ৰাৱণে সীতাক হৰণ কৰে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায় ।
ৰাৱণে সীতাক হৰণ কৰে
- পদ ।
ক্ৰোধিয়া ৰাৱণ গৈয়া জানকীক পাইল ।
বাম হাতে কেশ ধৰি তুলি আলগাইল ॥১
অশেষ যতনে নিয়া অঙ্গে বসাইলেক ।
চন্দ্ৰৰ ৰোহিণী যেন ৰাহু ধৰিলেক ॥২
উৰু দুইত হাত দিয়া ডেৱ কৰিলেক ।
আথ বেথ কৰি গৈয়া ৰথক পাইলেক ॥৩
আকাশৰ মাজে শীঘ্ৰে কৰিল উৰাৱে ।
দুৰ্ঘোৰ ভয়ত সীতা কান্দে দীৰ্ঘ ৰাৱে ॥৪
উত্ৰাৱল চিত্ত ভৈল শিহৰিল গাৱ ।
হাকলে বিকলে কান্দে কাম্পে হাতপাৱ ॥৫
হা হা প্ৰভু ৰাম মোৰ তুমি নিজ পতি ।
তোমাৰ ভাৰ্য্যাক হৰে ৰাৱণ দুৰ্ম্মতি ॥৬
দুষ্টক দণ্ডিতে প্ৰভু ভৈলা অৱতাৰ ।
মোহোক ৰাৱণে হৰে কৰাঁ প্ৰতিকাৰ ॥৭
হৰি হৰি লখাই সত্বৰে লহ লাগ ।
সিংহৰ মহিষী হৰে নিশাচৰ ছাগ ॥৮
হৰি হৰি বিধি কিনো কৰিলে বিপত্তি ।
হেন ভৈল সঙ্গতি হৰাইলোঁ নিজপতি ॥৯
টীকৰ সুস্বামী কিয় ধৰিবাহা জীউ ।
ৰাৱণে হৰিয়া নেই জনকৰ জীউ ॥১০
কৈকেয়ী শ্বাশুৰী মনোৰথ সিদ্ধিভৈল ।
দাৰুণ শোকত শ্বশুৰৰ প্ৰাণ গৈল ॥১১
বন দেৱতাক মই কৰোঁ নমস্কাৰ ।
ৰামত কহিবা হেন বিপত্তি আমাৰ ॥১২
পৰ্ব্বতৰ উপৰে জটায়ু ৰৌদ্ৰে গান্ত ।
ক্ৰন্দন শুনিয়া তেহোঁ চতুৰ্দ্দিশে চান্ত ॥১৩
সীতাক ৰাৱণে নেন্ত তান লক্ষ্য গৈল ।
যেন বজ্ৰপাত তান হৃদয়ত ভৈল ॥১৪
নযা নযা পাপী বুলি দিলা পখা চাট ।
শীঘ্ৰে বেগে ভেন্টিলন্ত মাৰুতৰ বাট ॥১৫
উৰাৱতে টল বলি পৰ্ব্বত লৰিল ।
শাল তাল বৃক্ষ সব খসিয়া পৰিল ॥১৬
পথ ভেন্টিলন্ত পক্ষী জটায়ু প্ৰচণ্ড ।
পখাৰ ঘাৱত মে। ভৈল খণ্ড খণ্ড ॥১৭
দীৰ্ঘ তুণ্ড শকত শৰীৰ নোহে ছোট ।
পখা সমে উৰে যেন মহা গিৰি গোট ॥১৮
আকাশত থাকিয়া বোলন্ত পক্ষিৰাজ ।
ক্ৰূৰ ৰাৱণ তই হেন সে নিলাজ ॥১৯
এতমান ৰাজা হুয়া অন্যায় কৰস ।
ধৰ্ম্ম পথ এৰি পৰদাৰাক হৰস ॥২০
