পৃষ্ঠা:অসম-সন্ধ্যা.djvu/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিবেদন

 ১৯৩৮ চনৰ জুলাই মাহত এদিন জনচেৰেক ডেকাই আমাৰ ভাষাত কাব্য নাই বুলি আক্ষেপ কৰি অন্ততঃ এখন লিখি দিবলৈ মোক অনুৰোধ জনাইছিল। ময়ো তেওঁলোকৰ অনুৰোধ এৰাব নোৱাৰি একেৰাহে দিনচেৰেক কলম ল’বলৈ আজৰি উলিয়াব পাৰিলে এখন লিখি দিম বুলি গাত লৈছিলোঁ। কিন্তু এবছৰ পাৰ হৈ গ'ল, তথাপিও কোনো মতে আজৰি উলিয়াব নোৱাৰিলো। এনেকৈ থাকোঁতেই ১৯৩৯ চনৰ ১ আগষ্টৰ দিনা হঠাৎ শৰীৰ অসুস্থ হোৱাত মই শয্যাৰ আশ্ৰয় ল’ব লগাত পৰিলোঁ। পিচ দিনা ডাক্তৰ আহিল। তেওঁ পৰীক্ষা কৰি চাই দহ দিনৰ ছুটীৰ নিমিত্তে লিখিলে আৰু ঔষধৰ ব্যৱহাৰৰ উপৰিও সম্পূৰ্ণ বিশ্ৰাম ল’বলৈ উপদেশ দিলে। সেই মতে দহ দিন কটোৱা হল, কিন্তু ৰোগৰ উপশম নহ’ল। ডাক্তৰে আকৌ পৰীক্ষা কৰি এইবাৰ আৰু এমাহ ছুটীৰ ব্যৱস্থা কৰিলে আৰু পূৰ্ব্বৰ দৰেই চলিবলৈ পৰামৰ্শ দিলে। মই কিন্তু ইমান দীঘলীয়াকৈ পোৱা আজৰি সময়খিনি অবাবত কটোৱা অনুচিত বুলি ভাবিলোঁ আৰু পাটীৰ ওচৰতে কাকত-কলম চপাই ল’লোঁ। সেই দিনাই “অসম- সন্ধ্যা” আৰম্ভ কৰা হ’ল আৰু একেৰাহে বাইশ দিন লিখি তাক শেষ কৰিলোঁ। বাকী থকা কেই দিনত লিখা হ’ল “আবিষ্কাৰ” নামৰ উপন্যাসখন।

 কিতাপ দুখন লিখাৰ অলপ দিনৰ পাচতে ৺মাধৱচন্দ্ৰ বেজবৰুৱা “বাহী”লৈ প্ৰবন্ধ বিচাৰি মোৰ ওচৰলৈ আহিছিল। মই “অসম-সন্ধ্যা”-