সুবেল পৰ্বতত ৰাম-লক্ষণ
ৰামায়ণ বৃত্তান্ত |
---|
|
৮ অধ্যায়।
সুবেল পৰ্ব্বতত ৰাম - লক্ষ্মণ।
- দুলৰী।
কাৰ্য্যৰ ব্যৱস্থা, কৰিয়া ৰাঘৱে,
লক্ষ্মণ সমে চলিলা।
সব কপি বল, সহিতে পৰ্ব্বত,
উপৰে গৈয়া চড়িলা॥১
সুবেলত চড়ি, দেখিলন্ত লঙ্কা,
যাহাৰ নাহি উপাম।
সূৰ্য্যৰ জেউতি, জিনিয়া বলয়,
শুদ্ধ মাণিকৰ কাম॥২
সব কপিবল, সহিতে ৰাঘৱে,
হৰিষে লঙ্কা চাহন্ত।
বিশ্বকৰ্ম্মে যাক, প্ৰৱন্ধে গঢ়িল,
গুণৰ নাহিকে অন্ত॥৩
উপবন সব, নিৰ্ম্মিয়া আছয়,
সাৰি সাৰি কোলে কোল।
পদ্মিনী সকলে, সুগন্ধ কৰয়,
ভ্ৰমৰে কৰয় ৰোল॥৪
চাৰিয়ো দুৱাৰে ৰাক্ষস আছয়,
চতুৰঙ্গ বল সাজি।
যুদ্ধক হৰিষে, কাণ্ডে ভৰি টোন,
কতো ধনুৰ্গুণ মাজি॥৫
কতোহোঁ চালত, প্ৰাঞ্চী উপৰত,
কতোহোঁ গড়পম্পলে।
আকৰ্ণ শবদে, দশদিগ ছানি,
যেন কাল মেঘদলে॥৬
লঙ্কাৰ ৰাক্ষস, যুদ্ধৰ সম্ভৃত,
দেখয় বানৰ বলে।
ঘোৰ আৰ্তনাদ, সব দিশ ছানি,
ৰিঙ্গ দিলা কৌতূহলে॥৭
নাচয় গাৱয়, খেৰি খেলাৱয়,
বানৰে পাৰয় উকি।
স্বৰ্গ ভুবনক, লংঘিয়া গৈলেক,
ভালুকৰ হুক হুকি॥৮
ৰণক হৰিষে, ভালুক বানৰে,
কৰয় বৰ আনন্দ।
এতহন্তে সূৰ্য্য, অস্তগত ভৈলা,
উদিত সম্পূৰ্ণ চন্দ্ৰ॥৯
পৰ্ব্বত উপৰে, নিশা গোট বঞ্চি,
মহা সুখে নিদ্ৰা গৈল।
হাসন্তে খেলন্তে, নাচন্তে গাৱন্তে,
ৰজনী গোট পোহাইল॥১০
প্ৰভাত সময়ে, নামিলন্ত ৰাম,
পৰ্ব্বত মূলত বসি।
মুখ্য মুখ্য সব, পাত্ৰক মিলাইলা,
কাৰ্য্যক পৰামৰিশি॥১১
লঙ্কাৰ চৌভিতি, জণ্টাইূাক লাগি,
অক্ষয় বল চলাইল।
যাক যিবা দিশে, আদেশি আছয়,
সম্ভৃত কৰি পঠাইল॥১২
পূব দুৱাৰক, নীল সেনাপতি,
চলি গৈলা সমদলে।
দক্ষিণ দুৱাৰে, অঙ্গদ কুমাৰ,
চলিলা আপোন বলে॥১৩
পশ্চিম দুৱাৰে, জণ্টাইবাক গৈলা,
হনুমন্ত বায়ুসুত।
পাত্ৰ বিসৰ্জ্জিয়া, সবাকো দিলন্ত,
আৱৰ বল বহুত॥১৪
মৈন্দ দ্বিবিদ, ৰাখন্ত বলত,
নীলৰ ডাইন ৰাম।
অঙ্গদ বীৰৰ, লগত ঋষভ,
গৱাক্ষ গৱয় নাম॥১৫
সম্পাতি প্ৰঘস, দুই মহাবীৰ,
গৈলা হনুমন্ত তুলে।
তাৰ বিন্দ বীৰ, প্ৰমুখ্যে সুগ্ৰীৱ,
নৃপতিৰ অনুকূলে॥১৬
বিভীষণ বীৰে, বেহু বিৰচিলা,
ৰাগৱৰ অনুমতে।
চৌতিশ কোটিবল, ৱন্ত বীৰ কপি,
প্ৰতি প্ৰতি দুৱাৰত॥১৭
মধ্যৰ স্থানত, থাকিলা সুগ্ৰীৱ,
ৰামৰ সমীপ চাপি।
আৰো কৌটি কৌটি, বানৰ থৈলন্ত,
