অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২২ অধ্যায় ।
অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন ।
চাৰি গোট কুমাৰক মণ্ডি অলঙ্কাৰ ।
সুগন্ধ চন্দন ভূষি পুষ্পে জাতিষ্কাৰ ॥১
কেহোঁ গজে কেহোঁ ঘোড়ে কেহোঁ যাই ৰথে ।
মহাপাঞ্চ মহোদৰ চলয় লগতে ॥২
চাৰি গোটা কুমাৰ ৰাজাৰ দুই ভাই ।
ছয়ো মহাবীৰ লৰি ভৈলা আজ্ঞা পাই ॥৩
ৰাজাৰ চৰণ ধূলি শিৰত চড়াইল ।
চতুৰঙ্গ দলে সবে ৰণ ভূমি পাইল ॥৪
ৰাক্ষসৰ বল যেবে সমৰক গৈলা ।
ৰাঘৱৰ বলে দেখি সব সাজ ভৈলা ॥৫
জিঙ্কোৰিলা কপিবল ধৰণ নযাই ।
বেঢ়িয়া বৰিষে বৃক্ষ শিখৰৰ ঘাই ॥৬
বৃক্ষৰ সন্ধানে কতো গিৰিৰ শিখৰে ।
ৰাক্ষসে মাৰয় কতো খাণ্ডাৰ প্ৰহাৰে ॥৭
ৰাক্ষসৰ বানৰৰ ৰণ ধুমাজয় ।
শিলাৰ প্ৰহাৰে হৱে ৰাক্ষসৰ ক্ষয় ॥৮
ৰাক্ষস বলৰ যেবে অস্ত্ৰ গৈলা ক্ষয় ।
বানৰক তুলি তুলি বানৰ মাৰয় ॥৯
ভালুকক মাৰে তুলি ভালুকৰ গায় ।
ৰুধিৰ পিয়াৱে কেহোঁ মাংস চোবাই খায় ॥১০
হানিয়া আণ্টাইলা বৃক্ষ গিৰিৰ শিখৰ ।
অস্ত্ৰ বিৰহিত ভৈলা ভালুক বানৰ ॥১১
ফৰবট যেন ৰাক্ষসক তুলি তুলি ।
হানিবা পঠাৱে গিৰি শিখৰক বুলি ॥১২
ক্ষণেকে বানৰ বলে ৰাক্ষস ভঙ্গাইলা ।
কুমাৰত গৈয়া সবে শৰণ যে লৈলা ॥১৩
নৰান্তকে দেখিলন্ত নিজ সৈন্য ভঙ্গ ।
কপিবল দেখি তাৰ মনে বৰ অঙ্গ ॥১৪
মহাবীৰ নৰান্তক ৰাজাৰ কুমাৰ ।
ঘোড়াত চড়িয়া গৈলা সৈন্যৰ ভিতৰ ॥১৫
প্ৰাসক উচ্চায়া বানৰক মাৰে বাৰি ।
খৰগৰ ঘাৱে কতো প্ৰাণ যাই ছাৰি ॥১৬
যত যত বীৰে বৃক্ষ হানিলেক যাই ।
সবাহাঙ্কে ঢালয় হানিয়া প্ৰাস ঘাই ॥১৭
কুম্ভকৰণৰ হাতে যতেক এৰাইল ।
নৰান্তকৰণে পুনু প্ৰাণক সুজাইল ॥১৮
সুগ্ৰীৱ দেখন্ত নৰান্তক যেন যম ।
প্ৰজা সংহৰিতে আছে কালান্তক সম ॥১৯
আপন সৈন্যৰ যেবে দেখিলা কদন ।
অঙ্গদক সম্বুধিয়া বুলিলা বচন ॥২০
