সিন্ধু মুনি বধ আৰু অভিশাপ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায়
সিন্ধু মুনি বধ আৰু অভিশাপ
এক দিনা ৰাজা মৃগ মাৰিবাক প্ৰতি ।
ঘোৰ অৰণ্যত ভৈলা প্ৰবেশ নৃপতি ॥১
সৰযুৰ বনত পশিয়া নিশাকালে ।
নানাবিধ পশু মাৰিলন্ত পালে পালে ॥২
শবদৰ অনুসাৰে ফুৰে মৃগ মাৰি ।
যতেক মাৰিলা পশু গণিতে নাপাৰি ॥৩
তাতে এক অথন্তৰ ভৈল নৃপতিৰ ।
শ্ৰীফল বনত বাসা অন্ধক মুনিৰ ॥৪
আপুনি অন্ধক তান ভাৰ্য্যাও অন্ধক ।
সিন্ধুনামে পুত্ৰ মাগি পোষে দুহান্তক ॥৫
সৰযক সিন্ধুজল আনিবাক গৈলা ।
ঢউ দিয়া পাচে ঘড়া ভৰিবাক লৈলা ॥৬
কলস ভৰন্তে এক শবদ উঠিলা ।
অৰণ্যৰ হন্তে তাক নৃপতি শুনিলা ॥৭
হস্তী পানী খায় মনে মানি নৃপবৰ ।
শবদ অনুসাৰে মাৰিলন্ত শৰ ॥৮
বজ্ৰৰ সমাণ বাণ অগনি সাক্ষাত ।
পৰিল সন্ধানে সিন্ধু মুনিৰ হিয়াত ॥৯
অগ্নি জ্বলি বুকে পিঠি শালিলেক বানে ।
মুনি বোল হৰি হৰি মৰিলোঁহো প্ৰাণে ॥১০
কোন নিদাৰুণে প্ৰাণ লৈলেক আমাৰ ।
কিবা অপকাৰ মই কৰি আছোঁ কাৰ ॥১১
দেখন্ত ঝমক বিষে ছানিলেক গাৱ ।
কম্পি কম্পি মুনি পৰিলেক সেহি ঠাৱ ॥১২
লাগিল হস্তীত বাণ পাইলোঁহো উমান ।
এহি বুলি গৈয়া ৰাজা দেখে বিদ্যমান ॥১৩
হস্তী নুহি শৰ পৰি আছয় ঋষিত ।
নাশিলোঁ বুলিয়া ভয় ভৈলা বিপৰীত ॥১৪
হা কি কৰিলোঁ মই কিনো নিদাৰুণ ।
হস্তী বুলি শৰ কৰি মাৰিলোঁ ব্ৰাহ্মণ ॥১৫
মহা শান্তমতি আতি ঋষিৰ তনয় ।
তপ যেন মূৰ্ত্তি ধৰি প্ৰকাশ কৰয় ॥১৬
ইহাঙ্ক বধিলোঁ মই পৰম কুমতি ।
বংশে সমন্বিতে আবে গৈলোঁ অধোগতি ॥১৭
ৰাখিলোঁ কলঙ্ক মই সূৰ্য্যৰ বংশত ।
কুলকো নাশিলোঁ আপুনিও ভৈলোঁ হত ॥১৮
এহিমতে ৰাজা খেদ কৰন্ত বহুত ।
পাচে নৃপতিক দেখিলন্ত ঋষিসুত ॥১৯
অৰে কোন তই কৈৰ অধম বৰ্ব্বৰ ।
কোন শত্ৰু কিসক কৰিলি মোক শৰ ॥২০
ব্ৰহ্মবধ কৰি তই কোন যশ পাইলি ।
কমন কাৰণে বেটা কালকূট খাইলি ॥২১
বিষ ভুঞ্জে যিটো সিটো মৰয় একল ।
ব্ৰহ্মবধ কৰি তই বংশ নিলি তল ॥২২
বৃদ্ধ মাৱ বাপ মোৰ অন্ধ দুয়ো প্ৰাণী ।
মই মাত্ৰ পুত্ৰ মাগি যাচি পোষোঁ আনি ॥২৩
মোৰ মাৰি তাৰা দুহান্তৰো বধ লৈলি ।
