ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩ অধ্যায়
- ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন
ফাল্গুন এৰায়া ভৈল চৈতৰ প্ৰবেশ ।
বৃক্ষ সব পুষ্পিত মণ্ডিত সবদেশ ॥১
ইহাতে ৰামক ভালে অভিষেক কৰি ।
ৰাজ্য ভাৰ সমৰ্পিবো অযোধ্যা নগৰী ॥২
শুনিয়ো বশিষ্ঠ কুলদেৱতা আমাৰ ।
শীঘ্ৰে মিলায়োক আনি সমস্তে সম্ভাৰ ॥৩
ৰাজাৰ বচনে সবে জানিল প্ৰস্তুত ।
শীঘ্ৰে মিলাইলন্ত আনি সম্ভাৰ বহুত ॥৪
দশৰথে বোলন্ত সুমন্ত্ৰ মন্ত্ৰীবৰ ।
ৰামক ৰথত তুলি আনিয়ো সত্বৰ ॥৫
ৰাজাৰ আদেশ মন্ত্ৰী মাথাত লৈলন্ত ।
ৰামক আনিয়া আতি শীঘ্ৰে মিলাইলন্ত ॥৬
প্ৰাসাদ উপৰে ৰাজা মাথা তুলি চাইল ।
হৃদয় নন্দন শ্ৰীৰামক ভেট পাইল ॥৭
গন্দৰ্ব্ব ৰাজাৰ সমসৰ মনোহৰ ।
সুকীৰ্ত্তি বিদিত দশো দিশ নিৰন্তৰ ॥৮
প্ৰলম্বিত বাহু মত্ত গজৰ গমন ।
কোমল কমল দল সমান নয়ন ॥৯
দশৰথে নকৰিল চক্ষুক নিমেষ ।
পুত্ৰ মুখ দেখি ভৈলা হৰিষ অশেষ ॥১০
প্ৰাসাদ নামত ৰথ কৰি কৰি পৰিত্যাগ ।
পাচত সুমন্ত্ৰ ৰামচন্দ্ৰ ভৈলা আগ ॥১১
বাপক দেখিলা ৰাম প্ৰসাদ উপৰে ।
কুবেৰ আছন্ত যেন কৈলাস শিখৰে ॥১২
প্ৰদক্ষিণ কৰি কৃতাঞ্জলি কৰিলন্ত ।
যেন নলকুবেৰে চৰণ বন্দিলন্ত ॥১৩
ৰামক আনিয়া ৰাজা আলিঙ্গি ধৰিল ।
গুণৰূপ বৰ্ণাই মাথে চুম্বন কৰিল ॥১৪
সুবৰ্ণৰ আসনক কৰিলা আদেশ ।
তাহাতে বসিলা ৰামচন্দ্ৰ হৃষীকেশ ॥১৫
ৰামৰ দীপিতি সিংহাসনত লাগিল ।
ৰবিৰ কিৰণে যেন মেৰু উজ্জ্বলিল ॥১৬
ৰামক দেখিলা ৰাজা হৰষিত মনে ।
দৰ্পনত প্ৰতিবিম্ব যেহেন আপনে ॥১৭
সভাখন ভৈল যেন নিৰ্ম্মল গগন ।
ৰাজা সব ভৈল যেন নক্ষত্ৰ শোভন ॥১৮
ৰাঘৱৰ কান্তি চন্দ্ৰ সন্দ্ৰ সমান বলিল ।
স্বৰ্গৰ খণ্ডেক যেন ভূমিত পৰিল ॥১৯
অল্প হাস্য কৰিয়া বোলন্ত দশৰথ ।
শুনিয়োক শ্ৰীৰাম তোমাৰ হিতপথ ॥২০
জনক পালিবা বুজিবাহা ৰাজ কায ।
পুণ্য যোগে তোমাক পাতিবো যুবৰাজ ॥২১
বুলিতে নলাগে তুমি শোভন চৰিত ।
স্নেহৰূপে ত্ৰিজগতে পাইলে প্ৰাণহিত ॥২২
আপোন পৰক কিছু নেদেখিবি ভিন ।
জন প্ৰতিপালিবে জানিবে ছয়গুণ ॥২৩
সন্ধি বিগ্ৰহৰ তত্ত্ব আৱৰ আসন ।
দ্বৈধ সখ্য যান ছয়গুণে দিবে মন ॥২৪
