ধুম্ৰাক্ষৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৮ অধ্যায় ।
সুবেল পৰ্ব্বতত ৰাম - লক্ষ্মণ ।
- দুলৰি ।
কাৰ্য্যক বুজিয়া, ৰাক্ষসে ধাৱয়,
- কাঢ়য় খৰ উশাস ।
মুখে ধান দিলে, আখৈ হৱে যেন,
- হেসনি বন্ধে নিশ্বাস ॥১
সম্বুধি বোলয়, আদেশ গোসাই,
- কাৰ্য্য বৰ অসন্তোষ ।
যি দুই গোটাক, ৰাৱণি মাৰিলা,
- বসি আছে থোশমোশ ॥২
শ্ৰীৰাম লক্ষ্মণ, জীৱন্ত শুনিয়া,
- হৃদয় কম্প লৰিল ।
বৈৰৰ মুণ্ডত, ছাৰ দিলে যেন,
- নিৰ্ঘাত মাথে পৰিল ॥৩
ৰাৱণ ৰাজাৰ, শ্ৰীহানি ভৈল,
- দান্ত মুখ শুকাই গৈল ।
সকলে ৰাজাৰ, সভাখান যেন,
- কাস পৰি জিম গৈল ॥৪
হৃদয়ত শাল, পৰিল ৰাজাৰ,
- মনত বৰ আসুখ ।
বিষণ্ণ বদনে, পাত্ৰ মেলেকক,
- বোলে ৰাম কেন কোখ ॥৫
ধূম্ৰাক্ষ বীৰক, আদেশয় ৰাজা,
- তই যুজিবাক চল ।
ৰাম লক্ষ্মণক, মাৰি আসি গৈয়া,
- ভালুক বানৰ বল ॥৬
ৰাজাক প্ৰণাম, কৰিয়া ত্বৰিতে,
- ধূম্ৰাক্ষ ভৈলেক বাজ ।
ৰাজাৰ আদেশে, টোল চমকিল,
- কোলাহল সাজ সাজ ॥৭
কতোহোঁ ৰথত, চড়িয়া লৰিল,
- কতোহোঁ হাতীত চড়ি ।
পৱনৰ বেগ, সদৃশ ঘোড়ায়ে,
- কিল কিল দৰ দৰি ॥৮
হেমময় ৰথ, সাজি থৈলা তাত,
- চৌত্ৰিশ অস্ত্ৰ নিবন্ধি ।
ধূম্ৰাক্ষ ৰাক্ষস, তাহাতে চড়িল,
- ভূষিত কৰি প্ৰবন্ধি ॥৯
পশ্চিম দুৱাৰে, পয়ানে চলিলা,
- যথা বীৰ হনুমন্ত ।
পাৱৰ ধূলায়ে, আকাশ ছানিয়া,
- নিশাচৰ অপৰ্য্যন্ত ॥১০
ধূম্ৰাক্ষ যি বেলা, ৰণক চলিলা,
- বিমঙ্গল নানাবিধ ।
ধ্বজৰ উপৰে, পেঁচা পৰি গৈল,
- মাথাৰ উপৰে গৃধ ॥১১
সেন যে শকুণ, আকাশে ৰণাৱে,
- মণ্ডলি কৰয় কাক ।
হৰিষে নাদয়, কোলাহল কৰে,
- মাংস সব ভুঞ্জিবাক ॥১২
নানা সব অদ- ভূতক দেখিয়া,
- হৰিষ নাহি তাহাৰ ।
সাগৰ সমান, বানৰ দেখিয়া,
- লাগি গৈলা চমৎকাৰ ॥১৩
ধূম্ৰাক্ষ ৰাক্ষস, হনুৰ সৈন্যত,
- যেবে ভৈলা পয়োসাৰ ।
ৰণক হৰিষে, বানৰে নাচয়,
- গাৱয় গীত অপাৰ ॥১৪
ৰাক্ষসে বানৰে, মিলি গৈলা যুদ্ধ,
- অস্ত্ৰৰ দিলেক জাক ।
পৰ্ব্বত শিখৰ, বৰিষি বানৰে,
- বোলে অৰে থাক থাক ॥১৫
কৌটি অসংখ্যাত, এক থান হুয়া,
- কোবাৱে লাঞ্জৰ বাৰি ।
হিয়া মুণ্ড ভাগি, ৰাক্ষসে ভূমিত,
- পৰয় প্ৰাণক ছাৰি ॥১৬
সহস্ৰ সংখ্যাত, ৰাক্ষসে মিলিয়া,
- বানৰ বলক ধাৱে ।
হস্তী ৰথ ঘোড়া, গৰকায়া মাৰে,
- কতোহোঁ খাণ্ডাৰ ঘাৱে ॥১৭
ৰথত থাকিয়া, বানৰক শৰে,
- কৰন্ত উভয় ফোল ।
বানৰৰ বলে, ৰিঙ্গ দিয়া বোলে,
