স্বয়ম্বৰত যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪১ অধ্যায়
- স্বয়ম্বৰত যুদ্ধ
দেখা দেখা কেনে বুঢ়া জনকৰ কাজ ।
মাতি আনি সমস্ত ৰাজাক দিলা লাজ ॥১
জীয়েকক আনক দিবেক যেবে জানে ।
কিসক আমাক দূত পাঠাই মাতি আনে ॥২
ৰাজ ঋষি হুয়া ভৈল পৰম অজ্ঞান ।
বৰ বৰ ৰাজাক দিলেক অপমান ॥৩
ধৰি আন বুঢ়াক সকলে মান সাৰোঁ ।
চাহোঁ কোনে ৰাখে আক বেঢ়ি সবে মাৰো ॥৪
তেবেসে হিয়াৰ শাল গুচিব আমাৰ ।
কপট ঝপট ভাঙ্গো টামন বুঢ়াৰ ॥৫
আমাক আনিয়া দুখ দিলে বৰিষেক ।
সবাকে বঞ্চিয়া সীতা ৰামক দিলেক ॥৬
নাহিকে বুঢ়াৰ দোষ কেহো বোলে বাণী ।
কিসক মাৰিবে খোজা আহাঙ্ক ন জানি ॥৭
বিচাৰি চাহিলো দোষ কেৱলে কন্যাৰ ।
কৰিলেক আশা ভঙ্গ সকলে ৰাজাৰ ॥৮
আতি নিদাৰুণী কন্যা কঠিন হৃদয় ।
সবাকো বঞ্চিয়া শিশু ছৱাক বৰয় ॥৯
মাণিক এৰিয়া কাচ কৰিলেক সাৰ ।
এইক আনে নিবে হুনু আগত আমাৰ ॥১০
যত ৰাজ্যভাৰ ভাৰ্য্যা পুত্ৰ এৰ আশ ।
এইৰ নিমিত্তে মৰোঁ খাটিয়া প্ৰবাস ॥১১
মহাকোপ কৰি উঠি বোলে কত জনে ।
ধৰি আন আম্ফালিয়া মাৰোঁহো এখনে ॥১২
সীতাক মাৰিবে চাহোঁ ৰাখে কোন বীৰ ।
কেহো জনে বোলে দোষ নাহি জানকীৰ ॥১৩
কৈৰ হন্তে আসিল ছৱাল মন্দ বুদ্ধি ।
আমাৰ ভাৰ্য্যাক নিবে চাহে কাত সুধি ॥১৪
হেনসে অবধ্য সব জীৱন জানয় ।
মত্ত সিংহ সমুহক হাতে হেম্পোচয় ॥১৫
জলা জুইৰ মাজত ফৰিঙ্গ ঝাস কৰে ।
জাম্প দিয়া পাৰ হুইবে খোজয় সাগৰে ॥১৬
জীৱন্ত যমৰ মুখে পৰি তোলে হাস ।
দেখা কেন মত ইতো ছৱালৰ সাস ॥১৭
বৰ বৰ ৰাজাগণ আছোঁ সাৱধানে ।
পিসিয়া মাৰিবোঁ আমি তাহাক নজানে ॥১৮
একোকে নজানে আতি শিশু অল্পমতি ।
সীতাক নিবেক দেখোঁ কাহাৰ শকতি ॥১৯
প্ৰাণে যেবে বৰ্ত্তিবেক এৰোক সীতাক ।
নুহি তেবে ভালমতে নপঠাইবোঁ তাক ॥২০
কতো দুষ্ট ৰাজাগণে কৰে অহঙ্কাৰ ।
চাহিবে নালাগে আক মুচৰিয়া মাৰ ॥২১
চাহোঁ আক মাৰন্তে ৰাখয় কোন জন ।
এহি বুলি উঠিলা সকলে ৰাজাগণ ॥২২
