জনকৰ ঘৰত সীতাৰ জন্ম
ৰামায়ণ বৃত্তান্ত |
---|
|
২৬ অধ্যায়
জনকৰ ঘৰত সীতাৰ জন্ম
জগতৰে হিত চিন্তি হুয়া চাৰি জন ।
দশৰথ ঘৰে উপজিলা নাৰায়ণ ॥১
যেতিক্ষণ ৰামৰূপে উপজিলা হৰি ।
ত্ৰিজগতত সুখী ভৈল সেহি দিন ধৰি ॥২
মিলিল হৰিষ আতি মহন্তৰ মনে ।
পদ্মাৰ প্ৰকাশ যেন সূৰ্য্য দৰশনে ॥৩
পৰিল নিজম যত দুৰ্জ্জন সকল ।
আদিত্যৰ তাপে যেন ঝাঁৱে উতপল ॥৪
অধৰ্ম্ম বিনাশি ভৈল ধৰ্ম্মৰ উদয় ।
সূৰ্য্যৰ প্ৰকাশ যেন গুচি তমোময় ॥৫
ৰাৱণ বধিতে হৰি ভৈলা অৱতাৰ ।
দেখিয়া কৌতুক বৰ ভৈলা দেৱতাৰ ॥৬
পাচে আসি ব্ৰহ্মাৰ আদেশে দেৱগণ ।
অংশে সবে ভৈল বানৰত উতপন ॥৭
পৰম দুৰ্জ্জয় বলে বীৰ্য্যে আতি চাৰ ।
পৰ্ব্বতক উপাৰিয়া কৰন্ত প্ৰহাৰ ॥৮
ব্ৰহ্মা আদি কৰিয়া দেৱতা নিৰন্তৰ ।
কতোহো ভালুক ভৈলা বানৰ বিস্তৰ ॥৯
দেৱতো অধিক বলে তেজ পৰাক্ৰম ।
সংসাৰতো নাহি বীৰ বানকৰ সম ॥১০
বিপৰীত লীলা কেনে দেখা ঈশ্বৰৰ ।
দেৱতা সবকো আনি কৰিলা বানৰ ॥১১
বিষয়ত আশা যাৰ নুগুচে সৰ্ব্বথা ।
সিজনৰ নুহি জানা কোননো অৱস্থা ॥১২
জানিয়া বিষয় সুখ যত্নে দূৰ কৰি ।
একান্ত শৰণে নিতে ভজিয়োক হৰি ॥১৩
ঈশ্বৰৰ ভকতি সে জীৱৰ কুশল ।
আত অনন্তৰে কথা শুনিয়ো সকল ॥১৪
ৰামৰ জন্মৰ কথা অমৃত সমান ।
মতি অনুসাৰে বিৰচিলোঁ কিছু মান ॥১৫
সীতাৰ জন্মৰ কথা কহাঁ আত পৰে ।
যিমতে জন্মিলা দেবী জনকৰ ঘৰে ॥১৬
দশৰথ ঘৰে উপজিলা ভগৱন্ত ।
পৰম ঈশ্বৰী লক্ষ্মী দেবী দেখিলন্ত ॥১৭
আপোনাৰ ৰূপ আতি কৰিয়া সুবেশ ।
পৰ্ব্বতে আছন্ত বসি মুক্ত কৰি কেশ ॥১৮
সেহি বেলা ৰথে চড়ি ফুৰে লঙ্কেশ্বৰ ।
গোসানীক দেখিলেক পৰ্ব্বত উপৰ ॥১৯
ত্ৰৈলোক্য মোহন ৰূপ দেখি চমত্কাৰ ।
ভৈল আতি মোহিত ৰাৱণ দুৰাচাৰ ॥২০
তাৰে বধ চিন্তি মনে আছন্ত গোসানী ।
সিতো পাপী নিশাচৰে তাহাক নাজানি ॥২১
ৰথত তুলিল আনি তাক বলে ধৰি ।
লক্ষ্মী মাৱে তেখনে জানিলা ধ্যান কৰি ॥২২
কোপে শপি ৰাৱণক দিলন্ত উত্তৰ ।
মোক নিচিনস তই শুনৰে বৰ্ব্বৰ ॥২৩
জন্মিবাক যাওঁ তোৰ বধৰ কাৰণে ।
উপজিলা হৰি তোক মাৰিবাক মনে ॥২৪
ভৈল অন্তৰ্দ্ধান এহি বুলি ৰাৱণক ।
শুনি ৰাৱণৰ মনে লাগিল চমক ॥২৫
মহাভয়ে ভৈল আতি কম্পিত স্বভাৱ ।
পাচে আপোনাৰ জন্ম চিন্তি লক্ষ্মী মাৱ ॥২৬
