লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৮ অধ্যায়
লক্ষ্মণক বিচাৰি ৰামৰ বন যাত্ৰা ।
- দুলৰি ।
লক্ষ্মণৰ কথা, এহিমানে গৈল,
- ৰামৰ শুনা বিলাই ।
শোকসাগৰত, গৈল তল প্ৰভু,
- শ্ৰুতি জ্ঞান আউৰ নাই ॥১
লক্ষ্মণৰ শোক, প্ৰচণ্ড বাতাসে,
- সীতাৰ সন্তাপে আগি ।
শুকান অৰণ্য, ৰামচন্দ্ৰ ভৈলা,
- দহে হৃদয়ত লাগি ॥২
যেতিক্ষণে এৰি, লক্ষ্মণ গৈলন্ত,
- মৰিল ৰাম সমূলি ।
উঠি উঠি লুটি, পৰিয়া কান্দয়,
- হা প্ৰাণ লখাই বুলি ॥৩
পৰিছেদা কৰি, আজি সি তেজিলি,
- ভৈয়াই ইজন্মক লাগি ।
তোহোৰ সন্তাপে, প্ৰাণ ধৰোঁ কিক,
- নগৈল হৃদয় ভাগি ॥৪
পিতৃ মাতৃ মোৰ, মৰিল তেজিয়া,
- জানকী গৈল পাতালে ।
সন্তাপিলো তাকো, তই এৰিলতে,
- আবেসে গ্ৰসিলে কালে ॥৫
দণ্ডকা বনতো, তই সি প্ৰাণ দিলি,
- জুৰুৱাইলি মোৰ শোক ।
দুখৰ সহায়, কৈ গৈলে লখাই,
- অনাথিতি কৰি মোক ॥৬
কিনো সুলক্ষণ, ভৈয়াই লক্ষ্মণ,
- তোৰ গুণ কৈবো কত ।
ভাতৃ মাতৃ ৰাজ্য, তেজি বনবাসে,
- তই গৈলি মোৰ লগত ॥৭
সীতাক আমাক, উপকাৰ কৰি,
- ফুৰিলি ভৃত্য সমান ।
সি সব সুমৰি, কিয় নযাওঁ মৰি,
- ৰহি আছো এভো প্ৰাণ ॥৮
জানিলো ভৈয়াই, মোহোৰ চিন্তাই,
- মৰিবি তয়ো বনত ।
যাইবো খেদি তোক, যেন যুৱাই হৌক,
- মোৰোহো তোৰে লগত ॥৯
পাত্ৰ মেলেকক, বোলন্ত সত্বৰে,
- সম্ভাৰ আনিয়ো সাজি ।
মিলিল বিচাট, ৰাজদণ্ড পাট,
- ভৰতক দিবো আজি ॥১০
দেৱলোকে মোক, উতপাত কৰে,
- স্বৰ্গক যাইবাক লাগি ।
আবেসে সিয়াৰি, ওপৰ কৰিলে,
- ভৈয়াইৰ বিৰহ আগি ॥১১
দহৱে শৰীৰ, চিত্ত নুহি থিৰ,
- নেদেখি লখাইক মৰোঁ ।
আসিয়ো সত্বৰে, ভৈয়াই ভৰত,
- তোক অভিষেক কৰোঁ ॥১২
লক্ষ্মণৰ শোকে, নপাৰো ৰহিবে,
- দহৱে হাৰৰো মজ্জা ।
মোক পাইলে কালে, জানিা সকালে,
- হুয়োক পাটত ৰাজা ॥১৩
ৰামৰ বচনে, বীৰ ভৰতৰ,
- লাগিল গাৱত জুই ।
মকমক কৰি, ক্ৰন্দন কৰিয়া,
- বোলন্ত আঞ্জুলি হুই ॥১৪
কিসক আমাক, বুলিলাহা হেন,
- দাদা নিকাৰুণ কায ।
তোমাৰ চৰণ, সেৱাৰ নিমিতে,
- পূৰ্ব্বতো এৰিলোঁ ৰাজ ॥১৫
লৱক কুশক, বাণ্টি দিয়া ৰাজ্য,
- মোৰ আত নাই ইচ্ছা ।
চলিবোঁ লগত, তোমাৰ শপত,
