ইন্দ্ৰজিত বধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৪ অধ্যায় ।
- ছবি ।
- ইন্দ্ৰজিত বধ ।
ৰাক্ষস কুলত আমি, উতপতি লভিলোহোঁ,
- ধৰ্ম্ম ছাৰি নজানিলো আন ।
আপোনাৰ কথা নিয়া, আনত লগাস আনি,
- বোলাঁ মোক পাপেসে প্ৰধান ॥১
লক্ষ্মণৰ শৰে তোৰ, আটি মুটি ভাঙ্গিবেক,
- অন্যায় কৰিলি যত যত ।
বাপেপুতে তোৰ আৰ, দেখাদেখি নহৈবেক,
- ৰণমাজে প্ৰাণে হুইবি হত ॥২
হেন শুনি মহাবলী, কোপে অগ্নিসম জ্বলি,
- তাৰিলেক বচন প্ৰহাৰ ।
যাক তুমি মাল সাজি, আনিলা খুৰাই আজি,
- সিটো নহে সদৃশ আমাৰ ॥৩
তোমাক যে লক্ষ্মণক, আজি খান দিবোঁ দুইক,
- দুৰ্ব্বাৰ যমৰ সদনত ।
পাছে দুহানৰ সঙ্গে, সেনাগণ মাৰোঁ ৰঙ্গে,
- ভালুক বানৰ গণযত ॥৪
দুইবাৰে দুই ভাইক, সমৰত মাৰিলোহোঁ,
- মাথা নকাটিলো বৰ ঘিণে ।
খাণ্ডাৰেসে ছেৰ মোৰ, সুমিত্ৰা নন্দন বীৰ,
- কেন মতে বোলাঁ মোক জিনে ॥৫
তুমি হেন খুৰাই মোৰ, মুত্ৰত সান্তোৰা যেন,
- লক্ষ্মণক বোল বীৰ ভাল ।
ইকিকথা পতিয়াবা, মানুষে মাৰিবে পাৰে,
- বাঘ মাৰিলেসে পাৱে ছাল ॥৬
হাস্য কৰিকিঞ্চিতেক, লক্ষ্মণেয়ো বুলিলন্ত,
- শুনৰে অধম নিশাচৰ ।
আপনাক বৰ কৰি, পৰক নিন্দয় যিবা,
- তাকে বুলি নিলাজ পামৰ ॥৭
যিবা বহু বীৰগণ, জিনি আছ কৰি ৰণ,
- ৰাৱ পাৰে পৰি ধৰণীত ।
তাকে বোলে সৰ্ব্বজনে, থিৰ বীৰ ধীৰগণে,
- সেহি বীৰ জগতে বিদিত ॥৮
পৰক কুচ্ছাহ বাক্য, পৰিহৰি যিটো বীৰে,
- সমৰত জিনিতে পাৰয় ।
গম্ভীৰ চৰিত্ৰ তাৰ, সিসে বীৰ বলীয়াৰ,
- সৰ্ব্বজনে তাকে বখানয় ॥৯
প্ৰলয়ত বৈশ্বানৰে, সমস্তকে দগ্ধ কৰে,
- তেহে গৈয়া কাহাক তৰ্জ্জন্ত ।
গিৰি তৰু বন সব, উপাৰিয়া কৰে চণ্ণ,
- বায়ু ৰাজা কাহাক গৰ্জ্জন্ত ॥১০
মায়াবলে চোৰবৃত্তি, দুই ভাইক জিনিয়াযে,
- তাতেসে তোৰ যে বৰ গহ ।
মৌনক আচৰি মই, সব কাৰ্য্য সাধিবোহোঁ,
- শৰৰ প্ৰহাৰ মোৰ সহ ॥১১
শুনি কোপে নিশাচৰে, শানাইল অনেক শৰ,
- তাৰিলেক লক্ষ্মণৰ গাৱে ।
যেন পৰ্ব্বতৰ পৰা, বহি যাই গেৰুধাৰা,
- বোম্বানলে ৰুধিৰ বজাৱে ॥১২
সম্বুধি বোলয় অৰে, শুন সুমিত্ৰাৰ সুত,
- আউৰ তই অযোধ্যা নপাইবে ।
হাহা প্ৰাণ ভাই বুলি, ৰামদেৱে কান্দিবন্ত,
- মোৰ হাতে যমঘৰে যাইবে ॥১৩
লক্ষ্মণে বোলন্ত অৰে, বৰ্ব্বৰ যে নিশাচৰ,
- বচনে নপাৰি জিনিবাক ।
সমৰে বিমুখ হুই, লঙ্কাক নযাইবি তই,
- নিশ্চয় মাৰিবোঁ আজি থাক ॥১৪
হেন বুলি ধনু ধৰি, কৰ্ণপূৰি দৃঢ়কৰি,
- হানিলন্ত তীক্ষ্ণ পাঞ্চবাণে ।