সসৈন্যে ধাইলেক হাতে অস্ত্ৰ শস্ত্ৰ তুলি ।
ধৰ মাৰ বুলি আতি কৰে হুলস্থূলি ॥২৩
হেন দেখি মহাভয়ে নৃপতি জনক ।
আথে বেথে পলাই গৈয়া ঋষিৰ মাজক ॥২৪
মিথিলাৰ লোক দশো দিশক পলাইল ।
দেখি ৰামচন্দ্ৰে হাসি লক্ষ্মণক চাইল ॥২৫
দেখিয়ো লক্ষ্মণ ৰাজা সকলৰ টাই ।
উঠা ঝাণ্টে সমস্তৰে দৰ্প কৰোঁ ছাই ॥২৬
সিংহক জোকাৱে আসি শৃংগালৰ পালে ।
তাৰ হোঞ হোঞ ঠাই লগায়ো সকালে ॥২৭
ৰামৰ আদেশ বাণী শুনিয়া লক্ষ্মণে ।
প্ৰণামি ৰামক উঠিলন্ত তাৱক্ষণে ॥২৮
মৰোঁ আজি ৰাজাগণ দাৰুণ সমৰে ।
বান্ধিলা অক্ষয় তূণ পিঠিৰ ওপৰে ॥২৯
প্ৰচণ্ড ধনুক ৰাম হাতে তুলি ধৰি ।
ধাইলন্ত মৃগক যেন প্ৰমত্ত কেশৰী ॥৩০
নাইস বুলি ৰাৱ তেজিলন্ত বীৰবৰ ।
সাগৰৰ ঢউ যেন ৰাখিল কাখৰ ॥৩১
সিংহ যেন শশাৰ আগত ভৈল থিৱ ।
সমস্ত ৰাজাৰ দেখি উড়ি গৈল জীৱ ॥৩২
কৰিলন্ত টঙ্কাৰ ধনুত পাক দিয়া ।
ৰাজা সমুহৰ ভয়ে চমকিল হিয়া ॥৩৩
হাসিয়া লক্ষ্মণে শৰ বৰিষিবে লৈলা ।
নিৰন্তৰে ৰাজা ফুটি জৰ্জ্জৰিত ভৈলা ॥৩৪
উৰু শিৰ নাসিকা ললাট মুখ কাণে ।
বাহু বক্ষঃস্থল গল ফুটিল সন্ধানে ॥৩৫
পেট পিঠি শালিলেক আঞ্জৰে পাঞ্জৰে ।
ছেদিলেক হাত ভৰি লক্ষ্মণৰ শৰে ॥৩৬
কাৰো মাজ কঙ্কালত ছিণ্ডিলন্ত বাণে ।
পৰিয়া বাগৰে কতো আধা কাটা মানে ॥৩৭
কৰিলন্ত লণ্ডভণ্ড লক্ষ্মণৰ বাণে ।
কদলী বনক যেন পাইলন্ত পৱনে ॥৩৮
লক্ষ্মণৰ কৰ্ম্ম দেখি পৰম বিস্ময় ।
সাধু সাধু বুলি সৰ্ব্ব জনে প্ৰশংসয় ॥৩৯
শিশুমতি হুয়া কৰ্ম্ম কৰিলন্ত ভাল ।
কতো বোলে নোহে শিশু এন্তে যমকাল ॥৪০
শৰে ফুটি আতি বৰ বৰ ৰাজাচয় ।
ক্ৰোধে জ্বলি গৈলা আঠু বাহু কামোৰয় ॥৪১
ছাৱা গোটে এত বৰ কৰিলে আমাক ।
একেবাৰে ধাইলেক সকলে ৰাজা জাক ॥৪২
চতুৰঙ্গ সেনাগণ ধাইলেক লগত ।
ৰাহুতি দিলেক চুটি উঠি ঘোটকত ॥৪৩
হস্তী কন্ধে চড়ি সাজে মাহুত সকলে ।
বেগে ৰথ গতি কৰি ৰথী সব চলে ॥৪৪
পদাতি কটকে বাজু ধৰি পাটোৱাৰি ।
