ৰামায়ণ বৃত্তান্ত
ৰামায়ণ বৃত্তান্ত |
---|
|
২ অধ্যায়
ৰামায়ণৰ বৃত্তান্ত
অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।
সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১
চৰাচৰ জগতৰ কুশল কাৰণে ।
ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২
বাল্মীকিৰ মুখে সেই দিব্য কথামৃত ।
শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩
তাকে শুনি ভনি সুখে তৰোক সংসাৰ ।
হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪
আছন্ত বাল্মীকি চিন্তি পূৰ্ব্ব কথামৃত ।
নাৰদে সহিতে ব্ৰহ্মা মিলিল তহিত ॥৫
দেখিয়া বাল্মীকি ঋষি উঠি তাৱক্ষণে ।
সুবৰ্ণ আসন আমি দিলা ৰঙ্গমনে ॥৬
নাৰদে সহিতে ব্ৰহ্মা বসিল তথাত ।
কৰিলা বাল্মীকি দুইবো পাৱে প্ৰণিপাত ॥৭
পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজি মহা ঋষি ।
কৃতাঞ্জলি হুয়া স্তুতি বুলিলা হৰিষি ॥৮
সাম্ফলিলোঁ জন্ম দুইৰো দেখিলো চৰণ ।
কৰিয়োক আজ্ঞা কিবা সাধোঁ প্ৰয়োজন ॥৯
বাল্মীকিক ব্ৰহ্মা পাচে বুলিলা বচন ।
শুনা মহাঋষি সোৰ যেন প্ৰয়োজন ॥১০
বুলিলা বচন যেন ক্ৰৌঞ্চক বধিতে ।
সেহিমতে ৰামায়ণ কৰা এক চিতে ॥১১
দশৰথ নৃপতিৰ গৃহে অযোধ্যাত ।
শ্ৰীৰাম স্বৰূপে হৰি জন্মিবা সাক্ষাত ॥১২
নাৰদৰ মুখে কথা শুনিবা সকলে ।
পাচে ৰামায়ণ কৰিবাহা কৌতুহলে ॥১৩
যুগে যুগে তোমাৰ কবিতা প্ৰচাৰিব ।
তাকে শুনি ভণি লোকে সংসাৰ তৰিব ॥১৪
নাৰদক পাচে বুলিলন্ত পিতামহ ।
ৰামৰ চৰিত্ৰ কিছু বাল্মীকিত কহ ॥১৫
এহি বুলি ব্ৰহ্মা নিজ লোকে গৈলা চলি ।
নাৰদত বাল্মীকি পুছিলা কৃতাঞ্জলি ॥১৬
কেন মতে ৰামায়ণ কৰিবো অতাই ।
সিসব কাহিনী সবে কহাঁ মোৰ ঠাই ॥১৭
কোন কুলে ৰামচন্দ্ৰ হৈবা উতপন ।
কোন দেশে কোন কৰ্ম্ম কৰিবা শোভন ॥১৮
কেনমতে হৈবা ৰাম কোন প্ৰয়োজনে ।
সিসব কাৰণ তুমি জানাহা আপোনে ॥১৯
বোলন্ত নাৰদে শুনিয়োক মহাঋষি ।
ৰামৰ চৰিত্ৰতয় কহিবোঁ হৰিষি ॥২০
হৈবন্ত ইক্ষ্বাকু নামে ৰাজা অযোধ্যাত ।
দশৰথ ৰাজা সেই কুলে হৈবা জাত ॥২১
তান গৃহে বিষ্ণু ৰামৰূপে অৱতৰি ।
হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥২২
ৰামৰ চৰিত্ৰচয় অমৃত সমান ।
শুনা অনুক্ৰমে ঋষি কহোঁ বিদ্যমান ॥২৩
অযোধ্যাত হৈবা দশৰথ নৰেশ্বৰ ।
পুত্ৰ নহৈবেক নৱ হাজাৰ বতসৰ ॥২৪
পুত্ৰৰ নিমিত্তে যজ্ঞ কৰিব অনেক ।
তথাপিতো নৃপতিৰ পুত্ৰ নোহিবেক ॥২৫
দুৰ্বাশাত উপদেশ পায়া মহামানী ।
কৰিবা বিশিষ্ট যজ্ঞ ঋষ্যশৃঙ্গ আনি ॥২৬
তেবে জন্মিবন্ত ৰাম চাৰি ৰূপ ধৰি ।
বল বীৰ্য্যে ধৈৰ্য্যে'ধিক দেৱতাত কৰি ॥২৭
চাৰি ভাই মহাবীৰ বিষ্ণু অংশে জাত ।
দুষ্টবিনাশন হেতু জগত বিখ্যাত ॥২৮
অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে সৰ্ব্ব গুণে অনুপাম ।
গুহ চণ্ডালক মিত্ৰ কৰিব শ্ৰীৰাম ॥২৯
মাৰীচ সুবাহু দুই ৰাক্ষস দুৰ্জ্জন ।
বিশ্বামিত্ৰ মুনিৰ যজ্ঞক কৰে ছন ॥৩০
যাইবা বিশ্বামিত্ৰ দশৰথৰ গৃহক ।
যজ্ঞ ৰাখিবাক প্ৰতি খুজিবা ৰামক ॥৩১
শুনি নৃপতিৰ মুখে হৰিব বচন ।
কৰিবন্ত ভক্তিভাৱে ঋষিক অৰ্চ্চন ॥৩২
ৰামক নাপাবা ঋষি কৰিবন্ত ক্ৰোধ ।
বশিষ্ঠে কৰিব দশৰথক প্ৰবোধ ॥৩৩
দিবা ৰাম লক্ষণক বশিষ্ঠ বচনে ।
লৈয়া দুই ভাইক ঋষি যাইবা ৰঙ্গমনে ॥৩৪
চলিৱন্ত দুয়ো বিশ্বামিত্ৰৰ সঙ্গত ।
ৰাক্ষসৰ কথা মুনি কহিবা ৰামত ॥৩৫
প্ৰথমতে ৰামে বধিবন্ত তাড়কাক ।
শ্ৰীৰামক প্ৰশংসা কৰিব দেৱ জাক ॥৩৬
ৰামৰ বিক্ৰমে বৰ হৰিষক পাইব ।
যত অস্ত্ৰ শস্ত্ৰ মুনি দোভাইক শিখাইব ॥৩৭
নানা অস্ত্ৰ শস্ত্ৰ জানি হৈব ৰঙ্গমন ।
ঋষি সমে দুয়ো প্ৰবেশিব তপোবন ॥৩৮
থাকিব দিনেক ৰামে ৰাক্ষসক ধ্যানে ।
যজ্ঞ নষ্ট ৰাক্ষসে কৰিব বিদ্যমানে ॥৩৯
মাৰীচক ৰামে উৰুৱাইব এক শৰে ।
সুবাহুক সসৈন্যে পঠাব যম ঘৰে ॥৪০
দেখি বিশ্বামিত্ৰ আদি যত মুনিগণ ।
ৰামক বুলিবে সবে প্ৰশংসা বচন ॥৪১
পাছে ঋষি সবে বেদ মন্ত্ৰ উচ্চৰিয়া ।
কৰিবন্ত যজ্ঞ সাঙ্গ পূৰ্ণাহুতি দিয়া ॥৪২
আত অনন্তৰে কথা শুনা মহামতি ।
মিথিলা নগৰে হৈব জনক নৃপতি ॥৪৩
তানে ঝিউ হৈবা সীতা লক্ষ্মী সমসৰ ।
ধৰ্ম্ম যজ্ঞ পাতিবা সীতাৰ স্বয়ম্বৰ ॥৪৪
দূত পঠাই আনিবন্ত ৰাজা সকলক ।
সঙ্গে লৈয়া বিশ্বামিত্ৰ ৰাম লক্ষ্মণক ॥৪৫
পৰম হৰিষে ঋষি যাহন্ত পথত ।
প্ৰবেশিবা যাই গৌতমৰ আশ্ৰমত ॥৪৬
অহল্যাক মুক্ত ৰামে কৰিবা সাক্ষাত ।
ৰামে সমে ঋষি প্ৰবেশিব মিথিলাত ॥৪৭
ধনুক ভাঙ্গিয়া ৰামে পাইবন্ত সীতাক ।
অনায়াসে যুদ্ধে জিনিবন্ত ৰাজা জাক ॥৪৮
দূত পঠাই জনকে আনিবা দশৰথ ।
সীতাক ৰামক দিবা পুৰি মনোৰথ ॥৪৯
লক্ষ্মণ ভৰত শত্ৰুঘন মহামতি ।
আৰু তিনি কন্যা দিবা তিলিকো নৃপতি ॥৫০
চাৰি পুত্ৰ চাৰি বধু লৈয়া দশৰথ ।
ধৰিবা কৌতুকে ৰাজা অযোধ্যাৰ পথ ॥৫১
ভৃগুপতি ৰামে পাচে শুনি ধনুৰ্ভঙ্গ ।
পন্থ নিষেধিবা আসি কৰি মহা খঙ্গ ॥৫২
তাঙ্ক স্ত্তুতি নতি বুলিবন্ত দশৰথ ।
ৰামে পৰশুৰামৰ ছেদিবা স্বৰ্গপথ ॥৫৩
ৰামে ভৃগুপতিক জিনিবা লীলা কৰি ।
মহোতসবে প্ৰবেশিবা অযোধ্যা নগৰী ॥৫৪
পাচে দশৰথে শত্ৰুঘন ভৰতক ।
পঠাইবন্ত দুইকো যুদ্ধাজিতৰ গৃহক ॥৫৫
ৰূপে গুণে ৰামে ৰঞ্জিবন্ত সৰ্ব্বজন ।
ৰাম ৰাজা হৈবন্ত সবাৰো এহি মন ॥৫৬
সবাৰো আনন্দ ৰাম হৈবন্ত নৃপতি ।
দশৰথে ৰামক দিবন্ত অনুমতি ॥৫৭
জানি কৈকেয়ীয়ে তাত পাতিব বিঘিনি ।
সত্য জৰী নৃপতিক ছান্দিব পাপিনী ॥৫৮
ভৰত হৈবন্ত ৰাজা কৈকেয়ীৰ মন ।
চৈধয় বতসৰ প্ৰতি ৰাম যাইব বন ॥৫৯
হেন সৈত্য কৰাই দশৰথ নৃপতিক ।
