কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৮ অধ্যায় ।
- কুম্ভকৰ্ণৰ যুদ্ধ যাত্ৰা ।
- দুলৰি ।
সিংহাসনে গৈয়া, বসিলা ৰাৱণ,
- ৰণত হতাশ হুইয়া ।
পুৰাণ কাহিনী, কহিবে লাগিলা,
- পাত্ৰক সবে মিলাইয়া ॥১
আশেষ তপস্যা, কৰিলোঁহো আমি,
- ব্ৰহ্মাদেৱে দিলা বৰ ।
পাছে সম্বুধিয়া, বুলিবে লৈলন্ত,
- শুন ওৰে নিশাচৰ ॥২
দেৱ মনুষ্যত, যক্ষ দানৱত,
- সবাতে হুইবি অজয় ।
নিশ্চয় কৰিয়া, তোক বুলিলোহোঁ,
- সানুগত হুইবি ভয় ॥৩
বৰৰ প্ৰয়াসে, তিনিয়ো জগত,
- থাকিতে সুখে নেদিল ।
ৰণ্ড ৰণ্ড কৰি, মনুষে ভঙ্গাইলে,
- ব্ৰহ্মাৰ বৰ মিলিল ॥৪
পাত্ৰগণ যত, আমাৰ শুনিয়ো,
- আৱৰ আসাজ কায ।
হেমৱন্ত গিৰি, পয়ানে চলিলোঁ,
- আমাৰ নভৈলা লাজ ॥৫
নন্দি দুৱাৰিক, মই ভেট পাইলোঁ,
- তেন্তে মহেশৰ গণ ।
বানৰৰ মুওাঁ, নন্দিক দেখিয়া,
- শিহৰিল ঘনে ঘন ॥৬
মুখ চাই চাই, ভাবুকি পাৰিলোঁ,
- বিগুতি কৰি উখন্দি ।
জাজ্জ্বল্য সমান, কোপে জ্বলি গৈল,
- মোক শপিলন্ত নন্দি ॥৭
হাওঁৰে বেটা, দুৰ্জ্জন ৰাৱণা,
- মোক তোৰ উপহাস ।
মোহোঁৰ সদৃশ, মুখ বানৰায়ে,
- চিন্তিবে তোৰ বিনাশ ॥৮
মহন্ত পণ্ডিত, ভয়াই বিভীষণ,
- মোক বুলিলেক হিত ।
আপদ কালত, মৰণ সন্নিত,
- তাক দেখিলোহোঁ তিত ॥৯
ভাল ভাল বীৰ, ত্বৰিতে পঠাইয়া,
- লঙ্কা ভালমতে ৰাখাঁ ।
প্ৰহস্ত মমাই, সমৰে পৰিল,
- সবে সচকিতে থাকাঁ ॥১০
ইতিনি ভুবনে, ৰাম লক্ষ্মণক,
- সমান নাহি মুনিষ ।
শৰে হানি মোৰ, অন্তী ভেদিলেক,
- শৰীৰে উধাই বিষ ॥১১
ঘনে ঘনে মোৰ, চেতন হৰয়,
- বদন মলিন বৰ্ণ ।
ৰামক যুজন্ত, আন কেহোঁ নাই,
- জগায়োক কুম্ভকৰ্ণ ॥১২
ছয় মাস সিটো, নিশ্চেষ্ট স্বৰূপে,
- আছন্ত ঘুমটি যায়া ।
তাকে জগাইবাক, সত্বৰে চলাহাঁ,
- ভোজন সম্ভাৰ লৈয়া ॥১৩
ৰাজাৰ আদেশে, কৌটি অসংখ্যাত,
- ৰাক্ষস গৈয়া আণ্টাইল ষ
দুৱাৰ পৈশন্তে, কুম্ভকৰণৰ,
- নাকৰ বাৱে উড়াইল ॥১৪
কতোহোঁ ৰাক্ষস, দুৱাৰ আৰত,
- বাৰৰ মুঠাত ধৰি ।
যিদিকি নাকৰ, বাৱ নেখেলায়,
- পশিলা গাৱকাতি কৰি ॥১৫
পৰ্ব্বত সমান, পুৰুষেক শুতি,
- আছে পুলস্তিৰ নাতি ।
তাক জগাইবাক, ৰাক্ষস সকলে,
- দৃঢ় কৰি বান্ধে গাতি ॥১৬
ডেকা পৰ্ব্বতৰ, সমান বাঢ়িল,
- অন্ন বেঞ্জনৰ মিঠ ।
মেৰুৰ সমান, ছৰাৱ কৰিলা,
- খৰিকা জহাৰ পিঠ ॥১৭
মহিষ বৰাহ, ছাগল মাৰিয়া,
- থৈলা দৌলা দৌলি কৰি ।
কৌটি অসংখ্যাত, ডাঙ্গৰ কলস,
- মদ্য ৰুধিৰক ভৰি ॥১৮
দেৱাঙ্গ বসন, কুম্ভকৰণৰ,
