গুহক চণ্ডাল
ৰামায়ণ বৃত্তান্ত |
---|
|
২৭ অধ্যায়
গুহক চণ্ডাল
পুষ্যা নক্ষত্ৰত দশৰথ মহাবীৰ ।
চাৰি পুত্ৰ সমে গৈলা ভাগীৰথী তীৰ ॥১
স্নান দান তৰ্পণ কৰিয়া নৃপবৰ ।
দেৱঋষি পিতৃক তৰ্পিল নিৰন্তৰ ॥২
শুনিয়োক আত পৰে অদ্ভুত কথন ।
সৈন্য সমে ভৈল তৈত যেন মহাৰণ ॥৩
পৰম দৰ্পীষ্ঠ হৃষ্ট পুষ্ট কলেৱৰ ।
সেহি সময়তে মিলিলেক আথান্তৰ ॥৪
পূৰ্ব্বত ব্ৰাহ্মণ আসি অধৰ্ম্ম কৰিল ।
সেহি পাপে চণ্ডাল যোনিত উপজিল ॥৫
গুহনামে ভৈল সিটো ৰাজা চণ্ডালৰ ।
সেহি সময়ত লৈয়া সেনা নিৰন্তৰ ॥৬
দশৰথ নৃপতিক নগণি মনত ।
চণ্ডাল কৰিল স্নান গঙ্গাৰ জলত ॥৭
দশৰথে দেখে অহম্মম চণ্ডালৰ ।
ধৰি আনিবাক আজ্ঞা দিলা নৃপবৰ ॥৮
শুনি গুহ নৃপতিৰ ক্ৰোধ বৰ ভৈল ।
অনেক চণ্ডাল সমে যুজিবাক লৈল ॥৯
দশৰথ নৃপতিৰ কটক অপাৰ ।
দুয়ো সেনা অন্যো অন্যে কৰে ধৰ মাৰ ॥১০
লাগিল সমৰ ভাগীৰথী তীৰ জুৰি ।
উভয় কটকে লগাইলেক হুড়াহুড়ি ॥১১
অনেক কটক বেঢ়ি কৰে হুলস্থূল ।
পৰম দুৰ্ঘোৰ ৰণ মিলিল তুমুল ॥১২
মাৰয় খাণ্ডাৰ কোব বাৰুক ঝঙ্কাৰি ।
বাৰু সমে শালে কেহো জনে শৰ মাৰি ॥১৩
খৰতৰ অস্ত্ৰ ধৰি দুহাতে প্ৰহাৰে ।
লৱৰন্তে গৈয়া কতো হাতে খোঞ্চা মাৰে ॥১৪
মদমত্ত চণ্ডালৰ উথলিল ৰোল ।
আগুৱান হুয়া যুজে লৈয়া ঢাল খোল ॥১৫
চাৰিভিতি শবদ উঠিল ভয়ঙ্কৰ ।
পৰম চঞ্চল চিত্ত ভৈল চণ্ডালৰ ॥১৬
মদ্য লাগি আছয় চেতন নাহি গাৱে ।
হাতত চৌৱৰি ধৰি হুলাহুলি ধাৱে ॥১৭
আউল জাউল বাউল যেন খেদি আসে ।
অৰে তই কোন বুলি ফুৰে চাৰি পাশে ॥১৮
নাহি অস্ত্ৰ শস্ত্ৰ কতো প্ৰহাৰয় দলি ।
দশৰথে দেখিয়া হাসন্ত খলখলি ॥১৯
আপোনাৰ কটকক দিলন্ত নিশান ।
গুহ নৃপতিক জীৱন্ততে ধৰি আন ॥২০
শুনি নৃপতিৰ আতি কটক প্ৰখৰ ।
যুজিবাৰ সন্ধি আতি জানয় বিস্তৰ ॥২১
চাৰি ভিতি বেঢ়িয়া অনেক সেনাগণে ।
গুহ চণ্ডালক বন্দী কৰিলা তেখনে ॥২২
পাচে পাত্ৰে নিয়া নৃপতিৰ আগে দিল ।
ৰামক দেখিয়া পূৰ্ব্ব বৃত্তান্ত স্মৰিল ॥২৩