সমন্তে লোকক শোক দিবেক অধিক ॥৬০
পিতৃ সত্য প্ৰতিপালি ৰাম ৰঙ্গ মনে ।
লক্ষ্মণ জানকী সঙ্গে প্ৰবেশিবা বনে ॥৬১
পুত্ৰৰ শোকত জীৱ তেজিবা নৃপতি ।
সাত দিন বাহি শৱ হৈব কৰ্ম্ম গতি ॥৬২
দূত পঠাই বশিষ্ঠে অনাইব ভৰতক ।
কৰাইবা ৰাজাৰ যত প্ৰেতৰ কাৰ্য্যক ॥৬৩
পিতৃকাৰ্য্য কৰিয়া ভৰত বিতোপন ।
ৰামক আনিবে প্ৰতি প্ৰবেশিব বন ॥৬৪
শুনি ৰামচন্দ্ৰে সিতো পিতৃৰ মৰণ ।
তিনিয়ো কৰিবো শোক বিস্তৰ ক্ৰন্দন ॥৬৫
ভৰতে কাতৰ আতি কৰিব ৰামক ।
মই সত্য পালোঁ প্ৰভু চলিয়ো ৰাজ্যক ॥৬৬
বশিষ্ঠ প্ৰমুখে বুলিবন্ত পাত্ৰগণ ।
নাৰাখিবা ৰামচন্দ্ৰে কাহাৰ বচন ॥৬৭
নিষ্ঠুৰ বচন ৰামে বুলি ভৰতক ।
পুনৰপি পালটাই পঠাবা ৰাজ্যক ॥৬৮
পাচে ৰামচন্দ্ৰ সীতা লক্ষ্মণ সহিতি ।
ফল মূল মাংস শাক ভুঞ্জি মন প্ৰীতি ॥৬৯
শিৰে জটা পৰিধান বাকলি বসন ।
কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০
এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত ।
কতো দিন থাকি চিত্ৰকূট পৰ্ব্বতত ॥৭১
বেড়াইবন্ত ৰামে পাচে ঋষিৰ আশ্ৰমে ।
সুতীক্ষ্ণ ঋষিৰ ঘৰে যাইবন্ত প্ৰথমে ॥৭২
শৰভঙ্গ ঋষিক দেখিবা তাত পৰ ।
তাত পাছে বধিবা বিৰাধ নিশাচৰ ॥৭৩
ঘৰে ঘৰে ঋষিৰ আশ্ৰমে নিৰন্তৰে ।
যাইব দশ বতসৰ ফুৰন্তে ৰঘুবৰে ॥৭৪
পাইবন্ত হৰিষ ৰামে ঋষি সম্ভাষণে ।
অগস্ত্যত পুছি যাইব পঞ্চবটী বনে ॥৭৫
তথাত কবিৰ ৰামে হৰিসে নিবাস ।
শূৰ্পণখা যাইব কামে ৰাঘৱৰ পাশ ॥৭৬
লক্ষ্মণে কাটিব তাইৰ ধৰি নাক কাণ ।
খৰ দূষণত শূৰ্পণখা দিব জান ॥৭৭
চতুৰ্দ্দশ সহস্ৰ ৰাক্ষস সমন্বিতে ।
খৰ দূষণক ৰামে বধিবা তহিতে ॥৭৮
খৰ দূষণৰ বধ দেখি বিদ্যমান ।
ৰাৱণৰ আগে শূৰ্পণখা দিব জান ॥৭৯
সীতাৰ ৰূপৰ কথা কহিব প্ৰচুৰ ।
শুনিয়া ৰাৱণ ৰাজা হৈব কামাতুৰ ॥৮০
সীতাক হৰিতে যত্ন কৰিব বিস্তৰ ।
ৰথ লইয়া যাইব ৰাজা মাৰীচৰ ঘৰ ॥৮১
মাৰীচে বিস্তৰ বুজাইবেক ৰাৱণক ।
তথাপি ৰাৱণে তাৰ নুশুনিবে বাক ॥৮২
মাৰীচক লগে লৈয়া দুৰ্জ্জন ৰাৱণ ।
সীতাক হৰিবে যাইব দণ্ডুকাৰ বন ॥৮৩
ৰামৰ শৰত মৃত্যু জানি আপোনাৰ ।
ধৰি মৃগ ৰূপ সিতো সুবৰ্ণ আকাৰ ॥৮৪
ফুৰিবে মাৰিচ চৰি আগত ৰামৰ ।
দেখি ৰামচন্দ্ৰে যাব ধৰি ধনুশৰ ॥৮৫
নিবেক ৰামক বিদুৰক নিশাচৰ ।
ৰামৰ শৰত তেজিবেক কলেৱৰ ॥৮৬
মৰন্তে তেজিবে ৰাৱ ৰামৰ সমান ।
শুনি সীতা গোসানীৰ উড়িব পৰাণ ॥৮৭
ৰামক ৰাক্ষসে মাৰে সীতা হেন জানি ।
লক্ষ্মণক বুলিবেক দুৰাক্ষৰ বাণী ॥৮৮
শুনিয়া সীতাক তেজি যাইবন্ত লক্ষ্মণে ।
শূণ্য স্থানে সীতা হৰি নিবেক ৰাৱণে ॥৮৯
সীতাৰ কাৰণে যুদ্ধ কৰিব জটায়ু ।
পাখা ছেদি ৰাৱণে হৰিব তাৰ আয়ু ॥৯০
থৈবেক সীতাক নিয়া অশোকৰ বনে ।
ৰাক্ষসিনীগণ ৰক্ষা দিবেক ৰাৱণে ॥৯১
