দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২ অধ্যায়
দণ্ডকাৰণ্যত ৰামৰ প্ৰবেশ
হাতে ধনুশৰ ধৰি লক্ষ্মণ শ্ৰীৰাম ।
আশ্ৰমক পাইলা ৰবিমণ্ডল উপাম ॥১
ভৈলা মহা তৃপিতি আশেষ স্তুতি ভাৱে ।
আকৰ্ণ শবদ ঋষিসব গলৰাৱে ॥২
ৰামক দেখিয়া সবে পৰম হৰিষে ।
সহস্ৰ সংখ্যাত বেঢ়িলেক চতুৰ্দ্দিশে ॥৩
বেদ পাঠ উচ্চৰিয়া আশংসাৰ জাক ।
সবেহন্তে সম্বোধি বুলিলা স্তুতি বাক ॥৪
যাহাৰ বিনোদ ইটো সকলে সংসাৰ ।
তেন্তে ধৰ্ম্ম ৰক্ষা হেতু ভৈলা অৱতাৰ ॥৫
অত্যন্ত পাপীয়ো তবে যাহাক সুমৰি ।
হেন ঈশ্বৰক দেখিলোহোঁ নেত্ৰ ভৰি ॥৬
জগত কাৰণ তুমি বিধাতাৰো বিধি ।
তযু দৰশনে তপস্যাৰো ভৈল সিদ্ধি ॥৭
জন্মৰো সাফল ভৈল তযু দৰশনে ।
ৰহোক ভকতি প্ৰভু তোমাৰ চৰণে ॥৮
পাচে ৰামে বুলিলন্ত শুনিয়োক ঋষি ।
নিৰ্ভয়ে কৰিয়ো তপ এহি বনে বসি ॥৯
ঘোৰ অন্ধকাৰ যেন পূৰ্ণিমাৰ শশী ।
মাৰিবোঁ ৰাক্ষস সব তপোবনে পশি ॥১০
ঋষি সমে হৰিষে ৰজনী গোট বঞ্চি ।
চলিলা ঋষিক ৰামে নিৰ্ভয়ক সঞ্চি ॥১১
হাতে ধনু কাণ্ড গাৱে সন্নাহ চড়াইল ।
মাজ কৰি সীতাক গহন বন পাইল ॥১২
ৰাম সীতা লক্ষ্মণ ভ্ৰমন্ত বনে বন ।
ৰাক্ষস গোটক গৈয়া পাইলা দৰিশন ॥১৩
নামত বিৰাধ একো অঙ্গ নোহে ছোট ।
বসিয়া আছয় সিতো যেন গিৰিগোট ॥১৪
চক্ষু যেন ধোন্দ কায়া আঙ্গাৰৰ বৰ্ণ ।
নাক গোট বেঙ্কা কূলা হেন দুই কৰ্ণ ॥১৫
লহ লহ জিহ্বা মুখ মাজতে লৰয় ।
অগনি খণ্ডেক যেন গহ্বৰে জ্বলয় ॥১৬
দুই ভৰি ভেঙ্গুৰা পিঙ্গলবৰ্ণ কেশ ।
বিকট দশন মুখ বিভঞ্জ কুবেশ ॥১৭
মাথা গোট জোঙ্কাৰি গগনে উধাই গৈল ।
দেখি জানকীৰ বৰ চমত্কাৰ ভৈল ॥১৮
আঠ গোটা শিঙ্গ সিটো কপালে লৈলেক ।
হস্তিৰ মাথাক কাটি তাতে আলাইলেক ॥১৯
ক্ষণিকতে গৈয়া বাঘ মাৰিয়া খাইলেক ।
ৰুধিৰে সহিতে চৰ্ম্ম গাৱে মেঢ়াইলেক ॥২০
ঋষি সব মাৰিয়া ভুঞ্জয় প্ৰতিনিত ।
নিৰ্ভয় স্বৰূপে দণ্ডকৰ বনে স্থিত ॥২১
তিনিকো দেখিয়া ঘোৰ নাদে খেদি গৈল ।
বিৰাধে পাইলেক ঋষি সব ভয় ভৈল ॥২২
চিলে যেন থাম্পদিয়া মাছক নিলেক ।
মায়া কৰি সীতাক গগনে উছাইলেক ॥২৩
ৰাক্ষসৰ অঙ্গে ৰূপ সীতাৰ বলিল ।
অঞ্জন পৰ্ব্বতে যেন মাণিক জ্বলিল ॥২৪
