জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৬ অধ্যায়
জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক কাণ ছেদন
ৰঙ্গে তিনিহন্তে পঞ্চবটীক চলন্ত ।
পথত জটায়ু গৃধ্ৰৰাজে দেখিলন্ত ॥১
ৰামক বোলন্ত দশৰথৰ তনয় ।
বাপাহাৰ মিত্ৰ মই হুয়ো পৰিচয় ॥২
পিতৃ হেন জানি ৰাম মহা তুষ্ট মনে ।
তাঙ্ক বহুমান কৰিলন্ত তেতিক্ষণে ॥৩
ৰাঘবে বোলন্ত শুনিয়োক গৃধ্ৰৰাজ ।
কোন বংশে উতপতি কহিয়োক কাজ ॥৪
হেন শুনি কহিতে লাগিলা পক্ষীবৰ ।
নামত বৈনতা তেহেঁ দুহিতা দক্ষৰ ॥৫
স্বামীত ভকতা আতি পৰম সুন্দৰী ।
ৰূপে গুণে ত্ৰিভুৱনে নাহি সৰিবৰী ॥৬
কাশ্যপে বিহাইলা তাঙ্ক শুনিয়োক কায ।
তাহান গৰ্ভত উপজিলা পক্ষীৰাজ ॥৭
গৰুড়ৰ পুত্ৰ আমি কাশ্যপৰ নাতি ।
জ্যেষ্ঠ ভাই আৰো মোৰ আছন্ত সম্পাতি ॥৮
নাম মোৰ জটায়ু জানিবাঁ শুদ্ধভাৱ ।
মোৰ থান জানা যেন বপাহৰ ঠাৱ ॥৯
হেন শুনি ৰাঘৱ হৰিষ বৰ ভৈলা ।
গৃধ্ৰৰাজ সমে পঞ্চবটী চলি গৈলা ॥১০
স্নান পান কৰি নিতে গোদাৱৰী জলে ।
মহাসুখে ভুঞ্জিলা অমৃত সম ফলে ॥১১
জটায়ুক ৰাঘৱে কৰিলা বহুমান ।
আশংসিয়া পক্ষী গৈলা আপোনাৰ থান ॥১২
বন্ধুজন দেখি যেবে পক্ষীৰাজ গৈলা ।
বিবিধ বিনোদে তিনিহন্তে থিত ভৈলা ॥১৩
শ্ৰীৰাম লক্ষ্মণ সীতা ত্ৰিভুৱন পাল ।
পঞ্চবটী দেশত বঞ্চিলা কতো কাল ॥১৪
ৰাৱণৰ বাহিনীৰ শূৰ্পনখা নাম ।
ফুৰন্তে ভ্ৰমন্তে দেখে বসি আছে ৰাম ॥১৫
কমল নয়ন দীৰ্ঘ বাহু মনোৰম ।
মনোহৰ বেশ ত্ৰিভুবনে নাহি সম ॥১৬
বদন মণ্ডল শোভে পূৰ্ণ শশধৰ ।
ৰুচিকৰ কৰ্ণ কম্বুকণ্ঠ মনোহৰ ॥১৭
সুন্দৰ নাসিকা সম নোহে তিলফুল ।
বন্দুলি অধিক শোভে অধৰ ৰাতুল ॥১৮
সিংহবন্ধু স্কন্ধ কেশ নীল আকুঞ্চিত ।
বক্ষস্থলে সুন্দৰ উদৰ ত্ৰিবলিত ॥১৯
ভুজযুগ মৃণাল কোমল সুললিত ।
মদনৰ ধনুসম ভ্ৰুব সুবলিত ॥২০
ৰত্নৰ শলাকা নম আঙ্গুলী জ্বলয় ।
হ্স্ত পদ্মে শোভে আৰকত নখচয় ॥২১
