পায়স ভক্ষণ আৰু সন্তান জন্ম
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৩ অধ্যায়
পায়স ভক্ষণ আৰু সন্তান জন্ম
পায়া ৰাজা পায়স হৰিষ বিপৰীত ।
দেৱে যেন সাগৰত পাইলন্ত অমৃত ॥১
জগত দুৰ্ল্লভ ইতো পায়স সাক্ষাত ।
চাৰি অংশে বিষ্ণু তেজ আছয় ইহাত ॥২
দুই ভাগ পায়স কৰিয়া মহাৰাজ ।
দুই চৰু লৈয়া গৈলা অন্তঃপুৰ মাজ ॥৩
কৌশল্যা কৈকেয়ী দুই মহাদৈক দিল ।
পায়স ভুঞ্জিতে ৰাজা দুই হাঙ্কো বুলিল ॥৪
ইহাক ভুঞ্জিলে হৈব উত্তম সন্ততি ।
চাৰি অংশে বিষ্ণু আসি হৈব উতপতি ॥৫
পায়সৰ পৰম মহিমা শুনি আতি ।
সাদৰে লৈলন্ত দুয়ো জনে হাত পাতি ॥৬
হৰিষে খোজন্ত দুয়ো পায়স ভুঞ্জিত ।
সুমিত্ৰা আসিয়া দুইৰো আগে ভৈলা থিত ॥৭
কিবা খাহা বাই বুলি পুছিলা বিনয় ।
শুনি কৌশল্যাৰ দায়া ভৈল আতিশয় ॥৮
কৈকেয়ীক বুলিলন্ত কৌশল্যা সুন্দৰী ।
সুমিত্ৰাক নিদি আমি খাইবোঁ কেনে কৰি ॥৯
পাচে বুলিলন্ত নৃপতিৰ বিদ্যমান ।
সুমিত্ৰাক দিবে আজ্ঞা কৰাঁ কিছুমান ॥১০
হাসিলা নৃপতি কৌশল্যাৰ বাণী শুনি ।
সুমিত্ৰাকো দিবে আজ্ঞা দিলা মহামানী ॥১১
পাচে আসি বশিষ্ঠে দিলন্ত শুভক্ষণ ।
শুদ্ধ হুয়া কৰিবন্ত পায়স ভক্ষণ ॥১২
চাৰি অংশে বিষ্ণু আসি হৈব অৱতাৰ ।
ভুঞ্জিব পায়স কৰি মঙ্গল আচাৰ ॥১৩
বশিষ্ঠৰ বচন শুনিয়া তিনি জনে ।
আচৰি মঙ্গল শুদ্ধ হয়া শুভক্ষণে ॥১৪
পায়স ভুঞ্জিবে বসিলন্ত ভিন্নে ভিন্নি ।
প্ৰথমে ৰাজাৰ আজ্ঞা পাই দুই ৰাণী ॥১৫
পাচে সুমিত্ৰাক প্ৰতি আদেশ কৰিল ।
আগে দুই ভাগ দুই মহাদৈক দিল ॥১৬
কৌশল্যা কৈকেয়ী পাচে দুই পটেশ্বৰী ।
আপোনাৰ ভাগ দুয়ো দুই ভাগ কৰি ॥১৭
সুমিত্ৰাক দুই ভাগ দিলা ৰঙ্গ মনে ।
নিবন্ধন বাক্য বুলিলন্ত দুই জনে ॥১৮
শুনিবি সুমিত্ৰা তই আমাৰ উত্তৰ ।
আপুনি নিদিল তোক ভাগ নৃপবৰ ॥১৯
আমিসে স্নেহত ভাগ দিলোঁ তাক জান ।
এতেকেসে বোলোঁ আমি বচন বন্ধন ॥২০
যাৰ ভাগহন্তে তোৰ যিতো পুত্ৰ হয় ।
আমাৰ পুত্ৰৰ হৈব সহায় নিশ্চয় ॥২১
শুনি সুমিত্ৰাৰ ভৈল হৰিষ মনত ।
বোলন্ত বিনয় ভাৱে দুয়োৰে আগত ॥২২
শুনা দুয়ো জন বোলো স্বৰূপ বচন ।
