ৰামৰ হৰধনু ভঙ্গ
ৰামায়ণ বৃত্তান্ত |
---|
|
৩৯ অধ্যায়
ৰামৰ হৰধনু ভঙ্গ
দুলৰি ।ৰাম লক্ষ্মণক লই ।
সহৰিষ মনে, মধুৰ গমনে,
মিথিলা পাইলন্ত গই ॥১
ঋষিৰ পাচত, হৰিষে মনত,
চলন্ত ৰাম লক্ষ্মণ ।
যেন শিশু সিংহ, দেখিতে বিড়িঙ্গ,
গজৰ যেন গমন ॥২
মৃদু সুকোমল, চৰণ যুগল,
চলাৱন্ত লয়লাসে ।
দিশ পাশ আতি, কৰি প্ৰজ্বলিত,
ৰামৰ দেহা প্ৰকাশে ॥৩
পৰম মধুৰ, লাৱণ্য প্ৰচুৰ,
সাক্ষাত যেন মদন ।
মহা মনোহৰ, মূৰুতি সুন্দৰ,
দেখি চাৱে সৰ্ব্বজন ॥৪
ঈষত হসিত, বৰিষে অমৃত,
দেখান্তা লোকৰ গাৱে ।
জুৰায় মন প্ৰাণ, ন ভাসে নয়ন,
যেতেক ৰামৰ চাৱে ॥৫
লগত উভতি, চলে সৰ্ব্বজন,
প্ৰশংসিয়া বহুভাৱে ।
ইতো পুৰুষক, তুলিলে কোনে নো,
সুবৰ্ণ কুক্ষীয়া মাৱে ॥৬
যিটো ভাগ্যৱতী, পাইলা আঙ্ক পুত্ৰ,
তাইৰ বিধি সুপ্ৰসন্ন ।
সি জনীৰ সম, পুণ্য জানো আৰ,
নতো কৰে একো জন ॥৭
ৰামৰ সমান, পুৰুষ উত্তম,
ই তিনি লোকত নাই ।
ত্ৰৈলোক্যৰ ৰূপ, ইহান শৰীৰে,
থৈলা বিধি এক ঠাই ॥৮
সীতাৰ সদৃশ, এহেন্তেসে বৰ,
বিধি নিৰ্মিলন্ত জানি ।
স্বয়ম্বৰ সম- য়ত মিথিলাত,
দৈবে মিলাইলন্ত আনি ॥৯
জনক নৃপতি, কি কাৰ্য্য কৰিলা,
অঙ্গীকাৰ বিপৰীত ।
কঠিন ধনুত, কোমল শৰীৰে,
ন পাৰিবে গুণ দিত ॥১০
ইহেন বৰত, আপোন ইচ্ছায়ে,
সীতাক দিবে ন পাইল ।
যেন কোন জনে, হাতৰ অমৃত,
আপুনি ঠেলি পেলাইল ॥১১
যেন নৱনিধি, পায়া হেৰুৱাৱে,
দৰিদ্ৰ আপোন দোষে ।
ৰামক দেখিয়া, যত নৰ নাৰী,
এহি মতে সবে ঘোষে ॥১২
মুনিৰ পিচত, পৰম হৰিষে,
চলন্ত ৰাম লক্ষ্মণ ।
বিশ্বামিত্ৰ মুনি, স্বয়ম্বৰ শালা,
পাইল গৈয়া কতক্ষণ ॥১৩
জনক নৃপতি, দেখি সচকিতি,
উঠিলন্ত চালি গাৱে ।
আপুনি আসন, পাৰিয়া দিলন্ত,
বুলি আতি মৃদু ভাৱে ॥১৪
পাচে জানুশিৰে, পৰশি সাদৰে,
কৰিলন্ত নমস্কাৰ ।
সঅৰ্ঘে ঋষিক, কৰিলন্ত পূজা,
হৰিষৰ নাই পাৰ ॥১৫
সুখে আসনত, বসিয়া আছন্ত,
বিশ্বামিত্ৰ মুনিবৰ ॥১৬
দক্ষিণত ৰাম, ৰামত লক্ষ্মণ,
