ৰামৰ ৰাজসভাত সীতা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২০ অধ্যায়
- পদ ।
ৰামৰ ৰাজসভাত সীতা ।
আত অনন্তৰে যেন মিলিল অৱস্থা ।
শুনা সবে একমনে ৰামায়ণ কথা ॥১
আছন্ত ৰাঘৱ যেবে দিব্য সভা পাতি ।
আনন্ত সীতাক বাল্মীকিয়ে বুলি থাতি ॥২
ঋষিৰ বচন দেবী বাধিতে নপাৰি ।
ধীৰে ধীৰে চলি যান্ত জনক জীয়াৰী ॥৩
আগ ভৈলা বাল্মীকি পাছত যান্ত সীতা ।
লাজে অপমানে মাৱ তনু সঙ্কুচিতা ॥৪
শিলিখা বোলোৱা বস্ত্ৰে অঙ্গ ঢাকি ঘূৰি ।
আগক নবাঢ়ে ভৰি নেন্তসে আজুৰি ॥৫
লাজে অপমানে যেন গাৱতে লুকান্তি ।
ঋষিৰ আক্ৰোসে সমজ্যাক লাগি যান্তি ॥৬
নয়ন পুতলী যেন সুকোমল কায়ী ।
প্ৰত্যেক ভৰিত যেন ৰুধিৰ বজাই ॥৭
মহা পতিব্ৰতা সীতা শান্তী সুচৰিতা ।
অধোমুখে যান্ত চলি নচাই একো ভিতা ॥৮
আনে আসি দেখন্তে মাৱৰ বৰ লজ্জা ।
আসন্ত জানকী জানি উভতিল প্ৰজা ॥৯
সমস্তৰে আনন্দ আকুল ভৈল চিত্ত ।
লৱৰই নৰনাৰী সীতাক দেখিত ॥১০
অন্তেষ পুৰত যত আছিল সুন্দৰী ।
ভৈলা বাজ সবে কৌশল্যাক আগ কৰি ॥১১
অসংখ্য সীতাৰ দাসী ৰঙ্গে যান্ত চলি ।
পুহাইল আমাৰ সবে আসন্ত গোসাঁনী ॥১২
উৰুক মুৰুক কৰি যাই লৱৰন্তে ।
থিৱয়ে শুকাইল গই সীতাক দেখন্তে ॥১৩
কান্দে নৰ নাৰী অৱস্থাক চাই চাই ।
নয়নৰ নীৰ ধাৰাসাৰে বহি যাই ॥১৪
হৰি হৰি জগত জননী শান্তি আই ।
তোমাৰ কৰিলে বিধি হেনসে বিলাই ॥১৫
কিয় জীওঁ জানকীৰ দেখি হেন দুখ ।
কান্দে হুমহুমি প্ৰজা হুয়া অধোমুখ ॥১৬
কণ্ঠৰ নোলাই বাক্য শোকে গদগদ ।
চলৈ নৰনাৰী দুই শাৰি নিশবদ ॥১৭
আতিশয় দহে দেহা দেবীৰ দুখত ।
হাত ফোত মাত্ৰ শুনি লোকৰ মুখত ॥১৮
কাহাকো নচান্ত সীতা শান্তী মাথা তুলি ।
চৰি যাই অধিকে হিয়াৰ গুলগুলি ॥১৯
কাকো একো ভাল মন্দ নেদন্ত সিদ্ধান্ত ।
মহাদুখে অধোমুখে মাৱ চলি যান্ত ॥২০
অমৃত মথন্তে যেন লক্ষ্মী উপজিলা ।
বিষ্ণুক বৰিবে পিতৃ সহিতে লৰিলা ॥২১
বাল্মীকিৰ পাছত তেহ্ণয় মত সীতা ।
লাসে লাসে চলন্ত ৰামৰ বিবাহিতা ॥২২
নেৰে নৰনাৰী আউৰ জানকীৰ পাশ ।
কতোক্ষণে পাইল গৈয়া সমজ্যাৰ কাষ ॥২৩
বাল্মীকি সহিতে উঠিলন্ত সভাশালা ।
মেৰুত উদিত যেন চন্দ্ৰমাৰ কলা ॥২৪
বাল্মীকিক দেখি আসনৰ উঠি ৰাম ।
কৰিলা সাদৰে জানু পাৰিয়া প্ৰণাম ॥২৫
ঋষিয়ো উচ্চৰি বেদমন্ত্ৰ তুলি নাদ ।
ৰাঘৱক দিলন্ত তুলসী আশীৰ্ব্বাদ ॥২৬