শুনহ অঙ্গদ বাপু বীৰ বলীয়াৰ ।
সত্তৰ কৰিয়া ৰাজ কুমাৰক মাৰ ॥২১
ইটো বীৰ জীৱন্তে বানৰ হুইবে উলি ।
ৰাৱণক পুত্ৰশোকে মাৰি এৰ পুলি ॥২২
অঙ্গদে শুনিলা যেবে ৰাজাৰ আদেশ ।
হাম্ফোল কৰিয়া সমৰত পৰবেশ ॥২৩
আন অস্ত্ৰ কিছো নাহি নখ আৰ দান্ত ।
নৰান্তক বীৰক অঙ্গদে বুলিলন্ত ॥২৪
ওৰে নৰান্তক মোক যম হেন জান ।
বজ্ৰৰ সদৃশ হৃদয়ত প্ৰাস হান ॥২৫
ক্ষুদ্ৰ যে পতঙ্গ সম বানৰ নমাৰ ।
পাছে তই সহ মোৰ মুঠিৰ প্ৰহাৰ ॥২৬
ক্ৰোধে নৰান্তক বীৰে ছোবাৱন্ত দান্ত ।
হাওঁৰে বানৰা আজি তোক কৰোঁ অন্ত ॥২৭
কাক আসি কি বোলহ নাহিকে উদ্দেশ ।
এহি প্ৰাস ঘাৱে তোৰ প্ৰাণ কৰোঁ শেষ ॥২৮
ফুৰাইয়া হানিলা প্ৰাস অঙ্গদক লাগি ।
হৃদয়ত পৰি সিটো প্ৰাস গৈলা ভাগি ॥২৯
পৰ্ব্বতত পৰি যেন দলি ভৈলা চূৰ ।
অগনি কনিকা উঠি গৈলা বহু দূৰ ॥৩০
নৰান্তক বীৰৰ ধৱল অতি ঘোড় ।
উচ্চৈশ্ৰৱা সদৃশ পৱন সম জোৰ ॥৩১
অঙ্গদে হানিলা মুঠি কপালক লাগি ।
তুৰঙ্গৰ ঢেল নিকলিলা মাথা ভাগি ॥৩২
বাহন পৰিলা নৰান্তক যে অতুষ্টি ।
অঙ্গদৰ কপালত হানিলন্ত মুঠি ॥৩৩
বোম্বালে ৰুধিৰ নিকলিয়া যাই ধাৰে ।
বালীপুত্ৰ কাম্পি গৈলা মুঠিৰ প্ৰহাৰে ॥৩৪
ক্ষণেকে অঙ্গদ সুস্থ কৰিলা শৰীৰ ।
বজ্ৰ সম মুষ্টি ধৰিলন্ত মহাবীৰ ॥৩৫
বক্ষস্থলে টানি বৰ দিলন্ত প্ৰহাৰ ।
হৃদি চূৰ্ণ হুয়া প্ৰাণ ছাৰি গৈলা তাৰ ॥৩৬
ৰণত পৰিলা নৰান্তক নিশাচৰ ।
দশ গুণ তেজ বল ভৈলা অঙ্গদৰ ॥৩৭
দেখি দেৱান্তকে যে ত্ৰিশিৰা মহোদৰ ।
অকল বীৰক ধাইলা তিনি বীৰবৰ ॥৩৮
ক্ৰোধত জ্বলিয়া গৈলা তিনি বীৰবৰ ।
অস্ত্ৰজালে শৰীৰ বিন্ধিলা অঙ্গদৰ ॥৩৯
বালীপুত্ৰে সমৰত তিনিকো ধাইলন্ত ।
লাঠি ভুকু কাহাকো খেখট কৰি দান্ত ॥৪০
ডাঙ্গৰ বৃক্ষক পাছে আজুৰ আনিল ।
সামৰ বুলিয়া দেৱান্তকক হানিল ॥৪১
সমীপ ছাপিলা তৰু যেন কাল দণ্ড ।
