ৰামৰ অশ্বমেধ যজ্ঞ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩ অধ্যায়
ৰামৰ অশ্বমেধ যজ্ঞ ।
একদিনা ৰাঘৱে আছন্ত সভাপাতি ।
পুছিলন্ত কথা পাছে বশিষ্ঠক মাতি ॥১
কোন যজ্ঞ আছে সৰ্ব্ব যজ্ঞতে বিশিষ্ট ।
নিৰ্ণয় কৰিয়া তাক কহিয়ো বশিষ্ঠ ॥২
কাহাক যজিলে মনোৰথ হৱে সিদ্ধি ।
কহিয়ো সমস্তে মহাঋষি যেন বিধি ॥৩
শুনিয়া বশিষ্ঠ পাছে দিলা সমিধান ।
নাই আন পুণ্য অশ্বমেধ যজ্ঞমান ॥৪
পূৰ্ব্বত আছিলা ইলা নৃপতি প্ৰতাপে ।
স্ত্ৰী ভৈলা ৰাজা পাছে মহেশ্বৰ শাপে ॥৫
অশ্বমেধ যজ্ঞ যজি গোবিন্দৰ পাৱে ।
ভৈলন্ত পুৰুষ দুনাই যজ্ঞৰ প্ৰভাৱে ॥৬
অশ্বমেধ যজ্ঞ সম নাহি পৃথিবীত ।
শুনি যজ্ঞ কৰিবে ৰামৰ ভৈল চিত ॥৭
লক্ষ্মণক আনি ৰামে নিযোজিলা কায ।
আমৰাও কৰোঁ অশ্বমেধ যজ্ঞৰাজ ॥৮
সাত পৃথিবীৰ বাপ নৃপতি জৰায়ো ।
বাছি বাছি বিপ্ৰসব সত্বৰে আনায়ো ॥৯
শুনিয়োক লক্ষ্মণ দুঃখৰ সইতৰী ।
মিলায়ো সম্ভাৰ বিলম্বক পৰিহৰি ॥১০
ৰামৰ আদেশে পাছে পাঞ্চি দিলা দূত ।
ভৈলা সবে হাঙ্কাৰতে নৃপতি অযুত ॥১১
সুবৰ্ণ ৰজতে ভৰি অসংখ্য শকতে ।
ৰামৰ পাৱক আসি নমিল প্ৰকতে ॥১২
সুগ্ৰীৱ অঙ্গদ নল নীল হনুমন্ত ।
আসিলন্ত হৰিষে বানৰ অপৰ্য্যন্ত ॥১৩
অনেক ভালুক সমে আইল ঋক্ষৰাজ ।
বিভীষণ আসিলন্ত ৰাক্ষস সমাজ ॥১৪
ভালুক বানৰ ৰাক্ষসৰ ৰাজা তিনি ।
ৰামক প্ৰণামি ভেটিলন্ত ভিনি ভিনি ॥১৫
সুবৰ্ণ ৰজত যত যোগাইলা সম্ভাৰ ।
ৰাঘৱে কৰিলা তাসম্বাক সতকাৰ ॥১৬
যজ্ঞৰ শুনিয়া নাম যত মহাঋষি ।
অযোধ্যা ভৰিল আসি পৰম হৰিষি ॥১৭
বিশ্বামিত্ৰ অত্ৰি ত্ৰিত গৌতম গালৱ ।
পুলস্তি,পুলহ ভৃগু ভাৰ্গুৰী ভাৰ্গৱ ॥১৮
মৰিচী চ্যবন চন্দ্ৰবিন্দু বেদসাৰ ।
অগস্তি আস্তিক শ্ৰুত কপিল কুমাৰ ॥১৯
সুমন্ত সনক সনাতন সিদ্ধেশ্বৰ ।
ইহাৰ প্ৰমুখ্যে আইল মুনি নিৰন্তৰ ॥২০
নথাকিল দুখী ভিক্ষী দীন দেশান্তৰী ।
হাট বাট ঘাট সবে চলিল নগৰী ॥২১
পাতালৰ নাগ স্বৰ্গবাসী দেৱ যত ।
ৰঙ্গে যজ্ঞ দেখিবাক আসিলা সমস্ত ॥২২