- গাৱত নিয়া ছৰাইল ।
সুগন্ধ চন্দন, পুষ্পৰ মালায়ে,
- ভূষিত আতি কৰাইল ॥১৯
চতুৰ্দ্দিশে বেঢ়ি, ৰাক্ষস সকলে,
- ৰোল কৰিবাক লৈলা ।
আছোক জাগিব, কুম্ভকৰণৰ,
- কৰ্ণৰ পথে নগৈলা ॥২০
বাঢ়য় সহস্ৰ, ৰাক্ষসে মিলিয়া,
- বেঢ়িয়া কৰয় ৰোল ।
নানা বাদ্যভণ্ড, কাণত আতাস,
- তুম্বুলে বাজয় ঢোল ॥২১
অন্তৰীক্ষে যত, চটকা উৰয়,
- মৰিয়া ভূমিত পৰে ।
কুম্ভকৰ্ণ বীৰ, আছোক জাগিব,
- অধিকে ঘুমটি চৰে ॥২২
সহস্ৰ সংখ্যাত, হস্তীয়ে নাদয়,
- দুইদান্ত ভিৰিয়া গাৱে ।
ছাটৰ বাৰিত, ঘোড়া চিহৰয়,
- গাধৱে ত্যজয় ৰাৱে ॥২৩
ভেৰী শিঙ্গা শঙ্খ, মুহুৰি নিশান,
- তুম্বুলে বাজে কাহাল ।
সকলে লঙ্কাত, হুলস্থূল লাগি,
- কাণত দিলেক তাল ॥২৪
আটাস পাৱন্তে, কতো ৰাক্ষসৰ,
- গল সব গৈলা ফাটি ।
সবহাৰে খৰ, উশাস বজাই,
- থাকিলা বলত ঘাটি ॥২৫
কতোহোঁ ৰাক্ষস, হতাশ হুইয়া,
- ৰাৱণক জনাইলন্ত ।
তোমাৰ ভ্ৰাতৃক, জগাইবে নোৱাৰি,
- অধিকে ঘুমটি যান্ত ॥২৬
ৰাৱণে বোলয়, সত্ত্বৰে চলাঁহা,
- আছোক আমাত সেৱা ।
যেন মতে পাৰাঁ, তেমনে জগাৱা,
- তোমাত নাহিকে বেয়া ॥২৭
আথ বেথ কৰি, ৰাক্ষস লৰিলা,
- ৰাজাত মেলানি পায়া ।
কুম্ভ কৰণক, জগাইবে লাগিলা,
- গদা মু্দ্গৰ লৈয়া ॥২৮
দশ শত লোকে, হিয়াত চড়িয়া,
- লাঠি বৈসাইলেক টানি ।
একোহোঁ নাকত, পাঞ্চ পাঞ্চ শত,
- কলসে ঢালয় পানি ॥২৯
গদা মুদ্গৰে, টানিয়া মাৰয়,
- আৰো পৰিঘৰ বাৰি ।
সেৱা কৰে বুলি, ঘুমটি চৰয়,
- গম্ভীৰ বাজে ঘোঙ্ঘোৰি ॥৩০
কতোহোঁ ৰাক্ষস, সহস্ৰ সংখ্যাত,
- ৰাক্ষসেয়ো সাৰি হুইয়া ।
শৰীৰৰ বলে, প্ৰহাৰ কৰয়,
- গদা মুদ্গৰ লৈয়া ॥৩১
দশ শত লোকে, হিয়াত চড়িয়া,
- খিখিন্দ কৰয় বৰে ।
গাৱ জান্তে বুলি, ঘুমটি চড়য়,
- মুখবায়া দান্ততৰে ॥৩২
আশেষ ৰাক্ষসে, কেশ আজোৰয়,
- কতো পাকৱয় নাক ।
কাণত কামোৰে, মুকুটি লাঠিয়ে,
- বেঢ়িয়া কিলৰ জাক ॥৩৩
কুম্ভকৰ্ণে যেবে, তেতো নজাগিলা,
- সবাৰো গৰ্ব্ব ভাগিল ।
কতোহোঁ বেলাত, কালৰ প্ৰমাণে,
- আপনি পাছে জাগিল ॥৩৪
দুই হাত যুৰি, মাথাৰ উপৰে,
- পিঠিক লাগি নিলেক ।
পাতাল সদৃশ, বেন্ত গোট বায়া,
- হামি গোট তুলিলেক ॥৩৫
জিহ্বাখান তাৰ, আলতা গুলিল,
- যেনেন গিৰি শিখৰ ।
দুই চক্ষু দেখি, অৰুণ বৰণ,
- উদয় যেন ভাস্কৰ ॥৩৬
নাসাৰ পৱন, বহে তাৰ আতি,
- ফাল্গুন চৈত্ৰৰ সম ।
প্ৰজা সংহৰিতে, উঠিয়া বসিলা,
- যেন কালান্তক যম ॥৩৭