- মাতো যেবে মই মিছা ॥১৬
ৰাঘৱ চলিবা, অযোধ্যা মৰিবা,
- সবে নিষ্ট কথা পাইল ।
যত নৰনাৰী, শিশু আগকৰি,
- আগত আসি জণ্টাইল ॥১৭
উৰ্ম্মি কৰি লোক, কান্দিবে লাগিল,
- পোৰৈ সবে সৰ্ব্ব আঙ্গ ।
আমাক এৰিয়া, যাইবে খোজা নাথ,
- মাথাত মাৰিয়া দাঙ্গ ॥১৮
তুমি সে আমাৰ, মুখ্য প্ৰাণ প্ৰভু,
- স্বৰূপ কৰিলো হিয়া ।
নচাৰিবো লাগ, হুয়া ভকতক ত্যাগ,
- নকৰি লগতে নিয়া ॥১৯
এহি বুলি প্ৰজা, আৰাৱ কৰয়,
- হুয়া সবে এক জৰি ।
ভিতৰতো পাত্ৰ, আহে মন্ত্ৰীগণো কান্দৈ,
- ৰামৰ আগত পৰি ॥২০
বশিষ্ঠ বোলন্ত, শুনা ৰঘুপতি,
- আবে হুইব কোন কায ।
তোমাৰ বিয়োগে, প্ৰজা নিজীবেক,
- মৰিবে সমস্ত ৰাজ ॥২১
তুমি কৃপাময়, পুৰুষ প্ৰজাৰ,
- পূৰা মনোৰথ নাথ ।
হেন শুনি গুণি, আছে পাছে প্ৰভু,
- ৰাঘৱে তুলিলা মাথ ॥২২
বোলন্ত শুনিয়ো, পাত্ৰ মন্ত্ৰী লোক,
- কেন অভিমত কায ।
কৰি কৰযোৰ, পৰিয়া ভূমিত,
- বিনাৱে পাত্ৰ সমাজ ॥২৩
প্ৰভুৰ পাৱত, এতেক গোচৰ,
- যদি অনুগ্ৰহ থাকে ।
সপুত্ৰ বান্ধৱে, চলিবো লগত,
- নিয়োক নাথ আমাকে ॥২৪
নিশ্চয় জানিলোঁ, জনেক নিজীবোঁ,
- যদি তেজি যাহা তুমি ।
দেখি অনুৰাগ, লোকৰ ৰাঘৱ,
- কান্দিলন্ত হুমহুমি ॥২৫
বোলন্ত শুনিয়ো, পাত্ৰ মন্ত্ৰী মোৰ,
- যত লোক অযোধ্যাৰ ।
ঝাণ্টে হোৱা সাজ, যাইবে খোজা যেবে,
- লগত আৱে আমাৰ ॥২৬
যত পশুপক্ষী, বৃক্ষ অযোধ্যাৰ,
- জীয়া জন্তু যত প্ৰাণী ।
সমস্ত নগৰে, সাজোক সত্বৰে,
- আজ্ঞা মোৰ নিষ্ট জানি ॥২৭
লোকেসে আমাক, নেৰে যেবে মই,
- তেজি যাইবোঁ কোন সতে ।
সত্যে সত্যে বোলো, হৌক যেই লাগৈ,
- প্ৰজাৰ ইটো লগতে ॥২৮
শুনিয়া জোকাৰ, প্ৰজায়ে পাৰয়,
- জয় জয় ৰাম বুলি ।
প্ৰভুৰ লগত, যাইবো আনন্দত,
- যেন নাচে হাত তুলি ॥২৯
যত নৰ নাৰী, আবাল পৰ্য্যন্তে,
- অযোধ্যা মধ্যত বসি ।
নাপিতক মাতি, কাম কৰাই আতি,
- গাৱে ক্ষাৰ কসাই ঘসি ॥৩০
স্নান কৰি জলে, সৰ্ব্বস্ব সকলে,
- ব্ৰাহ্মণক দান কৰৈ ।
পিন্ধি ধৌত বস্ত্ৰ, ভূষিত চন্দনে,
- আনন্দে চিত্ত নধৰৈ ॥৩১
অলঙ্কাৰে সবে, শৰীৰক মণ্ডে,
- যাৰ যত মান আছে ।
অনেক উৎসৱে, অযোধ্যাৰ লোক,
- স্বৰ্গক যাইবাক কাছে ॥৩২