শুনা সাৱধানে সবে ৰামৰ চৰিত্ৰ ।
আত পৰে আন ধৰ্ম্ম নাহিকে কলিত ॥২৩
স্বভাৱে কলিৰ লোক ভৈল মন্দমতি ।
কিমতে সাধিবে আন ধৰ্ম্ম আউৰ গতি ॥২৪
কলিৰ ভয়ত ধৰ্ম্মে কৈত নপাই ঠাই ।
হৰিৰ নামত ৰৈলা শৰণ সোমাই ॥২৫
হেন জানি হৰি ভকতিৰ কৰাঁ কাম ।
শঙ্কৰে ৰচিলা ডাকি বোলাঁ ৰাম ৰাম ॥২৬
- ৪ অধ্যায় ।
- ছবি ।
অনন্তৰে ৰামদেৱে, লক্ষ্মণক বুলিলন্ত,
- শুনিয়ো সোদৰ সৰ্ব্বজান ।
পুণ্যনদী গোমতীৰ, তীৰত সত্বৰে গৈয়া,
- যজ্ঞশালা কৰিয়ো নিৰ্ম্মাণ ॥১
ৰামৰ আদেশ শিৰে, ধৰিয়া লক্ষ্মণবীৰে,
- লৰি গৈলা পৃথিবী কম্পায় ।
অনেক সম্ভৃত ধৰি, সৈন্যসব আগ কৰি,
- অলেখ্য নৃপতি চলি যায় ॥২
গোমতী নদীৰ তীৰে, ৰত্নৰ মন্দিৰ বীৰে,
- সজাইলন্ত পৰম প্ৰাৰম্ভে ।
সুৱৰ্ণৰ কাঠি কামি, মহতী মাণ্ডলী জেঠি,
- মণিময় কৰকত স্তম্ভে ॥৩
ফটিকে গঠিত বাৰ, হীৰে বিৰচিত দ্বাৰ,
- বান্ধিলা কনকে কান্থিৰবলী ।
সুবৰ্ণ আসন পাৰি, থৈল সবে সাৰিসাৰি,
- ৰজতে ৰঞ্জিলা যজ্ঞস্থলি ॥৪
অনেক যোজন যুৰি, যজ্ঞৰ নিৰ্ম্মিয়া পুৰী,
- নমিলা ৰামৰ দুই পাৱ ।
বশিষ্ঠ প্ৰমুখ্যে ঋষি, হৰিষে কৰিয়া আগ,
- ৰামে পাছে চালিলন্ত গাৱ ॥৫
শিৰৰ উপৰ কৰি, ধৱল ছত্ৰেক তুলি,
- যান্ত হনুমন্ত চিৰঞ্জীৱ ।
ৰাঘৱৰ দুই কাষে, চামৰে ঢোলন্তে আছে,
- অভিনৱ লঙ্কেশ সুগ্ৰীৱ ॥৬
অলেখ নৃপতি চয়, বেঢ়ি কৰে জয় জয়,
- প্ৰণামি ৰামক নম্ৰভাৱে ।
চপয়া পঢ়য় ভাট, বিদ্যাধৰে কৰে নাট,
- গুণগীত গন্ধৰ্ব্বে যোগাৱে ॥৭
কৌশল্যা প্ৰমুখ্যে যত, ৰাজমাৱ লৰিলন্ত,
- অসংখ্য সুন্দৰী যাই বেঢ়ি ।
অযোধ্যাৰ নৰনাৰী, উভতি চলিল সাৰি,
- ৰঙ্গে খেলে সুমঙ্গল খেৰি ॥৮
এহিমতে যজ্ঞ ভূমি, প্ৰবেশ ভৈলন্ত প্ৰভু,
- ৰঘুকুল তিলক মুৰাৰি ।
যতেক পৰম ঋষি, সাদৰে বৈসাইলা আনি,
- আসন পাৰিয়া সাৰি সাৰি ॥৯
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আনদেৱ নিৰন্তৰ,
- ৰামৰ সভাক আইলা চলি ।
পৰম সাদৰে ৰামে, কৰিলা সেৱলি শিৰে,