কোন কাম কৈলি পাপী অধোগতি গৈলি ॥২৪
এহি মতে নৃপতিক ভতৰ্সিয়া অপাৰ ।
শৰৰ বিষত আতি দেখে অন্ধকাৰ ॥২৫
মুদিল নয়ন ঘনে কম্পয় শৰীৰ ।
অনন্তৰে নৃপতি মাতন্ত ধীৰ ধীৰ ॥২৬
সূৰ্য্যবংশে ভৈলোঁ অজ ৰাজাৰ তনয় ।
দশৰথ নাম মোৰ জানা মহাশয় ॥২৭
মহামন্দমতি মই পৰম উন্মত ।
পশু মাৰি ফুৰোঁ এই সৰযু বনত ॥২৮
শব্দভেদী মই ঘোৰ আন্ধাৰ নিশাত ।
শৰে হানি পশু মাৰি ফুৰোঁ অসংখ্যাত ॥২৯
পানী ভৰাঁ তুমি মই তাহাক নাজানি ।
হস্তী গোটে পানী খাই বুলি মনে মানি ॥৩০
শব্দ অনুসাৰে শৰ কৰিলোঁ প্ৰহাৰ ।
পৰে আতিশয় বাণ হিয়াত তোমাৰ ॥৩১
অজানত থাকি মই বধিলোঁ তোমাক ।
হৌক প্ৰায়শ্চিত ভস্ম কৰিয়ো আমাক ॥৩২
শুনি সিন্ধুমুনি বুলিলেক নৃপতিক ।
মোৰ কৰ্ম্মফল তোক শাপিবোহোঁ কিক ॥৩৩
পিতৃ মাতৃ শাপে দৈবে হৈবে সৰ্ব্বনাশ ।
মোক নৈয়া যাহা ৰাজা তাৰা দুইৰ পাশ ॥৩৪
আছে মাৱ বাপ মোৰ শ্ৰীফল বনত ।
কৰিয়ো কাতৰ গৈয়া ধৰি চৰণত ॥৩৫
মহাকাৰুণিক দুয়ো পৰম মহন্ত ।
অজ্ঞান দোষক তোৰ ক্ষমা কৰিবন্ত ॥৩৬
তোমাৰ নিস্তাৰ হৈবে এহিসে উপায় ।
শৰ কাঢ় ৰাজা মোৰ হেৰ প্ৰাণ যায় ॥৩৭
শুনি দশৰথে তান কাঢ়িলন্ত বাণ ।
কম্পি কম্পি ঋষিৰ তথাত গৈল প্ৰাণ ॥৩৮
মহাপুণ্য বলে ঋষিপুত্ৰ স্বৰ্গে গৈলা ।
পাচে দশৰথ মৰাশৱ কান্ধে লৈলা ॥৩৯
ধীৰে ধীৰে গৈলা ৰাজা শ্ৰীফল বনক ।
বসি আছে দেখিলন্ত দুয়ো অন্ধকক ॥৪০
মৰাশৱ থৈলা ৰাজা কান্ধৰ নমাই ।
অন্ধমুনি মাতিল ভৰিৰ সাৰ পাই ॥৪১
এত নিশা ঘৰে কেন নাসস পুতাই ।
সিংহে বাঘে মাৰিবেক একেশ্বৰে পাই ॥৪২
গোধূলাতে গৈলি পুতা পানী আনিবাক ।
এত নিশা কৰি খেদ লগাইলি আমাক ॥৪৩
তোত বিনা আমাৰ সহায় নাহি আন ।
তইসে কেৱল আমি অন্ধকৰ প্ৰাণ ॥৪৪
আনখন ইটো কৰ্ম্ম নকৰিবি আৰ ।
ইবোল শুনিয়া ধাতু উড়িল ৰাজাৰ ॥৪৫
মহাভয়ে নৃপতিৰ হৃদয় শুকাইল ।
চিন্তাদুখে মনে তান বচন হৰিল ॥৪৬
হা কি কৰিলোঁ বুলি তেজিলা নিশ্বাস ।
লাসে লাসে ঋষিৰ চাপিলা গৈয়া পাশ ॥৪৭
মাতিবে খোজন্তে মুখে নাসয় বচন ।
থিৰ নাহি বুকু ভয়ে কম্পয় চৰণ ॥৪৮
কতো বেলি ৰাজা পাচে মন কৰি থিৰ ।
অন্ধক মুনিক মাতিলন্ত ধীৰে ধীৰ ॥৪৯
