হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২১ অধ্যায়
হনুমন্তৰ আৰু ৰাক্ষসৰ যুদ্ধ ।
ৰাজাৰ আদেশে অসংখ্যাত নিশাচৰ ।
কৰে ধৰি শকতি পৰশু মুদ্গৰ ॥১
চপকৰে সসৈন্য অশোকা বন পাইল ।
বানৰক দেখি কতো মাৰোঁ কৰি ধাইল ॥২
সেনাক দেখিয়া মহাবীৰ হনুমন্ত ।
অদভুত উচ্চল বৃক্ষত চড়িলন্ত ॥৩
নসহয় বৃক্ষ ভাগি পৰে তান ভৰে ।
মধুবন ছন্ন কৰিলন্ত নিৰন্তৰে ॥৪
শিখৰত চড়িয়া বাঢ়িল হনুমান ।
শৰীৰ দেখিয় যেন পৰ্ব্বত সমান ॥৫
তান পয়োভৰে ভাগি পৰয় শিখৰ ।
ৰণ্ড ভণ্ড ভৈগৈল ৰাজাৰ ধৌলিৱৰ ॥৬
জয়তি জয়তি ৰাম লক্ষ্মণ জয়তি ।
সুগ্ৰীৱ জয়তি বানৰৰ অধিপতি ॥৭
মই আসি ভৈলোঁ সীতা দেখিবাৰ হেতু ।
হনুমন্ত নামেসে লঙ্কাৰ ধুমকেতু ॥৮
চতুৰ্দ্দিশে বেঢ়িলে ৰাক্ষস মহাবলী ।
হনুমন্তে দেখিয়া হাসন্ত খল খলি ॥৯
লাঞ্জ গোট ফুৰাইলন্ত তোৰণত বসি ।
ৰাক্ষসৰ সেনা কতো মৰিল তৰসি ॥১০
চেতনক পায়া কতো কতো বোলে থাক ।
সবে মিলি দিলে দুৰ্ঘোৰ অস্ত্ৰজাক ॥১১
ৰাক্ষসৰ শৰে চতুৰ্দ্দিশক হাৰিল ।
মাৰুতিৰ আতাসত সবে উফৰিল ॥১২
সেনাৰ মাজত পশি কোবাৱন্ত বাৰি ॥১৩
কাৰো পেট হাত মুণ্ড কুম্ভস্থল ভাগি ।
ঘোৰ বনে গৈল যম সদনক লাগি ॥১৪
কতো কতো পলাই গৈল সুদীৰ্ঘ নিশ্বাসে ।
বাৰ্ত্তাক জনাইল গৈয়া ৰাৱণৰ পাশে ॥১৫
আদেশিয়ো গোসাঁই উদ্যান গৈল ক্ষয় ।
বানৰাৰ কাৰণে ৰাক্ষস নিজীৱয় ॥১৬
পুনৰপি ক্ৰোধে জ্বলি গৈল লঙ্কেশ্বৰ ।
সাজি পাৰি পঠাল অনেক নিশাচৰ ॥১৭
সাগৰ সদৃশ সেনা সবে যায়ো সাজি ।
বেঢ়ি গৈয়া বানৰাক বান্ধি আন আজি ॥১৮
ৰাজাৰ আদেশে সাজি গৈল নিশাচৰ ।
হাতে তুলি ধৰিয়া পৰশু মুদ্গৰ ॥১৯
অস্ত্ৰ শস্ত্ৰ ধৰিয়া অশোকাবন পাইল ।
বানৰক দেখি কাট মাৰ কৰি ধাইল ॥২০
ধৰ ধৰ মাৰ উথলিল বাক ।
সবে হন্তে বেঢ়িয়া দিলেক অস্ত্ৰ জাক ॥২১
ৰাসক্ষস শৰে গৈয়া চৌভিতি বেঢ়িল ।
মাৰুতিৰ আতাসত সবে উফৰিল ॥২২
সুবৰ্ণৰ তম্ভগোট লৈলন্ত উপাৰি ।
সেনাৰ মাজত পশি কোবাৱন্ত বাৰি ॥২৩
ৰাৱণে যুজক সেনা পঠাইল যতেক ।
একৈ একৈ কোবে মাৰে শতেক শতেক ॥২৪
ৰাক্ষসগণক সবে মাৰিলা বিগুটি ।
কাহাকো উভতা গোৰে মাখা গোট পুতি ॥২৫
কতে সেনাগণ সংহৰিল বৃক্ষ বাৰি ।
আতাসতে কাহাৰো পৰাণ গৈল ছাৰি ॥২৬
হতশেষ সেনা গৈয়া ৰাজাত জনাইল ।
শুনি লঙ্কেশ্বৰে অসন্তোষ বৰি পাইল ॥২৭