ভৰতৰ খং
ৰামায়ণ বৃত্তান্ত |
---|
|
- ভৰতৰ খং
- পদ।
পুত্ৰক দেখিয়া পাচে ভৰতৰ মাৱ।
কৌতূহলে আসনৰ চালিলন্ত গাৱ॥১
মাৱক দেখিয়া কিছু সহৰিষ মন।
পাৱে পৰি প্ৰণাম কৰিলা তেতিক্ষণ॥২
দুই বাহু মেলি মাৱে সাবটি ধৰিল।
গ্ৰীৱত সাবটি মুখে চুম্বন কৰিল॥৩
যুদ্ধাজিত ভাতৃৰ কুশল বাৰ্ত্তা কহ।
ভালে কিবা আছন্ত তোমাৰ মাতামহ॥৪
কল্যাণে আছন্ত মোৰ সৈহৰীৰ লোক।
কিবা বস্তু সন্দেশ পাঠাইল দিয়া মোক॥৫
আমাৰ বাপৰ দেশ অনেক বিদূৰ।
কৈসানি এৰিলা বাপ গিৰিবজ্ৰপুৰ॥৬
পথত কতেক দিন ভৈগৈল প্ৰবাস।
তোক দেখি বাপ মোৰ শৰীৰ উল্লাস॥৭
ভৰতৰ মাৱে যাৰ কল্যাণ ইচ্ছন্তি।
সকলে কুটুম্ব মাৱ সকলে আছন্তি॥৮
সাত দিনে ভৈলোঁ আসি অযোধ্যাপুৰত।
তোমাৰ সন্দেশ আছে কতোহো দূৰত॥৯
আনিল বাপৰ দূতে সত্ত্বৰ গমন।
সিকাৰণে পাচে এৰি আইলোঁ যত ধন॥১০
মলিন দেখোহোঁ কেনে অযোধ্যানগৰী।
বিয়াকুল মন মোৰ কোৱাঁ ঝাণ্টকৰি॥১১
শূন্য নগৰীক মই আসিলোহোঁ চাই।
দিবসৰ চন্দ্ৰ যেন তাৰাগণ নাই॥১২
পতাকা নলড়ে যেন বিজুলী চটক।
লণ্ড ভণ্ড পুৰী দেখোঁ উত্সন্ন কটক॥১৩
শুনিয়োক মাৱ, কথা কহিয়োক তত্ত্ব।
আছে পিতৃ দশৰথ কমন গৃহত॥১৪
তোমাৰ থানত পিতৃ আছে হেন আশে।
আসিয়া দেখোহোঁ কিন্তু নাহি তযু পাশে॥১৫
আমাৰ বাপক কোন থানে ভেট পাইবোঁ।
উতপাত কৰে মন তেবেসে জুৰাইবোঁ॥১৬
ভৰতৰ বোল শুনি লাজ পৰিহৰি।
কহিবাক লাগিলা মনত ৰঙ্গকৰি॥১৭
নুশুনিলি বাপু তই ভৈল কাজ যত।
মাজ নিশা মৰিল নৃপতি দশৰথ॥১৮
আপোন সুকীৰ্ত্তি কৰি চলিলন্ত স্বৰ্গ।
অনাথ কৰিলা আপোনাৰ বন্ধুবৰ্গ॥১৯
হেন শুনি ভৰতে তেজিলা দীৰ্ঘাৰাৱ।
যেন বজ্ৰপাত মাথে মোনিত স্বভাৱ॥২০
হাঁ মোৰ পিতৃ তুমি কেনে গৈলা যমে।
কান্দিলা অনেক কৰি শত্ৰুঘন সমে॥২১
বাপ পাঠাইবাৰ দূতে শীঘ্ৰে আনিলেক।
মনত মানিলো ইটো ৰাম অভিষেক॥২২
কৌতুকে আছিলোঁ হেন মনে মনে গুনি।
সকলে নিষ্ফল ভৈল পিতৃনাশ শুনি॥২৩
এহি বুলি মহাদুঃখে পৃথিবীত লুটি।
বিলাপ কৰন্ত যেন প্ৰাণ যাই ফুটি॥২৪
দেখিয়া কৈকেয়ী পাচে তুলি ধৰিলন্ত।
