইৰ লগত।
ইয়াৰ অন্যথা হ'লে নহ’ব মঙ্গল।
 আলুংমিঙ্গিয়ে পাই ৰজাৰ আদেশ
লাগি গ’ল উদ্যোগত সমৰ-যাত্ৰাৰ।
মোমাইৰ লগত মিলি ল'লে বাছি সেনা,
ল’লে আৰু তিনি জন পালি সেনাপতি,
বজুফায়া, চেক আৰু সজাতি ফুকন।
ৰণৰ সম্ভাৰ ল'লে যাক যেনে লাগে
কাঁ‌ড়-ধনু, খড়গ-যাঠি, হিলই-বাৰুদ।
আহাৰ সামগ্ৰী ল'লে,-চাউলৰ ভাৰ,
শুকান মঙহ আৰু গৰু-গাহৰিৰ।
চুঙাই চুঙাই ল'লে ফটিকা ভৰাই,
ধপাত, কানিৰ টেম ল’লে জোলোঙাত।
ইদৰে সম্পূৰ্ণ কৰি সজ্জা সমৰৰ,
আৰম্ভ কৰিলে যাত্ৰা শুভক্ষণ চাই,
কঁপাই পৰ্ব্বত বন জয়ধ্বনি কৰি।
হাঁহি-মাতি গীত গাই নাচি উলাহত,

[ ১৪৯ ]

আগুৱালে মান-সেনা ভাঙি হাবি-বন,
চকুৰ আগত ল’ই সোণালী জেউতি
অসমৰ ধন ৰত্ন, নৱ যুৱতীৰ।
দিনৰ দিনটো গই দুৰ্গম পথত,
ৰাতিত জিৰণি লয় মুক্ত প্ৰান্তৰত;
কেতিয়াবা শিলাময় গিৰি-শিখৰত।
ইদৰে বহুতো দিন দিনে আগ বাঢ়ি
উপস্থিত হ’ল মান অসম-প্ৰান্তত।
 অকস্মাৎ জুই দেখি দূৰ পৰ্ব্বতত
ল’ই তাৰ আঁতি-গুৰি চোৰাংচোৱাই
বুজিলে আহিছে মান—শত্ৰু অসমৰ;
দিলে বাৰ্ত্তা ততালিকে প্ৰধান মন্ত্ৰী।
আগতে আশঙ্কা কৰি শত্ৰু-অভিযান
আছিল সজাগ হ’ই মন্ত্ৰী ৰুচিমাথ;
এতিয়া বাতৰি পাই নকৰি পলম।
পঠালে সসৈন্যে ভ্ৰাতৃ মৰঙ্গিখোৱাক
ভেটিবৰ বাবে শক্ৰ প্ৰবেশ-পথত।
সদৰ্পে মৰঙ্গিখোৱা হ’ল অগ্ৰসৰ
ওঠৰ হেজাৰ ল’ই সুশিক্ষিত সেনা;
কৰিলে প্ৰতিজ্ঞা শত্ৰু কৰিব নিৰ্ম্মল,
নাৰাখিব এটি মানো বাৰ্ত্তা দিবল’ই।
 ঘিলামৰা, লাদৈগড়, দীঘলীঘাটৰ
ক্ষুদ্ৰ বাধা অতিক্ৰমি মানসেনাদল
শূলপাণিছিগা পাই ৰ'ল কোঁ‌ঠ মাৰি।

[ ১৫০ ]

মৰঙ্গিখোৱাৰ সেনা হ’ল সম্মুখীন;
লাগিল তুমুল ৰণ উভয় দলৰ।
প্ৰলয়-মেঘৰ দৰে হিলৈৰ গৰ্জ্জন,
সৈনিকৰ ধৰ-মাৰ, বিকট চীৎকাৰ,
আহতৰ আৰ্ত্তনাদ, সঙ্ঘৰ্ষ অস্ত্ৰৰ,
—সকলো একত্ৰে মিলি কৰিলে সঘনে
বিকম্পিত বনভূমি, আকাশ মণ্ডল।
বহুকাল আক্ৰমণ চলিল সমানে,
হ’ল বহু হতাহত উভয় দলৰ,
তথাপি নহ’ল কাৰো জয়-পৰাজয়।
এনেতে মুংকাং নামে মানৰ নায়ক।
আহিল সসৈন্যে খেদি দেখাই বিক্ৰম,
হুহঁকিল ভীত হ’ই অসমৰ সেনা।
চুবাদাৰ ৰঘুবৰে নোৱাৰি সহিব,
অকলে সোমাল গ’ই শত্ৰুৰ মাজত।
ঘোৰাৰ পিঠিত উঠি বিজুলী-বেগেৰে,
ধ্বংসি নিলে শত্ৰু-সেনা তীক্ষ্ণ খাণ্ডা ধৰি।
তাকে দেখি মুংকাং হ’ই সম্মুখীন,
মাৰিলে সুতীক্ষ্ণ শেল ৰঘুবৰল’ই;
ৰঘুবৰে দক্ষতাৰে এৰাই আঘাত,
একে ঘাপে মূৰ তাৰ পেলালে মাটিত।
প্ৰশংসিলে শত্ৰু-মিত্ৰ সকলোৱে দেখি৷
বধ কৰি সেনাপতি ল’ই নাম-যশ,
ভেদ কৰি ৰঘুবৰে ব্যুহ বিপক্ষৰ,

[ ১৫১ ]

পুনৰ ল’লেহি ঠাই নিজৰ দলত।
দেখি মানসেনাদল হ’ল আতঙ্কিত
উৎসাহত আগুৱালে অসমীয়া সেনা।
এইবাৰ আলুংমিঙ্গি হ’ল অগ্ৰসৰ
ক্ষিপ্ৰ অস্ত্ৰ-চালনাৰে অৰাতি সংহৰি,
বঢ়াই দুগুণে সাহ সন্ত্ৰস্ত সেনাৰ;
ভয়ত বিহ্বল হ’ল অসমৰ সেনা।
সমৰ-ক্ষেত্ৰৰ পৰা বহুত দূৰত
নিজৰ দোলাত বহি ৰেহ ৰূপ চাই।
আছিল মৰঙ্গিখোৱা আদেশ শুনাই,
মনতে সাব্যস্ত কৰি সুনিশ্চিত জয়।
এতিয়া যুদ্ধৰ গতি দেখি বিপৰীত,
দেখি তাতে পৰাক্ৰম আলুংমিঙ্গি,
হেৰাল মনৰ সাহ, আশা বিজয়ৰ;
পলাল সকলো এৰি উভতি নাচাই।
দেখি ভঙ্গ অকস্মাৎ মৰঙ্গিখোৱাৰ,
ছত্ৰভঙ্গ হ’ল যত অসমীয়া সেনা;
কোনোবা পলাল, কোনো পৰিল ৰণত।
আলুংমিঙ্গি জয়ী হ’ল; ক’লে যুদ্ধ জিনি,-
“এনেকুৱা সাহিয়াল ইমান নিপুণ
অস্ত্ৰ শস্ত্ৰ চালনাত অসমীয়া সেনা,
থকা হ'লে সেনাপতি যোগ্য নেতৃত্বৰ
পৰাজয় অনিবাৰ্য্য আছিল আমাৰ।
দেশত সকলো আছে, নাই গুৰিয়াল,

[ ১৫২ ]

কি যে হায়! শোচনীয় দুৰ্ভাগ্য দেশৰ।*
 ৰণৰ অশুভ বাৰ্ত্তা পাই ৰুচিনাথে
মানৰ নিশ্চিত জয় কৰি অনুমান,
কৰি পৰামৰ্শ বজ্ৰনাথৰ লগত
বিচাৰিলে ভবিষ্যৎ কৰ্ত্তব্যৰ পথ।
ভাবি-চিন্তি দুয়োজনে নাপালে বিচাৰি
পলায়ন বিনে আন ৰক্ষাৰ উপায়।
তেতিয়াই ৰুচিনাথে ৰাজধানী এৰি
ভটীয়ালে ভ্ৰাতৃসহ গুৱাহাটীল’ই।
বজ্ৰনাথ, পুৰন্দৰ উঠিল নাৱত
বান্ধি ল’ই ধন-ৰত্ন ৰাজভঁৰালৰ,
শূন্য কৰি অসমৰ ৰাজ-সিংহাসন,
সোণৰ অসম এৰি শত্ৰুৰ হাতত।


 

