ৰাৱণৰ তপস্বী বেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১১ অধ্যায় ।
- সীতা হৰণ মন্ত্ৰণা
- মাৰীচৰ মৃগৰূপ ধাৰণ
- ৰাৱণৰ তপস্বী বেশ
- পদ ।
মাৰীচৰ বচনত কুপিত ৰাৱণ ।
আতি বৰ ক্ৰোধে পাছে বুলিলা বচন ॥১
হাওঁৰে পাপিষ্ঠ মই কৰিলোঁহো কিস ।
কি কাৰণে মোক বৰিষস বাক্য বিষ ॥২
নিষ্ঠুৰ বচন কিয় বোল এত মান ।
ভূমিত ৰৈলেক যেন বীৰ্য্য হীন বান ॥৩
লখিলোঁ পাপিষ্ঠ ৰাঘৱৰ ভাৰি খাইলে ।
সি কাৰণে মোক অপমান কৰাইলে ॥৪
ঘূৰি ঘূৰি বোলস নিষ্ঠুৰ মোক বাণী ।
দুৰ্ব্বাৰ ৰাৱণ মোৰ কথাক নজানি ॥৫
খাণ্ডে হানি তোক আজি কৰিবোঁ দোহাৰ ।
ৰাঘৱে কৰোক আসি তোক প্ৰতিকাৰ ॥৬
তোৰ বচনক মই কৰিলোঁহোঁ লক্ষ ।
মোক এৰি বোল ৰাঘৱৰ হিতপক্ষ ॥৭
প্ৰাণে যেৱে বৰ্ত্তিবি মোহোৰ বাক্য কৰ ।
নুহি এতিক্ষণে পেষাইবোহোঁ যমঘৰ ॥৮
ৰাম পাশে গৈলে তোৰ জীৱন সংশয় ।
মোহোৰ হাতত এতিক্ষণে হুইবি ক্ষয় ॥৯
যাবি বা নযাবি ঝাণ্টে বোল কেন মন ।
যাবে নতো পেশোঁ আজি যমৰ কৰণ ॥১০
হেন শুনি মাৰীচৰ ত্ৰাস বৰ ভৈল ।
সক্ৰোধ বচনে তাক মাতিবাক লৈল ॥১১
মৰিবাৰ কালে আচন্দিয়োঁ অসদৃশ ।
সুহৃদৰ বচনক দেখ যেন বিষ ॥১২
ৰামৰ হাতত পৰি স্বৰ্গে চলি যাইবোঁ ।
তোৰ দুখ শোক কিছু দেখিতে নপাইবোঁ ॥১৩
সীতাক হৰিলে তোৰ হুইবে গলপাশ ।
ৰামৰ হাতত ঝাণ্টে হুইবে বিনাশ ॥১৪
অনিষ্ট কৰিয়া আছ যত দেৱাসুৰ ।
ৰামৰ হাতত আটি মুটি হুইবে চূৰ ॥১৫
ত্ৰিদশৰ শাপে তোৰ আয়ু ভৈল ক্ষীণ ।
জগতৰ মন্যুয়ে জীৱন্ত কত দিন ॥১৬
ৰামতো মৰিবোঁ মৰিবোহোঁ ৰাৱণত ।
জীৱন নাহিকে হেন গুণিলোঁ মনত ॥১৭
তোমাৰ হাতত কিয় প্ৰাণক সুঝাওঁ ।
ৰামৰ হাতত পৰি স্বৰ্গে চলি যাওঁ ॥১৮
হেন শুনি ৰাৱণ হৰিষ বৰ পাইল ।
আশেষ প্ৰশংসি তাক ৰথত চড়াইল ॥১৯
ৰামক সুমৰি তাৰ মনে ভয় ঘোৰ ।
কাটিবাক লাগি যেন লৈয়া যাই চোৰ ॥২০
শীঘ্ৰ বেগে গৈয়া ৰাঘৱৰ থান পাইল ।
মাৰীচক ৰাৱণে বচন পুৰুজাইল ॥২১
দেখিয়ো কদলীবন ৰাঘৱৰ থান ।
মৃগৰূপ ধৰি মোৰ সাধাঁ বহু মান ॥২২