নুহিকে তোমাৰ পুত্ৰ শুনা মুনিবৰ ।
তযু পুত্ৰ বধী মই অধম পামৰ ॥৫০
অজৰ তনয় মোৰ দশৰথ নাম ।
তযু পুত্ৰ মাৰি কৰি আছোঁ মন্দকাম ॥৫১
শব্দভেদী মই মন্দমতি অহঙ্কাৰী ।
নিশাকালে বনে বনে ঘূৰোঁ মৃগমাৰি ॥৫২
তযু পুত্ৰ পানীভৰে তাক নজানিয়া ।
হস্তীপানী খাই হেন মনত মানিয়া ॥৫৩
শবদৰ লক্ষে হানি পাঠাইলোহোঁ শৰ ।
হিয়াত পৰিল শৰ তোমাৰ পুত্ৰৰ ॥৫৪
লাগ পায়া কাতৰ কৰিলোঁ বহুতৰ ।
তোমাৰ তনয় মোক ভতৰ্সিল বিস্তৰ ॥৫৫
মই বুলিলোহোঁ মোক শপি কৰা ছায় ।
নশপিয়া মোক মুনি বুলিলা বুজায় ॥৫৬
পিতৃৰ মাতৃৰ পাশে চল মোক লৈয়া ।
চৰণত ধৰিয়া কাতৰ কৰ গৈয়া ॥৫৭
এহিবুলি মুনিবৰে ছাৰিলন্ত প্ৰাণ ।
তাক লৈয়া মই আসি আছোঁ তযু স্থান ॥৫৮
এবে মুনি শাপ দিয়া ভস্ম কৰা মোক ।
গুচিবেক তেবে তোৰা দুইহান্তৰ শোক ॥৫৯
মৌন ভৈলা ৰাজা বুলি এতেক বচন .
শুনি দুয়ো অন্ধে পাচে পুত্ৰৰ মৰণ ॥৬০
পুত্ৰশোক অগনি ছানিলা দুইৰো গাৱ ।
উঠিল ঝমক ভৈলা আকুল স্বভাৱ ॥৬১
পৰিলা ভূমিত দুয়ো হুয়া অচেতন ।
মূৰ্চ্ছিত স্বভাৱে আছিলন্ত কতোক্ষণ ॥৬২
চেতন লভিয়া পাচে দুয়োজনে উঠি ।
কান্দিবে লাগিলা হৃদয়ত হানি মুঠি ॥৬৩
ৰাজাত খুজিয়া শৱ পায়া গলে বান্ধি ।
ভৈলন্ত মূৰ্চ্ছিত দুনাই দুয়ো জনে কান্দি ॥৬৪
শ্ৰুতি পায়া পুনু পৃথিবীত পাৰে লুটি ।
নৰহয় জীউ যেন প্ৰাণ যায় ফুটি ॥৬৫
পুত্ৰ পুত্ৰ বুলি দুয়োজনে দেয় ডাক ।
কৈক গৈলি প্ৰাণ পুত্ৰ ত্যজিয়া আমাক ॥৬৬
দুয়োজন অন্ধক নেদেখোঁ দিশ পাশ ।
তই বিনে আমি দুয়ো অন্ধ ভৈলোঁ নাশ ॥৬৭
অন্ধলাৰ লাঠি পুত্ৰ গৈলি কৈক লাগি ।
কোনে এবে আমাক পুষিবে ভিক্ষা মাগি ॥৬৮
অই সিন্ধু পুত্ৰ বুলি নাম লৈবোঁ কাৰ ।
ইহ পৰলোকে শূণ্য কৰিলি আমাৰ ॥৬৯
এহিমনে দুয়োজনে কান্দি কতোক্ষণ ।
নৃপতিক চাই মুনি বুলিলা বচন ॥৭০
মোৰ পুত্ৰবধী শুন দশৰথ পাপী ।
ব্ৰহ্মবধ কৰি তই জীৱস তথাপি ॥৭১
সূৰ্য্যবংশী ৰাজা হুয়া কৰিলি অকৰ্ম্ম ।
পুত্ৰক বধিয়া দিলি আমাসাক মৰ্ম্ম ॥৭২
জ্বালিলি আমাৰ তই দাৰুণ সন্তাপ ।
শুন তোক ৰাজা দিওঁ নিদাৰুণ শাপ ॥৭৩
জানিয়া মাৰিলি হন্তে তনয়ক মোৰ .