- আসনে বৈসাইলা কৃতাঞ্জলি ॥১০
পাতালৰ যত নাগ, বাসুকিক কৰি আগ,
- প্ৰবেশিলা কৰিয়া উৎসৱে ।
আধাৰি পৰকায়া সৰ্পে, এক ভিতি বসিলন্ত,
- ৰাঘৱক পৰম গৌৰৱে ॥১১
বোলন্ত সাদৰে ৰামে, আজ্ঞা পাইয়া ৰাঘৱৰ,
- বহলে বসিলা সভা পাতি ।
যজ্ঞ আৰম্ভিবোঁ আবে, বোলন্ত সাদৰে ৰামে,
- পুৰোহিত বশিষ্ঠক মাতি ॥১২
- ৫ অধ্যায় ।
- দুলৰি ।
বশিষ্ঠ বদতি, শুনা ৰঘুপতি,
- মিলিল পৰম চিন্তা ।
কেনে যজ্ঞ ভূমি, প্ৰবেশিবা তুমি,
- লগত নাহিকে সীতা ॥১
আবে কি কৰিব, সভাৰ্য্যে যজিব,
- শাস্ত্ৰত এহিসে ন্যায় ।
শুনি ৰঘুনাথ, চপৰাইলা মাথ,
- নপান্ত আউৰ উপায় ॥২
ৰাঘৱ চিন্তিত, বুজিয়া ইঙ্গিত,
- ভকত ভৰত কাজি ।
প্ৰবন্ধি যতনে, যোগাইলা তেখণে,
- সুবৰ্ণৰ সীতা সাজি ॥৩
ভৰত ভ্ৰাতৃক, প্ৰশংসিয়া ৰাম,
- দৃষ্টি দিলা প্ৰতিমাত ।
সেহি মুখ আসি, সম্যকে জানকী,
- কেৱলে নাহিকে মাত ॥৪
সীতাক সুমৰি, নিশ্বাস ত্যেজিল,
- লোতক বহন্তে আছে ।
বশিষ্ঠে বুজাইল, ৰাঘৱ জুৰাইল,
- কুশ হস্ত ভৈল পাছে ॥৫
সীতাৰ প্ৰতিমা, সমে যজ্ঞশালা,
- প্ৰবেশিলা ৰঘুপতি ।
শুভক্ষণে পাছে, যজ্ঞ আৰম্ভিলা,
- বশিষ্ঠৰ অনুমতি ॥৬
ঋষি সবে বেদ, পঢ়ে অবিচ্ছেদ,
- অপেস্বৰা সবে নাচে ।
ত্ৰৈলোক্যৰ বাদ্য, কৰে অবিচ্ছেদ,
- যজ্ঞ মণ্ডপৰ কাছে ॥৭
প্ৰজাৰ ঘঞ্চাল, শবদ আম্ফাল,
- উথলিল মহাৰোল ।
পৃথিবী যুৰিল, আকাশ পূৰিল,
- লঙ্ঘিল স্বৰ্গৰ কোল ॥৮
নমোঁ ৰঘুপতি, চৰণে সম্প্ৰতি,
- প্ৰণতি কৰোঁ সৰ্ব্বথা ।
কৃষ্ণৰ কিঙ্কৰে, ৰচিলা শঙ্কৰে,
- উত্তৰাকাণ্ডৰ কথা ॥৯
শুনা বুধজন, কেদিন জীৱন,
- মিলিবে ঘোৰ মৰণ ।
অদ্যপি নেদেখা, নাই আৰ ৰক্ষা,
- ৰামত লৈয়ো শৰণ ॥১০
দেৱৰো দুৰ্ল্লভ, মনুষ্য জন্মক,
- জানি ব্যৰ্থ কৰাঁ কিক ।
মূঢ় জনে যেন, নজানিবিকই,
- কাচৰ মোলে মাণিক ॥১১
ঘোৰ পৰলোক, তৈত কেন হোক,
- তাৰ চিন্তিয়োক কাম ।
এভো হেন কৰাঁ, আপোন উদ্ধৰাঁ,
- ডাকি বোলাঁ ৰাম ৰাম ॥১২
- ৬ অধ্যায় ।
- পদ ।