ৰথে চড়ি ৰাৱণ লুকায়া ভৈল থিত ।
মাৰীচ ৰাক্ষস তেবে নামিল ভূমিত ॥২৩
ধীৰে ধীৰে যাই ভৰি ন বাঢ়য় আগ ।
কাটিবাক নেই যেন অষ্টমীৰ ছাগ ॥২৪
বিমৰিষ কৰয় মাৰীচ মহাবীৰ ।
হৰি হৰি হৰুৱাইলোঁ সুন্দৰ শৰীৰ ॥২৫
ৰাৱণ ৰাজাৰ আজি হিত পথ চাওঁ ।
ৰামৰ হাতত পৰি স্বৰ্গে চলি যাওঁ ॥২৬
হেন বুলি মাৰীচে ধৰিল মৃগমায়া ।
মনোহৰ বেশ শুদ্ধ সুৱৰ্ণৰ কায়া ॥২৭
ৰজতৰ অৰ্দ্ধ চন্দ্ৰ দুই পাৱে বলয় ।
তাৰা সম থানে থানে মাণিক জ্বলয় ॥২৮
জাজ্বল্য সমান জ্বলে ৰত্নময় বুক ।
থানে থানে প্ৰকাশয় সোণৰ ভুমুক ॥২৯
তৰঙ্গ বৰঙ্গ কৰি চতুৰ্দ্দিশে যায় ।
সীতাদেৱী দেখন্ত কোমল ঘাঁস খায় ॥৩০
সুৱৰ্ণৰ মৃগক দেখিয়া ৰঙ্গ মন ।
ৰামক সম্বুধি সীতা বুলিলা বচন ॥৩১
আশ্চৰ্য্য মৃগক প্ৰভু দেখিয়োক ৰাম ।
মাণিক খচিত শুদ্ধ সুৱৰ্ণৰ কাম ॥৩২
তিনিয়ো ভুৱনে সাৰ দণ্ডকাৰ বন ।
হেন সব মৃগ যত হোৱে উতপন ॥৩৩
এতেক কাৰ্য্যক প্ৰভু তোমাত মেলাও ।
ইহাৰ চালত যেৱে বসিবাক পাওঁ ॥৩৪
এহি মৃগ মাৰি চাল আনি দিয়া মোক ।
অযোধ্যাক গৈয়া কথা কহিবাক হৌক ॥৩৫
এহি ছাল আনি নগৰক লৈয়া যাও ।
অন্তেষ পুৰত কথা কহিবাক পাও ॥৩৬
টীকৰ সুস্বামী প্ৰভু চৰণত লাগোঁ ।
কৌতূহল মনে ইটো মৃগগুটি মাগোঁ ॥৩৭
আতি বৰ আশা মোৰ ন কৰিয়ো ভঙ্গ ।
আক পাইলে প্ৰভু তেৱে হোৱে মহাৰঙ্গ ॥৩৮
ধৰিবাক পাৰা যেৱে আতি বৰ ভাল ।
নোহে মৃগ মাৰি মোক আনি দিয়া চাল ॥৩৯
তুমি আমি দুইহন্তে থাকিবোহোঁ বসি ।
ৰোহিনী সহিতে যেন আকাশত শশী ॥৪০
সীতাৰ বচন পাছে ৰাঘৱে আকলি ।
নিশ্চয়ে জানিলোঁ সীতা তুমিসে আজলী ॥৪১
কৈত শুনি আছা মৃগ সুৱৰ্ণৰ কায়া ।
নিষ্ট কৰি জানা ইটো ৰাক্ষসৰ মায়া ॥৪২
পুনৰপি সীতাদেৱী বুলিলা উত্তৰ ।
নিশ্চয়ে জানিলোঁ আৱে ভাণ্ডিলি বৰ্ব্বৰ ॥৪৩
তাহাক ভাণ্ডাহা যাক দেখিলোঁ সাক্ষাত ।
আন কিবা বস্তু প্ৰভু খুজিলোঁ তোমাত ॥৪৪
পতিব্ৰতা ধৰ্ম্ম ৰাখি তোমাৰ লগত ।
ৰাজ্য সুখ এৰি ফুৰোঁ ঘোৰ অৰণ্যত ॥৪৫
কোন বস্তু ছাৰ খুজিলোহোঁ পশুছাল ।
