বালী বধৰ আয়োজন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫ অধ্যায়
বালী-বধৰ আয়োজন ।
- পদ ।
সুগ্ৰীৱে বোলন্ত মিত্ৰ মোৰ বোল কৰাঁ ।
বীৰত্বক সাফলিয়া পৌৰুষক ধৰাঁ ॥১
মোহোৰ বচনে তুমি শোক পৰিহৰা ।
বালী বধ কৰি মোৰ সত্যক উদ্ধাৰা ॥২
শ্ৰীৰাম বোলন্ত মোৰ শৰীৰ নসহে ।
হৰিল চেতন জ্ঞান সীতাৰ বিৰহে ॥৩
সঘনে নিশ্বাস বহে সীতাৰ বিকলে ।
একে শোকে মৰোঁ আৰো তযু উত্ৰাৱলে ॥৪
উভয় প্ৰকাৰে মোৰ মনৰ আকুল ।
পুছোঁ আবে তোমাৰ দুঃখৰ কৈয়ো মূল ॥৫
কি কাৰণে কন্দল কৰিলা দুই ভাই ।
বনবাস খাটা কিক ভাৰ্য্যা হৰুৱাই ॥৬
আপদে গ্ৰসিলে ভাৰ্য্যা হৰুৱালা কিক ।
শুনি পাছে বধিবোঁহো দুৰ্জ্জয় বালীক ॥৭
পাছেসে কৰিবা তুমি মোৰ প্ৰতিকাৰ ।
মাৰিলোঁ জানিবা বালী বৈৰক তোমাৰ ॥৮
ত্ৰৈলোক্য বিজয়ী আছে একো পাত শৰ ।
নকৰিবা তুমি বালী বানৰক ডৰ ॥৯
সুগ্ৰীৱে বোলন্ত শুনা প্ৰভু ৰামদেৱ ।
মোৰ বালী দদাক সমৰে নাহি কেৱ ॥১০
আদিত্য উদয় হন্তে ছাৰি যাই পুৰী ।
তেতিক্ষণে আসে চাৰি সাগৰক ফুৰি ॥১১
বল কটালিবাক দদাৰ যেবে মন ।
হাম্ফুলিয়া পৰ্ব্বত উপাৰি কৰে ছন ॥১২
শিখৰ ভাঙ্গিয়া হাতে খেলাৱয় ঢোপ ।
ত্ৰিদশে কাম্পয় দেখি বালীৰ আটোপ ॥১৩
আৱৰ কাহিনী কহোঁ শুনা প্ৰভু ৰাম ।
অসুৰেক আছিল দুন্দুভি তাৰ নাম ॥১৪
তিনিয়ো লোকত বৰ শুনিছোঁ প্ৰধান ।
সাগৰত গৈয়া মাগিলেক যুদ্ধ দান ॥১৫
অসুৰক সম্বুধিয়া মাতন্ত সাগৰ ।
হাওঁৰে অসুৰ তোক নুহোঁ সমসৰ ॥১৬
হেমৱন্ত পৰ্ব্বত আছে তোক প্ৰতিবল ।
ৰণত হৰিষ আছে তৈকে লাগি চল ॥১৭
শীঘ্ৰে আণ্টাইলেক হেমৱন্ত পৰ্ব্বতক ।
দৰ্পে বলিবাক লৈল অসুৰ লটক ॥১৮
শুনা গিৰিৰাজ মহাদেৱৰ শ্বশুৰ ।
মোক ৰণ দিয়া তই চল যমপুৰ ॥১৯
হেমৱন্তে বোলন্ত মই তোক নোহোঁ সম ।
কিষ্কিন্ধাৰ বালী ৰাজা তোৰ হৈব যম ॥২০
যেবে পুনু মৰিবাক তোৰ আছে মন ।
ঝাণ্টে কৰি ভাঙ্গ গৈয়া তাৰ মধুবন ॥২১
দুৰ্ব্বাৰ অসুৰ সিটো বৰ ৰণ লুভী ।
কিষ্কিন্ধাক লাগি বেগে চলিলা দুন্দুভি ॥২২
মহিষৰ ৰূপ ধৰি আসিল দুৰ্ব্বাৰ ।
ৰণক হৰিষে মাতে আটোপ টঙ্কাৰ ॥২৩
আগনি সমান ফুৰাৱয় দুই আখি ।
শৃঙ্গ আগে পৰিয়া দুহাৰ হোৱে মাখি ॥ ২৪