ত্ৰিশিৰাৰ শৰে তাক কৈলা খণ্ড খণ্ড ॥৪২
বৃক্ষ শিলা অঙ্গদে আশেষ বৰিষিলা ।
ত্ৰিশিৰাৱে শৰ ঘাৱে সবাকো কাটিলা ॥৪৩
দেৱান্তকে পৰিঘে তোমৰে মহোদৰে ।
ত্ৰিশিৰায়ে অঙ্গদক পীড়িলেক শৰে ॥৪৪
নকৰিলে কটাক্ষ অঙ্গদ মহাবলে ।
মহোদৰ গজক তাৰিলা কুম্ভস্থলে ॥৪৫
দুই চক্ষু নিকলিলা মুঠিৰ প্ৰহাৰে ।
দান্ত দুই আজুৰিয়া লৈলন্ত তাহাৰে ॥৪৬
দিলা দেৱান্তকক হস্তীৰ দান্তে বাৰি ।
মূৰ্চ্ছা গৈয়া পৰিল চেতন গৈলা ছাৰি ॥৪৭
কুঞ্জৰ পৰিয়া গৈলা কুম্ভস্থল ভাগি ।
দেৱান্তক ডেৱ দিলা পৃথিবীক লাগি ॥৪৮
সন্ধুক্ষণ ভৈলা কতোক্ষণে দেৱান্তক ।
পৰিঘৰ কোবেক দিলেক অঙ্গদক ॥৪৯
বালীপুত্ৰ পৰিলন্ত পুত্ৰ ত্ৰিশিৰাই ।
অঙ্গদক হানিলা অনেক শৰ ঘাই ॥৫০
শৰ বৰিষণে বৰিষয় মহোদৰ ।
তিনিহন্তে জন্তাইলা পীড়িলা নিৰন্তৰ ॥৫১
একে অঙ্গদক তিনি ৰাক্ষসে যুজন্ত ।
দেখিয়া ধাইলন্ত নীল বীৰ হনুমন্ত ॥৫২
ত্ৰিশিৰাক নীল বীৰে হানিলা শিখৰে ।
ৰাৱণৰ পুত্ৰে তাক কাটিলন্ত শৰে ॥৫৩
চূৰ্ণীকৃত কৰিলেক গিৰিৰ শিখৰ ।
দেখিয়া হৰিষ দেৱা্ন্তক নিশাচৰ ॥৫৪
আপন শকতি ধৰি পৰিঘ উচ্চায়া ।
মাৰুতিক লাগি শীঘ্ৰ বেগে গৈলা ধায়া ॥৫৫
হনুমন্তে দেখন্ত আসয় আথে বেথে ।
বজ্ৰ সম মুষ্টি মাৰিলন্ত তাৰ মাথে ॥৫৬
চক্ষু দান্ত নিকলিলা মাথা গোট ভাগি ।
দেৱান্তক গৈলা যম সদনক লাগি ॥৫৭
ৰাজাৰ কুমাৰ যেবে পৰিলা সমৰে ।
মহোদৰে নীলক বৰিষে আতি শৰে ॥৫৮
নিৰন্তৰে হানন্ত চড়িয়া গজস্কন্ধে ।
নীলক সমৰ মাজে মাৰিতে প্ৰবন্ধে ॥৫৯
নীল সেনাপতিয়ে পৰ্ব্বত গোট তুলি ।
মহোদৰ বীৰক হানিলা হুঃ বুলি ॥৬০
আকাশক লাগিয়া উচ্চায়া বহু দূৰ ।
নিশাচৰে সাৰথিয়ে চাপি কৈলা চূৰ ॥৬১
খুড়াত পৰিলা দেখি ত্ৰিশিৰা খঙ্গাইল ।
মাৰুতিক শৰ হানি চতুৰ্দ্দিশে ছাইল ॥৬২
বায়ুসুত বাঢ়িলন্ত যেন হেমগিৰি ।