আৰো শিষ্য নিৰন্তৰ ।
গৌতমৰ পুত্ৰ, নামে শতানন্দ,
পুৰোহিত জনকৰ ॥১৭
ৰাম লক্ষ্মণক, দেখি শতানন্দ,
পুছিলা বিশ্বামিত্ৰত ।
কাহাৰ কুমাৰ, ৰূপে মনোহৰ,
দেখি নতো হেন মত ॥১৮
শতানন্দ আগে, ঋষি বিশ্বামিত্ৰে,
কহিলা কথা সকল ।
দশৰথ মহা, ৰাজাৰ তনয়,
ৰাম এন্তে মহাবল ॥১৯
ৰামৰ কনিষ্ঠ, এহেন্তে লক্ষ্মণ,
পৰম গুণে যুকুত ।
চৰণে পৰশি, মাতৃক তোমাৰ,
কৰিলা ৰামে মুকুত ॥২০
ৰামৰ চৰণ, প্ৰসাদে অহল্যা,
ঘোৰ শাপ নিস্তৰিলা ।
গৌতম আসিয়া, ৰামক প্ৰশংসি,
অহল্যাক সম্বৰিলা ॥২১
শুনি শতানন্দে, গৈলন্ত হৰিষ,
পাইলন্ত মাতৃ নিস্তাৰ ।
ৰামক প্ৰশংসি, ঋষিক বোলন্ত,
প্ৰসাদ ইটো তোমাৰ ॥২২
নোহন্ত মানুষ, পৰম পুৰুষ,
জানিলোঁ ৰাম নিশ্চয় ।
জগত নিস্তাৰ, হেতু অৱতাৰ,
ভৈলা এন্তে মহাশয় ॥২৩
যিতো পদধূলি, সদা আৰাধন্ত,
ব্ৰহ্মা আদি দেৱগণে ।
যাক আশা কৰি, সৰ্ব্ব পুৰুষাৰ্থ,
এৰে মহা মহাজনে ॥২৪
হেনয় পৰম, দুৰ্ল্লভ ধূলাক,
পাইলা মাতৃ মোৰ লাগ ।
জানি লোক তৰা, কোটি জনমৰ,
আছে তান মহাভাগ ॥২৫
আমিয়ো চক্ষুৰে, দেখিলো ৰামক,
কত বা পুণ্যৰ ফলে ।
এহি বুলি শতা- নন্দে ৰাঘৱক,
অৰ্চ্চিলন্ত কৌতুহলে ॥২৬
যত যত মহা, মহাৰাজগণ,
আছয় বসি সভাত ।
ৰামক দেখিয়া, সমস্তে ৰাজাৰ,
মুখত হৰিল মাত ॥২৭
ৰাঘৱৰ মহা, তেজে ধৰষিল,
ভৈলন্ত আতি সঙ্কুচিত ।
প্ৰমত্ত সিংহক, দেখি মৃগগণ,
হোৱে যেন ভয়ে ভীত ॥২৮
স্বয়ম্বৰ সম- জ্যাত যত যত,
আছে নৰ নাৰীচয় ।
ৰামৰ অদ্ভুত, ৰূপক দেখিয়া,
ভৈগৈলা মহা বিস্ময় ॥২৯
যাৰ যেহি অঙ্গে, ৰামৰ ৰূপত,
পৰি গৈল দৃষ্টিপাত ।
পুনৰপি আৰ, পালটি নাসয়,
বহিল তম্ভি তথাত ॥৩০
ৰামক দেখিতে, নখণ্ডে তৃপিতি,
লাগি গৈল যেন ধ্যান ।
অমৃতক যেন, পিৱন্তে পিৱন্তে,
জুৰায় তনু মন প্ৰাণ ॥৩১
জনক নন্দিনী, দেখিলা ৰামক,
ৰূপ আতি বিপৰীত ।
ৰামৰ ৰূপত, নিমজিল মন,
ভৈগৈল দেবী মোহিত ॥৩২
মনত বোলন্ত, কোল লো বিধিয়ে,