মহাবেগে হৃদয়ৰ, অভ্যন্তৰ পশি শৰ,
- ৰাৱণি তেজিলা যেন প্ৰাণে ॥১৫
শুনিয়োক সৰ্ব্বজন, পুণ্যকথা ৰামায়ণ,
- পাপৰ মুণ্ডত দিয়া বাৰি ।
এৰাঁ ইটো আনমন, ৰাম বোলাঁ ঘনেঘন,
- অন্তকে পলাউক প্ৰাণ ছাৰি ॥১৬
- ৩৫ অধ্যায় ।
- পদ ।
আমাক বোলস চোৰ বৃত্তি নিশাচৰ ।
এহি বুলি দাৰুণে হানিলা তিনি শৰ ॥১
অন্যায় নকৰা আজি দেখাঁ মোৰ যুজ ।
ইন্দ্ৰজিত বীৰৰ যে পৌৰুষতা বুজ ॥২
সাত শৰে লক্ষ্মণক বিন্ধিলেক টানে ।
হনুমন্তে বীৰক বিন্ধিল দশ বাণে ॥৩
মহা খঙ্গে ৰকত নয়ন নিৰন্তৰে ।
বিভীষণ বীৰক তাৰিলা শত শৰে ॥৪
শৰ যুৰি লক্ষ্মণে গম্ভীৰ কৰি গতি ।
বোলে ইন্দ্ৰজিত তোৰ পাইলো পৰাপতি ॥৫
তই বোলাৱস যোদ্ধা বীৰ অতিৰেক ।
ৰথত চড়িয়া মোক নিন্দিলি অনেক ॥৬
শুন অৰে দুৰাচাৰ অধম দুৰ্জন ।
হেৰা তোৰ সব গাৱ কৰাওঁ ভূষণ ॥৭
ৰণত পাগল তই অশকতি ভৈলি ।
বৰ খৰমৰি হুয়া ভঙ্গাৱস বেলি ॥৮
আমাৰ বিপোহোঁ বঢ়াৱস লঘু বাকে ।
যম পুৰে পেশোঁ আজি ঘোৰ শৰজাকে ॥৯
এহি বুলি মহাবীৰে তীক্ষ্ণ দশ শৰে ।
সন্নাহা কাটিয়া পেলাইলন্ত নিৰন্তৰে ॥১০
শৰীৰৰ ভেদি গৈলা ইপাৰ সিপাৰ ।
কতো বেলি নাছিলেক চেতন তাহাৰ ॥১১
ইন্দ্ৰজিতে দৃঢ় মুঠি ধনু কৰে ।
আকাশক নিৰন্তৰে ছানিলেক শৰে ॥১২
লক্ষ্মণেয়ে শৰ হানি কাটিয়া পেলাইল ।
দুয়ো বীৰে কতক্ষণে ভঙ্গক নপাইল ॥১৩
লখমণে ইন্দ্ৰজিতে দুয়ো নঘাটন্ত ।
দুইহানৰ শৰে সব দুইহানো কাটন্ত ॥১৪
শতেক সহস্ৰ কৌটি শৰৰ প্ৰমাণ ।
দুই হানো চাপৰ হন্তে নিকলিল বাণ ॥১৫
তেখনে প্ৰসন্ন হোৱে তেখনে আন্ধাৰ ।
ত্ৰৈলোক্য অজয় দুই মুনিষ যুজাৰ ॥১৬
আকাশ নিসন্ধি কৰি শৰে শৰে ছাইল ।
সূৰ্য্যৰ জ্যোতিয়ে আৰ একো নৰজাইল ॥১৭
নিসন্ধি ভৈলেক আৰ নেদেখি প্ৰসন্ন ।
দুইহান সমৰ নেদেখয় দেৱগণ ॥১৮
নিশাময় ভৈলা যেন মেঘ তমোময় ।
দুয়ো সেনা দমকিল কেহো নায়ুজয় ॥১৯
দুয়ো শৰে হানি দুয়ো ফুটিলা অপাৰ ।
অশোক পলাশ যেন দেখি জ্যোতিষ্কাৰ ॥২০
শোনিতে সিন্দুৰে যেন দীপিতি কৰয় ।
পৰ্ব্বতৰ হন্তে যেন বহে গেৰুচয় ॥২১
পাখি সমে শৰ পশি শৰীৰ কম্পাই ।
কতো শৰীৰক ভেদি পাতালক যাই ॥২২
দেৱ অসুৰৰ বৰ উলমাল চিত ।
লক্ষ্মণে জিনন্ত কিবা জিনে ইন্দ্ৰজিত ॥২৩
বিভীষণে লক্ষ্মণৰ কোল চাপিলন্ত ।
কনিয়াল বিপাট অনেক হানিলন্ত ॥২৪
আন একো ওছ নোহে শৰ বৰিষন্ত ।
অসংখ্যাত ৰাক্ষস সেনাক মাৰিলন্ত ॥২৫
আপনাৰ সেনাগণ সব ছপকৰে ।
ৰাৱণ কনিষ্ঠে নিয়া যোগাইলা সমৰে ॥২৬
সিংহক দেখিয়া যেন হৰিণ পলাইল ।
