কৌশল্যা আৰু ভৰতৰ কথা-বতৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৮ অধ্যায়
কৌশল্যা আৰু ভৰতৰ কথা বতৰা
ক্ৰন্দনৰ ৰোল বৰ কৈকেয়ীৰ ঠাই ।
বুলিলা কৌশল্যা পাছে সুমিত্ৰাক চাই ॥১
আসিলেক ভৰত দাৰুনী যাৰ মাৱ ।
দেখেয়োক আসা গৈয়া চালিয়োক গাৱ ॥২
হেন বুলি দুইহান্তো লৰিলা সেহিক্ষণে ।
ভৰতো আসন্ত দুইকো দেখিবাক মনে ॥৩
সুমিত্ৰাৰ তনয় পাচত শত্ৰুঘন ।
বাটতে তাহাৰা দুইকো পাইলা দৰিশন ॥৪
কৌশল্যাক দেখিয়া ভৰত দুঃখী ভৈলা ।
হাঁ মৰিলোহোঁ বুলি পৰি মূৰ্চ্ছা গৈলা ॥৫
আসিলি বোপাই কুল নাশিনীৰ পো ।
দুইকো ধৰি কান্দিলা নয়নে বহে লো ॥৬
উঠ উঠ বাপু তই মুখে এৰ লাজ ।
মাৱেৰৰ হাতে তই মাগি ললি ৰাজ ॥৭
ৰাজাকো মৰাইলি ৰাম বনবাস দিলি ।
পিতৃ বধ কৰি কোন কৰ্ম্মক সাধিলি ॥৮
মোহোত বুলিলি হন্তে এহি ৰাজকোষ ।
ৰামে কৰিলন্ত হন্তে তোক যুবৰাজ ॥৯
কি কাৰণে আমাসাক বিদ্বেষ কৰিলি ।
সুমিত্ৰাক মোক বহ্নি কুণ্ডত থাপিলি ॥১০
একে শোকে মৰো আৰু জ্বালিলি সন্তাপ ।
যেন গঙ্গাজল মোৰ ৰামাই নিষ্পাপ ॥১১
কৌশল্যাৰ সুমিত্ৰাৰ হেন বাণী শুনি ।
কিনো বুলিবন্ত নপাৱন্ত মনে গুণি ॥১২
কতো বেলি মনে থিৰ কৰিলা ভৰত ।
দুইহন্তৰো আগে পাচে কৰন্ত শপত ॥১৩
মোহোৰ কপট যেবে সত্য ঘতুৱাওঁ ।
মিছা যেবে বোলোঁ ব্ৰহ্ম বধ পাপ পাওঁ ॥১৪
দশ কপিলাক মাৰোঁ গুৰু ভাৰ্য্যা হৰোঁ ।
ৰামক পঠাইো বনে আত্মঘাত কৰোঁ ॥১৫
মোৰ বোলে বুলিলা কৈকেয়ী নিজ মাৱ ।
ঘোৰ নৰকত তেবে মোৰ হৌক ঠাৱ ॥১৬
বচনে দিলেক দান নিদিলে অধৰ্ম্ম ।
ৰাজদ্ৰোহ কৰিলে যতেক পাপকৰ্ম্ম ॥১৭
সবপাপ পাওঁ যেবে মোৰ আছে মন ।
যত ধৰ্ম্ম কৰি আছো সিও হোৱে ছন ॥১৮
কৌশল্যা বোলন্ত তোক জানো শুদ্ধভাৱ ।
দাৰুণ শপত শুনি পোৰে মোৰ গাৱ ॥১৯
চিৰকাল জীবি আশীৰ্ব্বাদ দিলোঁ তোক ।
ৰাম আইলে দেখি পাসৰিবো সবে শোক ॥২০
কৌশল্যাৰ কোলে দুঃখে আছন্ত ভৰত ।
তপত খোলাত কৰে মাছ যেন মত ॥২১
মন্দকৰ্ম্মে মাৱৰ শৰীৰে দেই তাপ ।
সুৰাপান কৰি যেন দ্বিজৰ সন্তাপ ॥২২
আশেষ কৰন্ত শোক কৌশল্যাৰ ঠাৱে ।
পিতৃশোক বহ্নি যেন জ্বলে তান গাৱে ॥২৩