ধাৱে ক্ৰোধ কৰি বাৰু খাণ্ডাক ঝঙ্কাৰি ॥৪৫
ধনুশৰ ধৰি ধাৱে ধানুকী সকল ।
নসহে ধৰণী খণ্ড কৰে টলমল ॥৪৬
একে বাৰে ধাৱে মুখ্য মুখ্য ৰাজাগণ ।
কটাক্ষ নাহিকে চাহি আছন্ত লক্ষ্মণ ॥৪৭
কৰে ধৰ মাৰ সেনা সাগৰ সঙ্কাশ ।
হাসন্ত লক্ষ্মণে একো নাই ভয় ত্ৰাস ॥৪৮
ধনু ধৰি ৰাজা সবে টঙ্কাৰ কৰিল ।
পৃথিবী আকাশ দিশ শবদে পূৰিল ॥৪৯
ঢাকিলেক লক্ষ্মণক শৰ বৰিষণে ।
পৰ্ব্বতক যেন আবৰিলা মেঘগণে ॥৫০
নানাবিধ বাণ বৰিষয় অবিচ্ছেদ ।
দেখি দেৱাসুৰ নৰ মুনি কৰে খেদ ॥৫১
নিদাৰুণ ৰাজাগণ পৰম দুৰ্জ্জয় ।
মাৰিবেক লক্ষ্মণক বুলি ভৈল ভয় ॥৫২
ৰামৰ কনিষ্ঠ বীৰ লক্ষ্মণ কুমাৰ ।
ৰণত সুজান আতিশয় অনিৰ্ব্বাৰ ॥৫৩
ৰাজাগণে শৰ বৰিষয় যত যত ।
খান খান কৰিয়া কাটয় আকাশত ॥৫৪
সমস্তে শৰক ছন্ন কৰিলা লক্ষ্মণে ।
শিশিৰ শুষিল যেন ৰবিৰ কিৰণ ॥৫৫
শৰচয় বিনাশি লক্ষ্মণে অনন্তৰে ।
গোটে গোটে ৰাজাক তাড়িলা নিজশৰে ॥৫৬
শৰ ছোটে ফুটি মহাকোপ কৰি মনে ।
লক্ষ্মণক মধ্য কৰি বেঢ়িলা তেখনে ॥৫৭
একেশ্বৰ লক্ষ্মণ অনেক ৰাজাগণ ।
ৰামচন্দ্ৰে দেখন্ত বিষম ভৈল ৰণ ॥৫৮
উঠিলা তেখনে কোপ কৰিয়া মনত ।
সীতাক থৈলন্ত বিশ্বামিত্ৰৰ পাশত ॥৫৯
নমস্কাৰ কৰি ৰামে বুলিলা ঋষিক ।
তোমাৰ হাতত সমৰ্পিলোঁ জানকীক ॥৬০
শিষ্যগণ সমন্বিতে ৰাখিবা সীতাক ।
শৰে হানি সমৰত মাৰোঁ ৰাজা জাক ॥৬১
বাম হাতে ধনু ধৰি পিঠিত চোখৰ ।
পৱন সঞ্চাৰে লাগ লৈলা লক্ষ্মণৰ ॥৬২
জনক নৃপতি আসি চতুৰঙ্গ দলে ।
ৰাম লক্ষ্মণৰ লাগ লৈলা কৌতূহলে ॥৬৩
একে লক্ষ্মণৰ ৰণে নাই ভয় ভীত ।
ৰামে লাগ পাইল গৈয়া জনক সহিত ॥৬৪
এক থান হুয়া পাচে তিনি বীৰবৰ ।
পঞ্চ লক্ষ ৰাজা সমে কৰন্ত সমৰ ॥৬৫
আম্ফাল কৰিলা তিনি জনে আতিশয় ।
তিনিৰ আন্দোলে মহীমণ্ডল কম্পয় ॥৬৬
কৰিলন্ত সিংহনাদ মহা ভয়ঙ্কৰ ।
ত্ৰাস হুয়া কম্পিল সকলে চৰাচৰ ॥৬৭
তিনি মহাবীৰে ধনু ধৰি খৰতাৰ ।
নলক্ষয় কেহো কেতিক্ষণ কৰে শৰ ॥৬৮
যত যত শৰ প্ৰহাৰিল ৰাজা জাক ।