ৰাৱণিত গৈয়া সবে শৰণ সোমাইল ॥২৭
বিভীষণে বোলন্ত শুনিয়ো কপিগণ ।
দিয়োক আমাৰ বচনক সবে মন ॥২৮
ত্ৰৈলোক্যত সাৰ আতি এহি পাপীজন ।
ইপৰিলে জানিবাহা পৰিলা ৰাৱণ ॥২৯
পুত্ৰৰ বধৰ মই বোলোহোঁ উপায় ।
অযুগুত কৰ্ম্ম কৰিবাক নুযুৱায় ॥৩০
উপদেশ দিয়া হেৰা সমৰত মাৰোঁ ।
ৰামৰ কাৰ্য্যত থাকি হেন পাপ কৰোঁ ॥৩১
মোহোৰ কাৰণে প্ৰাণ পুত্ৰৰ মৰণ ।
দেখাঁ মোৰ শোকে ইটো ঝৰয় নয়ন ॥৩২
কোলায়ে বোকায়ে তুলিলোহো মেঘনাদ ।
মায়াময় সংসাৰৰ জ্বলয় বিষাদ ॥৩৩
অসংখ্য পৰিল মুখ্য নিশাচৰ গণ ।
যাৱত নপৰে ইটো সমৰে ৰাৱণ ॥৩৪
কপিগণ ঝাণ্ট কৰি সৈন্য ভঙ্গাৱাহা ।
লক্ষ্মণে মাৰিব আক পাছে দেখিবাহা ॥৩৫
বিভীষণে হেন মতে বিপোহোঁ বঢ়াইলা ।
হনুমন্ত জাম্বৱন্ত সবে সেনা ধাইল ॥৩৬
অনেক অস্ত্ৰক ধৰি পৰ্ব্বত শিখৰ ।
সম্মুখে যে যুজয় বানৰ নিশাচৰ ॥৩৭
দুয়োভিতি সেনাগণ লাগিল তুম্বুল ।
বৃক্ষ শিলা বৰিষন্ত শকতি ত্ৰিশূল ॥৩৮
জাম্বৱন্তে এক ভিতি সমৰ ভঙ্গাইল ।
ৰাক্ষস বলত নদী ৰুধিৰে বহাইল ॥৩৯
বিভীষণে আপনাৰ সৈন্য সমন্বিতে ।
অসংখ্য ৰাক্ষস বল ভঙ্গাইলা ত্বৰিতে ॥৪০
হনুমন্তে ভঙ্গাইলা আৱৰ ভিতি পশি ।
নিশাচৰ বল সবে পলাইলা তৰসি ॥৪১
ইন্দ্ৰজিত ধায়া গৈলা লক্ষ্মণৰ পাশে ।
দুই বীৰে যুজে শৰে যুৰিয়া আকাশে ॥৪২
দুয়ো দুইহানৰ শৰ কাটিয়া পেলাইল ।
তৰ্ত্তুল্য সমৰে কেহোঁ ভঙ্গক নপাইল ॥৪৩
দুই বীৰ যুজয় ৰণত দুয়ো সম ।
দুয়ো দুইহান্তক প্ৰহাৰয় যেন যম ॥৪৪
হিংসা হিংসি কৰি যুজে যেন দুই কাল ।
ত্ৰৈলোক্যত সাৰ দুয়ো মুনিষ বিশাল ॥৪৫
সিংহ সম জাম্পন্ত ৰণত নকম্পন্ত ।
অস্ত্ৰ সব হানন্ত নাহিকে আদি অন্ত ॥৪৬
অৱহিতে যুজন্ত ছিদ্ৰক নপাৱন্ত ।
খলখলি হাসন্ত বিপোহোঁ প্ৰকাশন্ত ॥৪৭
ত্ৰৈলোক্যত অজয় দুৰ্জ্জয় কলেৱৰ ।
পুত্ৰ দশৰথৰ তনয় ৰাৱণৰ ॥৪৮
শনাইবাৰ শৰ যত হানন্ত অপাৰ ।
মেদিনী মণ্ডলে দুয়ো মুনিষ যুজাৰ ॥৪৯
দুইহন্তে দুইহাঙ্ক কিছু ওছক নযান্ত ।
তেলীয়াৰ জান্ত যেন চোবাৱন্ত দান্ত ॥৫০
দুয়ো দুইক যুজিবাক সন্ধি অতি চান্ত ।
আস বুলি যাহন্ত পাছত নপলান্ত ॥৫১
কোন ওছ কোন পৰ বুলিতে নপাৰি ।
দেবগণে চিন্তা বৰ কৰে বুকে হাৰি ॥৫২
আৱৰে আউৰক বোলে মিলিলা প্ৰলয় ।
কিবা ইন্দ্ৰজিত কিবা লক্ষ্মণে জিনয় ॥৫৩
দুই খান ধনু দেখি মণ্ডল আকাৰ ।
টঙ্কাৰ শবদ আতি শুনি চমৎকাৰ ॥৫৪
অন্তৰ নেদেখি বাণ শৰ হানিবাৰ ।
ত্ৰৈলোক্যত সাৰ দুয়ো মুনিষ যুজাৰ ॥৫৫