দেখি ব্ৰহ্মা বুলিবন্ত ইন্দ্ৰ দেৱতাক ।
অমৃত পায়স নিয়া দিয়োক সীতাক ॥৯২
ইন্দ্ৰে নিয়া পায়স দিবন্ত তেতিক্ষণ ।
দেখি সীত দেবী তাক কৰিব ভক্ষণ ॥৯৩
নাপায়া সীতাক পাচে শ্ৰীৰাম লক্ষ্মণ ।
মহাশোকে দুয়ো ভাই কৰিব ক্ৰন্দন ॥৯৪
বধিবা কবন্ধ ৰামে সীতাক খোজন্তে ।
ঋষ্যমুখ পাইবা গই দণ্ডুকৰা হন্তে ॥ ৯৫
তথা ৰামচন্দ্ৰে কাৰ্য্য কৰিবা বিচিত্ৰ ।
সু্গ্ৰীৱ বানৰ সমে ৰামে কৰি মিত্ৰ ॥৯৬
বানৰ ৰাজা বীৰ বালিক বধিব ।
তাৰ যত ৰাজ্যভাৰ সুগ্ৰীৱক দিব ॥৯৭
পাসৰিব ৰামক সুগ্ৰীৱ ৰাজ্য ভোলে ।
লক্ষ্মণে তৰ্জ্জিব তাক ৰাঘৱৰ বোলে ॥ ৯৮
কপি সেনাগণ লৈয়া বানৰ নৃপতি ।
ৰামৰ চৰণে নমি কৰিবা প্ৰণতি ॥৯৯
পাঞ্চিবা বানৰ গণ ৰামৰ আদেশে ।
সীতাক খুজিব পঠাইবা দেশে ॥১০০
লগত সহায় দিব বীৰ হনুমন্ত ।
দক্ষিণ দিশক অঙ্গদক পাঞ্চিবন্ত ॥১০১
বিচাৰিয়া সীতাক ফুৰিবা কপি জাক ।
সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২
শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত ।
সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩
দেখিবা সীতাক যেবে বায়ুৰ তনয় ।
ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪
ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত ।
হিয়ে মুঠি হানি সীতা দেবী কান্দিলন্ত ॥১০৫
হাতে তৃণ ধৰি বীৰে সীতাক বুজাইব ।
কপিৰ কাতৰে সীতা গোসানী জোৰাইব ॥১০৬
অশোক বনত পশি বায়ুৰ নন্দন ।
কৰিবন্ত ছন্ন ৰাৱণৰ মধুবন ॥১০৭
অনেক ৰাক্ষস মাৰ নাব যমঘৰ ।
অক্ষ কুমাৰক মাৰিবন্ত বীৰবৰ ॥১০৮
পাচে নাগপাশ হানিবন্ত ইন্দ্ৰজিতে ।
হৈবা বন্দী ৰাৱণক দেখিবাৰ চিত্তে ॥১০৯
ৰাক্ষসে যোগাইব নিয়া ৰাৱণৰ আগে ।
বিস্তৰ ভতৰ্সিয়া ৰাৱণক মহাভাগে ॥১১০
কপিৰ বচনে মহাকোপে লঙ্কেশ্বৰ ।
লগাইবে লাঙ্গুলে জুই মেৰাই কাপৰ ॥১১১
হোহকায়া নাগপাশ পৱননন্দন ।
লগায়া অগনি লঙ্কা কৰিবন্ত ছন্ন ॥১১২
সাগৰ লঙ্ঘিয়া ডেৱে পৃথিৱীক আসি ।
কহিবা সীতাৰ বাৰ্ত্তা ৰামত হৰিষি ॥১১৩
সীতাৰ মাথাৰ মণি ৰামক দিবন্ত ।
দেখি হিয়ে মুঠি হানি ৰাম কান্দিবন্ত ॥১১৪
সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক বুজাইবা ।
দুইৰো প্ৰবোধে ৰাম কিঞ্চিত জুৰাইবা ॥১১৫
পাচে কপি সেনা সমে ৰাম মহাবীৰ ।
আপুনি চলিয়া যাইব সাগৰৰ তীৰ ॥১১৬
সীতাক দিবাক বুলিবন্ত বিভীষণে ।
মাৰিবন্ত লাথি তাক দুৰ্জ্জন ৰাৱণে ॥১১৭
ৰামত শৰণ আসি লৈবা বিভীষণে ।
তাঙ্ক অভিষেক ৰামে কৰিবা তেখনে ॥১১৮
হৈবা বিভীষণ অভিনব লঙ্কেশ্বৰ ।
সাগৰত পন্থ মাগিবন্ত ৰঘুবৰ ॥১১৯
নিদিবা সাগৰে দেখা ৰামক গৰ্ব্বত ।
দেখি ধনুশৰ ৰামে ধৰিবা ক্ৰোধত ॥১২০
ভয়ত কম্পিব আতি সাগৰৰ হিয়া ।
