সীতাই ৰাৱণক অভিশাপ দিয়ে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায়
সীতাই ৰাৱণক অভিশাপ দিয়ে ।
- ঝুমুৰি
ৰামে তোক মাৰিৱন্ত ।
মোৰ মান সাৰিৱন্ত ॥১
লঙ্কা পুৰী দহিৱন্ত ।
দুৰ্গতিতো তাৰিৱন্ত ॥২
তোৰ অন্ত দহিৱন্ত ।
অনুশোচ কৰিৱন্ত ॥৩
দুষ্টজন নাশিৱন্ত ।
হাতে ধনু ধৰিৱন্ত ॥৪
হেলে সিন্ধু তৰিৱন্ত ।
শোক পৰিহৰিৱন্ত ॥৫
কৌতুকক কৰিলন্ত ।
শত্ৰুগণ মাৰিৱন্ত ॥৬