চিত্ৰকূটত ৰাম
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৫ অধ্যায়
- চিত্ৰকূটত ৰাম
ৰাম সীতা ক্ৰীড়া কৰে চিত্ৰকূট বনে ।
শচী সমে দেৱৰাজ যেহেন নন্দনে ॥১
সীতাক বুলিল ৰাম হৰিষ বদনে ।
অযোধ্যাৰ ভোগ আউৰ নপৰয় মনে ॥২
গিৰিৰ কন্দৰে গন্ধ সুৰভি অপাৰ ।
আছোক মনুষ্য মন মোহে দেৱতাৰ ॥৩
পুত্ৰ পুত্ৰ বুলি শুনু পক্ষী কাঢ়ে ৰাৱ ।
এহিমতে কান্দিয়া, মৰন্ত মোৰ মাৱ ॥৪
ফল পুষ্প দেখি সীতা নানা চিত্ৰবন ।
অনেক সন্তোষ কৰিয়োক বিতোপন ॥৫
থানে থানে দেখিয়ো কিন্নৰী বিদ্যাধৰী ।
ৰমণ কৰন্ত নানা বিধ বেশ কৰি ॥৬
মানস শিলাৰ ফোট সীতাদেৱী দিল ।
আলিঙ্গিন্তে ৰামৰ হিয়াত সঞ্চৰিল ॥৭
হেন দেখি সীতায়ে কৰিলা পৰিহাস ।
সুৰত শৃঙ্গাৰ বৰ ভৈল অভিলাষ ॥৮
মৃগমাৰি লক্ষ্মণে যোগান্ত নিতে আনি ।
সীতা দেবী ৰান্ধন্ত ভুঞ্জন্ত তিনি প্ৰাণী ॥৯
মৃগ হেতু লক্ষ্মণ চলিলা আন ভিতি ।
শৃঙ্গাৰে থাকিলা ৰাম সীতায়ে সহিতি ॥১০
অনেক হৰিষ ভৈল ৰামৰ শৰীৰে ।
সীতাৰ উদ্ধত শিৰে শুইলা নদীতীৰে ॥১১
লক্ষ্মণ গৈলন্ত যবে মৃগ মাৰিবাক ।
সীতাৰ সন্নিতে বৃক্ষডালে পৰি কাক ॥১২
সীতাৰ ৰূপক দেখি কাক ভৈলভোল ।
এক দোৱা কৰি গৈয়া চাপিলেক কোল ॥১৩
ৰাঘৱৰ আতিশয় নিদ্ৰাক দেখিয়া ।
সীতাৰ তনত পৰিলেক ঝাম্প দিয়া ॥১৪
তনমাঝে গোসাঁনীৰ কৰিলেক ঘাৱ ।
ক্ৰোধিলন্ত সীতা মাৱ কাম্পে হাত পাৱ ॥১৫
কোপে শোকে সীতাদেবী ক্ৰন্দন কৰিল ।
ৰামৰ শৰীৰ সবে লোতকে ভৰিল ॥১৬
সীতাৰ আগত কাকে কেলি কৰে বৰে ।
থপা মুণ্ডি দিয়াবেগে তন মাঝে পৰে ॥১৭
মাৰিব নপাৰে সীতা কান্দিল বহুত ।
জাগিয়া দেখিলা ৰাম দশৰথ সুত ॥১৮
সীতাৰ তনৰ মাঝে বহয় ৰুধিৰ ।
ক্ৰোধিলন্ত ৰামে দেখি নসহে শৰীৰ ॥১৯
নগনিয়া ৰামক সীতাক প্ৰহাৰয় ।
পুনু পুনু প্ৰহাৰিয়া তনত পৰয় ॥২০
ক্ৰোধিয়া বোলন্ত ৰাম লৈবোহোঁ পৰাণ ।