মেঘ খণ্ড খণ্ড হোৱে পায়া লেঞ্জ ছাটি ।
খুৰাৰ প্ৰহাৰে জল বজাই মাতি ফাটি ॥২৫
ঘসমসি লগাইলেক পসি মধুবন ।
খায়া দায়া বিধ্বংসিয়া কৰিলেক ছন ॥২৬
দুৱাৰৰ পাট লাঠি মাৰিয়া ভাঙ্গিল ।
দ্বাৰিক মাৰিয়া ঘোৰ আটাসেক দিল ॥২৭
লাগিল চমক বনে নিৰ্ঘাত পৰিল ।
নিৰন্তৰে বানৰৰ কৰ্ণে তাল দিল ॥২৮
অহঙ্কাৰ কৰিয়া দুন্দুভি পাৰে গালি ।
শুনি নসহিয়া বাজ ভৈলা বীৰ বালী ॥২৯
হস্তীক লাগিয়া যেন সিংহয়ে ফিটাইল ।
তাৰা আদি পটেশ্বৰী লগে চলি আইল ॥৩০
কুসুম চন্দনে অলঙ্কাৰে দেহা ভৰি ।
চৌপাশে যোগায় ছত্ৰ চামৰক ধৰি ॥৩১
তাৰাগণ সম নাৰী লগে চলি যান্তি ।
যেন পূৰ্ণিমাৰ চন্দ্ৰ সদা কৰে কান্তি ॥৩২
সমৰ ভূমিত বালী দেখিলন্ত পাছে ।
পৰ্ব্বত সদৃশ চণ্ড মহিষেক আছে ॥৩৩
অসুৰক বালীৰাজা মাতিলা সম্বুধি ।
জঙ্কাই মোক যম পুৰী গৈলি মন্দবুধি ॥৩৪
কালে তোক পাইলে মধুবন বিনাশিলি ।
বালীক নিচিনি বেটা গৰ্ব্বতে নশিলি ॥৩৫
ক্ষুদ্ৰ মৃগ হুয়া মত্ত সিংহক জোকাইলি ।
বিপাঙ্গে পৰিলি বন্ধু দেখিতে নপাইলি ॥৩৬
দুন্দুভি বোলয় ওৰে শুন বালী ৰাই ।
স্ত্ৰীৰ আগত কেনে মেল মিচা তাই ॥৩৭
মোৰ হাতে মৰিবি ৰাখন্তা নাহি কেৱ ।
সত্বৰে সুমৰ যেৱে আছে ইষ্ট দেৱ ॥৩৮
লুকাওঁ আজি বালী নাম মোৰ লেঞ্জ চাটে ।
মই ৰাজা হওঁ আজি এই দণ্ডপাটে ॥৩৯
পাঞ্জৰ ফুড়িয়া মাৰোঁ শৃঙ্গৰ আচাৰে ।
শিৰ খুলি ভাঙ্গো নুহি লাঠিৰ প্ৰহাৰে ॥৪০
হাসি বালী বোলৈ শৃঙ্গে বিন্ধি এৰ মোক ।
মুঠিৰ প্ৰহাৰে যম পুৰে নিবোঁ তোক ॥৪১
শুনিয়া দুন্দুভি শৃঙ্গ বৈসাইলেক ডাটি ।
বোম্বালে ৰুধিৰ বাজ ভৈলা হিয়া ফাটি ॥৪২
বালীও বসাইলা মুঠি চোট বৰ পাই ।
কপাল ফুটিয়া ঢাকি ৰুধিৰ বজাই ॥৪৩
ক্ৰোধিল অসুৰ ঘোৰ লভিয়া প্ৰহাৰ ।
গৰ্জ্জি খেদি যাই যেন মেঘ বাৰিষাৰ ॥৪৪
নিৰ্ঘাত পৰিল যেন আটাস পাৰিল ।
বায়ুবেগে বালী ৰাইৰ সমীপ চাপিল ॥৪৫
দুন্দুভি আসিল খেদি দেখি বীৰ বালী ।
জাম্প দিয়া তেতিক্ষণে ধৰি আঙ্কোৱালি ॥৪৬
বজ্ৰৰ সদৃশ লাগি গৈল জৰা জৰি ।
মহিষে বানৰে পৃথিৱীত গড়াগড়ি ॥৪৭
বানৰক মহিষে আচাৰে শৃঙ্গ তুলি ।
দুন্দুভিক নথে বালী পেলাইলন্ত ফালি ॥৪৮