ৰামক কৰিব স্তুতি পাদ্য অৰ্ঘ্য দিয়া ॥১২১
চলিয়োক দিলোঁ পন্থ বোলন্ত সাগৰে ।
নাযাইবেক তল সেতু বান্ধিয়ো পাথৰে ॥১২২
অদভুত কৰ্ম্ম কৰিবেক ৰঘুবৰে ।
পৰ্ব্বত আনিয়া সেতু বান্ধিব বানৰে ॥১২৩
লক্ষ্মণ সুগ্ৰীৱ বিভীষণ সমম্বিত ।
সসৈন্যে হৈবন্ত গৈয়া সিবেলাত থিত ॥১২৪
সেনাগণ গণিবাক প্ৰতি ৰাঘৱৰ ।
শুক সাৰণক পঠাইবেক লঙ্কেশ্বৰ ॥১২৫
বিভীষণে ধৰি দুইকো ৰামত যোগাইব ।
তাতে ৰামে ৰাৱণক বাৰ্ত্তাক পঠাইব ॥১২৬
আচৰিয়া কপটে ৰাৱণ বুদ্ধিহত ।
মায়া শিৰ দিব নিয়া সীতাৰ হাতত ॥১২৭
দেখি সীতা সতী মায়া শিৰ ৰাঘৱৰ ।
ভূমিত লুটিয়া দেবী কান্দিব বিস্তৰ ॥১২৮
প্ৰভাততে বেঢ়িয়া লঙ্কাৰ চাৰি দ্বাৰ ।
দূত পঠাইবন্ত ৰামে বালিৰ কুমাৰ ॥ ১২৯
ভতৰ্সিব অঙ্গদে ৰাৱণক বাৰে বাৰ ।
মাৰিবন্ত চাৰি গোটা বীৰ ৰাৱণৰ ॥১৩০
লাথি মাৰি ভাঙ্গিবন্ত ৰাৱণৰ ঘৰ ।
ৰামৰ পাশক আসিবন্ত কপিবৰ ॥১৩১
ৰাৱণ যুজিব লৈয়া কটক অপাৰ ।
বানৰে কৰিব ৰাক্ষসক বুন্দামাৰ ॥১৩২
অঙ্গদে জিনিব ইন্দ্ৰজিতক ইঙ্গিতে ।
অন্তৰীক্ষে শৰ বৰিষিব ইন্দ্ৰজিতে ॥১৩৩
মায়াবলে পীড়িবেক বনৰ কটক ।
নাগপাশে বান্ধিবেক ৰাম লক্ষ্মণক ॥১৩৪
গৰুড়ক আশ্বাসে গুচিব নাগপাশ ।
দেখি ৰাৱণৰ লাগিবে মহাত্ৰাস ॥১৩৫
অনেক ৰাক্ষস সেনাগণ সমম্বিতি ।
সেনাপতিগণ পাঞ্চিবন্ত লঙ্কাপতি ॥১৩৬
চাৰি সেনাপতি যাইব যমৰ সদন ।
ধূম্ৰাক্ষ প্ৰহন্ত বক্ৰদন্ত অকম্পন ॥১৩৭
তেবে সমদলে আসি যুজিব ৰাৱণ ।
বানৰ কটক সাৰীবেক দশানন ॥১৩৮
দেখি ৰামচন্দ্ৰে হাতে ধৰি ধনুশৰ ।
কেশে সমে কিৰীটি কাটিব ৰাৱণৰ ॥১৩৯
যম যেন ৰাঘৱক দেখিয়া সাক্ষাত ।
ভঙ্গ দিয়া পলাই গৈয়া পশিব লঙ্কাত ॥১৪০
মহামৰ্ম্মে জানুত থাপিয়া দশ মাথ ।
অপমান পায়া কান্দিবন্ত লঙ্কানাথ ॥১৪১
শ্ৰীহত হৈবে মুখ পৰিব বিবৰ্ণ ।
পঠাইবে যুজিবাক জগাই কুম্ভকৰ্ণ ॥১৪২
ঘোৰ শৰে ৰামে তাৰ ছেদিবন্ত শিৰ ।
শোকে ৰাৱণৰ হিয়া হৈব দুই চিৰ ॥১৪৩
তেবে চাৰি পুত্ৰ মৰি যাইব যমঘৰ ।
ৰণত পৰিব আৰু দুই সহোদৰ ॥১৪৪
অতিকায় কুমাৰক মাৰিব লক্ষ্মণ ।
ইন্দ্ৰজিতে আসি পুনৰপি দিব ৰণ ॥১৪৫
ৰাম লক্ষ্মণক আদি যত সেনাগণ ।
ৰাৱণৰ শৰে সবে হৈবে অচেতন ॥১৪৬
জাম্বৱন্ত উপদেশে বীৰ হনুমন্ত ।
ঔষধ আনিয়া সমস্তকে জীয়াইবন্ত ॥১৪৭
ৰাৱণৰ মনে মহা মিলিব সঙ্কট ।
চমকি ৰহিব দিয়া দুৱাৰে কপাট ॥১৪৮
বানৰ ভালুকগণে মহাহৃষ্ট হই ।
দহিব সুবৰ্ণপুৰী লঙ্কা দিয়া জুই ॥১৪৯
পাচে সাত মহাবীৰ মাৰিব বানৰে ।
মকৰাক্ষ বীৰক বধিব ৰঘুবৰে ॥ ১৫০
তেবে মায়া সীতাক কাটিব ইন্দ্ৰজিত ।
শোকৰ জমকে ৰাম হৈবন্ত মূৰ্চ্ছিত ॥১৫১
বিভীষণে বুজাইবন্ত কহিয়া সম্ভেদ ।
লক্ষ্মণে কৰিব ৰাৱণিৰ স্কন্ধ ছেদ ॥১৫২
পুত্ৰস্নেহে অনেক কান্দিব লঙ্কানাথে ।
