ৰামক মাতি আনিবলৈ দিহা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩০ অধ্যায়
ৰামক মাতি আনিবলৈ দিহা
সৰ্ব্বকাৰ্য্য নিবৰ্ত্তিলে ৰজনী পোহাইল ।
বৰ বৰ পাত্ৰ ভৰতৰ পাশে আইল ॥১
শুনিয়ো ভৰত আমি সবৰ বচন ।
মন্যু পৰিহৰ সবে দেশ হৈবে ছন্ন ॥২
অন্তকালে বাপে তোৰ মতিহীন ভৈল ।
ৰামে বনবাস দিয়া ৰাজা স্বৰ্গে গৈল ॥৩
পাত্ৰ সবে আসি আমি আলোচিলো কায ।
সম্ভাৰ মিলাইলোঁ আবে ঝাণ্টে লৈয়ো ৰাজ ॥৪
ভৰতে বোলন্ত যেবে মই লৈবো ৰাজ ।
মইসে কৰিলো তেবে যতেক অকাজ ॥৫
দেশে দেশে অখ্যাতি থাকিব ত্ৰিভুবনে ।
এতেক অকায ভৈল ভৰতৰ মনে ॥৬
জ্যেষ্ঠ ভাই গুৰু সম তান মই ভৃত্য ।
চৰণত সেৱা কৰি থাকিবোহোঁ নিত্য ॥৭
আউৰ বাৰ হেন নিদিবাহা উপদেশ ।
সৈন্য সজায়োক বনে হৈবোহোঁ প্ৰবেশ ॥৮
জ্যেষ্ঠ ভাইৰ ৰাজ্য মই কেনেকৰোঁ ভোগ ।
বেদত শাস্ত্ৰত জ্যেষ্ঠৰেসে ৰাজ্যযোগ ॥৯
কিমতে লঙ্ঘিবো সিটো বেদৰ বচন ।
ৰামক আনিবে প্ৰতি চলি যাইবোঁ বন ॥১০
ৰামক আনিয়া ৰজা পাতিবোঁ ৰাজ্যত ।
মই প্ৰতিপালিবোহোঁ পিতৃৰ শপত ॥১১
ৰাম বিনে ইটো ৰাজ্য পালে কোনজনে ।
সিংহৰ কাৰ্য্যক মৃগে কৰিব কমনে ॥১২
নিষ্ঠে বোলোঁ মোহোৰ ৰাজ্যত নাহি আশ ।
ৰামৰ বদলে খাটিবোঁবো বনবাস ॥১৩
শুনিয়ো সুমন্ত্ৰ মোৰ বচন পালিয়ো ।
পন্থভাল কৰিবাক সৈন্য পাঞ্চি দিয়ো ॥১৪
শৃঙ্গবেৰপুৰ গুহ নৃপতিৰ পাট ।
গঙ্গা তীৰ সীমা কৰি চাঞ্চিয়োক বাট ॥১৫
দীৰ্ঘ সব নিৰ্ম্মল কৰোক থানে থানে ।
অসংখ্যাত ভণ্ডাৰ চলায়ো বিদ্যমানে ॥১৬
ভোজন সম্ভাৰ চলায়োক বহুতৰ ।
সৈন্যৰ বিহাৰ সজায়োক বাসাঘৰ ॥১৭
নকৰিয়ো বিলম্ব শুনিয়ো মন্ত্ৰীবৰ ।
মই সুখে আছোঁ ৰাম বনৰ ভিতৰ ॥১৮
যেন ঈশ্বৰৰ উপবাস পৰে নিত ।
ভৃত্য সবে ভোজন কৰয় পঞ্চামৃত ॥১৯
ভৰতৰ আজ্ঞা মন্ত্ৰী শিৰত ধৰিল ।
তেতিক্ষণে অসংখ্য সৈন্যক পাঞ্চিদিল ॥২০
খাল খোপ পুৰি কৰিলেক ৰাজ বাট ।
দীঘিসব খানিল কৰিল শিলে ঘাট ॥২১
ভৰতৰ ৰহিবাক আবাস কৰাইল ।
ভোজন সম্ভাৰে বহু ভাণ্ডাৰ ভৰাইল ॥২২
দোকান বজাৰ হাট কৰে থানে থান ।
অনন্তৰে মন্ত্ৰী ভৰতক দিলা জান ॥২৩
শুনিয়া ভৰতে চলিবাক সাজ ভৈলা ।
দেখিয়া বশিষ্ঠে তাঙ্ক বুলিবাক লৈলা ॥২৪
শুনিয়ো ভৰত তুমি বচন আমাৰ ।
ভালমতে নুবুজিলোঁ চৰিত্ৰ তোমাৰ ॥২৫
তোমাৰ মাতৃৰ বোলে তেজি ইটো ৰাজ ।
ভাৰ্য্যা ভ্ৰাতৃসমে ৰাম আছে বন মাজ ॥২৬
ৰাজ্য সুখ এৰি বন ফল কৰে ভোগ ।
তাঙ্ক হিংসা কৰিতে তোমাৰ নোহে যোগ ॥২৭
তোমাৰ মাতৃয়ে দিয়া আছে বহু খেদ ।
তুমিয়ো কৰিতে কেনে চাহা বন্ধুছেদ ॥২৮
বুলিলাহা ৰামক আনিবে প্ৰতি যাওঁ ।
ইটো বচনক আমি কেনে পতিয়াওঁ ॥২৯