অষ্টাদশ সৰ্গ।

 ৰুচিনাথ, পুৰন্দৰ পলাল যেতিয়া
এৰি অৰক্ষিত পুৰ প্ৰাণৰ ভয়ত,
নাথাকিল কোনো বাধা শত্ৰুৰ পথত।
নেদেখি যুদ্ধৰ ক’তো কোনো আয়োজন,

[ ১৫৩ ]

শুনি পলায়ন বাৰ্ত্তা বিপক্ষ দলৰ,
আলুংমিঙ্গি লগই দিচ’ই কোঁঠত।
নিৰ্বাসন বিবৰণ শুনি সবিশেষ
চন্দ্ৰকান্ত নৃপতিৰ, নল’ই বিশ্ৰাম,
সুসজ্জিত ৰাজযোগ্য যান-বাহনেৰে
ৰজাক ৰিচাৰি গ'ল সসৈন্যে মোমাই।
অতিক্ৰমি বহুপথ, ভাঙি হাবি-বন,
তৰাতলী অৰণ্যত, জীৰ্ণ কুটীৰত
মোমায়ে দৰ্শন পালে স্বৰ্গদেৱতাৰ,-
ভস্মৰ স্তূপত যেন স্বৰ্ণ কণ্ঠহাৰ।
যথাৰীতি ৰাজযোগ্য সম্মান জনাই,
বিবৰি সকলো বাৰ্ত্তা যুদ্ধ-বিগ্ৰহৰ,
ৰণভঙ্গ বিপক্ষৰ, উদ্দেশ্য নিজৰ,
পুলকিত ভূপতিক সদলে আদৰি,
তুলিলে মোমায়ে আনি সজ্জিত ঘোৰাত;
নিজ হাতে ৰাজ-ছত্ৰ ধৰিলে শিৰত।
আগুৱালে সমদলে আবেগ-অধীৰ,
স্বৰ্গদেৱ কোঁঠল’ই ধীৰ গতি ধৰি।
ৰাজমাও, ৰাজপত্নী, ৰজাৰ ভগিনী
দাসী-পৰিবৃতা হ’ই উঠিল দোলাত।
আগতে জাননী পাই আলুংমিঙ্গিয়ে
পঠালে এদল সৈন্য বাদ্য-ভণ্ড-সহ,
ৰজাক দূৰৰে পৰা আদৰিবল’ই।
সৈন্যদলে যথাযোগ্য সম্ভ্ৰম জনাই,

[ ১৫৪ ]

ৰজাক বঢ়ালে আগ নিলগৰ পৰা
ৰজাই সঘনে বাদ্য, কৰি জয়ধ্বনি।
 ৰজাক আদৰি আনি, ল’ই সম্মুখত,
প্ৰবেশিল আলুংমিঙ্গি ৰাজ নগৰত।
গোটাই নগৰবাসী, পুৰণি বিষয়া,
পাতি মহোৎসৱ, থাপি ৰজাক পাটত
পুনৰায়, ব্ৰহ্মৰাজ-প্ৰতিনিধিৰূপে।
জনালে ৰজাক সেৱা আলুংমিঙ্গিয়ে।
চন্দ্ৰকান্তে লভি ব্ৰহ্মৰাজৰ কৃপাত,
নিজৰ হেৰোৱা ৰাজ্য, ৰাজসিংহাসন,
ল’লে ঠাই পুনৰ্ব্বাৰ নিজ ভবনত।
বছি ল’ই মনোমত নতুন বিষয়া,
পুনৰ ধৰিলে গুৰি শাসন-তৰীৰ।
 ইফালে নাৱেৰে গ’ই গুৱাহাটী পাই,
ৰুচিনাথ বজ্ৰনাথে আলচি বিস্তৰ,
কৰিলে যোগাৰ তাত নতুন যুদ্ধৰ,
গোটাই নিপুণ সেনা দেশ-বিদেশৰ।
ৰণৰ আহিলা-পাতি ভোজন-সম্বল
কৰিলে যুগুত কৰি শ্ৰম, অৰ্থব্যয়।
প্ৰথম আহোঁতে মান হ’ই সেনাপতি
যি জনে সংগ্ৰাম কৰি মানৰ লগত
বন্দী হই ভুঞ্জিছিল অশেষ লাঞ্ছনা,
সেই গগৈয়েই আজি ভাগ্যৰ বলত
কৰিছে বিষয় ভোগ বৰফুকনৰ।

[ ১৫৫ ]

তেওঁকেই ৰুচিনাথে ভাবি যোগ্যজন,
পাতি ঘাই সেনাপতি সমৰ্পিলে ভাৰ
খেদাবৰ হেতু শত্ৰু অসমৰ পৰা।
গগৈয়ে আনন্দচিত্তে ল’ই কাৰ্য্যভাৰ,
পূৰ্ণ উদ্যমেৰে কৰি পূৰ্ণ আয়োজন,
কৰিলে সসৈন্যে যাত্ৰা শত্ৰু-অভিমুখে।
 অভিযান-বাৰ্ত্তা পাই বৰফুকনৰ,
ভাগ কৰি মানসেনা ৰ’ল এভাগেৰে
নিজে হ’ই আলুংমিঙ্গি নগৰ-ৰখীয়া,
বজু ফায়া, সজাতিক ল’ই অনুচৰ।
মোমায়ে কৰিলে যাত্ৰা ল’ই বাকীভাগ,
চেকক লগত ল’ই বিপক্ষে শত্ৰুৰ।
বাটতে দিলেহি যোগ মটক সেনাই॥
দিনে দিনে আয়তন বঢ়াই সেনাৰ,
দিনে দিনে জয় আশা কৰি দৃঢ়তৰ,
চাপিল মোমাই গ’ই কলঙৰ কাষ;
দেখি সুৰক্ষিত স্থান ৰ’ল কোঁঠ মাৰি।
 শুনি শত্ৰু আগমন, খাগৰীজানত
কোঁঠ মাৰি, বেহু পাতি হিল’ই সজাই,
খালচীক পাতি নেতা হিল’ইদাৰীৰ,
গগ’ই অপেক্ষা কৰি ৰ'ল শত্ৰুল’ই,
সাজু হ’ই কলঙৰ উত্তৰ পাৰত।
 সুযোগ অপেক্ষা কৰি কে’বাদিনল’ই।
ৰ’ল দুয়ো দল সেনা দুকাষে নদীৰ,

[ ১৫৬ ]

নকৰি কোনেও কাকো খেদি আক্ৰমণ।
শেষত অতিষ্ঠ হ’ই চেক-সেনাপতি,
কাপ্তান গোহাঁই আৰু নেওগ ফুকন
উত্তৰিল সৈন্য-সহ উত্তৰ কূলত।
দেখি গ'ল চাৰিঙ্গীয়া গোহঁয়ো লগত।
 বাজিল ৰণৰ বাদ্য গ’গৈৰ কোঁঠত,
উঠিল শোণিত নাচি সেনাৰ সিৰত;
উলাহত অস্ত্ৰ ল’ই হ’ল অগ্ৰসৰ,
সঘনে কঁপাই বায়ু তুলি জয়ধ্বনি।
ততালিকে খালচীয়ে মাৰিলে হিল’ই,
উঠিল ভীষণ ধ্বনি গুড়ুম্‌ গুড়ুম্‌;
ধুপ-ধাপ মানসেনা পৰিল বাগৰি।
দিলে তাৰ প্ৰত্যুত্তৰ চেকৰ সেনাই।
হ’ল যুদ্ধ গুৰুতৰ, হ’ল হতাহত
উভয় দলৰ যোদ্ধা সীমা-সংখ্যাহীন।
খালচীৰ নেতৃত্বও হিল’ইদাৰীয়ে
জাকে জাকে শত্ৰু সেনা কৰি ধৰাশায়ী,
কৰিলে আতঙ্ক সৃষ্টি মানৰ দলত।
গগৈয়ে নিজেও যুঁজি মহা বিক্ৰমেৰে
বিনাশি ৰিপুৰ দল গ’ল আগুৱাই;
থৰথৰি শত্ৰু-সেনা কঁপিল ভয়ত।
নোৱৰি ৰুধিব গতি প্ৰবল শত্ৰুৰ,
হুহকিল সানুচৰ চেক-সেনাপতি।
এনেতে মোমাই আহি নদী পাৰ হ’ই

[ ১৫৭ ]

