হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৭ অধ্যায় ।
হনুমন্তই ঔষধ আনি জীৱন-দান দিয়ে ।
- পদ ।
জাম্বৱন্তে মাৰুতিৰ গ্ৰীৱত ধৰিল ।
এবেসে জানিলোঁ সবে জ্ঞাতি নিস্তৰিল ॥১
ইন্দ্ৰজিতে সকল সৈন্যক গৈলা বধি ।
উপায় বোলোহোঁ ঝাণ্টে আনাগৈ ঔষধি ॥২
আতি দূৰ পথ যাইতে নপাৰয় আন ।
ঝাণ্টে ৰামসেনাৰ দিয়াহা প্ৰাণ দান ॥৩
ইন্দ্ৰজিতে শৰে মোক বিন্ধিলেক টানি ।
ৰুধিৰ পূৰিত মুখে নোলাৱয় বাণী ॥৪
সমুদ্ৰ তৰিয়া হেমৱন্তক চলাহা ।
তাত পাছে ঋষভ পৰ্ব্বত দেখিবাহা ॥৫
কৈলাসক দেখিবাহা হৰৰ আলয় ।
দুইৰ মাজে দেখিবাহা পৰ্ব্বত জ্বলয় ॥৬
চাৰিয়ো ঔষধ জ্বলে দশোদিশে ছানি ।
এক নাম আছে তাৰ মৃত্য সঞ্জয়নী ॥৭
বিশল্যকৰণী আৰ সন্ধান যে কৰী ।
স্বৰূপ কৰণী সমে ঔষধ যে চাৰি ॥৮
আতি সুকুমাৰ দুই ৰাজাৰ কুমাৰ ।
ৰাম লক্ষ্মণৰ ঝাণ্টে সৈন্যক উদ্ধাৰ ॥৯
দুখত মুকুতি কৰাঁ গিয়াতি বৰ্গৰ ।
সত্বৰে চলাহা বাপ বিলম্ব নকৰ ॥১০
পৰ্ব্বতে চড়িলা কপিৰাজ মহাবীৰ ।
মেৰুৰ সদৃশ কৰি বঢ়াইলা শৰীৰ ॥১১
বৰ হামি তুলি বীৰ নাদয় আম্ফাল ।
নিশাচৰ লোকত কাণত দিলা তাল ॥১২
লঙ্কা দলদপ কৰে তান পয়োভৰে ।
সসাগৰা পৃথিবী কাম্পয় নিৰন্তৰে ॥১৩
পাতালত নাগৰ মিলিলা জোটা জোট ।
স্বৰ্গে উশমিস পালটয় যুগ গোট ॥১৪
লাঞ্জ থিৰ কৰিলা বাসুকি যেন নাগ ।
পিঠিখান পৰিল ডাঙ্গৰ ভৈলা আগ ॥১৫
দুই কৰ্ণ সঙ্কোচ সম্ভাৰ কৰি পাৱ ।
লাম্ফদি গৰুড়ে যেন কৰিলা উৰাৱ ॥১৬
দেৱ দ্বিজ বাপ মাৱ প্ৰণামি সাদৰি ।
ডেৱ দিয়া যান্ত যেবে হনুমন্ত হৰি ॥১৭
অৰ্দ্ধেক পৰ্ব্বত সন্ধানতে গৈলা তল ।
চতুৰ্দ্দিশে ফোতকাৰে নিকলিলা জল ॥১৮
সৰভ গৱয় গজ হৰিণ কেশৰী ।
ডেৱৰ সন্ধানে ছেপনিত গৈলা মৰি ॥১৯
সৰ্পে প্ৰাণ ত্যজিলেক অৰ্দ্ধেক নিকলি ।
পাষাণ শিখৰ তৰু গৈলা ঢলি ঢলি ॥২০
দুৰ্ঘোৰ প্ৰচণ্ড ঘৰ শৰীৰ বাই ।
পৰ্ব্বত শিখৰ খসি লগতে উৰাই ॥২১
কৌটি কৌটি সাগৰৰ জলত পৰিল ।
পাতালে নাগৰ ফনামণিয়ো লৰিল ॥২২
মৰ্ত্তৰ ভুবন কপি এৰাইলা সমস্ত ।
বায়ুবাট এৰায়া পাইলন্ত স্বৰ্গপন্থ ॥২৩