পথতে কাটিল তিল সম কৰি তাক ॥৬৯
পাচে তিনি শৰ কৰি ছানিল গগন ।
ৰাত্ৰি যেন ভৈল নাহি ৰবিৰ প্ৰসন ॥ ৭০
অবিচ্ছেদে মেঘে যেন কৰি বৰিষণ ।
সেহিমতে শৰ প্ৰহাৰিলা তিনি জন ॥৭১
নিৰন্তৰে ৰাজাগণে ফুটি শৰ চোটে ।
পৰম বিহ্বল ভৈলা সেপকো নোঢোকে ॥৭২
বোম্বালে ৰুধিৰ বহে শৰীৰ ঢাকিয়া ।
সেনাগণ সকলে ভাগিল ফাট দিয়া ॥৭৩
শৰে ফুটি ৰাজাগণ উঠিল ফিটায়া ।
জ্বলিল পাবক যেন ঘৃত দান পায়া ॥৭৪
ধনু ধৰি টঙ্কাৰিলা বীৰ নাদ কৰি ।
কৰ্ণে তাল হানিল কম্পিল বসুন্ধৰি ॥৭৫
কৰিলেক নিৰন্তৰে শৰ বৰিষণ ।
ভৈল অন্ধকাৰ ঢাকি ৰবিৰ কিৰণ ॥৭৬
মহাশৰ চোটে ফুটিলন্ত তিনি বীৰ ।
বহয়ে ৰুধিৰ থিৰ নুহিকে শৰীৰ ॥৭৭
বৃদ্ধ ৰাজা জনক ভৈলন্ত অচেতন ।
শৰে লালকাল আতি ভৈলন্ত লক্ষ্মণ ॥৭৮
ৰামো আশকত হুয়া থাকি কতোক্ষণ ।
কোপে প্ৰজ্বলিত ভৈলা যেন হুতাশন ॥৭৯
বজ্ৰসম ধনুখানি বাম হাতে ধৰি ।
বহুবাৰ ফুৰাইলন্ত চক্ৰাকাৰ কৰি ॥৮০
পৰম আটোপে কোপে কৰিল টঙ্কাৰ ।
ত্ৰৈলোক্যৰ লোকৰ লাগিল চমত্কাৰ ॥৮১
পাঞ্চলক্ষ ৰাজাক ধাইলন্ত কোপ কৰি ।
মৃগ দেখি ধাইল যেন প্ৰমত্ত কেশৰী ॥৮২
দেখিয়া ৰামক ৰাজাগণ ভৈলা ভয় ।
কুপিত যমক দেখি যেন প্ৰজাচয় ॥৮৩
পাক দিয়া ধনুখানি কৰিয়া কুণ্ডলি ।
ঘোৰ শৰচয় প্ৰহাৰিলা মহাবলী ॥৮৪
দাৰুণ সন্ধানে ৰাজাগণে তেজে প্ৰাণ ।
ঢাকিল বিদিশ দিশ হানি কুশবাণ ॥৮৫
ঘোৰতৰ আটাস তেজিল ভয়ঙ্কৰ ।
কৰ্ণত হানিলা তাল সমস্ত লোকৰ ॥৮৬
নিৰন্তৰে লোক ৰহি আছিল তথাত ।
মহাভয়ে ফুৰিফুৰি পৰিল তথাত ॥৮৭
ভৈগৈল তবধ লোক যেন ব্ৰজপাতে ।
কদলী বনক যেন নিদলিল বাতে ॥৮৮
ৰামশৰে ফুটি ৰাজাগণ সমুদায় ।
ভৈল অচেতন ধাৰে তেজ বহি যায় ॥৮৯
কাহাকো মাজতে কাটি কৰিল দুখান ।
কতো ৰাজাগণ মৰি গৈল যমথান ॥৯০
ৰাঘৱৰ শৰচয় পৰম প্ৰচণ্ড ।
দীঘল বৰ্ত্তুল থূল যেন যমদণ্ড ॥৯১
আকৰ্ণ পূৰিয়া টানি কৰন্ত প্ৰহাৰ ।
হস্তী ঘোঁড়া ৰথপতি কাটিলা অপাৰ ॥৯২
কৰিলন্ত ৰামচন্দ্ৰে দুৰ্ঘোৰ সমৰ ।