আকাশৰ কাটিয়া গুচাইলো অন্ধকাৰ ।
কিৰণ পৰশে মুখ দেখি আউৰে আৰ ॥৫৬
দুয়ো দুইহান্তক ৰণে অশেষ হানন্ত ।
বানে অন্ধকাৰ কেহো কাকো নেদেখন্ত ॥৫৭
অন্ধকাৰ গুচি পুনু প্ৰসন্ন হোৱয় ।
দুয়ো বীৰে সমৰত প্ৰকাশ কৰয় ॥৫৮
সাৰথিৰ শিৰ ছেদিলন্ত এক বাণে ।
ইন্দ্ৰজিত ভূমিত পৰিল বৰ টানে ॥৫৯
বানৰ বলৰ মনে ভৈলা বৰ ৰঙ্গ ।
বিক্ৰমে ভেদিলা তাৰ ভৈলা ৰথ ভঙ্গ ॥৬০
ক্ষত বিক্ষত কৰি সেনাক মাৰিল ।
দুৰ্ঘোৰ সমৰ ভৈলা ৰাক্ষসে হানিল ॥৬১
হেন দেখি ইন্দ্ৰজিত বৰ লাজ পাইল ।
তেখনে সাৰথি ৰথ আগত যোগাইল ॥৬২
তাতে চড়ি মহাবীৰে কোপ কৰি টান ।
লক্ষ্মণক প্ৰহাৰিলা অসংখ্যাত বাণ ॥৬৩
প্ৰমাথি বানৰ বীৰে গন্ধ যে মাৰ্দ্দনে ।
সিয়ো ৰথ উপৰে পৰিলা দুয়ো জনে ॥৬৪
সম্বৰ শৰীৰে যান্তি নিৰুৎসাহী কৰি ।
মুখে তেজ নিকলিয়া ঘোড়া গৈলা মৰি ॥৬৫
জাজ্জ্বল্য সমান জ্বলি বীৰ ইন্দ্ৰজিত ।
সৈন্যক বোলন্ত তুমি নকৰিবা ভীত ॥৬৬
ক্ষণেকে থাকিয়ো যুদ্ধ প্ৰবন্ধে নভাগি ।
ৰথ সাজি আসোঁ যাই নগৰীক লাগি ॥৬৭
নগৰী পশিয়া ঝাণ্টে সাজিলেক ৰথ ।
অলঙ্কাৰে মণ্ডিলেক ঘোটক সমস্ত ॥৬৮
ধনু বাণ সাজিলা সম্ভাৰ যত যত ।
সমৰ ভূমিক গৈয়া পাইলা ক্ষণেকত ॥৬৯
শৰে হানি বানৰক ভঙ্গাইলেক ৰণত ।
শৰণ পশিলা গৈয়া বীৰ লক্ষ্মণত ॥৭০
হেন দেখি হনুমন্তে বোলে লক্ষ্মণক ।
মোহোৰ পিঠিত চড়ি যুজ ৰাক্ষসক ॥৭১
হনুৰ পিঠিত যাই চড়িল লক্ষ্মণ ।
সমৰক লাগি বীৰে কৰিলা গমন ॥৭২
যেন যুদ্ধ ভৈলা দেখন্তেহি ভয়ঙ্কৰ ।
মৰি গৈলা অনেক বানৰ নিশাচৰ ॥৭৩
সুমিত্ৰাৰ সুত বীৰ ৰণ মাজে জানি ।
ধনুৰ্গুণ ছেদিলন্ত এক বান হানি ॥৭৪
আৱৰ গুণক পাছে মেঘনাদে দিল ।
সিয়ো গুণ শৰ হানি লক্ষ্মণে ছেদিল ॥৭৫
হৃদয়ত পাঞ্চ বান হানিলা তাহাৰে ।
ইন্দ্ৰজিত মূৰ্চ্ছা গৈলা দাৰুণ প্ৰহাৰে ॥৭৬
পাঞ্চ বাণ বাজ ভৈলা হৃদয়ক ফুলি ।
পৃথিবী বিদাৰি গৈলা পাতালক বুলি ॥৭৭
ৰুধিৰে লেপিত ৰাৱণিৰ সব অঙ্গ ।
সিন্দুৰৰ বৰ্ণ যেন পঞ্চম ভুজঙ্গ ॥৭৮
কতো বেলি ইন্দ্ৰজিতে চেতনক পাইল ।
শৰে হানি লক্ষ্মণক চতুৰ্দ্দিকে ছাইল ॥৭৯
নিসন্ধি কৰিয়া শৰ হানয় আথাকে ।
বানৰত পৰিয়া মৰয় জাকে জাকে ॥৮০
লক্ষ্মণক আবৰিয়া ঘোৰ নিশাচৰে ।
বিভীষণ বীৰক তাৰিলা দশ শৰে ॥৮১
ৰাৱণৰ কনিষ্ঠে কৰিলা প্ৰতিকাৰ ।
হৃদয়ত পাঞ্চ বাণ হানিলা তাহাৰ ॥৮২
ইন্দ্ৰজিতক যে ফুলি বান বাহিৰাইল ।
শৰৰ বিষত বীৰ ৰাৱণি খঙ্গাইল ॥৮৩
পাৱকৰ অস্ত্ৰক হানিলা তেতিক্ষণে ।
ৰুদ্ৰ অস্ত্ৰে নিবাৰিলা বীৰ বিভীষণে ॥৮৪