ইহাক নিদিয়া পাতিলাহা আল জাল ॥৪৬
পশু নুই যদি হুই ৰাক্ষস নিশ্চয় ।
তথাপি মাৰিতে প্ৰভু তোমাৰ লাগয় ॥৪৭
এহি হেতু তুমি আসি আছা বন মাজ ।
ইহাক মাৰিয়া সাধিয়োক দেৱ কায ॥৪৮
সীতাৰ বচন ৰাম শুনি ৰঙ্গ মন ।
সম্বুধি বোলয় শুন ভৈয়াই লক্ষ্মণ ॥৪৯
জনক জীউৰ বাপ শুনিলি বচন ।
এহি মৃগ চঁৱৰিত বসিবাক মন ॥৫০
অৱশ্যে পূৰিবোঁ জানকীৰ মনোৰথ ।
আঙ্ক অপমান দিবোঁ কমন মহত ॥৫১
সুৱৰ্ণৰ মৃগছালে বসি থাকিবেক ।
নেত কমলৰ সুখ ইহাতে পাইবেক ॥৫২
মই চলি গৈলোঁ হেৰা মৃগ মাৰিবাক ।
যাৱে নাসোঁ তাৱত সীতাক ৰাখিয়োক ॥৫৩
লক্ষ্মণে বোলন্ত দাদা দেখোঁ অসদৃশ ।
মৃগ হেন বেশ নোহে কৰা বিমৰিষ ॥৫৪
ঋষিগণে কহিয়া আছন্ত মোত কায ।
মাৰীচ ৰাক্ষস আছে দণ্ডকাৰ মাজ ॥৫৫
ৰাজাগণ যত মৃগ মাৰিবাক যাই ।
সুৱৰ্ণৰ মৃগহুয়া সবাহাঙ্কো খাই ॥৫৬
কহিত দেখিলা মৃগ সুৱৰ্ণৰ বৰ্ণ ।
মাণিক কাঞ্চন দেখাঁ ৰত্নৰ পৱাল ॥৫৭
হিত পক্ষ চিন্তিয়োক বিমৰিষ কৰি ।
মাৰীচ ৰাক্ষস আইল মায়াৰূপ ধৰি ॥৫৮
ৰাঘৱে বোলন্ত যেবে মাৰীচেসে আইল ।
ঋষিৰ যতেক কোপ সুজিবাক পাইল ॥৫৯
দণ্ডকা বনৰ আজি গুচাই এৰো জাল ।
সীতাক আনিয়া দিবোঁ সুৱৰ্ণৰ ছাল ॥৬০
সকলে গাৱত দেখোঁ ৰাজ যোগ্য ৰত্ন ।
অবশ্য ইহাক লাগি কৰিবোহোঁ যত্ন ॥৬১
তাৰা মৃগগোট আৰো স্বৰ্গত আছয় ।
তাহাৰ সদৃশ ইটো বনত নাচয় ॥৬২
যি সৱ আছিল ৰত্ন আমসাৰ থাৱে ।
তাতো অতিৰেক দেখোঁ হৰিণৰ গাৱে ॥৬৩
এতিক্ষণে আমি মৃগ মাৰিবাক যাইব ।
সাৱহিত ৰূপে তুমি জানকীক চাইব ॥৬৪
এহি বুলি ৰামে মৃগ মাৰিবাক মনে ।
সুসম্ভৃত হুয়া চলি গৈলা তেতিক্ষণে ॥৬৫
ধনুৰ্ব্বান সাজি গৈলা থান পৰিহৰি ।
লক্ষ্মণ থাকিলা জানেকীক ৰক্ষা কৰি ॥৬৬
- ১২ অধ্যায় - শ্লোক ।
কৰ্ম্মনা বাধ্যতে বুদ্ধিৰ্ন্নবুধ্যা কৰ্ম্ম বাধ্যতে ।
সুবুদ্ধিৰপি ৰামোহয়ং হৈমং হৰিণমন্বগাত্ ॥
- পদ ।
ৰামক দেখিয়া তাৰ হৃদয় কম্পিল ।
গহন বনক লাগি গমন কৰিল ॥১
দেখ নেদেখ বেগে হৰিণ পলাই ।
দাৰুণ ৰাক্ষসী মায়া কৰন্তেহি যাই ॥২