দশৰথ সমে মোৰ একে কলেৱৰ ।
প্ৰাণে যেৱ জীবি মোৰ বধু পৰিহৰ ॥২১
সীতাক ৰাখিয়া তোক সমৰে মাৰিবোঁ ।
তোক ৰথে সমে গিলি সীতাক তাৰিবোঁ ॥২২
মই বৃদ্ধ ভৈলোঁ তোৰ যুবত শৰীৰ ।
তিনিয়ো ভুৱনে তোক লেখি মহাবীৰ ॥২৩
বজ্ৰসম নখ এভো বজ্ৰসম তুণ্ড ।
আজুৰিয়া তোৰ চিণ্ডিবোহোঁ দশমুণ্ড ॥২৪
মোৰ বধু হৰ তোৰ এতমান বুক ।
মৈৰাৰ আগত আসি মিলিলে জেনুক ॥২৫
কোন বস্তু হোস মোক নোহ সমসৰ ।
নখ ঠোঠ প্ৰহাৰে পেশিবোঁ যমঘৰ ॥২৬
প্ৰাণে যেৱে জীবি সীতা এৰ এতিক্ষণ ।
নুহিবা মুগুধ আগ বাঢ়ি দেহ ৰণ ॥২৭
ত্ৰিদশৰ শত্ৰু তোক মাৰি মান সাৰোঁ ।
ৰামৰ বৈৰক আজি বিগুতিয়া মাৰোঁ ॥২৮
হেন শুনি ক্ৰোধি বোলে ৰাৱণ লটক ।
কি বুলিলা চাৰ মুৱ লটক চটক ॥২৯
অবিলম্বে যাইবে মন্দ যমৰ কৰণ ।
কি কাৰণে জোঙ্কাৱস ত্ৰৈলোক্য ৰাৱণ ॥৩০
কোপ কৰি ফুৰাৱয় কুৰি গোটা আখি ।
চন্দ্ৰ সূৰ্য্য বায়ু বসুমতি হৈবা সাখী ॥৩১
ত্ৰিদশৰ ৰাজা মই ৰাৱণ প্ৰচণ্ড ।
শৰে হানি মুগুধ কৰিবোঁ খণ্ড খণ্ড ॥৩২
হেন বুলি ধনুৰ্ব্বাণ তুলিয়া ধৰিল ।
যেন পৰ্ব্বতৰ মেঘে জল বৰিষিল ॥৩৩
ৰাৱণৰ শৰে গৈয়া চৌদিশে বেঢ়িল ।
জটায়ুৰ পাখা বাৱে সমস্তে উৰিল ॥৩৪
নানা অস্ত্ৰ নৰাচ হানয় কণিয়ালী ।
অৰ্দ্ধচন্দ্ৰ হানিয়া ৰাৱণে পাৰৈ গালি ॥৩৫
কুন্ত জাঠি শৰ যত আগত মিলিল ।
সাপক গৰুড়ে যেন জটায়ু গিলিল ॥৩৬
মাৰোঁ পক্ষিৰাজ আজি লৈবোহোঁ পৰাণ ।
বজ্ৰৰ সদৃশ হানিলেক দশ বান ॥৩৭
ঠাস ঠোস কৰি গৈয়া গাৱত পৰিল ।
নাহি ভ্ৰুব ভঙ্গ লোম গচো ন লৰিল ॥৩৮
জ্বলিলা জটায়ু যেন অগনি চটক ।
মাৰোঁহোঁ ৰাৱণ পেষোঁ যমৰ কটক ॥৩৯
ডেৱ দিয়া তাৰ গৈয়া ৰথত চৰিলা ।
চৰণৰ নখে ক্ষত বিক্ষত কৰিলা ॥৪০
ঠোঠৰ প্ৰহাৰে পিঠি কৰিলন্ত ঘাৱ ।
আজুৰি কাটিলা তাৰ মাংস এক নাৱ ॥৪১
কেশত ধৰিয়া তাৰ ঘন্টাক লাৰিলা ।
