ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৪ অধ্যায়
ৰামচন্দ্ৰৰ বিদায় প্ৰাৰ্থনা
চেতন লভিয়া শোকে কৈকেয়ীক চাইল ।
ৰোগযুত গজে যেন সিংহ ভেট পাইল ॥১
কাল ৰাতি শুনিবি কৈকেয়ৰাজ জীৱ ।
ৰাম বন গৈল মই তেজিবোঁহো জীৱ ॥২
তোৰ পুত্ৰ কেন মতে কৰিবেক ৰাজ ।
ছৱাল চৰিত্ৰ কিছু নাবুজয় কাজ ॥৩
মধুফল আশায়ে সেবিলোঁ বৃক্ষমূল ।
ফলকালে ভৈল সিয়ো শিমলীৰ তুল ॥৪
বিবিধ কালত হেন নিকাৰুণ ভৈলে ।
মুখৰ গৰাস মোৰ তাকো কাঢ়ি লৈলে ॥৫
এবেসে জানিলোঁ তোক কেনে পতিব্ৰতা ।
মোহোৰ ৰুধিৰ পান কৰিতে শকতা ॥৬
জন্মে জন্মে হোৱে যেন তোৰ সদগতি ।
ৰাজ্যলোভে বধ কৈলে মই হেন পতি ॥৭
কীৰ্ত্তি কৰ্ম্ম ধৰ্ম্ম মনে সবে পৰিহৰি ।
অনাথ কৰিলি তই অযোধ্যা নগৰী ॥৮
হায় ! প্ৰিয় পুত্ৰ মই পৰিহৰোঁ কিক ।
স্ত্ৰীৰ অধীন মোক আছো ধিক ধিক ॥৯
প্ৰতিপল কৰে মোক সুভাষিত ৰাম ।
তিনিয়ো ত্ৰৈলোক্য যাক নাহিকে উপাম ॥১০
হা বিধি মই আবে কৰিলোহো কিস্ ।
পাপিষ্ঠীয়ে ঢালিলন্ত অমৃতত বিষ ॥১১
পাপিষ্ঠ নিষ্ঠুৰ মই ভৈলো স্ত্ৰীৰ বশ ।
ৰামক বনক পঠাই পাইলোঁ অপযশ ॥১২
কিনো অধোগামী তই পাপিষ্ঠী দাৰুণী ।
বিহতা স্বামীত কেনে ভৈলি নিকৰুণী ॥১৩
বিলাপ কৰন্তে যেবে আছে মহাৰথ ।
হাত যোৰে সুমন্ত্ৰ আগত উপগত ॥১৪
শ্ৰীৰাম লক্ষ্মণ সীতা দুৱাৰত থিত ।
বনে যাইতে আসিলন্ত চৰণ দেখিত ॥১৫
কান্দি ৰাজা সুমন্ত্ৰক বুলিলন্ত বাণী ।
মহাদই সমস্তক মিলায়োক আনি ॥১৬
পৰিছেদা দেখন্তোক ৰাম পুত্ৰ মুখ ।
ৰাম বন গৈলে অন্তৰ্গতে পাইব দুখ ॥১৭
ৰাজাৰ আদেশে মন্ত্ৰী গৈলা অভ্যন্তৰে ।
নিৰন্তৰে নাৰীগণ মিলাইলা সত্বৰে ॥১৮
বসিলা ৰাজাক বেঢ়ি ৰমণী সকলে ।
চন্দ্ৰক বেড়িয়া যেন তাৰাগণ জ্বলে ॥১৯
দেৱতা ভূষিত যত সুন্দৰী সমাজ ।
অপেচৰা বেঢ়িলে যেহেন দেৱৰাজ ॥২০
সুমন্ত্ৰয়ো নৃপতিৰ বচন প্ৰমাণি ।
ৰাম সীতা লক্ষ্মণক ভেটাইলন্ত আনি ॥২১
বাপক দেখিলা হেন সিংহাসন থিত ।
উদয় গিৰিত যেন জলন্ত আদিত্য ॥২২
কৈকেয়ী কৌশল্যা দুয়ো আছন্ত দুই ভিতি ।
কাশ্যপক বেঢ়ি যেন দিতি যে অদিতি ॥২৩
দশৰথ আছে কন্যাগণৰ মাজত ।
হস্তনীগণৰ মাজে যেন ঐৰাৱত ॥২৪
ৰামক দেখিয়া ৰাজা চালিলন্ত গাৱ ।
সাবটি ধৰিতে লাগি বঢ়াইলন্ত পাৱ ॥২৫
শোকে শিহৰিল গাৱ নপাইলন্ত উলি ।
ঢলিয়া পৰন্তে ৰামে ধৰিলন্ত তুলি ॥২৬
শ্ৰীৰাম লক্ষ্মণে নিয়া থাপিলা আসনে ।
