দশৰথৰ মৃত্যু
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২১ অধ্যায়
- দশৰথৰ মৃত্যু
কৌশল্যা সুমিত্ৰা দুয়ো সতী শোকমনে ।
ৰাজাৰ দুই পাশে শুতিলন্ত দুই জনে ॥১
মধ্য নিশা ভৈলে ৰাজা চেতনক পাইল ।
শয্যাত বসিয়া দুয়ো ভাৰ্য্যাক জগাইল ॥২
পূৰ্ব্বৰ কথাক মই সুমৰিয়া পাইলোঁ ।
নিশ্চয় জানিলোঁ এবে প্ৰাণ হৰুৱাইলোঁ ॥৩
আম্ৰবন দেখি যেন ৰুইলোহোঁ পলাশ ।
কালে ফল শূন্য দেখি হইলোহোঁ হতাশ ॥৪
নুগুণিয়া ৰামক দিলোহোঁ বনবাস ।
ঋষি শাপে আসি মোৰ মিলালে বিনাশ ॥৫
পূৰ্ব্বকালে মন্দকৰ্ম্ম কৰিলোঁ দু্ৰ্ম্মতি ।
তাৰ ফলে মন্দ গতি ফলিল সম্প্ৰতি ॥৬
তোক নতু বিহাকৰোঁ যুবৰাজ ভৈলোঁ ।
বাৰিষা কালত হাতে ধনুশৰ লৈলোঁ ॥৭
তূণ বান সাজিয়া দুৰ্জ্জয় মহাবীৰ ।
নিশাকালে পাইলোঁ গৈয়া সৰযুৰ তীৰ ॥৮
শব্দভেদীময় লুকি দিলোহোঁ তথাত ।
শব্দ লক্ষি পশু মাৰিলোহোঁ অসংখ্যাত ॥৯
কতো বেলি আছোঁ যেবে ধনুশৰ ধৰি ।
জল কুম্ভ ভৰান্তে বাজিল ঘটাং কৰি ॥১০
মই বোলোঁ হস্তী গোটে জলপান কৰে ।
গৰজন্তে আছয় মুখত জল ধৰে ॥১১
যাৱে আহি নতু উঠে সৰযুৰ ঘাট ।
এহি বুলি শীঘ্ৰে হানিলোহোঁ শৰপাট ॥১২
হাঁ মৰিলোহোঁ বুলি দিলেক আটাস ।
কোন হেন মতে মোৰ চিন্তিলে বিনাশ ॥১৩
কাৰো মন্দ নিচিন্তিলোঁ ঋষিৰ তনয় ।
অন্ধ মাৱ বাপ দুইৰো শোকক জ্বালায় ॥১৪
মইতো জানো কাৰো নতো চিন্তো অপকাৰ ।
কোনে নো পাপীষ্ঠে কৈল হৃদয়ে প্ৰহাৰ ॥১৫
অন্ধ মাৱ বাপ মোৰ দুইৰো মই লাঠি ।
তিনিকো মাৰিল কোনে এহি শৰকাটি ॥১৬
হেন শুনি মোৰ বৰ জন্মিল তৰাস ।
ধীৰে ধীৰে গৈয়া তাৰ চাপিলোহোঁ পাশ ॥১৭
ভয়ে গাৱ কাম্পয় লাগিল ধসমসি ।
ৰাহুৰ আগত যেন পূৰ্ণিমাৰ শশী ॥১৮
হৃদয়ত শৰ দেখোঁ ঋষিৰ কুমাৰ ।
সৰ্ব্বাঙ্গ পানীত আছে তটে জটাভাৰ ॥১৯
জাজ্বল্য সমান কৰি কটাক্ষ নয়নে ।
মোক চাই বুলিলেক নিষ্ঠুৰ বচনে ॥২০
হাওৰে পাপীষ্ঠ নষ্ট কি কৰিলোঁ তোক ।
কি কাৰণে শৰে হানি মাৰিলিহি মোক ॥২১
অন্ধ মাৱ বাপৰ জ্বলাইলি কেনে শোক ।
বাপৰ শাপত আজি যাইবি যমলোক ॥২২
আমাৰ বাপৰ শাপ প্ৰচণ্ড অগনি ।
শুকান বনক যেন দহিবেক ছন্নি ॥২৩
এৰাইতে পাৰস যদি বিনয় ভাৱত ।
আমাৰ বাৰ্ত্তাক কহি ধৰ চৰণত ॥২৪
ব্ৰহ্ম বধ ভৈল তাক নজানিবি তই ।
ব্ৰহ্মঋষি জনিল শূদ্ৰাৰ পুত্ৰ মই ॥২৫
হৃদয়ৰ কাঢ় শৰ প্ৰাণক সুজাওঁ ।