স্ৰজিলা ৰূপ ৰামৰ ।
কোটি এক কাম, দেৱো জানো আন,
নুহিবেক সমসৰ ॥৩৩
এহেন্তেসে মোৰ, হৈবে নিজপতি,
কৰিলোঁ মনে নিশ্চয় ।
ইহান আগত, দেখোঁ যেন মৰা,
আছে যত ৰাজাচয় ॥ ৩৪
ৰামত বিনাই, আন পুৰুষক,
নবৰিবোঁ কদাচিত ।
কিবা কাজে মোৰ, পিতৃ কৰিলন্ত,
অঙ্গীকৰ বিপৰীত ॥৩৫
তথাপি আনক, নভজিবোঁ যদি,
ধনুত গুণ লগাৱে ।
পিতৃত বচন, ছন্ন কৰি মই,
ভজিবোঁ ৰামৰ পাৱে ॥৩৬
ৰামৰ নখৰ, সমান নাহিকে,
ইতিনি লোকৰ মাজে ।
ইহাঁঙ্ক এৰিয়া, আন পুৰুষক,
ভজিবোঁ কমন কাজে ॥৩৭
মোহোৰ কৰ্ম্মৰ, ফলে জানো আনি,
ৰামক মিলাইলা বিধি ।
অকস্মাত্ যেন, দৰিদ্ৰৰ হাতে,
উপগত নৱ নিধি ॥৩৮
ৰামক এৰিয়া, কোন অভাগিনী,
আনক ভজিবে যায় ।
হাতৰ অমৃত, এৰি কোন জনী,
মৰিবেক বিষ খাই ॥৩৯
এহি মতে সীতা, দেৱী কৰিলন্ত,
ৰামৰ চৰণ সাৰ ।
তেজি আন কাম, বোলা ৰাম ৰাম,
যত লোক সমজ্যাৰ ॥৪০
৪০ অধ্যায়
ৰাম লক্ষ্মণক দেখি জনক নৃপতি ।
বিশ্বামিত্ৰ মুনিত পুছিলা মহামতি ॥১
কিবা নাম আন দুই কাহাৰ তনয় ।
মহাৰূপৱন্ত আতিশয় শুভান্বয় ॥২
আপোনাৰ কহিয়ো কুশল আগমন ।
আজ্ঞা কৰিয়োক কিবা সাধোঁ প্ৰয়োজন ॥৩
শুনি হাসি বিশ্বামিত্ৰ বুলিলা বচন ।
আৰা দুই দশৰথ ৰাজাৰ নন্দন ॥৪
আন ৰাম নাম সৰ্ব্ব গুণৰ আলয় ।
আন নাম লক্ষ্মণ পৰম শুভালয় ॥৫
শ্ৰেষ্ঠ ৰাম কনিষ্ঠ লক্ষ্মণ বীৰবৰ ।
জানিবা ৰামক তুমি পৰম ঈশ্বৰ ॥৬
পৰম পুৰুষ হৰি জগত আধাৰ ।
ৰামৰূপে ভৈলা পৃথিৱীত অৱতাৰ ॥৭
হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহাৰি ।
তযু গৃহ লক্ষ্মী আছে সীতা নাম ধৰি ॥৮
ৰামৰেসে ভাৰ্য্যা সীতা জানা স্বৰূপত ।
দিয়োক সীতাক তুমি বিবাহ ৰামত ॥৯
হৈবেক তোমাৰ তেবে পৰম কল্যাণ ।
এহি প্ৰয়োজনে আসি আছোঁ তযু থান ॥১০
ত্ৰৈলোক্য বিজয়ী ৰাম মহা ধনুৰ্দ্ধৰ ।
ত্ৰিভুবনে নাহিকে ৰামৰ সমসৰ ॥১১
জনক নৃপতি মাতিলন্ত হেন শুনি ।
মোহোৰ বচন শুনিয়োক মহামুনি ॥১২
নাহি দশৰথ ৰাজা পৃথিৱীত সম ।
