অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
৫ অধ্যায়
অগস্ত্য মুনিৰ আশ্ৰমত প্ৰবেশ
ঋষিৰ চৰণ ধূলি শিৰত লৈলন্ত।
তিনি হন্তে আশ্ৰমক পৰিহৰি যান্ত॥ ১
ৰাঘৱে বোলন্ত লখাই বাৰ্ত্তাক নপাইল।
দুই গোটা অসুৰে অনেক ঋষি খাইল॥ ২
ইল্বল বাতাপি নামে অসুৰ দুই ভাই।
স্বচ্ছন্দ স্বৰূপে আসিলেক এহিঠাই॥ ৩
জ্যেষ্ঠ গোট ইল্বল ব্ৰাহ্মণ বেশ ধৰে।
পিতৃ শ্ৰাদ্ধ বুলি ঋষি নিমন্ত্ৰণ কৰে॥ ৪
বাতাপিক মেঘ পশু গোট কৰি থয়।
ঋষিগণ আনি তান পাৱ পখালয়॥ ৫
নিদাৰুণ অসুৰে অনেক মায়া জানে।
মায়া মেষ গোটক আগক লাগি আনে॥ ৬
সবাৰে আগত মেষ মাৰি প্ৰাণলয়।
শ্ৰাদ্ধ দিন বুলি সেই মাংস বিলাৱয়॥ ৭
দিব্য শালি তণ্ডুলে ঋষিক দেই ভাত।
মেষ মাংসে ৰান্ধয় ব্যঞ্জন পাঞ্চ সাত॥ ৮
আচমন কৰি ঋষি বৈসে তাৰ ঠাৱ।
আইস অৰে বাতাপি ইল্বলে পাৰে ৰাৱ॥ ৯
ঋষিপেট ফুটিয়া ওলাৱে তেতিক্ষণ।
দুই ভাই মিলি পাচে কৰয় ভোজন॥ ১০
অগস্তি সকলে কথা শুনিলা শ্ৰবণে।
ইল্বলৰ থানত গৈলন্ত তেতিক্ষণে॥ ১১
দেখি দুয়ো ভাই কনাকনি কৰি চাইল।
যাহাক খুজিব সিটো আপুনিয়ে আইল॥ ১২
অগস্তিয়ে দুই ভাইক কৰি সম্ভাষণ।
ছলে ভুঞ্জিবাক মনে প্ৰাৰ্থিলন্ত অন্ন॥ ১৩
অনেক দিনৰ পৰা মহা হাবিলাসে।
অন্ন ভুঞ্জিবাক লাগি আইলোঁ তযু পাশে॥ ১৪
আন ঋষি মতে তাঙ্কো অন্নদান কৰে।
আতি বুদ্ধি কচ্ছপ তৰত পৰিমৰে॥ ১৫
হাঁসিয়া ইল্বলে বোলে আতিপেট ছোট।
একেশ্বৰে কেমনে ভুঞ্জিবা মেৰ গোট॥ ১৬
নিকটতে হুইব আসি শ্ৰাদ্ধৰ বাসৰ।
এতিক্ষণ নিবৰ্ত্তিয়া যায়ো মুনিবৰ॥ ১৭
আনো ঋষিগণ সমে আনিবোঁ মতাই।
পৰিপূৰ্ণ ৰূপে পাচে ভুঞ্জিবাঁ অতাই॥ ১৮
অগস্তি বোলন্ত ভোক ধৰিতে ন পাৰোঁ।
আউৰ কিছু নাহি পদে ইহাতেসে হাৰোঁ ১৯
শুনা দানপতি মই বোলোহোঁ তোমাত।
আউৰ আছে নাহি মেষ গোটা পাঞ্চসাত॥ ২০
মাৰিলেক মেষ গোট তাহান আগত।
মেষ সঙ্গে ৰান্ধিল ব্যঞ্জন পাঞ্চসাত॥ ২১
ইল্বলে বোলয় মোৰ বিধি সুপ্ৰসন্ন।
এহি বুলি আগস্তিক ভুঞ্জাইলেক আন্ন॥ ২২
হেন বুলি ঋষি মেষ ভোজন কৰিল।
মন্ত্ৰে গঙ্গাজল কমণ্ডলুত ভৰিল॥ ২৩
মন্ত্ৰন্যাস কৰিয়া আশেষ জল পীল।
তপৰ প্ৰভাৱে মেষ জীৰ্ণতা কৰিল॥ ২৪
ইল্বলে বোলয় অৰে ভয়াই বাতাপি।
মেষৰূপ এৰিয়া সত্বৰে আস বাপি॥ ২৫
ঋষিয়ে বোলয় কেনে বোল হেন বাক্।
অগস্তিৰ গৰ্ভবহ্নি দহিলেক তাক॥ ২৬
অস্ত্ৰ ধৰি ইল্বলে আসিল আগ বাঢ়ি।
ডেৱ দিয়া অগস্তি খড়্গ লৈলা কাঢ়ি॥ ২৭
ক্ৰোধ দৃষ্টি চাহিলন্ত সংহৰিত মনে।
চক্ষু অগনিত ভস্ম ভৈ গৈল তেখনে॥ ২৮
এহিমতে ঋষি দুয়ো ভাইক সংহৰিল।