দুই পাৱে ধৰি তাৰ ধনুক ভাঙ্গিলা ॥৪২
ঠোঠে আজুৰিয়া কিৰীটক কাটিলন্ত ।
উপৰ দেশক লাগি ক্ষেপি পঠাইলন্ত ॥৪৩
আকাশত সূৰ্য্য যেন কিৰীট জ্বলিল ।
জাজ্জ্বল্য সমান হুয়া ভূমিত পৰিল ॥৪৪
চাৰি গোটা গৰ্দ্দভে বহয় ৰথ তাৰ ।
মাৰিলা জটায়ু দিয়া লাথিৰ প্ৰহাৰ ॥৪৫
গজৰ অঙ্কুশ সম নখ ঠোঠ লাগি ।
সাৰথিৰ তাৰ মাথা গোট গৈল ভাগি ॥৪৬
বজ্ৰ সম দুই পাৱ মাথাত হানিল ।
মূৰ্চ্ছা গৈয়া দশানন যমক দেখিল ॥৪৭
পক্ষিৰাজ ৰাৱণক বিভত্স কৰিল ।
ব্ৰহ্মাৰ বৰত দশস্কন্ধ পুনৰ্জিল ॥৪৮
উৰাৱ কৰিলা পক্ষী মাৰুতৰ পথ ।
শীঘ্ৰবেগে লাথি হানি ভাঙ্গিলন্ত ৰথ ॥৪৯
হেন দেখি ৰাৱণৰ হৃদয় লৰিল ।
সীতাক কোলাত তুলি ভূমিত পৰিল ॥৫০
যেৱে পৰি আছয় ৰাৱণ নিশাচৰ ।
সম্বুধিয়া বুলিল জটায়ু পক্ষিবৰ ॥৫১
শুনৰে ৰাৱণ মোৰ নোহ সমসৰ ।
প্ৰাণে যেৱে জীবি মোৰ বধু পৰিহৰ ॥৫২
মোকে সম নোহস ৰামক কি কৰিবি ।
উতসৰ্গৰ ছাগ যেন অৱশ্য মৰিবি ॥৫৩
ৰাৱণে বোলয় মোক কত বোল আৰ ।
কৰিলাহা আপুনি সকলে প্ৰতিকাৰ ॥৫৪
চিন্তিলাহা মিত্ৰৰ যেহেন যোগ্য কায ।
ঠাৱক লাগিয়া চলি যাহা পক্ষিৰাজ ॥৫৫
আৰকায় খেদ যেৱে আমাক কৰিবা ।
এতিক্ষণে তুমি মোৰ হাতত মৰিবা ॥৫৬
অৱশ্য সীতাক মই হৰি নিবোঁ লঙ্কা ।
তুমি হেন লক্ষকো মোহোৰ নাহি শঙ্কা ॥৫৭
জটায়ু বোলন্ত পুনৰ্ব্বোল হেন থান ।
শ্ৰান্ত ভৈলোঁ বৰ মোক ক্ষণিক বিথান ॥৫৮
জ্বৰ জৰ বৃদ্ধ দেহা লাগিল প্ৰয়াস ।
ক্ষণিতেক থাক আজি জীৱন্তে নযাস ॥৫৯
জটায়ুৰ শ্ৰম জানি তাহাৰ হৰিষ ।
আউৰ কিবা চাওঁ বুলি কৰি বিমৰিষ ॥৬০
কোলে কৰি সীতাক আকাশে বহি যাই ।
পক্ষিৰাজ জটায়ু ভূমিত আছে চাই ॥৬১
খেদি গৈয়া তাৰ পাছে পিঠিত চৰিলা ।
দুই পখা মেলি তাক সাৱটি ধৰিলা ॥৬২
স্তন দুইৰ মাজে নখ আৰোপ কৰিলা ।
আঞ্চুৰিয়া যেন কলা খোলক চিৰিলা ॥৬৩