অদভূত সমৰ খোৰত ভাতিজাৰ ।
আকাশ পৃথিবী সৰে দেখি একাকাৰ ॥৮৫
একে যেবে হানন্ত আৱৰে সংহাৰন্ত ।
বৰদত্ত দুহান্তো জিনিতে নপাৰন্ত ॥৮৬
সহস্ৰ জলিয়া ভৈলা দুইৰো কলেৱৰ ।
প্ৰাণক টাঙ্কিয়া যুজে দুয়ো বীৰবৰ ॥৮৭
সমৰত পাছ ভৰি নকৰিলা কেৱে ।
বিস্ময়ক মিলিলা অসুৰ নাগ দেৱে ॥৮৮
হেন দেখি ৰাৱণিৰ শৰীৰে নসহে ।
যেহি অস্ত্ৰ দিলা তাক ময় মাতামহে ॥৮৯
মন্ত্ৰ পঢ়ি মহাবলে হানিলেক তাক ।
অস্ত্ৰৰ অগনি নিকলয় জাকে জাক ॥৯০
আকাশ ছানিয়া বেগে বাণ বাহিৰাইল ।
কুবেৰ দিবাৰ অস্ত্ৰ লক্ষ্মণে চড়াইল ॥৯১
মন্ত্ৰ পঢ়ি হানিলন্ত জ্বলিলা অগনি ।
দুই অস্ত্ৰে এক স্থান অন্তৰীক্ষে ছানি ॥৯২
দুই অস্ত্ৰ উথলিয়া গৈলা বামালয় ।
নিষ্প্ৰভ হুয়া আকাশতে গৈলা ক্ষয় ॥৯৩
খণ্ড খণ্ড হুয়া অস্ত্ৰ ধৰণীক পাইল ।
দুয়ো বীৰে মহালাজে মাথা ছপৰাইল ॥৯৪
লক্ষ্মণে হানিয়া বাণ কৰয় আস্ফোট ।
সাৰথিৰ তাহাৰ কাটিল মাথা গোট ॥৯৫
নিয়মন্তা নাহিকে ৰথৰ চাৰি ঘোড় ।
ৰথ খান ফুৰয় পৱন সম জোৰ ॥৯৬
ইন্দ্ৰজিত ফুৰয় ৰণৰ চাৰি পাশ ।
দেখিয়া বানৰ বলে তুলিলন্ত হাস ॥৯৭
কিছু কিছু কৰিয়া বানৰে পাৰে উকি ।
মাৰ্গ দৰশিয়া কতো পাৰয় ভাবুকি ॥৯৮
ৰামসেনা হাসন্ত খেখট কৰি দান্ত ।
চাৰি ঘোড়া ফুৰে ৰাৱণিক দেখিলন্ত ॥৯৯
পৰিহাস ভঙ্গিভাৱে নাদয় ভালুক ।
আকৰ্ণ শবদে মিলি গৈলা হুক হুক ॥১০০
চাৰি ঘোড়া ফুৰয় ৰণৰ চাৰি পালি ।
ইন্দ্ৰজিতে লক্ষ্মণক পাৰিলন্ত গালি ॥১০১
অৰে সুমিত্ৰাৰ সুত খাণিতেক সহ ।
সাৰথিক মাৰিলে ইহাত মহ মহ ॥১০২
এতমান ৰাজপুত্ৰ হেনসে মহত ।
নীচৰ হাতত মোক হসুৱাস কত ॥১০৩
ৰামৰ কনিষ্ট বীৰ তইসে লক্ষ্মণ ।
অতি অল্পমতি তই লঘুতৰ জন ॥১০৪
সাত্বিক নহস তই হৱস নিলাজ ।
মাৰিছো অনেক বাৰ তোক ৰণমাজ ॥১০৫
দুয়ো ভায়েৰৰ মাথা নকাটিলো ঘিণে ।
সি সব বচন কিয় নপৰয় মনে ॥১০৬
মহা বীৰ যিটো হৱে তাৰো ভঙ্গ হয় ।
হাৰিয়া জিনয় কতো জিনিয়া হাৰয় ॥১০৭
তিনিয়ো লোকক ৰণে জিনিলন্ত বলি ।
নাৰায়ণে তাহাকো পাতালে থৈলা ছলি ॥১০৮
মায়া যুজে যুজিলি লক্ষ্মণে বোলে আগে ।
সি কথা কহন্তে তোৰ বৈলখনলাগে ॥১০৯
নিৰ্গত প্ৰাণীৰ নাহি কৈত ভাত কঠ ।
ন্যায় যুজে যুজি বেটা পাছে মোক হেঠ ॥১১০
আজি যেৱে জীৱস নিন্দিবি পাছে মোক ।
লক্ষ্মণৰ হাতত দেখিবি যমলোক ॥১১১
ইটো চক্ষে আৰ নেদেখিবি মাৱ বাপ ।
লক্ষ্মণ বীৰৰ আজি বুজিবি প্ৰতাপ ॥১১২
নীচৰ যে পৰাভৱ এৰাইলো আপনে ।
