ৰাৱণৰ গৰ্ব
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৪ অধ্যায় ।
- ৰাৱণৰ গৰ্ব ।
- ছবি ।
আকাশে থাকিয়া মই, ধনুচ যুৰিবোঁ শৰ,
- স্বৰ্গপুৰ ফুৰিবোহোঁ বলে ।
পৃথিবীক ঝঙ্কাৰিয়া, জলৰ তলক নিবোঁ,
- পৰ্ব্বতক তুলিবোঁ সকলে ॥১
বায়ুৰ পথক ভেদি, সূৰ্য্যপথ নিৰোধিবোঁ,
- মুদিবোহোঁ চন্দ্ৰৰ পথক ।
পাতালক বিদৰিবোঁ, নাগৰ লোকক মাৰি,
- শোষিবোহোঁ সাতো সাগৰক ॥২
তুষিবোহোঁ ৰাক্ষসক, তুষি বন্ধু সমস্তক,
- বৈৰ সব নিলড়িবোঁ যত ।
জ্বলিবোহোঁ অগ্নিসম, ক্ৰোধসব সাফলিয়া,
- ত্ৰৈলোক্যক উচ্ছেদোঁ সমস্ত ॥৩
যতেক দেৱতা দেখি, সব মান সাৰিবোহোঁ,
- যমক জিনিবোঁ ঘোৰ ৰণে ।
বাসৱক জিনি মই, অমৰাৱতী বিধ্বংসিবোঁ,
- মোক যুজিবেক কোন জনে ॥৪
বৰুণক যুজে জিনি, নাগপাশ কাঢ়ি লৈবোঁ,
- অগনিক জিনিবোঁ সংগ্ৰামে ।
কুবেৰ দাদাক জিনি, পুষ্পক বিমান নিলোঁ,
- মোক কি কৰিবে তোৰ ৰামে ॥৫
স্বৰ্গ মৰ্ত্ত পাতালত, বীৰ আছে যত যত,
- সমৰত জিনিলোঁ সবাক ।
তিনিয়ো লোকৰ মাজে, যতেক সুন্দৰী আছে,
- হৰি আনি আছোহোঁ লঙ্কাক ॥৬
শঙ্কৰে সহিতে মই, কৈলাসক তুলি লৈলোঁ,
- সুৰাসুৰ মোক কৰে সেৱ ।
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই তিনি বেতিৰেক,
- মোক উপাসয় যত দেৱ ॥৭
ত্ৰৈলোক্যৰ ৰাজা যত, সেবৈ মোৰ চৰণত,
- মই ৰাজা তিনিয়ো লোকৰ ।
তোক হৰি লঙ্কা নিবোঁ, স্বামী দেৱৰক তোৰ,
- মাৰি পেশোঁ যমৰ নগৰ ॥৮
ৰামৰ চৰিত্ৰ পদ, শুনিয়োক সভাসদ,
- মৰণক আগত নে দেখা ।
তিলে তিলে টুটে আয়ু, কৈতপৰে প্ৰাণবায়ু,
- জীৱন জলৰ যেন ৰেখা ॥৯
যত দেখা বন্ধু ধন, সবে মিছা অকাৰণ,
- মায়ায়ে কৰিলে এক ঠাই ।
মৰি যাইবা একতিলে, কাল অজগৰে গিলে,
- ৰাম নাম বিনে গতি নাই ॥১০
শাস্ত্ৰৰ বুজিয়ো মজ্জা, নামেসে দেৱৰ ৰাজা,
- নামেসে কৰিবে পৰিত্ৰাণ ।
কলিত লভিবা গতি, নামত কৰিয়ো ৰতি,
- নহি আন নামৰ সমান ॥১১
ৰামত কৰিয়ো আশ, চৰণত লৈয়ো বাস,
- তেজা ছাৰ ভাস ভুষ কাম ।
মাধৱ কন্দলী কবি, ৰামৰ চৰিত্ৰ ছবি,
- ৰচিলন্ত বোলাঁ ৰাম ৰাম ॥১২