তাহান তনয় ৰাম পুৰুষ উত্তম ॥১৩
মহা সুকুমাৰ ৰূপ লাৱণ্য প্ৰচুৰ ।
ভুবন মোহন আতি মুৰুতি মধুৰ ॥১৪
এন্তে সে নিশ্চয় পতি হৈবন্ত সীতাৰ ।
কিন্তু মই এক কৰি আছাঁ অঙ্গীকাৰ ॥১৫
মৃগ মাৰি মহাদেৱে দুৱাৰে আমাৰ ।
এৰি গৈলা ধনুখান যেন ব্ৰজসাৰ ॥১৬
তাক ঘৰে থৈয়া মই বুলিলোঁ বচন ।
ইহাতে লগাইতে গুণ পাৰে যিটো জন ॥১৭
তাহান্তে বিবাহ সীতা দিবোঁহো নিশ্চয় ।
ন পাৰিলা গুণ দিবে যত ৰাজাচয় ॥১৮
ৰামক দেখিয়া বসি গুণে মনে মনে ।
মিছা অঙ্গীকাৰ কৰিলোঁহো কি কাৰণে ॥১৯
এন্তে সে জানিবা বৰ সীতাৰ উচিত ।
বিধাতা আনিয়া কৰিলন্ত উপস্থিত ॥২০
মহা উচপিচ মুনি কৰি মোৰ চিত্ত ।
ন পাৰিবে ৰাঘৱে ধনুত গুণ দিত ॥২১
ৰামক চাহন্তে অঙ্গীকাৰ হেৰুৱাওঁ ।
অঙ্গীকাৰ চাহোঁ যেবে ৰামক নাপাওঁ ॥২২
একক চাহন্তে মোৰ অপৰ নঘটে ।
বাজিয়াঁ ৰহিলোঁ মই উভয় সঙ্কটে ॥২৩
বিশ্বামিত্ৰে বোলন্ত জনক মহাভাগ ।
ইসব চিন্তাক তুমি কৰাঁ পৰিত্যাগ ॥২৪
কোন বস্তু ধনু খান ৰামৰ আগত ।
ন জানাহা তুমি ৰামচন্দ্ৰৰ মহত্ত্ব ॥২৫
ঈষত কটাক্ষে ধনু ভাঙ্গিবন্ত ৰামে ।
পাইবন্ত সীতাক চিন্তা কৰাঁ কিবা কামে ॥২৬
বুলিলা জনকে বিশ্বামিত্ৰক দুনাই ।
কেমনে গুচিব চিন্তা শুনিয়ো আতাই ॥২৭
ধৰিলেক ধনু মহা মহা ৰাজাগণে ।
লাৰিবাকো ন পাৰিলা অনেক যতনে ॥২৮
কোমল শৰীৰ ৰাম বয়সত অল্প ।
পৰম কঠিন ধনু যেন ব্ৰজ কল্প ॥২৯
তাক ধৰি গৈয়া ৰামচন্দ্ৰে কি কৰিব ।
আছো গুণ দিবে লাৰিবাকো ন পাৰিব ॥৩০
ধনুত লগাইবে গুণ ৰামৰ না লাগে ।
সমাজত লঘু কেনে হৈব মহাভাগে ॥৩১
অঙ্গীকাৰ লাৰি সীতা দিবোঁহো ৰামক ।
কৈত খুজি পাইবোঁ আৰ ইমত বৰক ॥৩২
অজিজ্ঞাসি পূৰ্ব্বত কৰিলোঁ অঙ্গীকাৰ ।
তাক এৰিলাত দোষ নাহিকে আমাৰ ॥৩৩
যদি দোষ হৱে তাক নকৰোঁহো ডৰ ।
গুচিবে সকলে দোষ প্ৰসাদে ৰামৰ ॥৩৪
শুনি বিশ্বামিত্ৰে হাসি বুলিলন্ত বাণী ।
কৰাঁহা সংশয় তুমি ৰামক ন জানি ॥৩৫
এন্তে সে ঈশ্বৰ চৰাচৰ জগতৰ ।