তেতিক্ষণে দেখি তেতিক্ষণে দেই লুকি ।
জুই আঙনীৰ মতে দিৱয় ভুমুকি ॥৩
আধা মুণ্ডী যেন নিশাচৰ মায়া ধৰে ।
দণ্ড দুইৰ পথে গাণ্ডি দেখাৱ নকৰে ॥৪
খণ্ড খণ্ড মেঘে যেন চন্দ্ৰক ঢাকিল ।
খনো খনো দেখি খনো লুকায়া থাকিল ॥৫
শ্ৰান্ত ভৈল ৰাম বৰ ৰাক্ষসক চাই ।
বৃক্ষৰ গোৰত লুকাইলন্ত ছায়া পাই ॥৬
ৰামো থাকিলন্ত যেৱে ভ্ৰম পৰিহৰি ।
মৃগগণ মাজে পশি চৰৈ মায়া ধৰি ॥৭
দূৰত মাৰীচ চৰে হেনয় জানিল ।
আকৰ্ণ পূৰিয়া তাক শৰ প্ৰহাৰিল ॥৮
হিয়াত পৰিল যেবে ৰাঘৱৰ বাণ ।
তেন্তিক্ষণে মাৰীচৰ ছাৰি গৈল প্ৰাণ ॥৯
ৰাৱণৰ হিতপক্ষ মৰন্তে বুলিল ।
লক্ষ্মণক সম্বুধিয়া আটাসেক দিল ॥১০
হাহা লখাই মোৰ সুভাষিত ভাই ।
ঝাণ্টে লাগ লৱ মোৰ প্ৰাণ খানি যাই ॥১১
আটাস শুনিয়া হিয়া ঋষিৰ লৰিল ।
পৰ্ব্বত আকাৰ হুয়া ৰাক্ষস পৰিল ॥১২
শুনিলন্ত সীতায়ে ৰামৰ থানে ৰাৱ ।
স্বামীৰ মৰণ শুনি কাম্পে হাত পাৱ ॥১৩
তৰন নয়ন কৰি চতুৰ্ভিতি চান্ত ।
লক্ষ্মণক সম্বুধিয়া শীঘ্ৰে বুলিলন্ত ॥১৪
শুনিলাকি লখাই তুমি ৰাঘৱৰ বাণী ।
কমন বিধিয়ে মৃগ মিলাইলেক আনি ॥১৫
হা হা প্ৰভু কিনো মই অকাৰ্য্য কৰিলোঁ ।
দণ্ডকা বনত আনি স্বামীক মাৰিলোঁ ॥১৬
ঝাণ্টে কৰি চলাঁ লখাই শুনাঁ মোৰ বাক ।
সত্বৰে ৰামৰ গৈয়া প্ৰাণ খানি ৰাখ ॥১৭
তুমি সখা ভৈলে নযাইৱন্ত যমপুৰ ।
ঝাণ্টে চল ৰাখা মোৰ শিখৰ সিন্দুৰ ॥১৮
ভ্ৰাতৃত ভকত তুমি লক্ষ্মণ কুমাৰ ।
ৰামক মাৰয় হেৰা ঘোৰ নিশাচৰ ॥১৯
আপদ কালত সৱে হিতাহিত জানি ।
স্বামী ভিক্ষা মাগোঁ বাপু মোক দিয়া আনি ॥২০
ভয়ে তমকিলা যেবে জনকৰ জীউ ।
হাত যোৰে লক্ষ্মণ আগত ভৈলা থিউ ॥২১
ভয় পৰিহৰি দেৱী কৰিয়োক ৰঙ্গ ।
ইটো ৰবি তলত ৰামৰ নাই ভঙ্গ ॥২২
সমৰ কৰন্ত যেৱে দেৱাসুৰ নৰে ।
সবাকো ৰাঘৱে জিনিৱন্ত একেশ্বৰে ॥২৩
পৰম দুৰ্জ্জয় ৰাম ত্ৰিভুৱনে বীৰ ।
ভয় পৰিহৰি দৃঢ় কৰিয়ো শৰীৰ ॥২৪
যিবা ৰাৱ শুনি দেৱী পঠোৱা আমাক ।
কদাচিতো নুহিবে ৰামৰ হেন বাক ॥২৫
স্ত্ৰীজাতি কাৰণে তোমাৰ হেন ভয় ।
মৃগমাৰি আসিৱন্ত নাহিকে সংশয় ॥২৬