সৰযু জলত মৰি স্বৰ্গে চলি যাওঁ ॥২৬
হেন শুনি তাৰ মই খসাইলোহোঁ বাণ ।
কতোক্ষণে ঋষিৰ পুত্ৰৰ গৈল প্ৰাণ ॥২৭
প্ৰাণ বায়ু তেজি মৰি গগণক চাইল ।
তাক দেখি বৰ আমি দুঃখ শোক পাইলোঁ ॥২৮
শুনবোলোঁ কৌশল্যা প্ৰাণৰ পটেশ্বৰী ।
ঋষি পাশে গৈলোঁ কান্ধে জল ঘট ধৰি ॥২৯
মনে মনে গুণো আজি ভৈলোহোঁ নিৰ্য্যাণ ।
ঋষিৰ শাপত মোৰ ছাৰিবেক প্ৰাণ ॥৩০
পথ চাহি আছে দুয়ো নেদেখয় আখি ।
বৃদ্ধ চাতকৰ যেন ছেদিলোহোঁ পাখী ॥৩১
ধীৰে ধীৰে গৈয়া মই ছাপিলোহোঁ কোল ।
পুত্ৰবুলি দুইহান্তৰ উছলিল বোল ॥৩২
তোহোক নেদেখি দুইৰো প্ৰাণ যায় ফুটি ।
বিলম্ব কৰিলি কিয় অন্ধৰ লাখুটী ॥৩৩
আন খন চিৰকাল নকৰিবি বাপে ।
প্ৰাণক তেজিলোঁ হয় তোহোৰ সন্তাপে ॥৩৪
হেন শুনি আগত যুৰিলোঁ যোৰহাত ।
ক্ষত্ৰিজাতি মই গোসাঁই জনাইলো তোমাত ॥৩৫
ঋষি পুত্ৰ নহো মই অজ মোৰ বাপ ।
সূৰ্য্য কুলে কলঙ্কিত দশৰথ পাপ ॥৩৬
সূৰ্য্যৰ কুলত মই ভৈলোঁ পাপ ৰোগ ।
অপৰাধ কৰিলোঁ দেখিতে নোহে যোগ ॥৩৭
বংশনাশ কৰিলোঁ চিন্তিয়ো প্ৰতিকাৰ ।
চণ্ডশাপ দিয়ো যেন হওঁ ছাৰ খাৰ ॥৩৮
সৰযুক আসিলোহোঁ মৃগক বধিতে ।
হাতে ধনু ধৰি লুকি দিয়া ভৈলোঁ থিতে ॥৩৯
জল কুম্ভ ভৰন্তে শুনিলোঁ গজৰাৱ ।
শৰে হানি মাৰিলোহোঁ অজ্ঞান স্বভাৱ ॥৪০
হেন শুনি অন্ধ দুয়ো বিমোহিত ভৈলা ।
বজ্ৰপাত ভৈলা যেন পৰি মূৰ্চ্ছা গৈলা ॥৪১
কিছুক্ষণে ঋষি পাচে চেতনক পায়া ।
ছাটি ফুটি কৰি বুলিলন্ত মোক চায়া ॥৪২
হাওঁৰে পাপীষ্ঠ আজি তোৰ মান সাৰোঁ ।
সব ৰঘুবংশে নাশ কৰিবাক পাৰোঁ ॥৪৩
শাপিয়া দহিবে পাৰোঁ দেৱাসুৰ নৰ ।
জ্ঞানত মাৰিলি হন্তে যাইবি যমঘৰ ॥৪৪
জানিয়া মাৰিলি মোৰ তনয় তাপস ।
গৈল হন্তে নৰকে পুৰুষ চতুৰ্দ্দশ ॥৪৫
আপুনি জানাইলি আসি হুয়া গৃহাগত ।
তোহোক মাৰিলে মোৰ কেমন মহত্ত্ব ॥৪৬
ভৈল আসি বেকত মোহোৰ কৰ্ম্ম ফল ।
দুইহান্তক পুত্ৰৰ পাশক লৈয়া চল ॥৪৭
হেন শুনি মোৰ বৰ জন্মিল তৰাস ।
লৈয়া গৈলোঁ দুহান্তকো মৰা পুত্ৰ পাশ ॥৪৮
দুই হান্তক নিয়া পাচে থাপিলোঁ তথাতে ।
দিলোঁনিয়া মৰা পুত্ৰ দুইহান্তোৰ হাতে ॥৪৯
দীৰ্ঘৰাৱে কান্দি আসি হিয়াত ধৰিল ।
কোলে তুলি লৈয়া মুখে চুম্বন কৰিল ॥৫০
মাৱে বুললন্ত পুতাই তেজিলিহি মোক ।
মৰিবাৰ দিনে দিলি নিদাৰুণ শোক ॥৫১
মোক এৰি যাস বাছা নিকৰুণ মনে ।
অন্ধমাৱ বাপ তোৰ পুষিব কমনে ॥৫২