শুনা সভাসদ, ৰামায়ণ পদ,
- পাতকৰ ধুম্ৰকেতু ।
অপাৰ সংসাৰ, সুখে হোৱা পাৰ,
- ৰাম নামে বান্ধি সেতু ॥৩৩
দুষ্ট কাল সৰ্পে, সবাকো দংশিলে,
- ভৈল শ্ৰুতি হতবুদ্ধি ।
ৰাম নাম ইটো, অমৃত বিনাই,
- নাই নাই মহৌষধি ॥৩৪
যতেক পাতেক, সংহৰিবে পাৰে,
- ৰামৰ নামে সম্প্ৰতি ।
ততেক পাতেক, কৰিবে পাপীৰ,
- বাপৰ নাহি শকতি ॥৩৫
অগনিক যেন, তৃণে নোৱাৰয়,
- পাপৰো তেনয় নাম ।
ইসি ধৰ্ম্ম নিজ, মুকুতি বাণিজ্য,
- ডাকি বোলা ৰাম ৰাম ॥৩৬
- ২৯ অধ্যায়
- পদ।
শুনিয়োক পাছ কথা শুনা আত অনন্তৰে ।
লক্ষ্মণৰ শোকে সুস্থ নৰৈল ৰামৰে ॥১
তেতিক্ষণে গুচি মহা মনত বিচাট ।
লৱক কুশক এৰি দিলা দণ্ড পাট ॥২
বন্ধ্যা পৰ্ব্বতৰ কাছে পুৰী কুশৱতী ।
তথাত পাতিলা নিয়া কুশক নৃপতি ॥৩
অশ্ৰাৱতী নগৰে ভৈলন্ত লৱ ৰাজা ।
দিলা দুইকো বিভঞ্জিয়া গজ বাজী প্ৰজা ॥৪
সুবৰ্ণ ৰজত ৰত্ন অলেখ ভাণ্ডাৰ ।
দিলা সবে বাণ্টি দিব্য বস্ত্ৰ অলঙ্কাৰ ॥৫
নথৈলন্ত ঘাটি ৰামে পুত্ৰ স্নেহে আতি ।
কৰিলা আশ্বাস দুয়ো তনয়ক মাতি ॥৬
নকৰিবা দন্দ্ব বাদ ৰাজ্যৰ নিদানে ।
কালক বঞ্চিবা দুয়ো একে জীৱ প্ৰাণে ॥৭
দুইত পৰে দুইহানো কুটুম্ব আউৰ নাই ।
অল্পতে ছেণ্ডৱা ভৈলে দুই হন্তো পুতাই ॥৮
দাৰুণী জানকী এৰি পশিল পাতাল ।
নপাইলো কৰিবে আবে মইও প্ৰতিপাল ॥৯
বিধাতা দণ্ডিলে বুলি পুত্ৰ দুইক ধৰি ।
কান্দিলন্ত মকামকি সীতাক সুমৰি ॥১০
হা বান্ধৈ যেতিক্ষণ তেজিলি আমাকে ।
এতেকে জানিলো পাইলে পৰম বিপাকে ॥১১
কতেক পাতেক কৰি আছো মহা ঘোৰ ।
আপদৰ উপৰি আপদ মিলে মোৰ ॥১২
মজিলো সীতাৰ তাপে অপাৰ সাগৰে ।
খাই লক্ষ্মণৰ শোক কুম্ভীৰ মগৰে ॥১৩
পুত্ৰে পুত্ৰ ত্যাগ দুঃখ অগনি বাড়ৱ ।
হৈবেক নৰৈল আৰ মোৰ পৰাভৱ ॥১৪
আবে দুই পুতাই পৰিছেদা দেখাঁ মোক ।
তোমাসাক তেজি যাওঁ ময়ো পৰলোক ॥১৫
এতেক বোলন্তে শোক অগ্নি গৈল জ্বালি ।
তিনি বাপে পুতে কান্দিলন্ত গলা গলি ॥১৬
বুজান্ত বশিষ্ঠে শুনা কৌশল্যা নন্দন ।
যেন ভৈল ভৈল আবে তেজিয়া ক্ৰন্দন ॥১৭
আখি মুখ মছি পাছে দশৰথ সুত ।
মথুৰাক লাগি শীঘ্ৰে পঠাই দিলা দূত ॥১৮
সত্বৰে আসোক শত্ৰুঘন প্ৰাণ ভাই ।