হোৱে যেবে মোৰ দুই পুত্ৰ উতপন ॥২৩
হৈবেক সেবক তোৰা দুইৰো তনয়ৰ ।
শুনিয়া কৌতুক বৰ ভৈলা দুইহন্তৰ ॥২৪
অনন্তৰে তিনি জনে পখালিলা পাৱ ।
ধৌত বস্ত্ৰ পিন্ধি ভৈলা পবিত্ৰ স্বভাৱ ॥২৫
আপোনাৰ ভাগ সবে লৈয়া ৰঙ্গ মনে ।
পায়স ভোজন কৰিলন্ত তিনি জনে ॥২৬
পাচে পুষ্প শয্যাত শুতিলা তিনি সতী ।
শুভ লগ্নে অন্তঃপুৰে গৈলন্ত নৃপতি ॥২৭
অনুক্ৰমে প্ৰবেশিলা তিনিৰো শয্যাত ।
পুত্ৰকাম বিভাগে কৰিলা ৰেতঃপাত ॥২৮
নিদ্ৰা অচেতন তিনি দেবীয়ে আছন্ত ।
স্বপনত তিনিও দেখিল ভগৱন্ত ॥২৯
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি ।
স্বপ্নে তিনি মহাদৈক দেখা দিলা হৰি ॥৩০
গৰুড়ৰ দুই পাখা জ্বলে সুবৰ্ণৰ ।
তাহান স্কন্ধত বসি আছে দামোদৰ ॥৩১
মহা মেঘখণ্ড যেন মেৰুৰ উপৰে ।
দিশপাশ প্ৰকাশি শৰীৰ জৌতি কৰে ॥৩২
পীত বস্ত্ৰ জ্বলে আতি শ্যাম শৰীৰত ।
স্থিৰ বিদ্যুতিকা যেন প্ৰকাশে মেঘত ॥৩৩
গলে বনমালা মণি কৌস্ত্তভ কণ্ঠত ।
ৰত্ন উড়িয়ানি জ্বলে কটি প্ৰদেশত ॥৩৪
পূৰ্ণ শশধৰ ৰুচি প্ৰসন্ন বদন ।
প্ৰফুল্ল পঙ্কজ জিনি শোভয় নয়ন ॥৩৫
শ্যাম শৰীৰত শোভে ৰত্ন অলংকাৰ ।
নিৰ্ম্মল গগনে যেন তাৰা জাতিষ্কাৰ ॥৩৬
গৰুড়ৰ স্কন্ধে জলে পাদ পদ্ম দুই ।
শৰতৰ নিৰ্ম্মল পঙ্কজো সম নুই ॥৩৭
কটাক্ষ হাসিত যেন অমৃত বৰিষে ।
তিনি মহাদই চাই আছন্ত হৰিষে ॥৩৮
হৈব অৱতাৰ হেন দেখি স্বপনত ।
কৰিলন্ত স্নান হৰি সাগৰ জলত ॥৩৯
তিনিয়ো আগতে পাচে ভৈলা অন্তৰ্দ্ধান ।
স্বপনত হৰিক দেখিয়া বিদ্যমান ॥৪০
স্নান দান কৰিলন্ত উঠি প্ৰভাতত ।
কহিলা স্বৰূপ কথা ৰাজাৰ আগত ॥৪১
বিপৰীত স্বপন দেখিলা তিনি জনে ।
হৈব হৰি পুত্ৰ ৰাজা জানিলন্ত মনে ॥৪২
পাচে নাৰায়ণ আসি চাৰি মূৰ্ত্তি ধৰি ।
তিনি মহাদৈৰ গৰ্ভে প্ৰবেশিলা হৰি ॥৪৩
ধৰিলন্ত গৰ্ভ একেবাৰে তিনি জন ।
সূৰ্য্যৰ সদৃশ গৰ্ভ কৰয় প্ৰসন্ন ॥৪৪
গৰ্ভৰ প্ৰকাশে প্ৰকাশয় তিনি নাৰী ।
চক্ষু কটাৰয় ৰূপে চাহিতে নাপাৰি ॥৪৫
ঈশ্বৰ কৃষ্ণৰ তেজ বাঢ়য় গৰ্ভত ।
গৰ্ভভাবে তিনি হুয়া আছে অশকত ॥৪৬
তেজোময় গৰ্ভ আতি দেখিতে উজ্জ্বল ।
বিষ্ণুপুত্ৰ হৈবন্ত ৰাজাৰ কৌতূহল ॥৪৭
