ৰামৰ আগত সীতাৰ উপস্থিতি
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪৯ অধ্যায় ।
- ৰামৰ আগত সীতাৰ উপস্থিতি ।
- দুলৰি ।
শ্ৰীৰামে বোলন্ত, শুনিয়ো লক্ষ্মণ,
- আমাৰ বচন ধৰাঁ ।
এহি শুভক্ষণে, বিভীষণক নিয়া,
- সত্বৰে ৰাজ্য জোকাৰা ॥১
হেন বাণী শুনি, বীৰ লখমণ,
- ত্বৰিতে চলিয়া যাই ।
চাৰি দিশে জয়, জঙ্কাৰ পাৰয়,
- বজাৱে নন্দী বধাই ॥২
শঙ্খ ভেৰী কাঙ্খ, ভেমচি খুমচি,
- ঢোলত পৰিল বাৰি ।
ৰাক্ষস পিশাচ, হৰিষে নাচয়,
- ৰাৱণৰ শোক ছাৰি ॥৩
কন্যাগণে সবে, মঙ্গল কৰয়,
- ঢোলয় শ্বেত চামৰে ।
চন্দ্ৰ সম শুক্ল, ছত্ৰ এক তুলি,
- ধৰিলা শিৰ উপৰে ॥৪
অগনিৰ ঘৃত, আহুতি কৰিয়া,
- ব্ৰাহ্মণে দিলা আশীষ ।
সুগন্ধি পৱনে, আমোদ কৰয়,
- সুপ্ৰসন্ন দশোদিষ ॥৫
নাচে নটীগণে, গায়নে গাৱয়,
- চপয়া পঢ়য় ভাট ।
এবে বিভীষণে, নৃপতি ভৈলন্ত,
- খণ্ডিলা দুঃখ ললাট ॥৬
সুবৰ্ণ পাটত, বসিলন্ত ৰাজা,
- বেঢ়িলা পাত্ৰ মণ্ডলে ।
অভিষেক ৰঙ্গে, কৰিলা লখাই,
- সুবৰ্ণ ঘটৰ জলে ॥৭
বাদ্য ভণ্ড পাঞ্চ, শবদে ৰাজাই,
- সকল সেনাৰ ৰোল ।
জয় জয় ৰাম, শবদ উঠিল,
- পাইলেক স্বৰ্গৰ কোল ॥৮
সম্ভাৰ বস্তুক, লৈয়া দ্ৰুত কৰি,
- চলি গৈলা বিভীষণ ।
ৰামৰ আগত, হাতযোৰ কৰি,
- কৰিলা পাছে সেৱন ॥৯
বিভীষণ ৰাজা, সাদৰ কৰিয়া,
- যতেক বস্তু যোগাইল ।
বানৰ ভালুক, সহিতে ৰাঘৱে,
- সমস্তে সন্দেশ খাইল ॥১০
হনুক সম্বুধি, ৰাঘৱে বোলন্ত,
- সীতাৰ পাশক যাহাঁ ।
যেন মতে আমি, ৰাৱণ মাৰিলোঁ,
- সি সব বাৰ্ত্তা জনাহা ॥১১
শ্ৰীৰাম দেৱৰ, আদেশ বচন,
- মাৰুতি শিৰত লৈলা ।
আশোকা বনক, সীতাৰ পাশক,
- সত্বৰে গৈয়া পশিলা ॥১২
ৰাক্ষসী লোকৰ, মাজত গোসাঁনী,
- আছন্ত মলিন বেশে ।
পদ্মৰ পুষ্পৰ, মালাক যেহেনে,
- বেঢ়িয়া আছয় কেশে ॥১৩
প্ৰণাম কৰিয়া, মাৰুতি বোলন্ত,
- ৰামৰ বাৰ্ত্তা কুশল ।
তোমাক যি গোটে, হৰি আনিলেক,
- সিটো গৈলা ৰসাতল ॥১৪