মন্ত্ৰ পঢ়ি মাৰিলেক ঈষিকৰ বাণ ॥২১
অগ্নি সম শৰ দেখি বায়স উৰায় ।
ৰাঘৱৰ শৰে তাৰ পাছে খেদি যায় ॥২২
ইন্দ্ৰৰ তনয় কাক অতি বৰখল ।
শৰে খেদিনেই পলাই গগন মণ্ডল ॥২৩
কাকে মনে গুণে এবে মিলিল মৰণ ।
দেৱ সমাজত গৈয়া পশিলা শৰণ ॥২৪
দেৱলোকে বোলে গুচ গুচৰে পাপিষ্ঠ ।
সীতাক হিংসিলি তই সবাৰে অনিষ্ঠ ॥২৫
একো থানে কাকে যেবে শৰণ নপাইল ।
শীঘ্ৰবেগ কৰিয়া ৰামৰ পাশে আইল ॥২৬
খেদে যমদূত সম ৰাঘৱৰ বাণ ।
বোলে নিচিলিলো প্ৰভু ৰাখিয়োক প্ৰাণ ॥২৭
ক্ষমা কৰিয়োক মোৰ অজ্ঞানৰ পাপ ।
তুমিসি ত্ৰৈলোক্য নাথ জগতৰ বাপ ॥২৮
বৰ দ্ৰোহ আচৰিলো জগতৰ মাৱে ।
এহিবুলি বায়স পৰিল দুই পাৱে ॥২৯
ৰাঘৱে বোলন্ত আসি শৰণ পশিলি ।
আপোনাৰ পাপে তই আপুনি নশিলি ॥৩০
অবাধ্য মোহোৰ বাণ জান তই সাঙ্গ ।
প্ৰাণে যেবে জীবি ছাৰি দেহ এক অঙ্গ ॥৩১
বিমৰিষি কাকে এক চক্ষু এৰিলেক ।
ৰাঘৱৰ শৰে তাক ছন্ন কৰিলেক ॥৩২
ৰামক প্ৰণামি কাক গৈল প্ৰাণ ৰাখি ।
সেহি ধৰি কাকে নেদেখয় এক আখি ॥৩৩
ঘাৰ গোট পালটায়া এক আখি চাই ।
সচকিত মনে সি আহাৰ পানী খাই ॥৩৪
অমৃত সমান জুৰ ৰাঘৱৰ হস্ত ।
মাজিলা সীতাৰ তন ভৈলা দেৱী সুস্থ ॥৩৫
শ্ৰীৰাম লক্ষ্মণ দুয়ো শিৰে জটা জুটে ।
সুখে উপস্থিত ভৈলা গিৰি চিত্ৰকূটে ॥৩৬
ৰাঘৱৰ চৰিত্ৰ আছোক এহি খন ।
ভৰতে পশিলা যেবে চিত্ৰকূট বন ॥৩৭
কটকৰ বোলে বন পূৰিল সকল ।
পাৱ ধূলি ব্যাপিলেক গগন মণ্ডল ॥৩৮
বৃক্ষৰ চটক সবে সাগৰান্ত গৈল ।
ৰাম সীতা লক্ষ্মণৰ চমত্কাৰ ভৈল ॥৩৯
সীতায়ে ৰামৰ গলে সাৱটি ধৰিল ।
বীৰত্ব বচনে ৰামে আশ্বাস কৰিল ॥৪০
ৰাঘৱে বোলন্ত লখাই বাৰ্ত্তাক নপাইল ।
কমন নৃপতি মৃগ মাৰিবাক আইল ॥৪১
শীঘ্ৰ কৰি চলা হাতে ধনুশৰ ধৰি ।
সুধি আসি আমাত কহিয়ো ঝাণ্ট কৰি ॥৪২
ৰামৰ বচন যেবে পৰিতোল পাইল ।
শালবৃক্ষে চড়িয়া লক্ষ্মণ বীৰে চাইল ॥৪৩