তিনিয়ো ভুবনে তোক ৰাখিবেক কোনে ॥১১৩
দেৱতাক যত দুঃখ দিয়াছ দুন্দুৰ ।
মোৰ হাতে সকল ভাবনা হৈব চূৰ ॥১১৪
লক্ষ্মণৰ বোলে কোপ জ্বলিলা মনত ।
অগনি লাগিলা যেন শুকান বনত ॥১১৫
অসুৰৰ অস্ত্ৰক ৰাৱণি তুলি লৈল ।
মন্ত্ৰ পঢ়ি আনিয়া ধনুৰ গুণে থৈল ॥১১৬
আকৰ্ণ পূৰিয়া তাক হানিলন্ত বলে ।
অস্ত্ৰৰ মুখৰ জাকে অগনি নিকলে ॥১১৭
ত্ৰৈলোক্যত চমৎকাৰ ভৈলা ভয় ভীত ।
লক্ষ্মণে নপাৰে জানোঁ আপন ৰাখিত ॥১১৮
লক্ষ্মণেয়ো শিৱ মন্ত্ৰ পঢ়িয়া মনত ।
মহেশৰ অস্ত্ৰ আনি চড়াইলা গুণত ॥১১৯
বল দিয়া হানিলা আকাশে চলি যাই ।
ৰাৱণিৰ অস্ত্ৰ সব খেদি খেদি খাই ॥১২০
ৰাৱণিৰ অস্ত্ৰ যত সৱে ভৈলা ক্ষয় ।
ইন্দ্ৰ বৰুণৰ অস্ত্ৰ ৰণত হানয় ॥১২১
সুমিত্ৰাৰ তনয় সকল গুণ জানি ।
সংহৰিলা অস্ত্ৰ আপনাৰ বলে হানি ॥১২২
যত যত শৰ মানে হানিলা অপাৰ ।
দশৰথ সুতে তাক কৰিলা সংহাৰ ॥১২৩
হাতাশ নহৈয়া বীৰ ৰাৱণি গুণয় ।
ৰামৰ কনিষ্ঠ বীৰ ত্ৰৈলোক্য অজয় ॥১২৪
যত যত অস্ত্ৰ মোৰ সবে সংহৰিল ।
জানিলোঁ ইহাৰ হাতে মৰণ মিলিল ॥১২৫
দেৱ মুনিগণ আৰো গন্ধৰ্ব্ব চাৰণে ।
মন্ত্ৰ পঢ়ে অসংখ্যাত জিনন্তো লক্ষ্মণে ॥১২৬
অব্যাহতে পাৱন্তো ৰামৰ সন্নিহিত ।
ত্ৰৈলোক্যৰ শত্ৰু মৰি যাউক ইন্দ্ৰজিত ॥১২৭
জগতৰ মাৱে ৰাখন্তোক ৰণচণ্ডী ।
স্বৰ্গ মৰ্ত্ত্য পাতালে দুৰ্গতি যাউক খণ্ডি ॥১২৮
এহি বীৰ পৰিলেক সবাৰো সুস্থ হয় ।
সকালে মাৰন্তো আৰু সুমিত্ৰা তনয় ॥১২৯
দুয়ো বীৰ সমৰত উচ্চক নযান্ত ।
দিব্য অস্ত্ৰ হানি সব দিক পূৰিলন্ত ॥১৩০
দশ দিশ তমোময় ভৈলা অন্ধকাৰ ।
দিনত আন্ধাৰ নেদেখিয়া আউৰে আৰ ॥১৩১
অসংখ্যাত শৰ হানি গুছাইলন্ত তম ।
দুয়ো বীৰ যুজে মেৰু মন্দৰৰ সম ॥১৩২
পাছ ভৰি নকৰে অজয় দুয়ো বীৰ ।
শৰ ঘাৱে জৰ্জ্জৰিত দুইহানো শৰীৰ ॥১৩৩
পাঞ্চ দিন পাঞ্চ ৰাতি ভৈল ঘোৰ ৰণ ।
আকাশত হৰিষে নাচন্ত দেৱগণ ॥১৩৪
সাধু সাধু মহাবীৰ ত্ৰৈলোক্য মুনিষ ।
দেৱগণে প্ৰশংসা কৰন্ত আসৰিস ॥১৩৫
কুশৰ কণ্টক দিতে থাই নাই গাৱৰ ।
সিন্দুৰৰ বৰ্ণ যেন দেখি একাকাৰ ॥১৩৬
অস্থি চৰ্ম্ম মাংসক ভেদিলা শৰ জাকে ।
তথাপিতো দুয়ো বীৰে বিমুখে নথাকে ॥১৩৭
দুয়ো ভিতি সেনা ঘোৰ যুদ্ধক আকলি ।
নিশ্চলে থাকিলা যেন চিত্ৰৰ পুতলি ॥১৩৮
দুইহানো শৰীৰ অতি দেখি অসদৃষ্ট ।
ৰাৱণৰ পুত্ৰ দশৰথৰ কনিষ্ঠ ॥১৩৯
এত হন্তে লক্ষ্মণেয়ো অস্ত্ৰ গুণি পাইল ।
যিটো শৰে দেৱৰাজে অসুৰ ভঙ্গাইল ॥১৪০
নমস্কাৰ কৰি আনি যুৰিলা গুণত ।
ৰামৰ চৰণ দুই সুমৰি মনত ॥১৪১