কৰিলোঁহো হন্তে ভস্মে শাপ দিয়া ঘোৰ ॥৭৪
কিন্তু মোৰ পুত্ৰক মাৰিলি অজ্ঞানত ।
ব্ৰহ্মশাপ দিয়া তোক নকৰোহোঁ হত ॥৭৫
তথাপিতো শাপো তোক শুনৰে দুৰ্জ্জন ।
পুত্ৰশোকে মৰোঁ যেনে আমি দুয়োজন ॥৭৬
তই পুত্ৰ শোকে ৰাজা মৰিবি নিশ্চয় ।
আনে যেন ব্ৰাহ্মণৰ দোষ নাচৰয় ॥৭৭
হেন শুনি হৰিষ ভৈলন্ত নৰেশ্বৰ ।
নুহি ইটো শাপ প্ৰভু দিলা মোক বৰ ॥৭৮
কেমনে মৰিবোঁ পুত্ৰ নাহিকে আমাৰ .
কতোকালে হৈবে পুত্ৰ কহিয়োক সাৰ ॥৭৯
শুনিয়া ৰাজাক মুনি বুলিলন্ত বাণী ।
কৰিবাঁহা যজ্ঞ তুমি ঋষ্যশৃঙ্গ আনি ॥৮০
শিশুমতি মুনি তান গুণ কৈবোঁ কত ।
আগম পুৰাণ বেদ সবাতো পাৰ্গত ॥৮১
দেখিবাক শিশু মুনি বিষ্ণু সমসৰ ।
ছৱালৰ থানে ক্ৰীড়া কৰে নিৰন্তৰ ॥৮২
তেহে যজ্ঞ কৰাইলে কহিলোঁ সাবে সাৰ ।
চাৰি অংশে বিষ্ণু পুত্ৰ হৈবন্ত তোমাৰ ॥৮৩
এগুটি শ্ৰীফল নিয়ো সন্দেশ আমাৰ ।
চলাঁহা গৃহক পুত্ৰ হৈবেক তোমাৰ ॥৮৪
শুনি ৰাজা প্ৰণামি ঋষিক প্ৰণিপাতে ।
গৃহে গৈলা আনন্দে শ্ৰীফল ধৰি হাতে ॥৮৫
কৌশল্যাৰ হাতে নিয়া দিলন্ত শ্ৰীফল ।
পুত্ৰ হৈব সবাৰে শুনিয়া কৌতূহল ॥৮৬
কৌশল্যা কৈকেয়ী সীতা সুমিত্ৰা সুন্দৰী ।
ৰাজাবোলে তিনিও ভুঞ্জিবা ভাগ কৰি ॥৮৭
এহি বুলি ৰাজা সুখে বঞ্চিলা ৰজনী ।
উঠিলন্ত প্ৰভাতে নৃপতি শিৰোমণি ॥৮৮
স্নান দান কৰিয়া বসিলা সিংহাসনে ।
চৌপাশে উপাসি আছে পাত্ৰ মন্ত্ৰীগণে ॥৮৯
সেহি বেলা ইন্দ্ৰে অসুৰত হুয়া ত্ৰাস ।
ত্ৰিদশে সহিতে আইলা নৃপতিৰ পাশ ॥৯০
দেৱে সমে ইন্দ্ৰক দেখিয়া নৃপবৰ ।
গাৱ চালি উঠি কৰে অনেক সাদৰ ॥৯১
বসিবাক দিলন্ত ইন্দ্ৰক সিংহাসন ।
ত্ৰিদশক দিলা আনি সুবৰ্ণ আসন ॥৯২
দেৱে সমে আসনে বসিলা পুৰন্দৰ ।
পাদ্য অৰ্ঘ্য দিয়া পূজিলন্ত নৃপবৰ ॥৯৩
নমস্কাৰ কৰি ৰাজা পুছিলন্ত কাজ ।
ৰাজাক সাদৰি মাতিলন্ত দেৱৰাজ ॥৯৪
শুনিয়োক নৃপতি আমাৰ প্ৰয়োজন ।
হাৰিলোঁ ত্ৰিদশে আসি অসুৰত ৰণ ॥৯৫