ৰুধিৰ বহিল নদী মহা ভয়ঙ্কৰ ॥৯৩
নতো শুনি দেখি হেন ৰণ বিপৰীত ।
পলাই ৰাজা প্ৰজাগণ হুয়া ভয় ভীত ॥৯৪
বাপে পোৱে নসম্বৰে লৱৰে ভয়ত ।
গিৰগিৰ মাত্ৰ শুনি সমস্ত দিশত ॥৯৫
পলাই প্ৰজা দেখি শুভদত্ত মহাৰাজ ।
ৰাঘৱক ধাইল কোপে সংগ্ৰামৰ মাজ ॥৯৬
ৰামে শুভদত্তক ধাইলন্ত কোপমনে ।
হস্তীক দেখিয়া যেন ধাইলা পঞ্চাননে ॥৯৭
দুয়ো বীৰ ধনুধৰি কৰন্ত আম্ফাল ।
দুইহানো আন্দোলে আতি যায় ভূমিচাল ॥৯৮
ধনুক টঙ্কাৰি দুয়ো প্ৰহাৰিলা বাণ ।
দুয়ো শৰ আকাশত ভৈলা একথান ॥৯৯
শৰত পৰ্য়া শৰ বহ্নি জ্বলি গৈল ।
সেহি বহ্নি জ্বলি দুয়ো শৰ ভস্ম ভৈল ॥১০০
পাচে ৰামে প্ৰহাৰিলা দশপাট শৰ ।
শুভদত্তে দশ শৰ কাটিলা ৰামৰ ॥১০১
আন দশ শৰে ভেদিলেক ৰাঘৱক ।
দুৰ্জ্জয় শৰীৰ ৰামে সহিলা শৰক ॥১০২
শৰ পায়া ৰাঘৱৰ ক্ৰোধ জ্বলি গৈলা ।
কুৰি পাট শৰ তূণ হন্তে বাছি লৈলা ॥১০৩
গুণত চড়ায়া টানি আনি কৰ্ণ মানে ।
শুভদত্ত নৃপতিক হানিল সন্ধানে ॥১০৪
বাজ হুয়া গৈল শৰ পৰি হৃদয়ত ।
আৰু তিনি পাট ভেদিলন্ত ললাটত ॥১০৫
ধ্বজ গোট কাটি সাৰথিৰ লৈলা প্ৰাণ ।
চাৰি ঘোঁৰা মাৰি ভাঙ্গিলন্ত ৰথখান ॥১০৬
ধনুখান কাটিলন্ত মাৰি ক্ষুৰ বাণ ।
কৃপায়ুত হুয়া তাৰ নলৈল পৰাণ ॥১০৭
লালকাল হুয়া আতি ৰামৰ শৰত ।
আধামৰা হুয়া পলাই গৈলা শুভদত্ত ॥১০৮
হেন দেখি শতধনু ৰাজা কোপমনে ।
আইস বুলি তাৰ লাগ লৈলন্ত লক্ষ্মণে ॥১০৯
সুমিত্ৰাৰ তনয় প্ৰচণ্ড ধনুৰ্দ্ধৰ ।
কৰিলন্ত সিংহনাদ আতি ভয়ঙ্কৰ ॥১১০
দিশ পাশ আকাশ পৃথিৱী কম্পি গৈলা ।
মহামন ত্ৰাসে ৰিপুগণ ভয় ভৈলা ॥১১১
মৃগপাল শুনি যেন সিংহৰ আটাস ।
প্ৰাণ ৰাখি শত্ৰুগণ পলাই দিশ পাশ ॥১১২
দেখি কোপ কৰি শতধনু বিপৰীত ।
ৰথে চড়ি লক্ষ্মণৰ আগে উপস্থিত ॥১১৩
ভূমিত লক্ষ্মণ ৰথে শতধনু বীৰ ।
লাগিল দাৰুণ ৰণ ৰথী বিৰথীৰ ॥১১৪
দেখি ৰাজা জনকৰ মনে নসহয় ।
মাতিয়া বোলন্ত পুত্ৰ শুনিয়ো অজয় ॥১১৫
ৰথা সাজি ঝাণ্টে লক্ষ্মণৰ লৈয়ো লাগ ।