থিয় দিলে পলাতক সৈন্তৰ আগত।
মুহূৰ্ত্ততে বদলিল অৱস্থা যুদ্ধৰ।
মোমাইৰ দৰ্শন হ’ই মৃত-সঞ্জীৱনী।
জীয়ালে ঢুকোৱা সাহ, শকতি সেনাৰ;
পুনৰ্ব্বাৰ মান-সেনা হ’ল অগ্ৰসৰ।
বাঢ়িল তুমুল যুদ্ধ, উঠিল কল্লোল,
কোন হাৰে, কোন জিতে নিশ্চয়তাহীন।
খালচীয়ে অগ্নিবৃষ্টি কৰিলে পুনৰ,
পুনৰ ধ্বংসিলে সেনা বিপক্ষ দলৰ;
দেখি তাকে ওফাৰালে মোমায়ে বন্দুক
ততালিকে লক্ষ্য কৰি খলচীৰ শিৰ;
অব্যৰ্থ সন্ধান! প্ৰাণ নিলে উৰুৱাই।
খালচীৰ পতনত সেনাৰ মাজত
বিদ্যুৎ-প্ৰবাহে হ’ল ভীতিৰ সঞ্চাৰ,
যুদ্ধ এৰি হ’ল পলায়নত তৎপৰ।
আহিল গগৈয়ে খেদি, উলটিল সেনা;
ভয়ে ভয়ে হ’ল পুনু শত্ৰুৰ সম্মুখ।
আকউ বাঢ়িল ৰণ অতি ভয়ঙ্কৰ;
আক’উ বহুতো শুলে ৰণৰ ক্ষেত্ৰত।
নেওগ ফুকনে এৰি বন্দুকৰ গুলি,
এনেতে গগৈৰ কুক্ষি পেলালে বিদাৰি ,
পৰিল মুচ্ছিত হ’ই সমৰ-ক্ষেত্ৰত।
সেনাপতিহীন হ’ই গগৈৰ সেনাই
–গৰুৰ পালৰ দৰে ৰক্ষকবিহীন,–

[ ১৫৮ ]

এৰিলে সমৰক্ষেত্ৰ যেয়ে যেনি পায়;
বহুতে শোধালে প্ৰাণ শত্ৰুৰ হাতত।
উঠিল আকাশ লঙ্ঘি ঘনে জয়ধ্বনি,
বাজিল ৰণৰ বাদ্য কঁপাই পৱন,
বিজয়-গৰ্ব্বত স্ফীত মোমাইৰ দলত।
 ৰুচিনাথ-বজ্ৰনাথে জয়-আশা ল’ই
আছিল অপেক্ষা কৰি শুভ বাৰ্তাল’ই।
শুনিলে যেতিয়া এই অশুভ সংবাদ,
এৰি আশা দুয়ো জনে ৰাজ্য উদ্ধাৰৰ
গ’ল বঙ্গদেশল’ই, এৰি জন্মভূমি।
চন্দ্ৰকান্ত নৃপতিক কৰি শত্ৰুহীন,
ৰণত বিজয়ী হ’ই ঘূৰিল মোমাই;
প্ৰশংসিলে সকলোৱে ধন্য ধন্য বুলি।
বিজয়-উৎসৱ পাতি হ’ল মতলীয়া
ৰজা-প্ৰজা, ধনী-দুখী, ৰাজ অনুচৰ।
  মোমাই থাকোঁতে লিপ্ত ভাটীৰ যুঁজত,
সজাতি ফুকনে যাক কৰিলে সন্দেহ
দ্ৰোহী বুলি, ধৰি আনি কৰিলে নিধন!
বদনৰ শত্ৰু বুলি বধিলে বহুত;
ধন-ৰত্ন অলঙ্কাৰ কৰিলে লুণ্ঠন
ঘৰ-বাৰী এৰি থ’ই পলোৱা প্ৰজাৰ।
এতিয়া মোমাই আহি কৰি হস্তক্ষেপ,
সজাতিৰ নৃশংসতা কৰিলে বাৰণ;
গুচালে আশঙ্কা-ভয় প্ৰজাৰ মনৰ।

[ ১৫৯ ]

 দেশত ইদৰে থাপি শান্তিৰ শাসন,
থ’ই সেনা এহেজাৰ ৰজাৰ লগত,
কৃতজ্ঞ ৰজাৰ ল’ই প্ৰীতি-উপহাৰ
উলটিল আলুংমিঙ্গি ল’ই দল-বল,
ৰং মনে হাঁহি-মুখে নিজ দেশল’ই।


 

ঊনবিংশ সৰ্গ

 পতাল নামেৰে এক আছিল যুৱক
বংশধৰ সিজাতিৰ যি জাতিৰে স'তে
পাতিলে সম্বন্ধ পূৰ্ব্বে দ্বিতীয় পাণ্ডৱে।
বহুদিন ধৰি কৰি ব্ৰহ্মত নিবাস,
ভূক্ত হ’ই সিদেশৰ সৈন্যৰ দলত
আহিছিল দেশল’ই হ’ই সহচৰ
আলুংমিঙ্গিৰ। এতিয়া সুযোগ পাই
ৰ’ল স্বদেশতে, ৰজাৰ পৰীয়া হ’ই।
যেতিয়া ওৰেষা যায় প্ৰথমে পলাই,
ওৰেনাথৰ ভাৰ্য্যা মাজু আইদেউ
ৰ’ইছিল নিজ ভ্ৰাতৃ ৰজাৰ লগত।
পিচতো থাকিল তাতে ছিঙি স্নেহ-পাশ,
চিৰজীৱনৰ বাবে ওৰেষানাথৰ।

[ ১৬০ ]

কিন্তু তাতো নুনুমাল কামনাৰ জুই;
ভিতৰি থাকিল জ্বলি তূষানল প্ৰায়,
আন্ধাৰত ইন্ধনৰ বিচাৰি সন্ধান।
দেখা পাই পতালৰ সুগঠিত দেহ
সাহ, বল, পৰাক্ৰম, নৱীন যৌৱন,
লভি দৃষ্টি বিনিময় হবিৰ পৰশ;
হুতাহৰ হুতাশনে প্ৰসাৰিলে শিখা;
পতাল-পতঙ্গ উৰি পৰিল বুকুত।
ভগিনীৰ দুৰ্নামত হ’ই হতমান;
নাপাই বিচাৰি তাৰ অন্য প্ৰতীকাৰ,
স্বৰ্গদেৱে পতালৰ বঢ়ালে সম্মান
পদৰ মৰ্য্যাদা যাচি বৰবৰুৱাৰ।
কৰি লাভ উচ্চ পদ, ৰজাৰ ভগিনী,
নতুন প্ৰেৰণা পাই নৱ জীৱনৰ,
পতাল তৎপৰ হ’ল নিজ কৰ্ত্তৱ্যত,
আৰ্জ্জিব লাগিব বুলি যোগ্যতা পদৰ।
দুবাৰো সলাই স্বামী মাজু আইদেৱে
নাছিল গুচাব পৰা প্ৰাণৰ পিয়াহ;
এইবাৰ পূৰ্ণ হ’ল মনৰ কামনা।
স্নান কৰি প্ৰণয়ৰ শীতল সুঁতিত,
শান্তিৰ অমিয়া-ধাৰা কৰি নিতে পান,
ৰ’ল দুয়ো বন্দী হ’ই দুয়োৰে প্ৰেমত।
 ইদৰে শান্তিৰে গ’ল দুবছৰমান।
এনেতে এদিন ক’লে পতালে ৰজাক,–

[ ১৬১ ]

“স্বৰ্গদেৱ! মানসেনা আহিছে দুবাৰ,
বাট-পথ, গতি-গ্ৰোত্ৰ জানে অসমৰ;
তাতে পাই ধন-ৰত্ন, ৰূপহী গাভৰু,
নিশ্চয় নোৱাৰে তাৰ ভুলিব সোৱাদ;
মিলিলে সুযোগ কিবা আহিব পুনৰ।
মানৰ একেটি মাত্ৰ পৰিচিত পথ,
ৰাখোঁ যদি ৰুদ্ধ কৰি, লুব্ধ শত্ৰুদল
নোৱাৰিব বিনা যুদ্ধে পশিব অসম।
সিহেতু প্ৰস্তাব মোৰ,—দীঘলী ঘাটত
মৰা হোক এটি গড় দুৰ্ভেদ্য শত্ৰুৰ;
দূৰ হোক ভবিষ্যৎ আশঙ্কাৰ বীজ।
 সাৰুৱা প্ৰস্তাৱ বুলি মানিলে ৰজাই;
পতালক ক'লে,-“তুমি মনিছা সঠিক
আগন্তুক ভবিষ্যৎ, ভাবী অভিযান।
জন্মিছে প্ৰত্যয় মোৰ, মিত্ৰৰূপে আহি
বুজি ল’ই ধন-জন-সম্পদ দেশৰ,
শত্ৰুৰ শাণিত অস্ত্ৰ তুলিব এদিন।
স্বভাৱতে ম্লেচ্ছ জাতি, নাই ধৰ্ম্মজ্ঞান,
দেখি গৃহ-বিবাদৰ সোণালী সুযোগ
কোনোবা এদিন ল’ব কাঢ়ি সিংহাসন;
ৰক্ষক বেশেৰে ল’ব স্থান ভক্ষকৰ।
সিহেতু সতৰ্ক থকা কৰ্ত্তব্য আমাৰ,
অতৰ্কিত বিপদৰ সমাগমল’ই।
কৰিলোঁ গ্ৰহণ মই প্ৰস্তাৱ তোমাৰ,