মহাঘোৰ নাদে দুয়ো দোহোঙ্কো গৰ্জ্জন্ত ।
পৃথিৱী কম্পিয়া গৈলা পাতাল পৰ্য্যন্ত ॥৪৯
বন্ধ চন্দ বিবন্ধ লাগিলা যত যত ।
প্ৰহাৰিবে সম্বৰিবে দুহান্তো শকত ॥৫০
ঠিৱ লেঞ্জ কৰি দুয়ো খেলনা কৰন্ত ।
সব দেৱগণে ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত ॥৫১
ত্ৰিদশক দেখি ক্ৰোধ কৰিয়া দুন্দুভি ।
হানিবাক লাগি গৈলা দুই শৃঙ্গ উভি ॥৫২
তবধ নয়নে ফোকৰয় আতি ৰাগী ।
উশ্বাস লাগিয়া বৃক্ষ সব যাই ভাগি ॥৫৩
দুই শৃঙ্গ জ্বলে যেন শনাই ত্ৰিশূল ।
ত্ৰিদশ বোলয় ভৈল বালীৰ নিৰ্ম্মূল ॥৫৪
সকল বানৰ বল ভৈ গৈল বিভঙ্গ ।
ইন্দ্ৰপুত্ৰ বালীৰ নাহিকে ভুৰুভঙ্গ ॥৫৫
লীলায়ে বানৰ ৰাজা গাৱ চালিলন্ত ।
শৃঙ্গত ধৰিয়া তাক টানিয়া লইলন্ত ॥৫৬
ৰিপু কুল মৰ্দ্দন দুৰ্জ্জয় বীৰ বালী ।
আপোন শৰীৰে তাক পেলায়া নিঢালি ॥৫৭
দুই হাত ধৰি তাক তুলি আলগাইলা ।
বাম পাৱে লাঠি হানি ক্ষেপিয়া পঠাইলা ॥৫৮
প্ৰহৰেক পথ গৈয়া পৰিল উফৰি ।
ঋষ্যমুখ পৰ্ব্বতৰ কত দূৰ জুৰি ॥৫৯
আছন্ত মাতঙ্গ ঋষি অগনিৰ সম ।
সেহি পৰ্ব্বততে তান আছন্ত আশ্ৰম ॥৬০
ধ্যান কৰি আছে ঋষি হৰিকেসে চিতে ।
সকল শৰীৰ তান তিতিল শোনিতে ॥৬১
ঋষিয়ে বোলন্ত কোনে পাপক সঞ্চিল ।
সকল শৰীৰ মোৰ শোণিতে তিতিল ॥৬২
অসুৰ ক্ষেপিয়া কোনে চিন্তিলেক মন্দ ।
ঋষ্যমুখ পৰ্ব্বতে পৰিবে তাৰ স্কন্ধ ॥৬৩
এহি বুলি ঋষি তৈৰ চালিলন্ত গাৱ ।
জলত নামিয়া পখালিলা হাত পাৱ ॥৬৪
বিষ্ণুক সুমৰি মন্ত্ৰ জপিলা মনত ।
আসন ভিৰিয়া পুনু বসিলা ধ্যানত ॥৬৫
খেদি নাসে বালী দদা সেহিসে নিদানে ।
পলাই পঞ্চবাণৰ আছোহোঁ এহি থানে ॥৬৬
- ৬ অধ্যায়
বালী-মায়াবন্তৰ যুদ্ধ ।
আউৰ কাহিনী কহোঁ শুনিয়ো শ্ৰীৰাম ।
দুন্দুভিৰ শ্ৰেষ্ঠ ভাই মায়াৱন্ত নাম ॥১
ভ্ৰাতৃ শোকে সিয়ো আসি মাগিলেক ৰণ ।
দুই ভাই সাজি নিকলিলোঁ তেতিক্ষণ ॥২
বানৰৰ ৰাজা বালী বীৰত্বে প্ৰধান ।
পাছত চলিলোঁ মই পৰ্ব্বত সমান ॥৩
দুই ভাইক দেখি সিটো অসুৰ ডৰিল ।
মহাবেগে পৰ্ব্বতৰ গহ্বৰে পশিল ॥৪
চন্দ্ৰাৱতী ৰজনী দেখিয় বহু দূৰ ।
দেখিলা গহ্বৰ মাজে পশিল অসুৰ ॥৫
দদা মোক বোলে তই থাক ইথানত ।
