বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায়
বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ
- ছবি ।
বালীক দেখিলা গৈয়া, মূৰ্চ্ছিতে ৰৱন্তে আছে,
- কথমপি আছে মাত্ৰ প্ৰাণে ।
নিচেষ্টে আছন্ত পৰি, উভফোল কৰি আতি,
- শালি আছে ৰাঘৱৰ বাণে ॥১
স্বামীক বেঢ়িয়া গৈয়া, হৃদয়ত পৰি পৰি,
- কান্দে সবে হাৰলে বিৰলে ।
সমস্তে দিশক বেঢ়ি, বান্দৰী মেলেকে কান্দে,
- স্বৰ্গক লঙ্ঘিল সিটো ৰোলে ॥২
বালী ৰাজা পৃথিবীত, পৰিবাৰ দেখি মই,
- কি কাৰণে ধৰি আছোঁ জীৱ ।
অঙ্গদাই কুমাৰক, কোলে কৰি লইয়া প্ৰভু,
- কাহাৰ আগত হও ঠিৱ ॥৩
অঙ্গদ কুমাৰ হেৰা, ক্ৰন্দন কৰন্তে আছে,
- তযু মুই চৰণত পৰি ।
সহস্ৰেক মহাদই, ক্ৰন্দন কৰন্তে আছে,
- ভূমিত পৰিয়া গড়াগড়ি ॥৪
শিখৰ সিন্দুৰ মোৰ, খসাইলাহা প্ৰভুদেৱ,
- ৰাজ যোগ্য আনো অলঙ্কাৰ ।
পতিব্ৰতা নাৰী হুইয়া, কেনমতে ৰহিবোহোঁ,
- মহা দুখ বিধবাৰ ভাৰ ॥৫
মই যাক তৰ্জ্জিলোহোঁ, সেহি মোক গৰ্জ্জিবেক,
- বিৰহতে থাকিবোহোঁ পৰি ।
অনাথ হৈবেক মোৰ, অঙ্গদ কুমাৰ যাতো,
- স্বামী সঙ্গে গৈলোঁ হন্তে লৰি ॥৬
যাহাৰ প্ৰসাদে মই, পৃথিবী মণ্ডল মাজে,
- আছিলোহোঁ ৰাজৰাজেশ্বৰী ।
শত্ৰুপক্ষ নৃপতিৰ, যত পটেশ্বৰীগণ,
- আছিল মোতেসে সেৱা কৰি ॥৭
আনৰ স্বামীৰ গৈয়া, মোহোৰ স্বামীয়ে গৈয়া,
- অন্তৰ আছিল বহুদূৰ ।
হেন মোৰ প্ৰাণনাথ, বিছুই কিকাৰ্য্যে যাহা,
- লগতে চলিবো যমপুৰ ॥৮
আকুল ব্যাকুল কৰি, ক্ৰন্দন কৰন্তে আছে,
- ৰাজাৰ কোলাত পটেশ্বৰী ।
তোমাতেসে বাঢ়িলেক, তাৰাৰ সুৱাগ যত,
- কৈক যাহা মোক পৰিহৰি ॥৯
আমাৰ বচন তুমি, নুশুনিলা প্ৰভুদেৱ,
- আন্ধাৰ কৰিলা দশ দিশ ।
আপদৰ সময়ত, সুহৃদৰ বচনক,
- দেখিলাহা তুমি যেন বিষ ॥১০
পুত্ৰ যেবে ৰাজা হয়, বোলাৱয় ৰাজমাৱ,
- অনুৰূপে সম্পদক পাই ।
হাত তোলা কৰি আনি, কিছু কি ধন দেই,
- যদিবা হোৱয় বাপ ভাই ॥১১
স্বামী ৰাজা ভৈলে সবে, সৰ্ব্বস্বৰে অধীকাৰ,
- হুইবে পায় মুখ্য পটেশ্বৰী ।
হেন প্ৰাণ নাথ তুমি, আমাক এৰিয়া যাহা,
- কিক লাগি প্ৰাণ আছোঁ ধৰি ॥১২
শুনিয়ো সুগ্ৰীৱ বীৰ, স্বামীৰ সদোৰ ভাই,
- তুমি শ্ৰেষ্ঠ দেৱৰ আমাৰ ।
আপোনাৰ সুখ হেতু, স্বামীক মৰাইয়া মোৰ,
- কুলৰ অনাইলা খিলিঙ্কাৰ ॥১৩
এবে বৰ যশ পাইলা, শ্ৰেষ্ঠ ভাইক নচাহিলা,
- আমাক চাহিবা কিবা আৰ ।
তোৰ মনে সুখ হৌক, ভায়েৰৰে লগেমোক,
- গলে আনি ডাঙ্গ দিয়া মাৰ ॥১৪
গুণি চাও তোক বাজে, বানৰ কুলৰ মাজে,
- আৰ কোন আছে দুৰাচাৰ ।
শ্ৰেষ্ঠ ভাই পিতৃসম, তান তই ভৈলি যম,
- কিনো যশ লভিলা অপাৰ ॥১৫
তাৰাৰ বিলাপ দেখি, লক্ষ্মণ সুগ্ৰীৱ বীৰ,
- শ্ৰীৰামচন্দ্ৰ কৃপাময় ।
বিপৰীত শোক শালে, তিনিৰো শৰীৰ দহে,
- চক্ষু ঢাকি লোতক বহয় ॥১৬