[ ১৬২ ]

তোমাকে অৰ্পিলোঁ ভাৰ গড় নিৰ্ম্মাণৰ।
ইদৰে মাৰিবা গড় কোঁঠ-বুৰুজেৰে
ৰয় যেন চিৰকাল দুৰ্ল্লঙ্ঘ্য শত্ৰুৰ;
গড়তে আমাৰ জয় কৰি যুগমীয়া
বন্ধা হলে থ’বা তাৰ নাম জয়পুৰ।”
 ৰজাৰ আদেশ পাই ওলাল পতাল;
হজুৱা, বনুৱা, সেনা ল’লে যত লাগে,
ল’লে বহু অস্ত্ৰ-শস্ত্ৰ, ভোজন-সম্বল,
নিজৰ আহিলা-পাতি, লগুৱা-লিগিৰী,
আসন, বসন, দ্ৰব্য ভোগ-বিলাসৰ।
আৰু যিবা প্ৰয়োজন ল’ই ইচ্ছামতে,
ভাৰ্য্যাক সঙ্গিনী কৰি শুভ মুহূৰ্ত্তত
কৰিলে পতালে যাত্ৰা যথা স্থানল’ই।
দীঘলী ঘাটত গ’ই সাজিলে বাহৰ,
সভাৰ্য্যে বসতি ল’লে কৰি আড়ম্বৰ।
পতালৰ অনুজ্ঞাত বনুৱাৰ দলে
চোঙালে দুৰ্জ্জয় গড় কাটি ঘন বন;
কৰিলে নিৰ্ম্মাণ নিতে সম্ভব যিমান।
দিনৰ দিনটো চাই বনুৱাৰ কাম,
বোৱাই মূৰৰ ঘাম আহে যেবে ঘূৰি
পতাল গড়ৰ পৰা দিনৰ শেহত,
দুৱাৰ-দলিত দুটি সতৃষ্ণ নয়ন
প্ৰতীক্ষাত অধৰৰ জেউতি চৰাই,
ধৰা দিয়ে পতালৰ লুব্ধ নয়নত

[ ১৬৩ ]

চালে স্নিগ্ধ শান্তিধাৰা বিমুগ্ধ প্ৰাণত।
সূৰুযে নমাই অনা বিচ্ছেদৰ জুই
পতাল-পতালপত্নী নৱ দম্পতীৰ
নুমুৱাই অন্ধকাৰে যুগ্ম বন্ধনত।
 ইদৰে নিৰ্ম্মিত দেখি অৰ্দ্ধেক প্ৰাচীৰ
বাঢ়িল দিনক দিনে কৰ্ম্মীৰ উদ্যম;
বিৰিঙিল পতালৰ সন্তোষৰ হাঁহি।
দেখা পালে নিলগত এনেতে এদিন
কাকতী ফৰিং যেন অগণন সেনা
সমাগত যোদ্ধ-বেশে উদ্দেশি অসম।
নুবুজি উদ্দেশ্য তাৰ, নাজানি কাৰণ,
পতালে কৰিলে শীঘ্ৰে সৈন্য সমাবেশ
কৰি ৰুদ্ধ মুক্ত পথ গড় প্ৰবেশৰ।
এনেতে জনালে আহি মান-কটকীয়ে,—
“আহিছে ব্ৰহ্মৰ পৰা তিনি সেনাপতি
মিঙ্গিমাহা, বজু ফায়া, সজাতি ফুকন,
ল’বল’ই চন্দ্ৰকান্ত সিংহৰ বাতৰি,
ল’ই ব্ৰহ্ম-নৃপতিৰ প্ৰীতি-উপহাৰ।
আশ্চৰ্য্য মানিলোঁ দেখি সৈন্য সমাবেশ।
মিত্ৰৰ লগত কিয় শত্ৰু-ব্যৱহাৰ?”
 পতালে গহীন ভাবে দিলে প্ৰত্যুত্তৰ,—
“নিদিলা আগতে কিয় বাতৰি ইয়াৰ?
আহিছা গোপনে, আমি কিদৰে বুজিম
শত্ৰু নে মিত্ৰৰ দল পূৰ্ব্বে সাক্ষাতৰ।

[ ১৬৪ ]

এতিয়া বুজিলোঁ, বাধা গুচালোঁ পথৰ।”
 কটকী উলটি গ'ল। পতালৰ সেনা
আঁতৰিল বাট এৰি, জানি নিৰাপদ,
প্ৰভুৰ আদেশ মানি নিজ কাৰ্য্যলই।
 তেতিয়া অবাধে মান হ’ল গড় পাৰ।
মান-সেনাপতি চাপি পতালৰ কাষ,
জনালে সৌজন্য ভৰা প্ৰীতি-সম্ভাষণ;
পতালেও যথাযোগ্য দিলে সমিধান।
মিঙ্গিমাহা পতালৰ কাষ চাপি বহি
সুধিলে বিবিধ কথা ৰজাৰ, ৰাজ্যৰ;
অকপটে দিলে তাৰ পতালে উত্তৰ।
পতাল ব্ৰহ্মৰ পৰা আহোঁতে উলটি
সজাতিৰ অধীনত আছিল সৈনিক;
এতিয়া হঠাৎ দেখি সমকক্ষ তাৰ,
পাই তাতে ব্যৱহাৰ সমনীয়াৰূপে,
কৰি অপমান বোধ, হ’ই ক্ষিপ্ত-প্ৰায়,
জাপ মাৰি পতালৰ ধৰিলে গলত;
অলক্ষিতে ধৰে যথা মহিষ শাৰ্দ্দুলে।
লগতে ধৰিলে বেঢ়ি বহুতো সেনাই।
“ই কি! প্ৰতাৰণা!” বুলি আছাৰি পেলাই
মুহূৰ্ত্ততে সজাতিক, নিজে মুক্ত হই
উঠিল পতাল; ল’লে খুলি তৰোৱাল।
ক্ষিপ্ৰতাৰে তীক্ষ্ণ অস্ত্ৰ কৰি সঞ্চালন
বধিলে বহুতো মান আক্ৰমণকাৰী।

[ ১৬৫ ]

নাপালে সাহায্য কাৰো, নাছিল প্ৰস্তুত
কোনো সৈন্য পতালৰ, নথকাত চিন
বিৰোধৰ। অকল’ই যুঁজিব কিমান!
তথাপিও নকৰিলে আত্ম-সমৰ্পণ;
প্ৰাণ থাকে মানে যুঁজি শত্ৰুৰ লগত
বীৰৰ যশস্যা থ’ই সমৰ-ভূমিত
তেজস্বী পতালে ল’লে অন্তিম শয়ন।
ততালিকে পতালৰ যত অনুচৰ
নুবুজি কৰ্ত্তব্য কিবা, হতবুদ্ধি হ’ই।
প্ৰাণৰ ভয়ত গ’ল চৌদিশে পলাই।
বাহৰত ৰ’ল পৰি বজ্ৰাহতা-প্ৰায়।
সহায়-সাৰথিহীনা পত্নী পতালৰ।
মানে দেখি স্ৰোতস্বিনী মৰুৰ মাজত,
প্ৰবল পিয়াহ ল’ই কৰিলে পৰশ;
বৰ্ব্বৰৰ আস্ফালন নোৱাৰি সহিব।
পঙ্কিল কঙ্কাল ৰ’ল জীৱন শুকাই।
 চন্দ্ৰকান্তসিংহে পাই অতি নিদাৰুণ
শেল-সম পতালৰ হত্যাৰ বাতৰি,
শোচনীয় পৰিণাম নিজ অগ্ৰজাৰ,
কলিবৰ মন্ত্ৰী বুঢ়াগোহাঁইক মতাই,
আদেশিলে ততালিকে বিৰুদ্ধে মানৰ;
নিজে ৰ’ল সাজু হ’ই পলায়নল’ই।
এনেতে কটকী আহি পালে তিলোৱাৰ
সেৱা কৰি সবিনয়ে শুনালে ৰজাক,—