তাতে চড়ি শত্ৰু মাৰন্তোক মহাভাগ ॥১১৬
হুয়োক সাৰথি ৰথী হৈবন্ত লক্ষ্মণ ।
কৰিয়া সমৰ মাৰিয়োক ৰিপুগণ ॥১১৭
মই লাগ লৈবো চতুৰঙ্গ দলে সাজি ।
ৰাজা সকলক ৰণে জিনিয়োক আজি ॥১১৮
অজয় কুমাৰে শুনি পিতৃৰ বচন ।
দশ গোটা ঘোঁড়াৰে সাজিল ৰথখান ॥১১৯
আতি চমত্কাৰ কৰিলন্ত ৰথবৰ ।
বান্ধিলা বিজয় ধ্বজ ৰথৰ ওপৰ ॥১২০
নানা অস্ত্ৰ শস্ত্ৰচয় নিবন্ধিয়া থৈল ।
বায়ু বেগে গৈয়া লক্ষ্মণৰ লাগ লৈল ॥১২১
লক্ষ্মণক বুলিলন্ত বচন বিনয় ।
মোহোৰ অজয় নাম জনক তনয় ॥১২২
চড়িয়োক ৰথে মই সাৰথি তোমাৰ ।
কৰিয়োক লীলায়ে শত্ৰুক বুন্দামাৰ ॥১২৩
লক্ষ্মণে শুনিয়া পাচে বাণী অজয়ৰ ।
ডেও দিয়া চড়িলন্ত ৰথৰ ওপৰ ॥১২৪
প্ৰকাশন্ত লক্ষ্মণ ৰথত হুয়া থিৱ ।
সাজা সকলৰ দেখি উৰি গৈল জীৱ ॥১২৫
পৱন সঞ্চাৰে ৰথ ফুৰান্ত অজয় ।
নমনিয় ৰথবেগে পৃথিবী কম্পয় ॥১২৬
ধূলায়ে ঢাকিল ৰণ ধৰণী সকল ।
পাচে ৰথখান থিৰ কৰি মহাবল ॥১২৭
ৰাখিলন্ত নিয়া শতধনুৰ পাশত ।
লক্ষ্মণক শতধনু দেখিয়া আগত ॥১২৮
আতি আড়ম্বৰে সাজ ভৈলা যুজিবাক ।
দুয়ো মহাবীৰ ধনু ধৰি দিলা পাক ॥১২৯
দুয়ো দুইকো শৰ প্ৰহাৰন্ত একেবাৰে ।
আকাশত চলে শৰ বিদ্যুত সঞ্চাৰে ॥১৩০
দুইৰো শৰ বৰিষণে ঢাকিল গগন ।
ভৈল অন্ধকাৰ নাহি ৰবিৰ প্ৰসন ॥১৩১
সকলে আকাশখান দেখি শৰময় ।
সুৰাসুৰ নৰ মুনি ভৈল মহাভয় ॥১৩২
দুইৰ শৰে দুই ফুটিলন্ত নিৰন্তৰ ।
জৰ্জ্জৰিত ভৈল দুইহন্তৰ কলেৱৰ ॥১৩৩
দুইহানো শৰীৰ ঢাকি ৰুধিৰ বহয় ।
ফুলিল অশোক যেন প্ৰকাশ কৰয় ॥১৩৪
ৰণে আতি সুজান লক্ষ্মণ বীৰবৰ ।
কাটিলন্ত ধনু শতধনুৰ হাতৰ ॥১৩৫
খৰতৰ শৰে পাচে ভেদিলন্ত তনু ।
শৰ চোটে বিহ্বল ভৈলেক শতধনু ॥১৩৬
স্বস্থ হুয়া পাচে শতধনু গৈলা ৰাগি ।
প্ৰহাৰিলা মুদ্গৰ লক্ষ্মণক লাগি ॥১৩৭
দেখিয়া লক্ষ্মণে কাটিলন্ত শৰে হানি ।
পাচে শতধনু শূল প্ৰহাৰিলা টানি ॥১৩৮
তাকো খণ্ড খণ্ড কৰি লক্ষ্মণে কাটিলা ।