উৰু ৰামকল সুবলিত জঙ্ঘা দুই ।
চৰণৰ কান্তি পদ্ম কেশো সম দুই ॥২২
অঙ্গুলি উজ্জ্বল নখ চন্দ্ৰমাক গঞ্জে ।
পদতল ধ্বজ বজ্ৰ যৱে আতি ৰঞ্জে ॥২৩
হেন চমত্কাৰ ৰূপ লাৱণ্য প্ৰচুৰ ।
কোটি কন্দৰ্পৰ দৰ্প দেখি হোৱে চূৰ ॥২৪
সুন্দৰী সীতাক দেখি মনে পৰি তাই ।
কিনো স্বামী পাইলে এই কত তপসাই ॥২৫
দেৱ দেৱী ক্ৰীড়ে যেন স্বৰ্গে সুখে বসি ।
ৰোহিনী সহিতে যেন ক্ৰীড়ে পূৰ্ণশশী ॥২৬
বিমৰিষ কৰে শূৰ্পনখা মনেমন ।
এহেঁ স্বামী নোহে যেৱে নিষ্ফল জীৱন ॥২৭
হেন বেশ ধৰোঁ আমি ত্ৰৈলোক্যমোহন ।
মোক দেখি ৰামৰ ভোলয় যেন মন ॥২৮
তাহান ঘৰিণী আছে কোন বা সুন্দৰী ।
ভজিবন্ত মোহোত তাহাঙ্ক পৰিহৰি ॥২৯
বৃদ্ধা ৰাক্ষসীৰ মায়া জানয় আশেষ ।
নিজৰূপ এৰি ভৈল মোহিনীৰ বেশ ॥৩০
যথা বসি আছন্ত ৰাঘৱ হৃষীকেশ ।
পাৱ চালি ৰাক্ষসী আগত পৰবেশ ॥৩১
ত্ৰিভুৱন মোহিনী সুন্দৰী ভৈল বালা ।
ৰামৰ আগত গৈয়া কৰে কেলি কলা ॥৩২
অল্পহাঁস্য কৰি হেন বুলিলা বচন ।
কেনে হেন বেশ ধৰি আসি ভৈলা বন ॥৩৩
স্বৰূপ এৰিয়া কেনে তাপসৰ বেশে ।
কহিৰ গন্ধৰ্ব্ব আসি ভৈলা বনদেশে ॥৩৪
অসঙ্খ্যাত ৰাক্ষস আছয় এহি থান ।
ঋষি সব মাৰিয়া ৰুধিৰ কৰে পান ॥৩৫
কোথা হন্তে আসিলা কোনৱা বাপমাৱ ।
কিকাৰণে তেজিলাহাঁ আপোনাৰ ঠাৱ ॥৩৬
কিবা নাম তোমাৰ কমন জাতিকুল ।
স্বৰূপ কৰিয়া কহিয়োক আদিমূল ॥৩৭
ৰামে বুলিলন্ত বাপ দশৰথ ৰাজ ।
তান সত্য পালি আসি ভৈলোঁ বনমাজ ॥৩৮
কৌশল্যা জননী জানা মোৰ নাম ৰাম ।
মোৰ ভাই কনিষ্ঠ লক্ষ্মণ আন নাম ॥৩৯
জনকৰ জীউ এন্তে সুবদনী সীতা ।
পতিব্ৰতা ৰমণী আমাৰ বিবাহিতা ॥৪০
ৰাজ্যৰ ভোগত এন্ত কৰিয়া নৈৰাশ ।
আমাৰ লগত আসি লৈলা বনবাস ॥৪১
কিবা নাম তোমাৰ কহিবা বিতোপনী ।
কোন থানে উতপতি সংসাৰ মোহিনী ॥৪২
কাহাৰ ৰমণী কোন থানে তোৰ বাস ।
কিকাৰণে আসিলাঁ আমাৰ তুমি পাশ ॥৪৩
শঙ্কৰৰ ভাৰ্য্যা কিবা তুমি সে পাৰ্ব্বতী ।
