অহল্যাৰ শাপ - মুক্তি
ৰামায়ণ বৃত্তান্ত |
---|
|
৩৮ অধ্যায়
অহল্যাৰ শাপ-মুক্তি
পাচে ৰাম লক্ষ্মণক লৈয়া ঋষিৰাজ ।
প্ৰবেশিলা গৈয়া পাচে আশ্ৰমৰ মাজ ॥১
গৌতম ঋষিৰ শাপ লভিয়া প্ৰচণ্ড ।
আছন্ত অহল্যা সতী হুয়া শিলাখণ্ড ॥২
বিশ্বামিত্ৰে ৰামক বুলিলা মৃদুভাবে ।
এহি শিলাখণ্ড ৰাম পৰশিয়ো পাৱে ॥৩
শুনি ৰামে শিলে মাত্ৰ পৰশিলা পাৱ ।
শাপ এৰাই অহল্যা ভৈলন্ত শুদ্ধ ভাৱ ॥৪
ঈশ্বৰৰ পদধূলা জগত দুৰ্ল্লভ ।
মহা মহা মহন্তৰ নুহিকো সুলভ ॥৫
হেনয় ধূলাক সুখে অহল্যা পাইলন্ত ।
তাহান ভাগ্যৰ কোনে কহিবেক অন্ত ॥৬
ঘোৰ ঋষি শাপ এৰাই প্ৰকাশন্ত জৌতি ।
দেখিয়া ঋষিত ৰামে পুছিলন্ত মাতি ॥৭
কিবা নাম আন এন্তে ভাৰ্য্যা বা কাহাৰ ।
পৰম সুন্দৰী আতি ৰূপ চমত্কাৰ ॥৮
শিলা হুয়া আছে কেনে শূন্য আশ্ৰমত ।
ইহাৰ কাৰণ কহিয়োক স্বৰূপত ॥৯
শুনি বিশ্বামিত্ৰে দিলা ৰামক উত্তৰ ।
ইহান অহল্যা নাম ভাৰ্য্যা গৌতমৰ ॥১০
মহাঋষি গৌতমক জগতে জানয় ।
তান তপ দেখি ইন্দ্ৰ ভৈল মহাভয় ॥১১
ৰাত্ৰি দিনে মানে তান সুখ শান্তি নাই ।
আন তপ ভঙ্গ কৰোঁ কমন উপায় ॥১২
ইতো ঋষি যেনে তপ কৰয় দুৰ্ঘোৰ ।
কোন দিন ইন্দ্ৰপদ কাঢ়ি লৈবে মোৰ ॥১৩
মদনক আনি পাঞ্চিলন্ত পুৰন্দৰ ।
যেনে তেনে তপ ভঙ্গ কৰাঁ গৌতমৰ ॥১৪
শুনিয়া মদনে বোলে নাপাওঁ আমি সাস ।
জাজ্বল্য বহ্নিত কোনে কৰিবেক ঝাস ॥১৫
জীৱন্ত যমৰ কোনে চাপিবেক পাশ ।
শুনি পুৰন্দৰে দীৰ্ঘ তেজিলা নিশ্বাস ॥১৬
দিগপাল সমস্তক বুলিলা সভাত ।
কৰাঁ সবে গৌতমৰ তপক বিঘাত ॥১৭
দেৱগণে বচন বুলিলা একে বাৰে ।
কালকূট খায়া কোনে মৰিবাক বাৰে ॥১৮
যদি স্বৰ্গপদ ঋষি লন্ত এতিক্ষণে ।
তথাপিতো আগ বাঢ়ি মৰিবোঁ কমনে ॥১৯
দেৱতা সবক ইন্দ্ৰে বুলিলেক বাণী ।
স্বৰ্গপদ লৈলে তোমাসাৰ কিবা হানি ॥২০
যেহি ইন্দ্ৰ হোৱে তুমি সব হৈবা তাৰ ।
মোৰে সে কেৱলে মাত্ৰ গুচে অধিকাৰ ॥২১
গৌতমৰ তপ ভঙ্গ মই কৰোঁ যাই ।
কিন্তু তুমি সব হৈবা পিচত সহায় ॥২২
এহি বুলি নিশ্চয় কৰিয়া দেৱৰাজ ।
আসিলন্ত গৌতমৰ তপোবন মাজ ॥২৩