ৰামৰ চৰণে গৈয়া কৰি নমস্কাৰ ।
ৰামত কহন্ত গুহে কথা আপোনাৰ ॥২৪
শুনিয়োক ৰাম কহোঁ তযু চৰণত ।
আছিলোঁ ব্ৰাহ্মণ মই পূৰ্ব্ব জনমত ॥২৫
যি দোষে চণ্ডাল ভৈলোঁ শুনা স্বৰূপত ।
ভগীৰথ মহাৰাজা তোমাৰ বংশত ॥২৬
ব্ৰহ্মাক আৰাধি ৰাজা মহাধৰ্ম্মশীল ।
ব্ৰহ্মলোক হন্তে গঙ্গা নমায়া আনিল ॥২৭
ব্ৰহ্মপদৰজমিশ্ৰ তুলসী সহিত ।
ভৈল সৰ্ব্বোত্তম গঙ্গা জগতে বিদিত ॥২৮
নাহি ত্ৰিভুবনে তীৰ্থ গঙ্গাৰ সমান ।
যত মহাজন সবে কৰিলন্ত স্নান ॥২৯
ব্ৰাহ্মণ বুলিয়া গৰ্ব্ব কৰিলোঁ মনত ।
গঙ্গা আদি তীৰ্থ আছে মোৰ শৰীৰত ॥৩০
নকৰিলোঁ স্নান মই গঙ্গাৰ জলত ।
শপিলন্ত গঙ্গা ক্ৰোধ কৰিয়া মনত ॥৩১
মোত স্নান নকৰিলি ব্ৰাহ্মণ গৰ্ব্বত ।
এহি পাপে তোৰ জন্ম হৈব চণ্ডালত ॥৩২
গুহ নামে হৈবি তই ৰাজা চণ্ডালৰ ।
এহি বুলি পাচে সীমা দিলন্ত শাপৰ ॥৩৩
থাকয় তোহোৰ মন যেবে মোক প্ৰতি ।
জন্মে জন্মে মোত তেবে কৰিবি ভকতি ॥৩৪
এক শত জন্ম মোত ভক্তি কৰ যেবে ।
ইতো পাতকৰ বিপ্ৰ মুক্ত হৈবি তেবে ॥৩৫
যেবে দৰশন তই পাস শ্ৰীৰামক ।
একে জন্মে তোৰ তেবে খণ্ডিব পাতক ॥৩৬
এহি সীমা থৈয়া গঙ্গা দিলা মোক শাপ ।
উপজিলোঁ চণ্ডাল যোনিত মই পাপ ॥৩৭
ভৈলা নাৰায়ণ ৰঘুবংশে অৱতাৰ ।
তযু দৰশনে পাপ গুচিল আমাৰ ॥৩৮
তোমাৰ চৰণে আবে লৈলোঁহো শৰণ ।
তুমি বিনে মোৰ গতি নাহি আন জান ॥৩৯
সদা সেবা কৰি মই থাকিবো তোমাক ।
তোমাৰ পিতৃত মাগি লৈয়োক আমাক ॥৪০
শুনি ৰাঘৱৰ মহা কৰুণা মিলিল ।
অনেক বিনয় কৰি পিতৃক বুলিল ॥৪১
শুনিয়োক পিতৃ কৃপা কৰিয়োক মোক ।
গুহ নৃপতিক মেলি মোহোক দিওক ॥৪২
জগতৰ পতি ৰামদেৱৰ বচন ।
শুনি দশৰথৰ সন্তুষ্ট ভৈল মন ॥৪৩
স্বভাৱে ৰামত দয়া ৰাজাৰ বিস্তৰ ।
মেলিয়া গুহক তাঙ্ক দিলা নৃপবৰ ॥৪৪
পাইলন্ত গুহক ৰামে পিতৃত মাগিয়া ।
কৰিলা আশ্বাস বস্ত্ৰ অলঙ্কাৰ দিয়া ॥৪৫
অনেক শাসন ৰামে দিলা গ্ৰামদেশ ।
নিৰ্ভয় বচনে তাঙ্ক বুলিলা অশেষ ॥৪৬
আজি ধৰি গুহ তুমি ভৈলা মোৰ মিতা ।