নজানে বাপ মোৰ যি ভৈল বিলাই ॥১৯
এৰিলে লখাই ময়ো যাওঁ পৰলোক ।
ৰাত্ৰি দিন কৰি আসি আমাক দেখোক ॥২০
শুনি গৈল দূত দিন নিশা নাই সুস্থ ।
কহিলেক কথা শত্ৰুঘনত সমস্ত ॥২১
লক্ষ্মণৰ শোকে স্বৰ্গ যান্ত ৰাম ৰাজা ।
তুলত ভৰত যত অযোধ্যাৰ প্ৰজা ॥২২
কুশ লৱ দুই কুমাৰৰ অভিষেক ।
সকলো বৃত্তান্ত দূতে কথা কহিলেক ॥২৩
শুনি শত্ৰুঘনে কান্দিলন্ত আতিশয় ।
আবেসে মিলিল আমাথেৰ কুলক্ষয় ॥২৪
পাত্ৰ মন্ত্ৰী সবাতো কহিলা কথা যত ।
বুলি মাতি পুত্ৰ দুইক থৈলন্তে ৰাজ্যত ॥২৫
আন ৰথ বুলি সাৰথিক লাগি চাইল ।
তেজী ঘোৰে যুৰি ৰথ সাৰথি যোগাইল ॥২৬
চড়িলন্ত তাতে হাতে ধৰিয়া ভাৰ্য্যাক ।
দিনে ৰাতি ৰথ ডাকি পাইলা অযোধ্যাক ॥২৭
সেহি বেলা ৰামে চলিবাক সাজ হুই ।
স্নান কৰি পিন্ধিলন্ত ধৌত বস্ত্ৰ দুই ॥২৮
ভৈলা নিৰাহাৰ ৰাম জগত ঈশ্বৰ ।
জলন্ত অগ্নিৰ বৰ্ণ কান্তি কলেৱৰ ॥২৯
শত্ৰুঘন দেখি আসি নমিলন্ত মাথে ।
গলে বান্ধি তাঙ্ক কান্দিলন্ত ৰঘুনাথে ॥৩০
মই সি ৰাক্ষসে খাইলো সোদৰ ভৈয়াইক ।
চক্ষুয়ে দেখিবে বাপু নপাইলো লখাইক ॥৩১
আউৰ ছাৰ জীৱনত নাহি মোৰ কায ।
ধৰিলো লখাইৰ পথ তেজি ইটো ৰাজ ॥৩২
চলিবাক প্ৰতি উত্ৰাৱল ৰাঘৱৰ ।
আগে পৰি শত্ৰুঘনে কৰিলা কাতৰ ॥৩৩
মোকো সঙ্গে নিয়ো দাদা চৰণত ধৰোঁ ।
তুমি অবিহনে অকাৰণে মইও মৰোঁ ॥৩৪
বুলিলন্ত আশ্বাস ভাতৃক প্ৰভু ৰাম ।
হৌক সিদ্ধি তোৰ অভিমত মন কাম ॥৩৫
নকৰি বিলম্ব বাপ শুনিয়ো সত্বৰে ।
শুনা পাছ কথা আবে আত অনন্তৰে ॥৩৬
যত যক্ষ ৰাক্ষস যতেক কপিবৰ্গ ।
নিশ্চয়ে জানিল ৰামস্বামী যান্ত স্বৰ্গ ॥৩৭
পৰম বিষাদ আসি মিলিল মনত ।
কান্দন্তে পৰিল আসি ৰামৰ আগত ॥৩৮
বিভীষণ সুগ্ৰীৱ অঙ্গদ জাম্বৱন্ত ।
নল নীল মুখ্যে আনো কপি অপৰ্য্যন্ত ॥৩৯
কান্দি কান্দি কহন্ত মাটিত নমাই মাথ ।
আমাক কাহাক দিয়া যাহা ৰঘুনাথ ॥৪০
যেবেসে যাইবাক খোঁজা আমাসাক ছাৰি ।
এতিক্ষণে মুণ্ডত মাৰাহা তেৱে বাৰি ॥৪১
তোমাক নেদেখি প্ৰাণ ৰাখোঁ কেন মতে ।
যাইবো স্বকুটুম্বে বাপ তোমাৰ লগতে ॥৪২
তুমি অবিহনে বাপ মিলিবে মৰণ ।
যি দিন দেখিলো ইটো তোমাৰ চৰণ ॥৪৩
গৃহতো নাহিকে সুখ সেই দিনা হন্তে ।