সীতা ভৈলা সুৱৰ্ণ বিৰাধ কাঠ নয় ।
যেন হেমলতা কাল পৰ্ব্বতে জ্বলয় ॥২৫
নিশাচৰ ঘোৰ মেঘ সীতা ভৈল তাড় ।
অঙ্গাৰ ওচৰে যেন বহ্নিৰ সঞ্চাৰ ॥২৬
হাঁসিয়া বিৰাধে বোলে অন্তৰীক্ষে বসি ।
কহিৰ টেন্টন দুই ভৈলাহাঁ তপসী ॥২৭
হাতে ধনু শৰ দেখোঁ লগত সুন্দৰী ।
আনো তপস্বীৰ ফুৰ ভিক্ষা ছন্ন কৰি ॥২৮
পৰিধান বাকলি শিৰত জটা ভাৰ ।
ত্ৰৈলোক্য মোহনী কন্যা লগত তোমাৰ ॥২৯
ধৰ্ম্ম বিৰোধীক দেখিবাক নুহি যোগ ।
তোৰা দুইক মাৰি কন্যা কৰোঁ উপভোগ ॥৩০
হেৰ দেখি ত্ৰিশূল হাতত তুলি ধৰোঁ ।
তোৰা দুইক মাৰিয়া ৰুধিৰ পান কৰোঁ ॥৩১
আৰাধিলোঁ ব্ৰহ্মাক দিলন্ত তেহে বৰ ।
তুমি হেন লক্ষকো মোহোৰ নাহি ডৰ ॥৩২
হেন শুনি ৰামে পাচে বুলিলা বচন ।
দশৰথ সুত আমি আসি ভৈলোঁ বন ॥৩৩
ত্ৰিভুৱনে বীৰ মোক নাহি সমসৰ ।
প্ৰাণে যেবে জীবি জানকীক পৰিহৰ ॥৩৪
হেন শুনি বিৰাধৰ পৰম হৰিষ ।
এহেন্তেসে ৰাম মন কৰি বিমৰিষ ॥৩৫
আন হাতে মৰোঁ মোৰ পাপ অন্ত ভৈল ।
এহিমনে গুণি খঙ্গ তোলাইবাক লৈল ॥৩৬
ক্ৰোধ কৰি নিশাচৰে বোলে খৰ্ব্ব বাণী ।
বিৰাধ ৰাক্ষস মোৰ কথা লৈয়ো জানি ॥৩৭
ত্ৰিভুৱন বীৰ মাজে আমাক বখানি ।
পেসোঁ যম ঘৰে আজি এই শূলে হানি ॥৩৮
ক্ষত্ৰী জাতি হুয়া তুমি ভৈলাহাঁ তস্কৰ ।
পৰ নাৰী হৰিলাহাঁ বনৰ ভিতৰ ॥৩৯
চোৰ দুই টেন্টনক মোৰ নাই ডৰ ।
মাৰিয়া পঠাওঁ যাহাঁ যমৰ নগৰ ॥৪০
নাৰী চুৰি কৰিলাহাঁ আতি বৰ ৰঙ্গে ।
প্ৰাণ হৰুৱাইলোঁ আসি কামিনীৰ সঙ্গে ॥৪১
ভৈলোহাঁ মানুষ জাতি ৰাক্ষসৰ ভক্ষ ।
তোমাক জিনিতে কিছু নাহিকে আশক্য ॥৪২
শ্ৰীৰামে বোলন্ত লখাই কেনে ধৰোঁ জীউ ।
বিৰাধৰ অঙ্গে দেখোঁ জনকৰ জীউ ॥৪৩
বাঘে যেন ধৰিলে হৰিণী নোহে স্থিৰ ।
হৰি হৰি বান্ধৈ মোৰ নসহে শৰীৰ ॥৪৪
অঞ্জননয়নী পূৰ্ণ চন্দ্ৰমা বদনী ।
জনক ৰাজাৰ তুমি কুলৰ নন্দিনী ॥৪৫
দশৰথ বহাৰীৰ হেনসে বিপত্তি ।
ৰাহুয়ে গ্ৰসিলে চন্দ্ৰ নক্ষত্ৰ ৰেৱতী ॥৪৬
আমি বিদ্যমানত সীতাৰ এতদূৰ ।
বাসৱৰ স্ত্ৰীক যেন হৰিলে অসুৰ ॥৪৭
প্ৰাণ তেজোঁ কৈকেয়ী পুৰোক মনোৰথ ।
আবে অবিকলে ৰাজ্য কৰোক ভৰত ॥৪৮
কৌশল্যা জননী পিতৃ অযোধ্যাৰ পতি ।
দুই হন্তো কৈকয়ীত কৰিলো ভকতি ॥৪৯