শুনিয়োক ৰাঘৱৰ যজ্ঞৰ মহিমা ।
সুবৰ্ণ ৰজত পাত্ৰ তাৰ নাহি সীমা ॥১
বশিষ্ঠ প্ৰমুখ্যে ঋষি বেদ উচ্চাৰন্ত ।
আৰম্ভিলা পূজা ৰাম প্ৰভু ভগৱন্ত ॥২
যেই যেই দেৱক পূজন্ত মন্ত্ৰে মাতি ।
আপুনি লৱন্ত সেই দেৱে হাত পাতি ॥৩
ব্ৰহ্মা মহেশ্বৰো পূজিলন্ত যেন নীতি ।
ভৈলা দুয়ো পূজা পাই পৰম তৃপিতি ॥৪
সভাতে আছন্ত চতুৰ্ভুজ নাৰায়ণ ।
চৌপাশে উপাসি পাৰিষদ যতজন ॥৫
শঙ্খ চক্ৰ গদা পদ্ম আছে চাৰি হাতে ।
অৰ্চ্চিলন্ত প্ৰজাপতি আতি প্ৰণিপাতে ॥৬
পাদ্য অৰ্ঘ আচমনি মধুপৰ্ক দানে ।
পূজিলন্ত মাধৱক বিবিধ বিধানে ॥৭
দিলন্ত নৈবিদ্য ৰস পাত্ৰ অসংখ্যাত ।
আপুনি লৈলন্ত হৰি মেলি চাৰিহাত ॥৮
লক্ষে লক্ষে কৰাইলন্ত বহ্নিত আহুতি ।
ত্ৰিদশে তৃপিতি ভৈলা ভুঞ্জিয়া ভুকুতি ॥৯
বাসুকি প্ৰমুখ্যে পাতালৰ যত নাগ ।
যথাযোগ্য পাইলা সবে বলি বণ্টা ভাগ ॥১০
সভাত আছন্ত যত ঋষি ৰঙ্গ মনে ।
সবাৰো তুষিলা মন বসন ভূষণে ॥১১
হয় হস্তী ৰথ দোলা দাসী দাস গ্ৰাম ।
যাৰ যেন মন পুৰি দিলা প্ৰভু ৰাম ॥১২
ৰাঘৱে বোলন্ত পাছে ভৰতক চাই ।
ধনক সদৃশ মোৰ নকৰিবাঁ ভাই ॥১৩
ব্ৰাহ্মণক দিয়া দান সৰ্ব্বস্বকে তাঙ্কি ।
যেই যিবা খোজে দিবা নথৈবাহা ॥১৪
অসংখ্যাত মন্ত্ৰী পাত্ৰ পাঞ্চি দিলা সঙ্গে ।
ভৰতে লাগিলা দান দিবে মহাৰঙ্গে ॥১৫
অলঙ্কাৰ বস্ত্ৰ সুবৰ্ণৰ জাৰি খুৰি ।
অবিচ্ছেদে দেন্ত ব্ৰাহ্মণৰ মন পুৰি ॥১৬
বৰিষেক মানে বীৰে বৰিষিলে ৰত্ন ।
অদৰিদ্ৰ দুখীৰ ঘুচিল ধনে যত্ন ॥১৭
যাচন্তো নলৱে মোক নলাগয় বুলি ।
নিবে নোয়াৰন্ত ৰত্ন বোজা বান্ধি তুলি ॥১৮
অলেখ ভণ্ডাৰ ৰাঘৱৰ ধন ধান ।
সুবৰ্ণ ৰজত যত অসংখ্য প্ৰমাণ ॥১৯
অবিচ্ছেদে দিলা দান বীৰে বৰিষেক ।
নিৱে নোয়াৰিল লক্ষভাগৰো ভাগেক ॥২০
যত চিৰঞ্জীৱ যত সৰ্ব্বজ্ঞ যতেক ।
ৰামৰ যজ্ঞক কৰে প্ৰশংসা অনেক ॥২১
অন্যে অন্যে সম্ভাষন্ত যত মহামুনি ।
হেন অবিচ্ছেদ দান নতো কৰ্ণে শুনি ॥২২
ইন্দ্ৰ আদি কৰি যত দশ দিগপাল ।
তেসম্বো কৰিলে যত যজ্ঞ ভাল ভাল ॥২৩