মহাবলৱন্ত আতি অসুৰ দুৰ্ম্মতি ।
খেদায়া দেৱক কাঢ়ি লৈলা অম্ৰাৱতী ॥৯৬
তুমি বিনে আমাৰ সুহৃদ আন নাই ।
আপদ কালত এবে হুয়োক সহায় ॥৯৭
দেৱতাত অধিক তোমাত পৰাক্ৰম ।
জগততো নৃপতি তোমাক নাহি সম ॥৯৮
ৰণে জিনি সবে অসুৰক কৰি হত ।
ত্ৰিদশ দেৱক ৰাজা স্থাপিয়ো স্বৰ্গত ॥৯৯
অসুৰত হাৰি লাজ পাইলোঁ দেৱগণ ।
লৈলোহোঁ শৰণ অসুৰক কৰা ৰণ ॥১০০
বিনয় বচন আতি শুনি বাসৱৰ ।
প্ৰণতি পূৰ্ব্বক মাতিলন্ত নৃপবৰ ॥১০১
হৈবোহোঁ সহায় ৰণে মাৰিবোঁ অসুৰ ।
প্ৰাণ দান কৰিবোঁ ৰাখিবো স্বৰ্গপুৰ ॥১০২
হেন শুনি বাসৱ হৰিষ মন ভৈলা ।
দেৱগণ সহিতে স্বৰ্গক চলি গৈলা ॥১০৩
সূৰ্য্যবংশে ৰাজা হেন নাহি একোজন ।
প্ৰাণদান খুজিলেও হৈবে নিবৰ্ত্তন ॥১০৪
অনন্তৰে দশৰথ নৃপতি প্ৰধান ।
সৈন্য সমে কৰিলন্ত স্বৰ্গক পয়ান ॥১০৫
পূৰ্ব্বে স্বৰ্গ লৈলা বলি ইন্দ্ৰক খেদাই ।
সিকালত বিষ্ণু ভৈলা দেৱৰ সহায় ॥১০৬
পুনৰপি স্বৰ্গ কাঢ়ি লৈলন্ত দানৱ ।
দশৰথৰূপে সহায় ভৈলন্ত মাধৱ ॥১০৭
সৈন্য সমম্বিতে গৈলা ৰাজা দশৰথ ।
ৰথে চড়ি অসুৰ সেনাত উপগত ॥১০৮
ধনুধৰি টঙ্কাৰ কৰিলা মহাবল ।
ভয়ে চমকিলা আতি অসুৰ সকল ॥১০৯
নানাঅস্ত্ৰ নৃপতি লাগিলা বৰিষিত ।
শৰে ফুটি অসুৰ ভৈগৈল জৰ্জ্জৰিত ॥১১০
সমুখে নাপাৰি জানি অসুৰ নিস্খলে ।
মায়াকৰি গৈলা কতো গগনমণ্ডলে ॥১১১
আকাশক গৈয়া মায়া কৰিলা বিস্তাৰ ।
নানা অস্ত্ৰ বৰষিলা ৰাজাৰ উপৰ ॥১১২
হেন দেখি ব্ৰহ্ম অস্ত্ৰ জুড়িলা গুণত ।
এতেকতে অসুৰৰ মায়া ভৈলা হত ॥১১৩
মহাবলে ৰাজা ব্ৰহ্ম অস্ত্ৰক এৰিল ।
বেগে জ্বলি অসুৰৰ হিয়াত পৰিল ॥১১৪
একো গোট বাণে হুয়া সহস্ৰেক বাণ ।
লক্ষ লক্ষ অসুৰ সেনাৰ লৈল প্ৰাণ ॥১১৫
পৰি গৈল ৰণত অসুৰ অসংখ্যাত ।
উঠিয়া লাগিল পুনু অসুৰৰ মাথ ॥১১৬
আৰাধিয়া অসুৰে ব্ৰহ্মাত পাই বৰ ।
ব্ৰহ্মাৰ অস্ত্ৰত মৃত্যু নাহি অসুৰৰ ॥১১৭
সেহি হেতু ব্ৰহ্মাস্ত্ৰত গোটেক নমৰে ।
মৰি পুনু পুনু উঠি উঠি ৰণ কৰে ॥১১৮