ৰোহিনী ভৰণী চিত্ৰা নুহিবা ৰেবতী ॥৪৪
কিবা অপেস্বৰী তুমি গন্ধৰ্ব্বৰ নাৰী ।
কটাক্ষতে ত্ৰিভুৱন মোহিবাক পাৰি ॥৪৫
শুনিয়োক ৰাম মই কহবোঁ কাহিনী ।
শূৰ্পনখা নাম লঙ্কেশ্বৰৰ বহিনী ॥৪৬
ঋষিসব মাৰিয়া ভুঞ্জোহোঁ প্ৰতিনিত ।
ধৰ্ম্মস্থান বিধ্বংসি দণ্ডকাৰণ্যে থিত ॥৪৭
তোমাৰ স্বৰূপ দেখি হুয়া গৈলোঁ ভোল ।
সুন্দৰ বদনে মাগোঁ আলিঙ্গন কোল ॥৪৮
মানুষৰ চাৰনাৰী পৰিহৰিয়োক ।
তোমাৰ আমাৰ দৃঢ় আলিঙ্গন হোক ॥৪৯
মই যাৰ ভাৰ্য্যা ভৈলোঁ তাৰ কিবা ডৰ ।
শ্ৰেষ্ঠ ভাই আমাৰ দুৰ্জ্জয় লঙ্কেশ্বৰ ॥৫০
ত্ৰিভুবন বিজয়ী সমান নাহি কেৱ ।
তান পাশে খাটয় ত্ৰিদশ কোটিদেৱ ॥৫১
বিভীষণ কুম্ভকৰ্ণ ভাই ৰাৱণৰ ।
আৰো খৰ দূষণ আছয় বীৰবৰ ॥৫২
ৰাৱণৰ পুত্ৰ মহাবীৰ ইন্দ্ৰজিত ।
যাৰ নাম শুনি ত্ৰিভুৱনে ভয়ভীত ॥৫৩
সীতাক এৰিয়া ৰাম মোক কৰাঁ সাৰ ।
আপুনি পশিলোঁ আসি সুলক্ষ্মী তোমাৰ ॥৫৪
প্ৰভুৰ মুখৰ যেৱে বচনেক পাওঁ ।
মানুষী সীতাক এতিক্ষণে মাৰি খাওঁ ॥৫৫
তোমাৰ স্বৰূপ দেখি বিয়াকুল গাৱ ।
সীতাক এৰিয়া ৰাম মোত কৰাঁ ভাৱ ॥৫৬
মোহিনীৰ বোলে ৰাম বিস্ময়ক পাইল ।
কৰিয়া ঈষত হাঁস্য লক্ষ্মণক চাইল ॥৫৭
পৰিহাঁস বোল তাইক বুলিলন্ত ৰাম ।
ধন্যতো জীৱন তোৰ শূৰ্পনখা নাম ॥৫৮
মহা পতিব্ৰতা নাৰী আছে মোৰ সীতা ।
মোহোক নলাগে চল লক্ষ্মণৰ ভিতা ॥৫৯
আমাৰ বচন তই দৃঢ় মনে ধৰ ।
ভয়াই অনাথ শিশু তাৰো গতি কৰ ॥৬০
সীতাৰ ৰামৰ চিত্ত দৃঢ় ভাৱে লখি ।
লক্ষ্মণৰ পাশক চলিলা শূৰ্পনখী ॥৬১
তাহান স্বৰূপ দেখি কৌতূহল মন ।
কৰযোৰে সুন্দৰী আগত উপসন্ন ॥৬২
শূৰ্পনখা বোলে শুনা লখাই মহাবীৰ ।
কামদেৱ যেন শোভে তোমাৰ শৰীৰ ॥৬৩
সম্পূৰ্ণ চন্দ্ৰতো কৰি শোভয় বদন ।
প্ৰফুল্ল কমল জিনি প্ৰকাশে নয়ন ॥৬৪
ৰুচি কৰ কৰ্ণ কম্বুকণ্ঠ মনোহৰ ।
নাসা তিলফুল জিনি চিবুক সুন্দৰ ॥৬৫
মদনৰ ধনু সম ভ্ৰুৱে কৰে কান্তি ।
