সুগ্ৰীৱৰ অভিষেক
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায়
- সুগ্ৰীৱৰ অভিষেক ।
- ছবি ।
অন্তষ পুৰৰ হন্তে, মহন্ত সুগ্ৰীৱ বীৰ,
- ৰত্ন মণ্ডপক চাপি গৈলা ।
মন্ত্ৰী পাত্ৰগণে মিলি, সেৱলি কৰিয়া পাছে,
- বাৰে বাৰে প্ৰশংসিবে লৈলা ॥১
সুবৰ্ণ ৰজত ৰত্নে, শৰীৰক মণ্ডিলেন্ত,
- অলঙ্কাৰ দেখি হেমময় ।
হৰিষত বদনৰ, কান্তিচয় প্ৰকাশয়,
- যেন দেখি সূ্ৰ্য্যৰ উদয় ॥২
হনুমন্ত আদিকৰি, মুখ্য মুখ্য পাত্ৰগণ,
- ৰামৰ আজ্ঞাক শিৰে লৈল ।
ভাল ভাল সুতগণ, দেশে দেশে পঠাই দিয়া,
- সম্ভাৰ মিলাই আনি থৈল ॥৩
গঙ্গা দেবী আদি কৰি, যত যত তীৰ্থ আছে,
- আৰো সাত সাগৰৰ জল ।
সুবৰ্ণৰ অষ্টঘট, অগৰু সুগন্ধি জনে,
- ভৰি আম ডালি দিল ফল ॥৪
পণ্ডিত সকলে খড়ি, ধৰি শুভলগ্ন কৰি,
- শুভদিন চাই শুভক্ষণ ।
দুই পাট মহাদইক, অলঙ্কাৰে মণ্ডিলন্ত,
- অঙ্গচয় দেখি সুশোভন ॥৫
সুবৰ্ণৰ সিংহাসনে, সুগ্ৰীব নৃপতি আতি,
- লীলা ৰূপে থাকিলন্ত বসি ।
ডাহিনত লোমা দেৱী, বামত বসিলা তাৰা,
- নক্ষত্ৰ মাজত যেন শশী ॥৬
ব্ৰাহ্মণ সকল ৰঙ্গে, সুমঙ্গল কৰিলন্ত,
- পাতিলন্ত গণপটি ঘট ।
নান ভাৱ ভঙ্গি কৰি, বিদ্যাধৰে নাচে গাৱে,
- অসংখ্যা মোগান ভাট নট ॥৭
অসংখ্যাত শবদৰ, কোলাহল উথলিল,
- হূলস্থূল লাগি গৈল তয় ।
অসংখ্য শঙ্খৰ নাদ, গগন পূৰিয়া গৈল,
- বসুবৰ্গে কৰে জয় জয় ॥৮
বীৰ ঢাক ঢোল বাজে, তৱল ডগৰ দণ্ডি,
- শবদ শুনিয়া কোলাহল ।
ভেমচ ক্ষৈমচ চয়, ঝাঝৰ ৰেমচি বাজে,
- ৰামতাল আৰু কৰতাল ॥৯
টোকাৰি কেন্দৰা ৰুদ্ৰ, বিপাক্ষি দোতৰা বাজে,
- বীণা বাঁশী দোশৰী মোহৰী ।
জিজিৰি কাহালি শিঙ্গা, ভেৰিডাকে নিৰন্তৰ,
- স্বৰ্গ ভুবনকো গৈলা পূৰি ॥১০
ধৱল চামৰ কৰে, ধৰি দুই পাত্ৰে আতি,
- আগে পাছে থাকি গৈল ঢুলি ।
নিৰ্ম্মল চন্দ্ৰৰ সম, ধৱল ছত্ৰেক আনি,
- ধৰিলন্ত কৌতূহলে তুলি ॥১১
পণ্ডিত ব্ৰাহ্মণ গণে, বহ্নিত আহুতি দিল,
- কন্যাগণে কৰিল মঙ্গল ।
দ্বিজগণে মন্ত্ৰপঢ়ি, দুৰ্ব্বাক্ষত দিলা মাথে,
- আৰো সাত সাগৰৰ জল ॥১২
হনুমন্ত জাম্বৱন্ত, গবাক্ষ কেশৰী আৰো,
- দধিমুখ নল নীল তাৰ ।
যথা যোগ্য বিধি আসি, নিৰন্তৰে পাত্ৰগণে,
- জয় জয় কৰয় জোকাৰ ॥১৩
সুবৰ্ণ মুকুতা ফলে, সিঞ্চিলন্ত কৌতূহলে,
- কি কহিবোঁ তাহাৰ মহিমা ।
মনত হৰিষে তয়, নাৰীগণে জোকাৰয়,
- ধ্বনি সিটো গৈল স্বৰ্গসীমা ॥১৪
হনুমন্ত আদি কৰি, মুখ্য মুখ্য পাত্ৰগণ,
- মিলিলন্ত সকলে সমাজ ।
তাৰা দেবী তনয়ক, মহাবীৰ অঙ্গদক,
- তেখনে পাতিলা যুবৰাজ ॥১৫
মহন্তক পালিবাহা, দুষ্টক কৰিবা দণ্ড,
- ৰাজ্য জন নকৰিবা পীড়া ।
তাৰা লোমা দুই ভাৰ্য্যা, দুই পাশে লৈয়া ৰাজা,
- সুগ্ৰীৱ কৰন্ত কামক্ৰীড়া ॥১৬
এহি বুলি পাত্ৰগণে, অঙ্গদক নিয়োজিল,
- সুগ্ৰীৱ ভৈলন্ত মহাৰাজা ।
ৰামৰ চৰণ সেৱা, প্ৰসাদে পৰম সুখী,
- হুয়া ৰৈলা কিষ্কিন্ধাৰ প্ৰজা ॥১৭
শুনাঁ সভাসদচয়, সাক্ষাতে অমৃত ময়,
- ৰামৰ চৰিত্ৰ অনুপাম ।
মাধৱ কন্দলী ভনে, বুলিয়োক ঘনে ঘনে,
- ডাকি উচ্চ কৰি ৰাম ৰাম ॥১৮