হাতীৰ উপৰে যেন মাহুত চৰিল ।
নখ আঙ্কুশৰ ঘাৱে ৰাৱণ টলিল ॥৬৪
পৰম বিহ্বল হুয়া চতুৰ্দ্দিশে চায় ।
পিঠিত জটায়ু যেন মত্ত গজ প্ৰায় ॥৬৫
হিয়া মুণ্ড গল পিঠি সকলে শৰীৰ ।
নখ ঠোঠ প্ৰহাৰে কৰিলা চিৰাচিৰ ॥৬৬
ঠোঠে ধৰি ধৰি তাৰ কেশ আজুৰিল ।
সোটা সোট ভৈল আলুসমে উভৰিল ॥৬৭
মাথাত চৰিয়া পাছে ঝান্তিলন্ত পাৱ ।
ভূমিত পৰিল ৰাজা বিহ্বল স্বভাৱ ॥৬৮
কতোহোঁ দূৰত নিয়া জানকীক থৈল ।
চৱৰে মঠিয়ে পাছে যুঝিবাক লৈল ॥৬৯
কুৰি গোটা মুঠি হানিলেক একেবলে ।
গৰুড়ৰ পুত্ৰে তাক সহিলন্ত হেলে ॥৭০
চৱৰে মুঠিয়ে লাথি হানয় আথাক ।
হানিলন্ত জটায়ু পখাৰ চাট তাক ॥৭১
নখে ঠোঠে কিল ভুকু মহা কুটা কুটি ।
প্ৰয়াসিলা দুয়ো বীৰ বল গৈল টুটি ॥৭২
ভ্ৰুকুটা ভ্ৰুকুটি লাগি গৈল ধূমাজয় ।
ৰাক্ষসৰ চটকৰ বল হৈল ক্ষয় ॥৭৩
ৰাৱণৰ শৰীৰৰ শোণিত বহয় ।
মন্দৰ গিৰিৰ যেন গেৰু নিকৰয় ॥৭৪
নিৰন্তৰে শৰীৰৰ বহৱে ৰকত ।
ৰাৱণে বোলয় মই নুহিকো শকত ॥৭৫
ন্যায় যুজে যুজোঁ যেৱে মাৰিবেক মোক ।
অন্যায যুজিবোঁ আবে যেন যুৱাই হোক ॥৭৬
হেন ভাবি ডাবৰ কাঢ়িল চন্দ্ৰহাস ।
মাৰোঁ পক্ষিৰাজ আজি জীৱন্তে নযাস ॥৭৭
ৰাৱণৰ মন জানিলন্ত পক্ষিৰাজ ।
পখা চাট মাৰিলন্ত হৃদয়ৰ মাজ ॥৭৮
দুৰ্ব্বাৰ প্ৰহাৰে তাৰ হাৰ বিহৰিল ।
কতোহোঁ দূৰত চিতে ৰাৱণে পৰিল ॥৭৯
থাক থাক বোল আৰু জটায়ু বুলিল ।
ৰাৱণে বোলয় মোৰ আবেসে বুঝিল ।৮০
মায়া কৰি ডেৱ দিয়া দূৰত পৰিল ।
চৰণৰ প্ৰহাৰত পৃথিবী লৰিল ॥৮১
পাখি চাট কৰি আগে জটায়ু খেদিল ।
চন্দ্ৰহাস হানি পাখা ৰাৱণে ছেদিল ॥৮২
পাৱ দুই ছেদিল কাটিয়া দুই পাশ ।
হেন মতে জটায়ুৰ মিলিল বিনাশ ॥৮৩
মায়া যুজে যুজিলন্ত আপোনাক ৰাখি ।
ইন্দ্ৰে যেন পৰ্ব্বতৰ ছেদিলেক পাখী ॥৮৪
জটায়ু মৰিয়া যেবে ভূমিত পৰিল ।
সাগৰ খলকি মহী মন্দৰ লৰিল ॥৮৫