অৰুণ অধৰ দন্ত মুকুতাৰ পান্তি ॥৬৬
শিৰ চক্ৰাকৃতি নীল আকুঞ্চিত কেশ ।
ত্ৰিভুৱন জিনি ৰূপ মনোহৰ বেশ ॥৬৭
তপ্ত সুৱৰ্ণৰ কান্তি শৰীৰ নিৰুজ ।
মৃণাল সদৃশ সুবলিত দুই ভুজ ॥৬৮
নখচন্দ্ৰ জিনি আৰকত কৰতল ।
ৰত্নৰ শলকা সম অঙ্গুলী উজ্জ্বল ॥৬৯
বক্ষস্থল সুন্দৰ উদৰ ত্ৰিবলিত ।
উৰু কৰিকৰ সম জঙ্ঘা সুবলিত ॥৭০
নৱ পদ্মকোষ সম অঙ্গুলীৰ পান্তি ।
আৰকত নখচন্দ্ৰচয় কৰৈ কান্তি ॥৭২
পদতল ৰাতুল পঙ্কজ মনোৰম ।
শৰীৰ শীতল কান্তি কোটি চন্দ্ৰ সম ॥৭৩
দণ্ডকৰ বন তিনি ভুৱনত সাৰ ।
ইহাত ৰমণ হোক তোমাৰ আমাৰ ॥৭৪
যেহেন নদীৰ জল ন থাকয় ৰহি ।
সেহি মতে নৰৰ যৌৱন যাই বহি ॥৭৫
তোমাৰ আমাৰ ৰূপ জগততে সাৰ ।
গুচায়ো বিৰহ দুঃখ আশেষ নিকাৰ ॥৭৬
লক্ষ্মণে বোলন্ত শুন অৰে শূৰ্পনখী ।
তোৰ ৰূপ কমন যুবতে প্ৰাণ ৰাখি ॥৭৭
পৰাধীন প্ৰাণীৰ জীৱন আছোধিক ।
নিষ্ফল প্ৰাৰ্থনা মোত কৰিবয় কিক ॥৭৮
ৰাঘৱৰ ভৃত্য মই নোহো স্বতন্তৰ ।
মোহোত ভজিলে দুঃখ লভিবি বিস্তৰ ॥৭৯
উত্তম কুলত তোৰ জন্ম শূৰ্পনখা ।
ৰাৱণৰ বহিনী দাসত কৰা আশা ॥৮০
তোৰ কথা শুনন্তে মোহোৰ উথে হাঁসি ।
মোৰ ভৰ্য্যা ভৈলে জানকীৰ হুইবি দাসী ॥৮১
উত্সৃষ্ট গুচায়া নিতে থাকিবি সীতাৰ ।
অনিদ্ৰে থাকিবি পাইবি ক্ষুধাৰ নিকাৰ ॥৮২
তোৰ মোৰ দেখা দেখি হুইবেক নপাইব ।
শোকে দুঃখে তোহোৰ যৌৱন বহি যাইব ॥৮৩
তোহোৰ যৌৱন ভাৰ তেবেসে সাম্ফল ।
পৰিবৰ্ত্তী দুনাই ৰামৰ পাশে চল ॥৮৪
লক্ষ্মণৰ বচনক সাৰ কৰি লৈল ।
পৰিহাঁস নুবুজি ৰামৰ পাশে গৈল ॥৮৫
মদনে দগধ ভৈল বিয়াকুল চিত্ত ।
এক দোৱা কৰি পাইল ৰামৰ সন্নিত ॥৮৬
ৰাঘৱত কহে মোক এৰিল লক্ষ্মণে ।
স্বৰূপতো আসি ভৈলোঁ তোমাৰ কাৰণে ॥৮৭
মানুষী সীতাক তুমি মানাসা সুন্দৰী ।
পাপিষ্ঠীৰ কাযে মোক অবমান কৰি ॥৮৮
মোৰ সতিনীক দেখিবাকো নোহো যোগ ।
সীতাক মাৰিয়া আজি কৰোঁ উপভোগ ॥৮৯
মানুষী নাৰীক মাৰি পেশোঁ যম পাশে ।
