পৃষ্ঠা:অসম-সন্ধ্যা.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় সৰ্গ।

 অতিক্ৰমি সীমাৰেখা স্বৰ্গ পৃথিবীৰ,
হেঙুলীয়া ফোঁট ল’ই ধীৰ গতি ধৰি,
স্নিগ্ধ, শান্ত আলোকৰ মধুৰ হাঁহিৰে
ওপচাই ধৰাতল, পূব আকাশত
দিলেহি উষাই দেখা; বোৱালে মলয়
সোণালী আঁচলখনি লাহেৰে দোলাই।
পৰশত সুপ্ত বিশ্বে লভিলে চেতনা
লুপ্ত শক্তি জগতৰ জাগিল দুনাই।
জোকাৰি উঠিল পুনু মৃদু কঁপনিৰে
নব জীৱনৰ সুৰ নীৰৱ বীণত;
ঘূৰিল চকৰি পুনু কৰ্ম্ম-জীৱনৰ।
নিকুঞ্জৰ আঁচলৰ আঁৰত লুকাই,
বিহগে ধৰিলে তান বিশ্ব-বিমোহন।
ৰাশি ৰাশি শতদলে বুকু সৰসীৰ
উজলালে সুমধুৰ হাঁহিৰ জ্যোতিৰে।
কুঞ্জে কুঞ্জে মুঞ্জৰিল কুসুম-কলিকা
সৌৰভেৰে সুবাসিত কৰি দশোদিশ,
সগৰ্ব্বে মস্তক তুলি, শুনি প্ৰেম-গীতি
মতলীয়া ভোমোৰাৰ, মধু-মক্ষিকাৰ।
লাগিল সকলো প্ৰাণী নিজ কৰ্ত্তব্যত,
কলৰৱ পূৰ্ণ হ’ল নীৰৱ জগৎ।