ৰামচন্দ্ৰ - সীতাৰ কথোপকথন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩ অধ্যায়
ৰামচন্দ্ৰ - সীতাৰ কথোপকথন
- দুলৰি ।
অনন্তৰে ৰামে, হাঁ বান্ধৈ ! বুলিয়া,
- সীতাৰ গলে ধৰিল ।
অনেক নিৰ্ভয়, বচন বুলিয়া,
- আশ্বাস তাঙ্ক কৰিল ॥১
দাৰুণ ৰাক্ষসে, তোমাক হৰিল,
- মিলিল পৰম দুঃখ ।
তাহাক মাৰিয়া, সন্তোষ লভিলোঁ,
- দেখিয়া তোমাৰ মুখ ॥২
পূৰ্ব্বত তোমাক, বুলিলোঁ বনত,
- লভিবাঁ দুখ অপাৰ ।
সিসব বচন, সাক্ষাতে ফলিল,
- পুহাইল বোল আমাৰ ॥৩
পাচে লক্ষ্মণক, ৰাঘৱে বুলিল,
- ৰাক্ষস ঐত আশেষ ।
সীতা ৰক্ষা কৰি, ইটো বন এৰি,
- চলি যাওঁ আন দেশ ॥৪
লক্ষ্মণ জানকী, সমন্বিতে ৰাম,
- মনে বিমৰিষি চাইল ।
কৰি মনো ৰঙ্গ, ঋষি শৰভঙ্গ,
- আশ্ৰমক গৈয়া পাইল ॥৫
এক অদভূত, দেখিলন্ত পাচে,
- ৰামে কতো দূৰে বসি ।
ধৱল ছত্ৰেক, প্ৰকাশন্তে আছে,
- যেন পূৰ্ণিমাৰ শশী ॥৬
দিব্য পুৰুষক, সাক্ষাতে দেখন্ত,
- আদিত্য যেন প্ৰভাৱ ।
জাজ্বল্য সমান, জ্বলন্তে আছয়,
- ভূমি নোচোৱয় পাৱ ॥৭
ৰত্নে বিৰচিত, মুকুট শিৰত,
- এতিনি ভুবনে সাৰ ।
সুনিৰ্ম্মল বস্ত্ৰ, গাৱত শোভয়,
- নানা দিব্য অলঙ্কাৰ ॥৮
তান সমসৰ, পুৰুষেক তৈত,
- কৰি আছে হাত যোৰ ।
কতোহো দূৰত, হৰিত বৰণ,
- দেখিলন্ত চাৰি ঘোড় ॥৯
সুবৰ্ণৰ মুঠি, ৰচিত ধৱল,
- চামৰ দুতয় ধৰি ।
দুই পাশে দুই, নাৰী সেৱা কৰে,
- ত্ৰৈলোক্য মোহে সুন্দৰী ॥১০
দেৱতা সকলে, স্তুতি নতি কৰে,
- গন্ধৰ্ব্বে গীত যোগাৱে ।
হেন চমত্কাৰ, ৰূপে তৈতে থিত,
- ভৈল অন্তৰীক্ষ ভাৱে ॥১১
ৰাঘৱে বোলন্ত, ভৈয়াই লক্ষ্মণ,
- কহোঁ শুনিয়োক কায ।
হৰিত বৰণ, ঘোটক সহিতে,
- এহেন্তেসে দেৱৰাজ ॥১২
এহি বুলি পাচে, ৰামে লক্ষ্মণক,
- সীতাক পাশত থৈলা ।
বৰ অদভুত, দেখিয়া ৰাঘৱে,
- কথা সুধিবাক গৈলা ॥১৩
কতোহো দূৰত, দেৱগণ সমে,
- ৰামক ইন্দ্ৰে দেখিল ।
ঋষিক সম্বোধি, আথ বেখ কৰি,
- স্বৰ্গক লাগি চলিল ॥১৪
শৰভঙ্গ মহা- মুনিত বাসৱে,
- কথা কহন্তহি যান্ত ।
হেৰা দেখিয়োক, আমাক দেখিতে,
- শ্ৰীৰামচন্দ্ৰ আসন্ত ॥১৫
দেৱতা সৱৰ, কাৰ্য্যক সাধিয়া,
- মাৰিবা ৰামে ৰাৱণ ।
জানা মুনিবৰ, তৈসানি ইহান,
- আমাসাৰ দৰিশন ॥১৬
হেনয় সম্ভেদ, কহি ইন্দ্ৰদেৱ,
- স্বৰ্গক চলি গৈলন্ত ।
পাচে ৰাম সীতা, লক্ষ্মণে ঋষিক,
- কৌতূহলে দেখিলন্ত ॥১৭
ৰামক দেখিয়া, চালিলন্ত গাৱ,
- মহাঋষি শৰভঙ্গ ।
পৰম ঈশ্বৰ, আসিলা আনক,
- বুলি ভৈলা বৰ ৰঙ্গ ॥১৮
অনন্তৰে ৰঙ্গে, ঋষিক প্ৰণামি,
- পুছিলন্ত সেহি কথা ।
ঋষিয়ে ৰামত, আদি অন্ত কহি,
- কহিলা যেন ব্যৱস্থা ॥১৯
আমাক স্বৰ্গক, নিবাক লাগিয়া,
- আসি ভৈলা দেৱৰাজ ।
