ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৪ অধ্যায়
ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ
হাঁসিয়া বুলিলা পাছে মহা ঋষিৰাজ ।
ভৰত তোমাৰ ভাল নেদেখোহোঁ কাজ ॥১
পৰম ধাৰ্ম্মিক ৰাম তাপসৰ বেশ ।
বাপৰ আজ্ঞাত ভৈলা বনত প্ৰবেশ ॥২
চতুৰঙ্গ দলে সাজি মাৰিবাক যাহা ।
অকণ্টকে সবৰাজ্য ভুঞ্জিবাক চাহাঁ ॥৩
ভৰতে বোলন্ত মোক দৈৱেসে নাশিল ।
তোমাৰ মুখত হেন বচন আসিল ॥৪
পিতৃসম জ্যেষ্ঠ ভাই আনিবাক যাওঁ ।
মিছা যেবে বোলোঁ ব্ৰহ্মবধ পাপ পাওঁ ॥৫
মাৱৰ কাৰণে বৰ অখ্যাতিক পাইলোঁ ।
সিকাৰণে ৰামক নিবাক প্ৰতি আইলোঁ ॥৬
ৰামক স্মৰিতে তান লোতক বঝাইল ।
দেখি ক্ষষি ৰাজে পাছে প্ৰত্যয়ক পাইল ॥৭
ঋষিয়ে বোলন্ত দশৰথৰ কুমাৰ ।
ভালে জানিলোহোঁ চিত্ত উত্তম তোমাৰ ॥৮
তোমাক কৰিলো আমি পৰিহাস লীলা ।
সূৰ্য্যৰ বংশত তুমি সাফল জন্মিলা ॥৯
অনুগ্ৰহ কৰিয়োক বোলোহোঁ তোমাতে ।
ৰাম সেনা সামৰিবোঁ চলিবা প্ৰভাতে ॥১০
ভৰতে বোলন্ত তযু বাক্যত শৰণ ।
নিশা গোট থাকোঁ দেখি তোমাৰ চৰণ ॥১১
দেৱ বিশ্বকৰ্মাক বুলিলা মুনিবৰ ।
ভৰতক লাগি ভাল নিৰ্ম্মিলা নগৰ ॥১২
ঋষিৰ বচন বিশ্বকৰ্ম্মে শিৰে ধৰি ।
দণ্ড দুইৰ ভিতৰত নিৰ্ম্মিলা নগৰী ॥১৩
পতকা সঞ্চৰে যেন বিজুলী ছটক ।
দশ প্ৰহৰৰ পথ জুৰিল কটক ॥১৪
উত্তম ধৱলিবৰ ৰাজাৰ ওৱাৰী ।
হাতী ঘোঁড়া শাল নিৰ্ম্মিলন্ত সাৰিসাৰি ॥১৫
দীঘীসব থৈলন্ত নিৰ্ম্মিল জলে ভৰি ।
মত্স মাংস দ্ৰব্য থৈলা পৰিপূৰ্ণ কৰি ॥১৬
ভৰদ্বাজে আদেশ কৰিলা তেতিক্ষণ ।
দেৱলোক ছাৰি আইল অপেস্বৰাগণ ॥১৭
ঘৃতাচী,মেনকা,গৌৰী,ৰম্ভা,তিলোত্তমা ।
অলম্বুষা,উৰ্ব্বশী,কলকা,ৰতি,লোমা ॥১৮
মহেন্দ্ৰৰ লগৰীয়া অপেস্বৰাগণ ।
ভৰতৰ ঠাৱত ভৈলন্ত উপসন ॥১৯
পদ্মৰ ভিতৰ যেন শৰীৰৰ কান্তি ।
বদন কমল সুবলিত দন্ত পান্তি ॥২০
উন্নত কঠিন ঘন পীন তনভাৰ ।
উপৰত হাৰ জিকমিক কৰে তাৰ ॥২১
যাক যেন ৰুচয় ভুঞ্জিল অন্নপান ।
পুষ্পগন্ধ চন্দন কৰিলা পৰিধান ॥২২
কুবেৰ পঠাইয়া দিলা আঠ কোটি নাৰী ।
অপেস্বৰাগণ সংখ্যা কৰিতে নপাৰি ॥২৩
মহামুনি সবৰো কটাক্ষে মন হৰে ।
হেন দেৱসুন্দৰী মানুষে অনুসৰে ॥২৪
অপেস্বৰা নাৰীসমে ক্ৰীড়িলা আমোদে ।
নিশাগোট বঞ্চিলন্ত বিবিধ বিনোদ ॥২৫
সকল প্ৰজায়ে বোলে পলাইবেক দুঃখ ।
ৰামৰ কল্যাণ ভৰতৰ হৌক সুখ ॥২৬
এৰিলোহোঁ ছাড় নাৰী পুত্ৰ পৰিবাৰ ।
ঋষিৰ কটাক্ষে এহি ভোগ হৌক সাৰ ॥২৭
ভৰতে প্ৰভাত জানি চালিলন্ত গাৱ ।
কৰিলন্ত প্ৰণাম ঋষিৰ দুই পাৱ ॥২৮
ভাৰদ্বাজে বোলন্ত ভৰত সদভাৱ ।
পৰিচয় কৰায়ো কাহাৰ কোন মান ॥২৯
শুনিয়া ভৰতে কৰি ঋষিক প্ৰণতি ।
যাৰ যিতো মাৱ চিনাৱন্ত প্ৰতি প্ৰতি ॥৩০
দশৰথ ৰাজাৰ প্ৰথম পটেশ্বৰী ।
নম্ৰভাৱে আছা যিটো কৃতাঞ্জলি ধৰি ॥৩১
ত্ৰৈলোক্যতো যাকগুণে নাহি পটন্তৰ ।
দুখৰ ভাজনী এন্তে মাতৃ শ্ৰীৰামৰ ॥৩২
তোমাৰ চৰণ চাহি তান ৰামভীতা ।
শত্ৰুঘন লক্ষ্মণৰ মাতৃ শোভনিতা ॥৩৩
তানপাশে হাত যোৰে তোমাত ভকতি ।
তপ্ত সুবৰ্ণৰ বৰ্ণ নিকৰুণ মতি ॥৩৪
কলহত প্ৰিয় এহোঁ প্ৰচণ্ড প্ৰভাৱ ।
কৈকেয়ী নামত আমি চণ্ডালৰ মাৱ ॥৩৫
ৰাম হেন ভাতৃক দিলেক বনবাস ।
ইহানে কাৰণএ ভৈলা বাপৰ বিনাশ ॥৩৬
জন্মান্তৰে কতেক পাতক মই কৈলোঁ ।
সিকাৰণে আনগৰ্ভে উতপতি ভৈলোঁ ॥৩৭
ভৰদ্বাজে বোলন্ত ইহান নাহি দোষ ।
দেৱ কাৰ্য্য হৈব তুমি এৰাঁ অসন্তোষ ॥৩৮
ঋষিৰ চৰণ ধূলি শিৰত কৰিল ।
মুনি উপদেশে নদী যমুনা তৰিল ॥৩৯
কটক সাগৰে জুৰিলেক সবে বন ।
ভৰতে বুলিলা শত্ৰুঘনক বচন ॥৪০
চিত্ৰকূট গিৰি দেখি নদী মন্দাকিনী ।
ইথাৱতে আছে ৰাম লখাই সীতা তিনি ॥৪১
ভৰতৰ কথা আবে এহিমানে থওঁ ।
ৰামৰ চৰিত্ৰ কিছু সংক্ষেপিয়া কওঁ ॥৪২