অপুত্ৰক দশৰথৰ চিন্তা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায়
- অপুত্ৰক দশৰথৰ চিন্তা
- অপুত্ৰক দশৰথৰ চিন্তা
সাত শত ভাৰ্য্যা বিহা কৰিলা নৃপতি ।
নভৈল কাহাতো হন্তে পুত্ৰ উতপতি ॥১
মহা মন দুখে বসি গুণে মহাশয় ।
নভৈল সন্তত্ কৰোঁ কিমত উপায় ॥২
নেৰাইলোঁহো মই পিতৃ দেৱতাৰ ঋণ ।
নৰহিল বংশ মোৰ ভৈলোঁ ধৰ্ম্মহীন ॥৩
এহিমতে নৃপতি চিন্তন্ত দিনে ৰাতি ।
পাচে বশিষ্ঠক ৰাজা অনাইলন্ত মাতি ॥৪
আনো মুনি সমস্তক মাতিয়া আনিল ।
সবাহাতে আপোনাৰ দুখ নিবেদিল ॥৫
নভৈল আমাৰ পুত্ৰ শুনা মুনিগণ ।
মিছা ৰাজ্যভোগ মোৰ নিষ্ফল জীৱন ॥৬
শ্ৰাদ্ধ তৰ্পণ যজ্ঞ কৰোঁ অপৰ্য্যন্ত ।
অপুত্ৰক দেখি দেৱ পিতৃ নলৱন্ত ॥৭
যত যজ্ঞ পিতৃকৰ্ম্ম কৰোঁ নিতে নিত ।
বিষ্ঠাত অধিক বুলি নলৱে কিঞ্চিচ ॥৮
পুত্ৰৰ নিমিত্তে যজ্ঞ কৰিলো বিস্তৰ ।
নাহি পুত্ৰ সিও ব্যৰ্থ ভৈল নিৰন্তৰ ॥৯
বহুকালে মোক অন্ধ মুনি শাপ দিল ।
সিও শাপ মোত এতকালে নফলিল ॥১০
মুনিৰো বচন ব্যৰ্থ ভৈল মোৰ ঠাই ।
আছোক পুত্ৰৰ শোক দৰশন নাই ॥১১
হেন শুনি নৃপতিকত পুছিলা বশিষ্ঠ ।
কেন বুলিলন্ত মুনি কহাঁ মোত নিষ্ঠ ॥১২
ৰাজাই বোলন্ত মুনি শুনা কহোঁ সাৰ ।
গৈলোঁ ঘোৰ অৰণ্যক মৃগ মাৰিবাৰ ॥১৩
মুনিপুত্ৰে জল ভৰে তাহাক নাজানি ।
প্ৰহাৰিলোঁ শৰ হস্তী হেন মনে মানি ॥১৪
সেহি শৰে সিন্ধু মুনি তেজিলন্ত প্ৰাণ ।
দেখি গৈয়া ভৈলোঁ মই মৃতক সমান ॥১৫
অন্ধকৰ পাশে পাচে গৈলোঁ শৱ লৈয়া ।
সকল বৃত্তান্ত তান্ত নিবেদিলোঁ গৈয়া ॥১৬
পুত্ৰৰ সন্তাপে মুনি শপিলন্ত মোক ।
মৰিবি নৃপতি তই পায়া পুত্ৰ শোক ॥১৭
পুছিলোঁ হৰিষে মই তান শাপ শুনি ।
কেমনে হৈবেক পুত্ৰ কৈয়ো মহামুনি ॥১৮
ঋষ্যশৃঙ্গে যজ্ঞ আসি কৰাইবে তোমাক ।
তেবে পুত্ৰ হৈব মুনি বুলিলন্ত বাক ॥১৯
অন্ধকৰ কথা যত কহিলোঁ বশিষ্ঠ ।
কোথা আছে ঋষ্যশৃঙ্গ নাজানোহো নিষ্ঠ ॥২০
আৰু এক কথা কহোঁ শুনিয়ো সম্প্ৰতি ।
দুৰ্ব্বসা ঋষিক পাই কৰিলোঁ ভকতি ॥২১
পুছিলোঁহো কৃতাঞ্জলি তাহাৰ আগত ।
জানা মহামুনি তুমি ভূত ভবিষ্যত ॥২২
হৈবেক আমাৰ কিবা পুত্ৰ উতপতি ।
বুলিলন্ত মুনি চিন্তা নকৰাঁ নৃপতি ॥২৩
মহামুনি ঋষ্যশৃঙ্গ বিভাণ্ড তনয় ।
তাঙ্ক আনি যজ্ঞ কৰিয়োক মহাশয় ॥২৪
তেবে আসিবন্ত হৰি চাৰি ৰূপ ধৰি ।
তোমাৰ গৃহত উপজিব নিষ্ঠ কৰি ॥২৫
হেন শুনি ভৈল মোৰ হৰিষ মনত ।
কহিলোঁ সকলো কথা তোমাৰ আগত ॥২৬
বশিষ্ঠে বোলন্ত শুনা নৃপতি প্ৰস্তুত ।
নৃত্যগীত প্ৰিয় সিটো বিভাণ্ডৰ সুত ॥২৭
মোদকৰ নামে যেন মৰিয়া জীৱন্ত ।
গীত শুনি মুনি যেন অমৃত পিৱন্ত ॥২৮
দেখিতে ছৱাল মুনি বিষ্ণু অৱতাৰ ।
চাৰি বেদ শাস্ত্ৰ তান কণ্ঠত প্ৰচাৰ ॥২৯
প্ৰহৰেক মাত্ৰ কৰে সন্ধ্যাক বন্দন ।
ছৱালৰ থানে ক্ৰীড়া কৰে সৰ্ব্বক্ষণ ॥৩০
আনাহা গায়ক যাৰ সুৰ সুললিত ।
সুস্বাদ সন্দেশ লাড়ু লৌক যথোচিত ॥৩১
সুস্বৰে পঞ্চম কন্যাগণে গাওক গীত ।
শুনি বিমোহিত আতি হৈব তান চিত্ত ॥৩২
মোদক সন্দেশ দিবা সেহি সময়ত ।
দেখাইবেক ৰতি ৰস তাহান আগত ॥৩৩
শিশু মুনি গীত সন্দেশৰ স্বাদ পাই ।
আসিব আমাৰ স্থানে এৰি নিজ ঠাই ॥৩৪
এহিমত উপায়ে মুনিক আনিয়োক ।
ৰচিলা মাধৱে হৰি হৰি বুলিয়োক ॥৩৫