দণ্ডে যুগে তযু পদ নেদেখি থাকন্তে ॥৪৪
হেন জানি বাপ আৱে নবধিবো প্ৰাণে ।
স্ববান্ধৱে যাইবো তুমি যাহা যিটো থানে ॥৪৫
যেনে লাগে লগতে খপিব বনবাস ।
আশা নকৰিবা ভঙ্গ ভৈলোঁ প্ৰভু দাস ॥৪৬
কান্দে সবে এহিমতে মনত আসুখে ।
প্ৰবোধন্ত ৰামে পাছে মনত আসুখে ॥৪৭
শুনিয়ো সুগ্ৰীৱ সখি সূৰ্য্যৰ নন্দন ।
মোহোৰ শপত আউৰ নকৰাঁ ক্ৰন্দন ॥৪৮
বিপদ বান্ধৱ তুৱা বানৰ ভালুক ।
নাকান্দা নাকান্দা আৱে হৈয়োক নিচুক ॥৪৯
তুমি সবে যেৱে আৱে নেৰিয়ো আমাক ।
মইতো কোন গুণে এৰি যাইবো তোমাসাক ॥৫০
সত্বৰে সাজিয়ো আজি যাৰ যাইবে লাগে ।
তোমাসাৰ লগে যেন যুৱাই হৌক ভাগে ॥৫১
প্ৰাণতো অধিক প্ৰিয় ভৰত আমাৰ ।
সত্যে সত্যে নেৰিবোঁ কৰিলো অঙ্গীকাৰ ॥৫২
ঐত থাকে মানে যত ভালুক বানৰ ।
আউৰ কেহো নুবুলিবা বাক্য মানুষৰ ॥৫৩
আপোনাৰ জাতি ভাষে বুলিবে বচন ।
হেন শুনি ভৈল সবে হৰিষিত মন ॥৫৪
কৈৰা প্ৰাণ মিত্ৰ বিভীষণ লঙ্কেশ্বৰ ।
থাকৈ ইটো যাবদেকে চন্দ্ৰ দিবাকৰ ॥৫৫
তাৱে তুমি লঙ্কাত কৰিয়ো ৰাজ্য ভোগ ।
তোমাক নপাইবে উপসৰ্গ জ্বৰা ৰোগ ॥৫৬
শুনা বৃদ্ধ জাম্বৱন্ত মহা হিতকাৰী ।
তোমাৰ গুণক আমি সুজিতে নপাৰি ॥৫৭
যাৱদেকে নুহিকে প্ৰলয় উপস্থিত ।
তাৱে তুমি আৰোগ্যে থাকিয়ো পৃথিবীত ॥৫৮
জাম্বৱন্ত বিভীষণ নকৰিবা খেদ ।
হেৰা দিলো আপুনি স্বৰূপ পৰিছেদ ॥৫৯
আউৰ দুনাই দুয়ো মোক নেদিবা উত্তৰ ।
শুন হনুমন্ত বাপ বায়ুৰ কুমাৰ ॥৬০
কৰিলি যতেক তই মোক উপকাৰ ।
কিছু সুজা নগৈলা থাকিল মোৰ ধাৰ ॥৬১
তোৰ গুণ মোৰ মুখে বৰ্ণাইবো কতেক ।
অচলা ভকতি মোত থাকিল প্ৰত্যেক ॥৬২
যাৱে ৰামায়ণ মোৰ প্ৰচাৰ ভূমিত ।
তাৱে তুমি অপ্ৰয়াসে থাকা পৃথিবীত ॥৬৩
ভকতিক প্ৰবৰ্ত্তায়া বায়ুৰ কুমাৰ ।
মোক কল্প অৱসানে পাইবে দিলোঁ বৰ ॥৬৪
শুনি মাৰুতিৰ মহা মিলিল সন্তাপ ।
মোক তেজি যাইবে খোজা জগতৰ বাপ ॥৬৫
নিজীবো নেদেখি এই দুখানি চৰণ ।
কান্দন্ত আবেসে মোৰ মিলিল মৰণ ॥৬৬
মাৰুতিক ধৰি ৰামে কৰন্ত ক্ৰন্দন ।
বোলন্ত শুনিয়ো বাপ বায়ুৰ নন্দন ॥৬৭
মোহোৰ নিমিত্তে শোক কৰ বাপ দূৰ ।
যথাত ভকত থাকে তৈতে বিষ্ণুপুৰ ॥৬৮
পৰম কল্যাণে থাক সবান্ধৱে কপি ।