জটায়ুক মাৰিয়া ৰাৱণ ৰঙ্গমনে ।
আপোনাৰ সম্ভাৰ বিচাৰি পশি বনে ॥৮৬
ৰথ খান ভাঙ্গিল সিঞ্চিল বস্তুজাত ।
চামৰ ঢোলাৰ দুইৰ নাহিকয় মাথ ॥৮৭
ছত্ৰ দাৰ পৰি হুয়া আছে দুই চিৰ ।
সাৰথিৰ মুণ্ড নাহি দেখিল শৰীৰ ॥৮৮
সীতায়ে ধৰিলা চাপি জটায়ুৰ গলে ।
আশেষ কান্দিলা দেৱী হাকলে বিকলে ॥৮৯
হৰি হৰি মোহোৰ বান্ধৱ পক্ষিৰাজ ।
পাপিষ্ঠীৰ কাৰণে মৰিলা বনমাজ ॥৯০
মোক এৰি চলিলা জনক যেন বাপ ।
সব কুটুম্বত কৰি তোমাত সন্তাপ ॥৯১
দুৰ্গতে কালত তুমি মোৰ ভৈলা সাহা ।
জনকৰ জীউ মাতোঁ মাথা তুলি চাহা ॥৯২
দশৰথ যেন তুমি মোহোৰ শ্বশুৰ ।
বহাৰী অনাথা কৰি যাহা যম পুৰ ॥৯৩
কহি এৰি গৈলে মোৰ দুম্ভৰণ নাৱ ।
বাহিৰে ভিতৰে মোৰ পোৰে সৰ্ব্বগাৱ ॥৯৪
শান্তী সীতা হওঁ যেবে তত্ত্ব পৰমাণ ।
ৰাঘৱত কহিলে তোমাৰ যাইব প্ৰাণ ॥৯৫
অশেষ সন্তাপে সীতা ক্ৰন্দন কৰিলা ।
ৰাৱণ আসয় দেখি বৃক্ষত ধৰিলা ॥৯৬
এৰ এৰ বুলি সীতা কৰন্ত বিৰাৱ ।
আজুৰিয়া কোলে ধৰি কৰিলা উৰাৱ ॥৯৭
সীতা লৈয়া চলি গৈল গগনৰ মাজ ।
দেৱক সম্বুধি ব্ৰহ্মা বুলিলন্ত কায ॥৯৮
জনকৰ জীউ হৰে ৰাৱণ পাপিষ্ঠ ।
ৰাঘৱৰ দ্ৰোহ কৰি মৰিবেক নিষ্ঠ ॥৯৯
মাংসক লভিয়া যেন লৈযান্ত হেঙ্গল ।
আকাশে ৰাৱণ যেন মেঘৰ চেঙ্গল ॥১০০
বিজুলী চটক যেন গোসাঁনীৰ কান্তি ।
তাৰা যেন জিকী পাৰে অলঙ্কাৰ কান্তি ॥১০১
ৰাৱণৰ অঙ্গে ৰূপ সীতাৰ বলিল ।
অঞ্জন পৰ্ব্বতে যেন মাণিক্য জ্বলিল ॥১০২
ৰাক্ষসৰ কোলে দেবী পৰম নিৰ্ম্মল ।
মেঘক ফেৰিয়া যেন চন্দ্ৰৰ মণ্ডল ॥১০৩
ৰাৱণৰ পাশে সীতা মাণিক জ্বলিল ।
নিশাকালে শোভে যেন পৰ্ব্বতে মলিন ॥১০৪
বায়ুবেগে লৰয় সীতাৰ বস্ত্ৰখন ।
মেঘত লাগিল যেন ৰবিৰ কিৰণ ॥১০৫
ৰাৱণৰ কোলে ৰূপ সীতাৰ উজ্জ্বল ।
সৰোৱৰ মাজে যেন ফুল্ল উত্পল ॥১০৬
ইন্দ্ৰনীল পাশত মাণিক অতিবেক ।