ঘোড়া সব পেলাইলন্ত তাৰ নখে ছিৰি ॥৬৩
ত্ৰিশিৰা ভূমিত পৰি পাইল ৰথ ভঙ্গে ।
ভয়ঙ্কৰ শকতি হানিল বৰ খঙ্গে ॥৬৪
প্ৰলয় কালৰ অগ্নিকুণ্ডৰ সমান ।
দেখি অন্তৰীক্ষে ডেৱ দিলা হনুমান ॥৬৫
শকতিক হনুমন্তে দুয়ো হাতে ধৰি ।
আণ্ঠু দিয়া ভাঙ্গিলন্ত ঠনাকৃত কৰি ॥৬৬
দেখিয়া বানৰ বলে ৰিঙ্গ কোলাহল ।
প্ৰচণ্ড বায়ুত যেন সাগৰ আম্ফাল ॥৬৭
ক্ৰোধে জ্বলি গৈলা বীৰ ত্ৰিশিৰা কুমাৰ ।
হৃদয়ত প্ৰহাৰ দিলেক খৰগৰ ॥৬৮
বায়ুসুতে আতি বৰ কৰিলা লৱৰ ।
হিয়াত হানিলা বজ্ৰ সমান ছাপৰ ॥৬৯
ত্ৰিশিৰা মূৰ্চ্ছিত ভৈলা চেতনক ছাৰি ।
হনুমন্তে তাহাৰ খৰগ লৈলা কাঢ়ি ॥৭০
তেতিক্ষণে চেতন লভিয়া কোপে উঠি ।
হৃদয়ত কপিৰ হানিলা বজ্ৰ মুঠি ॥৭১
মুঠিৰ প্ৰহাৰে কপি বীৰ কম্পি গৈলা ।
ফুৰনি দেখিয়া পুনঃ সন্ধুক্ষণ ভৈলা ॥৭২
বাম হাতে কেশে সমে কিৰীটি ধৰিলা ।
জয় ঘণ্টা লাৰি আনি বাৱ পাক কৰিলা ॥৭৩
সাগৰ গহন বায়ুসুত মহাবীৰ ।
খৰগৰ ঘাৱে ছেদিলন্ত তিন শিৰ ॥৭৪
ৰাজাৰ কুমাৰ যেবে ত্ৰিশিৰা পৰিলা ।
ৰাঘৱৰ সেনায়ে কৌতুকে ৰিঙ্গ দিলা ॥৭৫
পৃথিবী কম্পায়া যেবে ত্ৰিশিৰা পৰিলা ।
গদা ফুৰাৱন্তে মহাপাৰ্শ্ব নিকলিলা ॥৭৬
বানৰৰ সেনাগণ মাৰয় অপাৰ ।
ঋষভে ভেণ্টিলা আসি পৰ্ব্বত আকাৰ ॥৭৭
বৰুণৰ পুত্ৰ বানৰৰ যূথপতি ।
মহাপাৰ্শ্বে গুণে কিনো দাৰুণ শকতি ॥৭৮
হৃদয়ত বৈসাইলেক গদাৰ প্ৰহাৰ ।
বোম্বালে নিকলি গৈলা শোণিতৰ ধাৰ ॥৭৯
ঋষভেয়ো কতেক্ষণে সন্ধুক্ষণ হুইয়া ।
তাহাৰ হাতৰ গদা বলে কাঢ়ি লৈয়া ॥৮০
মাথাত কোবেক তাৰ বৈসাইলেক টানে ।
শিৰ ভাগি মহাপাৰ্শ্ব গৈলা যমথানে ॥৮১
শুভ শুভ জয় জয় ভৈলা সবে লোকে ।
দেখি অতিকায়ক পীড়িলা বৰ শোকে ॥৮২
মনত গুণয় পৰিলেক তিনি ভাই ।
খুড়া দুই পৰিলেক বিপাকক পাই ॥৮৩
আজি ৰাম লক্ষ্মণক সকলে বানৰে ।
একেশ্বৰে সবাকো পঠাইবো যম ঘৰে ॥৮৪