যেতিক্ষণে যিবা বস্তু খোজয় খাইবাক ।
হৰিষে নৃপতি তেতিক্ষণে দেয় তাক ॥৪৮
পঞ্চম মাসত চায়া দিন শুভক্ষণ ।
ঘৃত মধু পঞ্চামৃত কৰালা ভোজন ॥৪৯
নানা দ্ৰব্যে উত্সৱ কৰিয়া নানামত ।
কৰিলন্ত পুংসৱন অষ্টম মাসত ॥৫০
কৰন্ত গৰ্ভক ৰক্ষা যত দেৱগণ ।
হুয়া অৱতাৰ হৰি বধিবা ৰাৱণ ॥৫১
মুনি সবে আচৰিলা মঙ্গল অপাৰ ।
উপজিবা হৰি হৈব জগত উদ্ধাৰ ॥৫২
নাছাৰন্ত ৰাজা তিনি মহাদৈৰ পাশ ।
অনন্তৰে গৰ্ভ ভৈল পূৰ্ণ দশমাস ॥৫৩
শুভগ্ৰহ নক্ষত্ৰ মিলিল শুভক্ষণ ।
কৌশল্যা দেবীৰ পুত্ৰ ভৈলা উতপন ॥৫৪
জগতৰে সুমঙ্গল ভৈলন্ত উদয় ।
শীতল দীপিতি দশোদিশ প্ৰকাশয় ॥৫৫
ত্ৰিজগত লোকৰ কুশল হেতু হৰি ।
উপজিলা কৌশল্যাত নৰৰূপ ধৰি ॥৫৬
দেৱগণে স্তুতি নতি কৰে আকাশত ।
জয় জয় নৃত্য গীত কৰে নানামত ॥৫৭
যেতিক্ষণে কৌশল্যাত পুত্ৰ উপজিল ।
অন্তঃপুৰ মাজে মহা কৌতুক মিলিল ॥৫৮
জয় জয় কোলাহল কৰে হুলস্থূল ।
নানা নৃত্য গীত বাদ্য শবদ তুমুল ॥৫৯
সুগন্ধ শীতল জলে শিশুক ধোৱাইল ।
দুগ্ধ দিয়া সুকোমল শয্যাত শুৱাইল ॥৬০
অনন্তৰে দূতে নৃপতিত জান দিল ।
শুনা প্ৰভু কৌশল্যাত পুত্ৰ উপজিল ॥৬১
শুনি নৃপতিৰ হৰিষৰ নাহি পাৰ ।
দূতক দিলন্ত ৰাজা বস্ত্ৰ অলঙ্কাৰ ॥৬২
সবস্ত্ৰে নৃপতি পাচে কৰিলন্ত স্নান ।
বহুবিধ ৰত্ন ৰাজা কৰিলন্ত দান ॥৬৩
যতেক ভাণ্ডাৰ মানে সমীপতে পাইল ।
পুত্ৰৰ কল্যাণ হেতু সমস্তে বিলাইল ॥৬৪
তাত পাচে কৈকেয়ীৰ পুত্ৰ উপজিল ।
শুনি নৃপতিৰ মহা হৰিষ মিলিল ॥৬৫
আত অনন্তৰে শুভক্ষণ সময়ত ।
সুমিত্ৰাৰ পুত্ৰ দুই ভৈলন্ত বেকত ॥৬৬
সৰ্ব্ব সুলক্ষণ দুই জৱঞ্জা কুমাৰ ।
শুনি নৃপতিৰ নাহি আনন্দৰ পাৰ ॥৬৭
উপজিল চাৰি পুত্ৰ বংশৰ উদ্ধাৰ ।
হৰিষে বিলাইলা ৰাজ্য প্ৰধান ভাণ্ডাৰ ॥৬৮
ভূমিত বেকত যেবে ভৈলা দামোদৰ ।
খসিল মাথাৰ মণি ৰাজা ৰাৱণৰ ॥৬৯
দেখিয়া পুছিলা মাল্যৱন্তত ৰাৱণে ।
খসিল মাথাৰ মোৰ মণি কি কাৰণে ॥৭০
মাল্যৱন্ত বোলে শুনা কাৰণ ইহাৰ ।
যাহাৰ হাতত মৃত্যু হৈবেক তোমাৰ ।৭১
সেইজন পৃথিৱীত ভৈলা উতপন ।
শুনিয়া কুপিল মাল্যৱন্তক ৰাৱণ ॥৭২
গৰিহাৰ ছলে তাঙ্ক অনেক নিন্দিল ।