তাতে পাচে শতধনু শকতি মাৰিলা ॥১৩৯
মহাশব্দে কৰিয়া শকতি ধায়া আসে ।
লক্ষ্মণে হানিয়া শৰ কাটিলা আকাশে ॥১৪০
দেখি শতধনু মহা অসন্তোষ পাইল ।
ভয়ঙ্কৰ গদা গোট হানিয়া পাঠাইল ॥১৪১
আকাশত আসে গদা মহাবেগ ধৰি ।
কাটিলা লক্ষ্মণে গদা সাতখান কৰি ॥১৪২
শতধনু দেখে মোৰ গদা ভৈল নাশ ।
পাচে লক্ষ্মণক প্ৰহাৰিলা নাগ পাশ ॥১৪৩
লক্ষ্মণে দেখন্ত নাগ পাশ আসে খেদি ।
হানিয়া গৰুড় বাণ পেলাইলন্ত ছেদি ॥১৪৪
কৌতূহলে লক্ষ্মণে ছেদিলা নাগ পাশ ।
হানিলন্ত বহ্নি বাণ দেখি লাগে ত্ৰাস ॥১৪৫
প্ৰলয়ৰ বহ্নি সম চলয় সত্বৰে ।
নিমাইলেক শতধনু বৰুণৰ শৰে ॥১৪৬
দেখি বৰ কোপ জ্বলি গৈল লক্ষ্মণৰ ।
শূল পাট লৈলন্ত দেখিতে লাগে ডৰ ॥১৪৭
প্ৰকাশ কৰন্ত শূল ধৰিয়া হাতত ।
যেন মহেশ্বৰ আতি প্ৰলয় কালত ॥১৪৮
চাতৰ মৃদুৰা ঘটা আছে থানে থানে ।
কালান্তক যম যেন দেখি বিদ্যমানে ॥১৪৯
কৰে লহলহ অগ্ৰ প্ৰদেশ শূলৰ ।
দেখি ত্ৰাসযুত ভৈলা দেৱাসুৰ নৰ ॥১৫০
মাৰিলা লক্ষ্মণে শূল আৰ্ত্তনাদ কৰি ।
পলায় দেৱগণ কম্পি গৈলা বসুন্ধৰী ॥১৫১
দেখি মহাভয়ে শতধনু নৃপবৰ ।
লৱৰি পৰাইলা বেগে নামিয়া ৰথৰ ॥১৫২
ৰথে পৰি শূল বহ্নি জ্বলি বিপৰীত ।
ভস্ম হৈল ৰথ ঘোঁৰা সাৰথি সহিত ॥১৫৩
ৰাজাগণে দেখে শতধনু ভঙ্গ খাইল ।
শৰ ধনু ধৰি সবে লক্ষ্মণক ধাইল ॥১৫৪
একেবাৰে ধায় সেনা সাগৰ সমান ।
লক্ষ্মণে সবাকো ঢাকি বৰিষিলা বাণ ॥১৫৫
মহা তীক্ষ্ণতৰ শৰ ত্ৰিশূল সাক্ষাত্ ।
হেন শৰে হানি সেনা কৰিলন্ত নিপাত ॥১৫৬
ৰাজা প্ৰজাগণ মাৰি লৈযান্ত নিদলি ।
মৃগগণ পায়া যেন সিংহ মহাবলী ॥১৫৭
হস্তী ঘোঁৰা ৰথপতি কাটিলা অপাৰ ।
যমে যেন প্ৰজাগণ কৰন্ত সংহাৰ ॥১৫৮
উৰু শিৰ কাৰো কাটে বাহু বক্ষঃস্থল ।
কাৰো নাক কাণ কাৰো ছিণ্ডিলেক গল ॥১৫৯
কেহো আধা মৰা কেহো সমুলি মৰিল ।
মৰাশৱ সবে ৰণ ধৰণী ভৰিল ॥১৬০
ৰুধিৰে বহৱে নদী দেখি লাগে ডৰ ।
মহাভয়ে ভঙ্গ দিলা ৰাজা নিৰন্তৰ ॥১৬১
হস্তী ঘোঁড়া ৰথছত্ৰ ধ্বজ দণ্ড যত ।