কসটী শিলাত যেন সুৱৰ্ণৰ ৰেখ ॥১০৭
নানা ৰত্ন অলঙ্কাৰ সীতাৰ বলয় ।
যেন কাল মেঘ খণ্ড ৰাৱণ জ্বলয় ॥১০৮
স্তন মাজে হন্তে আসি পৰি গৈল হাৰ ।
গগনৰ হন্তে যেন গঙ্গা অৱতাৰ ॥১০৯
শোকে দুঃখে সীতাৰ শৰীৰ ভৈল কৃশ ।
ৰাৱণক বুলিলন্ত কৰি বিমৰিষ ॥১১০
হাওঁৰে পাপিষ্ঠ সদগতি নাহি তোৰ ।
এতমান ৰাজা হুয়া ভৈলি তিৰি চোৰ ॥১১১
অনেক প্ৰকাৰে আমি বিমৰিষি পাইলোঁ ।
মায়া মৃগ পঠাই দিলে ৰামক গুচাইলোঁ ॥১১২
ৰামৰ ৰাৱক তোৰ ৰাক্ষসে কাঢ়িল ।
সেহিসে কাৰণে মোক লক্ষ্মণে ছাৰিল ॥১১৩
লগত আছিল হন্তে লক্ষ্মণ দেৱৰ ।
তাহানে শৰতে গৈলে হন্তে যমঘৰ ॥১১৪
তিৰী চোৰ পাপিষ্ঠ হাৰিৰ আউঠা খাহা ।
গলে শিলা বান্ধি দুষ্ট মৰিবাক যাহা ॥১১৫
স্বামীক নিজিনি কেনে মোক নেস বলে ।
ঝাণ্টে চল পাপিষ্ঠ হাৰিৰ মাৰ্গতলে ॥১১৬
সুবুদ্ধি ন ভৈল তোৰ মৰিবাৰ কালে ।
শিশিৰ শুষিব তোক ৰাম ৰবি জালে ॥১১৭
যত অলঙ্কাৰ সীতা গাৱৰ কাঢ়িল ।
দেৱাঙ্গ বসনে তাক প্ৰৱন্ধে বান্ধিল ॥১১৮
পাঞ্চ বানৰক পৰ্ব্বতত ভেন্ট পাইলা ।
সবাৰে মাজক লাগি ক্ষেপিয়া পঠাইলা ॥১১৯
শান্তী সীতা মই যেৱে হওঁ তত্ত্বসাৰ ।
ৰামৰ হাতক লাগি যাউক অলঙ্কাৰ ॥১২০
ৰাৱণে লক্ষিল দিশ নিহালন্তে কায ।
ভূষণ পৰিল পাঞ্চ বানৰৰ মাজ ॥১২১
পাঞ্চগুটি বানৰে ঊৰ্দ্ধক লাগি চাইলা ।
ৰাক্ষসৰ অঙ্গে কন্যা এক ভেন্ট পাইলা ॥১২২
আকাশে মেলিয়া যাই দীৰ্ঘ কেশ তাৰ ।
মনত বিস্ময়ে তুলি লৈলা অলঙ্কাৰ ॥১২৩
জটায়ুৰ প্ৰহাৰে বিহ্বল চিত্ত ভৈল !
দক্ষিণ এৰিয়া ৰাজা পূৰ্ব্ব দিশ গৈল ॥১২৪
ঋষ্যমুখ গিৰি পাইল চম্পা সৰোৱৰ ।
দিশ লক্ষি পাছে লঙ্কা গৈল লঙ্কেশ্বৰ ॥১২৫
নিজ মৃত্যু সীতা লৈয়া ৰাৱণ চলয় ।
অৰণ্য এৰায়া পাইল বৰুণ আলয় ॥১২৬
অন্তৰীক্ষ গতি বীৰে সমুদ্ৰ এৰাইল ।
শীঘ্ৰবেগে গৈয়া পাছে লঙ্কাপুৰী পাইল ॥১২৭