থাকিলা গগন ব্যাপি॥১৮
শ্ৰীৰাম লক্ষ্মণ, বীৰ বিভীষণ,
শৰে ভৰিলন্ত তূণ।
গাৱৰ সন্নাহা, ছিকিমিকিক কৰে,
মাজিল ধনুৰ গুণ॥১৯
যথাত ৰাৱণ, আপুনি আছয়,
উত্তৰ দ্বাৰক যান্ত।
স্বৰ্গত দেৱতা, লোকৰ হৰিষ,
জয় জয় ঘোষিলন্ত॥২০
কতোহোঁ বানৰ, পয়ানে চলিলা,
দ্বাদশ হস্তীৰ বল।
কতো সহস্ৰেক, কতোহোঁ শতেক,
গজৰ সমান বল॥২১
কতো অযুতেক, কতো নিযুতেক,
কতোহো বল অপাৰ।
হাতে বৃক্ষ শিলা, পৰ্ব্বত ধৰিয়া,
চৌভিতি বেঢ়ি লঙ্কাৰ॥২২
ভালুক বানৰ, পাৱৰ ধূলায়ে,
জুৰিল সব আকাশ।
দিশ বিদিশক, একোয়ে নজানি,
সূৰ্য্যৰ নাহি প্ৰকাশ॥২৩
সব লোকে লঙ্কা, বেড়ি ৰিঙ্গ দিলা,
ৰাক্ষস ভৈলা তৰাসী।
গৰ্ভৱতী যত, ৰাক্ষসী লোকৰ,
গৰ্ভমানে গৈল খসি॥২৪
পাত্ৰ সমন্বিতে, বিমৰিশি ৰামে,
বালীৰ পুত্ৰ মতাইলা।
অনেক কঠোৰ, বচনে ৰাৱণ,
ৰাজাক গৰ্জ্জি পঠাইল॥২৫
হেন যত কৰি, বুলিবি আসিয়া,
ৰণ দেউক আগবাঢ়ি।
অবিলম্বে তাৰ, ৰাজলক্ষ্মী শ্ৰীক,
বিভীষণে দিবোঁ কাঢ়ি॥২৬
ৰামক প্ৰণাম, কৰিয়া অঙ্গদ,
আকাশ বহিয়া যান্ত।
পাত্ৰ সমন্বিতে, ওৱাৰি কোলত,
ৰাৱণক দেখিলন্ত॥২৭
তাৰাৰ তনয়, শৰীৰৰ কান্তি,
জ্বলয় যেন মাৰ্তণ্ড।
ৰাৱণৰ আগে, পৰিলন্ত যেন,
মেৰুৰ শিখৰ খণ্ড॥২৮
ৰাজাক সম্বুধি, বচন বোলন্ত,
শুন অৰে দশস্কন্ধ।
শ্ৰৱণ গোচৰে, মোক শুনি আছা,
বালীৰ পুত্ৰ অঙ্গদ॥২৯
দশৰথি ৰাম, গুণে অনুপাম,
তাহানেসে আমি দূত।
তোমাক ৰাঘৱে, বচন সন্দেশ,
পঠাইলা বুলি বহুত॥৩০
যত যত কৰ্ম্ম, তুমি কৰিলাহাঁ,
সংসাৰতে অগোচৰ।
অনেক ঋষিৰ, যজ্ঞ বিদ্ধংসিলা,
ৰাজাৰ দংশিলা ঘৰ॥৩১
স্বৰ্গৰো দেৱতা- গণক খেদিয়া,
অসুৰ নাগ ছেদিলা।
আচণ্ডিয় কৰি, তিনিয়ো লোকক,
থাকিতে সুখে নেদিলা॥৩২
শাস্ত্ৰৰ বিহিত, যত সদকৰ্ম্ম,
তোৰ নাম শুনি ভাগে।
ত্ৰিভুবনে যত, আছয় সুন্দৰী,
সবাকো তোকেসে লাগে॥৩৩
স্বৰ্গমৰ্ত্ত যত, নিশ্ৰীক কৰিলি,
যতেক পাতাল খণ্ড।
সকল দেশক, কুণ্টুৰি ফুৰস,
যেন উদৱাৰ যাণ্ড॥৩৪
গুৰু গৰ্ব্বিতক, একো নমানস,
যেন ভৈলি তই নট।
ৰামৰ ভাৰ্য্যাক, সীতাক হৰিলি,
দৌলৰ ভাঙ্গিলি ঘট॥৩৫
শিয়ালত সিংহ, তই ভৈলি মূঢ়া,
পৰ্ব্বতক দেশ মেঢ়ি।
তোক মাৰি যম-, কৰণে পঠাওঁ,
কমনে হোৱস লেঢ়ি॥৩৬
ৰাৱণে বোলয়, দুৰ্জ্জন বানৰা,
থাকিবি গৌৰৱ ৰাখি।
গিৰিহতে লোকে, সুখে ভাত খাই,
কুক্কুৰৰ তিনি আখি॥৩৭