ঋষিক দেখিয়া মহাভয়ে ভীত ভৈলা ।
মায়া কৰি গৃহৰ ওচৰ চাপি ৰৈলা ॥২৪
প্ৰভাতৰ কাৰ্য্য যত কৰি সমাপতি ।
ফলমূল আনিতে গৌতম মহামতি ॥২৫
প্ৰবেশিলা গৈয়া উপবনে আশ্ৰমৰ ।
পাচে অহল্যাক দেখিলন্ত পুৰন্দৰ ॥২৬
ত্ৰৈলোক্যো মোহিনী আতি পৰম সুন্দৰী ।
নুহিকে সমান বিদ্যাধৰী অপেচৰী ॥২৭
অহল্যাৰ ৰূপে বাসৱক পৰশিল ।
কামে বিমোহিত হুয়া বুলিতে লাগিল ॥২৮
গৌতমৰ তপ ভঙ্গ এখন আছোক ।
অহল্যাৰ ৰূপে আতি মোহিলেক মোক ॥২৯
মোক্ষ নুহিবেক আন সঙ্গমৰ সৰি ।
কোন ছাৰ স্বৰ্গ বিদ্যাধৰী অপেচৰী ॥৩০
আহান অধৰ মধু পিবে যেবে পায় ।
তেবে কোটি কোটি অমৃততো কাৰ্য্য নাই ॥৩১
আক এৰি স্বৰ্গে গৈয়া কি কাম কৰিবোঁ ।
প্ৰাণে যদি মৰোঁ আজি তথাপি হৰিবোঁ ॥৩২
এহি বুলি ইন্দ্ৰে মনে গুণিয়া অশেষ ।
গৌতম ঋষিৰ পাচে ধৰিলন্ত বেশ ॥৩৩
গৃহত প্ৰবেশ পাচে ভৈলা ছদ্ম কৰি ।
স্বামী আসিবাৰ দেখি অহল্যা সুন্দৰী ॥৩৪
আথবেথ কৰিয়া আসন আনি দিল ।
কৰণ্ডি পেলায়া থৈয়া আসনে বসিল ॥৩৫
অহল্যা মধুৰ বাণী পুছিলা সাদৰে ।
অৰণ্যক নগৈ কেনে উলটিলা ঘৰে ॥৩৬
ইন্দ্ৰে মনে বোলে বিধি সুপ্ৰসন্ন ভৈলা ।
ছদ্মৰূপে গৌতমে মাতিবে পাচে লৈলা ॥৩৭
কি পুছস সুন্দৰী বিপাক আজি মোৰ ।
ঘৰ হন্তে যাহন্তে দেখিলোঁ মুখ তোৰ ॥৩৮
শৰত কালৰ পূৰ্ণচন্দ্ৰ নুহি সৰি ।
কাম বাণে পীড়া মোক কৰে সেহি ধৰি ॥৩৯
বিহা কৰি আনিবাৰ পৰা কদাচিত ।
হেন মত ৰূপ নতো দেখোঁ বিপৰীত ॥৪০
আজি জানো বিধাতা কৰিল বিড়ম্বন ।
তোহোৰ নিমিত্তে পীড়া কৰয় মদন ॥৪১
চল যাওঁ শয্যাক পুছস আৰ কিক ।
শুনিয়া অহল্যা সতী বোলয় স্বামীক ॥৪২
আজি দেখোঁ তুমি প্ৰভু কেনমত ভৈলা ।
লাজ কাজ তপ ব্ৰত পাচ কৰি থৈলা ॥৪৩
ত্ৰিজগতে জানে তুমি মহা মুনিবৰ ।
তোমাৰ অকাৰ্য্যে হাসিবেক নিৰন্তৰ ॥৪৪
সমস্তে শাস্ত্ৰত তুমি আপুনি পাৰ্গত ।
কৰিব আলাপ স্ত্ৰীক ঋতু সময়ত ॥৪৫
ঋষি সকলৰ ধৰ্ম্ম এহিসে নিশ্চয় ।
ঋতু বাজে স্ত্ৰীক আলাপিলে পাপ হয় ॥৪৬
তুমি কেনে ঋতু বিনে কৰিবা আলাপ ।
নপাৰোঁহো বুজিবে তোমাৰ কিবা কাপ ॥৪৭
মোকেসে পৰীক্ষা কৰা জানিলোঁহো নিষ্ঠ ।
নুহি কেনে ইবোল বুলিলা তুমি শিষ্ট ॥৪৮
হেন শুনি কপট গৌতমে বোলে বাণী ।
ভাল তুমি অহল্যা বুলিলা ধৰ্ম্ম জানি ॥৪৯
কিন্তু মোৰ ধৰ্ম্ম তুমি কৰিলা বিঘাত ।
তোমাৰ ৰূপেসে কামে কৰে উতপাত ॥৫০
যিহেতু ভৈলাহা তুমি পৰম সুন্দৰী ।
ত্ৰৈলোক্যৰ ৰূপ থৈলে এক স্থান কৰি ॥৫১
যিকালত বিহা কৰি তোমাক আনিলোঁ ।
হৈবে মোৰ ধৰ্ম্ম নষ্ট তৈখনি জানিলোঁ ॥৫২
তোমাৰ ৰূপত যাৰ নিমজিল মন ।
ৰাখিবোক ধৰ্ম্ম হেন আছে কোন জন ॥৫৩
আজি যেবে প্ৰাণ ৰহে মদন অনলে ।
তবে তপ ধৰ্ম্ম কৰ্ম্ম পাইবোঁহো সকলে ॥৫৪
এখনে কামিনী মোৰ প্ৰাণ ৰক্ষা কৰাঁ ।
চলিয়োক শয্যাক বিলম্ব পৰিহৰাঁ ॥৫৫
পুনৰপি বুলিলন্ত অহল্যা বচন ।
শুনিয়োক প্ৰভু তুমি থিৰ কৰা মন ॥৫৬
হৰিক সুমৰি ব্ৰহ্মমন্ত্ৰ কৰা জপ ।
কপট গৌতমে বোলে এৰাঁ কাপ কাপ ॥৫৭
বাৰম্বাৰ হৰি স্মৰি ধৰিলোঁ ধিয়ান ।
তোক বিনে সমাধিতো নেদেখিলোঁ আন ॥৫৮
কিবা মোক বুজাস নজানো কিবা মই ।
মোত কৰি অধিক পণ্ডিত ভৈলি তই ॥৫৯
কামবাণে ফুটি মোৰ প্ৰাণ সঙ্কলয় ।
কামাতুৰ ভৈলে পৰদাৰকো হৰয় ॥৬০
কৰিলন্ত ব্ৰহ্মা নিজ দুহিতা আলাপ ।
তথাপিতো তান্ত দেখোঁ নিসিজিল পাপ ॥৬১
নিজ ভাৰ্য্যা আলিপিবোঁ দোষ আত বৰ ।
মোৰ প্ৰাণ যায় তই পাতস জগৰ ॥৬২
অহল্যা গুণয় জানোঁ মিলয় অকাজ ।
আলাপ নাপায় শপিবেক ঋষিৰাজ ॥৬৩
জানিলোঁহো বিধাতা আমাক বিড়ম্বিল ।
মহাভয় হুয়া অতি বচন বুলিল ॥৬৪
শুনিয়োক মহাঋষি বচন আমাৰ ।
ধৰ্ম্মত থাকিয়া বুজাইলোঁহো বাৰ বাৰ ॥৬৫
স্ত্ৰীজাতি কিবা আমি জানো শাস্ত্ৰচয় ।
আন আত মহা ঋষি তোমাত পুছয় ॥৬৬
তথাপিতো কৰাঁ যদি ধৰ্ম্ম পৰিত্যাগ ।
দিবা গুচি আসি তেবে হৌক নিশা ভাগ ॥৬৭
দিনত শৃঙ্গাৰ ধৰ্ম্ম নুহিকে উচিত ।
সামান্য জনৰো ইতো আতি গৰহিত ॥৬৮
মায়াবী গৌতমে বোলে শুনা প্ৰাণেশ্বৰী ।
তই ধৰ্ম্ম চিনাস আছিলোঁ মই মৰি ॥৬৯
কামাতুৰ ভৈলে তাৰ ধৰ্ম্ম কৈত আছে ।
চল যাওঁ শয্যাক বুজাবি মোক পাচে ॥৭০
অহল্যা বোলয় যেনে লাগে কৰাঁ তাক ।
হাতে কোনে পাৰয় হস্তীক ঠেলিবাক ॥৭১
শুনি বাসৱৰ অতি ৰঙ্গ ভৈলা মনে ।
আথবেথ কৰিয়া উঠিল তেতিক্ষণে ॥৭২
শয্যাক নিলন্ত তাক ধৰিয়া হাতত ।
কৰিলা অনেক ক্ৰীড়া কামে হুয়া মত্ত ॥৭৩
মহাকামাতুৰ ইন্দ্ৰ ৰতিত কুশল ।
ষোড়শ শৃঙ্গাৰ ভাৱ দেখাইলা সকল ॥৭৪
দেখিয়া বিস্ময় মন ভৈল অহল্যাৰ ।
গৌতম ঋষিৰ নোহে ই মত শৃঙ্গাৰ ॥৭৫
জানিলোঁ নুহিকে ইতো বাসৱত পৰ ।
এহি বুলি ভৈলা দেবী শয্যাৰ অন্তৰ ॥৭৬
ভৈলোঁ সৰ্ব্বনাশ বুলি ভৈলা মহাভয় ।
থিৰ নোহে হাত ভৰি শৰীৰ কম্পয় ॥৭৭
মাতিলা অহল্যা পাচে কোপ কৰি মন ।
অৰে তই কহ কোন পৰম দুৰ্জ্জন ॥৭৮
শুনিয়া ইন্দ্ৰৰ ভয়ে গৰ্ব্ব গৈল গলি ।
প্ৰকম্পিত হুয়া মাতিলন্ত কৃতাঞ্জলি ॥৭৯
শুনিয়োক মহামতি মই দেৱৰাজ ।
আনে কোনে কৰিবেক ই মত অকাজ ॥৮০
অহল্যা বোলন্ত দূৰ গুচ দুৰাচাৰ ।
পতিব্ৰতা ধৰ্ম্ম নষ্ট কৰিলি আমাৰ ॥৮১
শপি তোক এখনে কৰিবে পাৰোঁ ছাই ।
তথাপিতো মোৰ আৰু পৰিক্ৰিয়া নাই ॥৮২
অৱশ্যকে মই ঘোৰ নৰকক যাইবোঁ ।
তোক শাপ দিয়া মই কোন ফল পাইবোঁ ॥৮৩
মই তোক কিবা কাজে কৰিবোঁহো দণ্ড ।
স্বামীৰ শাপত তোৰ হৈবে লণ্ড ভণ্ড ॥৮৪
যি ভৈল সি ভৈল মোৰ শুনৰে বৰ্ব্বৰ ।
তই মাত্ৰ আপোনাৰ প্ৰাণ ৰক্ষা কৰ ॥৮৫
নতো পান্ত আসি তোক গৌতমে যাৱত ।
সত্বৰে এথাৰ পাপী অন্তৰ তাৱত ॥৮৬
হেন শুনি মহাভয় লাজে পুৰন্দৰ ।
তেখনে ধৰিলা বেশ বৃদ্ধ ব্ৰাহ্মণৰ ॥৮৭
সণ পাঞ্জি হেন কেশ ভোবোকাৰ দাড়ি ।
ভগা ছাতি খানি বাম কান্ধে আছে পাৰি ॥৮৮
হাতে গলে শিৰে মালা আছে ৰুদ্ৰাক্ষৰ ।
লৰ লৰ দান্ত ফোটা কৰে চৰচৰ ॥৮৯
কৰে কম্পকম্প হাত পাৱ নুহি থিৰ ।
কাখে ভগী জুলি লাখুটিত দিয়া ভিৰ ॥৯০
ভিক্ষুকৰ বেশে নঙলাৰ ভৈলা বাজ ।
সেহি বেলা আসিলা গৌতম ঋষিৰাজ ॥৯১
সাৰি যাওঁ বুলি আগে বেগ দিয়া গৈল ।
গৌতমক দেখি পাচে বেগ থিৰ ভৈল ॥৯২
কাসে ঢুলু ঢুলু কৰি থিৰ নুহি মন ।
গৌতম বোলন্ত ইতো যায় কোন জন ॥৯৩
কাহাকো নেদেখি আগে গৈল সৰসৰি ।
মোকে দেখি ইহাৰ কম্পয় হাত ভৰি ॥৯৪
নুহিকে ভিক্ষুক ইটো জানিলোঁ নিশ্চয় ।
কপট ব্ৰাহ্মণ বেশ ভৈল মোক ভয় ॥৯৫
আন কোন নোহে ইটোজন পুৰন্দৰ ।
ছদ্মৰূপে জানো বিধ্বংসিল মোৰ ঘৰ ॥৯৬
এহি বুলি গৌতমে কৰিয়া মনে হাস ।
মাতিলন্ত ৰহ আৰে কোন তই যাস ॥৯৭
শুনিয়া বাসৱে আতি ভৈলা ভয়ে ত্ৰাস ।
নিশ্বাস তেজিয়া বোলে ভৈলোঁ সৰ্ব্বনাশ ॥৯৮
হা কি কৰিলোঁ কোন সময়ে লৰিলোঁ ।
গৌতম স্বৰূপ মৃত্যু মুখত পৰিলোঁ ॥৯৯
নাই শ্ৰুতি জ্ঞান ভয়ে উৰি গৈল জীৱ ।
কপট এৰিয়া গৈয়া আগে ভৈলা থিৱ ॥১০০
যম যেন গৌতমক দেখন্ত সাক্ষাত ।
মৰা যেন ভৈল থিৰ নুহি ভৰি হাত ॥১০১
নাই মাত বোল আতি সেপকে নোঢোকে ।
বুঢ়া বানৰক যেন পাইল পুত্ৰ শোকে ॥১০২
হৃদয় শুকাইল মুখে ধূলা উড়ি যায় ।
কৃতাঞ্জলি ৰহিলা তলক লাগি চাই ॥১০৩
কোপে বাসৱক ঋষি মাতিলন্ত হাসি ।
মোহোৰ ঘৰক বেটা বিধ্বংসিলি আসি ॥১০৪
ছাগ যেন ভৈল একো নাই লাজ কাজ ।
এহিসে কৰ্ম্মক লাগি ভৈলি দেৱৰাজ ॥১০৫
নটত অগন তই ভৈলি দুৰাচাৰ ।
নিৰশঙ্ক হুয়া ভাৰ্য্যা হৰস আমাৰ ॥১০৬
মই ত্ৰৈলোক্যৰ ৰাজা বুলি গৰ্ব্ব তোৰ ।
একোকে নচাস কৰ্ম্ম কৰহ দুৰ্ঘোৰ ॥১০৭
বিশ্বৰূপ ব্ৰাহ্মণক কাটি পাইলি লাই ।
বান্টি দিয়া ব্ৰহ্মবধ পাপ কৈলি ছাই ॥১০৮
আমাৰ ভাৰ্য্যাক হৰি সেহি মত চাস ।
মোৰ হাত সাৰি আজি সেন্থৰে নযাস ॥১০৯
কোনে কি কৰিব মোক হেন মনে মান ।
গৌতম ঋষিৰ একো মহিমা নাজান ॥১১০
স্বৰ্গৰ যতেক নাৰী তোকে নুজুৰিল ।
গৌতমৰ স্ত্ৰীসে তোৰ মনক পূৰিল ॥১১১
পৰনাৰী হৰে যাৰ ঘৰে ভাৰ্য্যা নাই ।
তোৰ যত ভাৰ্য্যা তাৰ লেখাও নাপাই ॥১১২
তথাপিতো ব্ৰাহ্মণৰ ভাৰ্য্যাক হৰস ।
কৰোঁ শান্তি যেন হেন কৰ্ম্ম নকৰস ॥১১৩
এহি বুলি ক্ৰোধে জ্বলি ভৈলা বহ্নি সম ।
ইন্দ্ৰ বোলে নুহি ঋষি পাইলে মোক যম ॥১১৪
কোপে বাসৱক ঋষি বুলিলন্ত মাতি ।
শুন পুৰন্দৰ হেৰ বিহোঁ তোক শাস্তি ॥১১৫
সৰ্ব্বদাই তই যোনিতেসে মাত্ৰ ৰত ।
সহস্ৰ হওক যোনি তোৰ শৰীৰত ॥১১৬
যেন আন ক্ষণ নকৰস হেন দোষ ।
এতিক্ষণে ছিণ্ডিয়া পৰোক অণ্ডকোষ ॥১১৭
বিহিলোঁহো শাস্তি তোৰ যেহেন উচিত ।
ব্ৰাহ্মণক আৰু যেন নকৰ ইঙ্গিত ॥১১৮
হেন শাপ গৌতমে ইন্দ্ৰক যেবে দিল ।
পাতকৰ ফল আসি তেখনে মিলিল ॥১১৯
ইন্দ্ৰৰ শৰীৰ গোট যোনিময় ভৈল ।
দুই অণ্ডকোষ তেতিক্ষণে ছিণ্ডি গৈল ॥১২০
দেৱৰ ঈশ্বৰ আতি ভৈল লণ্ডভণ্ড ।
এৰাইতে শকতি নাহি ব্ৰাহ্মণৰ দণ্ড ॥১২১
মহাহিত উপদেশ শুনিয়োক সৰ্ব্ব ।
ব্ৰাহ্মণত অল্পো নকৰিবা অৱগৰ্ব্ব ॥১২২
এৰিয়ো বিপ্ৰত অৱহেলা সৰ্ব্বদাই ।
দেখাঁ কেনমত ভৈল দেৱৰ বিলাই ॥১২৩
হুয়া আতি বীভত্স শাপত গৌতমৰ ।
মহাতাপে মনত গুণন্ত পুৰন্দৰ ॥১২৪
যাইবোঁহো স্বৰ্গক আবে মই কোন লাজে ।
পূৰ্ব্বত দিলেক হাক দেৱতা সমাজে ॥১২৫
তথাপি আসিলোঁ তপ ভঙ্গ কৰিবাক ।
আছো তপ ভাঙ্গিবোঁ নাশিলোঁ আপোনাক ॥১২৬
কোনবা বিধিয়ে মোক ঠেকিলে বিপাক ।
জগতৰ লোকে আৱে হাসিবেক মোক ॥১২৭
হৰি হৰি বিধাতা নভৈলা মোৰ ফাল ।
ই লাজত কৰি জানা মৰণেসে ভাল ॥১২৮
শাপ দিয়া ভস্ম ঋষি নকৰিলা কিক ।
ভৈলোঁহো বীভত্স মই মৰণতো'ধিক ॥১২৯
কোন কৰ্ম্ম কৰোঁ আবে কৈক লাগি যাওঁ ।
ইতো লাজ অপমান কহিত এৰাওঁ ॥১৩০
এহি বুলি উত্তৰ দিশক লাগি যাই ।
পদ্মৰ তন্তুত গৈয়া থাকিলা লুকাই ॥১৩১
শাপ দিয়া ইন্দ্ৰক গৌতম মুনিবৰ ।
কোপমনে গৈয়া প্ৰবেশিলা নিজ ঘৰ ॥১৩২
অহল্যা আছন্ত মহা মনে তাপ কৰি ।
স্বামী আসিবাৰ পাচে দেখিলা সুন্দৰী ॥১৩৩
মহাত্ৰাসে স্বামীৰ নহন্ত সতী আগ ।
অহল্যাক মাতিলা গৌতম মহাভাগ ॥১৩৪
শুনা সতী অহল্যা কহিবি নিষ্ঠ কৰি ।
কিবা ভাল মন্দ কৰ্ম্ম আছস আচৰি ॥১৩৫
শুনি অহল্যাৰ হেন উড়ি গৈল জীৱ ।
যোৰহাতে গৌতমৰ আগৈ ভৈলা থিৱ ॥১৩৬
লাজে ভয়ে ধীৰে ধীৰে মাতন্ত স্বামীক ।
আপুনি সৰ্ব্বজ্ঞ তুমি মোত পুছাঁ কিক ॥১৩৭
তযু ৰূপ ধৰি ইন্দ্ৰ আইল ছলিবাক ।
নুহেকোঁ সৰ্ব্বজ্ঞ মই নজানিলোঁ তাক ॥১৩৮
তোমাকেসে জানিয়া কহিলোঁ ধৰ্ম্ম যত ।
কপট বাসৱে তাক নধৰি মনত ॥১৩৯
কামে মত্ত হুয়া ইন্দ্ৰে হৰিলেক মোক ।
শাপি ভস্ম কৰিয়োক প্ৰায়শ্চিত হৌক ॥১৪০
গৌতমে বোলন্ত মিছা নমাতিলি তই ।
শাপি তোক ভস্ম আৰু নকৰোঁহো মই ॥১৪১
অজ্ঞান দোষৰ তথাপিতো কৰোঁ দণ্ড ।
কতো কাল মানে হুয়া থাক শিলাখণ্ড ॥১৪২
ৰামৰূপে হৰি আসি হৈব অৱতাৰ ।
ৰাক্ষসক মাৰিয়া খণ্ডিব ভূমি ভাৰ ॥১৪৩
তান পদ ৰেণু পাইলে হৈবি পূৰ্ব্বৱত ।
নকৰিবি সংশয় কহিলোঁ স্বৰূপত ॥১৪৪
আজি হন্তে কোন প্ৰাণী তোক নেদেখোক ।
ইতো আশ্ৰমত আৰু লোক নাথাকোক ॥১৪৫
এহি বুলি গৌতম তেখনে চলি গৈলা ।
উত্তৰ দিশত গৈয়া তপ কৰি ৰৈলা ॥১৪৬
অহল্যা ভৈলন্ত শিলা স্বামীৰ শাপত ।
সেহি ধৰি নাহি একো জন আশ্ৰমত ॥১৪৭
তযু পদ পঙ্কজৰ ৰেণু প্ৰসাদত ।
এহেন্তে অহল্যা সতী ভৈলা পূৰ্ব্বৱত ॥১৪৮
গৌতমৰ ভাৰ্য্যা এন্তে জানিবাহা ৰাম ।
শুনি অহল্যাক ৰামে কৰিলা প্ৰণাম ॥১৪৯
বিশ্বামিত্ৰ মুনিত পুছিলা ৰঘুবৰ ।
কহিয়োক পাচে কেন ভৈল বাসৱৰ ॥১৫০
ঋষি বোলে শুনা ৰাম ৰঘুবংশধৰ ।
শচী একো থিতি নজানিয়া বাসৱৰ ॥১৫১
পাচে বৃহস্পতিত পুছিলা শচী সতী ।
স্বামী কিবা ভৈলা কহিয়োক বৃহস্পতি ॥১৫২
দেৱগুৰু বোলন্ত নজানোঁ মই তাক ।
তেবেসে স্বামীক পাইবা পূজিয়ো দুৰ্গাক ॥১৫৩
শুনি শচী দেবী তেবে দুৰ্গাক পূজিলা ।
তুষ্ট হুয়া দুৰ্গাও শচীক দেখা দিলা ॥১৫৪
শচীক বোলন্ত যেন লাগে লৈয়ো বৰ ।
শচী বোলে কৈয়ো কিবা ভৈল পুৰন্দৰ ॥১৫৫
ইন্দ্ৰৰ বৃত্তান্ত দুৰ্গা কহিল শচীত ।
পাইবাহা স্বামীক বুলি ভৈলা অন্তৰ্হিত ॥১৫৬
বৰ পায়া শচী আনন্দিত আতি ভৈলা ।
বৃহস্পতি সমে সৰোবৰ তীৰে গৈলা ॥১৫৭
পাচে পুৰন্দৰক মাতিলা বৃহস্পতি ।
হৈবেক কল্যাণ উঠিয়োক মহামতি ॥১৫৮
গুৰুৰ বচন শুনিলন্ত পুৰন্দৰ ।
পদ্মৰ তন্ত্তুত আছা সহ্স্ৰ বত্সৰ ॥১৫৯
তাৰ পৰা উঠিয়া তীৰক লাগি গৈলা ।
শচী বৃহস্পতি সমে এক থান ভৈলা ॥১৬০
শাপৰ বৃত্তান্ত কহিলন্ত পুৰন্দৰ ।
দেখাঁ গুৰু কেন মোৰ ভৈল অথন্তৰ ॥১৬১
কি কৰিবোঁ গুৰু আবে উপদেশ দিয়ো ।
বৃহস্পতি বোলন্ত দেৱীক আৰাধিয়ো ॥১৬২
পাচে পুৰন্দৰে শুনি গুৰুৰ বচন ।
এক চিত্তে কৰিলা দেৱীক আৰাধন ॥১৬৩
তুষ্ট হুয়া দেবী আসি ভৈলন্ত সাক্ষাত ।
দেখি পুৰন্দৰে প্ৰণামিলা নমাই মাথ ॥১৬৪
স্তুতি নতি ভকতি কৰিলা বহুত ।
পাৰ্ব্বতী বোলন্ত যেন লাগে লৈয়ো বৰ ॥১৬৫
বাসৱে বোলন্ত মাৱ বৰ দিবা মোক ।
মহাঋষি গৌতমৰ শাপ দূৰ হৌক ॥১৬৬
পাৰ্ব্বতী বোলন্ত ব্ৰহ্মশাপ আছা পাই ।
তাক গুচাইবোক লাগি মোৰ শক্তি নাই ॥১৬৭
তথাপিতো দিওঁ বৰ তাক শুনিয়োক ।
যোনি গুচি ইটো সহস্ৰেক চক্ষু হৌক ॥১৬৮
হৈবেক তোমাৰ নাম সহস্ৰলোচন ।
ভৈলা অন্তৰ্দ্ধান বুলি এতেক বচন ॥১৬৯
দেবীক আৰাধি বৰ পাইলন্ত প্ৰত্যেক ।
যোনি গুচি ক্ষেণে ভৈল চক্ষু সহস্ৰেক ॥১৭০
তেবেসে স্বৰ্গক লাগি গৈলা পুৰন্দৰ ।
দেখিয়া হৰিষ ভৈলা দেৱতা সবৰ ॥১৭১
শচীৰ আনন্দ স্বামী আসিলন্ত ঘৰে ।
অশ্বিনীকুমাৰ দুইক আনি পুৰন্দৰে ॥১৭২
অণ্ডকোষ নাহি মোৰ কথা কহিলন্ত ।
ছাগলৰ অণ্ড বৈদ্যে আনি জোৰাইলন্ত ॥১৭৩
তেবে ইন্দ্ৰ দেৱৰ সন্তুষ্ট ভৈলা মন ।
খাসিক দিলন্ত বৰ সহস্ৰ লোচন ॥১৭৪
হৌক খাসি ছাগল পবিত্ৰ সুকোমল ।
লাগিবোক দেৱ পিতৃ কাৰ্য্যত সকল ॥১৭৫
ভৈল আসি পবিত্ৰ ইন্দ্ৰৰ পায়া বৰ ।
খাসি কৰিলাত বীৰ্য্য বাঢ়য় ইন্দ্ৰৰ ॥১৭৬
কহিলোঁ তোমাত ৰাম কথা নিৰন্তৰ ।
এহি মতে শাপমুক্ত ভৈলা পুৰন্দৰ ॥১৭৭
অনন্তৰে জানিলন্ত গৌতমে ধ্যানত ।
ভৈলন্ত অহল্যা সতী মুকুত শাপত ॥১৭৮
পৰম হৰিষে মনে ঋষি সৰ্ব্বজান ।
ভাৰ্য্যায়ে সহিতে আসি ভৈলা এক থান ॥১৭৯
ৰাম লক্ষ্মণক ঋষি আশীৰ্ব্বাদ দিলা ।
দুয়ো ভাই গৌতম ঋষিক প্ৰণামিলা ॥১৮০
বিশ্বামিত্ৰ মুনিক গৌতম মুনিবৰ ।
পৰম গৌৰৱে প্ৰশংসিলা বহুতৰ ॥১৮১
সাধিলা আমাৰ কিনো বৰ উপকাৰ ।
অহল্যা মুকুত ভৈলা প্ৰসাদে তোমাৰ ॥১৮২
তযু উপকাৰ নপাৰিবোঁ শুজিবাক ।
নিজ গুণে কিনি যেন থৈলাহা আমাক ॥১৮৩
পাচে ঋষি গৌতমে ৰামক মাতিলন্ত ।
শুনিয়োক ৰাম তুমি পুৰুষ মহন্ত ॥১৮৪
অনাদি ঈশ্বৰ তুমি দেৱতাৰো দেৱ ।
অনাথৰ গতি তুমি বনে নাই কেৱ ॥১৮৫
তযু পদ ধূলাৰ মহিমা অদভুত ।
যাহাৰ পৰশে ভৈলা অহল্যা মুকুত ॥১৮৬
ভালেসে তোমাৰ পদধূলা আশা কৰি ।
মহা মহা মহন্তে সমস্ত পৰিহৰি ॥১৮৭
তোমাৰ চৰণ সেৱা সদাই কৰন্ত ।
তযু মহা প্ৰসাদে মোক্ষকো নাদৰন্ত ॥১৮৮
এহি মতে কৰি স্ত্ততি ৰামক বিস্তৰ ।
অহল্যা সহিতে চলি গৈলা মুনিবৰ ॥১৮৯
শুনা সভাসদ পদ ৰামৰ চৰিত্ৰ ।
শুনন্তে কৰ্ণত যেন বৰিষে অমৃত ॥১৯০
অনায়াসে গুচিবেক সংসাৰৰ দুখ ।
বোলাঁ ৰাম লভিবা পৰমানন্দ সুখ ॥১৯১