নেদিবা উত্তৰ আউৰ মোক পুনৰুপি ॥৬৯
এহি বুলি ৰামচন্দ্ৰ উঠিলা সছলে ।
লক্ষ্মণক দেখিবাক পৰম বিকলে ॥৭০
শুক্ল বস্ত্ৰ পৰিধান ভৈলা কুশ হস্ত ।
ধৰিলেক লাগ আসি নগৰী সমস্ত ॥৭১
শোভৈ ধৌতবস্ত্ৰে আতি যত প্ৰজা ছয় ।
যেহি দিকে দেখে সব বগা ধৌতময় ॥৭২
ৰাঘৱো পাইলন্ত পাছে সৰযুৰ তীৰ ।
লক্ষ্মণৰ শোকে কৰে দগধ শৰীৰ ॥৭৩
হা বাপ ভৈয়াই তই গৈলে কোন থান ।
কৰন্ত সন্তাপ তাপে ফুটে যেন প্ৰাণ ॥৭৪
খোঁজ গুৰি লক্ষ্মণক বিচাৰিয়া চাওঁ ।
চক্ষু গোটে হেনবা ভৈয়াইক দেখাঁ পাওঁ ॥৭৫
এহি বুলি লৰিলা ৰাঘৱ বনমালী ।
সৰযুৰ তীৰে তীৰে খোঁজক নিহালি ॥৭৬
কৈতনো আছস ভৈয়াই যান্ত উকিয়াই ।
মোক দেখা দে ঐ প্ৰাণৰ লখাই ॥৭৭
তোহোৰেসে শোক সবে শৰীৰ দহয় ।
চাওঁ চক্ষু গোটে তোক জুৰাউক হৃদয় ॥৭৮
লক্ষ্মণ লক্ষ্মণ বুলি দিয়া যান্ত গেৰি ।
কৈতনো আছস আৱে বাপ মোক এৰি ॥৭৯
নুবুজস মাত মই তোৰ শ্ৰেষ্ঠ ভাই ।
কিয়নো নেদস মাত বনৰ ওহ্লাই ॥৮০
এহিমতে কান্দি কান্দি যান্ত তীৰি তীৰি ।
দেখন্ত লক্ষ্মণ আছে পদ্মাসন ভিৰি ॥৮১
এহি মোৰ ভাই ধাতু নামিল সমূলি ।
দিলন্ত লৱৰ ৰাম জীলোঁ জীলোঁ বুলি ॥৮২
আথে বেথে বান্ধিলন্ত গলত ৰাঘৱ ।
দেখন্ত নাহিকে প্ৰাণ আছে মৰা শৱ ॥৮৩
দুনাই দশ গুণে শোক অগ্নি গৈল জ্বলি ।
শৱকে সাৱটি প্ৰভু পৰিলন্ত ঢলি ॥৮৪
নাই যেন শ্ৰুতি জ্ঞান ৰামো গৈলা মৰি ।
শত্ৰুঘন ভৰতে কান্দন্ত দুইকো ধৰি ॥৮৫
কান্দৈ পৰিপৰি প্ৰজা প্ৰাণ যাই ফুটি ।
নিৰন্তৰে নাৰীৰ হৃদয়ে হানে মুঠি ॥৮৬
হাঁ প্ৰাণনাথ নেদেখিলোঁ আমি আসি ।
তোমাৰ মৰণে এভো আছে প্ৰাণ ৰাখি ॥৮৭
দাৰুণ হৃদয় কিয় এভো নযাই ভাগি ।
নিজ প্ৰজা এৰি গোসাঁই গৈলা কৈক লাগি ॥৮৮
এহি বুলি বালিত বাগৰি ফুৰে লোকে ।
জুই যেন জ্বলে লক্ষ্মণৰ সিটো শোকে ॥৮৯
কান্দে বেঢ়ি ভালুক বানৰ কৌটি কৌটি ।
স্বৰ্গক লঙ্ঘিলে ক্ৰন্দনৰ উৰ্ম্মি উঠি ॥৯০
শুনা সভাসদ ইটো ৰামায়ণ কথা ।
দেখা অন্তকালে কেন ৰামৰ অৱস্থা ॥৯১
পৰিল ই পৰা সেই মৰণ বিঘাত ।
নপাৰি তৰ্কিবে আক কৃষ্ণৰ মায়াত ॥৯২
জানিয়া কৃষ্ণত কৰাঁ একান্ত ভকতি ।
কলিত হৰিৰ নাম কীৰ্ত্তনত গতি ॥৯৩