দেখে চতুৰঙ্গ দল বন জুৰি আইল ।
প্ৰলয় কালৰ যেন সাগৰ জন্তাইল ॥৪৪
হেন দেখি লক্ষ্মণৰ বিয়াকুল মন ।
বৃক্ষ হন্তে নামি আসি জনাইল তেখন ॥৪৫
শুনিয়োক দাদা আমি অনুমানি পাইল ।
ভৰতে সেনাক সাজি মাৰিবাক আইল ॥৪৬
মাৱেকৰ হাতে ৰাজ্য লৱাইলেক মাগি ।
তোমাক পাঠাইলে ঘোৰ বনবাস লাগি ॥৪৭
তথাপি নভৈল ক্ষমা মাৰিবাক চায় ।
মাৰিবোঁ ভৰত আজি জীয়ন্তে নযায় ॥৪৮
ভৰত বিশিষ্ট হেন বুলি আছা বাণী ।
পানীৰ কণ্টক যেন বিন্ধিলেসে জানি ॥৪৯
আততায়ী ভৰতক কাটিবোঁ সমুলি ।
কৈকেয়ীক মাৰিবোহোঁ পুত্ৰ শোকে পুলি ॥৫০
হাতী ঘোঁৰা ৰথ সেনা মাৰোঁ নিৰন্তৰ ।
শোণিতে কৰিবোঁ আজি নদী ভয়ঙ্কৰ ॥৫১
অযোধ্যাত পাতোঁ নিয়া নৃপতি তোমাক ।
দিয়া অনুমতি মোক নিদিবাহাঁ হাক ॥৫২
বধোহোঁ তোমাৰ শত্ৰু কিছু দোষ নাই ।
ৰাঘৱে বোলন্ত বাপু শুনিয়ো লখাই ॥৫৩
জানোঁ মোত ভকতি কৰিল শুদ্ধমতি ।
ভৰতক দোষ ভাই নিদিবি সম্প্ৰতি ॥৫৪
তই মোৰ যিমত ভৰতো সেহি নয় ।
তাক মন্দ বোলা মোৰ দুখ সে জনয় ॥৫৫
ভৰতক কষ্ট আৰু নকৰিবি তই ।
যি কাযে ভৰত আসে ভালে জানোঁ মই ॥৫৬
অযোধ্যাত নিয়া মোক নৃপতি পাতিব ।
মোৰ বনবাস সিটো আপুনি খাটিব ॥৫৭
মোক চাই হেসে দেখ ঘোটক বাপৰ ।
শত্ৰুঞ্জয় নামে পাট হস্তী ভয়ঙ্কৰ ॥৫৮
আক দ্ৰোহ কৰিলে বাপৰ দ্ৰোহ হয় ।
সত্য ধৰ্ম্ম নাশি সিটো পাতক সাঞ্চয় ॥৫৯
আন সব প্ৰজা মোক নিবাক আসয় ।
দশোদিশে ৰাম ধ্বনি শুনো জয়জয় ॥৬০
শুনি ৰাঘৱৰ পাচে নিষ্ঠুৰ বচন ।
লাজ পাইয়া হেট মাথে ৰহিলা লক্ষ্মণ ॥৬১
আপোনাক আপুনি কাটিলা যেন মত ।
ধন্য ৰাম ধন্য ৰাম বোলন্ত মনত ॥৬২
অনন্তৰে গুহ ৰাজা গুণিলা মনতে ।
ভৰতৰ চিত্ত নুবুজিয়া ভাল মতে ॥৬৩
সৈন্য সমন্বিতে ভৰতৰ লাগ ধৰোঁ ।
ভাল মন্দ জানি পাছে তাৰ কায কৰোঁ ॥৬৪
এহি বুলি গুহ যমুনাৰ পাৰ ভৈল ।
আতি শীঘ্ৰ বেগে ভৰতৰ লাগ লৈল ॥৬৫