ধনু ভাঙ্গিবন্ত কোন প্ৰয়াস ৰামৰ ॥৩৬
চাহি থাকা জনক নৃপতি কৌতুহলে ।
ধনুতে পৰীক্ষা আজি পাইবাহা সকলে ॥৩৭
শুনি সীতা মনে কোপ কৰন্ত ঋষিক ।
মোহোৰ বিপক্ষ এন্ত আচৰন্ত কিক ॥৩৮
অঙ্গীকাৰ লাৰি মোক বিহা দিবে চান্ত ।
ঋষিৰ কাৰণে পিতৃ তাহাক ন পান্ত ॥৩৯
ধনু ভাঙ্গিবাক এন্ত বোলন্ত কিসক ।
ইহান নিমিত্তে মই ন পাইবোঁ ৰামক ॥৪০
ৰাম মোৰ স্বামী হাতে মিলাইলেক বিধি ।
বিশ্বামিত্ৰ হেতু হেৰুৱাইবোঁ নৱনিধি ॥৪১
লবনু পুতলি যেন সুকোমল তনু ।
হেন ৰামে কিমতে ভাঙ্গিব ব্ৰজ ধনু ॥৪২
ন লাগে ভাঙ্গিবে ধনু সীতা দেন্ত হাক ।
অঙ্গীকাৰ এৰি বিহা দিয়োক আমাক ॥৪৩
পাচে বিশ্বামিত্ৰ ঋষি বুলিলা বচন ।
শুনিয়োক ৰাম ৰঘুকুলৰ নন্দন ॥৪৪
ধনুখানি ভাঙ্গি বিহা কৰিয়ো সীতাক ।
উঠিয়া সত্বৰে ৰাখিয়োক মোৰ বাক ॥৪৫
শুনি ৰামচন্দ্ৰে উঠিলন্ত তাৱক্ষণে ।
কঙ্কালত বস্ত্ৰ কাছিলন্ত ৰঙ্গমনে ॥৪৬
ঋষিক প্ৰণামি চলিলন্ত ৰঘুবৰ ।
দেখিহাসি তুলিলেক ৰাজা নিৰন্তৰ ॥৪৭
বৰ বৰ বীৰে না পাৰিলে লাৰিবাক ।
ভৈলোঁ লঘু লোকে বেঢ়ি হাসিলে আমাক ॥৪৮
শিশুমতি হুয়া তাক প্ৰতি কৰে সাস ।
হেনসে ইহাৰ জানকীক ভৈল আশ ॥৪৯
বিশ্বামিত্ৰ মুনি শুনি চপৰাইলা মাথ ।
জানো ধনু ভাঙ্গিবে না পাৰে ৰঘুনাথ ॥৫০
অসুখ অশান্তি আতি মনত সীতাৰ ।
হৰি হৰি বিধি সিদ্ধি ন ভৈল আমাৰ ॥৫১
হাসিয়া চলন্ত ৰামচন্দ্ৰ মহাবল ।
প্ৰত্যেক ভৰিত মহী কৰে টলবল ॥৫২
প্ৰমত্ত কেশৰী যেন যান্ত মহাশয় ।
দেখি ৰাজাগণ ভৈল পৰম বিস্ময় ॥৫৩
গুচিল সবাৰ হাসি বিবৰ্ণ বদন ।
সীতা গোসানীৰ মন ভৈগৈল প্ৰসন্ন ॥৫৪
ধনুৰ নিকটে গৈয়া চাপিলন্ত ৰামে ।
কৰে চিকি মিকি সুবৰ্ণৰ চিত্ৰ কামে ॥৫৫
বাম হাতে লীলায়ে ধৰিলা ধনুখান ।
ক্ষেপিলন্ত আকাশক কতোদূৰ মান ॥৫৬
পুনু ৰাম হাতে ধৰি পৰম নিপুণ ।
নিমিষেকে ধনুত লগাইলা ৰামে গুণ ॥৫৭
আগত থাপিলা নিয়া তুলি বাম ভৰি ।
দিলা টান গুণত দক্ষিণ পাচ কৰি ॥৫৮