হেন শুনি সীতা দেৱী কোপমান ভৈলা ।
নিষ্ঠুৰ বচন তাঙ্ক বুলিবাক লৈলা ॥২৭
হাওঁৰে পাপিষ্ঠ দুৰাচাৰ দুৰচিত্ত ।
আজিসি জানিলোঁ ৰাঘৱৰ যেন হিত ॥২৮
ৰামৰ মৰণে তোৰ আতিবৰ সুখ ।
গাৱ গুটি বাঘ তোৰ হৰিণৰ মুখ ॥২৯
মুখত অমৃত তোৰ চিত্ত বিষঘট ।
কাৰ্য্য পায়া আৱে হেৰ পাতিলি কপট ॥৩০
মোক ভাণ্ডি বোলস ৰামৰ নুহি ৰাৱ ।
আজিসি আছোহোঁ মই ৰাঘৱৰ ঠাৱ ॥৩১
হাওঁৰে চণ্ডাল ভৰতৰ ভাৰি খাইলি ।
চাটু বাটু কৰিয়া ৰামৰ লগে আইলি ॥৩২
সতিনীৰ পুত্ৰ কদাচিত নোহে হিত ।
নজানিয়া ৰামে তোক চপাইলে সন্নিত ॥৩৩
লখিলোঁহোঁ পাপিষ্ঠ তোহোৰ যেন আশ ।
ৰামৰ মৰণে মোক ভজিবাক চাস ॥৩৪
স্বামী অবিহনে অগণিত ঝাস দিবোঁ ।
গলত কটাৰ হানি তেখনে মৰিবোঁ ॥৩৫
চৰণে নুচুইবোঁ পৰ পুৰুষক আন ।
কি কাৰণে পাপিষ্ঠ কৰস অপমান ॥৩৬
আপুনি ইতৰ হুয়া বাঞ্ছা কৰ মোক ।
ৰাম মত্তগজ আগে মৃগ দেখোঁ তোক ॥৩৭
হেন বুলি সীতা হৃদয়ত মুষ্টি হানি ।
কেশ আজুৰিয়া বৰে কান্দন্ত গোসাঁনী ॥৩৮
সীতাৰ দুৰ্ব্বাৰ বাক্য শুনিয়া লক্ষ্মণে ।
ভূমিকাণ পৰশি বুলিলা তেতিক্ষণে ॥৩৯
তুমি মোৰ দেৱী ৰামচন্দ্ৰ আদিদেৱ ।
দুইহান চৰণ চাৰি আন নাহি কেৱ ॥৪০
হেনয় স্বভাৱ নিদাৰুণ স্ত্ৰীজাতি ।
ভাই ভাই বেলগাৱে মাঝে দিয়া কাটি ॥৪১
অযুগুত বোল মোক বুলিলাহা কিক ।
ক্ষিপ্ৰবাদী দাৰুণী তোমাক আছো ধিক ॥৪২
চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হুইবা সাখি ।
সীতা পৰিহৰি চলোঁ আপোনাক ৰাখি ॥৪৩
বাসনায়ে বুলিলন্ত বিয়াকুল মনে ।
কেনে একেশ্বৰে থিত হুইবা ঘোৰ বনে ॥৪৪
বিমঙ্গলোঁ দেখাঁহোঁ অনেক বিপৰীত ।
কত ভাগ্যে পাইয়া তুমি ৰামৰ সন্নিত ॥৪৫
আপুনি জানাহা এথা ৰাক্ষস আশেষ ।
যাইবোকি নযাইবো ঝাণ্টে কৰিয়ো আদেশ ॥৪৬
সীতায়ে বোলন্ত ঝাণ্টে চল লখাই বীৰ ।
ৰাম ৰাৱ শুনি মোৰ নসহে শৰীৰ ॥৪৭
স্বামী অবিহনত গৰল বিষ খাইবোঁ ।
নুহি গোদাৱৰী জলে প্ৰাণক সুঝাইবোঁ ॥৪৮
লক্ষ্মণে সীতাক গৈয়া প্ৰদক্ষিণ কৰি ।
চৰণে প্ৰণামি হাতে ধনুৰ্ব্বাণ ধৰি ॥৪৯