তথাপিতো নুপুৰিল পাপিষ্ঠিৰ মন ।
মাৰিবাক লাগি মোক পঠাইলেক বন ॥৫০
লক্ষ্মণে বুলিলা পাচে হাত যোৰ কৰি ।
চিত্ত থিৰ কৰিয়োক মন্যু পৰিহৰি ॥৫১
মই ভৃত্য থাকন্তে তোমাৰ কিবা ডৰ ।
ত্ৰিভুৱন জিনিতে শকতি একেশ্বৰ ॥৫২
আজ্ঞা কৰিয়োক মই বিৰাধক মাৰোঁ ।
ভৰতৰ যত মান ৰাক্ষসতে সাৰোঁ ॥৫৩
হেন বুলি বীৰে ধনু টঙ্কাৰ কৰিল ।
শবদে পৃথিবী স্বৰ্গ আশেষ লৰিল ॥৫৪
ৰামে বুলিলন্ত বাপ শুনৰে লখাই ।
ৰাক্ষসে বুলিল নিন্দা মোৰ মুখ চাই ॥৫৫
মোৰ বিদ্যমানত সীতাক নিলে হৰি ।
বিৰাধক মাৰি পেশোঁ যমৰ নগৰী ॥৫৬
বিৰাধক চাই ৰামে তুলিলন্ত হাঁস ।
মাৰিলোঁ পাপিষ্ঠ আজি জীৱন্তে ন যাস ॥৫৭
ঋষি সব ভুঞ্জি তই ভৈলি মহামাল ।
তোৰ ভোক গুচাওঁ আজি পৃথিবীৰ শাল ॥৫৮
মই ভালে জীৱন্তে সীতাক তই পাইবি ।
মোহোৰ হাতত আজি যম ঘৰে যাইবি ॥৫৯
ক্ষুদ্ৰ মৃগ হুয়া মত্ত সিংহক জগাইলি ।
মৰিবাক লাগিয়া গৰল বিষ খাইলি ॥৬০
সিংহৰ ভাৰ্য্যাক তই শৃগালে বাঞ্ছস ।
আপোনাৰ মৃত্যু মূঢ় আপুনি সাঞ্চস ॥৬১
মোৰ বিদ্যমানত সীতাক হৰি নেস ।
শিয়ালত শৃঙ্গ পৰ্ব্বততো মৰুদেশ ॥৬২
এহি বুলি ক্ৰোধে ৰাম ধনুক ধৰিল ।
সাতোটা নৰাচ নিয়া গুণত যুৰিল ॥৬৩
খল খল কৰি ৰামে তুলিলন্ত হাঁস ।
মাৰিলো পাপিষ্ঠ হেৰা ভৈলে সৰ্ব্বনাশ ॥৬৪
আকৰ্ণ পুৰিয়া ধনু আঁজুৰি আনিল ।
মাৰোঁ মাৰোঁ বুলি শৰ সত্বৰে হানিল ॥৬৫
বিজুলী ছটক যেন চলিল নৰাচ ।
হৃদয়ত ফুটিয়া বঝাইল পিঠি পাচ ॥৬৬
নৰাচ ৰামৰ যেৱে নিশাচৰে পাইল ।
অন্তকালে যমে যেন বিৰাধ কিটাইল ॥৬৭
আঠগোটা সিদ্ধ হাতে আচাৰি পেলাইল ।
ত্ৰিশূল সন্মুখ কৰি লক্ষ্মণক ধাইল ॥৬৮
প্ৰলয়ৰ মেঘে যেন তেজিলে আটাস ।
ঋষিগণ বন জন্তু ভৈলা মহা ত্ৰাস ॥৬৯
মাৰোঁ মাৰোঁ তোক আজি কৰোহোঁ নিৰ্ম্মুল ।
এহি বুলি লক্ষ্মণক হানিলা ত্ৰিশূল ॥৭০
বাসৱৰ বজ্ৰ যেন শূল যাই বৈয়া ।
চাহিয়া আছন্ত ৰাম হাতে ধনু লৈয়া ॥৭১
বিম্বাদ শবদে যেন যাই যমদণ্ড ।
খুৰপতি বাণে ৰামে কৈলা খণ্ড খণ্ড ॥৭২
পুনৰপি ৰামে মহা ক্ৰোধত জ্বলিল ।
সুবৰ্ণে খচিত শৰ গুণত যুৰিল ॥৭৩
হানিলন্তে বিৰাধক লাগিয়া চুটিল ।
নপাৰিল এৰাইবাক হিয়াত ফুটিল ॥৭৪
ৰামে যেৱে ৰাক্ষসক প্ৰহাৰ কৰিল ।