টানন্তে ধনুৰ আগ পাচ নামি আইল ।
দেখি সবে ৰাজাগণ মাথা চপৰাইল ॥৫৯
বিশ্বামিত্ৰ মাথা তুলিলন্ত হাস্য কৰি ।
ৰামৰ ভৰত থিৰ নুহি বসুন্ধৰী ॥৬০
ধনু টানিবাৰ দেখি হৰিষ সীতাৰ ।
পৃথিবী কম্পিতে চিন্তা ভৈল আৰ বাৰ ॥৬১
ভৰি থিৰ ন ভৈলে ন পাইবে বল গাৱে ।
পৃথিবীক কাতৰ কৰিলা সীতা মাৱে ॥৬২
মাতৃ বসুমতী কৃপা কৰিয়োক মোক ।
থিৰ হুয়া প্ৰভু ৰাঘৱক ধৰিয়োক ॥৬৩
দিগগজ সকল তুমি সবে হৈবা থিৰ ।
শুনিয়ো অনন্ত তুমি ন লাৰিবা শিৰ ॥৬৪
হে কুৰ্ম্ম ভালে অনন্তক ধৰি ৰহা ।
দিগপাল সকল স্বামীৰ হৈব সহা ॥৬৫
এহি মতে সীতা হুয়া আছন্ত আকুল ।
পাচে ৰামচন্দ্ৰ জগতৰ আদি মূল ॥৬৬
গুণগাচ এৰি দিয়া টঙ্কাৰ কৰিলা ।
প্ৰচণ্ড শবদে আতি ব্ৰহ্মাণ্ড লৰিলা ॥৬৭
দশোদিশ ব্যাপি প্ৰতিধ্বনি গৈল বৰে ।
ত্ৰাস ভৈল সৰ্ব্বজনে বোলে বজ্ৰ পৰে ॥৬৮
সাতোখান স্বৰ্গ বাৰম্বাৰ লৰি গৈল ।
সপ্তদীপা বসুমতী টলবল ভৈল ॥৬৯
কাখৰ লঙ্ঘিল সাতো সাগৰ খলকি
জলজন্তু ভৈল ত্ৰাস প্ৰলয়ক শঙ্কি ॥৭০
দিগগজ সকল কম্পে তৰতৰিমনে ।
মহাত্ৰাসে কম্পিল পাতাল সাতোখন ॥৭১
কম্পিলন্ত অনন্ত যতেক নাগগণ ।
কূৰ্ম্ম কম্পি ফোকাৰ তেজয় ঘনে ঘন ॥৭২
মেৰু আদি কম্পিল যতেক গিৰিবৰ ।
ভয় হুয়া কম্পে আতি দেৱাসুৰ নৰ ॥৭৩
চৰাচৰ লোক কম্পি কম্পি লৈল থাই ।
সমাজৰ লোকৰ চেতন জ্ঞান নাই ॥৭৪
কৰ্ণত হানিলা তাল হৃদয় শুকাইল ।
পাচে কতোক্ষণে কথমপি ধাতু আইল ॥৭৫
পাচে ৰামে গুণত ধৰিয়া বল দিল ।
ঠাত্কাৰ কৰি ধনু মাজতে ভাঙ্গিল ॥৭৬
পুনৰপি প্ৰকম্পিত ভৈল ত্ৰিভবন ।
প্ৰলয় মিলিল হেন বোলে সৰ্ব্বজন ॥৭৭
মিথিলাৰ লোকমানে ভৈল পূৰ্ব্বৱত ।
চেতন লভিয়া পাচে ৰাজাগণ যত ॥৭৮
ৰামক নিৰখি মহাভয় চিত্ত ভৈল ।
হেট মাথে চক্ষু মুদি মৰা যেন ৰৈল ॥৭৯
ত্ৰাসত হৃদয় কম্পে বুদ্ধি নোহে থিৰ ।
মনে বোলে নতু দেখি শুনি হেন বীৰ ॥৮০
জানিলোঁহো এন্তে ৰাম মানুষ নোহয় ।
দেৱতো উত্তম দেৱ হেন মনে লয় ॥৮১