তোমাৰ দেৱৰে, লক্ষ্মণ কুমাৰে,
- বধিলন্ত ইন্দ্ৰজিত ।
বানৰ ভালুক, ৰাক্ষস বলক,
- নিলেক যম সন্নিত ॥১৫
শ্ৰীৰাম গোসাঁই, ৰাৱণক মাৰি,
- বিভীষণে দিলা ৰাজ ।
লক্ষ্মণ কুশল, সুগ্ৰীৱ কুশল,
- কুশল কপি সমাজ ॥১৬
যি সব প্ৰতিজ্ঞা, কৰিলো গোসাঁনী,
- সবাৰো ভৈলা পূৰণ ।
সাগৰ তৰিলো, ৰামক আনিলো,
- মৰাইলো দুষ্ট ৰাৱণ ॥১৭
ৰাঘবে বুলিলা, জনক নন্দিনী,
- আমাৰ শুনক জয় ।
তোমাক যি বেটা, হৰি আনিলেক,
- সিয়ো গৈলা যমালয় ॥১৮
এতেক বচন, শুনিয়া জানকী,
- সীতাদেবী মহা শান্তী ।
হৰিষে নয়ন, যুগল সজল,
- ক্ষণেক থিত নমাতি ॥১৯
মাৰুতি বোলন্ত, জগত জননী,
- কিসক নেদা উত্তৰ ।
সত্য স্বৰূপত, ৰামৰ হাতত,
- পৰিলেক লঙ্কেশ্বৰ ॥২০
বোলন্ত গোসাঁনী, বাপু হনুমন্ত,
- তোক নমাতওঁ লাজে ।
যেন প্ৰিয় কথা, কহিবাৰ যোগ্য,
- প্ৰসাদ নাহিকে কাযে ॥২১
মাৰুতি বোলয়, দিয়োক প্ৰসাদ,
- আছয় আমাৰ যোগ ।
মনত সন্তোষে, হাসিয়ো আমাৰ,
- স্বৰ্গতো অধিক ভোগ ॥২২
এহিতো ৰাক্ষসী, সকলে তোমাক,
- বিগুতি পাৰিলা গালি ।
অনেক ভুবুকি, পাৰি ডৰুৱাইলে,
- ৰাৱণৰ বাক্য পালি ॥২৩
সি সব কথাক, সুমৰন্তে মোৰ,
- আজিকো নছাৰে শোক ।
টাকৰে মুটুকি, মাৰোঁ তাসম্বাক,
- ৰাৱণ আসি ৰাখোক ॥২৪
কাহাকো চাপৰে, কাহাকো ভুকুৱে,
- কাহাকো মাৰওঁ কিলে ।
কাহাকো লাঠিয়ে, চৱৰে মাৰওঁ,
- কাহাকো মাৰওঁ শিলে ॥২৫
কাৰো আখি কাঢ়ি, পেলাওঁ কাহাৰো,
- নাক কাটি ঘসুয়াওঁ ।
হেনসে আজ্ঞাক, দিয়া যদি মাৱ,
- উচিত প্ৰসাদ পাওঁ ॥২৬
গোসাঁনী বোলন্ত, বাপু হনুমন্ত,
- ইহাক কিক টঙ্কোশি ।
ৰাক্ষসিনী লোক, স্বতন্তৰী নোহে,
- সবে ৰাৱণৰ দাসী ॥২৭
তাহাৰ বচন, হেলা কৰে যদি,
- নতো ডৰুৱাবে মোক ।
তেতিক্ষণে মোক, কাটিতে পাৰয়,
- ত্ৰৈলোক্য নাহিকে ৰাখ ॥২৮
এবে যে আমাক, মন্দ নকৰয়,
- আপনি মৰয় ডৰে ।
কাকূতি কৰিয়া, শৰণে পশয়,
- হাতত পাৱত ধৰে ॥২৯
কাহাক কোনেবা, মাৰিতে পাৰয়,