থাকিয়োক সুখে কিছু নকৰিবা চিন্তা ॥৪৭
হেন শুনি গুহ চণ্ডালৰ অধিপতি ।
ৰামক বুলিল কৰি অনেক ভকতি ॥৪৮
কৈৰ মই হীন জাতি চণ্ডাল অধম ।
তুমি ত্ৰিজগত গুৰু ঈশ্বৰ পৰম ॥৪৯
ব্ৰহ্মা হৰে নাজানন্ত যাহাৰ মহিমা ।
চাৰি বেদে কহি যাৰ নাপাৱন্ত সীমা ॥৫০
অধমো উদ্ধৰে যাৰ নাম লৈলে মাত্ৰ ।
মই কেনে তোমাৰ মিত্ৰৰ ভৈলোঁ পাত্ৰ ॥৫১
কমনে তৰ্কিবে প্ৰভু তোমাৰ লীলাক ।
কৰা অনুগ্ৰহ কেনে কেতিক্ষণে কাক ॥৫২
নাহিকে তোমাত জাতি আচাৰ বিচাৰ ।
তযু পদে শৰণ কৰোক মাত্ৰ সাৰ ॥৫৩
এতেকে তোমাৰ তাত কৰুণা মিলয় ।
যেই সেই মতে যেন অমৃত পিৱয় ॥৫৪
এতেকে অজৰামৰ হোৱে সিতো জন ।
লৈলোঁ আজি মাত্ৰ মই তোমাত শৰণ ॥৫৫
এতেকতে মোক মিত্ৰ বুলিয়া ধৰিলা ।
এহিতো অতৰ্ক তযু বিপৰীত লীলা ॥৫৬
আনো নানা স্তুতি নতি কৰিলা ভকতি ।
পাচে তাঙ্ক বিদায় দিলন্ত ৰঘুপতি ॥৫৭
ৰামত মেলানি পায়া কৰি যোৰহাত ।
দণ্ডৱতে পৰি আতি কৰি প্ৰণিপাত ॥৫৮
মাথাত মাখিল চৰণৰ ধূলি আনি ।
পুনৰপি কৃতাঞ্জলি বুলিলন্ত বাণী ॥৫৯
তোমাৰ চৰণে ৰচি নুগুচোক মোৰ ।
যাক দৰশনে পাপ এৰাইলোঁ দুৰ্ঘোৰ ॥৬০
ধৰিবাহা আমাক দাসৰ বুলি দাস ।
জন্মে জন্মে এহি চৰণত হৌক আশ ॥৬১
এহি বুলি কতো দূৰ গৈলা পাচভৰি ।
পুনৰপি প্ৰণামিলা দণ্ডৱতে পৰি ॥৬২
ৰাম পাদপদ্ম দুই মনে ধৰি লৈল ।
সৈন্যসমে গুহ নিজ স্থানে চলি গৈল ॥৬৩
অনন্তৰে দশৰথ নৃপতি প্ৰধান ।
পাত্ৰ পু্ত্ৰ সসৈন্যে কৰিলা গঙ্গাস্নান ॥৬৪
চলিবাক চান্তে দিনকৰ অস্ত গৈল ।
দেখি ভৰদ্বাজৰ আশ্ৰম গৈয়া পাইল ॥৬৫
চাৰি পুত্ৰ সমন্বিতে ৰাজা শুদ্ধ মনে ।
কৰিলন্ত নমস্কাৰ ঋষিৰ চৰণে ॥৬৬
ভৰদ্বাজে বেদ মন্ত্ৰ কৰিয়া সম্বাদ ।
পুত্ৰ সমে ৰাজাক কৰিলা আশীৰ্ব্বাদ ॥৬৭
নানাবিধ দ্ৰব্য মুনিৰাজ কৌতূহলে ।
অতিথিৰ ব্যৱহাৰ কৰিলা সকলে ॥৬৮
ৰামক দেখিয়া মুনি ভৈলা ৰঙ্গমন ।
কোলে লৈয়া ঋষিৰাজ কৰিলা শয়ন ॥৬৯
নিদ্ৰা গৈলা ৰামচন্দ্ৰ ঋষিৰ লগত ।
ইন্দ্ৰে সমে আসিলন্ত দেৱগণ যত ॥৭০