সীতাক ভূমিত থৈয়া ঢলিয়া পৰিল ॥৭৫
ভূমিকম্প যান্তে যেন পৰ্ব্বত লৰয় ।
সেহিমতে ৰাক্ষসৰ শৰীৰ কম্পয় ॥৭৬
মুখৰ শোণিতে গেৰুধাৰা নিকলয় ।
কাকূতি কৰিয়া পুৰাতন কথা কয় ॥৭৭
হাতযোৰ কৰি বাক্য বোলয় বিৰাধ ।
ক্ষমিয়ো গোসাঞি কৰিলোহোঁ অপৰাধ ॥৭৮
নামত ডম্বৰু কুবেৰৰ অনুচৰ ।
তাহান চৰণ সেৱা কৰিলোঁ বিস্তৰ ॥৭৯
শুনিয়োক প্ৰভু তিনি লোকৰ ঈশ্বৰ ।
তাহানেসে শাপে আসি ভৈলোঁ নিশাচৰ ॥৮০
বাসৱৰ অপেশ্বৰী ৰম্ভা যাৰ নাম ।
ৰূপে গুণে ত্ৰিভুৱনে নাহিকে উপাম ॥৮১
দেখিয়া মোহিত হুয়া মহা অভিলাষে ।
বিবিধ বিনোদে আছিলোহোঁ তান পাশে ॥৮২
ক্ৰীড়া কৌতূহলত অনেক কাল গৈল ।
এহি মতে কুবেৰত মন্দ সেৱা ভৈল ॥৮৩
কোপ কৰি মোক প্ৰভু বুলিলা বচন ।
নিশাচৰ হুয়া চল দণ্ডকৰ বন ॥৮৪
ৰাম ৰূপে হুই দশৰথৰ নন্দন ।
তাহান হাতত তোৰ হৈবেক মৰণ ॥৮৫
তৈসানিসি হৈব তোৰ শাপৰ উদ্ধাৰ ।
আসিয়া দেখিবি তোৰ পুত্ৰ পৰিবাৰ ॥৮৬
কুবেৰৰ শাপে আসি নিশাচৰ ভৈলোঁ ।
ব্ৰাহ্মণ ঋষিক মাৰি মহাপাপ কৈলোঁ ॥৮৭
তযু দৰশনে পূৰ্ব্ব কথা সুমৰিলোঁ ।
শান্তী সীতা হৰি ঘোৰ দোষ আচৰিলোঁ ॥৮৮
তোমাৰ হাতত মোৰ মৰিবাক সাধ ।
সিকাৰণে কৰিলোঁ দাৰুণ অপৰাধ ॥৮৯
এবে তযুশৰ পৰি প্ৰকৃতিক গৈলোঁ ।
মাতৃ বুলি সীতাক ন মাৰি হেৰা থৈলোঁ ॥৯০
ত্ৰিজগত নাথ মোক কৰিয়োক দায়া ।
গাত খান পুৰিয়া আমাৰ নিজ কায়া ॥৯১
ৰাক্ষসৰ আমাৰ এহিসে কুল ধৰ্ম্ম ।
হৌক মোৰ গতি ৰাম কৰিয়োক কৰ্ম্ম ॥৯২
এহি বুলি নিশাচৰ ঢলিয়া পৰিল ।
ৰাম ৰাম বোলন্তে জীৱন নিকলিল ॥৯৩
পৰ্ব্বত সদৃশ পৰি গৈল কলেৱৰ ।
দেখিয়া হৰিষ ভৈল ৰাম লক্ষ্মণৰ ॥৯৪
লক্ষ্মণে খানিলা গাত পৰ্ব্বত গহ্বৰ ।
তাতে দহিলন্ত ৰাক্ষসৰ কলেৱৰ ॥৯৫
দিব্য ৰূপ ধৰি সিটো স্বৰ্গ চলি গৈল ।
পুত্ৰ পৰিবাৰ সমে এক থান ভৈল ॥৯৬
ৰামৰ চৰিত্ৰ শুনিয়োক নিৰন্তৰ ।
পৰম কৃপালু গুণ দেখিয়ো ৰামৰ ॥৯৭
ভাৰ্য্যা বৈৰী ৰাক্ষসৰ কৰিলন্ত কৰ্ম্ম ।
দেখা কেন ঈশ্বৰৰ বিপৰীত ধৰ্ম্ম ॥৯৮
নবাচন্ত জাতিকুল ভজন মাত্ৰকে ।
এতেকে পৰম সিদ্ধি দিবন্ত সবাকে ॥৯৯
জানিয়া কৃপালু গুণ ভজিয়ো ৰামক ।
ৰাম বুলি দহিয়োক পাপৰ বীৰ্য্যক ॥১০০