শোকে বিদাৰিব হিয়া যেন বজ্ৰপাতে ॥১৫৩
ক্ৰোধৰ বেগত দেখিবেক অন্ধকাৰ ।
সীতাক কাটিবে খেদি যাইব দুৰাচাৰ ॥১৫৪
দেখি মন্দোদৰী তাঙ্ক প্ৰবোধি আনিব ।
অসংখ্য কটক যুজিবাক পঠাই দিব ॥১৫৫
গন্ধৰ্ব্বৰ অস্ত্ৰ ৰামে কৰিব প্ৰকাশ ।
ক্ষণেকে কৰিব দুষ্ট ৰাক্ষস বিনাশ ॥১৫৬
সমস্তে ৰাক্ষস সঙ্গে লৈয়া লঙ্কাপতি ।
বজাইব আটোপে সাজি যুজিবাক প্ৰতি ॥১৫৭
তিনি সেনাপতি তাৰ যাইব যম ঘৰ ।
ৰাম ৰাৱণৰ ঘোৰ মিলিব সমৰ ॥১৫৮
ৰাৱণৰ শকতিত পৰিব লক্ষ্মণ ।
তাক কোলে ধৰি ৰাম কৰিব ক্ৰন্দন ॥১৫৯
ঔষধ আনিবে যাইব বায়ুৰ কুমাৰ ।
তথাতে মাৰিব কালনিমি নিশাচৰ ॥১৬০
তিনি কোটি গন্ধৰ্ব্বক মাৰিব তহিতে ।
আনিব ঔষধ বীৰে পৰ্ব্বত সহিতে ॥১৬১
বিশল্যকৰণী ঔষধ গন্ধ পাই ।
জীৱন্ত লক্ষ্মণ জয় আনন্দ বঢ়াই ॥১৬২
ৰাৱণক বধিতে ৰামৰ হৈব চিত ।
আসিবেক দেৱ ৰথ মাতলি সহিত ॥১৬৩
তাত চড়ি কৌতুকে যুজিব ৰঘুনাথ ।
বাৰে বাৰে ৰাৱণৰ কাটিবন্ত মাথ ॥১৬৪
নমৰিব তথাপি ৰাৱণ মহাবীৰ ।
ব্ৰহ্ম অস্ত্ৰ হানি পাচে ছেদিবন্ত শিৰ ॥১৬৫
আকাশত দেৱগণে আনন্দ কৰিব ।
জয় ৰাম ধ্বনি দশোদিশক পুৰিব ॥১৬৬
ৰাঘৱৰ শিৰে বৰষিব পাৰিজাত ।
পাচে ৰামে দেৱ কাৰ্য্য সাম্ফলি সাক্ষাত ॥১৬৭
বিভীষণ মিত্ৰক আশ্বাসি ৰঘুবৰ ।
পাতিবন্ত তাক অভিনব লঙ্কেশ্বৰ ॥১৬৮
যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন ।
তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯
অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ ।
বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০
৩ অধ্যায় ৰামায়ণৰ বৃত্তান্ত
দুলৰি
নাৰদ বদত, পাচে ৰঘুপতি,
পুৰুষ মহা মহন্ত ।
লগাই অপমান, সভা বিদ্যমান,
জানকীক ত্যজিবন্ত ॥১
জগত জননী, জনকনন্দিনী,
ৰামত হুয়া নৈৰাশ ।
অগনি সঞ্জালি, ঘৃতচয় ঢালি,
তাতে কৰিলন্ত ঝাস ॥২
নদহিব গাৱ, হুয়া শুদ্ধভাৱ,
ৰবিবন্ত জগমাৱ ।
দেৱগণসমে, ৰাজা দশৰথ,
আসিবা ৰামৰ থাৱ ॥৩
তিনি পিতা পুত্ৰে, এক থান হুই,
গলে বান্ধি কান্দিবন্ত ।
পাছে দশৰথে, ৰামক প্ৰশংসি,
কৈকেয়ীক নিন্দিবন্ত ॥৪
অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক,
স্ত্তুতি কৰিবন্ত গৈয়া ।
মৰা বানৰক, ৰামে জীয়াইবন্ত,
বাসৱত বৰ লৈয়া ॥৫
পিতৃৰ বচনে, সম্বৰিবা ৰামে,
সীতাক পৰম তুষ্টি ।
দেৱগণ সমে, ৰাজা দশৰথ,
যাইবন্ত স্বৰ্গক উঠি ॥ ৬
বানৰ ভালুক, ৰাক্ষস সহিতি,
পুষ্পক বিমানে চড়ি ।
লক্ষ্মণ জানকী, সমন্বিতে ৰাম,
অযোধ্যাক যাইব লৰি ॥৭
পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে,
ৰহিয়া লৈবন্ত বৰ ।
সমস্তে বৃক্ষত, হৈব মধুফল,
ভুঞ্জিব তাক বানৰ ॥৮
ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন,