যাবে নাসো মই অসুৰক কৰি হত ॥৬
কৰিলোঁ কাৰুণ্য মই চৰণত ধৰি ।
জীৱন মৰণ জানিবোহো কেনে কৰি ॥৭
বালী বোলে গৰ্ত্ত ভৰি দুগ্ধ হোৱে বাজ ।
নিশ্চয় জানিবা মৰিলোঁহোঁ বালীৰাজ ॥৮
নচেত বিবৰে বাজ হোৱে তেজ চয় ।
অসুৰক মাৰিলোঁ মোহোৰ ভৈল জয় ॥৯
মাৰিবোঁ অসুৰ কিছু নকৰিবি ভয় ।
তথাপিতো মোৰ মনে নুগুচে সংশয় ॥১০
নিষেধ বচন পুনু বুলিলোঁ বিস্তৰ ।
হিত বোল নুশুনিয়া পশিলা ভিতৰ ॥১১
দ্বাৰ ৰাখি আছিলোঁহো পঞ্চদশ মাস ।
দদাৰ তেজিলোঁ মই জীৱনৰ আশ ॥১২
বজাইল শোণিত আসি গৰ্ত্ত গোট ভৰি ।
নিশ্চয়ে জানিলোঁ মোৰ দদা গৈলা মৰি ॥১৩
গহ্বৰ ভিতৰে বৰ আৰাৱ শুনিলোঁ ।
শিলা গোচ দিয়া ভয়ে দুৱাৰ মাৰিলোঁ ॥১৪
আসি ভৈলোঁ চিৰকাল কিষ্কিন্ধা নগৰ ।
দেখি মোক ৰঙ্গ ভৈল সকলে লোকৰ ॥১৫
মৰিলেক বালী জিজ্ঞাসিলে পাত্ৰলোক ।
সেহি দণ্ডে পাটে ৰাজা কৰিলেক মোক ॥১৬
সমস্ত দেশৰ যত ভালুক বানৰ ।
মোতে আসি সেৱা সৱে কৰে নিৰন্তৰ ॥১৭
প্ৰকাশয় আতি সিংহাসন মাণিকৰ ।
তাতে বহি ভোগ কৰোঁ যেন পুৰন্দৰ ॥১৮
কতো কাল সুখে আছোঁ ৰাজ্য প্ৰতিপালি ।
আসিলন্ত অসুৰ মাৰিয়া বীৰ বালী ॥১৯
মই ৰাজা ভৈলোঁ দেখি বিহৰিল চিত ।
ক্ৰোধিলেক অগনিত যেন দিল ঘৃত ॥২০
পাত্ৰগণ সমে বাঢ়ি চৰণে ধৰিলোঁ ।
প্ৰণতি পূৰ্ব্বক মই প্ৰণাম কৰিলোঁ ॥২১
পিতৃসম শ্ৰেষ্ঠ ভাই প্ৰাণতো অধিক ।
আসিলা কুশলে এৰাইলা দুৰ্গতিক ॥২২
আসিলাহা তুমি মোৰ গুচিল অপাই ।
ৰাজ্য চাৰি দণ্ড পাট দিলোঁ সমুদাই ॥২৩
পঞ্চদশ মাস দ্বাৰ ৰাখিয়া আছিলোঁ ।
গৰ্ত্ত ভৰি তেজ পুঞ্জ বজাইল দেখিলোঁ ॥২৪
ভয়ে শিলা গোট গহ্বৰৰ দ্বাৰ জুৰি ।
শোকে কান্দিকাতি আসি ভৈলোঁ নিজপুৰী ॥২৫
পাছে পাত্ৰ মেলে সবে কাৰ্য্য আলোচিল ।
অৰাজক ভয়ে মোক ৰাজ্যে জোকাৰিল ॥২৬
তথাপি কৰিলোঁ দোষ দদা ক্ষমা কৰ ।
চৰণত ধৰি স্তুতি কৰিলো বিস্তৰ ॥২৭
ক্ৰোধে তথাপিতো মোক নেদিলে উত্তৰ ।
স্বভাৱতে ক্ৰুৰ জাতি দাৰুণ বানৰ ॥২৮
শান্ত কৰিবাক পাৰি সজ্জনৰ মন ।
ভাঙ্গিলে গঢ়িব পাৰি সুৱৰ্ণ ভাজন ॥২৯
দুৰ্জ্জনৰ মন শান্ত কৰণ নযাই ।
মৃত্তিকাৰ পাত্ৰ গঢ় নলৱে দুনাই ॥৩০
মহাক্ৰোধে বালী ৰাজা পাতিয়া সমাজ ।
পাত্ৰক সম্বুধি কহিবাক লইয়া কায ॥৩১