পুনৰপি তুলি মণি মাথাত পিন্ধিল ॥৭৩
যেতিক্ষণে অৱতাৰ ভৈলা নাৰায়ণ ।
তেখনৰ পৰা শুভ দেখে দেৱগণ ॥৭৪
নানাবিধ অশুভ দেখয় লঙ্কেশ্বৰ ।
শুনিয়োক কথামৃত আত অনন্তৰ ॥৭৫
দশৰথ ঘৰে হৰি ভৈলা অৱতাৰ ।
দেখিয়া উত্সুক বৰ ভৈল দেৱতাৰ ॥৭৬
দুন্দুভি শবদ আতি কৰে নিৰন্তৰে ।
বৰষিলা পুষ্প দশৰথৰ উপৰে ॥৭৭
শুভক্ষণ চাই দশৰথ নৃপবৰ ।
ক্ৰমে দেখিলন্ত মুখ চাৰিও পুত্ৰৰ ॥৭৮
পূৰ্ণিমাৰ চন্দ্ৰ যেন জ্বলন্তে আছয় ।
দেখি নৃপতিৰ ভৈলা আনন্দ হৃদয় ॥৭৯
মহানিধি লাভ যেন ভৈল দৰিদ্ৰৰ ।
লোভী পাইলা যেন পূৰ্ণঘট অমৃতৰ ॥৮০
বন্ধ আসি জীৱ যেন ভৈলন্ত মুকুত ।
সেহি মতে ৰাজাৰ আনন্দ অদভূত ॥৮১
তপহন্তে আসিল কৌশিক মুনিবৰ ।
বেদ পঢ়ি আশীৰ্ব্বাদ কৰিলা বিস্তৰ ॥৮২
নৃপতিৰ উপজিল চাৰি পুত্ৰবৰ ।
অযোধ্যাত মিলি গৈল আনন্দ বিস্তৰ ॥৮৩
নৃত্য গীত বাদ্যভণ্ড নানা কৌতুহল ।
আচৰিলা পূজা বহুবিধ সুমঙ্গল ॥৮৪
পৃথিৱীৰ ৰাজাগণে কৰি বহু যত্ন ।
দশৰথ ৰাজাক যোগাইল বহু ৰত্ন ॥৮৫
চাৰি মূৰ্ত্তি ধৰি ভৈলা ঈশ্বৰ বিদিত ।
মিলিল উত্সৱ সাতোদ্বীপা পৃথিৱীত ॥৮৬
দেৱৰ কৌতুক বৰ মিলিল স্বৰ্গত ।
পৰম আনন্দ ভৈল নগৰ লোকত ॥৮৭
ত্ৰৈলোক্যত ভৈল মহা হৰিষ প্ৰচুৰ ।
নাশিব দুৰ্জ্জন মহন্তৰ দুখ দূৰ ॥৮৮
চাৰি অংশে চতুৰ্ভূজ দেৱ নাৰায়ণ ।
উপজিলা শুনি আসিলন্ত মুনিগণ ॥৮৯
উচ্চৈঃস্বৰে শুদ্ধ বেদ মন্ত্ৰ উচ্চৰিলা ।
চাৰিও শিশুক সবে আশীৰ্ব্বাদ দিলা ॥৯০
ঋষি সমস্তক ৰঙ্গে অৰ্চ্চিয়া নৃপতি ।
চাৰিও পুত্ৰক ৰাজ্য কৰাইলা গণতি ॥৯১
জগতৰঞ্জন গুণ দেখি অনুপাম ।
কৌশল্যাৰ পুত্ৰৰ থৈলন্ত ৰাম নাম ॥৯২
কৈকেয়ীক ৰাজাৰ অধিক স্নেহতৰ ।
থৈলন্ত ভৰত নাম তাহান পুত্ৰৰ ॥৯৩
সুমিত্ৰাৰ পুত্ৰ দুই সৰ্ব্ব সুলক্ষণ ।
দেখি নাম থৈলন্ত লক্ষণ শত্ৰুঘন ॥৯৪
ঋষিগণে বোলন্ত শুনিয়ো দশৰথ ।
তযু পুত্ৰে পূৰিব সবাৰ মনোৰথ ॥৯৫
এক নাৰায়ণ চাৰি অংশে মূৰ্ত্তি ধৰি ।
ভৈল চাৰি পুত্ৰ আক জানা নিষ্ঠ কৰি ॥৯৬
আপুনি ভৈলন্ত পুত্ৰ জগত আধাৰ ।
কমনে বৰ্ণাইবোঁ ৰাজ্য ভাগ্যক তোমাৰ ॥৯৭
ৰামৰূপে অৱতাৰ ভৈলন্ত ঈশ্বৰ ।
লভিলা সন্ততি ৰাজা সূৰ্য্য বংশোদ্ধাৰ ॥৯৮