আউৰ ধৰ্ম্ম কলিত নামত পৰে নাই ।
এভো তেৱে শাস্ত্ৰৰ নুবুজি অভিপ্ৰায় ॥৯৪
সত্যযুগে পূজৈ বিষ্ণু ধৰিয়া সমাধি ।
মহা মহা যজ্ঞ ত্ৰেতা যুগত আৰাধি ॥৯৫
যেন গতি দ্বাপৰত পূজি ভক্তিভাৱে ।
কলিত কীৰ্ত্তন কৰি সব ফল পাৱে ॥৯৬
এতেকেসে কলি শ্ৰেষ্ঠ চাৰি যুগ মাজে ।
প্ৰশংসে কলিক মহা জ্ঞানি সমাজে ॥৯৭
ধৰ্ম্ম অৰ্থ কাম মোক্ষ কীৰ্ত্তনতে পাই ।
কলিত পৰম মুখ্য তৰণ উপাই ॥৯৮
জানি অপ্ৰয়াসে তৰাঁ হৰি নাম ধৰি ।
যাৰ ভয়ে অন্তক কম্পন্ত তৰতৰি ॥৯৯
জগত বান্ধৱ ইটো মাধৱৰ নাম ।
আন কাম এৰি বেঢ়ি বোলোঁ ৰাম ৰাম ॥১০০
- ৩০ অধ্যায়
- দুলৰি ।
শুনা পাছকথা, ৰামৰ অৱস্থা,
- যেন ভৈল সিটো থানে ।
মৰা লক্ষ্মণক, আলিঙ্গি ধৰিয়া,
- পৰি দণ্ড দুই মানে ॥১
কতোক্ষণে পাছে, চেতন লভিয়া,
- বাতুল যেন চেঞ্চান্ত ।
ৰাৱণে আৰকা, শকতি হানিলে,
- ভৈয়াইৰ ভৈল উপান্ত ॥২
শুনিয়ো সুষেণ, বৈদ্য ঔষধক,
- কথা কোৱা যেন ঠান ।
হনুমন্ত বাপ, বিলম্ব নকৰি,
- বিশল্যকৰণী আন ॥৩
সীতাক চাহন্তে, লখাইক হৰাইলো,
- কৰিবো কোন উপায় ।
অযোধ্যাত আৱে, কিমতে জীৱন্ত,
- শুনিয়া সুমিত্ৰা আই ॥৪
উঠিয়ো লখাই, প্ৰাণ ফুটি যাই,
- তোৰসে দাৰুণ শোকে ।
কিনো অপৰাধ, বান্ধৱ কৰিলো,
- কিয় নমাতস মোকে ॥৫
দিব্য শয্যা এৰি, নিৰ্যাণত পৰি,
- কতনো পাৰ ঘুমটি ।
নজাগ সমূলি, উঠ উঠ বুলি,
- তোলন্ত কতো সাবতি ॥৬
অযোধ্যাৰ লোকে, তোকে বেঢ়ি আছে,
- চাউ চক্ষু মেলি বাপ ।
নিৰন্তৰে ৰাজ, নাৰী কান্দি মৰৈ,
- উঠি দূৰ কৰা তাপ ॥৭
জানো মোত খঙ্গে, নমাতস তই,
- নিৰ্ব্বাস দিবাৰ পদে ।
মোৰ নাই দোষ, দুৰ্ব্বাসা দাৰুণে,
- পেহ্লাইলে তোক আপদে ॥৮
আইল ধুমকেতু, তাহাৰেসে হেতু,
- কৰিলোঁহো মৰ্ম্মছেদ ।
মোক অপযশ, দিয়া নমাতস,
- আতেসে হৃদয় খেদ ॥৯
জানো ধ্যান কৰি, বায়ু আছ ধৰি,
- তাতেসে নামে উশ্বাস ।
জানিলো মৰিলি, আবেসে কৰিলি,
- সমূলঞ্চে মোক নাশ ॥১০
দণ্ডকা বনতো, লগতে আছিলি,
- নেৰিলি ক্ষণেকো সঙ্গ ।
ছোট হন্তে তোৰ, পিতৃতো অধিক,
- মোতসে আতি আসঙ্গ ॥১১
আৱে কিনো ভৈলে, মোক তেজি গৈলে,
- কিনো তোৰ বজ্ৰ হিয়া ।
কান্দন্ত সন্তাপে, জগতৰ বাপে,