দেৱ ঋষিগণে তাঙ্ক প্ৰশংসা কৰিল॥ ২৯
হেনয় ঋষিক আমি হুইবোঁ দৰিশন।
তেহে সমে হৰিষে কৰিবোঁ সম্ভাষণ॥ ৩০
এই কথাগোট ৰামে কহি লক্ষ্মণত।
অগস্তিৰ ভাইৰ প্ৰবেশিলা আশ্ৰমত॥ ৩১
বঞ্চিলা ৰজনী ঋষি কৈলা বহুমান।
আৰ দিন পাইলা গৈয়া আগস্তিৰ স্থান॥ ৩২
পৰম হৰিষে গৈলা দক্ষিণৰ দিশ।
দেখিলা সহস্ৰ সঙ্খ্যা অগস্তিৰ শিষ্য॥ ৩৩
বিদূৰতে ৰামৰ ঋষিক লক্ষ ভৈল।
হাতৰ পাৱৰ নখ ফুলি ফুলি গৈল॥ ৩৪
ভোবোকাৰ দাৰি সন পাঞ্জি কেশপাশী।
সকলে গাৱৰ লোম ফুলি গৈল কাশি॥ ৩৫
যেন পুণ্ডা কুমুণ্ডাক দেখোতে বিশেষ।
তাপলীয়া মুণ্ড তালু মানে নাই কেশ॥ ৩৬
এহেন্তেসে বাতাপিক পৰিণাম নিল।
গণ্ডুষতে সাতো সাগৰৰ জল পীল॥ ৩৭
এহেন্তেসে বাউল হৰি শঙ্কৰৰ সম।
ক্ষমায়ে পৃথিবী কোপে কালান্তক যম॥ ৩৮
ৰামৰ বাৰ্ত্তাক লখাই ঋষিত জানাইল।
শিষ্যক পঠায়া ঋষি ৰামক নিয়াইল॥ ৩৯
পৰম বিনয়ে ৰামে সহৰিষ ভাৱে।
সীতায়ে লক্ষ্মণ সমে নমিলন্ত পাৱে॥ ৪০
আশংসা কৰিয়া ঋষি পুছিলা কুশল।
বহুভাৱে অৰ্চ্চিয়া দিলন্ত ফলজল॥ ৪১
ৰামক বুলিলা ঋষি ধৰ্ম্মৰ চৰিত্ৰ।
তুমি আসি ভৈলা মোৰ থানৰ পৱিত্ৰ॥ ৪২
হেন বুলি ঋষি দিব্য ধনু এক দিল।
তূণ দুই অক্ষয় ৰামত সমৰ্পিল॥ ৪৩
ধনু পাই ৰামে বৰ সহৰিষ ভৈলা।
ঋষিয়ে তাহাৰ গুণ কহিবাক লৈলা॥ ৪৪
এহি ধনু বিষ্ণুৱে থাপিলা দেৱৰাজ।
অসুৰক দেখিয়া স্বৰ্গৰ কৈলা মাজ॥ ৪৫
ব্ৰহ্মায়ে স্ৰজিলা অস্ত্ৰ শত্ৰু খেদি খাই।
যাহাক হানিলে শৰ ব্যৰ্থক নযাই॥ ৪৬
বিশ্বকৰ্ম্মে গঢ়িলেক অনেক যতনে।
বাসৱে দিলন্ত মোক কৌতূহল মনে॥ ৪৭
ধনুৰ্ব্বাণ ভৰে বসুমতী নোহে থিৰ।
ত্ৰিভুৱন বিজয়ী তুমিসি মহাবীৰ॥ ৪৮
ধনুৰ্ব্বাণ ৰামে যেবে শিৰত চড়াইল।
আকাশ নিৰ্ম্মল আৰো খড়্গেক পাইল॥ ৪৯
ঋষিয়ে বোলন্ত ৰাঘৱক মনোৰমে।
সুখে থিত হুয়ো তুমি আমাৰ আশ্ৰমে॥ ৫০
শ্ৰীৰামে বোলন্ত আক বৰ ভাগ্যে পাই।
সীতা সমে এথা থাকিবাক নুযুৱাই॥ ৫১
বঞ্চিবাক যোগ্য থান কৈয়ো বিতোপন।
ঋষিয়ে বোলন্ত যায়ো পঞ্চবটীবন॥ ৫২
সাৱধানে থাকিবাহাঁ ৰাক্ষস আশেষ।
সীতাক ৰাখিবাঁ ভালে মোৰ উপদেশ॥ ৫৩
লক্ষ্মণে যুৰিয়া কৰ বুলিলন্ত বাণী।
মোক একখানি ধনু দিয়ো মহামুনি॥ ৫৪
হেন কথা শুনি মুনি হাঁস তুলিলন্ত।
দিব্য ধনু খন আনি তাহাঙ্ক দিলন্ত॥ ৫৫
বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত ধনু অনুপাম।
শৰচয় দীৰ্ঘ শুদ্ধ মাণিকৰ কাম॥ ৫৬
ৰত্ন বিৰচিত দিলা অক্ষয় দুই তূণ।
ধনুশৰ পায়া ভৈলা হৰিষ লক্ষ্মণ॥ ৫৭
ঋষিৰ চৰণ ধূলা শিৰত লৈলন্ত।
তিনি হন্তে আশ্ৰমক পৰিহৰি যান্ত॥ ৫৮