সন্তক পালিবা ৰাম পুৰুষ প্ৰধান ।
দুৰ্জ্জন জনক মাৰি কৰিবা নিৰ্যাণ ॥৯৯
বলে বীৰ্য্যে ধৈৰ্য্যে গুণে ৰূপে নিৰুপম ।
ৰাৱণে সহিতে ৰাক্ষসৰ হৈবে যম ॥১০০
নুহিবেক সুপুৰুষ ৰামৰ সমান ।
অনুৰূপে জগতৰে সাধিবা কল্যাণ ॥১০১
নিজ গুণে যশে জগতক ৰঞ্জিবন্ত ।
ৰামৰ মহিমা কহি কোনে পাইবে অন্ত ॥১০২
সমস্ত লোকৰে আন্ত হৈব অনুৰাগ ।
কিনো তুমি সুপুত্ৰ লভিলা মহাভাগ ॥১০৩
এহিমতে গণিত কৰিলা ঋষিগণ ।
শুনি দশৰথৰ সন্তুষ্ট ভৈলা মন ॥১০৪
ঈশ্বৰক পুত্ৰ পায়া ভৈলা কৌতূহল ।
মুনি সকলক পূজিলন্ত মহাবল ॥১০৫
পৰমান্ন পঞ্চমৃতে কৰাইলা ভোজন ।
তুষিলন্ত দিয়া পুষ্প অগৰু চন্দন ॥১০৬
পিন্ধাইলা সবাকো দিব্য বস্ত্ৰ অলঙ্কাৰ ।
দিলা ৰত্ন অঞ্জলি সুবৰ্ণ একো ভাৰ ॥১০৭
কৃতাঞ্জলি সবাকো কৰিলা নমস্কাৰ ।
সবাকো নৃপতি অৰ্চ্চিলন্ত বাৰে বাৰ ॥১০৮
হস্তী ঘোঁৰা ৰথ দোলা দাসী দাস দেশ ।
সুবৰ্ণৰ জাৰি খুড়ি ভাজন অশেষ ॥১০৯
মনত বাঞ্চিয়া ৰাজা পুত্ৰৰ কল্যাণ ।
নপাৰি কহিবে যত কৰিলন্ত দান ॥১১০
নট ভাট তেলী মালী দুখী ভিক্ষু জন ।
অন্ন পানে মহাদানে সন্তোষিলা মন ॥১১১
আছিলেক খাটনীয়া নৃপতি যতেক ।
দিলা বস্ত্ৰ অলঙ্কাৰ প্ৰমাদ অনেক ॥১১২
দেব পিতৃ মুনিগণ যতেক জগত ।
সবাকো তোষিলা ৰাজা পুত্ৰ উতসৱত ॥১১৩
ৰাজ সতকাৰ পায়া মুনি নিৰন্তৰ ।
ৰাজাক প্ৰশংসা কৰি চলি গৈলা ঘৰ ॥১১৪
সমাজত লোক আছিলেক যত নাম ।
মহামন ৰঙ্গে চলি গৈল স্থানে স্থান ॥১১৫
পাচে দশৰথে সঙ্কলিয়া যত কাজ ।
পৰিপূৰ্ণ মনোৰথ ভৈলা মহাৰাজ ॥১১৬
নখণ্ডে তৃপিতি অতি দেখি পুত্ৰ মুখ ।
জীৱৰ সন্তোষ যেন পায়া মোক্ষসুখ ॥১১৭
ঈশ্বৰ অংশৰ তেজ মহা প্ৰজ্বলিত ।
চন্দ্ৰমাৰ কলা যেন বাঢ়ে নিতে নিত ॥১১৮
চাৰি ভাইৰ মাজে জ্যেষ্ঠ ভৈলন্ত শ্ৰীৰাম ।
পৰম উজ্বল তনু দুৰ্ব্বাদলশ্যাম ॥১১৯
পদ্মগৰ্ভ অৰুণ নয়ন যুগে জ্বলে ।
সুপ্ৰসন্ন বদন চন্দ্ৰতো কৰি বলে ॥১২০
শোভন কপোল কৰ্ণ স্কন্ধ সুবলিত ।
শিৰছত্ৰাকৃতি কেশ নীল আকুঞ্চিত ॥১২১
ধনুৰ সমান ভ্ৰুব যুগ কৰে কান্তি ।
নানা তিল ফুল মনোহৰ দন্ত পান্তি ॥১২২
সুন্দৰ স্কন্ধৰ কম্বুকণ্ঠ মনোনীত ।
ভুজ ভূজঙ্গম সম সমান বলিত ॥১২৩