তক্ষক সৰ্পৰ সম সদৃশ বিশাল ।
নিশাচৰ অসুৰ বংশৰ ক্ষয় কাল ॥১৪২
সুবৰ্ণ মাণিক দিব্য ৰচিত ৰতনে ।
বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত অনেক যতনে ॥১৪৩
দ্বাদশ আদিত্য আনি লেখিয়াছে তাত ।
সূৰ্য্য মুখ নামে শৰ জগত প্ৰখ্যাত ॥১৪৪
ইন্দ্ৰ আদি কৰিয়া যতেক দেৱগণ ।
লক্ষ্মণক দিলা ইন্দ্ৰজিত বধ মন ॥১৪৫
আকৰ্ণ পূৰিয়া ধনু আজুৰিয়া আনি ।
দৃঢ়তৰ লক্ষ্মণে বুলিলা হেন বাণী ॥১৪৬
ৰামদেৱ হন্ত যেবে ধৰ্ম্মত প্ৰধান ।
দেব দ্বিজ গুৰু ছাৰি নজান্ত আন ॥১৪৭
ভকত বৎসল সদকৰ্ম্মে সদা ৰত ।
ভকতি কৰন্ত সদা হৰি শঙ্কৰত ॥১৪৮
তাহান কিঙ্কৰ মই ৰামে মোৰ নাথ ।
এহি শৰে ৰাৱণিৰ সংহৰোক মাথ ॥১৪৯
ৰুদ্ৰ মন্ত্ৰ আনি তাতে জপিলা সকলে ।
টঙ্কাৰে হানিলা আকাশক ছানি চলে ॥১৫০
চলি যাই অস্ত্ৰে মাৰুতৰ পছ ভেদি ।
গৰুড়ে যাহন্ত বেগে যেন সৰ্প খেদি ॥১৫১
গ্ৰীৱত পৰিলা যাই বীৰ ৰাৱণিৰ ।
কিৰীটি সহিতে তাৰ ছেদিলন্ত শিৰ ॥১৫২
কুণ্ডল যুগল চন্দ্ৰ সম জৌতি কৰে ।
কতো দূৰে পেলাইলন্ত লক্ষ্মণৰ শৰে ॥১৫৩
বানৰ ভালুকে দেখি ডেৱা ডেই পাৰে ।
ৰাক্ষস বলক সবে খেদি খেদি মাৰে ॥১৫৪
ৰাৱণিৰ সেনাগণ বিভঙ্গে পলাইল ।
কতো সাগৰৰ জলে পশিয়া লুকাইল ॥১৫৫
ভালুক সেনায়ে কতো খেদি খেদি খাইল ।
গহ্বৰে পশিল কতো বানৰে ভঙ্গাইল ॥১৫৬
দিশাদিশি গৈল কতো বনত পশিল ।
লঙ্কাত পশিল কতো সমৰে পৰিল ॥১৫৭
ইন্দ্ৰ আদি কৰিয়া সকল দেৱগণ ।
সুৰ মুনি প্ৰশংসন্ত সাধু লখমন ॥১৫৮
চিৰ কালে এৰাইলোহোঁ ৰাক্ষসৰ ভয় ।
বাদ্য ভণ্ড শবদ মিলিলা জয় জয় ॥১৫৯
নৃত্য গীত কৌতূহলে মণ্ডিলা আকাশ ।
সুগন্ধি শীতল জল বহে নদ নদী ॥১৬০
নিৰ্ম্মল শীতল জল বহে নদ নদী ।
শুভ শুভ জয় জয় তিনি লোক ভেদি ॥১৬১
বানৰ ভালুকগণ নাচে সাৰি সাৰি ।
উৰ্দ্ধক তুলিয়া হাত কতো উকি পাৰি ॥১৬২
কিছু কিছু হুক হুকি শবদ তুম্বুলে ।
পৃথিবীত মাথা দিয়া ফুৰাৱে লাঙ্গুলে ॥১৬৩
কতো কতো ভুকু মাৰি দিৱয় লৱৰ ।
আন ছলে মাৰ্গ লোণ্ডি বৈসাৱে চৱৰ ॥১৬৪
ঘোৰা কাটি মাৰে কতো আন ভিতি চাই ।
আউৰ আউৰে পৰিহাস মাৰেকলি যাই ॥১৬৫
গলাগলি কৰি বোলে আমি ভাগে জালো ।
লক্ষ্মণ গোসাঁইৰ কাৰ্য্যে কল্যাণ মিলিলো ॥১৬৬
যাহাৰ প্ৰসাদে এৰাইলোহোঁ সবে দুঃখ ।
ইন্দ্ৰজিত পৰিল দেখিবো বন্ধুমুখ ॥১৬৭
বোলন্ত কন্দলী ৰাম চৰণেসে গতি ।
বোলা ৰাম ৰাম পাপ যাউক অধোগতি ॥১৬৮
- ৩৬ অধ্যায় ।
- ছবি ।
ইন্দ্ৰজিত বীৰ বৈৰী, সমৰে নিষেধ কৰি,