মহাকোপে ব্ৰহ্মবাণ অসুৰে প্ৰহাৰে ।
জাকে জাকে ৰাজাত পৰয় একেবাৰে ॥১১৯
ৰণত পণ্ডিত ৰাজা নঘাটন্ত তাত ।
ব্ৰহ্মঅস্ত্ৰ ব্ৰহ্মবাণে কৰন্ত বিঘাত ॥১২০
পাচে এক মহা অস্ত্ৰ হানিয়া পঠাইল ।
অসংখ্যাত অসুৰক কাটিবে লাগিল ॥১২১
ৰথে চড়ি দশৰথ ৰণত সুজান ।
কাটিলা দানৱগণ হানি চক্ৰবাণ ॥১২২
হেন দেখি অসুৰৰ বৰ বৰ বীৰ ।
দশন কামুৰি কোপে ঝঙ্কাৰিয়া শিৰ ॥১২৩
কৰিলেক নানা অস্ত্ৰগণ বৰিষণ ।
বটতে কাটিয়া সবে কৰিলেক ছন ॥১২৪
হেন দেখি অসুৰ ৰণত অনিৰ্ব্বাৰ ।
পুনৰপি শৰবৃষ্টি কৰিলা অপাৰ ॥১২৫
বিন্ধিলেক নিসন্ধি ৰাজাৰ কলেবৰ ।
বানবিষে জৰ্জ্জৰিত ভৈলা নৃপবৰ ॥১২৬
অধিক কিটাইল ৰাজা পায়া শৰচোট ।
মহাকোপে হানিল গন্ধৰ্ব্ব অস্ত্ৰগোট ॥১২৭
আকাশ প্ৰকাশি শৰপাট যায় চলি ।
অসুৰ সেনাত লগাইলা খলমলি ॥১২৮
মহাবেগে গৈয়া শৰ পৰম প্ৰচণ্ড ।
বানবিষে সেনাক কৰিলা লণ্ডভণ্ড ॥১২৯
শৰ হানি ৰঙ্গ চাহি আছে মহাৰাজ ।
দৈত্যৰ লাগিল যুদ্ধ আপোনাৰ মাজ ॥১৩০
গন্ধৰ্ব্ব অস্ত্ৰৰ মহা মহিমা প্ৰচুৰ ।
মৰে কটাকটি কৰি সমস্তে অসুৰ ॥১৩১
শৰ হানি কেহো কাৰ মাথা বেলেগাৱে ।
কাহাকো দোহোৰ কেহোকৰে খাণ্ডাঘাৱে ॥১৩২
কঙ্কালত কাটি কাকো কৰয় দুখান ।
কেহো জনে বাণে হানি লৱে কাৰো প্ৰাণ ॥১৩৩
কেহো ঘাড় মোচাৰি পকায়া ছিণ্ডে মুণ্ড ।
ষাঠিৰ প্ৰহাৰে কাৰো ভসাৰয় শুণ্ড ॥১৩৪
চৱৰৰ চোটে কেহো কাৰে দান্ত সাৰে ।
কাৰো হিয়া ছিবে কেহো পৰশু কুঠাৰে ॥১৩৫
কেহো কাৰো নাক কাণ কৰে খান খান ।
কেহো কাকো গৈয়া কঙ্কালত মাৰে হান ॥১৩৬
কেহো বাণে হানি কাটে উৰু শিৰ কৰ ।
ভূমিত পৰিয়া কেহো কৰে ধৰফৰ ॥১৩৭
বাণবিষে কেহো পৃথিবীত ঢলি পৰে ।
আধাকটা দৈত্য কেহো পৰিয়া বাগৰে ॥১৩৮
নিদাৰুণ শৰে ফুটি কাৰো প্ৰাণ যায় ।
মৰোঁ মৰোঁ বুলি কতো পৰিয়া ডেডাই ॥১৩৯
কেহো লৰ দেয় পলাইবাক নাহি স্থান ।
নৃপতিৰ শৰে খেদি খেদি লৱে প্ৰাণ ॥১৪০