ৰামক কৰিলা অভিষেক পুৰন্দৰ ।
মন্ত্ৰে সমে দিলা সবে দিব্য ধনুশৰ ॥৭১
পাচে ইন্দ্ৰে দিলন্ত ৰামক সমিধান ।
এহি ধনুশৰে শত্ৰু কৰিবা নিৰ্যাণ ॥৭২
নানা দিব্য কামে ধনুৰ্ব্বাণ অনুপাম ।
মন্ত্ৰ সমে পায়া ৰঙ্গমন ভৈলা ৰাম ॥৭৩
ধনুশৰ দিয়া চলি গৈলা দেৱগণ ।
ৰাত্ৰি অৱসানে ৰাম পাইলন্ত চেতন ॥৭৪
দেখন্ত হাতে আছে দিব্য ধনুশৰ ।
কৰে ফটফট মনে মন্ত্ৰ নিৰন্তৰ ॥৭৫
দেখি ধনুৰ্ব্বাণ ঋষি ৰামৰ হাতত ।
পৰম বিস্ময় ভৈল মুনিৰ মনত ॥৭৬
প্ৰভাতে উঠিয়া ৰাম কৰিলন্ত স্নান ।
ঋষি সমে দশৰথ ভৈলা একস্থান ॥৭৭
কৰি কৰযোৰ ৰামচন্দ্ৰ মহাভাগে ।
কহন্ত স্বপ্নৰ কথা দুহান্তৰ আগে ॥৭৮
ঐৰাৱত স্কন্ধে আসিলন্ত পুৰন্দৰ ।
মন্ত্ৰে সমে দিলা মোক দিব্য ধনুশৰ ॥৭৯
দেৱগণ সবে আৰু বুলিলা বচন ।
এহি ধনুৰ্ব্বাণে জিনিবাহা শত্ৰুগণ ॥৮০
এহি বুলি চলি গৈলা দেৱগণ যত ।
জাগি দেখোঁ ধনুৰ্ব্বাণ আছয় হাতত ॥৮১
মনত সুমৰোঁ মহামন্ত্ৰগণ যত ।
এহি বুলি ৰামচন্দ্ৰে দুহানো আগত ॥৮২
স্বপনৰ লব্ধ ধনুশৰ আনি দিল ।
দেখি সমস্তৰ মনে বিস্ময় মিলিল ॥৮৩
ভৰদ্বাজ ঋষি ধনু দেখি বিদ্যমান ।
অদ্ভুত মানিয়া মনে কৰিলন্ত ধ্যান ॥৮৪
জানিলন্ত ঋষি ৰাম নুহিক মানুষ ।
ভৈলা অৱতাৰ বিষ্ণু পৰম পুৰুষ ॥৮৫
দিলন্ত অজয় ধনুৰ্ব্বাণ দেৱৰাজে ।
বধিৱন্ত ৰাৱণক সংগ্ৰামৰ মাজে ॥৮৬
জানি মহা মুনি মনে ভৈল কৌতূহল ।
পাচে ৰামচন্দ্ৰক স্বপ্নৰ দিলা ফল ॥৮৭
স্বপ্নত তোমাক ধনু দিলা পুৰন্দৰ ।
জিনিবা শত্ৰুক যশ বাঢ়িব বিস্তৰ ॥৮৮
নপাৰি কহিবে ৰাম তোমাৰ মহত ।
স্বপ্ন শুনি হাসিলন্ত ৰাজা দশৰথ ॥৮৯
ভৰদ্বাজ ঋষিক কৰিয়া সতকাৰ ।
চাৰিপুত্ৰ সহিতে কৰিলা নমস্কাৰ ॥৯০
মাগিয়া মেলানি আতি বুলি প্ৰিয় বাণী ।
পুত্ৰ সমে অযোধ্যাক গৈলা মহামানী ॥৯১
নিজ মন্দিৰত ৰাজা ৰৈল ৰঙ্গমনে ।
মিলয় আনন্দ পুত্ৰমুখ দৰশনে ॥৯২
মহাগুণে গুণৱন্ত চাৰিও তনয় ।
যত অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ চাৰিও জানয় ॥৯৩