- হৰিষক পাইলা লখমন ।
হনুমন্ত জাম্বৱন্ত, আদি কৰি কপিগণ,
- সবাৰো হৰিষ ভৈলা মন ॥১
লক্ষ্মণৰ শিৰে দেৱে, পুষ্প বৃষ্টি কৰিলন্ত,
- আকাশী গঙ্গাৰ বহে জল ।
দেৱৰ সমাজে নানা, উৎসৱ মিলিলা সবে,
- বাসৱে কৰন্ত কৌতূহল ॥২
বিভীষণ আদি কৰি, ভালুক বানৰ সবে,
- লক্ষ্মণক প্ৰশংসা কৰিল ।
সাৰ্থক তুমিসে বীৰ, ইন্দ্ৰকজিনিলা যিটো,
- তাক মাৰি যমঘৰে নিল ॥৩
বিজয় দুন্দুভি বাই, পৰম হৰিষ মনে,
- শ্ৰীৰামৰ পাশক চলিলা ।
পৰম হৰিষ মন, উৰুলী জঙ্কাৰ ঘন,
- শুনি ৰামে আনন্দ লভিলা ॥৪
ৰাঘৱৰ অনুগতে, পৰম সাদৰ ভাৱে,
- প্ৰণামিলে পাছে জানু শিৰে ।
বাৰ্ত্তাক পুছিলা ৰামে, নকহিলা লখমনে,
- কহিলন্ত বিভীষণ বীৰে ॥৫
যিটো বাসৱক জিনি, যশ পাইলা ত্ৰিভুবনে,
- যাৰ থৈলা ইন্দ্ৰজিত নাম ।
হাৰিলন্ত দেৱগণ, কৰিয়া দুৰ্ঘোৰ ৰণ,
- যাক নাহি সমৰে উপাম ॥৬
হেন বীৰ অদভূত, ৰাৱণাৰ শ্ৰেষ্ঠ সুত,
- মৰি গৈলা সিটো যম থানে ।
তাহাৰ ছেদিলা শিৰ, লখমন মহাবীৰ,
- তীক্ষ্ণত্তৰ মহা দিব্য বাণে ॥৭
এতেক শুনিয়া ৰামে, হৰিষ লভিলা মনে,
- অতিশয় উৎসৱক পাইল ।
লক্ষ্মণক কোলে ধৰি, মাথাত চুম্বন কৰি,
- নানাবিধ আনন্দ বৰ্ষিল ॥৮
ৰামদেৱে প্ৰশংসিল, সাফল সাফল বীৰ,
- উদ্ধাৰিলা হৃদয়ৰ শাল ।
হত ভৈলা ইন্দ্ৰজিত, আনক নাহিকে ভীত,
- ৰাৱণক বধিবো সকাল ॥৯
পাঞ্চ দিন পাঞ্চ ৰাতি, নিৰন্তৰে যুদ্ধ কৰি,
- বধিলাহা বীৰ ইন্দ্ৰজিত ।
কীৰ্ত্তি থৈলা মহীতলে, যাবে চন্দ্ৰ দিবাকৰে,
- আজিসে আনন্দ ভৈল চিত্ত ॥১০
ৰাঘৱে আনন্দ পাই, মনে মহা ৰঙ্গ হুয়া,
- বোলন্ত মৰিল লঙ্কেশ্বৰ ।
এবেসে জানিলোঁ মই, সীতা দৰশন হুইবো,
- ৰাৱণ যাইবেক যমঘৰ ॥১১
তুষ্ট হুইবে ত্ৰিদশৰ, লঙ্কেশ্বৰ পাপত্তৰ,
- অধৰ্ম্মে নাশিব নিশাচৰে ।
আবে দেৱ ঋষিগণে, হৰিষ হৈবন্ত মনে,
- তুষ্ট হুইব দেৱ পুৰন্দৰে ॥১২
বিভীষণ নিমিত্তত, ৰাৱণি ভৈলেক হত,
- মৰিয়া গৈলেক যমঘৰ ।
হনুমন্ত জাম্বৱন্ত, আদি কৰি কপিগণ,
- সুহৃদ আছিলা জন্মান্তৰ ॥১৩
এহি বুলি পুনৰপি, আলিঙ্গি চুম্বন কৰি,
- লক্ষ্মণক দেৱতা শ্ৰীৰাম ।
ৰামসেনা যত আছে, সবহি হৰিষ পাছে,
- উৎসৱ লভিলা অনুপাম ॥১৪
ৰামৰ চৰিত্ৰ চয়, সাক্ষ্যাতে অমৃতময়,
- সাৱধানে শুনা সৰ্ব্বজন ।
আয়ুক্ষণে ক্ষণে যাই. বিলম্বক নুযুৱাই,
- ঝাণ্টে লৈয়ো ৰামত শৰণ ॥১৫
দুৰ্ঘোৰ সংসাৰ তেবে, মহা সুখে তৰিবাহা,
- মুখত নেৰিবা হৰি নাম ।
মাধৱ কন্দলী ভণে, হৰিক ধৰিয়ো মনে,
- বোলা নিৰন্তৰে ৰাম ৰাম ॥১৬