তিনিহন্তে কান্দিলা বিষাদ কৰি মনে ॥২৭
বিচিলন্ত আনেক চামৰ ধৰি হাতে ।
সুশীতল জল আনি ঢালিলন্ত মাথে ॥২৮
কৌশল্যাক প্ৰমুখ্যে ৰামৰ শত মাৱ ।
হা প্ৰাণ প্ৰভু বুলি তেজিলন্ত ৰাৱ ॥২৯
হৰি হৰি বিধি কত কৰিলে সঙ্গতি ।
দশৰথ নৃপতিৰ হেন সে বিপতি ॥৩০
সুখৰ ভিতৰে কেনে মিলিল অপায় ।
বন্ধুচ্ছেদ কৰি ৰামে বনবাসে যাই ॥৩১
কহি যাইবে সীতা আই সৰ্ব্বাঙ্গে সুন্দৰী ।
কৈক যাহা লখাই বাপ দেশ পৰিহৰি ॥৩২
বিনাশ মিলিল আসি অযোধ্যা নগৰী ।
কৈক যাইবে ৰামাই মোক অনাথিতি কৰি ॥৩৩
কতোবেলে নৃপতিৰ আসিলেক জীৱ ।
কৰ যোৰে শ্ৰীৰাম আগত ভৈলা থিৱ ॥৩৪
তৱ সত্য পালিয়া চলিবোঁ বনমাজ ।
শুভ দৃষ্টি চাহি আজ্ঞা দিয়ো মহাৰাজ ॥৩৫
লক্ষ্মণ সীতাক মই বুলিলোঁহো ভাৱ ।
গ্ৰহ কৰি তেজিলন্ত আপোনাৰ ঠাৱ ॥৩৬
পলটাইতে নপাৰিলোঁ কৰিবোহোঁ কিস ।
তিনিহন্তে চলিলোহোঁ দিয়োক আশীস ॥৩৭
জগতৰ নাথে এই বুলি বহিলন্ত ।
মাথা তুলি পাচে দশৰথে বুলিলন্ত ॥৩৮
স্ত্ৰীজন বঢ়াই বৰ ভৈলোহোঁ হতাশ ।
কৈকেয়ীক বৰ দিয়া চিন্তিলোঁ বিনাশ ॥৩৯
জন্মে জন্মে মই কৰিলোহোঁ মন্দকৰ্ম্ম ।
জ্যেষ্ঠ পুত্ৰ বনে যাই কোন যোগ্যধৰ্ম্ম ॥৪০
অযোগ্য কৰিয়া গলে সত্য পাশে ধৰি ।
ৰাজ্য ভাৰ লৱয় নিগ্ৰহ মোক কৰি ॥৪১
দশৰথে বোলে শুনা হৃদয় নন্দন ।
এৰি যাইবে মোহোক বিকল কৰে মন ॥৪২
তুমি এৰি গৈলে মোৰ নাহিকে জীৱন ।
দুখ ভাগ লৈহোঁ মোক লৈয়া চল বন ॥৪৩
প্ৰদক্ষিণ কৰি ৰামে বুলিলন্ত বাণী ।
আমাৰ জীৱন যেন পদ্মপত্ৰ পানী ॥৪৪
পিতৃদেৱ তোমাৰ সত্যক ৰক্ষা কৰি ।
নিশ্চয়ে চলিবোঁ বন ৰাজ্য পৰিহৰি ॥৪৫
ধৰ্ম্মপথ ৰাখোঁ মোত তেজিয়োক স্নেহ ।
সত্যকে পালন কৰো দৃঢ় কৰা দেহ ॥৪৬
পুত্ৰ সঙ্গে ৰাজাৰ যাইবাক নোহে যাগ ।
বন্ধুজন পালি কৰিয়োক ৰাজভোগ ॥৪৭
দশৰথে বোলে ৰাম কুলৰ নন্দন ।
মাৱক বাপক বোলাঁ আশ্বাস বচন ॥৪৮
মাৱৰ বাপৰ পুত্ৰ সৰ্ব্বকালে ছোট ।
মাজ কৰি গলে বান্ধি থাকোঁ ৰাতিগোট ॥৪৯
ৰাজায়ে বোলন্ত ৰাম বুজিলোহোঁ চিত ।
এক বোল বোলোঁ তাক দেখিয়োক হিত ॥৫০
আজি থাকি অনুগ্ৰহ কৰিয়ো আমাত ।
পৰিছেদা একে থানে ভুঞ্জো আজি ভাত ॥৫১
ৰাঘৱে বোলন্ত বাপ শুনিয়ো আপোনে ।
আজি দুয়োভাত খাইবো কালি খাইবো কোনে ॥৫২
মোহোৰ বাসনা এৰি পালিয়ো শপত ।
অবিলম্বে ৰাজ্যে আনি থাপিয়ো ভৰত ॥৫৩
মোহোৰ নিমিত্তে কিক শোকক জ্বলয় ।