সিসবৰ দানে নুহি ইহাক উপাম ।
ধন্য অশ্বমেধ ধন্য দাশৰথি ৰাম ॥২৪
ত্ৰৈলোক্যৰ লোক ৰাঘৱৰ সভাসদ ।
যজ্ঞৰ মহিমা দেখি নয়ন তবধ ॥২৫
অসংখ্য প্ৰশংসা কৰে ৰাঘৱক চাই ।
এহিমতে আনন্দে আছন্ত ৰাম ৰাই ॥২৬
যজ্ঞৰ কথাক আবে থৈলোঁ এহিমানে ।
কুশলৱৰ গীত শুনা বিদ্যমানে ॥২৭
::৭ অধ্যায়
দেশে দেশে লৱকুশৰ ৰামায়ণ গান আৰু চন্দ্ৰৰ যজ্ঞলৈ গমন ।
বাল্মীকিৰ কথা দুয়ো ধৰিয়া শিৰত ।
শুনাই ৰামায়ণ গীত ভ্ৰমন্ত ৰাজ্যত ॥১
কৰ্ণৰ অমৃত ৰস ৰামৰ চৰিত্ৰ ।
দুয়ো ৰঙ্গে গাৱন্ত লোকৰ ৰঞ্জি চিত্ত ॥২
পৰম গম্ভীৰ ধীৰ সুবোধ সুথিৰ ।
অনুক্ৰমে পাইলা পাছে গোমতীৰ তীৰ ॥৩
ৰামৰ কটকে আসি ভৈলন্ত প্ৰবেশ ।
হাতে তাল ধৰি গীত গাৱন্ত বিশেষ ॥৪
যন্ত্ৰ সব বজান্ত শুনন্তে মনোহৰ ।
এৰি ভাত পানি প্ৰজা শুনে নিৰন্তৰ ॥৫
ৰামৰ জন্মৰে পৰা ৰাৱণৰ বধ ।
ৰামায়ণ শুনি সবে নয়ন তবধ ॥৬
কোকিলৰ সুৰত অমৃত কৰে বৃষ্টি ।
চাৱৈ চতুৰ্ভিতি নৰনাৰী এক দৃষ্টি ॥৭
গুণে গীতে ৰূপে আতি মতি ভৈল ভোল ।
পৰম নাগৰী নাৰী কেৱে নেবে কোল ॥৮
অমৃত মধুৰ নাদ সুসম সুবেশ ।
শুনি মোহে চক্ষু কেহো নকৰে নিমেষ ॥৯
কুশৰ লৱৰ গীতে মোহে সৰ্ব্বজন ।
আছে মানে সৰ্ব্বস্ব দোভাইক দিবে মন ॥১০
বস্ত্ৰ অলঙ্কাৰ কেহো যাচে পঞ্চামৃত ।
পঞ্চিশ বেঞ্জনে দেই ভোজন সম্ভৃত ॥১১
নলাগৈ বুলি দেন্ত হাসি সমিধান ।
ফল মূল আহাৰ বাকলি পৰিধান ॥১২
আমি বনবাসীৰ ধনত কোন কায ।
দেখিয়া চৰিত্ৰ আচৰিত সব ৰাজ ॥১৩
আনন্দে ভৰিল হিয়া হৰষিত প্ৰাণ ।
ৰামৰ আগত মন্ত্ৰী পাত্ৰ দেই জান ॥১৪
কৈৰবা দুই গুটি শিশু আতি সুকুমাৰ ।
গাৱৈ আদি অন্তে প্ৰভু চৰিত্ৰ তোমাৰ ॥১৫
স্বৰ্গ মৰ্ত্ত্য পাতালৰ গীতাল যতেক ।
তোমাৰ প্ৰসাদে প্ৰভু দেখিলো প্ৰত্যেক ॥১৬
একোয়ে পুৰুষে নতো শুনো হেন গীত ।
কোকিলৰ স্বৰ যেন বৰিষে অমৃত ॥১৭
শুনি ৰামে দিলা লক্ষ্মণক সমিধান ।
দূত পঠাই শিশু দুইক ইঠাৱক আন ॥১৮
শিখিলেক গীত কৈত কাহাৰ কুমাৰ ।