[ ১৬৬ ]

“বডোয়াফা ব্ৰহ্মৰাজ হ’ল স্বৰ্গবাসী,
নিজৰ সুযোগ্য নাতি, ৰাজবংশধৰ
বাগ্যিডোৱা কোঁৱৰক অৰ্পি ৰাজ্যভাৰ।
বাগ্যিডোৱা নৃপতিয়ে বহু দিন ধৰি
নাপাই বাতৰি একো স্বৰ্গদেৱতাৰ
ভয় কৰি, কি জানিব মিলিছে বিঘিনি,
পঠিয়ালে সৈন্যদল বাৰ্ত্তা ল’বল’ই
মিঙ্গিমাহা তিলোৱাৰ পৰিচালনাত।
পঠিয়ালে অলঙ্কাৰ যোগ্য আপোনাৰ,—
সৌজন্য নিদৰ্শন, প্ৰীতি-পৰিচয়।
কিন্তু দেখি ৰুদ্ধ পথ সৈন্য সমাবেশ,
বুজিলোঁ কৰিছে ভুল স্বৰ্গদেৱতাই,
পৰম মিত্ৰৰ প্ৰতি ৰাখি শত্ৰুভাব।
কৰিলে ভুলতে ভুল সেনায়ো আমাৰ
শোচনীয় দুৰ্ঘটনা হঠাতে ঘটাই।
যিবা হোক, ইমানতে এৰি অবিশ্বাস,
দৃঢ় কৰি মিত্ৰতাৰ শিথিল বন্ধন,
সুমৰি পূৰ্ব্বৰ প্ৰীতি কৰক গ্ৰহণ
বাগ্যিডোৱা নৃপতিৰ প্ৰীতি-উপহাৰ।”
 শুনি ক’লে স্বৰ্গদেৱে,–“মিত্ৰতাৰ কথা
ছলনাৰে পতালৰ হত্যাৰ পাচত
ক’লেও সহস্ৰমুখে, নকৰোঁ বিশ্বাস।
নকৰোঁ গ্ৰহণ মই কোনো উপহাৰ,
কদাপি নিদিওঁ ধৰা আপোন ইচ্ছাত

[ ১৬৭ ]

প্ৰতাৰক, শঠ, ম্লেচ্ছ শত্ৰুৰ হাতত;
স্থিৰ হোক লাভালাভ সমৰ ক্ষেত্ৰত।”
 শুনি কলে কটকীয়ে,—“পালোঁ বৰ দুখ;
পাব শোক মৰ্ম্মান্তিক ব্ৰহ্ম নৃপতিয়ে
শুনিব যেতিয়া এই বিৰোধৰ কথা।
সিকাৰণে সানুনয়ে জনাওঁ পুনৰ,—
নহওঁ অমিত্ৰ আমি, ভৃত্য ভূপতিৰ,
নাই কোনো শত্ৰুভাব, কৰক বিশ্বাস।”
উত্তেজিত স্বৰ্গদেৱে ক'লে পুনৰ্ব্বাৰ,–
“বিষাল ভুজঙ্গে দংশি নিৰুধি নিঃশ্বাস
কয় পুনু মিত্ৰ মই, নেৰিবা বিশ্বাস,
আনিছোঁ মূৰত মণি প্ৰীতি-উপহাৰ!
হাঁহি উঠে! যোৱাঁ তুমি, নক’বা দুনাই।”
 ক’ই গল কটকীয়ে,—“মাগিলোঁ বিদায়।
যদিও নিষ্ফল দৌত্য, প্ৰাৰ্থনা বিফল,
কৰিলো কৰ্ত্তৱ্য মোৰ শক্তি অনুসৰি।
সকলো বুজিলে ভুল স্বৰ্গদেৱতাই।
হ’ব তাৰ পৰিণাম দুয়ো ৰাজ্যল’ই
অশুভ, নৰ’ব পথ শুভ মিলনৰ;
নোৱাৰিব তাৰ বাবে দূষিব আমাক।”
 কটকী উলটি গ’ল হ’ই ব্যৰ্থকাম।
কলিবৰে আগ বাঢ়ি ভেটিলে মানক;
হ’ল যুদ্ধ ঘোৰতৰ-ব্যাপি দীৰ্ঘকাল।
অসম সাহেৰে যুঁজি, কৰি প্ৰাণপণ,

[ ১৬৮ ]

নোৱাৰিৰে কলিবৰে জিনিব শত্ৰুক,
ক্লান্ত হ’ই বন্দী হ’ল মানৰ হাতত।
 চন্দ্ৰকান্তসিংহ গ’ল গুৱাহাটীল’ই
ৰ'ল তাতে অনিশ্চিত ভাবি ভবিষ্যৎ।
মিঙ্গিমাহা তিলোৱাই লভি যুদ্ধ-জয়,
ল’বল’ই সিংহাসন মাতিলে ৰজাক,
যাচি পুনু সবিনয়ে মিত্ৰতাৰ হাত।
নামানিলে চন্দ্ৰকান্তে, নাহিল উলটি,
নোৱাৰিলে তিলোৱাক কৰিব বিশ্বাস।
তেতিয়া আদেশ আনি ব্ৰহ্ম-নৃপতিৰ
তিলোৱাই–জ্যেষ্ঠভ্ৰাতা হেমো কুৱঁৰীৰ
যোগেশ্বৰ কোৱঁৰক তুলিলে পাটত।
বাছি দিলে পাত্ৰ-মন্ত্ৰী নিজা বাছনিৰে
প্ৰবৰ্ত্তালে শাসনৰ নতুন বিধান।
ৰজাৰ চিনাকি ৰ’ল সিংহাসনখনি,
শাসন-কৰ্ত্তৃত্ব ৰ’ল মানৰ হাতত।


[ ১৬৯ ]

বিংশ সৰ্গ।

 যোগেশ্বৰ ৰজা হ’ই বহিছে পাটত
বহে যথা অভিনেতা নাট-মন্দিৰত।
ৰাজনীতি-জ্ঞানহীন, কল্পনাবিহীন;
সূচক তিলোৱা বিনে নোলায় বচন।
এদিন তিলোৱা আহি ক'লে,-“স্বৰ্গদেৱ,
ৰজাৰ ভঁৰাল শূন্য, নাই কপৰ্দ্দক,
নচলে শাসন ধন নহ'লে হাতত।
ৰজাৰ নহয় ৰাজ্য ৰক্ষক মাথোন,
শাসনৰ ব্যয়ভাৰপ্ৰজাৰ মূৰত।
বৰ্ত্তমান দুৰ্দ্দিনত নিজে আগ বাঢ়ি
উচিত সাহায্য যচা সকলো প্ৰজাৰ
ৰাজ্যৰ লগতে নিজ মঙ্গলৰ হেতু।
সিকাৰণে স্বৰ্গদেৱে দিয়ক আদেশ,
তোলোঁ আমি বৰঙ্গণি প্ৰতি ঘৰে ঘৰে
প্ৰজাৰ অৱস্থা বুজি সমগ্ৰ দেশতে।”
 কি কৰিব যোগেশ্বৰে! বুজে অন্তৰত-
তিলোৱাৰ অনুৰোধ প্ৰকৃত আদেশ,
নামানিবল’ই নাই শকতি ৰজাৰ।
কথাও তো সঁচা। ৰাজ্য চলাব কি দৰে
শুদাহাতে, নুলিয়ালে নতুন উপায়

[ ১৭০ ]