ৰামচন্দ্ৰে ধনুখান ভাঙ্গি অপ্ৰয়াসে ।
হাসি বসিলন্ত গৈয়া বিশ্বামিত্ৰ পাশে ॥৮২
ধৰিয়া ৰামক বিশ্বামিত্ৰ মুনিবৰ ।
চুম্বন কৰিয়া প্ৰশংসিলা বহুতৰ ॥৮৩
ধন্য ৰামচন্দ্ৰ তুমি বিক্ৰম তোমাৰ ।
ৰহিল নিৰ্ম্মল যশ জুৰিয়া সংসাৰ ॥৮৪
ধনু ভাঙ্গিলন্ত ৰামচন্দ্ৰ মহাশয় ।
আনন্দে নধৰে সীতা দেবীৰ হৃদয় ॥৮৫
পৰম প্ৰেমত নীৰ বহে নয়নৰ ।
সুপ্ৰসন্ন বিধি বুলি উঠিলা সত্বৰ ॥৮৬
সুবৰ্ণৰ পুষ্প মালা হাতে তুলি লৈলা ।
বিষ্ণুক বৰিবে যেন লক্ষ্মী সাজ ভৈলা ॥৮৭
সখীগণ মাজহন্তে বাজ ভৈলা সতী ।
হৰৰ পাশক যেন চলিলা পাৰ্ব্বতী ॥৮৮
দিশ পাশ প্ৰকাশিয়া শৰীৰ জ্বলয় ।
গজেন্দ্ৰৰ পাশে যেন হস্তিনী চসয় ॥৮৯
ৰাজহংস জিনি আতি গতি লয় লাস ।
চলি যান্ত ৰতি যেন মদনৰ পাশ ॥৯০
ৰাঘৱৰ নিকট চাপিয়া বৰবালা ।
সাদৰে মাথাত দিলা সুবৰ্ণৰ মালা ॥৯১
বৰিল ৰামক আনন্দৰ নাহি পাৰ ।
চৰণত ধৰি কৰিলন্ত নমস্কাৰ ॥৯২
দেখি ৰামচন্দ্ৰে পাচে সীতাক আশ্বাসি ।
আপোনাৰ পাশক চপাইলা প্ৰভু হাসি ॥৯৩
প্ৰকাশন্ত সীতা সতী ৰাঘৱৰ পাশে ।
চন্দ্ৰৰ পাশত যেন ৰোহিনী আকাশে ॥৯৪
লক্ষ্মী নাৰায়ণ দুই ভৈল এক থান ।
জগতৰ ভৈল আসি পৰম কল্যাণ ॥৯৫
সমস্ত লোকৰ ভৈল পৰম মঙ্গল ।
জয় জয় বুলি জোকাৰন্ত সৰ্ব্বজন ॥৯৬
আকাশত থাকি দেৱগণ অসংখ্যাত ।
পুষ্প বৰিষিলা ৰাম সীতাৰ মাথাত ॥৯৭
দুন্দভি বজায়া দেৱে কৰে জয় জয় ।
মুখ্য মুখ্য অপেচৰা কাছিয়া নাচয় ॥৯৮
ত্ৰিজগত লোকৰ মিলিল মহোত্সৱ ।
দশোদিশ ছানি মাত্ৰ শুনি জয় ৰাৱ ॥৯৯
সাৰ্থক লভিল বৰ মাৱ সীতা সতী ।
ভৈলন্ত আনন্দ আতি জনক নৃপতি ॥১০০
ৰাজাগণে দেখে সীতা ৰামক বৰিল ।
বজ্ৰপাত ভৈল যেন সম্যকে মৰিল ॥১০১
সীতাক চাহিয়া সবে তেজিল নিশ্বাস ।
কি কাৰণে বৰিষেক খাটিলোঁ প্ৰবাস ॥১০২
সীতাত নৈৰাশ হুয়া যত ৰাজাচয় ।
মহা মৰ্ম্মে সবে তেজিলেক লাজ ভয় ॥১০৩
কোপে অপমানে আতি প্ৰজ্বলিত ভৈল ।
জনক ৰাজাক আতি গৰ্জ্জিবাক লৈল ॥১০৪