ৰামৰ পাশক লাগি চলিলা বিমনে ।
সীতাৰ লিখিত তাক বাধিব কমনে ॥৫০
ৰাঘৱৰ পাশক লক্ষ্মণ যেবে যান্ত ।
সীতাৰ স্নেহত পুনু উলটিয়া চান্ত ॥৫১
লক্ষ্মণে গৈলন্ত যেবে ৰাঘৱৰ ভিতা ।
ঘোৰ অৰণ্যত একেশ্বৰী ভৈলা সীতা ॥৫২
শ্ৰীৰাম লক্ষ্মণ যেবে নাইকন্ত পাশে ।
কান্দন্তে আছন্ত স্বামী মৰণ তৰাসে ॥৫৩
ধূলি ধূসৰিত আতি চান্ত চাৰি দিশা ।
চন্দ্ৰ অবিহনে যেন অন্ধকাৰ নিশা ॥৫৪
লক্ষ্মণ গৈলন্ত জানকীক দিয়া পিঠি ।
বৰশীয়া ৰাৱণৰ পুঙাতেসে দৃষ্টি ॥৫৫
বসিয়া আছন্ত সীতা সুনিৰ্ম্মল দেশে ।
সন্নিত চাপিল গৈয়া ভিক্ষুকৰ বেশে ॥৫৬
মেৰাইলেক গাৱত কপিন এক বস্ত্ৰ ।
পানৈত চৰিল সিটো কান্ধে এক ছত্ৰ ॥৫৭
কাখে ঝুলি কন্থা কমণ্ডলু ধৰি হাতে ।
মাথাত ৰুদ্ৰাক্ষ মালা তপসী সাক্ষাতে ॥৫৮
শ্ৰীৰাম লক্ষ্মণ দুই চন্দ্ৰ সূৰ্য্য ভৈলা ।
সীতা সন্ধ্যা এৰিয়া বহুত দূৰ গৈলা ॥৫৯
অন্ধকাৰ ৰাৱণ চাপিল গৈয়া কোল ।
সীতাৰ ৰূপক দেখি হুয়া গৈল ভোল ॥৬০
মদনে দগধ দেহ শৰীৰ নসহে ।
সীতাক পাইলেক যেন শনৈশ্চৰ গ্ৰহে ॥৬১
সীতাক দেখিয়া চক্ষু ন ভাৱয় আৰ ।
মনে মনে গুণে কন্যা জগতৰ সাৰ ॥৬২
ৰাৱণক ডৰে পক্ষী নকাঢ়য় ৰাৱ ।
মাৰিবাক ডৰে ধীৰে ধীৰে বহে বাৱ ॥৬৩
সূৰ্য্যে এৰিলন্ত নিজ প্ৰচণ্ড প্ৰভাৱ ।
অনুকূল হুয়া যোগাৱন্ত তাৰ গাৱ ॥৬৪
দুৰ্ব্বাৰ ৰাক্ষসে ভিক্ষুবেশক ধৰিল ।
কতোহোঁ দূৰত থাকি আশংসা কৰিল ॥৬৫
বেদধ্বনি উচ্চৰিল দীৰ্ঘ কৰি ৰাৱে ।
সীতাক বুলিবে লৈল বিনয় স্বভাৱ ॥৬৬
কাহাঁৰ ৰমণী তই কহিয়োক কায ।
কি কাৰণে আসি ভৈল ঘোৰ বনমাঝ ॥৬৭
শৰীৰৰ কান্তি দেখিবাক অনুপাম ।
কৈৰহন্তে আসিলা তোমাৰ কিবা নাম ॥৬৮
তোহোৰ বদন পূৰ্ণচন্দ্ৰৰ উদয় ।
চামৰক জিনিয়া প্ৰকাশৈ কেশচয় ॥৬৯
ভ্ৰুব যুগ জ্বলৈ যেন চাপ মদনৰ ।
মনোহৰ কটাক্ষ কামৰ পঞ্চশৰ ॥৭০
কুণ্ডল লৰয় দেখি মিলিল তৰাস ।
তোৰ মুখ দেখি ৰাহু গৈল সমীপাশ ॥৭১
যুৱত মোহন কিনো অধৰৰ কান্তি ।
সুপক্ক দাড়িম বীজ দশনৰ পান্তি ॥৭২
বদন উপৰে দুই নয়ন জ্বলয় ।