চাৰি হুয়া এক থান ।
কৰি জটা ছেদ, এৰিবন্ত খেদ,
চাৰিও বীৰ প্ৰধান ॥৯
তাত অনন্তৰ, অযোধ্যা নগৰে,
হৈবন্ত ৰাজা ৰাঘৱ ।
তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড,
কৰিব লোকে উত্সৱ ॥১০
ৰামৰ উপৰ, দেৱ নিৰন্তৰে,
পুষ্প বৰিষিব চানি ।
পৰম হৰিষ, প্ৰজায়ো কৰিব,
জয় জয় ৰাম ধ্বনি ॥১১
বানৰ ভালুক, ৰাক্ষস সকল,
প্ৰসাদ পায়া ৰামৰ ।
পৰম হৰিষ, ৰামক প্ৰণামি,
চলি যাইব নিজঘৰ ॥১২
অযোধ্যাক পাচ, অগস্ত্য আসিব,
কৰিবা ৰামে সন্মান ।
ৰাৱণৰ জন্ম, কহিবা অগস্ত্য,
ৰাঘৱৰ বিদ্যমান ॥১৩
যেন মতে ৰণ, পৰম দুৰ্জ্জনে,
জিনিবন্ত ত্ৰিভূবন ।
কুবেৰক জিন, পুষ্পক বিমান,
আনিলা ৰাজা ৰাৱণ ॥১৪
হৰি বেদৱত, ৰাৱণ দুৰ্ম্মতি,
পাইবেক শাপ দুৰ্যশ ।
অকাৰণে বধি, সবাকো জিনিব,
দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫
ইকথা শুনিয়া, মিলিবে কৌতুক,
হাসিবে ৰামে আনন্দে ।
সহস্ৰ অৰ্জ্জুন, বালিত সমৰ,
হাৰিবা ৰাৱণ মন্দে ॥১৬
ব্ৰহ্মাৰ বৰত, যমক জিনিবে,
পাতালে জিনিব নাগ ।
বৰুণ কটক, জিনিব ৰাৱণ,
বিষ্ণুক পাইবেক লাগ ॥১৭
মান্ধাতা সহিতে, কৰিব সমৰ,
চন্দ্ৰক জিনিব ৰণে ।
কপিলৰ ঠাই, হাৰি অপমান,
পাইবেক গৈয়া ৰাৱণে ॥১৮
ৰম্ভাক হৰিব, নল কুবেৰত,
শাপ পাইব নিশাচৰ ।
দেৱগণ সমে, ইন্দ্ৰক সমৰে,
জিনিবেক লঙ্কেশ্বৰ ॥১৯
এহি মতে ৰাম-, চন্দ্ৰৰ আগত,
কহি কথা ৰাৱণৰ ।
ৰামত বিদায়, কৰি মুনিগণ,
চলি যাইবা নিজ ঘৰ ॥২০
৪ অধ্যায়
ৰামায়ণৰ বৃত্তান্ত
ছবি
অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক
সুখে দশ হাজাৰ বত্সৰ ।
সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি,
চিন্তা বৰ মিলিব ৰামৰ ॥১
তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব
পাঞ্চমহীয়া গৰ্ভ সমে ।
ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি
থাকিবন্ত তোমাৰ আশ্ৰমে ॥২
উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই,
হৈব দুইৰ লৱ কুশ নাম ।
পৰম হৰিষ মনে, বিৰচিবা তুমি এহি,
ৰামায়ণ কথা অনুপাম ॥৩
সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি
ৰামৰ চৰিত্ৰ কথা সাৰ ।
তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই,
কৰিবন্ত লোকত প্ৰচাৰ ॥৪
অনন্তৰে ৰাঘৱৰ, আজ্ঞাক শিৰত ধৰি,
শত্ৰুঘণে বধিবা লৱণ ।
মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে
দেখিবন্ত ৰামৰ চৰণ ॥৫
ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব,
পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ ।
গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত,
কি কহিবা ৰাঘৱৰ গুণ ॥৬
দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব,
কৰিবন্ত আলাপ বিস্তৰ ।
অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব,
পাচে ৰাম আসিবন্ত ঘৰ ॥৭
অশ্বমেধ কৰিবাক, ৰামৰ হৈবেক মন,
অনাইবা বহু ঋষি জাক ।
সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে,
যাইব যজ্ঞভূমি দেখিবাক ॥৮
ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত,
গাইবা দুয়ো সীতাৰ তনয় ।
সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা,
পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯
জানকীক আনিবাক, তোমাক বুলিব ৰামে,
দিবা নিয়া তুমিও ৰামত ।
পায়া দেবী অপমান, সবে সভা বিদ্যমান,
পশিবৱ্ত গৈয়া পাতালত ॥১০
সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত,
পৃথিবীক কৰিবা কাতৰ ।
নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি
হাতে তুলি লৈবা ধনুশৰ ॥১১
দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা
শুনি ক্ৰোধ গুচিব ৰামৰ ।
পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত
একাদশ সহস্ৰ বত্সৰ ॥১২
সজ্জনক প্ৰতিপালি, দুৰ্জ্জনক বধিবন্ত,
কৰিবন্ত ৰাজ্য অকণ্টক ।
চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি
সমুচিতে দিবন্ত বণ্টক ॥১৩
ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা
সত্য কৰাই চলিবা ৰামক ।
সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত
দেখাই অতি অতৰ্ক লোকক ॥১৪
আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি
আসিবন্ত দেৱতা পৰ্য্যন্ত ।
তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে
স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫
তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া,
প্ৰবেশিবা বিষ্ণুত ৰাঘৱে ।
ৰাক্ষস বানৰ নৰ, পশু পক্ষী তৃণ বন,
সমন্বিতে চলিবা উত্সৱে ॥১৬
শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া,
সন্তলোক স্বৰ্গে হৈবা থিতি ।
কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান,
ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭
এহি মতে ৰামায়ণ, কৰা তুমি তপোধন,
সুমৰিয়া ব্ৰহ্মাক মনত ।
ৰামৰ চৰিত্ৰচয়, পৰম অমৃতময়,
শুনি সুখে তৰোক জগত ॥১৮
নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য,
শ্ৰীৰাম চন্দ্ৰ সীতাপতি ।
হুয়োক প্ৰসন্ন যেন, মোৰ মন মধুকৰে,
তযু পাদপদ্মে কৰে ৰতি ॥১৯
তযু নিজ দাসে মোৰ, পৰম সুহৃদ হৌক,
লৌক মুখ তযু গুণ নাম ।
ন ছাৰিবা প্ৰভু মোক, যত সমাজিক লোক
নিৰন্তৰে বোলা ৰাম ৰাম ॥২০