অসুৰৰ তেজে ৰণ ভূমি গৈল তল ।
মৰে দৈত্য দানৱ দেৱৰ কুতূহল ॥১৪১
অস্ত্ৰ এৰি অন্তৰীক্ষে আছে দশৰথ ।
অন্যে অন্যে অসুৰ আপুনি ভৈলা হত ॥১৪২
সমস্তে অসুৰ মৰি গৈল যমালয় ।
ৰাজাৰ বিক্ৰম দেখি দেৱৰ বিস্ময় ॥১৪৩
লক্ষকোটি অসুৰ ক্ষণেকে ভৈল হত ।
লাগিল চমক আতি ইন্দ্ৰৰ মনত ॥১৪৪
যেন মেঘ গুচি লৈল প্ৰসন্ন আকাশ ।
অসুৰ মৰিল দেৱে দেখিল প্ৰকাশ ॥১৪৫
অৱশিষ্ট দৈত্য পলাই গৈল দশোদিশ ।
দশৰথ নৃপ মনে পৰম হৰিষ ॥১৪৬
অনায়াসে নৃপবৰে জিনিলেক ৰণ ।
জয় জয় শঙ্খনাদ কৰে দেৱগণ ॥১৪৭
ইন্দ্ৰপদ লৈবে দুষ্ট দৈত্যগণ আইল ।
আছোক ইন্দ্ৰপদ নিজ প্ৰাণকো হৰাইল ॥১৪৮
পৰশ্ৰীক আশা কৰি গৈল ৰসাতল ।
ৰণ জিনি পাচে দশৰথ মহাবল ॥১৪৯
বিপৰীত প্ৰকাশ কৰিলা মহাশয় ।
তিমিৰ বিনাশি যেন সূৰ্য্যৰ উদয় ॥১৫০
ৰাজা ৰণ জিনিলন্ত দেৱৰ হৰিষ ।
শঙ্খধ্বনি কৰি পূৰিলন্ত দশোদিশ ॥১৫১
আনন্দে দুন্দুভি বাদ্য বাজে অসংখ্যাত ।
ৰাজাৰ শিৰত সিঞ্চিলন্ত পাৰিজাত ॥১৫২
বখানন্ত পুৰন্দৰ ৰাজাৰ বিক্ৰম ।
ধন্য ধন্য দশৰথ নৃপতি উত্ত্ম ॥১৫৩
আমাকো জিনিল যিটো প্ৰচণ্ড অসুৰ ।
ৰণে জিনি নৃপতি কৰিলা তাক চূৰ ॥১৫৪
নাহি নুপজিব ৰাজা তোমাৰ সমান ।
এহি বুলি ইন্দ্ৰে কৰিলন্ত বহুমান ॥১৫৫
পূজিলা ত্ৰিদশে নৃপতিৰ বাহুবল ।
ৰাজাক মাতিলা পুনু দেৱ আখণ্ডল ॥১৫৬
ৰাজ্য ৰাখি দিলা মোক অসুৰক মাৰি ।
তোমাৰ গুণক আমি শুজিতে নাপাৰি ॥১৫৭
পূৰ্ব্বে নাৰায়ণে যেন বঞ্চি দানৱক ।
অমৃতক পিয়াইলন্ত দেৱতা সবক ॥১৫৮
সেহিমতে অসুৰক মাৰিয়া নৃপতি ।
ৰক্ষা কৰি দিলা মোক পুৰী অম্ৰাৱতী ॥১৫৯
তযু মহাযশ ৰাশি ৰৈল ত্ৰিভুবনে ।
ঘুষিবেক তোমাৰ কীৰ্ত্তিক সৰ্ব্ব্জনে ॥১৬০
এহি মতে ৰাজাক প্ৰশংসি বাৰম্বাৰ ।
ৰাজাক দিলন্ত দিব্য বস্ত্ৰ অলঙ্কাৰ ॥১৬১
দিলা দিব্যৰথ অষ্ট ঘোটকে সহিত ।
বায়ুত অধিক মহাবেগে বিপৰীত ॥১৬২
ৰথ পায়া ভৈল আতি হৰিষ বিস্তৰ ।
মনত সন্তোষ দশৰথ নৃপবৰ ॥১৬৩