সুদীৰ্ঘ আঙুলি কৰ কিশলয় সম ।
নখমণি প্ৰকাশে দেখিতে মনোৰম ॥১২৪
বক্ষস্থল সুন্দৰ দেখিতে মনোহৰ ।
ত্ৰিবলি বলিত নাভি পদ্ম সৰোবৰ ॥১২৫
বহল জঘন কটি সিংহ সপ্ৰমাণ ।
উৰু কৰিকৰ জানু জঘন সুঠান ॥১২৬
পদ্মকোষ জিনি জ্বলে চৰণ যুগল ।
চম্পক কলিকা সম আঙুলি উজ্জ্বল ॥১২৭
নখমণিচয় যেন জ্বলে চন্দ্ৰগণ ।
যাক দেখি স্তম্ভি ৰহে ভকতৰ মন ॥১২৮
আলতা গুলিলে যেন দেখি পদতল ।
অত্যন্ত লাৱণ্য আতিশয় সুকোমল ॥১২৯
ৰেখাৰূপে চৰণত প্ৰকাশে কমল ।
মহাপুৰুষৰ চিহ্ন জ্বলে ইসকল ॥১৩০
সৰ্ব্বাঙ্গ সুন্দৰ ৰূপ পৰম মধুৰ ।
দেখন্তে লোকৰ পাপা তাপ হোৱে দূৰ ॥১৩১
পৰম শ্ৰীমন্ত সন্ত শীতল শৰীৰ ।
সাগৰ গম্ভীৰ ধীৰ গুণৰ মন্দিৰ ॥১৩২
অমৃত সমান বাণী মধুৰ আলাপ ।
সৰ্ব্বজন ৰঞ্জন নাহিকে কোপতাপ ॥১৩৩
কৈকেয়ীৰ তনয় ভৰত শুভান্নয় ।
পৰম সুন্দৰ সৰ্ব্ব গুণৰ আলয় ॥১৩৪
সুমিত্ৰাৰ তনয় লক্ষ্মণ শত্ৰুঘন ।
দুয়ো সৰ্ব্ব সুন্দৰ শীতল সুশোভন ॥১৩৫
দুয়ো সুকুমাৰ দুয়োজন শুভাশয় ।
সৰ্ব্ব গুণান্বিত দুয়ো ভাই শুভান্নয় ॥১৩৬
কৌশল্যা কৈকেয়ী পৰমান বাঁটী দিল ।
দুয়ো ভাগ পৰমান সুমিত্ৰা ভুঞ্জিল ॥১৩৭
সেই দুই ভাগে ভৈল দুই সহোদৰ ।
কৌশল্যাৰ ভাগে ভৈল লক্ষ্মণ কুমাৰ ॥১৩৮
কৈকেয়ীৰ ভাগত ভৈলন্ত শত্ৰুঘন ।
এতেকে দুইকো ভক্তি কৰে দুয়ো জন ॥১৩৯
ৰামত ভকতি সদা কৰন্ত লক্ষ্মণে ।
ভৰতত শত্ৰুঘন থাকন্ত মিলনে ॥১৪০
ভৰত লক্ষ্মণ শত্ৰুঘন মহাসন্ত ।
জ্যেষ্ঠ ৰামত সদা ভকতি কৰন্ত ॥১৪১
অন্যোঅন্য চাৰি ভাই পৰম মিলন ।
একে বিষ্ণু অংশে আসি ভৈল চাৰি জন ॥১৪২
নমো নমো ৰাম ৰঘুকুলৰ তিলক ।
সজ্জন ৰঞ্জন দুষ্টজন বিনাশক ॥১৪৩
যাৰ নামে পূৰে জগতৰ মনকাম ।
পলাওক পাতক ডাকি বোলাঁ ৰাম ৰাম ॥১৪৪
২৪ অধ্যায়
ছবি ।
পৰম পুৰুষ হৰি, লীলা নৰতনু ধৰি,
ৰাম ৰূপে হুয়া অৱতাৰ ।
বাঢ়ি যান্ত প্ৰতিনিত, সমস্তৰে ৰঞ্জি চিত্ত,
আচৰন্ত ক্ষত্ৰ ব্যৱহাৰ ॥১
পিতৃ মাতৃ চৰণত, সেৱাত সততে ৰত,
দেৱ দ্বিজ গুৰুৰ চৰণে ।
কৰন্ত ভকতি নিত, সদাই ধৰ্ম্মত চিত্ত,
দম্ভ অহঙ্কাৰ নাহি মনে ॥২
পৰম আচাৰী সন্ত, আতিশয় নীতিমন্ত,