মোৰ নামে ইন্দ্ৰেয়ো পলান্ত ৰণ ছাৰি ।
কুবেৰক কালক খেদাইলো গদাবাৰি ॥৮৫
ৰথ খান জ্বলয় সহস্ৰ ৰবি জৌতি ।
মণ্ডিয়া আছয় মণি ৰত্ন গজমতি ॥৮৬
বহয় তাহাক দুই পাঞ্চশত ঘোড় ।
মহাবেগে চলয় পৱন সম জোৰ ॥৮৭
পৰ্ব্বতৰ সমান মুনিষ অতিকায় ।
অস্ত্ৰৰ প্ৰহাৰে সৈন্য ভঙ্গাৱন্তে যাই ॥৮৮
সবে সৈন্য ভঙ্গ ভৈলা ধৰণ নযাই ।
ভালুক বানৰ উসমিলিয়া পলাই ॥৮৯
শ্ৰীৰামে বোলন্ত শুনা মিত্ৰ বিভীষণ ।
ইটো কোন বীৰ দেখোঁ ভঙ্গাইলেক ৰণ ॥৯০
সৈন্যক মাৰয় যেন কালান্তক যম ।
জানিলোহোঁ ইহাক মুনিষ নাই সম ॥৯১
বিভীষণে বোলয় এহিটো অতিকায় ।
বীৰত্ব কাহিনী আৰ কহন নযাই ॥৯২
বাসৱক ভঙ্গাইলেক সম্মুখৰ ৰণে ।
লাহাৰি নসহে যম অগনি বৰুণে ॥৯৩
ব্ৰহ্মাক আৰাধি ইটো পায়া আছে বৰ ।
দেৱাসুৰ নাগ যক্ষ লোকত অমৰ ॥৯৪
সবে বশ্য কৰিলেক এহি তিনি লোক ।
অৱহিতে যুজিয়োক ৰাৱণৰ পোক ॥৯৫
এতহন্তে অতিকায় সন্নিত চাপিয়া ।
ৰামক বুলিবে লৈলা গৰব কৰিয়া ॥৯৬
যিটো বীৰে মুনিষ বোলাৱে আপনাক ।
শকতি আছয় ৰণ দিয়োক আমাক ॥৯৭
হনুমন্ত প্ৰমুখ্যে বানৰ কুল ৰথ ।
সকলহি বানৰ আমাৰ নিজ ভক্ষ্য ॥৯৮
ত্ৰৈলোক্য জিনিলো মুনিষত মোৰ কায ।
ইতৰ জনত যুজিবাক লাগে লাজ ॥৯৯
তাৰ গৰ্ব্ব বচন শুনিয়া তেতিক্ষণে ।
কাণ্ডে তূণ ভৰি ধনু ধৰিলা লক্ষ্মণে ॥১০০
আকৰ্ণ পূৰিয়া ধনু কৰিলা টঙ্কাৰ ।
শবদে পাইলেক গৈয়া স্বৰ্গৰ দুৱাৰ ॥১০১
পৰিবৰ্ত্তি আইলা ধ্বনি স্বৰ্গপুৰ হন্তে ।
প্ৰতিধ্বনি গৈলা গিৰি সাগৰ পৰ্য্যন্তে ॥১০২
পৃথিবীৰ লোকত কাণত তাল দিল ।
লঙ্কাত বিস্ময় বৰ নিৰ্ঘাত পৰিল ॥১০৩
অতিকায় বীৰৰ লাগিলা চমৎকাৰ ।
মনত গুণয় কিন বীৰ বলীয়াৰ ॥১০৪
লক্ষ্মণক বোলে তুমি বাহুৰিয়া যাহা ।
নিদ্ৰাৰ যে সৰ্পক কিসক জগাৱাহা ॥১০৫
আমাৰ হাতত যেবে নযাইবে পৰাণ ।
ঝাণ্ট কৰি হাতৰ থৈ এৰ ধনুখান ॥১০৬