আগত যোগায়া, ৰাক্ষস সকলে,
- দেখে সবে অসদৃষ্ট ।
গ্ৰাস আঠ সাতে, খায়া আণ্টাইলেক,
- ব্যঞ্জন যে ভাত পিঠ ॥৩৮
মদ্য যে ৰুধিৰ, সুগন্ধ জনক,
- ষাঠি কলসেক পীল ।
মহিষ বৰাহ, ছাগল ভুঞ্জিয়া,
- অৰ্দ্ধেক পেট ভৰিল ॥৩৯
প্ৰণাম কৰিয়া, হাত যোৰে থাকি,
- সকলে ৰাক্ষস লোক ।
সবাকে সম্বুধি, কুম্ভকৰ্ণে বোলে,
- কিসক জগাইলি মোক ॥৪০
আমাৰ ভাইৰ, লঙ্কেশ্বৰ দদাৰ,
- কি ভৈলা আসাজ কায ।
আজি ধৰি সবে, দুৰ্গতি খণ্ডাওঁ,
- ধৰি আনো দেৱৰাজ ॥৪১
যূপাক্ষ নাম যে, ৰাজাৰ মন্ত্ৰীয়ে,
- হাতযোৰ বিনাৱয় ।
আনসে কাৰ্য্যত, আথান্তৰ ভৈলা,
- দেৱত নাহিকে ভয় ॥৪২
সীতাৰ হৰণ, সন্তাপে ৰাঘৱে,
- সাগৰে ভৈলন্ত পাৰ ।
পৰ্ব্বত আকাৰ, বানৰ সকলে,
- চৌভিতি বেঢ়ি লঙ্কাৰ ॥৪৩
আপনি জানাহাঁ, ৰাৱণে ত্ৰৈলোক্য,
- জিনিলা ঈষত কৰে ।
প্ৰাণৰ সংশয়, মিলিলা ৰণত,
- ভঙ্গাইলা ৰামৰ শৰে ॥৪৪
কিৰীটি কাটিয়া, পেলাইলা ৰাঘৱে,
- আসি ভৈলা জীৱমানে ।
তোমাক জগাইবে, আমাক পঠাইল,
- কৰন্ত চিন্তা আথানে ॥৪৫
কুম্ভকৰ্ণে বোলে, ৰাজাৰ অসুখ,
- আমিনো কিসক জীওঁ ।
ৰাম লক্ষ্মণক, ৰণ মাজে মাৰি,
- তপত ৰুধিৰ পীওঁ ॥৪৬
কতোহো বানৰ, ভুঞ্জহোঁ কতোহোঁ,
- পঠাঁও যম কৰণ ।
শত্ৰুক জিনিয়া, প্ৰণামোহোঁ আসি,
- দদাৰ দুই চৰণ ॥৪৭
এতেক শুনিয়া, নৃপতিৰ পাত্ৰ,
- মহোদৰে বিনাৱয় ।
তুমি যে শত্ৰুক, জিনিবা ইহাত,
- কিছুয়ে নাহি বিস্ময় ॥৪৮
তোমাক দেখিবে, ৰাজাৰ মনত,
- উদ্বেগ কৰিতে আছে ।
আগে নৃপতিৰ, চৰণে প্ৰণামি,
- ৰণক চলিয়ো পাছে ॥৪৯
মহোদৰ বোলে, কুম্ভকৰ্ণ বীৰে,
- হৰিষে গাৱ চালিল ।
সহস্ৰ কলস, মদ্য পান কৰি,
- ৰাজাৰ পাশে চলিল ॥৫০
লঙ্কাৰ গড় যে, এক আণ্ঠু ভৈল,
- আকাশ ছানিয়া যাই ।
হেৰ নিজ কালে, পাইলেক বুলিয়া,
- বানৰ ভাগি পলাই ॥৫১
কতোহোঁ ৰামত, শৰণ পশয়,
- কতো সাগৰান্ত লঙ্ঘে ।
কতোহোঁ বনত, লুকাই থাকন্ত,
- কতো পলাই ব্যুহ ভঙ্গে ॥৫২
কিনো বিপাঙ্গত, প্ৰাণক সুজাইলো,
- নেদেখিলোঁ বন্ধুলোক ।
তুমি সব জীৱ, মানে পলাইবাহা,
- হেৰা আসি পাইলে মোক ॥৫৩
ৰাঘৱে বোলন্ত, মিত্ৰ বিভীষণ,
- ত্বৰিতে দিয়া সিদ্ধান্ত ।
নাৰায়ণে যেন, বলিক ছলিয়া,
- আকাশ ছানিয়া যান্ত ॥৫৪
হেনতো শৰীৰ, চক্ষু নেদেখিলো,
- আমি নুশুনিলো কাণে ।
ইটো কোন বীৰ, যাহাক দেখিয়া,
- সৈন্য পলাই জীৱমানে ॥৫৫
ৰামৰ চৰিত্ৰ, সাক্ষাতে অমৃত,
- শুনা সভাসদ লোক ।
ত্যজি আন কাম, বোলাঁ ৰাম ৰাম,
- পুৰুষ উদ্ধাৰ হৌক ॥৫৬