পঢ়িলন্ত শাস্ত্ৰ নিৰন্তৰ ।
অত্যন্ত কৰুণাশীল, নানাগুণ অভ্যাসিল,
অস্ত্ৰে শস্ত্ৰে ভৈলা ধনুৰ্দ্ধৰ ॥৩
দানধৰ্ম্ম ৰাজধৰ্ম্ম, কুলৰ যতেক কৰ্ম্ম,
জানিলা চাৰিও মহাশয় ।
গুৰুক কৰিয়া মান, সাম দণ্ড ভেদ দান,
জানিলন্ত আৰো যত নয় ॥৪
চাৰি ভাইৰ মাজে ৰাম, সৰ্ব্বগুণে অনুপাম,
নাহি আন ৰামৰ সমান ।
সমস্তৰে অগ্ৰগণি, ৰঘুবংশ শিৰোমণি,
ভৈলা ৰাম পুৰুষ প্ৰধান ॥৫
অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ যত, চৌষষ্টি কলাৰ তত্ত্ব,
যত বিদ্যা আছে সংসাৰত ।
ক্ষেপণ জোৰণ বাণ, মন্ত্ৰ পড়ি সংহাৰণ,
সমস্ততে ভৈলন্ত পাৰ্গত ॥৬
ৰাঘৱৰ যশ যত, প্ৰকাশিল জগতত,
যেন পূৰ্ণচন্দ্ৰ প্ৰজ্বলিত ।
শুনন্তা লোকৰ মানে, যেন অমৃতৰ পানে,
অধিক সন্তোষ কৰে চিত ॥৭
দশৰথ নৰেশ্বৰে, গুণ দেখি ৰাঘৱৰ,
মনে যেন অমৃত বৰিষে ।
কৌশল্যাৰ মন প্ৰাণ, ৰামত মগন ভৈল,
সুধা যেন পিয়ে অহৰ্নিশে ॥৮
ৰামৰ প্ৰসন্ন মুখ, দেখন্তে মিলয় সুখ,
অযোধ্যাৰ যত নাৰী নৰ ।
ৰামকেসে কৰে ধ্যান, ৰামতে মজিল প্ৰাণ,
ভৈল লোক অধীন ৰামৰ ॥৯
সৰ্ব্ব পাল বিমোচন, ৰাঘৱৰ গুণগণ,
কহে জুমাজুমি সৰ্ব্বজনে ।
নিৰ্ম্মল চৰিত্ৰ চয়, কেৱল অমৃতময়,
শুনি সবে পিয়ে সৰ্ব্বক্ষণে ॥১০
২৫ অধ্যায়
দুলৰি ।
ৰামৰ সমান, নাহি সুপুৰুষ,
ইতিনি লোকৰ মাজে ।
দুৰ্ব্বদলশ্যাম, সুন্দৰ শৰীৰ,
দেখিয়া মদনো নাজে ॥১
গজেন্দ্ৰ গমন, হাস্য নিৰীক্ষণ,
সমস্তৰে হৰে মন ।
পূৰ্ণচন্দ্ৰ ৰুচি, বদন দেখিতে,
স্তম্ভি ৰহে সৰ্ব্বজন ॥২
গুণহন্তে ৰূপ, ৰূপ হন্তে গুণ,
দুয়ো অন্যো অন্যে বলে ।
ৰূপ গুণ লোক, দুয়ো বিমোহিত,
চাই থাকা কৌতুহলে ॥৩
যেন দিনমণি, প্ৰকাশে ধৰণী,
ঢাকিল ৰামৰ গুণে ।
পাপ হয় ক্ষয়, ধৰ্ম্মৰ উদয়,
জানিয়া জগতে শুনে ॥৪
ক্ষমা দয়া ধৃতি, সত্য শৌচ নীতি,
সমস্ত গুণে সম্পন্ন ।
ধৰ্ম্মময় মন, সদাই প্ৰসন্ন,
সজ্জ্ন জন ৰঞ্জন ॥৫
দুৰ্জ্জনৰ যম, বিপুল বিক্ৰম,
দুৰ্জ্জয় দক্ষ শৰীৰ ।
বজ্ৰৰ সমান, সুদৃঢ় সন্ধান,
ধনুৰ্দ্ধৰ মহাবীৰ ॥৬
আনাদি অনন্ত, নাহি যাৰ অন্ত,
যিতো দেৱতাৰ দেৱ ।
ব্ৰহ্মা আদি দেৱে, সদাই কৰন্ত,
যাহাৰ চৰণে সেৱ ॥৭