নিজৰ প্ৰজাৰ পৰা ধন-সংগ্ৰহৰ।
অগত্যা কৰিলে নিজ সম্মতি জ্ঞাপন
যোগেশ্বৰে, তিলোৱাক কৰি সমৰ্থন।
ৰজাৰ আদেশ পাই হ’ল তিনি দল
মান সেনা, তিনি সেনাপতিৰ লগত।
এজনে উত্তৰ ল’লে, এজনে দক্ষিণ,
লুইতৰ দুয়ো কাষ ল’লে, আন জনে।
ভাটীমুখে যাত্ৰা কৰি ওলাল সকলো,
জুৰি পঙ্গপালসম সমস্ত ভূভাগ।
লগে লগে হাহাকাৰ লাগিল দেশত।
আনিলে বলেৰে লুটি বস্ত্ৰ-অলঙ্কাৰ,
ধন-ৰত্ন যিবা পালে প্ৰত্যেক ঘৰৰ;
নাপালে একোকে য’ত দিলে তাত জুই,
ৰাখি গ’ল ভস্মতূপ জন-প্ৰাণী-হীন।
জীয়াৰী-বোৱাৰী হোক, হোক পুত্ৰৱতী,
যুৱতী ৰমণী মাত্ৰে কৰিলে হৰণ;
নাই নীতি বৰ্ব্বৰৰ লাজ-মান-ভয়।
যিজনে নিজৰ মান কৰি পৰিহাৰ,
সঁপি কন্যা, অৰ্পি ধন, মানিলে মানক,
সিহে মাথোঁ পালে ত্ৰাণ এই সঙ্কটত।
বহুতো পাষণ্ডে পুনু মানৰ লগত
দোৱনীয়া নাম লই গুপ্তচৰৰূপে
সৰ্ব্বনাশ সাধি নিজ জ্ঞাতি-কুটুম্বৰ,
নীচভাবে নিজ স্বাৰ্থ কৰিলে পূৰণ।

[ ১৭১ ]

ইয়াৰ বাহিৰে মানে পালে যাকে য’তে,
নেৰিলে শুদাই কাকো, কৰি অত্যাচাৰ,
প্ৰাণ ল’লে বৰ্ব্বৰৰ বৰ্ব্বৰ ৰীতিৰে।
ক'ৰবাত ধৰি আনি নিৰীহ প্ৰজাক
বান্ধি ল’ই শাস্তি কৰে যত পাৰে মানে,—
কোবত তেজৰ ধাৰ বয় কোকানলে,
যন্ত্ৰণাত ডেও পাৰি কৰে ছটফট,
চিঞৰত বতাহৰো বুকু ফাটি যায়;
নগলে তথাপি হিয়া পাষাণ মানৰ।
মাৰত যেতিয়া হয় অৱশ শৰীৰ,
মৰে মাত, বিনাবৰো নাথাকে শকতি
তেতিয়া পেলাই কাটি কৰি দুডোখৰ;
নাচে উৰ্দ্ধবাহু হ’ই, হাঁহে আনন্দত।
মাকৰ বুকুৰ পৰা কোমল কেচুৱা
কাঢ়ি আনি শূন্যল’ই দিয়ে দলিয়াই
ধৰে পাতি তৰোৱাল পৰোঁতে তলত।
কেতিয়াবা দুয়ো ভৰি ধৰি কেচুৱাৰ,
শিলত আফালি মূৰ কৰে চুণ-চাত,
নহলে ফৰ্ম্মুটি মাৰে আম পাৰোঁ বুলি;
—আমোদৰ খেলা ইও নৰপিশাচৰ।
কেতিয়াবা শ শ জন একেলগে ধৰি
হাতে হাতে শলা মাৰি কাণে-কাণে যুঁটি
দাং দিয়ে দুৱাৰত ঘৰত সুমাই।
তাৰ পিচে জোৰ ল’ই চ’উ দিশে বেঢ়ি

[ ১৭২ ]

বিকট চীৎকাৰ কৰি লগাই চালত।
জ্বলা দেখি, দপ্‌দপ্‌ অগনিৰ শিখা,
তৰোৱাল ল’ই নাচে চ’উদিশে তাৰ;
আধাপোৰা কোনো জন হয় যদি বাজ,
কুটি তাক পুনৰায় জাপে অগনিত।
ৰুৱাৰ হিল’ই আৰু মানৰ কিৰিলি,
চেঙালুটি মৃত্যুমুখী শতেক জনৰ
মিলি যি তুমুল ৰোল তোলে আকাশত,
কিজানি কঁপাই তোলে বেদী ত্ৰিদশৰ;
তথাপি নকঁপে প্ৰাণ নিৰ্ম্মম মানৰ।
ক’ৰবাত চাং পাতি ঘৰৰ মাজত
বান্ধি-ছাটি তুলি দিয়ে আনি ধৰি ধৰি
লৰা-লুৰী, বুঢ়া-বুঢ়ী, ৰুগীয়া-ঘুণীয়া।
কাঠ বাঁহ, খৰি-খেৰ, দ’মাই তলত,
জুই পৰি যাগ দিয়ে, পাতে মহোৎসৱ,
বন্ধ কৰি কেউ ফালে ঘৰৰ দুৱাৰ।
ধোঁৱাত যেতিয়া হয় উশাহ নিৰোধ,
তাপত শুকাই যায় শৰীৰৰ ৰস,
মৰে ছটফট কৰি ঘোৰ যাতনাত,
তেতিয়া লগাই জুই, মাৰে সামৰণি
নাৰকীয় উৎসৱৰ নাৰকী মানৰ।
পতিক গছত বান্ধি নানা শাস্তি কৰি
চকুৰ আগতে হৰে মৰ্য্যাদা সতীৰ,
পশুৰ অধম মানে পাশৱ বলেৰে।

[ ১৭৩ ]

অত্যাচাৰ দেখি এনে নৃশংস মানৰ
নিজৰো বিপন্ন জানি ধন-মান-প্ৰাণ,
আঁতৰিল যোত্ৰবান এৰি জন্মভূমি।
ল’লে ঠাই যোত্ৰহীনে পৰ্ব্বতে-গহ্বৰে
শ্বাপদ-সঙ্কুল কিম্বা অটব্য বনত।
কিন্তু হায়! ইমানতে নাই পৰিত্ৰাণ!
কেতিয়াবা বধে মানে বিচাৰি বিচাৰি;
কেতিয়াবা হয় খাদ্য বাঘ-ভালুকৰ।
ভোকত কান্দিলে শিশু শুনে বুলি মানে
হাবিতে মুখত সোপা দিয়ে জননীয়ে,
নাপাই গালিত তত সঙ্গীসকলৰ;
ফলত শিশুৰ হয় অকাল মৰণ।
 পলাল যেতিয়া লোক এৰি ঘৰ-বাৰী,
সম্পত্তি থাকিল পৰি নৰ’ল ৰখীয়া।
ঘৰৰ আহিলা-পাতি, ধানৰ ভঁৰাল,
গৰু-ম'হ, হাঁহ-পাৰ, বন্ধন বিহীন।
দেখি জনহীন গৃহ, খানি-কুৰি মানে,
লুটিলে যিমান পাৰে দ্ৰব্য মূল্যবান;
যি থাকিল এৰি গল অগনি জ্বলাই।
গৰু-ম'হ যত পালে বধিলে, সকলো,
যিমান পাৰিলে খালে হেপাহ পূৰাই;
যি থাকিল খালে পাই শিয়ালে-শগুণে।
দেশ জুৰি উঠে মাত্ৰ একে কলৰৱ-
“মান! মান! পলা। পলা! ধৰিলে। ধৰিলে।”

[ ১৭৪ ]

দপ্‌দপ্‌ অগ্নিশিখা যিফালেদি চোৱা
ধুমকীৰ্ণ আকাশ-মণ্ডল; অট্টৰোল
সমুদ্ৰ-কল্লোল-প্ৰায়; আবৃত অবনী
মৃতদেহে; দুৰ্গন্ধত দূষিত বতাহ।
বাল-বৃদ্ধ-বনিতাৰ, সতীৰ, পতিৰ
ক্ৰন্দনৰ ঊৰ্ম্মি উঠি লঙ্ঘিলে আকাশ।
ইদৰে নৃশংস মানে নৃশংস হাতেৰে
সমগ্ৰ অসমভূমি কৰিলে শ্মশান।
চন্দ্ৰকান্তসিংহে দেখি সান্নিধ্য শত্ৰুৰ
নাপাই উপায় একো বাধা জন্মাবৰ
গুৱাহাটী এৰি গ’ল বঙ্গদেশল’ই ,
নাই বল দুৰ্ব্বলৰ পলায়ন বিনে।
সমস্ত দেশৰ পৰা ল’ই ধন-সোণ,
উজালে পুনৰ মান কৰি লুট-পাট;
লুপ্ত কৰি অসমৰ অতীত গৌৰৱ
নষ্ট কৰি মহামূল্য সাহিত্য-ভাণ্ডাৰ,
জনাকীৰ্ণ নগৰক কৰি জনহীন,
ধ্বংসক দুগুণে ধ্বংস কৰি পুনৰ্ব্বাৰ।


[ ১৭৫ ]