কেন মতে গাৱে চাওঁ চৰিত্ৰ আমাৰ ॥১৯
ৰামৰ বচন শুনি সুমিত্ৰাৰ সুত ।
বাছি বাছি পাঞ্চিলা চতুৰ চাৰি দূত ॥২০
গাৱন্তে আছন্ত গীত ৰঙ্গে দুয়ো ভাই ।
নিসেবিলে দূতে গৈয়া আদেশ বোলাই ॥২১
ৰাজাৰ আজ্ঞাক পালি চলিয়ো ত্বৰিত ।
ৰাজ সমাজক যাই দুয়ো গায়ো গীত ॥২২
দেখিবাক ইচ্ছা আতি কৰন্ত ৰাঘৱ ।
শুনিয়া আনন্দে লৰি গৈল কুশলৱ ॥২৩
ৰূপে অনুপম আতি সীতাৰ সন্ততি ।
গজপতি গমন গম্ভীৰ ধীৰ মতি ॥২৪
চলি যান্ত ৰাঘৱৰ সমীপক প্ৰতি ।
বেঢ়ি নৰনাৰীগণে চলিল উভতি ॥২৫
বসি আছে ৰাম ৰত্নময় সিংহাসনে ।
উপাসন্ত শত্ৰুঘন ভৰত লক্ষ্মণে ॥২৬
অশেষ নৃপতি নম্ৰভাৱে তুতি কৰে ।
শ্বেত ছত্ৰ ধৰি ঢোলে ধৱল চামৰে ॥২৭
গাল্লৱ গৌতম শান্ত সুমন্ত কাৰ্ত্তিক ।
অত্ৰি বিশ্বামিত্ৰ ত্ৰিত অগস্তি আস্তিক ॥২৮
পুলস্তি পুলহ বসু বশিষ্ঠ প্ৰমুখ্যে ।
আছন্ত কৌতুকে বসি এক পাশে সুখে ॥২৯
বিভীষণ সুগ্ৰীৱ জাম্বৱ হনুমন্ত ।
নল নীল সুষেণ বানৰ অপৰ্য্যন্ত ॥৩০
লক্ষ লক্ষ বানৰ ভালুক কৌটি কৌটি ।
চৌপাশে উাপসে পৰি কৰি লাটি মুটি ॥৩১
বাৱে বিদ্যাধৰে অপেস্বৰা কৰে নাট ।
গাৱে গীত গন্ধৰ্ব্বে চপয়া পৰে ভাট ॥৩২
সিদ্ধমুনি অসংখিয়া কুসুম সিঞ্চাৰে ।
বসিয়া আছন্ত ৰামচন্দ্ৰ চমৎকাৰে ॥৩৩
ৰত্নময় সিংহাসনে কৰন্ত প্ৰকাশ ।
চাৰু শ্যাম তনু তাতে শোভে পীতবাস ॥৩৪
শিৰ ছত্ৰাকৃতি কেশ নীল আকুঞ্চিত ।
সুসম ললাটে জ্বলে তিলক লিলিত ॥৩৫
অলকা পঙ্কতি ৰত্ন কিৰীটি উজ্জ্বল ।
ৰুচিকৰ কৰ্ণে মণি মকৰ কুণ্ডল ॥৩৬
ভ্ৰুৱ সুৱলিত নেত্ৰ পঙ্কজ পৰাই ।
সুবেশ নাসিকা ওঠ কণ্ঠ কটি কাই ॥৩৭
নিবিড় দশন সূক্ষ্ম মুকুতাৰ পান্তি ।
ভ্ৰুবযুগ কেয়ুৰ কঙ্কণে কৰে কান্তি ॥৩৮
আৰকত কৰক দেখন্তে আতি তুষ্টি ।
সুদীৰ্ঘ আঙ্গুলী তাতে ৰত্নৰ আঙ্গুষ্ঠি ॥৩৯
মনোহৰ হিয়ে মণি মুকুতাৰ মালা ।
কটিত মেখলা ৰত্নে চিকি মিকি জ্বালা ॥৪০
সুবলিত উৰু আৰকত পদতল ।
ৰত্নৰ নূপুৰে ৰঞ্জে চৰণ কমল ॥৪১
পৰম লাৱণ্য মূৰ্ত্তিমন্ত কামদেৱ ।