- ভাইৰ মুখে মুখ দিয়া ॥১২
প্ৰাণৰ লক্ষ্মণ, তোক পঠাই বন,
- দিনতে দুই চক্ষু খাইলো ।
মোহোৰ শোকত, প্ৰাণে ভৈলি হত,
- দেখিতে তোক নপাইলো ॥১৩
গ্ৰসিলেক পাপে, তোহোৰ সন্তাপে,
- মই কৈত ৰৈবোঁ ক্ৰুৰ ।
এতো হেন কৰ, আমাকো সুমৰ,
- লগে যাওঁ যমপুৰ ॥১৪
হেনবা তোহোৰ, সন্তাপ পাশৰো,
- লগে লৈয়া যাহাঁ মোকে ।
ৰাম লক্ষ্মণৰ, ভাই ভৈয়ালক,
- প্ৰশংসে সকল লোকে ॥১৫
তোৰ এহ্ণ হিয়া, মোক কাক দিয়া,
- কোন সতে যাস এৰি ।
ফুকিতে কান্দন্ত, তাপত পাৰন্ত,
- লখাই লখাই বুলি গেৰি ॥১৬
কৈৰা মন্ত্ৰীছয়, চিতা সঞ্জালিয়ো,
- জিয়া তান্ত মোক তুলি ।
কিয় আছা চাই, অগনি লগাই,
- লগে মাৰাঁ মোক পুলি ॥১৭
আউৰ কদাচিতো, লগ লক্ষ্মণৰ,
- নছাৰিবো মই কোল ।
হেন শুনি সবে, কান্দে আৰ্ত্তৰাৱে,
- উথলিলা মহাৰোল ॥১৮
বশিষ্ঠে বুজান্ত, প্ৰভু ৰঘুনাথ,
- থিৰ কৰা তুমি চিত্ত ।
বিমৰিষ মনে, বিস্তৰে ক্ৰন্দনে,
- মৃতকৰ নোহে হিত ॥১৯
যেন লাগে বাপ, প্ৰেত কাৰ্য্য কৰা,
- ইমত সন্তাপ এৰা ।
সবেয়ো মৰিব, আৰে কি কৰিব,
- কালত নাহিকে বৰা ॥২০
দিব্য দেহাধৰ, লক্ষ্মণ কুমাৰ,
- উপেখি সঙ্গ তোমাৰ ।
জ্ঞান দৃষ্টি দেখোঁ, লক্ষ্মণ স্বৰ্গত,
- আছন্ত ইন্দ্ৰ আকাৰ ॥২১
অল্পতে ভাতৃৰ, লভিবা সঙ্গতি,
- তেজিয়ো বাপ বিলাপ ।
বশিষ্ঠৰ বোলে, ৰাঘৱৰ কিছু,
- গুচিল চিত্তৰ তাপ ॥২২
পাছে ৰঘুপতি, চিতা জ্বালি তৈতি,
- লখাইৰ দেহা দহিলা ।
সীতাৰ বহিনী, তানে প্ৰিয়া পত্নী,
- লগতে গৈলা উৰ্ম্মিলা ॥২৩
স্বামীৰ সমীপ, পায়া অপয়াসে,
- ভৈলা আনন্দিত মতি ।
যত প্ৰেত কাৰ্য, সঙ্কালিল সবে,
- বিধিৱতে ৰঘুপতি ॥২৪
শুনা সব নৰ, ৰাম লক্ষ্মণৰ,
- কেন ভৈল আক দেখাঁ ।
সদাই হতাশ, ইটো গৃহবাস,
- মনুষ্যৰ কোন লেখা ॥২৫
লভিয়া ভাৰতে, নৰতনু যিটো,
- নকৰে হৰি কীৰ্ত্তন ।
হৃদয়তে হৰি, আছন্ত জাগিয়া,
- আৰু নজানিয়া মন ॥২৬
সিটো মূঢ়মতি, এৰিয়া ভকতি,
- কৰ্ম্মত কৰে বিশ্বাস ।
তাক পৰিহৰাঁ, জীয়ন্ততে মৰা,
- ভাতিৰ যেন নিশ্বাস ॥২৭
হেন নিষ্ঠ জানি, চিন্তা চক্ৰপানী,
- হৰিৰ সুমতি নাম ।
পুৰুষ উদ্ধাৰা, আপোন নিস্তাৰা,
- ডাকি বোলাঁ ৰাম ৰাম ॥২৮