প্ৰবোধ বচনে ভৰতক বুলিলন্ত॥২৫
উঠা উঠা বাপ শোক নকৰিয়ো মনে।
উলটি কি আসিবন্ত তোমাৰ ক্ৰন্দনে॥২৬
বহুতৰ কীৰ্ত্তিক থৈলন্ত মহীপাল।
বৃদ্ধ বয়সত নৃপতিৰ ভৈল কাল॥২৭
প্ৰজাক পালিয়া কৰিলন্ত ৰাজ্যভোগ।
সত্য পালি মৰিলা কান্দিতে নুহি যোগ॥২৮
মৰিবাৰ বেলা ৰাজা বুলিলা বচন।
ঝাণ্ট কৰি আসোক ভৰত শত্ৰুঘন॥২৯
ৰাম সীতা লক্ষ্মণক বনক পাঠাইল।
হেন দেখি সব লোকে কৌতুক পাইল॥৩০
শুনি ভৰতৰ হৃদয়ৰ কম্প ভৈল।
ৰোগীৰ মুণ্ডত যেন বজ্ৰপৰি গৈল॥৩১
হাঁয় বিধি যমে কিয় নিনিলেক মোকে।
এহি বুলি পৃথিবীত পৰিলন্ত শোকে॥৩২
অচেতন আছে যেন ভৈল আয়ুপাত।
মৃতকৰ যেন প্ৰাণ নেখেলে নাশাত॥৩৩
ৰাম লক্ষ্মণৰ শোকে পৰি শত্ৰুঘন।
ভৰতক ধৰি ধীৰে কৰন্ত ক্ৰন্দন॥৩৪
কতোক্ষণে ভৰতে চেতন লভলন্ত।
শোকক তম্ভায়া পাচে বাক্য বুলিলন্ত॥৩৫
কি কাৰণে নৃপতিৰ মতি বিহৰিল।
ৰাম সীতা লক্ষ্মণক বন বাস দিল॥৩৬
ৰামে কিনো ব্ৰহ্মবধ গোবধ কৰিল।
নোহে মহাপাপ গুৰু ভাৰ্য্যাক হৰিল॥৩৭
সিকাৰণে প্ৰাণ ভাইক দিলা বনবাস।
চিন্তিলন্ত কিয় পিতৃ আপোনাৰ নাশ॥৩৮
সবে ৰাজ্য স্নেহ এক ভিতি কৰিলন্ত।
আউৰ দিকি ৰাম স্নেহ তুলে ধৰিলন্ত॥৩৯
ৰামত বাসনা আতি বাপৰ মিলিল।
মৰিবাৰ বেলা কেন বিধিয়ে ছলিল॥৪০
কৈকেয়ী বোলয় সবে পাত্ৰে আলোচিলা।
ৰাজাৰ পাশক শীঘ্ৰে সবহি আসিলা॥৪১
ৰাজায়ে সহিতে পাচে বিমৰিষি কাষ।
কৌশল্যাৰ তনয়ত সমৰ্পিলা ৰাজ॥৪২
বশিষ্ঠে আনিলা অভিষেকৰ সম্ভাৰ।
কালি ৰাজ দিব হেন কৰিলন্ত সাৰ॥৪৩
ৰামৰ সীতাৰ পাচে অধিবাস কৈল।
এতেক দেখিয়া মোৰ হৃদিকম্প ভৈল॥৪৪
আলোচিয়া থিত সব কৰিলোহোঁ কায।
তোমাক লাগিয়া মই মাগি লইলোঁ ৰাজ॥৪৫
শপত কৰায়া নৃপতিক কৈলোঁ বন্দি।
ৰামক পাঠাইলোঁ বনে সত্য পাশে ছান্দি॥৪৬
হৰাইল দেখিলোঁ ৰাজ্য সপোনৰ নিধি।
কত মতে সাধিলোঁ সহায় ভৈল বিধি॥৪৭
বাপহাঙ্ক লাগি বাপ নকৰিবি মৰ্ম্ম।
ঝাণ্টে ৰাজ্য লৈয়ো মোৰ সাফলোক শ্ৰম॥৪৮
ৰাজাৰ আদেশ ৰাম শিৰোগতে লৈল।
সীতায়ো লক্ষ্মণ সমে বনবাসে গৈল॥৪৯
হাঁহাঁকাৰ শবদে কান্দিল সবলোকে।