গম্ভীৰ সাগৰ কদাচিতো নটলয় ॥৫৪
নিশ্বাস কাঢ়িয়া ৰাজা মাথা তুলি চাইলা ।
সুমন্ত্ৰ আগতে আছে তাঙ্ক ভেট পাইলা ॥৫৫
বোলোহোঁ সুমন্ত্ৰ শুন বচন আমাৰ ।
চতুৰঙ্গ দল মোৰ সত্বৰে হাঙ্কাৰ ॥৫৬
শ্ৰীৰামৰ লগতে চলোক সেৱা কৰি ।
ভৰতে আসিয়া লৌক ইশূন্য নগৰী ॥৫৭
প্ৰথম যৌবনী যত বিবিধ সুন্দৰী ।
ৰাঘৱৰ লগতে চলায়ো ঝাণ্ট কৰি ॥৫৮
ভণ্ডাৰ বেহাৰ ধন জন যত দেশ ।
ৰামৰ তুলত হৌক বনত প্ৰবেশ ॥৫৯
পাত্ৰ মন্ত্ৰী সকল যতেক বীৰ সাৰ ।
একো একো বীৰে বাসৱকো দেই ধাৰ ॥৬০
ৰামৰ তুলত গৈয়া বৈসায়োক নগৰী ।
কৈকেয়ীক ৰাজ্য ইটো দেওঁ শূন্য কৰি ॥৬১
শুনি কৈকেয়ীৰ মুখ জিহ্বা শুকাই গৈল ।
ক্ৰোধে নৃপতিক বাক্য বুলিবাক লৈল ॥৬২
সাৰভাগ কাঢ়ি লৈলা পাইলোঁ সত্য বোল ।
ঘৃত কাঢ়ি লৈলা মই কি কৰিবোঁ ঘোল ॥৬৩
ৰাজাৰ চৰিত্ৰ দেখি ভৰতৰ মাৱ ।
চমত্কাৰ জ্বলিল কাম্পয় হাত পাৱ ॥৬৪
বিবৰ্ণ বদন ভৈল নিশ্ৰীক কুচান্দ ।
অমৃত পানক যেন ৰাহু গ্ৰষ্ট চান্দ ॥৬৫
তোমাৰ উপৰি বংশ সগৰ আছিল ।
শুনি আছোঁ তেহোঁ শ্ৰেষ্ঠ পুত্ৰক ত্যজিল ॥৬৬
সেহি মতে ৰামক কৰিয়ো পৰিহাৰ ।
তাঙ্ক যোগ্য নুহিকে অযোধ্যা ৰাজভাৰ ॥৬৭
ধিক তোক পাপিষ্ঠী বুলিলা মহাৰায় ।
লাজে শোকে থাকিলা ভূমিক লাগি চাই ॥৬৮
হেন দেখি বুলিলন্ত বৃদ্ধ মহাপাত্ৰ ।
নামত সিদ্ধাৰ্থ তেহোঁ চিৰকালি পাত্ৰ ॥৬৯
আছিলা অসমঞ্জ শঙ্কট বৰ থলে ।
শিশু মাৰি পেলাৱয় সৰযূৰ জলে ॥৭০
শোকে বিনাৱয় প্ৰজা নৃপতিত কাজ ।
সিকাৰণে তেজিলা সগৰ মহাৰাজ ॥৭১
গুণৰ সাগৰ ৰাম সৰ্ব্বজন হিত ।
দেৱ দ্বিজ ভক্ত পিতৃ মাতৃত বিনীত ॥৭২
জল মল কুমুদ প্ৰকাশ শশধৰ ।
কোন দোষে শ্ৰীৰামক গুচাইবে ৰাজ্যৰ ॥৭৩
বাৰে বাৰে বোল তই ৰামক গুচিত ।
মই জানোঁ তোক যেনে কৰিব উচিত ॥৭৪
সবৰাজে সাজিয়া ৰামৰ পাশে যাউক ।
কুকুৰ শৃগালে তোক লাৰি চাৰি খাউক ॥৭৫
ৰাজাৰ কুমাৰী ৰূপে আইলি ৰাক্ষসিনী ।
দশৰথে হেন স্বামী হৈলি নিদাৰুণী ॥৭৬
পৰম পাপিনী দেখিবাক নোহ যোগ ।
অচিকিত্স্য ব্যাধি ভৈল যেন গৰ্ভৰোগ ॥৭৭
নৃপতি বোলন্ত শুন হাওৰে পাপিষ্ঠী ।
তোক দেখি পৰে যেন নৰকত দৃষ্টি ॥৭৮
ৰাজভোগ তেজি মই ভৈলোহোঁ নিৰাশ ।
সুখে থাক ৰাম সঙ্গে চলোঁ বনবাস ॥৭৯
ৰাঘৱে বোলন্ত পিতৃ চিত্ত কৰা থিৰ ।
বনবাস যোগ মোক দিয়ো আনি চীৰ ॥৮০
পুত্ৰৰ লগত বন যাইতে নোহে যোগ ।
স্বজন পালিয়ো কৰিয়ো ৰাজ্য ভোগ ॥৮১