তুমি সমে ক্ৰীড়োঁ পাচে মনত উল্লাসে ॥৯০
ৰামৰ ভাৰ্য্যাক তাই ভুঞ্জিবাক মনে ।
ৰাক্ষসীৰ বেশক ধৰিল তেতিক্ষণে ॥৯১
ভয়ঙ্কৰ বেশ ভৈল পেট গোট খাল ।
লহ লহ জিহ্বা খন দেখিতে বিশাল ॥৯২
আকট বিকট দন্ত উচ্চ নাক গোট ।
কেশ পাশ বিকৃত লেড়ুয়া দুই ওঁঠ ॥৯৩
ডিমৰুৰ পাত যেন খসমস গাৱ ।
লোমচয় উভতা ভেঙ্গুৰা দুই পাৱ ॥৯৪
দুই গোট চক্ষু জ্বলে অগনিৰ ঠান ।
কুৰি গোটা নখ তাইৰ বজ্ৰৰ সমান ॥৯৫
ভয়ঙ্কৰ বেশে জানকীৰ পাশ পাইল ।
ৰাহুৰ ভাৰ্য্যায়ে যেন ৰোহিনীক ধাইল ॥৯৬
আথ বেথ কৰি ৰামে ভেণ্টিলন্ত আগ ।
প্ৰাণ ভাই লক্ষ্মণ সত্বৰে লইয়ো লাগ ॥৯৭
দুঃখ কালে জানকীক দেহ প্ৰাণ দান ।
ঝাণ্টে আসি কাট ৰাক্ষসীৰ নাক কাণ ॥৯৮
ৰামৰ বচন যেবে পৰিতোল পাইল ।
হাতে খাণ্ডা ধৰিয়া লক্ষ্মণ বীৰে ধাইল ॥৯৯
শিয়ালীক লাগি যেন কেশৰী কিটাইল ।
নাক কাণ কাটি তাইক ডাকিয়া পঠাইল ॥১০০
স্ত্ৰীজাতি কাৰণেসে ৰাক্ষসী জীলেক ।
নাকৰ কাণৰ তেজ আপুনি পীলেক ॥১০১
আৰ্ত্তনাদ কৰি তাই কান্দন্তহি যাই ।
লক্ষ্মণে পাইলেক বুলি ফিৰি চাই ॥১০২
আখি দুই তৰল মুখত নাই পান ।
লক্ষ্মণৰ হাতে আসি ভৈলোহোঁ নিৰ্য্যাণ ॥১০৩
কটা নাক কাণ দুই হাতে ধৰি নেই ।
গিৰিসাই পৰিল খৰৰ আগে গই ॥১০৪
খৰ দূষণৰ আগে পৰিয়া কান্দয় ।
নাকৰ কাণৰ বিষে বচন নাসয় ॥১০৫
বিপৰীত দেখি দুয়ো চাহিয়া আছয় ।
খন খন কৰি শূৰ্পনখা কথা কয় ॥১০৬
শুন খৰ দূষণ কৰিয়ো প্ৰতিকাৰ ।
নাকৰ কাণৰ পীড়া সৈবোঁ কত আৰ ॥১০৭
তোমাৰ ভগিনী মোৰ দেখিয়ো বিপত্তি ।
মানুষে কৰিলে মোৰ এদূৰ সঙ্গতি ॥১০৮
তাইৰ বিপত্তি দেখি ক্ৰোধিলেক খৰ ।
কমন মুগুধে যাই যমৰ নগৰ ॥১০৯
ৰাৱণৰ বহিনীক কৰাইলে অবমান ।
মৰিবাক লাগিয়া কাটিলে নাক কাণ ॥১১০
আপোনাৰ দ্বেষে সিটো আপুনি নাশয় ।
কোপকৰি ছাগে গল কটাৰ ঘষয় ॥১১১
কটকটাই ঘাৰ কোনে খুজি ফুৰে কাটি ।