এহি ছয় গুণে হয় ৰাজাৰ লক্ষণ ।
সৰ্ব্বকালে সুখে তেবে বঞ্চে ৰাজগণ ॥২৫
শুন পুত্ৰ শ্ৰীৰাম আৱৰ কহোঁ বিধি ।
এহি সাত প্ৰকাৰে ৰাজ্যৰ হোৱে সিদ্ধি ॥২৬
আপুনি পালিব ৰাজ্য আৰু মন্ত্ৰীগণ ।
বহুমিত্ৰ কৰিব সঞ্চিব বহুধন ॥২৭
ৰাজ্য দেশ বশ্য হৈব আনো নানা থান ।
ৰাজা ভৈলে কৰিব সৈন্যক বহুমান ॥২৮
পৰজন সমে যেবে ৰাজা কৰে সঙ্গ ।
হেন অষ্ট প্ৰকাৰে ৰাজ্যৰ হোৱে অঙ্গ ॥২৯
যিবা ৰাজা আক জানে তাৰ নাহি ভয় ।
আছোক নৃপতি ত্ৰৈলোক্যতো পাৱে জয় ॥৩০
জ্যেষ্ঠ মহাদই মোৰ সাফলা কৌশল্যা ।
যাহাৰ গৰ্ভত তুমি উতপতি ভৈলা ॥৩১
কুলৰ নন্দন বাপ মোৰ বৰ ভাগ ।
তুমি ৰাজা হৈবাহা জনৰ অনুৰাগ ॥৩২
বৃদ্ধ ভৈলো কৰিলো ৰাজ্যৰ উপভোগ ।
যজ্ঞ শত কৰিলো ধনৰ উপযোগ ॥৩৩
দেৱপিতৃ পুত্ৰৰ নভৈল ঋণ শেষ ।
প্ৰজাক পালিলো ভালে অনেক বিশেষ ॥৩৪
স্বপ্নক দেখিয়া বিচলিত মোৰ চিত ।
ভূমিকম্পে নিৰ্ঘাত পৰিল পৃথিবীত ॥৩৫
দুই গ্ৰহ মন্দ মোৰ ৰাহুৱে মঙ্গলে ।
দৈবজ্ঞে গণিয়া মোৰ কহিলে সকলে ॥৩৬
হেন উপঘাতত ৰাজাৰ কাল হয় ।
প্ৰজাৰ অনিষ্ট আসি মিলিল নিশ্চয় ॥৩৭
যাৱে নতু জানে লোকে ইটো সবকাজ ।
কালি শুভ দিনত তোমাক দিবো ৰাজ ॥৩৮
তোমাক ভকতি মনে ভৰত কুমাৰে ।
তোমাৰেসে আজ্ঞা পালি অন্নপান কৰে ॥৩৯
তথাপিতো নুবুজোহো কুমাৰ স্বভাৱ ।
শীঘ্ৰে ৰাজ্য লৈয়োক দেশত নাহি যাৱ ॥৪০
কালি ৰাজা হৈবা চলা আপোনাৰ থান ।
সীতায়ে সহিতে চাহিয়োক অনুষ্ঠান ॥৪১
ৰাজাৰ আদেশ ৰামে মাথে তুলি লৈলা ।
কৌশল্যাৰ ঠাৱক সত্বৰে চলি গৈলা ॥৪২
ৰাম অভিষেক শুনি সহৰিষ মনে ।
আসিয়া আছন্ত আগে সুমিত্ৰা লক্ষ্মণে ॥৪৩
কথা শুনি কৌশল্যায়ো শুক্ল বস্ত্ৰ ধৰি ।
আছন্ত দেৱৰ ঘৰে কৃতাঞ্জলি কৰি ॥৪৪
ঐকান্তিক ধ্যান মনে জগতৰ মাৱ ।
বিষ্ণুক পূজন্তে ৰামে নমিলন্ত পাৱ ॥৪৫
শুনিলা কি মাৱ মোৰ কাৰ্য্যে সবিশেষ ।
প্ৰজা পালিবাক বাপে কৰিলা আদেশ ॥৪৬
হেন শুনি কৌশল্যাৰ পৰম হৰিষ ।
চিৰকাল জীৱ বুলি কৰিলা আশীষ ॥৪৭
ধন্য মোৰ জীৱন ফলিল মনোৰথ ।
তুষিলা তোমাৰ গুণে ৰাজা দশৰথ ॥৪৮
সাফল বিষ্ণুত আমি ভকতি কৰিল ।
কৰ্ম্মগত লক্ষ্মী আসি আপুনি বৰিল ॥৪৯
দেৱগণ সহিতে বিষ্ণুৱে দেন্ত বৰ ।