খঞ্জন যুগল যেন কমনে চৰয় ॥৭৩
ললিত বলিত নিৰন্তৰ তনভাৰ ।
উপৰত পৰি জ্বলৈ গজমতি হাৰ ॥৭৪
গগনত যেন চন্দ্ৰ ৰেখা দ্বিতীয়াৰ ।
আতিশয় ৰঞ্জয় গঞ্জয় যত তাৰ ॥৭৫
ৰাতুল কমল যেন পদতল তোৰ ।
বলিত অঙ্গুলী যেন চন্তকৰ কোৰ ॥৭৬
ত্ৰিবলিত উদৰ কঙ্কাল আতি সৰু ।
সাক্ষাতে দেখিয় যেন হৰৰ ডম্বৰু ॥৭৭
সুবলিত ৰাহু পীন নিতম্ব জঘন ।
ৰাতুল চৰণ যুগে মোহে মুনিগণ ॥৭৮
দেখি তোৰ লীলা গতি আতিবৰ লাজে ।
মত্তগজ গুচি গৈল সৰোবৰ মাঝে ॥৭৯
ৰত্নকাঞ্চি কঙ্কণ নূপুৰ ৰুণু ঝুণু ।
জলে পশি থাকিল সকলে হংসগণ ॥৮০
তোৰ ৰূপ অলঙ্কাৰ শোভে আতিশয় ।
কমল প্ৰকাশে যেন ৰবিৰ উদয় ॥৮১
শঙ্কৰৰ ভাৰ্য্যা কিবা তুমি মহামায়া ।
মাধৱৰ লক্ষ্মী কিবা আদিত্যৰ ছায়াঁ ॥৮২
বাসৱৰ ভাৰ্য্যা কিবা ৰম্ভা অপেশ্বৰা ।
দেৱ গুৰু ভাৰ্য্যা কিবা তুমি সতী তাৰা ॥৮৩
জগতৰ ৰূপগুণ একত্ৰ কৰিল ।
অনেক প্ৰৱন্ধে তোক বিধিয়ে গঢ়িল ॥৮৪
ত্ৰৈলোক্য জিনিতে মদনৰ পঞ্চ বান ।
বেশ দেখি কমন মুগুধে ধৰে প্ৰাণ ॥৮৫
ৰাজ ৰাজেশ্বৰ পটেশ্বৰীক উচিত ।
হেন তোৰ বনবাস কিনো বিপৰীত ॥৮৬
দণ্ডকাৰ বন এথা ৰাক্ষস বহুত ।
কোথা হন্তে আসি ভৈলা কহিয়ো প্ৰস্তুত ॥৮৭
হেন শুনি সীতা বৰ বিস্ময়ক পাইল ।
ঋষি বেশ দেখি তাক মাত পুৰুজাইল ॥৮৮
জনকৰ জীউ আমি নাম মোৰ সীতা ।
দশৰথ শ্বশুৰ ৰামৰ বিবাহিতা ॥৮৯
বাপৰ আদেশে ৰাম আসি ভৈলা বন ।
তুলত আসিল মোৰ দেৱৰ লক্ষ্মণ ॥৯০
বনবাস দুখে আতি তিনিৰো নিকাৰ ।
পঞ্চিশ বৰিষ আবে স্বামীৰ আমাৰ ॥৯১
ৰূপে গুণে ত্ৰিভুৱনে ধনুৰ্দ্ধৰ সাৰ ।
ষোড়শ বৰিষ আৱে সম্পূৰ্ণ আমাৰ ॥৯২
শুনিয়োক মুনিৰাজ কৌতূহল মনে ।
নিশাচৰ বল মাৰিলন্ত এহি থানে ॥৯৩
ত্ৰিশিৰা দূষণ খৰ পৰম দুৰ্জ্জয় ।
ৰামৰ হাতত গৈল যমৰ নিলয় ॥৯৪
চৌধয় সহস্ৰ আসিলেক নিশাচৰ ।
ৰামৰ হাতত পৰি গৈলা যম ঘৰ ॥৯৫
দুৰ্ব্বাৰ ৰাক্ষস ৰামে যত যত পাইল ।
ৰাঘৱৰ বানে সবে খেদি খেদি খাইল ॥৯৬
ৰাৱণে বোলয় সীতা তোৰ ৰূপ সাৰ ।
হেন ৰূপৱতী ত্ৰিভুৱনে নাহি আৰ ॥৯৭