ত্ৰৈলোক্য জিনিলো তই বীৰ কোন ৰখ ।
ছৱালক যুজিবাক লাগয় বৈলখ ॥১০৭
- ২৩ অধ্যায় ।
- ছবি ।
আপনাৰ শৰীৰত, মমত আছয় যেবে,
- হিত বোল নোৰোচয় তোক ।
যম কৰণত পাতি, মলছিলা হেন জানি,
- আগ বাঢ়ি ৰণ দেহ মোক ॥১
দিব্য অস্ত্ৰ যত যত, মোহোৰ হাতত আছে,
- তাক কহিবাৰ কাৰ্য্য কিস ।
যম দণ্ড সম শৰ, শৰৰ প্ৰহাৰ সহ,
- তেবে তই মুনিষ হৱস ॥২
লক্ষ্মণেয়ো সম্বুধিয়া, ৰাক্ষসক বুলিলন্ত,
- অতিকায় কিসক তৰ্জ্জস ।
আনত ভাবনা কহ, শৰত কালৰ মেঘ,
- মিচা তই কিসক গৰ্জ্জস ॥৩
বীৰ হুয়া যিটো বীৰে, মুনিষাই নজানিয়া,
- আনক নিন্দয় ৰণশালে ।
দুৰ্গতি পতিত ভৈলে, সমৰত পৰে যদি,
- তাহাক নিন্দয় পাছে কালে ॥৪
মুনিষৰ পোৱ যেবে, মুনিষ হৱস তই,
- বিপক্ষক নিন্দিতে চাহস ।
বাঢ়ি ৰণ পৰুজাউ, দান্ত ভাগা সাপ যেন,
- মিছাত কিসক ফোকাৰস ॥৫
আপনাক বৰ কৰি, আনক তাকৰ জানি,
- বুলিলি যে আগে অনখৰ ।
ছৱালৰ মুঠি দেখ, গুচাওঁ তোৰ বৈলখ,
- মাৰি পেশোঁ যমৰ নগৰ ॥৬
লক্ষ্মণৰ শৰ ঘাৱে, ঘৰ্ম্মচড়ি গৈলা গাৱে,
- জ্বলিলেক ৰাক্ষস অগনি ।
আকৰ্ণ পূৰিয়া ধনু, শৰ গোট মাৰিলেক,
- আকাশে জ্বলন্তে যাই ছানি ॥৭
ৰামৰ কনিষ্ঠে তাক, অৰ্দ্ধচন্দ্ৰ বাণ হানি,
- অন্তৰীক্ষে কাটিয়া পেলাইল ।
দেৱ দৈত্য নৰ যক্ষ, দানব যতেক নাগ,
- সবে হন্তে কৌতুকক পাইল ॥৮
আৰ পাঞ্চগোটা শৰ, অতিকায়ে হানিলেক,
- লক্ষ্মণে হানিলা পুনু তাকে ।
অনেক লক্ষেক শৰে, সূৰ্য্যপথ ৰুধিলেক,
- নিশাচৰ তাহাঙ্ক আথাকে ॥৯
সুমিত্ৰা তনয়ে জানি, আপনাৰ শৰেহানি,
- অস্ত্ৰে কাটি পেলাইল সকল ।
আকৰ্ণ পূৰিয়া ধনু, অস্ত্ৰ গোট হানিলেক,
- কপালত ফুটিলা সকল ॥১০
শৰ গোট পশি গৈলা, তাক কেহোঁ নলক্ষিল,
- ঘটী ঘটী ৰুধিৰ বজাইল ।
কতো বেলি মূৰ্চ্ছা গৈয়া, আছিলেক অতিকায়,
- খেনেতেক চেতন পাইল ॥১১
সাৰ্থক যে দশৰথ, কুলৰ নন্দন বীৰ,
- তিনিয়ো ভুবনে যশ পাইলে ।
স্বৰ্গ মৰ্ত্ত্য পাতালক, বৰাইলোঁ মই হেনবীৰ,
- এক গোটা শৰতে কম্পাইলে ॥১২
আৰকায়ো শৰে হানি, সূৰ্য্যপথ ৰুধিলেক,
- লক্ষ্মণক বেঢ়ি তমোময় ।
দেৱগণ ৰাম সেনা, সবাৰে সম্ভ্ৰম মন,
- অন্তৰ্গতে জ্বালিলেক ভয় ॥১৩
সৈন্যৰ বিভ্ৰম অতি, দেখিয়া সুমিত্ৰাসুতে,
- বায়ব্যৰ অস্ত্ৰক মাৰিল ।
ৰবিৰ কিৰণে যেন, অন্ধকাৰ ফেৰিলেক,
- ৰাক্ষসৰ অস্ত্ৰ সংহাৰিল ॥১৪
- ২৪ অধ্যায় ।
- পদ ।
ক্ৰোধিলা ৰাৱণ সুত বীৰ অতিকায় ।
হিয়াত হানিলা সুত বীৰ সম শৰ ঘাই ॥১
অন্ধকাৰ তমোময় দেখিলা লক্ষ্মণে ।
সন্ধুকি অগনি অস্ত্ৰ লৈলা তেতিক্ষণে ॥২
অগনিৰ অস্ত্ৰ বীৰে নানিলেক মাত্ৰে ।
ৰাক্ষসে কাটিয়া তাক আদিত্যৰ অস্ত্ৰে ॥৩
দুই অস্ত্ৰে যুদ্ধ ভৈলা হুইয়া এক ঠাই ।
আউৰ আউৰে চূৰ্ণ পৃথিবীতে পৰি যাই ॥৪
ঐষিকী অস্ত্ৰক হানিলন্ত নিশাচৰে ।
ইন্দ্ৰ অস্ত্ৰে নিবাৰিলা লক্ষ্মণ কুমাৰে ॥৫
যম অস্ত্ৰ নিশাচৰে কৰিল প্ৰহাৰ ।
সুমিত্ৰে বায়ব্য অস্ত্ৰে কৰিলা সংহাৰ ॥৬
অস্ত্ৰৰ প্ৰহাৰ দুইৰো তৰ্ত্তূল্য সমান ।
অতিকায় বলশীল ধনুৰ সন্ধান ॥৭
তক্ষক সদৃশ হানিলন্ত এক শৰ ।
হৃদয়ত পৰি মূৰ্চ্ছা কনিষ্ঠ ৰামৰ ॥৮
দশৰথ সুতে পাছে চেতনক পাইল ।
শৰ হানি ৰথ ঘোড়া কাটিয়া পেলাইল ॥৯
ধ্বজক ছেদিল পাছে সাৰথিৰ শিৰ ।
ভূমিত পৰিলা অতিকায় মহাবীৰ ॥১০
ভূমিত থাকিয়া শৰ হানয় অপাৰ ।
লক্ষ্মণক ছায়া কৰিলেক অন্ধকাৰ ॥১১
আপনাৰ শৰে পুনু কাটিলন্ত বীৰে ।
অতিকায় বীৰক বিন্ধিলা সশৰীৰে ॥১২
দুইহানো শৰক পুনু দুইহান্তে কাটন্ত ।
ঘোৰ সমৰৰ মাজে দুয়ো নঘাটন্ত ॥১৩
অজয় অভঙ্গ দুয়ো ৰাজাৰ কুমাৰ ।
ৰুধিৰে পঙ্কিত দেহা শৰে জৰাজৰ ॥১৪
পৃথিবী আকাশে জলজন্তুৰ বিস্ময় ।
কিনো দুই বীৰ যুজে অভঙ্গ অজয় ॥১৫