- কাহাক ৰাখয় কোনে ।
পূৰুব জনমে, যিটো পাপ কৰে,
- ভুঞ্জিয়া মৰে আপনে ॥৩০
মাৰুতি বোলন্ত, সীতা দেবী মাৱ,
- ধন্য ধন্য সাধু সাধু ।
সাফল চন্দ্ৰৰ, বংশে উতপন্ন,
- সূৰ্য্যৰ বংশৰ বধু ॥৩১
অমৃত বচনে, বৰ তুষ্ট ভৈলোঁ,
- বুলিলা যেন উচিত ।
কি কথা কহিবোঁ, ঝাণ্টে বুলিয়োক,
- ৰামৰ যাওঁ সন্নিত ॥৩২
সীতায়ে বোলন্ত, যতেক বুলিলা,
- যেহেন জনক বাপ ।
যাহাৰ প্ৰসাদে, সকল দুৰ্গতি,
- গুচিলা শোক সন্তাপ ॥৩৩
ৰাঘৱ প্ৰভুক, দেখিবাক মোৰ,
- উত্ৰাৱল কৰে মন ।
টীকৰ স্বামীত, জনায়োক বাপ,
- মোক নেন্তো এতিক্ষণ ॥৩৪
বায়ুসুতে ঝাণ্টে, গমন কৰিলা,
- দেবীৰ বন্দিয়া পাৱ ।
ৰামৰ আগত, পৰিলন্ত গৈয়া,
- মেৰুৰ সম ছৰায় ॥৩৫
প্ৰদক্ষিণ কৰি, চৰণ বন্দিয়া,
- অঞ্জলি যুৰিয়া কৰ ।
আদি অন্ত যত, কহিলা সমস্তে,
- দেবীৰ যেন উত্তৰ ॥৩৬
শুনিয়ো গোসাঁই, চৰণ বন্দওঁ,
- ৰঘুৰ বংশৰ নাথ ।
যিবা প্ৰয়োজনে, সাগৰ তৰিলা,
- ৰাৱণ বধ লঙ্কাত ॥৩৭
সীতা গোসাঁনীক, সত্বৰে আনিয়ো,
- বিলম্বত কোন ফল ।
চিৰ কালে দেবী, তোমাৰ চৰণ,
- দেখিবাক কৌতূহল ॥৩৮
তোমাৰ যুদ্ধৰ, কথা শুনি তান,
- হৰিষ কৰিলা চিত্ত ।
আথ বেথ কৰি, মোক পঠাইলন্ত,
- আনিবাক সন্নিহিত ॥৩৯
এতেক শুনিয়া, উৰ্ম্মি বৰ ধাইল,
- ৰামে চপৰাইলা মাথ ।
চক্ষুৰ লোতক, সৰসৰি পৰে,
- গালত দিলন্ত হাত ॥৪০
হৰিষতে আসে, বিষাদ মিলিল,
- মাৰুতিৰ বাণী শুনি ।
অধো মুখ হুয়া, ৰঘুৰ নন্দন,
- থাকিলা মনত গুণি ॥৪১
পৃথিবীক চাই, ৰাঘৱ গোসাঁই,
- বিমৰিষ কৰি মন ।
মাথা তুলি চাই, বোলন্ত কহিৰা,
- বীৰবৰ বিভীষণ ॥৪২
জনক জীৱৰ, পাশক চলিয়া,
- যায়ো আমসাৰ বোলে ।
সাগৰ জলতে, শিৱ স্নান কৰি,
- আসোক চৰি চৌদোলে ॥৪৩
এতেক বচন, শুনি বিভীষণ,
- অশোকা বনে প্ৰবেশ ।
হাত যোৰ কৰি, বোলন্ত গোসাঁনী,
- শুনিয়ো স্বামী আদেশ ॥৪৪
শিৱ স্নান কৰি, অলঙ্কাৰ সব,
- গাৱে নিয়া চড়ায়োক ।