চিৰকাল জীৱ বুঢ়া ৰাজা ৰাজেশ্বৰ ॥৫০
শ্ৰীৰামে বোলন্ত কুখিধৰ মোৰ মাৱ ।
কালি ৰাজা হৈবোহোঁ জনাইলো তযুপাৱ ॥৫১
আশীৰ্ব্বাদ দিয়া মাৱ কৰিয়ো আশ্বাস ।
সীতা সমন্বিতে মোৰ আজি অধিবাস ॥৫২
মাঙ্গল্য দিয়োক মাৱ স্ত্ৰীৰ আচাৰ ।
বিঘিণি বিনাশ হৌক সীতাৰ আমাৰ ॥৫৩
ৰাঘৱে বোলন্ত শুন কনিষ্ঠ লখাই ।
প্ৰাণ সম তুমি মোৰ সুভাষিত ভাই ॥৫৪
আমাৰ ৰাজ্যত তোৰ নাহি বিপৰীত ।
অবিকলে ভোগ কৰ শোভন চৰিত ॥৫৫
লক্ষ্মণক সম্বুধি আৱৰ যত মাৱ ।
শীঘ্ৰে বেগে চলিয়া গৈলন্ত নিজ ঠাৱ ॥৫৬
বসিলন্ত সুবৰ্ণৰ আসন বিশেষে ।
বশিষ্ঠ গৈলন্ত চলি ৰাজাৰ আদেশে ॥৫৭
সাদৰিলা তাঙ্ক ৰামে সহৰিষ মনে ।
চলিলন্ত কৌতূহলে ব্ৰহ্মাৰ নন্দনে ॥৫৮
নৃপতিয়ে পঠাই দিলা মোক তযু পাশ ।
কালি ৰাজা হৈবা ৰাম আজি অধিবাস ॥৫৯
অধিবাস কৰাই গুৰু চলি গৈলা ৰথে ।
দেখিলন্ত বশিষ্ঠে আনন্দ সব পথে ॥৬০
নিৰন্তৰে প্ৰজা বোলে ৰাত্ৰি পৰিহৰি ।
ৰাম অভিষেকক দেখিবো নেত্ৰ ভৰি ॥৬১
তেবেসে আমাৰ হৈবে সফল জীৱন ।
কৰে কৌতূহল অযোধ্যাৰ যত জন ॥৬২
নগৰী জনৰ বাক্য শুনিয়া অশেষ ।
ৰাজাত কহিয়া গুৰু গৃহত প্ৰবেশ ॥৬৩
বশিষ্ঠ বাক্য ৰামে শিৰত ধৰিল ।
বেদমন্ত্ৰে অগণিত আহুতি কৰিল ॥৬৪
আহুতিৰ শেষে ৰামে আনন্দিত মনে ।
দেৱ ঘৰে থাকিলন্ত কুশৰ শয়নে ॥৬৫
ৰাত্ৰি প্ৰহৰেক থিতে ৰামে চালি গাৱ ।
শৰীৰত অলঙ্কাৰ পিন্ধি নানা ভাৱ ॥৬৬
ঊষা কাল ভৈল জানি বিধিৰ বিধানে ।
পূৰ্ব্ব সন্ধ্যা উপাসিল হৰিক ধিয়ানে ॥৬৭
আনো সব নিয়মক কৰি এক চিতে ।
আনন্দে ৰহিলা ৰাম সীতা সমন্বিতে ॥৬৮
নিৰন্তৰে প্ৰজাগণে মনত কৌতুকে ।
নগৰীক অলঙ্কৃত কৰিল উত্সুকে ॥৬৯
বিচিত্ৰ পতাকা ধ্বজ তুলিয়া ধৰিল ।
হাট বাট পুষ্পে গন্ধে ধূপে আবৰিল ॥৭০
জীৱন সাফল প্ৰজা বোলে নিৰন্তৰ ।
ৰামচন্দ্ৰ হৈব আজি ৰাজ ৰাজেশ্বৰ ॥৭১
চিৰ কাল জীৱ বুঢ়া ৰাজা দশৰথ ।
যাহাৰ প্ৰসাদে সাফলিল মনোৰথ ॥৭২
সূৰ্য্যৰ বংশত ধন্য ভৈলা উতপতি ।
ৰাঘৱক ৰাজ্য দিতে যাৰ ভৈল মতি ॥৭৩
ৰাম অভিষেক শুনি সহৰিষ মনে ।
নগৰী ভৰিল আসি আনো দেশীজনে ॥৭৪
হাসো হাসো কৰে পুৰী অযোধ্যা সম্প্ৰতি ।
নৃত্য গীত বাদ্যে যেন দেখি অম্ৰাৱতি ॥৭৫