দশৰথৰ বৰ : কৈকেয়ীক
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৬ অধ্যায়
- দশৰথৰ বৰ : কৈকেয়ীক
ইন্দ্ৰ সমে দেৱতাত মাগিয়া মেলানি ।
অযোধ্যাক আনন্দে আসিলা মহামানী ॥১
দিব্য ৰথে চড়ি দশৰথ মহাৰজ ।
প্ৰবেশিলা গৈয়া নিজ ওৱাৰিৰ মাজ ॥২
দিব্য সিংহাসনত বসিলা ৰাজা গই ।
স্বামী আসিবাৰ পাচে দেখিয়া কৈকেয়ী ॥৩
সাদৰে প্ৰণাম আসি কৰিলা সুন্দৰী ।
আশ্বাসিলা নৃপতি তাহাক হাতে ধৰি ॥৪
মহাৰণ কৰি শ্ৰম পাইলা নৃপবৰ ।
ঈষত কুঞ্চিত মুখ পড়িল ঝামৰ ॥৫
দেখি মহাদই নানা মত সেৱা কৰি ।
স্বামীৰ শ্ৰমক দূৰ কৰিলা সুন্দৰী ॥৬
নানা ভাৱে নৃপতিৰ চিত্ত সন্তোষিলা ।
কৈকেয়ীক চাই ৰাজা বচন বুলিলা ॥৭
সেৱা কৰি সন্তোষ কৰাইলি দেৱী মোক ।
খোজ মোত দেহি লাগে দিবোঁ বৰ তোক ॥৮
মহাদই বোলে সত্য কৰিয়োক আগে ।
তেবেসে মাগিবোঁ বৰ যেহি মোক লাগে ॥৯
শুনি সত্য অঙ্গীকাৰ কৰিলা নৃপতি ।
সত্যে বোলোঁ যেহি খোজাঁ তাকে দিবোঁ সতী ॥১০
কুজীত কৈকেয়ী পুছিলন্ত মাতি আনি ।
বৰ দিবে চাহে ৰাজা কৰি সত্য বাণী ॥১১
কুজী বোলে বৰ মাৱ নলৈবা এখন ।
যদি বৰ দিবাক ৰাজাৰ আছে মন ॥১২
সময় পাইলেসে বৰ মাগিবা ৰাজাত ।
শুনিয়া কৈকেয়ী বোলে কৰি যোৰ হাত ॥১৩
শুনিয়োক প্ৰভু বোলোঁ স্বৰূপ বচন ।
মোক বৰ দিবাক তোমাৰ আছে মন ॥১৪
এতিক্ষণে তোমাত নলৈবোঁ মই বৰ ।
সময়ত খুজিলে দিবাহা নৰেশ্বৰ ॥১৫
এহিমতে দশৰথ ভাৰ্য্যায়ে সহিত ।
নানাবিধ ভোগ ভুঞ্জিলন্ত মনোনীত ॥১৬
পাত্ৰ মন্ত্ৰীসমে ৰাজ্য কৰে নৃপবৰ ।
গৈলা কাল বহি সাত সহস্ৰ বত্সৰ ॥১৭
অনন্তৰে গ্ৰহগতি দৈৱৰ বিপাক ।
মহাব্ৰণ গোট হুয়া পীড়য় ৰাজাক ॥১৮
গুহ্যৰ ভিতৰে ব্ৰণ ভৈলা আতি টান ।
বেদনাত ৰাজাৰ সঙ্কলে যেন প্ৰাণ ॥১৯
শুকাই গৈল মুখ পানী নাহিকে জিভাত ।
নাহিকে চেতন যেন পাগল সাক্ষাত ॥২০
পাত্ৰ মিত্ৰ পুৰোহিত আসিলা সকল ।
মহাদইগণ সব ভৈলন্ত বিকল ॥২১
