সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২০ অধ্যায়
- সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ ।
- পদ ।
অনন্তৰে মাতিলা সুগ্ৰীৱ মহাবীৰ ।
দোষ ক্ষমা কৰিয়োক বানৰ জাতিৰ ॥১
একেবাৰে ভৃত্যৰ দোষৰ নেদিফল ।
জাতি বৃত্তি একে আমি বানৰ চঞ্চল ॥২
তোমাৰ কোপক দেখি ডৰাৱে বানৰ ।
ৰামৰ আছয় কোপ সবাৰ উপৰ ॥৩
তোমাত শৰণ লৈলোঁ যেন যুৱাইয়োক ।
ৰামৰ চৰণে নিবা ভেণ্ট ইয়োক মোক ॥৪
বিমৰিষি বোলাঁ যদি একেশ্বৰে যাওঁ ।
নুহি দিন দশ থাকা সৈন্যক জৰাওঁ ॥৫
ইটো দুইয়ো জনা দাসী মইও ভৈলোঁ দাস ।
তোমাৰ কোপক দেখি বৰ লাগে ত্ৰাস ॥৬
সুগ্ৰীৱে কাকূতি ভৈৱে স্তুতি বুলিলন্ত ।
লক্ষ্মণ বীৰৰ কোপ ভৈল উপশান্ত ॥৭
বিমৰিষি বচন বুলিলা নিষ্টে নিষ্ট ।
মোক কোপ এৰা মই তোমাৰ কনিষ্ঠ ॥৮
মিত্ৰ দ্ৰোহী নোহা তুমি ভকত ৰামৰ ।
কি কৰিবা প্ৰস্ৰৱনে গৈয়া একেশ্বৰ ॥৯
দিন দশ থাকোঁ মই সৈন্য জৰাইয়োক ।
ৰামৰ পাশক চপ কৰে চলিয়োক ॥১০
কৈৰা হনুমন্ত বুলি ৰাজাৰ আদেশ ।
কোটি অসংখ্যাত দূত পাঞ্চা দেশে দেশে ॥১১
উদ অস্তগিৰি যত মেৰু মন্দৰৰ ।
সমস্তে আসোক যত ভালু বানৰ ॥১২
সপ্তদ্বীপা বসুমতী সপত সাগৰ ।
যত মানে চন্দ্ৰ সূৰ্য্য কিৰণ পহৰ ॥১৩
আমাৰেসে অধিকাৰ সবে নিষ্ট জানি ।
তিনি দিন ভিতৰতে সৈন্য দিবা আনি ॥১৪
আপুনি জানাহা যেন নৃপতি প্ৰচণ্ড ।
শীঘ্ৰ কৰি নাসিলে কৰিবো উগ্ৰ দণ্ড ॥১৫
মোহোৰ আদেশ যেহি যেহি লোক পালে ।
দশ দিন ভিতৰতে আসোক সকলে ॥১৬
আপুনি জানিয়া চিন্তিয়োক হিত কায ।
মিত্ৰৰ থানত নপাওঁ যেন মই লাজ ॥১৭
যিবা দূত গৈয়া আছে আদেশ পালোক ।
তাকো লাগি পঠাইয়ো উপৰ চালেক ॥১৮
ৰজাৰ আদেশ যেবে পাইলা বায়ু সুত ।
দেশে দেশে দূত পঠাই দিলন্ত বহুত ॥১৯
ৰাজাৰ আদেশ যেবে হনুমন্ত পাইলা ।
সমস্ত দেশৰ যত বানৰ জড়াইলা ॥২০
নৃপতিৰ আজ্ঞা বাণী শিৰোগত মানি ।
আসিলেক সেনা গণ দশো দিশ ছানি ॥২১
আকাশ ছানিয়া যেন ফৰিঙ্গ উজান্তি ।
আপোনাৰ যূথে যূথে কিষ্কিন্ধা পাইলন্ত ॥২২
সিংহ যেন বিড়িঙ্গ শৰীৰ নাহি চুতি ।
মন্দৰ গিৰিৰ আইল তিনি শত কোটি ॥২৩
নিপুন্দ শৰীৰ লুঙ্গৰিয়া বৰ্ণ কান্তি ।
হেন দেখি স্বৰ্গ কোল একে জাম্পে যান্তি ॥২৪
যিবা পৰ্ব্বতত অস্ত যান্ত দিবাকৰ ।
তৈৰ পৰা শত কোটি আসিল বানৰ ॥২৫
কৈলাসৰ আসিলা বানৰ কুৰিশত ।
তাম্ৰৰ সদৃশ দেখি শৰীৰ সাক্ষাত ॥২৬
ফল মূল ভুঞ্জি মাত্ৰ থাকে অহৰ্ণিশ ।
হেমৱন্ত হন্তে আসি ভৈল কোটি ত্ৰিশ ॥২৭
বিন্ধ্যা হন্তে আঠ কোটি আসিল বানৰ ।
আঙ্গাৰৰ বৰ্ণ সবা হাৰে কলেবৰ ॥২৮
উদয় গিৰিৰ সদা ভুঞ্জি স্বাদৰস ।
তৈৰ হন্তে আসিল বানৰ কোটি দশ ॥২৯
আনো পৰ্ব্বতৰ যত আইল যূথ যূথ ।
কোনে বৰ্ণাইবেক কপি কটত বহুত ॥৩০
ক্ষীৰোদ তীৰৰ যত কটক বানৰ ।
তমাল পুষ্পৰ বৰ্ণ সব কলেবৰ ॥৩১
নাৰিকল ফল ভুঞ্জে সুখী সদাচাৰী ।
তৈৰ হন্তে আইলা যত বৰ্ণাইতে নপাৰি ॥৩২
ভালুক বানৰ যত কটক বহুত ।
সুগ্ৰীৱ ৰাজাত আহি জান দিল দূত ॥৩৩
আদেশ গোসাই দেখাঁ গগন মণ্ডল ।
হেৰা আসি ভৈল প্ৰভু তযু সৈন্য বল ॥৩৪
দূতৰ বচন শুনি কৰি সতকাৰ ।
হৰিষে মাটিত ভৰি নপৰে ৰাজাৰ ॥৩৫
হাঙ্গাৰি আনিল যত অমাত্য সমাজ ।
লক্ষ্মণে বোলন্ত সবে পূৰ্ণ হৈল কায ॥৩৬