সাগৰত জাম্প দেৱী দিলা বিদ্যমান ।
শতেক যোজন তথা ভৈল দ্বীপ খান ॥২৭
পাচে বসুমতী গৈয়া লক্ষ্মীক সাদৰি ।
তথাতে বহিলা তাঙ্ক উদৰত ধৰি ॥২৮
বহিলন্ত লক্ষ্মী পৃথিবীৰ উদৰত ।
কৰন্ত প্ৰকাশ ৰক্ত পিণ্ড যেন মত ॥২৯
তাহাৰ নিকটে আছে মিথিলা নগৰ ।
আছে সেহি নগৰে জনক নৰেশ্বৰ ॥৩০
মহাতপশীল ৰাজা ৰাজঋষিবৰ ।
পুত্ৰৱতে পালে প্ৰজা ধৰ্ম্মত তত্পৰ ॥৩১
যজ্ঞ কৰিবাক মনে জনক নৃপতি ।
কৰিলা জিজ্ঞাস পাচে স্থান মহামতি ॥৩২
চাষিবাক লাগে ভূমি দ্বাদশ বত্সৰ ।
তেবেসে পবিত্ৰ স্থান হোৱয় যজ্ঞৰ ॥৩৩
গৰ্ভৱতী হুয়া মহী আছয় যথাত ।
অনেক লাঙ্গল নিয়া জুৰিল তথাত ॥৩৪
উঠিলেক ডিম্ব সূৰ্য্য গোট বজিয়া লাঙ্গলে ।
ৰক্তময় ডিম্ব সূৰ্য্য গোট যেন জ্বলে ॥৩৫
হালোৱা সকলে পাচে যুকুতি কৰিয়া ।
জনকৰ আগে ডিম্ব গোট দিল নিয়া ॥৩৬
পৰম সুন্দৰ ডিমা দেখি মহামানী ।
ভাঙ্গি চাহে ভিতৰত আছে কন্যাখানি ॥৩৭
উপজিয়া কান্দে আতি আৰ্ত্তৰাৱ কৰি ।
ভুৱন দুৰ্ল্লভ কন্যা পৰমা সুন্দৰী ॥৩৮
জনক নৃপতি মনে হৰষিত ভৈলা ।
মহা সুলক্ষণী কন্যা কোলে তুলি লৈলা ॥৩৯
অন্তঃপুৰে গৈলা ৰাজা হুয়া ৰঙ্গমন ।
দেখিলা কন্যাক পাচে মহাদই গণ ॥৪০
স্বামীক চাহিয়া পাচে হাসিয়া বুলিলা ।
কাহাৰ কন্যাক প্ৰভু কাঢ়িয়া আনিলা ॥৪১
ইতো সুলক্ষণী কন্যা বৰ ৰূপবতী ।
আতি অদ্ভূত লক্ষ্মী যেন মূৰ্ত্তিমতী ॥৪২
ৰাজা বোলে যজ্ঞ ভূমে পালোঁ কন্যাখানি ।
মুখ্য মহাদৈক দিয়া বুলিলন্ত বাণী ॥৪৩
তোমাক দিলোঁহো তুলিবাহা কৰি যত্ন ।
ভৈলন্ত হৰিষ দেবী পায়া কন্যা ৰত্ন ॥৪৪
পৰম দৰিদ্ৰে যেন পাইল নৱ নিধি ।
কৰাইলন্ত সংস্কাৰ যেন বেদ বিধি ॥৪৫
নাম থৈতে বিচাৰ কৰিলা মুনি যত ।
উপজিলা কন্যা লাঙ্গলৰ সীৰলত ॥৪৬
এতেকেসে তান সবে সীতা নাম থৈলা ।
এহিমতে সীতা গোসানীৰ জন্ম ভৈলা ॥৪৭
জনক নৃপতি আতি তুলিলা যতনে ।
তাহান দুহিতা সীতা বোলে সৰ্ব্বজনে ॥৪৮
সীতা নাম ধৰি লক্ষ্মী জগত জননী ।
যেন চন্দ্ৰকলা বাঢ়ি যান্ত সুবদনী ॥৪৯
একচিত্ত মনে সদা বিষ্ণুক ধিয়ান্ত ।
হৰিক নিচিন্তি সতী একোক নখান্ত ॥৫০
পৰম বৈষ্ণবী কন্যা দেখি সৰ্ব্বজনে ।
জন্মিল লক্ষ্মীৰ অংশ জানিলেক মনে ॥৫১
সীতাৰ চৰিত্ৰ যত এতিক্ষণ থওঁ ।
সম্প্ৰতিকে প্ৰভু ৰাঘৱৰ কথা কওঁ ॥৫২