তোমাৰ কপট ভৈল বিদিত পূৰ্ব্বত ।
ছদ্মে ৰাজ্য লোৱাইলাহা মাতৃৰ হাতত ॥৩০
এবে কেনে জানিবোঁ তোমাৰ শুদ্ধ মন ।
বুলিলা ভৰতে শুনি কৰি ক্ৰোধ মন ॥৩১
অপকাৰ তোমাক কৰিছোঁ মই কিস ।
কেনে বৰিষিলা গুৰু ইটো বাক্য বিষ ॥৩২
ভূত ভবিষ্যতে তুমি জানাহা আপুনি ।
বুলিলা ইসব বাক্য কিসক নুগুণি ॥৩৩
তুমিও জানিলা মোৰ কপট চিত্তত ।
হিয়া নোহে কাটি দেখাওঁ তোমাৰ আগত ॥৩৪
নিদাৰুণ বাক্যে দিলা হৃদয়ত শাল ।
কুলগুৰু হুয়া আজি খাইলা তুমি কাল ॥৩৫
আনে কি ইসব বাক্য বুলিবেক মোক ।
দেখাইলোহোঁ হন্তে আজি তাক যমলোক ॥৩৬
স্বৰূপত নাহিকে তোমাৰ গুৰু দোষ ।
কৈকেয়ী মাৱেসে কৰাইলে অসন্তোষ ॥৩৭
স্বপ্নতো যি সব কাৰ্য্য নজানোহোঁ মনে ।
পাইলোঁ ইটো দুষ্কীৰ্ত্তিক মাতৃৰ কাৰণে ॥৩৮
মই ৰাজা হওঁ ৰাম যাইব বন বাস ।
সপোনতো যদি মোৰ আছে ইটো আশ ॥৩৯
কৰোহোঁ শপত গুৰু তোমাৰ আগত ।
তুমি হেন সহস্ৰ ব্ৰাহ্মণ কৰোঁহত ॥৪০
সহস্ৰ কপিলা মাৰো গঙ্গাৰ তীৰত ।
পূৰ্ব্ব পুণ্য আছে যত সিও হৌক হত ॥৪১
গোত্ৰহত্যা সুৰাপান অগম্যা গমন ।
মহাপাপ ব্ৰাহ্মণৰ সুৱৰ্ণ হৰণ ॥৪২
ইসব প্ৰমুখ্যে পাপ কৰোঁ নিৰন্তৰ ।
যেবে মই দ্ৰোহ চিন্তি আছোহোঁ ৰামৰ ॥৪৩
মইতো জানো ৰামেসে সুহৃদ মোৰ প্ৰাণ ।
ৰামৰ চৰণ বিনে নজানোহো আন ॥৪৪
ৰামে জপ তপ মোৰ ৰামে ইষ্ট দেৱ ।
ৰামৰেসে চৰণক কৰিবোহোঁ সেৱ ॥৪৫
যত যত মহাগুণ আছয় ৰামত ।
ত্ৰিভুবন মধ্যে কোনে কহিবে শকত ॥৪৬
সৰ্ব্বক্ষণে দেব দ্বিজ গুৰুত ভকত ।
পিতৃত মাতৃত সৰ্ব্বক্ষণে অনুগত ॥৪৭
পৰম বিনীত বেদ শাস্ত্ৰত কুশল ।
ধনুৰ্ব্বেদ আদি বিদ্যা জানন্ত সকল ॥৪৮
ক্ৰোধে যমকাল যেন ক্ষমাই বসুমতী ।
গম্ভীৰ সাগৰ যেন বুদ্ধে বৃহস্পতি ॥৪৯
সৰ্ব্বগুণে বিধি যেন বেশত গন্ধৰ্ব্ব ।
ৰাজাৰ লক্ষণ ৰামতেসে আছে সৰ্ব্ব ॥৫০
চলিবোহোঁ নিশ্চয় ৰামক আনিবাক ।
কাতৰ কৰোহোঁ গুৰু নিদিবাহা হাক ॥৫১
প্ৰীতি কৰি আনি থাপি ৰামক ৰাজ্যত ।
মই বনে থাকি পালোঁ পিতৃৰ শপত ॥৫২
বশিষ্ঠে বোলন্ত দশৰথৰ কুমাৰ ।
মই ভালে জানো শুদ্ধ মতিক তোমাৰ ॥৫৩
চিত্তক লখিতে কৰিলোহোঁ পৰিহাস ।
সাৰ্থক ৰঘুৰ বংশে তোমাৰ নিবাস ॥৫৪
বিলম্ব নকৰি চল সত্ত্বৰে বনক ।
তোমাৰ প্ৰসাদে দেখোঁ আমিও ৰামক ॥৫৫
ভৰতে বোলন্ত মন্ত্ৰী চালিয়োক গাৱ ।
সেনাপতি সব মোৰ সত্ত্বৰে চলাও ॥৫৬
হস্তী ঘোড়া ৰথ আগে কৰোক পয়ান ।
ৰথখান সাজিয়া সত্ত্বৰ কৰি আন ॥৫৭
শিৰত ধৰিয়া ভৰতৰ আজ্ঞা বাণী ।
সৈন্যক চলায়া ৰথ মিলাইলন্ত আনি ॥৫৮
দেখি শত্ৰুঘনে সমে চড়িলা ৰথত ।
ৰক্ষণ বিহিয়া চলি গৈলন্ত ভৰত ॥৫৯
শুনা সামাজিক ৰাম চৰিত্ৰ উপাম ।
সংসাৰ নিৰ্ম্মল হৌক বোলাঁ ৰাম ৰাম ॥৬০