ৰামে নম্ৰভাৱে লালা দুয়ো হাত পাতি ।
থাকিলন্ত সীতা পাছে হুয়া এক কাতি ॥২৭
মাথাত ওহৃনি লাজে চপৰায়া মাথ ।
বাল্মীকি বোলন্ত বাপ শুনা ৰঘুনাথ ॥২৮
বশিষ্ঠ প্ৰমুখ্যে আছা সবে সামাজিক ।
ৰামৰ চৰণে আনি দিলোঁ জানকীক ॥২৯
যেনে তেনে আনিলোঁ প্ৰবোধ বুলি বাক ।
যেন লাগে দিয়ো আবে পৰীক্ষা সীতাক ॥৩০
মহা পতিব্ৰতা সতী জনক জীয়াৰী ।
কিঞ্চিতেকো আন্ত ছিদ্ৰ নপাইবা বিচাৰি ॥৩১
পৰম নিষ্পাপ দেহা দেখি হৰে পাপ ।
মিছাত কলঙ্ক আঙ্ক দিয়া হৃদি তাপ ॥৩২
স্বপনত আন নাই ৰাঘৱত পৰে ।
হেন নতো শুনো শান্তী ত্ৰৈলোক্য ভিতৰে ॥৩৩
উৰ্দ্ধ বাহু কৰি বোলো শুনিয়ো সমাজে ।
কৰিবো শপত আজি জানকীৰ কাযে ॥৩৪
কৌটি জন্মে যতেক কৰিলো সদকৰ্ম্ম ।
ইয়ো জন্মে যত আচৰিলো তপ কৰ্ম্ম ॥৩৫
ধৰি আছো ব্ৰত যিবা কৰি কায় কষ্ট ।
সীত দোষী হন্ত যেবে সিয়ো হৱে নষ্ট ॥৩৬
সত্য কৰি আবে বোলাঁ সমাজিকে শুন ।
মোৰ উৰ্দ্ধ পুৰুষে কৰিলে যিটো পুণ্য ॥৩৭
কৰিলো সুকৃতি পিতৃ দেৱতাক তুষি ।
সিয়ো নষ্ট হোৱে যেৱে সীতা হন্ত দোষী ॥৩৮
তপৰ প্ৰভাবে জানো ভূত ভৱিষ্যত ।
মোত আঁৰ কৰন্তা নাহিকে ত্ৰৈলোক্যত ॥৩৯
কহিলো স্বৰূপ ৰাম আগত তোমাৰ ।
যেন লাগৈ কৰাঁ আবে আপুনি বিচাৰ ॥৪০
হেন শুনি জয় জয় কৰন্ত সমাজে ।
ধন্য ধন্য শান্তী সীতা দেৱ বাদ্য বাজে ॥৪১
আকাশৰ পৰা পুষ্প বৰিষিলা মাথে ।
কৰযোৰে ঋষিক বুলিা ৰঘুনাথে ॥৪২
মইতো জানো শান্তী সীতা পৰম নিষ্পাপ ।
দুৰ্জ্জনৰ অপবাদে দেউ হৃদি তাপ ॥৪৩
সম্বৰিবো সীতা তেবে সভাৰ সন্মতে ।
লক্ষেক পৰীক্ষা ভৈল তোমাৰ শপতে ॥৪৪
ত্ৰিজগতে জানিলে সীতাত শঙ্কা নাই ।
আবে সবে দুষ্টৰে পৰিল মুখে ছাই ॥৪৫
এহি বুলি আপুনি আসন দিলা পাৰি ।
বসিলন্ত বাল্মীকি ঋষিৰ গৈয়া সাৰি ॥৪৬
ৰামে দেখিলন্ত পাছে জানকীৰ ক্লেশ ।
শিলিখা বোলোৱা বস্ত্ৰ তাপসীৰ বেশ ॥৪৭
ফল মূল আহাৰে শৰীৰ কৃশ আতি ।
দেখি হৃদি দগধ তবধ ৰঘুপতি ॥৪৮
অৱস্থা দেখিয়া আসে উভতি ক্ৰন্দন ।
ধৈৰ্য্য ধৰিলন্ত তাক কৌশল্যা নন্দন ॥৪৯
বহয় লোতক নয়নৰ ঝৰঝৰি ।
আথাকে মোচন্ত তাক হাতে বস্ত্ৰ ধৰি ॥৫০
কান্দন্ত সমাজে দেখি সীতাৰ নিকাৰ ।
দেৱ ঋষি লোকে সবে কৰে হাহাকাৰ ॥৫১
কতনো এৰাইলে মাৱ মৰণৰ ঘাট ।
ৰামৰ সীতাৰ আৱে খণ্ডিল ললাট ॥৫২
এহি বুলি সবে লোকে কৰৈ কানাকানি ।
সুস্থ হুয়া পাছে ৰঘুবংশ শিৰোমনি ॥৫৩