মৰিলন্ত মহীপাল সেহি পুত্ৰশোকে॥৫০
ৰাজাৰ শৰীৰ আছে নাৰাণ তেলত।
তান কৰ্ম্ম কৰি ৰাজ্য লৈয়োক ভৰত॥৫১
এবেসে পালাইল মোৰ ইদুখ ললাট।
শুভক্ষণ কৰি বাপ লৈয়ো দণ্ডপাট॥৫২
দুয়ো ভাই জানিল ৰামৰ বনবাস।
কুঁজীৰ কাৰণে ভৈল ৰাজাৰ বিনাশ॥৫৩
চাৰিগুণে ভৰতৰ ক্ৰোধ উপজিল।
গৰিহা বচনে পাচে কৈকেয়ীক বুলিল॥৫৪
হাওঁৰে পাপিষ্ঠী মাৱ কি কৰিলি কায।
কোননো বাপেৰে তোত মাগিলেক ৰাজ॥৫৫
ৰাম লক্ষ্মণৰ খণ্ডিলিহি ৰাজ্যভোগ।
বাপক মাৰিলি তই অচিকিত্স ৰোগ॥৫৬
কিবা ৰাম দদা তোক অনিষ্ট কৰিল।
সিকাৰণে তান তই ৰাজ্য বিহৰাইল॥৫৭
ৰাজ্যলোভে আপুনিও নৰকক গৈলি।
মোৰ কেনে ত্ৰিভুবনে অখ্যাতিক থৈলি॥৫৮
একেবাৰে তিনিগোট অকাৰ্য্য কৰিলি।
মোহোৰ দুষ্কীৰ্ত্তি ৰাম বনবাস দিলি॥৫৯
স্বামীক মৰাইলি দশৰথ মহাৰাজ।
তথাপিতো দাৰুণী তোহোৰ নাহি লাজ॥৬০
ইহ লোকে পৰলোকে শুভ নাহি তোৰ।
দেশে দেশে মোহোৰ কুযশ থৈলি ঘোৰ॥৬১
স্বামী ঘাতিনীক পৃথিবীয়ে কেনে ধৰে।
ফাট দিয়া লুকাই থৈয়া তোক নসম্বৰে॥৬২
শুষিনী নাগিনী নিকাৰুনী সংহাৰিনী।
নিৰ্দ্দয়িনী ৰাক্ষসিনী বাঘিনী দাৰুনী॥৬৩
যক্ষিনী ডাইনী তই স্বস্বামী ভক্ষিনী।
পিশাচিনী আবে ৰাণ্ডী ভৈলি অলক্ষনী॥৬৪
সকলো লোকক শোকে মাৰিলি বিছুই।
অযোধ্যা ৰাজ্যত তই ভৈলি সোনগুঁই॥৬৫
বাপক মাৰিলি আগে আবে মোক খাহা।
নিলাজী বৈৰিনী চাৰী মাৰিবাক যাহা॥৬৬
কৌশল্যা সুমিত্ৰা বিকলিত পুত্ৰশোকে।
নৰকত পচিবি খাইবেক জোকে পোকে॥৬৭
দশোদিশ ব্যাপিল নিৰ্ম্মল যাৰ যশে।
তান ভাৰ্য্যা ভৈলি তোক জনিল ৰাক্ষসে॥৬৮
কৌশল্যা মাৱক তই দিলি বৰশোক।
ময়ো আবে পেট পুড়ি মাৰিবোহোঁ তোক॥৬৯
এতিক্ষণে ময়ো আজি যাইবোঁ বনমাজ।
স্বতন্তৰী দাৰুনী আপুনি লহ ৰাজ॥৭০
হাঁ বাপ বুলিয়া বিকল বৰ ভৈলা।
হাঁ ৰাম ভাই বুলি পৰি মূৰ্চ্ছা গৈলা॥৭১
আশেষ কান্দন্তে শত্ৰুঘনে গৈয়া পাইল।
আশ্বাসি অনেক তুলি ধৰিয়া বসাইল॥৭২
লক্ষ্মণ দদাৰ ভৈল কমন মহত।
সব প্ৰতীকাৰ তেহোঁ কৰিতে শকত॥৭৩
ৰাঘৱৰ সঙ্গতি গৈলন্ত বন মাজ।
পিতৃ বোল বাধিয়া ৰামক নিদি ৰাজ॥৭৪