অস্ত্ৰ শস্ত্ৰ বস্ত্ৰ এৰে প্ৰাণৰ ভয়ত ॥১৬২
মুখত উশাসে আতি লৱৰি পলায় ।
কাৰ কোন কৈক গৈল থান থিতি নাই ॥১৬৩
খুৰা জেঠা মামা পেসা সুহৃদ সোদৰ ।
বাপে পোৱে এৰা এৰি ভৈল নিৰন্তৰ ॥১৬৪
পায়া আছে সেনাগণ লক্ষ্মণৰ কাণ্ডে ।
বিষতে মৰয় তেজ বহে ধাৰা দণ্ডে ॥১৬৫
বাটত পৰিয়া থাকে যাইবাক নপাৰে ।
হস্তী ঘোঁড়া ৰথে পায়া চটকিয়া মাৰে ॥১৬৬
সাগৰ সঙ্কাশ সেনা লণ্ড ভণ্ড ভৈল ।
কতোহো মৰিল কতোকতো পলাই গৈল ॥১৬৭
পাচক নচাৱে মাত্ৰ পলায় ৰাজাগণ ।
ৰথে চড়ি পৰিহাস কৰন্ত লক্ষ্মণ ॥১৬৮
ৰহ আৰে দুষ্ট ৰাজাসৱ কৈক যাস ।
ছৱালত ৰণ হাৰি কিসক পলাস ॥১৬৯
বৰিষেক আছস সীতাক আশা কৰি ।
এবে কি কাৰণে যাস তাঙ্ক পৰিহৰি ॥১৭০
ক্ষত্ৰি হুয়া যুদ্ধ পায়া কৰ পৰিহাৰ ।
ধিক বাহুবল ধিক জীৱন তোমাৰ ॥১৭১
পাঞ্চ লক্ষ ৰাজা একে ছৱালত হাৰি ।
শৃগালৰ পাল যেন পলাই লেঞ্জ মাৰি ॥১৭২
আসিলি সীতাক বিহা কৰিবাৰ কাজে ।
নকৰি বিবাহ পলাই যাস কোন লাজে ॥১৭৩
স্ত্ৰীৰ আগত কিবা কহিবি মহত ।
বোলন্ত লক্ষ্মণে উপালম্ভ নানা মত ॥১৭৪
প্ৰাণৰ কাতৰে ৰাজাগণ নিৰন্তৰ ।
নুশুনিল ভয়ে পলাই গৈল নিজঘৰ ॥১৭৫
আনায়াসে লক্ষ্মণ ভৈলেক ৰণজয় ।
আকাশত দেৱগণে পুষ্প বৰিষয় ॥১৭৬
জয় জয় বুলিয়া কোঢ়াল কৰে ছানি ।
ধন্য ধনুৰ্দ্ধৰ মহাবীৰ চূড়ামণি ॥১৭৭
অজয় সহিতে ৰণ জিনিয়া লক্ষ্মণে ।
নিবৰ্ত্তিয়া আসি দুয়ো মহাৰঙ্গ মনে ॥১৭৮
প্ৰণামিল বিশ্বামিত্ৰ মুনিক হৰিষি ।
আশীৰ্ব্বাদ কৰি গাৱ মাৰ্জ্জিলন্ত ঋষি ॥১৭৯
মুনিৰ প্ৰসাদে দুইৰো গুচিল ভাগৰ ।
লক্ষ্মণে নমিলা পাচে চৰণে ৰামৰ ॥১৮০
ৰামে লক্ষ্মণক গলে বান্ধিয়া ধৰিলা ।
মুখে চুমা দিয়া বহু প্ৰশংসা কৰিলা ॥১৮১
ভৈলন্ত হৰিষ আতি নৃপতি জনক ।
অজয় সহিতে প্ৰশংসিলা লক্ষ্মণক ॥১৮২
সীতা গোসানীৰ আতি আনন্দ বিস্তৰ ।
শুনা ৰামায়ণ সভাসদ নিৰন্তৰ ॥১৮৩
লভিবা মুকুতি দুখ হৈব উপশাম ।
ডাকি ঘনে ঘনে ঘোষিয়োক ৰাম ৰাম ॥১৮৪