হৰি হৰি বাপ মোত কোপ পৰিহৰাঁ ।
পাচে এৰে যাইবি মোৰ গ্ৰীৱে চাপি ধৰা ॥৫৩
ছট ফটাই মৰোহোঁ তোহোৰ বাপ মাৱ ।
ক্ষণিতেক প্ৰাণ ধৰো মাথা তুলি চাৱ ॥৫৪
চিৰকালে ঋষি পাচে ক্ৰন্দন ত্যজিল ।
সৰযুত বুৰ দিয়া অঞ্জলি কৰিল ॥৫৫
স্বৰ্গহন্তে ৰথ তেতিক্ষণে নামি আইল ।
তাতে বসি ঋষিপুত্ৰে মাতক লগাইল ॥৫৬
শুনিয়োক বাপ কুখিধৰ মোৰ আই ।
ইটো ৰাজ কুমাৰৰ কিছু দোষ চাই ॥৫৭
প্ৰাণ ৰাখি ইহাক দেশক পঠায়োক ।
মন্যু কৰি লিখিত কৰ্ম্মক চাহিয়োক ॥৫৮
অবিলম্বে তোমাসাৰ হৈব সদ গতি ।
মই চলি গৈলো হেৰা পুৰী অম্ৰাবতী ॥৫৯
হেন বুলি ঋষিপুত্ৰ স্বৰ্গে চলি গৈল ।
দেখি দুই হান্তৰ পাচে বৰ শোক ভৈল ॥৬০
আগত থাকিলোঁ মই পুটাঞ্জলি ধৰি ।
বুলিলন্ত ঋষিয়ে নিষ্ঠুৰ মন কৰি ॥৬১
মহা শুদ্ধ বংশ তোৰ ভুবনতে সাৰ ।
হেন ৰঘু বংশৰ অনাইলি খিলিঙ্কাৰ ॥৬২
পুত্ৰৰ শোকত আজি প্ৰাণক সুজাইব ।
অন্তকালে তোৰো পুত্ৰশোকে প্ৰাণ যাইব ॥৬৩
পূৰ্ব্বত আমাৰ হেন ঋষি শাপ ভৈল ।
দিন কতিপয়ে দুয়ো অন্ধ স্বৰ্গে গৈল ॥৬৪
সেহি ঋষি শাপে মোৰ মৰণ মিলিল ।
যম দূত দেখোঁ মোৰ সন্নিত চাপিল ॥৬৫
চক্ষুৱে নেদেখোঁ মই নুশুনোঁহোঁ বোল ।
পুত্ৰ সুমৰন্তে ভৈল হৃদয় আন্দোল ॥৬৬
এবে যেবে ৰামে বাপ বুলিয়া মাতয় ।
স্নেহৰূপে আসি গ্ৰীৱে চাপিয়া ধৰয় ॥৬৭
অমৃতক পীয়া যেন জীৱয় আতুৰ ।
তেবে প্ৰাণ ৰহে মোৰ নযাওঁ যমপুৰ ॥৬৮
মৰণ কালত ৰাম নেদেখিলোঁ তোক ।
যম কবলকো গৈলে নেৰাইবোঁহোঁ শোক ॥৬৯
শুনা বান্ধৈ কৌশল্যা নকৰাঁ হৃদিখেদ ।
তোমাৰ আমাৰ এবে ভৈল পৰিচ্ছেদ ॥৭০
চৌধয় বৰিষ ৰামে বনবাস তৰি ।
পুনৰপি আসিবন্ত অযোধ্যা নগৰী ॥৭১
স্বৰ্গহন্তে যেহেন আসিব সুৰৰাজে ।
লোকে বেঢ়িবেক যেন দেৱতা সমাজে ॥৭২
তাক দেখিবাক কপালত ভাগ্য নাই ।
পুত্ৰ শোকে হেৰা মোৰ প্ৰাণ ফুটি যাই ॥৭৩
হাঁৰাম বুলিয়া শয্যাত এৰি গাৱ ।
ভৈলন্ত নিচেষ্ট ৰাজা বিমোহিত ভাৱ ॥৭৪
বনত যাইবাৰ ছয়দিন ভৈল কাল ।
মধ্যনিশা ভৈল মৰিলন্ত মহীপাল ॥৭৫
কৌশল্যা দেখন্ত ৰাজা আশেষ বিলাপে ।
অচেতন দশৰথ পুত্ৰৰ সন্তাপে ॥৭৬
নাজানিলা নিৰ্য্যাণক ৰাঘৱৰ মাৱ ।
নজগায়া শুইলা শয্যাত এৰি গাৱ ॥৭৭
কৌশল্যা সুমিত্ৰা দেৱী আৱৰ কৈকেয়ী ।
ৰাজাক বেঢ়িয়া শুইলা সবে মহাদই ॥৭৮
উঁই গোট মুখে যেন শুষিলা সাগৰ ।
কৈকেয়ীৰ কাজে মৰিলন্ত নৃপবৰ ॥৭৯