যমক ৰণত কাৰ মোলচিল পাতি ॥১১২
মৃগ হুয়া কেনে জনে জগাইলেক বাঘ ।
ক্ৰোধকৰি শৃগালে সিংহৰ ভৈল আগ ॥১১৩
ক্ষুদ্ৰ পশু হুয়া কোনে জঙ্কলেক হাতী ।
খঙ্গাল গোমৰ কঙ্কালত দিলে লাঠি ॥১১৪
স্বভাৱে মানুষ জাতি আমাসাৰ ভক্ষ্য ।
অসুৰেয়ো কদাচিতো নাচৰে বিপক্ষ ॥১১৫
নাহিকে প্ৰয়াস জিনিবাক নাগলোক ।
ঝাণ্টে কহ কোনে হেন কৰিলেক তোক ॥১১৬
কোন জনে নাক কাণ কাটিলে তোমাৰ ।
কহ শীঘ্ৰে কৰি মোত সাধোঁ প্ৰতিকাৰ ॥১১৭
হেন শুনি শূৰ্পনখা বুলিলেক বাণী ।
শুন দুই ভাই মই কহওঁ কাহিনী ॥১১৮
ফুৰন্তে ভ্ৰমন্তে মই গৈলোঁ পঞ্চবটী ।
দেখিলোঁ মানুষ দুই তাপসীয়া জাতি ॥১১৯
তূণবাণ খড়্গ হাতত ধৰি চাপ ।
বৰ বৰ বীৰকো লগাইতে পাৰে কাপ ॥১২০
ৰাম লক্ষ্মণৰ মাজে সীতা বৰ নাৰী ।
তাইৰ ৰূপক কোনে বৰ্ণাইবাক পাৰি ॥১২১
তৰুণ সুন্দৰ তিনি এক থানে থিত ।
ভুঞ্জিবাক লাগি মই চাপিলোঁ সন্নিত ॥১২২
ধৰিয়া লক্ষ্মণে কাটিলেক নাক কাণ ।
সিকাৰণে মোহোৰ বিপত্তি এতমান ॥১২৩
তিনিৰো শোণিত কৰিবাক পাওঁপান ।
তেবেসে হোৱয় মোৰ যশ বহুমান ॥১২৪
শূৰ্পনখা বাক্যে খৰ ক্ৰোধে ভৈল বশ ।
তেতিক্ষণে পাঞ্চি দিলা চৌধয় ৰাক্ষস ॥১২৫
শুনিয়োক চৌধয় ৰাক্ষস মহাবীৰ ।
সত্বৰে মাৰিয়ো এই পীয়োক ৰুধিৰ ॥১২৬
চৌধয় হাজাৰ দল তুলত আছিল ।
সহস্ৰেক দলমাঝে একৈক বাচিল ॥১২৭
আগুৱান যুঝে পাচ গুচিল থাকিল ।
ৰণক যাইবাক বীৰ কাচনে কাচিল ॥১২৮
বাঘহেন চৌধ গোটা ৰাক্ষসে জাম্পিল ।
চৰণৰ প্ৰহাৰত পৃথিবী কাম্পিল ॥১২৯
ৰাৱণৰ বহিনী চলিলা আগুৱান ।
সমৰ ভূমিক লাগি কৰিল পয়ান ॥১৩০
চৌধয় বীৰৰ আঙ্গাৰৰ বৰ্ণ গাৱ ।
চলি গৈল মেঘ যেন ৰাঘৱৰ ঠাৱ ॥১৩১
সত্ত্বৰ গমনে পঞ্চবটী দেশ পাইল ।
ৰামে দেখি লক্ষ্মণত তৈখনে জনাইল ॥১৩২
শুনা ৰামায়ণ হৌক জন্মৰ সাফল ।
কলি মল গুচি মহা মিলিবে মঙ্গল ॥১৩৩
ঘোৰ সংসাৰক তেবে তৰিবাহাঁ সুখে ।
পলাউক পাতক ৰাম ৰাম বোলা মুখে ॥১৩৪