পাতালত সীতা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৪ অধ্যায়
পাতালত সীতা ।
- পদ ।
তেজিয়ো সন্তাপ বাপ হোৱা সন্ধুক্ষণ ।
আউৰ দুনাই দুৰ্ল্লভ সীতাৰ দৰিশন ॥১
পৰম বৈৰাগ্যে আসি পশিলা পাতাল ।
সিটো প্ৰাণ পুত্ৰ দুইকো কৰাঁ প্ৰতিপাল ॥২
আউৰ জানকীৰ হন্তে পৰিহৰাঁ চিন্তা ।
ইটো অৱতাৰত নপাইবাঁ বাপ সীতা ॥৩
কল্যাণে আছন্ত ঐত আই সীতা সতী ।
পাতালৰ লোকে পূজৈ পৰম ভকতি ॥৪
গন্ধে পুষ্পে ধূপে যেন বিধি ব্যৱহাৰ ।
স্বৰ্গত ত্ৰিদশে আসি কৰন্ত সৎকাৰ ॥৫
সাধে ইষ্ট বৰ আসি গোসাঁনীক সেবি ।
সাতো পাতালৰ সীতা ভৈলা মুখ্যা দেবী ॥৬
তেজিয়োক শোক সিটো সীতাৰ নিমিত্তে ।
সিটো সুভানিতা দুই পুত্ৰক দেখন্তে ॥৭
বাল্মীকিৰ কৃত ৰামায়ণ যেন বেদ ।
তাৰ কথা শুনি সবে পাইবা পৰিছেদ ॥৮
তুমি নতো হন্তে সিটো শাস্ত্ৰ ভৈল আগে ।
অবশ্যে হইবেক যেন যেন হৈবে লাগে ॥৯
পাতালপুৰৰ পৰা সম্পজিল বাণী ।
শুনি ৰামচন্দ্ৰে তাক মনে অনুমানি ॥১০
বাল্মীকিক বুলিলন্ত কৰিয়া প্ৰণতি ।
কালিসি শুনিবোঁ কথা থাকোক সম্প্ৰতি ॥১১
বিসৰ্জিলা সভা উঠি আসনৰ হন্তে ।
প্ৰাণ ফুটি যাই দুই পুত্ৰক দেখন্তে ॥১২
শুতিলা শয্যাত দুই পুত্ৰ গলে ধৰি ।
লোতকে পাঞ্জৰি ভিজে সীতাক সুমৰি ॥১৩
ফোকাৰন্ত নিশ্বাস নাহিকে চিত্ত শান্ত ।
স্বপনতো সীতা সীতা বুলিয়া চেঞ্চান্ত ॥১৪
উঠন্তে বৈসন্তে ভৈল সুপ্ৰভাত ৰাতি ।
হৈৱা শুচি সঞ্জন বসিলা সভা পাতি ॥১৫
শুনিলন্ত উত্তৰাকাণ্ডৰ কথা শেষ ।
ভৈলা যেন মতে সীতা পাতালে প্ৰবেশ ॥১৬
বিহ্বল ভৈলন্ত যেন মতে ৰঘুপতি ।
আসি বুজাইলন্ত যেন মতে প্ৰজাপতি ॥১৭
পাতাল পুৰৰ হন্তে নিকলিল বাণী ।
দিলন্ত প্ৰবোধ যেন পৃথিবী গোসাঁনী ॥১৮
ৰাঘৱৰ আগত সকলে কথা গাইল ।
শুনি বিপৰীত ৰাম কিঞ্চিত জুৰাইল ॥১৯
আউৰ গাইবে চাহন্তে বাল্মীকি দিলা হাক ।
নুশুনিবা ৰামচন্দ্ৰ পাছৰ কথাক ॥২০
শুনিয়া লোকৰ উতপাত হৈব চিত্ত ।
ঋষিৰ নিৰোধে দুয়ো তেজিলন্ত গীত ॥২১
ৰাম নতো হন্তে ৰামায়ণ ভৈল গীত ।
হেন কথা শুনিয়া সমাজে আচৰিত ॥২২
সাধু সাধু বাল্মীকি তুমিসি মহা ঋষি ।
প্ৰশংসিলা দশো দিশি তাহাঙ্ক হৰিষি ॥২৩
ৰামকো বুজাইলা বেঢ়ি ভাতৃ মন্ত্ৰী লোক ।
নপলাই ৰামৰ সীতাৰ সিটো শোক ॥২৪
সুমৰন্তে জানকীক ফুটে যেন প্ৰাণ ।
হাত ফোট নুগুচে নুৰুচে অন্নপান ॥২৫
দুঃখ মনে সদায় থাকন্ত গুনি গান্থি ।
আউৰ দুনাই নভৈল ৰামৰ সুখ শান্তি ॥২৬
আপদৰ উপৰি আপদ তান ভৈল ।
এহি মানে পাতালীখণ্ডৰ কথা গৈল ॥২৭
শুনা সৰ্ব্বজনে ইটো ৰামায়ণ পদ ।
হেন জানা গৃহবাস পৰম আপদ ॥২৮
ৰামৰ সীতাৰ ভৈলা এনুৱা বিলাই ।
কাৰো সুস্থ নাহি চাৱা মনে অবসাই ॥২৯
আসম্বাত ধন জন জীৱন যতেক ।
এই আছে এই নাই সম্যেকে তাটেক ॥৩০
যত বন্ধু বান্ধৱ আগতে গৈল মৰি ।
তথাৰি নুপুজৈ ভয় ইহাক সুমৰি ॥৩১
নিচিন্তি নথাকা কালে ধৰিলেক পৰা ।
যেবে নিস্তৰিবা হৰি ভকতিক ধৰাঁ ॥৩২
পৰলোক বান্ধৱ পৰম হৰি নাম ।
জানি আন এৰি বেঢ়ি বোলাঁ ৰাম ॥৩৩