তেন্তে ভগৱন্ত, দেৱ মহেশ্বৰ,
ভৈল আসি অৱতাৰ ।
সমস্তে লোকৰ, কুশল কাৰণে,
কৰিলা গুণ প্ৰচাৰ ॥৮
সকল নিগমে, নপাৱন্ত অন্ত,
বখানি যাৰ মহিমা ।
আন কোন জনে, কহি কৰিবেক,
ৰামৰ গুণৰ সীমা ॥৯
ৰাম হেন নাম, শুনন্তে মনত,
অমৃত যেন বৰিষে ।
মহা মহাজনে, সদা ৰাম ৰাম,
উচ্চৰে মুখে হৰিষে ॥১০
ৰাম হেন ইটো, নামৰ মধুৰ,
জানি কোন মহাজনে ।
ৰাম ৰাম বুলি, ফুৰন্ত সদাই,
মুকুতিকো হেলি মনে ॥১১
ৰামৰ নামৰ, মাজত সদাই,
সমস্ত ধৰ্ম্মৰ মেলা ।
মহা মহা পাপী, তৰে ৰাম বুলি,
সংসাৰক মাৰি ঠেলা ॥১২
হেনয় ৰামৰ, মহিমা কহিতে,
শকতি আছে কাহাৰ ।
মুৰুখ মাধৱ, দাসে বিৰচিল,
আদিকাণ্ড কথা সাৰ ॥১৩
শুনা সভাসদ, ৰামায়ণ পদ,
নিন্দা নুবুলিবা মোক ।
ৰামৰ চৰিত্ৰ, কৰিয়োক পান,
পদ যে তেন হৌক ॥১৪
ৰাম চৰিত্ৰ, বিৰচি আছন্ত,
মহা মহা কবি জনে ।
তাসম্বাক দেখি, পদ কৰিবাক,
স্বাদ ভৈল মোৰ মনে ॥১৫
প্ৰমত্ত হস্তীক, সিংহে বিমৰ্দ্দয়,
আপোনাৰ বলে ৰাগি ।
তাক দেখি যেন, ক্ষুদ্ৰ মূষকৰ,
শ্ৰদ্ধা হোৱে তাক লাগি ॥১৬
সিংহৰ মূষৰ, যতেক অন্তৰ,
মোৰো সেহি পটন্তৰ ।
ইতো মোৰ দোষ, ক্ষমিবে উচিত,
তুমি সব মহন্তৰ ॥১৭
অধম জনসে, জানিবা নিশ্চয়,
বিচাৰয় দোষ গুণ ।
দোষ পৰিহৰি, গুণক লৱন্ত,
উত্তম যিটো নিপুণ ॥১৮
ৰামৰ চৰিত্ৰ, শ্ৰবণেসে জানা,
সমস্ত ধৰ্ম্মৰ সাৰ ।
হেলা পৰিহৰি, শুনা কৰ্ণ ভৰি,
তেবেসে পাইবা নিস্তাৰ ॥১৯
ৰামেসে পৰম, ধৰ্ম্ম অনুপাম,
সৰ্ব্বোত্তম সৰ্ব্বসাৰ ।
ৰামেসে সুহৃদ, সোদৰ বান্ধৱ,
তেহেসে জগউদ্ধাৰ ॥২০
নিজ আত্মাদেৱ, প্ৰভু মহেশ্বৰ,
সৰ্ব্বানন্দ নিৰঞ্জন ।
জগত কাৰণ, কৌশল্যা নন্দন,
হুয়াছে বধী ৰাৱণ ॥২১
ইতিনি ভুবনে, ৰামৰ চৰণ,
বিনে নাহি আন গতি ।
মহা ভাগৱত, পুৰাণ ভাৰত,
সাবাৰে এহি যুগুতি ॥২২
বেদ শাস্ত্ৰ যত, বিচাৰি চাহিবা,
ৰাম বিনে নাহি আন ।
কেতিক্ষণ জানা, পৰয় শৰীৰ,
ইটো যেই সেই থান ॥২৩
কলিৰ প্ৰভাৱে, স্বভাৱ লোকৰ,
ভৈগৈল মলিন মতি ।
আন ধৰ্ম্মে কৰ্ম্মে, মলিন জনৰ,
কিমতে সাধিব গতি ॥২৪
পৰম মলিন, জনো পাৱে গতি,
সুমৰিলে হৰি নাম ।
জানিয়া সমস্ত, সমজ্যাৰ লোক,
ডাকি বোলা ৰাম ৰাম ॥২৫