সুৰাসুৰে উপাসি চৌপাশে কৰে সেৱ ॥৪২
সাৰি সাৰি তুলি ধৰি আছে ছত্ৰদণ্ড ।
শৰীৰৰ কান্তি প্ৰকাশিত সভাখণ্ড ॥৪৩
হেন চমৎকাৰে বসি আছন্ত ৰাঘৱ ।
সেহি সময়তে প্ৰবেশিলা কুশলৱ ॥৪৪
নগৰীয়া লোকে আসি লগতে উভতি ।
দেখি সমজ্যাৰ প্ৰজা চাৱে সচকিতি ॥৪৫
ৰাজাৰ আদেশে সেই সভামাজে উঠি ।
প্ৰকাশে মেৰুত যেন চন্দ্ৰমা দুগুটি ॥৪৬
ৰামৰ সমান শ্যাম তনু কৰে কান্তি ।
সেই সুনাসিকা মুখ সূক্ষ্ম দন্ত পান্তি ॥৪৭
পদ্মপত্ৰসম সেই আয়ত লোচন ।
ৰুচিকৰ কৰ্ণ তেহ্ন মধুৰ বচন ॥৪৮
শিৰ ছত্ৰাকৃতি নীল আকুঞ্চিত চুলি ।
আজানুলম্বিত বাহু সুদীৰ্ঘ আঙ্গুলি ॥৪৯
আৰকত কৰ কিশলয় কম্বুগল ।
ৰামৰে সদৃশ দুইৰো বাহু বক্ষস্থল ॥৫০
সি হবন্ধ কন্ধ কটি উৰু কৰিকৰ ।
শিশু দুইক দেখি আতি আনন্দ লোকৰ ॥৫১
পৰিল নিজম প্ৰজা নিৰেখি আকৃতি ।
ৰাঘৱক চাই চাৱে শিশু দুইৰ ভিতি ॥৫২
নাই ভেদ দেখি ৰামে এৰে এককায়া ।
চিনন নযাই যেন দৰ্পণৰ ছায়া ॥৫৩
অন্যে অন্যে বোলে কিনো শিশু সুকুমাৰ ।
সকলে আকৃতি গতি ৰামৰে আকাৰ ॥৫৪
সেই মুখ আখি সুৱলিত হাত পাৱ ।
ইটো দুইৰো কোননো সুবৰ্ণ কুখিমাৱ ॥৫৫
যেবে হন্তে নভঐল বাকলি শিৰধাৰী ।
ৰামৰে তনয় তেবে বুলিবাক পাৰি ॥৫৬
হনুমন্ত শত্ৰুঘন লক্ষ্মণ ভৰত ।
পৰম বিস্ময় কথা কহন্ত কৰ্ণত ॥৫৭
বানবাসে গৈলা সীতা শান্তী গৰ্ভৱতী ।
তাহানে তনয় জানো ৰামৰ সন্ততি ॥৫৮
সীতা বিনে ৰাঘৱৰ ভাৰ্য্যা নাহি আন ।
কেনমতে ইটো দুই ৰামৰে সমান ॥৫৯
এহিমতে সামাজ্যায়ে কৰে কানাকানি ।
শিশু দুইকো দেখি ৰঘুবংশে শিৰোমণি ॥৬০
আনন্দে নধৰে হিয়া শিহৰে শৰীৰ ।
মহাস্নেহে স্ৰবে দুইয়ো নয়নৰ নীৰ ॥৬১
গুণন্ত মনত ৰামে কিনো বিপৰ্য্যয় ।
ইদুইকো দেখিয়া কেনে আনন্দ হৃদয় ॥৬২
অল্প বয়সতে শিশু দুয়ো মহাগুণী ।
হেন ৰূপৱন্ত ঋষিসুত নতো শুনি ॥৬৩
পাছে ৰামচন্দ্ৰে দুইকো বুলিলা বচন ।
শুনি আছো তুমি দুইয়ো পৰম গায়ন ॥৬৪
জানিলো গীততে তুমি দুইয়ো সুশিক্ষিত ।
কেন কথা ৰামায়ণ শুনো গাৱা গীত ॥৬৫