একবিংশ সৰ্গ।

চন্দ্ৰকান্তসিংহ গ’ই বঙ্গদেশল’ই
ল’ই তাত দিন চাৰি নিৰলে বিশ্ৰাম,
গুণিলে মনত কথা নিজ ব্যৰ্থতাৰ।—
আছিলোঁ এদিন ৰজা বিশাল ৰাজ্যৰ;
আছিল সহস্ৰ জন অপেক্ষি দ্বাৰত
পাবলই এটি মাত্ৰ আদেশ মুখৰ।
সুন্দৰ নগৰ মোৰ, সুৰম্য প্ৰাসাদ
আছিল এদিন কিষে নেত্ৰ-তৃপ্তিকৰ!
আছিলোঁ প্ৰজাৰ মই আলাসৰ লাড়ু,—
সাক্ষাৎ দেৱতা। আজি মই গৃহহীন;
সামান্য প্ৰজাৰ দৰে পৰগৃহবাসী।
সিফালে জনমভূমি হ’ল মৰিশালি;
লুকাৰ সৌন্দৰ্য্যৰাশি চিতাৰ ধোঁৱাত।
মাতৃৰ মূৰৰ পৰা খহলে কিৰীটি,
হৰি নিলে ধন-ৰত্ন, হৰিলে কামিনী,
নাশিলে প্ৰজাৰ প্ৰাণ, অতুল সম্পদ;
—পশুৱে পশুৰ ৰাজ্য কৰিলে অসম।
এনে হীন-বীৰ্য্য হ’ই, দেখি ই দুৰ্দ্দশা
স্বৰ্গাদপি গৰীয়সী জনমভূমিৰ,
নোৱাৰি কৰিব তাৰ কোনো প্ৰতীকাৰ,

[ ১৭৬ ]

ৰাখিছোঁ পলাই প্ৰাণ পৰৰ ৰাজ্যত।
ধিক্ মোৰ জীৱনত! মৰণ মঙ্গল!
দেহৰ দুঃসহ ভাৰ দিন-ৰাতি ব’ই,
কিমান সহিম আৰু নৰক-যন্ত্ৰণা!
চকুৰ আগত দেখোঁ আউলী-বাউলী,
দীনা-হীনা, নিৰাশ্ৰয়া, কুৰূপা, কুবেশা
কান্দিছে জননী মোৰ ঢালি অশ্ৰুধাৰা;
দেখি হিয়া ভাগি যায় শত খণ্ড হ’ই।
ইমানতে বহি আৰু পাৰিনে থাকিব।
নহয়, নোৱাৰোঁ৷ দূৰ হ ভীৰুতা মোৰ।
দূৰ হ দেহৰ ক্লান্তি, বিষাদ মনৰ!
নাচি উঠ সিৰে সিৰে তপত শোণিত
সৌমাৰ-বিজয়ী সেই বীৰ চুকাফাৰ;
সাজু হ দুবাহু মোৰ শেষ বাৰল’ই।
পাৰিলে ইবাৰে ৰাজ্য কৰিম উদ্ধাৰ,
নোৱাৰিলে তুচ্ছ প্ৰাণ দিম বিসৰ্জ্জন।”
 ইদৰে সঙ্কল্প স্থিৰ কৰি স্বৰ্গদেৱে,
অদম্য সাহস ল’ই, অসীম ধৈৰ্য্যেৰে,
কৰিলে সংগ্ৰহ দেশ-বিদেশৰ পৰা
মনোমত এটি দল শিক্ষিত সৈন্যৰ।
যি আছিল ধন-ৰত্ন ৰজাৰ হাতত
সকলো নিঃশেষ কৰি, কৰিলে যোগাৰ
বন্দুক, বাৰুদ, ধনু—যুদ্ধৰ সম্বল।
পূৰ্ণ কৰি আয়োজন, ল’ই দল বল,

[ ১৭৭ ]

হতাশাত জাগি উঠা সুপ্ত সাহসেৰে
কৰিলে ৰজাই যাত্ৰা জন্মভূমিল’ই
কৰোঁ বুলি শেষবাৰ পৰীক্ষা ভাগ্যৰ।
নামনিত ক্ষুদ্ৰ ক্ষুদ্ৰ মান-সেনাদল,
তেতিয়াও যি আছিল লুটি গাওঁ-ভূই,
সকলো পলাই গ’ল দেখি আগমন।
নৃপতিৰ সুসজ্জিত শিখ বাহিনীৰ।
মানৰ বিৰুদ্ধে দেখি উদ্যম ৰজাৰ,
অটব্য অৰণ্য এৰি, এৰি প্ৰাণ-ভয়,
দিলে যোগ জাকে জাকে লাঞ্ছিত প্ৰজাই
দিনে দিনে সৈন্য বল বাঢ়িল ৰজাৰ;
দিনে দিনে শত্ৰু জিনি হ’ল অগ্ৰসৰ।
এনে দৰে বাঢ়ি আগ, বঢ়াই উদ্যম,
নিশ্চিত জয়ৰ আশা ল’ই অন্তৰত,
চাপিল নৃপতি গ’ই ম’হগড়ঘাট।
ইয়াতে মানৰ দল সমবেত হ’ই
আছিল চাউনী পাতি সাজসজ্জা কৰি,
পলকতে হ’বল’ই শত্ৰু-সম্মুখীন।
 লাগিল তুমুল যুদ্ধ; ফুটিল হিল’ই;
—প্ৰলয় কালৰ যেন মেঘৰ গৰ্জ্জন।
চউদিশে কলৰব উঠিল সৈন্যৰ
সমুদ্ৰ-কল্লোল জিনি, কঁপাই ধৰণী।
কাঁড়-ধনু, ষাঠি-জোং, তৰোৱাল ল’ই
আক্ৰমিলে দুয়োদলে বিপক্ষ দলক,

[ ১৭৮ ]

বোৱালে তেজৰ ন’ই সমৰ-ভূমিত।
শত্ৰুৰ প্ৰচণ্ড গতি নোৱাৰি ৰুধিব,
সাক্ষাৎ কৃতান্ত দেখি চকুৰ আগত,
হুঁহকিল মান-সেনা প্ৰাণৰ ভয়ত।
ক’লে দেখি স্বৰ্গদেৱে নিজৰ সেনাক,—
“আগ বাঢ়াঁ, যুদ্ধ কৰাঁ, কৰাঁ শত্ৰুক্ষয়,
ধ্বংস হোক, ধ্বংসকাৰী পিশাচৰ দল।”
দুগুণ উৎসাহ ল’ই অসমৰ সেনা
আগুৱালে, বধি নিলে পলৰীয়া মান।
বিজয়ৰ জয়ধ্বনি উঠিল সঘনে,—
“অসমৰ জয়, জয় স্বৰ্গদেৱতাৰ।”
কিন্তু ই কি আচৰিত! স্বপ্ন নে দিঠক!
অকস্মাৎ সম্মুখত বিৰাট বাহিনী
পৰাজিত ছিন্ন-ভিন্ন শত্ৰুৰ দলত।
হঠাৎ ঘূৰিল মুখ বিমুখ সেনাৰ,
মহোল্লাসে জয়ধ্বনি কৰি বাৰংবাৰ,
আক্ৰমিলে চন্দ্ৰকান্তসিংহৰ সেনাক।
বিজয়ী ৰজাৰ মুখ গ’ল ক’লা পৰি।
 শুনি ৰণ-আয়োজন স্বৰ্গদেৱতাৰ,
আশঙ্কাত কি জামিবা ঘটে বিপৰ্য্যয়,
দিছিল বাতৰি তাৰ ব্ৰহ্মৰাজল’ই
অবিলম্বে তিলোৱাই বিচাৰি সহায়।
বাৰ্ত্তা পাই ব্ৰহ্মৰাজে দিছে পঠিয়াই
মিঙ্গিমাহা বন্দুলাক বিপুল সেনাৰে,

[ ১৭৯ ]