তোমাক দেখিয়া, আথবেথ কৰি,
- চলি গৈলা স্বৰ্গ মাজ ॥২০
তুমি হেন মহা, অতিথিক আসি,
- ভাগ্যে দৰশন ভৈলোঁ ।
সেহিসে কাৰণে, জানিবাহাঁ ৰাম,
- স্বৰ্গক লাগি ন গৈলোঁ ॥২১
তোমাৰ প্ৰসাদে, তপৰ প্ৰভাৱে,
- পাইলোহোঁ অক্ষয় লোক ।
তোমাৰ চৰণ, সাদৰিলোঁ আৱে,
- অনুজ্ঞা মোক দিয়োক ॥২২
ৰাঘৱে বোলন্ত, শুনিয়োক মুনি,
- কথা শুনি ভৈলোঁ ৰঙ্গ ।
আমাক উচিত, স্থান উপদেশি,
- স্বৰ্গে যায়ো শৰভঙ্গ ॥২৩
ঋষিয়ে ৰামক, বোলন্ত সুতীক্ষ্ণ,
- মুনিৰ পাশক যায়ো ।
তান উপদেশে, পৰম হৰিষে,
- ফল মূল সুখে খায়ো ॥২৪
হেন বুলি মহা- মুনি শৰভঙ্গে,
- আপুনি কুণ্ড জ্বালিল ।
বিষ্ণুক সুমৰি, মন্ত্ৰক উচ্চৰি,
- আশেষ ঘৃত ঢালিল ॥২৫
কৌতূহলে দেখি, আছন্ত লক্ষ্মণ,
- সীতা ৰাম হৃষীকেশ ।
ৰাম বুলি ডেৱ, দিয়া অগনিত,
- ভৈলন্ত মুনি প্ৰবেশ ॥২৬
কতোক্ষণে পাচে, তাহাঙ্ক দহিয়া,
- অগনি যেবে নিমাইল ।
পৰম হৰিষে, শৰভঙ্গ ঋষি,
- দিব্য শৰীৰেক পাইল ॥২৭
ৰামক সুমৰি, দিব্যৰূপ ধৰি,
- ঋষি স্বৰ্গ চলি গৈলা ।
লক্ষ্মণ জানকী, ৰাঘৱে দেখিয়া,
- বৰ কুতূহল ভৈলা ॥২৮
তৈৰহন্তে গৈয়া, ৰাক্ষসে খাইবাৰ,
- ঋষিক তিনি দেখিল ।
আন সব ঋষি- গণক ৰাঘৱে,
- অভয় দানক দিল ॥২৯
অনন্তৰে তিনি, সুতীক্ষ্ণ মুনিৰ,
- প্ৰবেশিলা গৈয়া থান ।
ফল মূল জলে, ৰামক ঋষিয়ে,
- কৰিলন্ত বহুমান ॥৩০
সুতীক্ষ্ণ মুনিয়ে, ৰামক অনেক,
- সাদৰিলা অনুপাম ।
হৰিষে আশ্ৰম. সমীপত থিত,
- ভৈলন্ত প্ৰভু শ্ৰীৰাম ॥৩১
অনেক পুৰাণ, কাহিনী কহিলা,
- ৰাঘৱে ঋষি সহিত ।
হৰিষে হৃদয়, দিন কতিপয়,
- বঞ্চিলা সুথে তহিত ॥৩২
পৰম আনন্দে, ঋষিৰ চৰণে,
- ধূলা শিৰে তুলি ধৰি ।
ৰঙ্গ মনে তিনি- হন্তে চলি গৈলা,
- আশ্ৰমক পৰিহৰি ॥৩৩
দুই ভাইৰ হাতে, ধনু তূণ বাণ,
- খড়্গক ধৰি বিশেষ ।
তিনিহন্তে মিলি, হৰিষে ভ্ৰমন্ত,
- নানাবিধ বন দেশ ॥৩৪
পৰম পৱিত্ৰ, ৰামৰ চৰিত্ৰ,
- শুনা সামাজিক সুখে ।
জগত তাৰণ, হেতু বনে বন,
- ভ্ৰমন্ত ঈশ্বৰ দুঃখে ॥৩৫
যাহাৰ চৰণ, ধূলাক নপান্ত,
- মহা মহা যোগী জনে ।
ভকতৰ পদে, হেনয় ঈশ্বৰে,
- ফুৰন্ত কণ্টক বনে ॥৩৬
যিটো মহেশ্বৰ, সমস্তে জীৱৰ,
- আত্মা অন্তৰ্য্যামী সম ।
ভকত জনৰ, শত্ৰু মিত্ৰ হেতু,
- তাহাঙ্ক দেখি বিষম ॥৩৭
ভকতৰ শত্ৰু, ভৈল তান শত্ৰু,
- ভকতৰ মিত্ৰে মিত্ৰ ।
পৰম ঈশ্বৰ, দেৱৰ দেখিয়া,
- চৰিত্ৰ কেন বিচিত্ৰ ॥৩৮
শান্তক তাৰন্ত, দুষ্টক মাৰন্ত,
- এহি বেলা বিপদত ।
হেনয় গুণক, জানিয়া ৰামৰ,
- চৰণত দিয়া চিত্ত ॥৩৯
সমস্ত ধৰ্ম্মৰ, শিৰত প্ৰকাশ,
- কৰে যাৰ গুণ নাম ।
হেনয় ৰামক, চিত্তত ধৰিয়া,
- ডাকি বোলা ৰাম ৰাম ॥৪০