নিৰন্তৰে লোকৰ চিন্তাৰ নাহি পাৰ ।
প্ৰাণৰ সংশয় আসি মিলিল ৰাজাৰ ॥২২
নাহি ভাত পানী একো হৰিল চেতন ।
আসিলন্ত বৈদ্য ধন্বন্তৰিৰ নন্দন ॥২৩
মহামন্ত্ৰে জাৰিয়া ঔষধ দিলা আনি ।
নৃপতিক বৈদ্যে পাচে বুলিলন্ত বাণী ॥২৪
চাইবোঁ তোমাক মই কৰিয়া যতন ।
উপায়েসে ৰহে ৰাজা তোমাৰ জীবন ॥২৫
ঘিণ এৰি তোমাৰ গুহ্যত মহাৰাজ ।
মুখ দিয়া হুপিয়া কৰোক পুঁজ বাজ ॥২৬
বৈদ্য হেন উপদেশ বচন বুলিলা ।
অধিকে ৰাজাৰ আবে বেদনা মিলিলা ॥২৭
ইতো মোৰ কাৰ্য্য সাধিবেক কোন জন ।
চিন্তা বিষে আতিশয় ভৈলা অচেতন ॥২৮
চেতন কৰাইল পাচে সবে মিলি ধৰি ।
ৰাজাৰ সমুখ ভৈলা কৈকেয়ী সুন্দৰী ॥২৯
বোলন্ত মূৰ্চ্ছিত তুমি নহৈবা নৃপতি ।
ই কাৰ্য্য তোমাৰ মই সাধিবোঁ সম্প্ৰতি ॥৩০
কৈকেয়ীৰ বাণী শুনি ভৈলা সবে ত্ৰাস ।
কিমত কাৰ্য্যক সতী কৰিলন্ত সাস ॥৩১
নৃপতিৰ গুহ্যত কৈকেয়ী মুখ দিল ।
বায়ু ধৰি দেবী টান কৰিয়া হুম্পিল ॥৩২
ভোসৰিল ব্ৰণ সবে পুঁজ ভৈল বাজ ।
গুচিল বেদনা স্বস্থ ভৈল মহাৰাজ ॥৩৩
ব্ৰণপীড়া এৰাইয়া হৰিষ আতি ভৈলা ।
কৈকেয়ীৰ মুখ চাই মাতিবাক লৈলা ॥৩৪
সাৰ্থক কৰিলোঁ বিহা তোমাক সুন্দৰী ।
মহাব্ৰণ বেদনাত যাওঁ মই মৰি ॥৩৫
তোমাৰেসে প্ৰসাদে ৰহিল মোৰ প্ৰাণ ।
নাহি আন প্ৰিয়া আৰু তোমাৰ সমান ॥৩৬
কৰাইলা সন্তোষ কৰ্ম্ম কৰি গৰিহিত ।
লৈয়ো যেহি লাগে বৰ মনৰ বাঞ্ছিত ॥৩৭
শুনিয়া কৈকেয়ী বাক্য বুলিলা ৰাজাক ।
পূৰ্ব্বে এক বৰ দিয়া আছাহা আমাক ॥৩৮
ভক্তি দেখি আৰু বৰ দিবে খোজাঁ মোক ।
সভাৰ মাজত সত্য কৰি বুলিয়োক ॥৩৯
যেতিক্ষণ যিবা বাঞ্ছোঁ দিবা সেহি বৰ ।
সত্য কৰি বোলে ৰাজা সভাৰ ভিতৰ ॥৪০
তাকে দিবোঁ যিবা মোত খোজাঁ যেতিক্ষণ ।
হেন শুনি কৈকেয়ীৰ তুষ্ট ভৈলা মন ॥৪১
বাৰম্বাৰ ৰাজা কৈকেয়ীক দিলা বৰ ।
দৈবৰ নিৰ্ব্বন্ধ আতি আছয় পূৰ্ব্বৰ ॥৪২
তাক এৰাইবাক লাগি কাহাৰ শকতি ।
আত পৰে কথা আৰে শুনিয়ো সম্প্ৰতি ॥৪৩