চন্দ্ৰকান্ত নৃপতিক কৰি পৰাভূত
লবল’ই অসমৰ শাসনৰ ভাৰ।
আদেশ শিৰত ল’ই ধৰি দ্ৰুতগতি
অতিক্ৰমি বাধাহীন পৰিচিত পথ,
লাগিল বন্দুলা লগ প্ৰণষ্ট সেনাৰ।
নাছিল স্বপ্নতো ভবা স্বৰ্গদেৱতাই
সংহাৰ কৰিব বুলি প্ৰস্তাবনাতেই
বিজয়ৰ মহোৎসৱ ৰণৰ তাণ্ডৱে।
হঠাতে ৰণৰ গতি দেখি প্ৰতিকূল
হতাশাৰ হেন্দোলনি উঠিল হিয়াত।
বন্দুলাৰ মানসেনা সাগৰ সঙ্কাশ,
নহয় তুলনা তাৰ সেনাৰে ৰজাৰ।
তথাপি কৰিলে যুদ্ধ অমিত বিক্ৰমে
প্ৰাণৰ মমতা এৰি হতাশ ৰজাই
কৰিলে প্ৰলয় সৃষ্টি শক্ৰৰ দলত।
কিন্তু হায়! নাই! নাই! আৰু আশা নাই।
ঢুকাল ৰজাৰ খাৰ, ঢুকাল বাৰুদ,
কিহেৰে যুঁজিব আৰু প্ৰবল শত্ৰুৰে
শ্ৰান্ত ক্লান্ত অৱশিষ্ট নিৰস্ত্ৰ সেনাই।
দেখি মানে ধমাধম মাৰিলে হিল’ই;
শব্দ হ’ল ধূম্ ধূম্ গুড়ুম্, গুড়ুম্।
লগে লগে চন্দ্ৰকান্তসিংহৰ সেনাৰ
কাৰো বা ভাগিল মূৰ, কাৰো হাত-ভৰি ,
কোনো হ’ই প্ৰাণহীন পৰিল বাগৰি;

[ ১৮০ ]

যি থাকিল অৱশেষ চৌপাশে পলাল।
আৰু তো উপায় নাই! কিহেৰে যুঁজিব!
নাই সৈন্য, নাই অস্ত্ৰ, যুদ্ধৰ সম্বল,
কি আছে ৰক্ষাৰ পথ পলায়ন বিনে!
ব্যৰ্থ দেখি শেষ চেষ্টা হতাশ ৰজাই
এৰিলে সমৰ-ক্ষেত্ৰ মৰ্ম্মব্যথা ল’ই।
যুদ্ধ জিনি বন্দুলাই ল’ই ৰাজ্যভাৰ,
শেষ ৰশ্মি অসমৰ কৰিলে নিৰ্ব্বাণ;
মানৰ একাধিপত্য হ’ল বিঘোষিত।

 

দ্বাবিংশ সৰ্গ।

 যুদ্ধক্ষেত্ৰ এৰি গ’ই, হ’ই ম্ৰিয়মান,
অকলে নিৰলে বহি ভাবিলে ৰজাই,–
“সকলে নিঃশেষ হ’ল, গ’ল ধন-মান;
ঘূৰাবৰ শক্তি আৰু নাহিব দুনাই।

“অতীত-ভবিষ্য জুৰি প্ৰগাঢ় তিমিৰ,
বৰ্ত্তমান প্ৰজ্জ্বলিত হুতাশন-শিখা;
জ্বলি যায় পৰশত সমস্ত শৰীৰ,
জ্বলি উঠে ললাটত কলঙ্কৰ ৰেখা।

[ ১৮১ ]

“বৰ্ব্বৰে নিষ্ঠুৰ হাতে হৰি আভৰণ,
কৰিলে শ্মশান ভূমি সোণৰ অসম;
নোৱাৰিলেঁ ৰজা হ’ই কৰিব বাৰণ,
ঢুকাল বাহুৰ বল, শুকাল উদ্যম।

“শেষৰ সম্বল শেষ , নাই, একো নাই,
পৰিণত ব্যৰ্থতাত সোণালী সপোন;
কঠোৰ বাস্তবে কয় ল’ই নগ্ন কায়,–
এযে শেষ, মাৰ গ’ল গৌৰৱৰ জোন।

“মাতিছিলে তিলোৱাই ৰাজ্য লবল’ই,
নগলোঁ নকৰোঁ বুলি হীনতা স্বীকাৰ।
ভাবিছিলোঁ সমৰত লভিম বিজয়,
কৰিম বংশৰ লুপ্ত গৌৰৱ উদ্ধাৰ।

“নোৱাৰিলোঁ; হেৰুৱালোঁ সৰ্ব্বস্ব নিজৰ;
বাকী মাত্ৰ গ্লানিময় বিষাক্ত জীৱন।
আৰু তো উপায় নাই ৰাজ্য উদ্ধাৰৰ,
কিবা লাভ প্ৰবাসত কৰিলে ক্ৰন্দন!

“শত্ৰুৰ হাতত দেশ, প্ৰজা পৰ-দাস,
পথৰ ভিক্ষুক মই, পৰাশ্ৰিত প্ৰাণ;
লুপ্ত আজি সমাধিত উচ্চ অভিলাষ,
ক’ত মোৰ অহঙ্কাৰ! ক’ত অভিমান!

[ ১৮২ ]

“নাই আজি ধন-জন, নাই সিংহাসন,
আজি মই দীন, হীন, মৰ্য্যাদা-বিহীন;
নহ’ল, নহ’ব আৰু সঙ্কল্প সাধন,
নাহিব অতীত ঘূৰি, নাহিব সুদিন।

“অন্তৰত বিপ্লৱৰ ঘাত-প্ৰতিঘাতে
ধৈৰ্য্যৰ বন্ধন ছিঙি, তোলে হাহাকাৰ;
জীৱন-মৰণে যুঁজে প্ৰতি পলকতে,
অগোচৰ লক্ষ্য-স্থল জীৱন-যাত্ৰাৰ।

“আত্ম সম্মানৰ আলো কৰিলোঁ নিৰ্ব্বাণ,
নাৰাখোঁ দুৰ্ব্বল অসি দুৰ্ব্বল হাতত।
শত্ৰুৰ হাতত কৰি আত্মসমৰ্পণ,
ল’ম ৰাজ্য, মৃত্যু, শাস্তি, যি মিলে ভাগ্যত।

অন্তহীন ভাবনাত উদ্‌ভ্ৰান্ত ৰজাই
কৰিলে সঙ্কল্প স্থিৰ ধৰা দিবল’ই;
অভিমান, অহঙ্কাৰ জোকাৰি পেলাই,
উজাই কৰিলে যাত্ৰা ৰাজধানীল’ই।

বলেৰে দমাই তেজ বিদ্ৰোহী আত্মাৰ,
হ’ল ৰজা উপস্থিত শত্ৰু-শিবিৰত;
হৰ্ষত আপ্লুত প্ৰাণ হ’ল বন্দুলাৰ,
আপুনি কেশৰী দেখি আৱদ্ধ পাশত।

[ ১৮৩ ]

ৰজাক আদৰি আনি তুলি বাহৰত,
পঠিয়ালে ৰক্ষীসহ ৰংপুৰল’ই;
বন্দী হ’ই ৰ'ল ৰজা নিজ কাৰেঙত,
ঘৰতে পৰান্নভোজী বৃত্তিভোগী হ’ই।

অসমে বঢ়ালে বপু মান সাম্ৰাজ্যৰ,
অস্ত গ’ল আহোমৰ গৌৰৱ-ভাস্কৰ;
অন্ত হ’ল বল-বীৰ্য্য অজেয় দেশৰ,
অন্ত হ’ল স্বাধীনতা চিৰ স্বাধীনৰ।

হিংসা-দ্বেষ-অনৈক্যৰ পাপৰ ফলত
হেৰুৱালে স্বাধীনতা অসম সন্তানে,
লাগিল ডিঙিত ফাঁচ পৰদাসত্বৰ;
শুহিলে জাতিৰ তেজ বিজাতি-শাসনে।

আহিব নে কেতিয়াবা এনে শুভ দিন
যিদিনা অসমবাসী হ’ব এক প্ৰাণ,
সকলোৰে স্বাৰ্থ হ’ব একত বিলীন,
জাগিব জাতীয় প্ৰেম, জাগিব সন্মান?

আহিব নে সেই দিন ষিদিনা দেশত
উপচি পৰিব আলো জ্ঞান-বিজ্ঞানৰ,
দেশৰ কল্যাণ হ’ব জীৱনৰ ব্ৰত,
নোলাব এজনো লোক পৰশ্ৰীকাতৰ?

[ ১৮৪ ]

কেতিয়া প্ৰভাত হ’ব সি মহাদিনৰ
যিদিনা উঠিব জাগি লুপ্ত জাতীয়তা!
অসমে বন্ধন ছিঙি পৰ-দাসত্বৰ
উদ্ধাৰিব লুপ্ত কীৰ্ত্তি, লুপ্ত স্বাধীনতা!

 

 

অন্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )