খৰ দুষণ বধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৮ অধ্যায় ।
- খৰ দূষণ বধ
- পদ
ৰাক্ষসক মাৰি ৰামে ৰণ জয় ভৈলা ।
ৰঙ্গমনে আপোন থানক লাগি গৈলা ॥১
সীতায়ে লক্ষ্মণে দেখিলন্ত দূৰে বসি ।
ৰাহুত মুকুত যেন পূৰ্ণিমাৰ শশী ॥২
ৰাম সীতা লক্ষ্মণে কৌতুক বৰ পাইল ।
একথান হুয়া তিনি ভল মূল খাইল ॥৩
সুমিত্ৰাৰ সুত যেবে বাৰ্ত্তাক পুছিলা ।
আপোনাৰ জয় কথা সমস্তে কহিলা ॥৪
চৌধয় ৰাক্ষস ৰামে মাৰিলন্ত লখি ।
আগ পাচ চাহন্তে পলাইল শূৰ্পনখী ॥৫
ৰামৰ বীৰত্ব দেখি বৰ ভয় ভৈল ।
খৰৰ আগত গৈয়া কান্দিবাক লৈল ॥৬
খৰে বোলে মাৱ কেনে বিলাপ কৰস ।
বৈৰ মাৰিবাক গৈল চৌধয় ৰাক্ষস ॥৭
আৰ কিবা সতকাৰা কৰিবোঁ তোমাৰ ।
ঝাণ্ট কৰি কহ মাৱ সাধো প্ৰতিকাৰ ॥৮
শূৰ্পনখা বোলে তই কি কাৰ্য্য কৰিবি ।
ৰামৰ হাতত খৰ আপুনি মৰিবি ॥৯
ৰাঘৱে মাৰিলে তোৰ চৌধয় ৰাক্ষস ।
দণ্ডকৰ বনে তই বীৰ বোলাৱস ॥১০
তোহোৰ বীৰত্ব নিতে ঋষি মাৰি খাস ।
ঝাণ্টে বন পৰিহৰি দেশক ন যাস ॥১১
দুঃখ সাগৰত মোৰ নাহিকে উদ্ধাৰ ।
তই বীৰ ভৈলে পৃথিবীৰ মহাভাৰ ॥১২
ৰাৱণৰ ভাই হুয়া ভৈলি কুলাঙ্গাৰ ।
এহি মুখে মোহোৰ কৰিবি প্ৰতিকাৰ ॥১৩
ৰাৱণৰ আগে তই মুনিষ বোলাইলি ।
ৰাক্ষসগণৰ তই অধিকাৰ পাইলি ॥১৪
আপোনাৰ প্ৰাণ খালি ৰাখিবাক চাইলি ।
চৌধগুটি বপুৰাক মিছাত মৰাইলি ॥১৫
শ্ৰীৰাম লক্ষ্মণ দুইক বীৰ ভালে জান ।
মোহোৰ বাক্যৰ তই জানিবি প্ৰমাণ ॥১৬
ৰাৱণৰ বহিনীৰ গতি হেন মান ।
প্ৰতিকাৰ নোহে যেৱে তেজিবোঁ পৰাণ ॥১৭
কোপকৰি খৰে বোলে খৰতৰ বাক ।
কি কাৰণে মাৱ হেন বোলস আমাক ॥১৮
তোৰ দুঃখ দেখি মোৰ দহে সৰ্ব্বগাত্ৰ ।
মাৰিবোঁ ৰামক আজি মানুষসে মাত্ৰ ॥১৯
দুই ভাইক মাৰিয়া পঠাইবোঁ যমঘৰ ।
কোটিয়েকো ৰামে মোৰ নোহে সমসৰ ॥২০
গদাহানি ৰাম লক্ষ্মণৰ হৰোঁ জীৱ ।
দুহানো শোণিত আজি ধৰণীত পীৱ ॥২১
শুনা বোলোঁ বহিনী কৰিয়ো মনৰঙ্গ ।
শুনিয়াছ কহিত আমাৰ ৰণভঙ্গ ॥২২
ইন্দ্ৰ আদি কৰিয়া যতেক আছে দেৱ ।
সমৰত আমাৰ সমান নাহি কেৱ ॥২৩
হেন শুনি শূৰ্পনখা উল্লসি গৈলেক ।
আশেষ প্ৰসংশা তাক বুলিবে লৈলেক ॥২৪
ভৈলাহাঁ সাৰ্থক তুমি ৰাৱণৰ ভাই ।
ৰঙ্গমন ভৈলোহোঁ বিপুল বল পাই ॥২৫
খৰে বোলে দূষণ শুনহ মোৰ বাণী ।
সব সাজে ৰথ খান সাজি দেহ আনি ॥২৬
চৌধয় সহস্ৰ আৰো ৰাক্ষসৰ বল ।
এতিক্ষণে সব সাজে চলাউ সকল ॥২৭
সেনাপতি দূষণেয়ো সৈন্যক সজাইল ।
সবে অস্ত্ৰ শস্ত্ৰ নিয়া ৰথত চৰাইল ॥২৮
টাঙ্গি চুৰি কটাৰি শকতি ধনুশৰ ।
পৰশু মুষল ভেন্দিপাল মুদ্গৰ ॥২৯
ত্ৰিকণ্টক পৰিঘ পাষাণ কুন্ত প্ৰাষ ।
গদা বজ্ৰ লোহাৰ ত্ৰিশূল নাগপাশ ॥৩০
অৰ্দ্ধচন্দ্ৰ চন্দ্ৰহাঁস খড়্গ পটিশ ।
শতঘ্নী তোমৰ শৰ বেলেখ কুলিশ ॥৩১
খৰ বীৰ বচন দূষণে শিৰে লৈল ।
সুবৰ্ণে মণ্ডিত ৰথ আগে নিয়া থৈল ॥৩২
তাহাত চৰিল খৰ যুঝিবাক মন ।
মেৰুৰ শিখৰে যেন কাল মেঘ খন ॥৩৩
চতুৰ্দ্দিশে বেঢ়ি যাই নিশাচৰ বলে ।
যেন কাল পৰ্ব্বত মেঘ খন চলে ॥৩৪
চলয় ৰামক ধৰি তেজয় আটাস ।
জলন্ত অগ্নিত যেন পতঙ্গৰ ঝাস ॥৩৫
খৰৰ ঘোটক সবে আকাশক জাম্পে ।
ৰথভৰে সকল পৃথিবীখন কাম্পে ॥৩৬
উদয়াস্ত গিৰি মেৰু মন্দৰ টলিল ।
স্বৰ্গ মাজে দেৱতাৰ হৃদয় লৰিল ॥৩৭
খৰ মহাবীৰ যেবে যুদ্ধক চলিল ।
ৰথৰ উপৰে তাৰ শগুণ পৰিল ॥৩৮
ৰুধিৰৰ বৰ্ণ গাৱে আকাশে উদয় ।
মাংস শোণিতৰ হাৰ পুষ্পে বষিয়ে ॥৩৯
যেনোঁ পূৰ্ব্বকালে ৰাহু সূৰ্য্যক গ্ৰসিল ।
পাতাল পৃথিবী কাম্পে নিৰ্ঘাত পৰিল ॥৪০
গৰ্দ্দভে কাঢ় ৰাৱ শৃগালে নাদয় ।
ৰামৰ লোকৰ মাংস ভুঞ্জিতে সাধয় ॥৪১
দক্ষিণ দিশত পৰি ৰাৱে ঢোণ্ডা কাক ।
মুখত অগনি নিকলয় জাকে জাক ॥৪২
ৰাম হাত পাৱ চক্ষু ফুৰে নিৰন্তৰ ।
উতপাত দেখি বৰ বুলিলেক খৰ ॥৪৩
হেন লক্ষ গুণ যদি হোৱে উতপাত ।
তথাপিতো মোহোৰ কটাক্ষো নাহি আত ॥৪৪
মোক বুলি অজয় বিজয় বীৰ খৰ ।
ত্ৰিভুবন জিনিতে শকত একেশ্বৰ ॥৪৫
খৰ বীৰবচনে নিৰ্ভয় সবে ভৈল ।
চতুৰ্দ্দিশে বেঢ়ি নিশাচৰ বল গৈল ॥৪৬
আকাশত কৌতুকে যতেক দেৱগণ ।
আসিয়া মিলিল যুদ্ধ চাহিবাক মন ॥৪৭
স্যেনগামী পৃথুশ্যাম যস্ত্ৰ শত্ৰু বীৰ ।
দুৰ্জ্জয় পৰবীৰাক্ষ বিহঙ্গম ধীৰ ॥৪৮
পুৰুষ কলিকামুক মেঘমালী খ্যাত ।
বৰাস্য ৰুধিৰাসন মহামালী তাত ॥৪৯
বাৰ বীৰ লৰি গৈল খৰ বীৰ আগে ।
আৰো চাৰি বীৰ মহা দূষণৰ লগে ॥৫০
স্থূলাক্ষ প্ৰমাথি আউৰ মহাকপাল ।
লড়িগৈলা ত্ৰিশিৰা পিছত যত কাল ॥৫১
বাসবক ধাৰে যেন দৈত্যগণ ধাইল ।
নিশাচৰ বলে ৰাঘৱৰ পাশ পাইল ॥৫২
বিদূৰতে ৰামৰ সৈন্যক লক্ষ্য গৈল ।
লক্ষ্মণক সম্বুধিয়া বুলিবাক লৈল ॥৫৩
দেখ দেখ লখাই পৰিহৰ বনফল ।
শূৰ্পনখা চলাইলেক নিশাচৰ বল ॥৫৪
শ্ৰাৱণৰ মেঘে যেন ঢাকিল গগন ।
নিশাচৰ বল হেৰা পাইল দৰিশন ॥৫৫
আজিসি মিলিল আসি প্ৰথম সমৰ ।
ৰথৰ উপৰে দেখ মহাবীৰ খৰ ॥৫৬
উতপাত দেখ সব সৈন্যৰ উপৰে ।
সকল ৰাক্ষস মাৰিবোহোঁ একেশ্বৰে ॥৫৭
মোৰ বোলে লখাই হাতে ধনু শৰ ধৰ ।
জানকীক লৈয়া যাহা গহ্বৰ ভিতৰ ॥৫৮
আমাৰ শকতি জানি নেদিবি উত্তৰ ।
জানকী সীতাক মাত্ৰ ভালে ৰক্ষাকৰ ॥৫৯
ৰাঘৱৰ বচনক শিৰে তুলি লৈলা ।
জানকীক লৈয়া গিৰি গহ্বৰক গৈলা ॥৬০
হেন দেখি ৰামচন্দ্ৰে হৰিষক পাইলা ।
অভেদ সন্নাহ নিয়া গাৱত চৰাইলা ॥৬১
সুৱৰ্ণ সন্নাহ লৈলা বাকলি এৰিয়া ।
আদিত্য উদয় যেন আন্ধাৰ ফেড়িয়া ॥৬২
হাতে ধনু ধৰি ৰাম মেদিনীত থিউ ।
ৰাক্ষস বলৰ দেখি উৰি গৈল জীউ ॥৬৩
তীৰক পাইলেক যেন সাগৰৰ জল ।
দমকিয়া থাকি গৈল ৰাক্ষসৰ বল ॥৬৪
সৈন্যক আকলি ৰামে থাকি গৈল হাসি ।
ৰাক্ষসৰ বলে বেঢ়ি গালি পাৰে আসি ॥৬৫
কেহোঁ বোলে ধৰ ধৰ কেহোঁ বোলে মাৰ ।
মানুষ গোটক কেনে ৰাখি আছোঁ আৰ ॥৬৬
সৈন্য তম্ভিবাৰ দেখি বাৰ্ত্তাক ন পাইল ।
খৰ বীৰে দূষণক বাক্য পুৰুজাইল ॥৬৭
শুনৰে দূষণ তই মোহোৰ বচন ।
কি কাৰণে স্তম্ভিয়া ৰহিল সৈন্যগণ ॥৬৮
সাগৰ স্তম্ভিল যেন কাখৰক পাই ।
ইহাৰ কাৰণ ভাই দেখি আস যাই ॥৬৯
দূষণে দেখিয়া আসি খৰত জনাইল ।
ৰামক দেখিয়া সব প্ৰজাভয় পাইল ॥৭০
একল ৰামক দেখি কৌতুকক পাইল ।
চন্দ্ৰক গ্ৰসিতে যেন ৰাহুয়ে কিটাইল ॥৭১
সাৰথিক বোলয় সত্বৰে ৰথ ডাক ।
ৰামৰ পাশক লাগি চপাউ আমাক ॥৭২
সাৰথিয়ে ৰথ নিয়া চপাইলেক কোল ।
ধৰ ধৰ বুলি বৰ উথলিল ৰোল ॥৭৩
চতুৰ্দ্দিষে বেঢ়িয়া বোলয় মাৰ মাৰ ।
গদা মুদ্গৰ হানে শকতি কুঠাৰ ॥৭৪
মেৰুক বেঢ়িয়া যেন বাৰিষাৰ মেঘে ।
ৰামক বেঢ়িয়া শৰ বৰিষয় বেগে ॥৭৫
ৰাক্ষসৰ অস্ত্ৰ যেন নদী যাই বহি ।
ৰাঘৱে সাগৰে তাক থাকি গৈলা ৰহি ॥৭৬
পৰিঘ পট্টিশ পড়ে পাষাণ ত্ৰিশূল ।
অৰ্দ্ধচন্দ্ৰ ছুৰিপাশ আদি অস্ত্ৰ মূল ॥৭৭
শতঘ্নী ত্ৰিকণ্টক পৰিল বহুত ।
দেখিয়া হাসন্ত ৰাম দশৰথ সুত ॥৭৮
ৰামক বেঢ়িল দেখি নিশাচৰ বলে ।
আকাশত ডৰি গৈল দেৱতা সকলে ॥৭৯
কণাকণি লাগি গৈল দেখন্ত সংশয় ।
ৰাঘৱে জিনন্ত কিবা ৰাক্ষসে জিনয় ॥৮০
চৌধয় সহস্ৰ ৰাক্ষসৰ শৰ জাক ।
ধৰ ধৰ মাৰ মাৰ উথলিল বাক ॥৮১
হৈ হৈ শবদে দিলন্ত কোলাহল ।
প্ৰচণ্ড বাৱত যেন সাগৰ আম্ফাল ॥৮২
ক্ৰোধিলন্ত ৰাম যেন কালান্তক ৰুদ্ৰ ।
মাৰোঁ আজি ৰাক্ষস পিম্পৰাবল ক্ষুদ্ৰ ॥৮৩
টঙ্কাৰ কৰিলা ৰাম ধনুৰ আম্ফাল ।
নিৰন্তৰে ৰাক্ষসৰ কাণে দিল তাল ॥৮৪
জগতৰ নাথে ক্ৰোধ কৰিয়া মনত ।
এক কৌটি নৰাচক চৰাইলা গুণত ॥৮৫
কাটন ফুটন বান গুণৰ ছুটিল ।
বায়ুবেগে গৈয়া সবে সেনাত ফুটিল ॥৮৬
শ্ৰীৰাম চন্দ্ৰ শৰ ব্যৰ্থক ন যাই ।
ৰাক্ষস বলক সবে বেঢ়ি বেঢ়ি খাই ॥৮৭
যাৰ গাত পৰে সিটো তেতিক্ষণে মৰে ।
কতো কতো অস্ত্ৰ দেখিলাতে প্ৰাণহৰে ॥৮৮
পলায় ৰাক্ষস বল নাহিকে বিশ্ৰাম ।
যি দিশক পলায় আগত দেখে ৰাম ॥৮৯
শ্ৰীৰামচন্দ্ৰৰ শৰ যেন যম দণ্ড ।
সহস্ৰ সংখ্যাত কৰিলন্ত খণ্ড খণ্ড ॥৯০
শৰ অগনিত ৰাক্ষসৰ ছাৰ খাৰ ।
সূৰ্য্যৰ কিৰণে যেন ফেৰিল আন্ধাৰ ॥৯১
বহ্নিলাগি যেহেন পুৰিল বাঁশবন ।
ৰামৰ নৰাচে ৰাক্ষসক কৰে ছন্ন ॥৯২
শৰৰ প্ৰহাৰে নিশাচৰ বল ছেদি ।
মাংস ভৈল কৰ্দ্দম শোণিতে ভৈল নদী ॥৯৩
অস্ত্ৰে ভৈল ঝাঝি কেশে যেহেন শেৱাল ।
দেখিয়া হাসন্ত ৰাম ত্ৰিভুৱন পাল ॥৯৪
দেখিলন্ত ৰাম তিনিভাগ ৰণ শেষ ।
গন্ধৰ্ব্ব অস্ত্ৰক হানিলন্ত হৃষীকেশ ॥৯৫
আশেষ বলক মাৰি যমল ডাকিল ।
কিছুমাত্ৰ আৱশেষ সেনাৰ থাকিল ॥৯৬
যিবা কিছু বল ৰণে নভৈলেক ছন্ন ।
আশ্বাস বচনে তাক বুলিলা দূষণ ॥৯৭
মই মাৰোঁ ৰামক হুয়োক সন্ধুক্ষণ ।
সৈন্যক চাহিয়া হেন বুলিল বচন ॥৯৮
দিব্য এক শৰক ৰাঘৱে তুলি লৈল ।
দূৰহন্তে তাহাক খৰৰ লক্ষ্য গৈল ॥৯৯
মায়া অস্ত্ৰ ধৰি পাচে ক্ৰোধ বৰ কৰি ।
হুংবুলি ৰাঘৱক হানিলেক ধৰি ॥১০০
মায়া অস্ত্ৰ খৰৰ ৰামক লাগি যাই ।
অগনি গুণ্ডক যেন গগনে উধাই ॥১০১
ৰামে মায়া অস্ত্ৰ হানিলন্ত তেতিক্ষণ ।
অস্ত্ৰে অস্ত্ৰ লাগি আকাশত ভৈলছন্ন ॥১০২
অস্ত্ৰ গোট খৰৰ নিষ্ফল যেবে ভৈল ।
যমদণ্ড সদৃশ শৰেক ৰামে লৈল ॥১০৩
জলন্ত অগ্নিত যেন দহে তৃণবণ ।
ৰাঘৱৰ শৰে সবে প্ৰজা ভৈল ছন্ন ॥১০৪
সৈন্য পৰিবাৰ দেখি দূষণে খঙ্গাইল ।
সচল পৰ্ব্বত যেন ৰাঘৱক ধাইল ॥১০৫
ধনুত জুড়িয়া আনি পাঞ্চটা নৰাচ ।
হৃদয়ত ফুটিয়া বজাইল পিঠিপাছ ॥১০৬
ৰুধিৰে প্ৰকাশৈ আতি শ্যাম শৰীৰত ।
তমোময় দেখিলন্ত ৰাম ভগৱন্ত ॥১০৭
ক্ষণেকে চেতন পাই কোপে ৰঘুৰাজ ।
ষাঠি শৰে ভেদিলন্ত হৃদয়ৰ মাঝ ॥১০৮
অচেতন হুয়াবীৰ পৰিল ৰথত ।
জীৱ আসি ভৈল স্বস্থ পাইল ক্ষণিকত ॥১০৯
ধনু ধৰি বোলে আজি লৈবোহোঁ পৰাণ ।
ৰাঘৱক হানিলেক অসংখ্যাত বাণ ॥১১০
ৰাঘৱে দেখন্ত শৰে চতুৰ্দ্দিশে চাইল ।
আপোনাৰ শৰ হানি কাটিয়া পেলাইল ॥১১১
শৰ ছন্ন দেখি বীৰ কোপে জ্বলি গৈল ।
তিনি পাট ভল্ল শৰ হানিয়া পঠাইল ॥১১২
দেখি ৰামচন্দ্ৰে শৰ প্ৰহাৰিলা ডাটি ।
ৰাঘৱৰ বানে তাক পেহ্লালেক কাটি ॥১১৩
পাছে ৰামে প্ৰহাৰিল একপাট বান ।
দূষণৰ হাততে কাটিল ধনুখান ॥১১৪
ধনু কাটিবাক দেখি দূষণ খঙ্গাইল ।
পৰ্ব্বত শিখৰ সম পৰিঘেক পাইল ॥১১৫
বাজৰ লোহাক শুদ্ধ সুবৰ্ণে জড়িল ।
চতুৰ্দ্দিকে তাক বজ্ৰ অগনি গঢ়িল ॥১১৬
চাহিতে নোৱাৰি অস্ত্ৰ যেহেন আদিত্য ।
ত্ৰিদশ দেৱতা দেখি ভৈল ভয়ভীত ॥১১৭
সুৰাসুৰগণ দিশাদিশ পলাই গৈল ।
চমতকাৰ আদিত্য মেঘৰ আৰ ভৈল ॥১১৮
দুই হাতে ধৰিয়া দূষণ বীৰে ধাইল ।
যমদণ্ড লৈয়া যমে যেহেন কিটাইল ॥১১৯
শিখৰ সহিতে যেন পৰ্ব্বতেক যাই ।
আতি মদ গৰ্ব্বত কাহাকো নডৰাই ॥১২০
যেন বৃত্ৰ অসুৰে ইন্দ্ৰক ৰণে ধাইল ।
পৰিঘ ধৰিয়া ৰাঘবৰ পাশ পাইল ॥১২১
দেখিয়া ৰামৰ কিছু মন গৈল ভাগি ।
হানিলা সহস্ৰ শৰ পৰিঘেক লাগি ॥১২২
পৰিঘত পৰি শৰ গৈল দশোদিশ ।
বৰিষণ জলে পৰ্ব্বতক কৰে কিস ॥১২৩
আগ মুড়ি যুড়ি শৰ ভূমিত পৰিল ।
দেখিয়া ৰামৰ বৰ হৃদয় কম্পিল ॥১২৪
পৰিঘ বিনাশ নাই মনত গুণিল ।
খুৰ পতি অস্ত্ৰ দুই গুণত যুৰিল ॥১২৫
সেহি অস্ত্ৰ হানি কতো দূৰক খেদিল ।
পৰিঘে সহিতে দুই বাহুক ছেদিল ॥১২৬
বাহু ছেদ ভৈল বীৰ ভূমিত পৰিল ।
একতৰে সাতোখান পৃথিবী লৰিল ॥১২৭
প্ৰমত্ত হস্তিৰ যেন দাত কাঢ়ি লৈল ।
দূষণ বীৰৰ হেন মতে প্ৰাণ গৈল ॥১২৮
দূষণ পৰিল দেখি খৰে খঙ্গে আইল ।
মাৰোঁ মাৰোঁ বুলি পাছে ৰাঘৱক ধাইল ॥১২৯
ত্ৰিশিৰা বোলয় ক্ৰোধ কৰা উপশাম ।
দেখিয়োক এতিক্ষণে মাৰিবোহোঁ ৰাম ॥১৩০
ৰাম অগনিক আজি নিৰগ্নি কৰিবোঁ ।
নুহিৰাম শৰে পৰি স্বৰ্গক চলিবোঁ ॥১৩১
ত্ৰিশিৰাৰ বোলে খৰ মনে পৰিভাই ।
ৰামক যুঝিবে লাগি তাহাক পঠাই ॥১৩২
ত্ৰিশিৰা বীৰক যেবে পঠাইলেক খৰে ।
হৃদয়ত ৰামৰ বিন্ধিলে দশশৰে ॥১৩৩
শৰৰ প্ৰহাৰ যেবে ৰাঘৱে পাইলন্ত ।
ক্ষুদ্ৰ হৰিণক যেন সিংহয়ে ধাইলন্ত ॥১৩৪
ৰথে টৰি যুঝয় ত্ৰিশিৰা মহাবীৰ ।
ক্ৰোধিল ৰামৰ দেখি নসহে শৰীৰ ॥১৩৫
বায়ুবেগে চৌধ পাট শৰ প্ৰহাৰিল ।
বজ্ৰ যেন ত্ৰিশিৰাৰ হিয়াত ফুটিল ॥১৩৬
ষোলশৰ মাৰি চাৰি ঘোড়াক কাটিল ।
একবানে ধ্বজ কাটি ভূমিত পাৰিল ॥১৩৭
আউৰ সাত শৰ মাৰি ৰথক ভেদিল ।
আঠ শৰে সাৰথিৰ কন্ধক ছেদিল ॥১৩৮
অন্তৰীক্ষ ভাৱে তাক নে দেখিল কেৱ ।
হাতে ধনুশৰ মেদিনীত দিল ডেৱ ॥১৩৯
ক্ৰোধিলেক ত্ৰিশিৰা কম্পায় কলেৱৰ ।
হৃদয়ত ৰামৰ ভেদিল দশ শৰ ॥১৪০
ত্ৰিশিৰাক বহুশৰে ৰাঘৱে ভেদিল ।
নৱ শৰ হানি তিনি শিৰক ছেদিল ॥১৪১
তিনি শৃঙ্গ কটা যেন পৰ্ব্বত টলিল ।
অনেক শোণিত তিনি কন্ধৰ ঝৰিল ॥১৪২
ত্ৰিশিৰা পৰিল ৰণে দেখি আছে খৰ ।
মনত গুণয় এবে ভৈলোঁ একেশ্বৰ ॥১৪৩
ৰামৰ শকতি দেখি বোলে বীৰ খৰ ।
কিনো ইতো অদ্ভুত শকতি মানুষৰ ॥১৪৪
চক্ষু মুদিলেয়ো আৰ ভয় নপলাই ।
ইহেন সমৰ এৰিবাকো নুযুৱাই ॥১৪৫
নিশাচৰ বল পলাই দশোদিশ যাই ।
ৰামৰ অবাধ্য শৰে খেদি খেদি খাই ॥১৪৬
খৰে বোলে সাৰথি সত্বৰে ডাক ৰথ ।
আজিসে দেখিবি মোৰ যুঝৰ মহত ॥১৪৭
ৰামক মাৰিয়া যম কবলে পঠাওঁ ।
নুহি সংগ্ৰামত পৰি স্বৰ্গে চলি যাওঁ ॥১৪৮
সাৰথিয়ো তেতিক্ষণে চলাইলেক ৰথ ।
শৰে হানি নিৰোধিল মাৰুতৰ পথ ॥১৪৯
দশোদিশ নিৰোধিল মহাবীৰ খৰে ।
নিৰন্তৰে আকাশক ছানিলেক শৰে ॥১৫০
বায়ুৰ সঞ্চাৰ নাই ইকূল সিকূল ।
সূৰ্য্যৰশ্মি নাশি ভৈল আন্ধাৰ বিপুল ॥১৫১
মেঘে ঢাকিলেক যেন সূৰ্য্য আড়ভৈল ।
খৰে বোলে বৈৰ মৰি যম ঘৰে গৈল ॥১৫২
ক্ৰোধে ৰাম দেৱে ধনু আম্ফাল কৰিল ।
একেবাৰে স্বৰ্গ মৰ্ত্ত পাতাল লৰিল ॥১৫৩
আপোনাৰ শৰে তাৰ বানক ছেদিল ।
সহস্ৰেক শৰে তাৰ শৰীৰ ভেদিল ॥১৫৪
চৌত্ৰিশ অস্ত্ৰকো ভালে দুই হন্তো জানন্ত ।
নৰাচ তোমৰ শৰ দুহন্তো হানন্ত ॥১৫৫
দুহন্তৰো শৰসবে ছানিলা গগন ।
আউৰে আউৰে লাগি শৰ আকাশত ছন্ন ॥১৫৬
হাতে ধনুৰ্ব্বাণ খৰ ৰথে ভৈল থিত ।
সুৰাসুৰ গণে দেখি ভৈল ভয় ভীত ॥১৫৭
সিংহক দেখিয়া যেন সিংহয়ে কিটাইল ।
ৰামক দেখিয়া খৰ মহাবীৰে ধাইল ॥১৫৮
ধনুৰ্ব্বাণ ধৰি ৰাম যুঝন্ত আছন্ত ।
টঙ্কাৰ কৰিয়া ৰাম সমৰে নাচন্ত ॥১৫৯
খুৰপতি বানে তাৰ ধনুক ছেদিল ।
অনেক সহস্ৰ শৰে শৰীৰ ভেদিল ॥১৬০
আন ধনু ধৰি খৰে শৰ প্ৰহাৰিল ।
ৰাঘৱৰ ধনু ছেদি কৱচ কাটিল ॥১৬১
ৰামৰ কৱচ ধনু মাটিতে পৰিল ।
হেন দেখি খৰে বৰ আটাসেক দিল ॥১৬২
উভফোল কৰিয়া খৰৰ শৰে বহে ।
বিহ্বল ভৈলন্ত ৰাম শৰীৰ নসহে ॥১৬৩
কতো বেলি ৰঘুনাথে চেতন পাইলন্ত ।
অগস্তি দিবাৰ ধনু তুলিয়া লৈলন্ত ॥১৬৪
জাজ্জ্বল্য সমান কোপে জগতৰ বাপে ।
বিষ্ণুৰ শৰক নিয়া যুৰিলন্ত চাপে ॥১৬৫
আগ পাছ মন কৰি ভৈলা সব সাজ ।
শৰে হানি ছেদিলন্ত সুৱৰ্ণৰ ধ্বজ ॥১৬৬
ক্ৰোধিয়া বোলন্ত আজি লৈবোহোঁ পৰাণ ।
দুই তন মাজত হানিলা দশবান ॥১৬৭
খৰতৰ প্ৰহাৰে কোপিত ভৈল খৰ ।
হৃদয়ত ৰামৰ বিন্ধিলা দশশৰ ॥১৬৮
দুই হন্তৰো শৰে দুয়ো ভৈলন্ত জৰ্জ্জৰ ।
পঙ্কাকুল ভৈলন্ত ৰুধিৰে কলেৱৰ ॥১৬৯
একেবাৰে ধনুশৰ দুই হন্তো ধৰিল ।
অনেক সহস্ৰ শৰ দুয়ো প্ৰহাৰিল ॥১৭০
পুষ্পিত পলাশ সম দুইৰো কলেৱৰ ।
দুৰ্ঘোৰ ৰণত দুয়ো বীৰসম সব ॥১৭১
ৰামে পাছে তিনিশৰ হিয়াত তাড়িল ।
এক বাণে ধ্বজ কাটি ভূমিত পৰিল ॥১৭২
ধনুকাঢ়ি সাৰথিৰ কন্ধক ছেদিল ।
মৰিয়া সাৰথি পাছে ভূমিত পৰিল ॥১৭৩
ৰথ ভঙ্গ দেখিয়া খৰৰ হৃদি খেদ ।
মোৰ ৰথ ভাঙ্গিলেক অভেদ অছেদ ॥১৭৪
ত্ৰিদশয়ো দেখন্ত খৰৰ ৰথ ভঙ্গ ।
বৈৰৰ বিপত্তি দেখি আতি বৰৰঙ্গ ॥১৭৫
আকাশত থাকিয়া কৌতুক আতিমনে ।
দুন্দুভি সম্বাদ কৰিলন্ত ঘনে ঘনে ॥১৭৬
গদাধৰি খৰে ধৰণীত ডেৱ দিল ।
পৃথিবী কম্পিয়া সাতো পাতাল লৰিল ॥১৭৭
ৰাঘৱে বোলন্ত খৰ শুনৰে পাপিষ্ঠ ।
সকলো ঋষিৰ তই চিন্তিল অনিষ্ট ॥১৭৮
দণ্ডকা বনত তই ভৈলি মন্দৰোগ ।
তোক ৰাখিবেক খানিতেকো নুহি যোগ ॥১৭৯
অন্যায় কৰিলি যত তাৰ ফল পাইবি ।
মোহোৰ হাতত বেটা যমঘৰে যাইবি ॥১৮০
হেন শুনি খৰে পাছে বুলিলেক বাণী ।
মোহোক মাৰিবে এতিক্ষণে কেনে জানি ॥১৮১
মিচাত কৰস ৰাম মনত উল্লাস ।
গদাৰ চোটত কিবা যমঘৰে যাস ॥১৮২
অলপিক মনুষ্য তোহোৰ আছে ধিক ।
বীৰহুয়া বীৰক গৰিহা কৰ কিক ॥১৮৩
গুণবন্ত জনৰ আনেসে গুণ কহে ।
সুগন্ধ পুষ্পৰ গন্ধ পবনেসে বহে ॥১৮৪
ত্ৰিদশ দেৱতা তোৰ হোক অনুবল ।
তথাপিতো মাৰিতোক নিবোঁ ৰসাতল ॥১৮৫
হাতে গদা ধৰি খৰে ৰামক কিটাইল ।
যেন নাৰায়ণক কৈটব বীৰে ধাইল ॥১৮৬
হানিলেক গদা গোট যেন যম দণ্ড ।
টল বল কৰয় মেদিনী সাতো খণ্ড ॥১৮৭
খলকিল সাগৰ লৰিল নাগ পুৰ ।
ৰথে চৰি চমকিল দেৱতা অসুৰ ॥১৮৮
গদাবহি যাই যেৱে ৰামৰ সন্নিত ।
মনত তৰষি ভৈলা বিহ্বল চৰিত ॥১৮৯
শৰ হানিবোহোঁ হেন কৈলা বিমৰিষ ।
এনি সাপে পৰ্ব্বতক কৰিবেক কিস ॥১৯০
অগনিৰ অস্ত্ৰক ৰাঘৱে তুলি লৈল ।
শঙ্কৰৰ শূল ত্ৰিপুৰক সাজ ভৈল ॥১৯১
হানিল অগ্নিৰ অস্ত্ৰ গগনে উধাই ।
সৰ্প গিলিবেক যেন গৰুড়েক যায় ॥১৯২
বিস্তৰ তুলাত যেন অগনি লাগিল ।
ৰামৱৰ শৰে গদা নিৰ্য্যাণ কৰিল ॥১৯৩
গদা গোধ ছন্ন ভৈল দখি আছে খৰ ।
তৰতৰি কম্পিল সকল কলেৱৰ ॥১৯৪
ধুমকেতু যেন গদা ভূমিত পৰিল ।
কম্পিল অনন্ত ফণা মুনিয়ো লৰিল ॥১৯৫
বুলিলন্ত ৰাঘৱে চাণ্ডাল নিশাচৰ ।
পাপৰ চৰিত্ৰ তই দুৰ্জ্জন বৰ্ব্বৰ ॥১৯৬
তোহোক মাৰিয়া যম কৱলে পাঠাওঁ ।
পাছে আন্ত বিচাৰিয়া ঋষি সব চাওঁ ॥১৯৭
খৰে বোলে ৰাম নতো যম ঘৰে যাস ।
সিকাৰণে তই মোক মাৰিবাক চাস ॥১৯৮
অস্ত্ৰহীন দেখি তোৰ হৰষিত মন ।
মোৰ অস্ত্ৰ আছয় পৰ্ব্বত তৰুগণ ॥১৯৯
হেন বুলি ৰাক্ষস কুপিত বৰ ভৈল ।
দুই হাতে পৰ্ব্বতেক উপাড়িয়া লৈল ২০০
লীলায়ে হানিলা বীৰ ৰাঘৱক চাই ।
নিৰ্ঘাতৰ সদৃশ পৰ্ব্বত গোট যাই ॥২০১
ক্ৰোধিয়া ৰাঘৱে হাতে ধনুক ধৰিল ।
শৰে হানি গিৰি খণ্ড খণ্ডক কৰিল ॥২০২
খৰৰো শৰীৰ শৰে জৰ্জ্জৰ কৰিল ।
যেন মন্দৰৰ গেৰু ৰুধিৰ ঝৰিল ॥২০৩
শোণিতৰ গন্ধত প্ৰমত্তৰৰ ভৈল ।
খড়গেক ধৰি ৰাঘৱক খেদি গৈল ॥২০৪
ৰাক্ষসক দেখি ৰাম ক্ৰোধবৰ পাইল ।
বাসবে দিবাৰ অস্ত্ৰ গুণত চৰাইল ॥২০৫
শৰ হানি ৰাঘৱে বোলন্ত থাক থাক ।
অস্ত্ৰৰ অগনি নিকলয় জাকে জাক ॥২০৬
বজ্ৰে ভেদিলেক যেন পৰ্ব্বতৰ মাজ ।
হৃদয়ত ফুটিয়া পিঠিয়া পিঠিত ভৈল বাজ ॥২০৭
প্ৰলয়ত যেন মেৰু পৰ্ব্বত টলিল ।
শৰ পৰি খৰৰ জীৱন নিকলিল ॥২০৮
ৰামৰ হাতত যেৱে ৰাক্ষস পৰিল ।
সুৰাসুৰ নৰে জয়ৰাম জোকাৰিল ॥২০৯
দেৱতা সকলে পুষ্প বৃষ্টি কৰিলন্ত ।
ব্ৰহ্ম ঋষিগণে শুভ দৃষ্টি চাহিলন্ত ॥২১০
আকাশৰ সিদ্ধগণ ভূমিত নামিল ।
বেদ পঢ়ি ৰাঘৱক আশীৰ্ব্বাদ দিল ॥২১১
আকাশত থাকি ব্ৰহ্মা অৱনত হুই ।
কৰিবে লাগিলা পাছে তুতি চাৰি মুয়ি ॥২১২
নমো নমো ৰাম কৰোঁ চৰণে প্ৰণতি ।
তুমি নাৰায়ণ সদানন্দ লক্ষ্মীপতি ॥২১৩
যাক স্মৰি তৰে মহা মহাপাপী গণ ।
প্ৰণামোঁ দেৱৰো দেৱ প্ৰভু নিৰঞ্জন ॥২১৪
তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি ত্ৰিপুৰাৰি ।
জগত্ কাৰণ নমোঁ তুমি সে মুৰাৰি ॥২১৫
তুমি সঞ্চা সবে মিছা জগত যতেক ।
সংসাৰত নাহিকে তোমাত ব্যতিৰেক ॥২১৬
নাহি আদি অন্ত মধ্য পুৰাতন হৰি ।
জগতকে ব্যাপিয়া আপুনি আছা ধৰি ॥২১৭
কাৰণ মায়া আদি যত অধীন যাঁহাৰ ।
পূৰ্ণ ব্ৰহ্ম মূৰ্ত্তিৰাম কৰোঁ নমস্কাৰ ॥২১৮
নমো ভৰতৰ চিত্ত ৰিত্ত আত্মা দেৱ ।
এহি বুলি দেৱে সমে কৰিলন্ত সেৱ ॥২১৯
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱগণ ।
ৰাম কথা কহি গৈলা স্বৰ্গৰ ভুৱন ॥২২০
গৌৰী মহাদেৱ দুয়ো গৈলন্ত কৈলাশ ।
ৰাঘৱে গৈলন্ত সীতা লক্ষ্মণৰ পাশ ॥২২১
তিনিহন্তে তহিতে লাগিলা গলাগলি ।
আউৰে আউৰ চাহি হাসিলন্ত খলখলি ॥২২২
ৰাক্ষসৰ বধ যত কহিলন্ত ৰাম ।
সীতাৰ মনৰ ভয় ভৈল উপশাম ॥২২৩
ঋষি সৱে ৰামক কৰিলা বহুমান ।
আশংসা কৰিয়া গৈলা আপোনাৰ থান ॥২২৪
সীতায়ে ৰামৰ গলে ধৰিলন্ত টানি ।
সজল নয়নে দেৱী বুলিলন্ত বাণী ॥২২৫
প্ৰতিজ্ঞা পালিয়া প্ৰভু ৰাক্ষস মাৰিলা ।
দুৰ্ঘোৰ ভয়ত ঋষি গণক তাৰিলা ॥২২৬
শ্ৰীৰাম লক্ষ্মণ সীতা সুখে ভৈল থিত ।
খৰ বধ দেখি ভয় শূৰ্পনখা ভীত ॥২২৭
ভয়কৰ শোকে তাইৰ দহে সৰ্ব্ব গাৱে ।
লঙ্কা লাগি চলি গৈলা অন্তৰীক্ষ ভাৱে ॥২২৮
বিমানত দেখিল দুৰ্জ্জয় লঙ্কেশ্বৰ ।
চৌপাশে বেঢ়িয়া আছে পাত্ৰ নিৰন্তৰ ॥২২৯
মুখ্য মুখ্য মন্ত্ৰী সৱে থিৰ ভৈল আগে ।
বাসুক্ক বেঢ়ি যেন মহা মহানাগে ॥২৩০
বসি আছে ৰাজা সিংহাসনৰ উপৰে ।
ৰাহু থিৰ ভৈল যেন মৰুৰ শিখৰে ॥২৩১
কাল মেঘ খন যেন শৰীৰৰ বৰ্ণ ।
কুণ্ডলে মণ্ডিত শোভে কুৰি খন কৰ্ণ ॥২৩২
আৰকত কুৰি গোটা চক্ষু জাতিষ্কাৰ ।
মেঘত জ্বলয় যেন কুৰি গোটা তাৰ ॥২৩৩
পাঞ্চ পাঞ্চ আঙ্গুলি এ কুৰি ঘন কৰ ।
পাঞ্চ পাঞ্চ শিৰে যেন কুৰি অজগৰ ॥২৩৪
ভয়ঙ্কৰ পাৱ দুই দশ গোট শিৰ ।
দশ শৃঙ্গ সম যেন কাল গিৰি থিৰ ॥২৩৫
ঐৰাৱত গজৰ দন্তৰ মহা ঘাৱে ।
কৰ বান্ধি প্ৰলম্ভিল ৰাৱণৰ গাৱে ॥২৩৬
ইন্দ্ৰে কৰিলন্ত যত বজ্ৰৰ প্ৰহাৰ ।
সাঞ্চ বান্ধি আছে তাৰ শৰীৰে তাঁহাৰ ॥২৩৭
বৰ্ষ দশ হাজাৰ ব্ৰহ্মাক আৰাধিল ।
তপৰ প্ৰভাৱে সিটো দুকৰ সাধিল ॥২৩৮
পাতালৰো বাসুকিক ৰণ চেৰ কৰি ।
তক্ষক নাগৰ ভাৰ্য্যা আনিলেক হৰি ॥২৩৯
পৃথিৱীৰ ৰাজাৰ স্বৰ্গৰ দেৱলোক ।
স্ত্ৰী কাঢ়ি কাঢ়ি আনি জ্বালিলেক শোক ॥২৪০
লঙ্কামাজে নিৰ্ভয় ৰাৱণ ভৈল থিত ।
দেখি শূৰ্পনখা গৈয়া চাপিল সন্নিত ॥২৪১
শূৰ্পনখা বোলে শুন দাদা লঙ্কেশ্বৰ ।
সুখে থিৰ ভৈলা তুমি লঙ্কাৰ ভিতৰ ॥২৪২
ৰাজা ৰাজেশ্বৰ শুনা ত্ৰিভুৱন নাহা ।
মোহোৰ বিপত্তি হেৰ মাথা তুলি চাহা ॥২৪৩
এতমান ৰাজা হুয়া চিন্তা হীন ভৈলা ।
এৱেসে জানিলোঁ তুমি যমঘে গৈলা ॥২৪৪
তিনিয়ো ভুৱন মাজে তোৰ ভৈল যশ ।
চৰ পঠাই দেশে দেশে বাৰ্ত্তা নলৱস ॥২৪৫
মতোৱাল হুয়া তুমি নুবুঝিলা কায ।
ফুকতে হৰাইলা দাদা লঙ্কা হেন ৰাজ ॥২৪৬
দূষণ ত্ৰিশিৰা খৰ আৰো সেনা যত ।
মানুষে কৰিলা সৱ সংগ্ৰামত হত ॥২৪৭
পৰম দুৰ্জ্জয় বীৰ ৰাম বুলি যাক ।
সেহিসে বিপত্তি হেন কৰিলে আমাক ॥২৪৮
হেন শুনি ৰাৱণৰ ক্ৰোধ বৰ ভৈল ।
ঘৃত পাই যেহেন অগনি জ্বলি গৈল ॥২৪৯
শুন বোলো শূৰ্পনখা কহ মোক কায ।
কহিৰ মানুষ আসি ভৈল বন মাজ ॥২৫০
কিবা ঋষি ব্ৰাহ্মণ নুহিবা ক্ষত্ৰিজাতি ।
কি কাৰণে তোক হেন কৰিলেক শাস্তি ॥২৫১
কিবা অস্ত্ৰ ৰণত হানিল তাক খৰ ।
ঝাণ্ট কৰি কহ মোত তাৰ কোন শৰ ॥২৫২
কিবা জাতি কিবা কূল তাৰ কোন থান ।
কি কাৰণে তোমাৰ কাটিল নাক কাণ ॥২৫৩
সিংহৰ লাঙ্গুল ধৰিবাক হাত মেলে ।
কংহাল গোমৰ সঙ্গে পৰিহাস খেলে ॥২৫৪
প্ৰমত্ত গজৰ দন্ত আঝুৰিতে চায় ।
মৰিবাক লাগি কোনে বাঘে হালবায় ॥২৫৫
শঙ্কৰ ব্ৰহ্মাত যেবে পশয় শৰণ ।
তথাপি মোহোৰ হাতে হৈবেক মৰণ ॥২৫৬
কোনজনে মোৰ মাথে দিলেক চৰণ ।
অবিলম্বে দেখিবেক যমৰ কৰণ ॥২৫৭
শূৰ্পনখা বোলে শুনা থিৰ কৰি মন ।
দশৰথ পুত্ৰ দুই আসি ভৈল বন ॥২৫৮
জ্যেষ্ঠ গোট মহাবলী তাৰ নাম ৰাম ।
চোট গোট খৰতৰ লখাই তাৰ নাম ॥২৫৯
ৰাম লক্ষ্মণৰ মাজে সীতা বৰনাৰী ।
তাইৰ ৰূপক কোনে বৰ্ণাইবাক পাৰি ॥২৬০
ত্ৰিভুৱন মোহিনী সুন্দৰী বৰবালা ।
মন্দোদৰী নুহি কাণি আঙ্গুলিৰ কালা ॥২৬১
দেৱ বিদ্যাধৰী তাই কিবা অপেস্বৰী ।
লক্ষ্মী এ আছন্ত কিবা সীতাৰূপ ধৰি ॥১৬২
সেহিবৰ ৰমণী থাৱত নাহি যাৰ ।
নিষ্ফল জীৱন তাৰ সৱ ৰাজ্য ভাৰ ॥১৬৩
কোল চাপিলোহোঁ মই ভুঞ্জিবাক মনে ।
ধৰি নাক কাণ মোৰ কাটিল লক্ষ্মণে ॥২৬৪
খৰে সমে পাছে মই সমৰ কৰাইলোঁ ।
ৰামৰ হাতত খৰ ভয়াইক মৰাইলোঁ ॥২৬৫
ফুৰি ফুৰি মই ৰাঘৱৰ যুঝ চাওঁ ।
কেন মতে হানে শৰ উদিশ নপাওঁ ॥২৬৬
বিজুলি চটক যেন সত্বৰ গমন ।
আগতে দেখিলোঁ নিশাচৰ ভৈল ছন্ন ॥২৬৭
বজ্ৰৰ সদৃশ দেখোঁ ৰাঘৱৰ চাপ ।
তাহাক ৰণত যুঝিবেক কাৰ বাপ ॥২৬৮
শত্ৰুচাপ যেহেন স্বৰ্গত প্ৰকাশয় ।
ৰাঘৱৰ চাপ তাতো অধিক জ্বলয় ॥২৬৯
দূষণ ত্ৰিশিৰা খৰ তিনি মহাবীৰ ।
প্ৰাণ ছৰাইলন্ত ৰামে পৰিল শৰীৰ ॥২৭০
চৌধয় সহস্ৰ আৰো যতেক ৰাক্ষস ।
ৰাম অগনিত যেন পৰি গৈল মশ ॥২৭১
ৰামৰ বীৰত্ব দেখি হৃদয় লৰিল ।
গৰল বৃক্ষত যেন নিৰ্ঘাত পৰিল ॥২৭২
খৰ বধ শুনি শোক অনেক কৰিল ।
সীতাৰ শুনিয়া নাম দুখ পাসৰিল ॥২৭৩
ৰাঘৱৰ দুৰ্জ্জয় হেন মনে গুণি চাইল ।
সীতাৰ ৰূপক শুনি হৰিষক পাইল ॥২৭৪
জানকীক হৰি আনি সৱ মান সাৰোঁ ।
উপাই বিশেষে পাছে দুয়ো ভাইক মাৰোঁ ॥২৭৫
উপায় গুণিল পাছে হৰিবাক সীতা ।
ৰথে চৰি চলি গৈল মাৰীচৰ ভীতা ॥২৭৬
সাগৰৰ পাৰ ভৈল দিব্যৰথে চৰি ।
মাৰীচৰ থানে গৈয়া পাইল দাড়া দাড়ি ॥২৭৭
মাৰীচক দেখিল শিৰত জটাভাৰ ।
কৃষ্ণসাৰ ছাল পৰিধান গাৱে তাৰ ॥২৭৮
কৃশ ভৈল দেহা তাৰ আতি ধ্যান মনে ।
তপ কৰি আছয় দুৰ্ব্বাৰ তপোবনে ॥২৭৯
ৰাৱণক মাৰীচে কৰিলা বহুমান ।
সতকাৰ লভিয়া বসিল সেহি থান ॥২৮০
ৰাৱণে বোলয় মাৰীচৰ মুখ চাই ।
তুমি হেন হিতকাৰী লঙ্কাতকে নাই ॥২৮১
বুদ্ধিবলে পৌৰুষে তোমাক নাই সম ।
অৰিৰ দমনে যেন কালান্তক যম ॥২৮২
সহস্ৰেক প্ৰমত্ত হস্তিৰ সম বল ।
তুমি সমে জিনিলোহোঁ দেৱতা সকল ॥২৮৩