কেৱল ধৰ্ম্মত মাত্ৰ ৰতি সৰ্ব্বক্ষণে ।
কৰন্ত ভকতি নিতে ৰামৰ চৰণে ॥৯৪
চাৰি ভাইৰ মাজে ৰামচন্দ্ৰ গুণে চাৰ ।
তান্ত অতিশয় প্ৰীতি বাঢ়য় ৰাজাৰ ॥৯৫
ৰামৰ সমান আৰু নাহি ত্ৰিভুবনে ।
তাহান গুণৰ অন্ত কহিবেক কোনে ॥৯৬
দেখয় গম্ভীৰ কোটি সমুদ্ৰত কৰি ।
ক্ষমাগুণে কোটি বসুন্ধৰা নুহি সৰি ॥৯৭
ধৈৰ্য্যে কোটি এক মেৰু নুহি পটন্তৰ ।
শ্ৰমত সমান নুহি কোটি মহেশ্বৰ ॥৯৮
কোটি এক সূৰ্য্য সম নুহি প্ৰতাপত ।
এক কোটি যম সম নুহিকে ক্ৰোধত ॥৯৯
বিলাসত সম নুহি কোটি পুৰন্দৰ ।
শীতলত চন্দ্ৰ কোটি নুহি সমসৰ ॥১০০
গজেন্দ্ৰ কোটিকো জিনি গমন গম্ভীৰ ।
কোটি হেমৱন্ত জিনি নিষ্কম্প শৰীৰ ॥১০১
অমৃত কোটিতো কৰি দেখয় মধুৰ ।
ৰূপে কোটি কন্দৰ্পৰো দৰ্প কৰে চূৰ ॥১০২
নুহি দুৰ্গা কোটি সম শত্ৰুমৰ্দ্দনত ।
ইতিনি ভুবনে সম নাহিকে দানত ॥১০৩
কোটি এক বহ্নি নুহি তেজত সমান ।
বৃহস্পতি কোটি জিনি শাস্ত্ৰত সুজান ॥১০৪
এক কোটি ব্ৰহ্মা সম নুহিকে মানত ।
ধনুৰ্গুণে সম নাহি ইতিনি লোকত ॥১০৫
আনো নানা গুণ যত আছয় ৰামত ।
ত্ৰিভুবন মাজে কোন বৰ্ণাইবে শকত ॥১০৬
অনন্ত শকতি ধৰ পৰম ঈশ্বৰ ।
যাহাৰ কিঙ্কৰ হৰ ব্ৰহ্মা পুৰন্দৰ ॥১০৭
যাক যোগেশ্বৰ সবে চিন্তন্ত ধ্যানত ।
তেন্তে ৰামৰূপে আসি ভৈলন্ত বেকত ॥১০৮
নিজগুণ যশ মহাধৰ্ম্ম মাজে সাৰ ।
কৃপায় কৰিলা আসি লোকত প্ৰচাৰ ॥১০৯
আক শুনি ভনিয়া তৰোক সৰ্ব্বজনে ।
ঈশ্বৰৰ অৱতাৰ এহিসে কাৰণে ॥১১০
ৰাৱণ মাৰণ তান কোন প্ৰয়োজন ।
যাৰ কটাক্ষতে কোটি ব্ৰহ্মাণ্ড উচ্ছন ॥১১১
মাৰিলে ৰাৱণ কোন পৌৰুষ তাহাৰ ।
যাক জিনিলেক বালি বনৰ বানৰ ॥১১২
হেন ৰাম চৰণত কৰিয়োক ৰতি ।
আন পৰিহৰি ৰাম দেৱত কৰি মতি ॥১১৩
অনিত্য সংসাৰ বিলম্বত কাজ নাই ।
চিন্তামণি জন্ম হেৰা হাততে হৰাই ॥১১৪
শুনা সভাসদ পদ ৰামৰ চৰিত ।
এহিসে প্ৰধান ধৰ্ম্ম জানিবা কলিত ॥১১৫
মনুষ্য হৈবাৰ প্ৰয়োজন এহিমান ।
বোলা ৰাম ৰাম হৌক পাতক নিৰ্যাণ ॥১১৬