এতহন্তে আলোচিয়া জগতৰ আয়ু ।
লক্ষ্মণৰ কাণত কহিলা আসি বায়ু ॥১৬
ব্ৰহ্মা বৰ দিলা ইটো ত্ৰৈলোক্য বিজয় ।
তাহানেসে প্ৰহাৰে ইহান হৈবে ক্ষয় ॥১৭
আন একো প্ৰকাৰে নমৰে অতিকায় ।
ভেদ কথা কহিলোঁ যিমতে বধ যাই ॥১৮
বৰ ছিদ্ৰ শুনিলন্ত বায়ুৰ মুখত ।
লক্ষ্মণে ব্ৰহ্মাৰ অস্ত্ৰ চড়াইলা গুণত ॥১৯
বেদ মন্ত্ৰ অভিষেকি হানিলন্ত তাক ।
অস্ত্ৰৰ অগনি নিকলয় জাক জাক ॥২০
চন্দ্ৰৰ সূৰ্য্যৰ জৌতি চূৰ্ণ আতি ভৈলা ।
অস্ত্ৰৰ প্ৰহাৰে বসুমতি টলি গৈলা ॥২১
দশোদিশ ব্যাপিয়া গুচিল তমোময় ।
সব দিশ প্ৰকাশিয়া ব্ৰহ্মাস্ত্ৰ চলয় ॥২২
ব্ৰহ্মাস্ত্ৰে ব্যাপিলা অতিকায় চমৎকাৰ ।
মুদ্গৰ গদায়ে তাক কৰয় নিবাৰ ॥২৩
অস্ত্ৰ সব পুৰি ব্ৰহ্ম অস্ত্ৰ যাই ছানি ।
তুলাত লাগিলা যেন প্ৰচণ্ড অগনি ॥২৪
ৰাৱণৰ পুত্ৰ অতিকায় মহাবীৰ ।
লক্ষ্মণৰ শৰে তাৰ ছেদিলন্ত শিৰ ॥২৫
কুণ্ডল কিৰীটি সমে ছেদিলন্ত শিৰ ।
শিখৰৰ ভৰে যেন পৃথ্বী গিৰগিৰ ॥২৬
আশেষ পৰিল সেনা তাহাৰ লগত ।
কতোহোঁ জনাইলা গৈয়া ৰাজাৰ আগত ॥২৭
লঙ্কেশ্বৰে শুনিলন্ত তনয়ৰ বধ ।
বিমূৰ্চ্ছিত ভৈলা কুৰি নয়ন তবধ ॥২৮
চাৰি পুত্ৰ পৰিলা আৱৰ দুই ভাই ।
শুনি শোকে ৰাৱণৰ প্ৰাণ ফুটি যাই ॥২৯
সাৰণে দেখে আৰো শোকে তমোময় ।
মৌনে থাকিলা সবে পাত্ৰ সমস্তয় ॥৩০
ৰাৱণে ক্ৰন্দন কৰে চেতনক পাই ।
কৈক গৈলে দেৱান্তক ত্ৰিশিৰা বোপাই ॥৩১
কৈক গৈলে দেখিবোঁহো নৰান্তক পোক ।
মন্দোদৰী জ্বলিবেক দশ গুণ শোক ॥৩২
হা হা কেনে দেখিবোহোঁ পুৰ পটেশ্বৰী ।
কোল শূন্য কৰিলোহোঁ বান্ধৈ মন্দোদৰী ॥৩৩
একৈ একৈ পুত্ৰ যাৰ ত্ৰৈলোক্য বিজয় ।
তাহাৰ মৰণে কেনে প্ৰাণক ধৰয় ॥৩৪
হৰি হৰি অতিকায় কেনে বধ পাইলে ।
সব দেৱ জিনিয়া ইন্দ্ৰক বৈলখাইলে ॥৩৫
গৰ্ব্ব টুটি গৈল মোৰ ভৈলো নিৰুৎসাহ ।
মোক এৰি বাপ কেনে যম ঘৰে যাস ॥৩৬