তুমি হেন হিত মোৰ আন কেহোঁ নাই ।
বোলোঁ এককাৰ্য্য মোক দিয়োক উপাই ॥২৮৪
সাধিতে নপাৰে আনে বিমৰিষি পাইলোঁ ।
তযু তপভঙ্গ সেহি কাৰণে কৰিলোঁ ॥২৮৫
শ্ৰীৰাম লক্ষ্মণ দুই দশৰথ সুত ।
যি থানে মাৰিল মোৰ ৰাক্ষস বহুত ॥২৮৬
ত্ৰিশিৰা দূষণ আৰো প্ৰাণ ভাই খৰ ।
সবাকে মাৰিয়া ৰামে নিলা যম ঘৰ ॥২৮৭
মনুষ্য গোটৰ আতৰিত এত মান ।
মোৰ বহিনীৰ কাটিলেক নাক কাণ ॥২৮৮
মোহোঁত খাটয় নিৰন্তৰে দেৱাসুৰ ।
কৰয় মানুষ গোটে মোক এতদূৰ ॥২৮৯
মোৰ বোল কৰ মমাই যুঝিবাক যাওঁ ।
ৰামক মাৰিয়া যম কৱলে পঠাওঁ ॥২৯০
ৰামৰ চৰিত্ৰ শুনিয়োক সবে নৰে ।
নামেসে তাৰিবে ঘোৰ সংসাৰ সাগৰে ॥২৯১
ৰাম হেন নাম শুনিবাক মনোৰম ।
কলিৰ পাপৰ যেন কালান্তক যম ॥২৯২
ব্ৰহ্মাৰ বাঞ্ছনি নৰতনু আছাপাই ।
জানিয়া সত্বৰে ফুৰা ৰাম নাম গাই ॥২৯৩
সংসাৰ দুঃখ ইসে উপশম কৰে ।
জানি ৰাম ৰাম ঘুষিয়োক নিৰন্তৰে ॥২৯৪
- ৯ অধ্যায় ।
- ছবি ।
ৰামৰ ঘৰিণী আছে, সীতা নামে সুবদনী,
- ত্ৰিভুবন সাৰ এক বালা ।
মন্দোদৰী আদিকৰি, যত মোৰ পটেশ্বৰী,
- পূৰিত নপাৰে এক কলা ॥১
হেন মোত কহিলেক, শূৰ্পনখা বহিনীয়ে,
- শুনি চিত্ত ধৰিতে ন পাৰোঁ ।
জনক জীউক হৰি, মুখ্য পটেশ্বৰী কৰি,
- ৰামত সকলে মান সাৰোঁ ॥২
সীতাৰ শোকত তাৰ, তেজবল হানি হৈব,
- শৰীৰ যাইবেক তাৰ জসি ।
হাতে ধনুকাণ্ড ধৰি, ৰামক নিৰ্ভয়ে মাৰোঁ,
- দণ্ডকা বনত পাছে পশি ॥৩
আমাৰ বচন ভঙ্গ, নকৰা মাৰিচ মমা,
- বাক্য মোৰ দৃঢ় কৰি ধৰ ।
সুৱৰ্ণৰ মৃগ হুই, সীতাৰ আগত গই,
- কোমল বনত তই চৰ ॥৪
সীতাৰ বচন শুনি, শ্ৰীৰাম লক্ষ্মণ দুই,
- যাইব তোক ধৰিবাক লাগি ।
গাণ্ডি দেখা যেন কৰি, ত্বৰিত গমন ধৰি,
- গহন বনক যাইবা ভাগি ॥৫
শূন্য আশ্ৰমত পাছে, সীতাক ৰথত তুলি,
- চলি যাইবোঁ আপোনাৰ থান ।
এত কাৰ্য্য কৰি লাভ, মোক অনুগ্ৰহ হয়,
- কৰিবোঁ তোমাক বহুমান ॥৬
এতেক বচন শুনি, মাৰীচে মনত গুণি,
- হাত যোৰে আগে ভৈল থিৰ ।
ৰামৰ নামক শুনি, ৰাৱণক বুলিলেক,
- কম্পে তাৰ সকলে শৰীৰ ॥৭
ৰাম যেন বীৰবৰ, নজানস লঙ্কেশ্বৰ,
- কৰা বোলে মাৰিবাক যাস ।
সুখৰ ভিতৰে তোৰ, এতমতি কৰিলেক,
- কুলক্ষয় কৰিবাক চাস ॥৮
নৃপতি সবত চাটু, প্ৰিয়বোল বোলন্তাক,
- শতেক সহস্ৰ কৈত নাই ।
হিত পথ্য অপ্ৰিয়ক, বুলিবেক যিতো জনে,
- কৌটিমাজে গুটি এক পাই ॥৯
ৰামৰ বীৰত্ব মই, ভালমতে জানি আছোঁ,
- ত্বৰিতে লঙ্কাক লাগি যাহা ।
ইটো সৱ যত গ্ৰহ, তেজিয়া ভাগিন তুমি,
- জ্ঞাতি সমে ৰাজ্যক কৰাহা ॥১০
হৰি হৰি লঙ্কেশ্বৰ, তোহোৰ প্ৰসাদে সৱ,
- ৰাক্ষসৰ হৰিলেক শঙ্কা ।
হৃদয়ৰ মাজে তোৰ, হেন বুদ্ধি ফিৰিগৈল,
- হৰাইল মাণিক পুৰী লঙ্কা ॥১১
আসন্ন কালত আসি, বিনাশন বুদ্ধি ভৈল,
- মাথে তোৰ যমকাল নাচে ।
অগনিৰ শিখা সম, সীতাক হৰিবে চাস,
- মৰিবাৰ কত কাল আছে ॥১২
ৰাম যেন বীৰবৰ, নজানস লঙ্কেশ্বৰ,
- তাহান আগত তই মাখি ।
আমাৰ বচন ধৰি, সীতাদেৱী পৰিহৰি,
- দেশক চলাহা প্ৰাণ ৰাখি ॥১৩
মোৰ বোলহিত যেৱে, নুশুনস লঙ্কেশ্বৰ,
- দেৱ ধৰ্ম্ম সবে হুইব সাক্ষী ।
যিতো পাত্ৰমন্ত্ৰী তোক, হেন উপদেশ দিল,
- তাহাৰ ফুটিল দুই আঁখি ॥১৪
ৰামদেৱ সুচৰিত, সকল জনৰ হিত,
- দেৱ দ্বিজ গুৰুত বিনীত ।
পিতৃৰ বচনে থিত, সৰ্ব্ব দোষ বিবৰ্জ্জিত,
- ত্ৰিভুৱন ৰাজাক উচিত ॥১৫
জনকৰ জীউ সীতা, ৰাঘৱৰ বিবাহিতা,
- পতিব্ৰতা ধৰ্ম্মে আতি থিতা ।
তোৰ মৃত্যু সন্নিহিত, মতি ভৈল বিপৰীত,
- সিকাৰণে যাস তান ভিতা ॥১৬