মেৰুগিৰি দেখিলা সুবৰ্ণে জাতিষ্কাৰ ।
কতেক বৰ্ণাইবো গুণ দেৱতা সভাৰ ॥২৪
ৰবিপন্থ সঞ্চাৰে সাগৰ এৰাইলন্ত ।
ৰজত সঙ্কাশ হিমৱন্তক পাইলন্ত ॥২৫
অত্যন্ত উচ্ছ্ৰিত গিৰি দেখিলা কৈলাস ।
ত্ৰৈলোক্যত সাৰ হৰগৌৰীৰ নিবাস ॥২৬
ঋষভ পৰ্ব্বত দেখিলন্ত কপিৰাজে ।
ঔষধৰ পৰ্ব্বত দেখিলা দুইৰো মাজে ॥২৭
ঔষধ জ্বলন্ত মাণিকৰ যেন কান্তি ।
জৌতিৰ প্ৰভাৱে নজানিয় দিন ৰাতি ॥২৮
সাহাস্তম হুয়া হনুমন্তে যেবে যান্ত ।
প্ৰদীপ নিৰ্ব্বাণে যেন ঔষধ পলান্ত ॥২৯
সম্বুধি বোলয় কপি শুনৰে পৰ্ব্বত ।
ৰাঘৱক নমানস মদৰ গৰ্ব্বত ॥৩০
আজি দেখা তোমাৰ মহত কৰোঁ চূৰ ।
ঔষধক পলুৱাই নিবি কত দূৰ ॥৩১
হেন বুলি পৰ্ব্বতক ধৰি আঙ্কোৱালি ।
ঔষধক নাগ মৃগ সহিতে উঘালি ॥৩২
অন্তৰীক্ষে ডেব কৰি মহাবীৰ কপি ।
পৰ্ব্বত সহিতে যান্ত গগণ বিয়াপি ॥৩৩
চক্ৰ কৰে ধৰি যেন চলি যান্ত হৰি ।
ঔষধৰ প্ৰভাৱে প্ৰসন্ন দিশ কৰি ॥৩৪
সূৰ্য্যৰ পথক পাইলা গগণ মণ্ডলে ।
সূৰ্য্য জ্বলে দুই গোটা যেন সবে বোলে ॥৩৫
আটাসেক দিয়া নামিলন্ত কপি সিংহ ।
চক্ষু মেলি সকল বানৰে দিল ৰিঙ্গ ॥৩৬
শ্ৰীৰাম লক্ষ্মণে ঔষধৰ গন্ধ পাই ।
নিৰ্ব্বিষ শৰীৰে বসিলন্ত দুই ভাই ॥৩৭
ঔষধৰ প্ৰভাৱে সকল কপিগণ ।
উঠিয়া বসিলা শৰীৰত নাই ব্ৰণ ॥৩৮
অচিন্ত্য প্ৰভাৱ ঔষধৰ ঠাৱ ছাৰি ।
গন্ধ পায়া সৈন্য বসিলন্ত সাৰি সাৰি ॥৩৯
পূৰ্ব্বৱতে বসিলা শ্ৰীমন্ত ভৈলা কায় ।
দশগুণ তেজ বল গুচিলা অপায় ॥৪০
ঔষধ সহিতে নিয়া পৰ্ব্বত শিখৰ ।
সবাৰ মাজত থৈলা পৱন কুমাৰ ॥৪১
শ্ৰীৰাম লক্ষ্মণ আৰ ভালুক বানৰে ।
কৰিলা প্ৰশংসা হনুমন্তক সাদৰে ॥৪২
চিৰকাল জীৱ বাপু বীৰ হনুমান ।
সকল সৈন্যক বাপু দিলা প্ৰাণদান ॥৪৩
ৰাঘৱে বোলন্ত হনুমান মহা বুধি ।
পূৰ্ব্বৰ থানত নিয়া থৈয়োক ঔষধি ॥৪৪
শ্ৰেষ্ঠ পুৰুষৰ ইটো পূৰ্ব্বৰ সঞ্চিত ।
আমাসাৰ নোহে যোগ্য মৰ্য্যাদা লঙ্ঘিত ॥৪৫
ৰামৰ আদেশে বীৰ শীৰে তুলি লৈলা ।
পূৰ্ব্বৰ থানত নিয়া পৰ্ব্বতক থৈলা ॥৪৬
সত্বৰ গমনে পথ লঙ্ঘিয়া আশেষ ।
তেতিক্ষণে আসি ভৈল লঙ্কাত প্ৰবেশ ॥৪৭