- মাৰ মাৰ তোল তোল ॥১৮
নিশাচৰ বলে, পৰিঘৰ কোৱে,
- কতো শৰ ঘাৱ দিল ।
নানাবিধ অস্ত্ৰে, বানৰ বলক,
- যম কৰণক নিল ॥১৯
বানৰ বলেয়ো, বৃক্ষ শিলা হানি,
- হাতী ঘোড়া বল ৰথ ।
হিয়া মুণ্ড সব, অঙ্গ চূৰ কৰি,
- পঠাইলা যমৰ পথ ॥২০
সাগৰত ঢৌ, কোলাহল যেন,
- বানৰ বল খঙ্গাইল ।
আঞ্চোৰে কামৰে, লাঠিয়ে চৱৰে,
- ৰাক্ষস বল ভঙ্গাইল ॥২১
ধূম্ৰাক্ষ বীৰৰ, সৈন্য নিৰন্তৰ,
- পলাই দশ দিশে ভেদি ।
মাংস যে কৰ্দ্দম, কেশ যে শৈবাল,
- ৰুধিৰে বহয় নদী ॥২২
নমোঁ ৰঘুনাথ, চৰণত মাথ,
- থৈয়া লক্ষ কৌটি বাৰ ।
তযু গুণ নাম, অমৃতৰ পান,
- অধীন ভৈলোঁ তোমাৰ ॥২৩
পৰম কৃপালু, জানিলা তোমাৰ,
- চৰণে লৈলোঁ শৰণ ।
পূৰাঁ মন কাম, বোলাঁ ৰাম ৰাম,
- যত সভাসদ গণ ॥২৪
- ১২ অধ্যায় ।
- পদ ।
হেন দেখি মহাবীৰ ধূম্ৰাক্ষ প্ৰচণ্ড ।
বানৰক ধাইল যেন কাল মেঘ খণ্ড ॥১
শৰ বৰিষিয়া সব চানিলা আকাশ ।
বানৰ বলৰ মহা মিলিল তৰাস ॥২
অস্ত্ৰক হানন্ত বীৰ লৈয়া গৈলা খেদি ।
পলাই বানৰ বল দশ দিশে ভেদি ॥৩
সৈন্যৰ দেখিয়া ভঙ্গ মাৰুতি খঙ্গিলা ।
নাইস বুলি ভেণ্টিলন্ত হাতে ধৰি শিলা ॥৪
ধূম্ৰাক্ষে বোলন্ত খলখলি হাসি তুলি ।
তই ৰণ্ড ভণ্ড কৰি গৈলি লঙ্কা পুলি ॥৫
যতেক মাৰিলি আজি তাৰ ভাল পাইবি ।
মোহোৰ হাতত পৰি যম ঘৰে যাইবি ॥৬
হনুয়ে বোলন্ত তই কিসক তৰ্জ্জস ।
শৰত কালৰ মেঘ মিচাত গৰ্জ্জস ॥৭
তই বেটা গৰ্জ্জিলে আঙ্গুলি হুইবে আউল ।
তোৰ মই হইবোঁ আজি বাপেৰৰ ৰাউল ॥৮
নিশাচৰে বোলয় মাৰোহোঁ থাক থাক ।
চতুৰ্দ্দিশে বেঢ়িয়া দিলেক অস্ত্ৰ জাক ॥৯
ঠাস ঠোস কৰি গৈয়া শৰীৰে পৰিল ।
ভ্ৰুভঙ্গ নাহি লোমগাছো নলৰিল ॥১০
হনুমন্ত প্ৰমুখ্যে ৰণত পসোৰিলা ।
ধূম্ৰাক্ষক লাগি হনুমন্ত এক শিলা ॥১১
ৰাক্ষসৰ দেখিয়া শৰীৰ ভৈলা কাম্প ।
গদা হাতে ধূম্ৰাক্ষ ভূমিত দিলা জাম্প ॥১২
ৰথৰ উপৰে তাৰ পিৰ গৈলা শিল ।
সাৰথিয়ে ধনুৰথে চাপিয়া পিসিল ॥১৩
হনুমন্তে কোবাৱয় হাতে বৃক্ষ ধৰি ।
আশেষ ৰাক্ষস গৈলা যমৰ নগৰী ॥১৪
ধূম্ৰাক্ষে গাৱৰ বলে গদা গোট তুলি ।
তান দুইৰ মাজত কোবাইলা হুঃবুলি ॥১৫
গদাৰ প্ৰহাৰ পাইয়া কপি বীৰবৰ ।
ধূম্ৰাক্ষক হানিলন্ত পৰ্ব্বত শিখৰ ॥১৬
মাথাৰ মাজত যেবে পৰিল শিখৰ ।
পৰ্ব্বত আকাৰে পৰি গৈলা নিশাচৰ ॥১৭
আন যত বল খেদি মাৰয় বানৰে ।
যিবা কিছু ৰৈল গৈলে লঙ্কাৰ ভিতৰে ॥১৮
সাতে পাঞ্চে গৈয়া পাছে ৰাজাত জনাইল ।
ধূম্ৰাক্ষ পৰিলা শুনি ৰাৱণ খঙ্গাইল ॥১৯