চৌদলে চড়িয়া, ৰামৰ পাশক,
- শীঘ্ৰ কৰি চলিয়োক ॥৪৫
মলিনতা বেশে, স্বামীক দেখিবোঁ,
- নুযুৱাই শিৰ স্নান ।
ভূষিত হুইবাৰ, কমন প্ৰস্তাৱ,
- আনিয়ো চৌদল যান ॥৪৬
বিভীষণে বোলে, শুনিয়োক মাতা,
- ৰামৰ বোল পালিয়ো ।
শিৰ স্নান কৰি, অলঙ্কাৰ পিন্ধি,
- ৰামৰ পাশক যায়ো ॥৪৭
কন্যাগণে আসি, দেবীক নোৱাইলা,
- সুবৰ্ণ ঘটৰ জ্বলে ।
সুগন্ধিত জলে, শৰীৰ মাজিল,
- তৰুণী কন্যা সকলে ॥৪৮
ৰতনে ৰচিত, নানা অলঙ্কাৰ,
- বিভীষণে আনি দিলা ।
জনক নন্দিনী, পৰম হৰিষে,
- ৰামৰ বোলে পিন্ধিলা ॥৪৯
বস্ত্ৰ অলঙ্কাৰে, ভূষিত ভৈলন্ত,
- উজ্জ্বলিত অঙ্গভাগ ।
চৌদোলে চড়িয়া, ওৱাৰক দিলা,
- বিভীষণ ভৈলা আগ ॥৫০
আগে সেৱতিয়া, লোকে দূৰ কৰে,
- হাতত বেতৰ বাৰি ।
ত্বৰিতে ৰামৰ, পাশক চলিলা,
- অশোকা বনক ছাৰি ॥৫১
বিভীষণে ৰাম, আগত জনাইলা,
- আনিলো সীতা গোসাঁনী ।
আদেশ কৰিয়ো, প্ৰভু ৰঘুনাথ,
- আগত ভেটাওঁ আনি ॥৫২
এতেক বচন, শুনি ৰাম দেৱে,
- ডাহিণ ৰামক চাইল ।
হৰিষ বিষাদ, শোক আসি ভৈল,
- দুয়ো একেথানে ভৈল ॥৫৩
কতোক্ষণে ৰাম, ৰঘুৰ নন্দন,
- তেজিলা দীৰ্ঘ নিশ্বাস ।
বিভীষণ মিত্ৰ, সীতাক সত্বৰে,
- আনিয়ো আমাৰ পাশ ॥৫৪
হেন বাণী শুনি, ত্বৰিতে চলিলা,
- অভিনৱ লঙ্কেশ্বৰ ।
কহিবা মোহোৰ, সেৱতিয়া লোক,
- ঝাণ্টে সৈন্য দূৰ কৰ ॥৫৫
সহস্ৰ সংখ্যাত, সেৱতিয়া সবে,
- লোকক বাৱয় আগ ।
হাতত বেতৰি, গাৱত কাঞ্চনী,
- মাথাত অলমা পাগ ॥৫৬
চোট চোট কৰি, কোবাইবে লাগিলা,
- কাহাকো বেতৰ বাৰি ।
দূৰ দূৰন্তৰ, পলাই বানৰ,
- ৰামৰ পাশক ছাৰি ॥৫৭
সীতাক দেখিত, ভালুক বানৰ,
- বৰ অভিলাষ কৰে ।
আছোক দেখিব, থাকিবে নোৱাৰে,
- পলাই কোবক ডৰে ॥৫৮
নমোঁ ৰঘুনাথ, ছপৰায়া মাথ,
- জানু শিৰে শত বাৰ ।
দেৱৰ কণ্টক, বধি ৰাৱণক,
- কৰিলা সীতা উদ্ধাৰ ॥৫৯
ভকত জনৰ, দেৱ দামোদৰ,
- পূৰা মনোৰথ কাম ।
জানি সৰ্ব্বজন, এৰি আন মন,
- ডাকি বোলাঁ ৰাম ৰাম ॥৬০