আমাৰ কথাক শুনিয়োক সৰ্ব্বলোক ।
দোষ গুণ বিচাৰিয়া গৰিহিবা মোক ॥৩২
অসুৰ মাৰিবে প্ৰতি দুয়ো ভাই গৈলোঁ ।
বিবৰে পশিয়া আক দুৱাৰতে থৈলোঁ ॥৩৩
ভয়ঙ্কৰ শিলা গোট দুৱাৰত দিয়া ।
সুখে ৰাজ্য কৰে ভ্ৰাতৃ বধু সম্বৰিয়া ॥৩৪
ৰণক ত্যজিয়া আসি লৈলে ৰাজ্য ভাৰ ।
ভ্ৰাতৃৰ বিপক্ষ ভৈল সোদৰ আমাৰ ॥৩৫
দূৰ মন্দ বুদ্ধি দুষ্ট সোদৰ পাপিষ্ঠ ।
প্ৰাণে মাৰি হৈবোহোঁ সোদৰ বধী নিষ্ঠ ॥৩৬
শুনিয়োক ৰাম চন্দ্ৰ তুমি মহামিত্ৰ ।
আমাৰ দুঃখৰ কথা অনেক বিচিত্ৰ ॥৩৭
দেশৰ ডাকিলে এক খানি বস্ত্ৰ দিয়া ।
ৰাজ্য ভোগ কৰে মোৰ ভাৰ্য্যা সম্বৰিয়া ॥৩৮
দুঃখ ভুঞ্জি কতো দিন ফুৰোঁ বনে বন ।
তথাপি বালীৰ মোত নাহি শান্ত মন ॥৩৯
বিমৰিষি মোৰ যুজিবাক ভৈল মন ।
দ্বীপ দ্বীপান্তৰৰ জৰাইলোঁ কপিগণ ॥৪০
জ্যেষ্ঠ ভাইক যুজিলোহোঁ প্ৰাণকাতৰে ।
ত্ৰিভুৱন লোক কম্পে দুইৰো পয়োভৰে ॥৪১
চৱৰ চম্পট কিল লাঠিৰ প্ৰহাৰ ।
দান্তে নখে আঞ্চৰিয়া কৰিলোঁ বিদাৰ ॥৪২
তেজে তোলবোল ভৈলো দুহানো শৰীৰ ।
মোত কৰি বলত অধিক বালী বীৰ ॥৪৩
মৰণ সঙ্কট মোৰ মিলি গৈল বৰ ।
মৰ্ম্ম থান চাই মই বসাইলো চাপৰ ॥৪৪
মূৰ্চ্ছা গৈলা বালী দেখি মনত চিন্তিলো ।
ঋষ্যমুখ পৰ্ব্বতক ভিৰি লৰ দিলো ॥৪৫
ঋষি শাপে বালীৰ মোহোৰ হিত ভৈল ।
খেদিগুৰি নপাই বালী কিষ্কিণ্ডাক গৈল ॥৪৬
দুই ভাই কন্দল কৰিলো যি কাৰণে ।
কহিলো সকল কথা তোমাৰ চৰণে ॥৪৭
এবে তযু পাৱে প্ৰভু পশিলো শৰণ ।
তোমাৰ ভকতি দেৱ দুৰ্গতি তাৰণ ॥৪৮
এবে তযু বলৰ কটাল যেবে পাওঁ ।
মাৰিবাহা বালীক তেবেসে পতিয়াওঁ ॥৪৯
পৰ্ব্বত আকাৰ দুন্দুভিক লাঠি হানি ।
এক যোজনৰ পথ পেলাইলেক আনি ॥৫০
তুমি লাঠি হানিয়া পেলাইতে পাৰা তাক ।
তেৱে জানো পাৰিবা বালীক মাৰিবাক ॥৫১
সুগ্ৰীৱৰ বাণী শুনি ৰাঘৱে হাম্ফলি ।
দুন্দুভিৰ শৰীৰক ৰাম পাৱে তুলি ॥৫২
বৃদ্ধ আঙ্গুলীয়ে তাক আচাৰি পেলাইল ।
দেখি পাঞ্চ বানৰ কৌতুক বৰ পাইল ॥৫৩
পৰিলেক শত যোজনৰ গৈয়া পথ ।
সুগ্ৰীবে বোলন্তু নুপূৰিল মনোৰথ ॥৫৪
হেন মতে বল কটালিবাক নপাৰি ।
অসুৰক বালী ৰাজা তেতিক্ষণে মাৰি ॥৫৫
মাংস শোণিত গাৱে সমস্তে আছিল ।
লাঠি হানি প্ৰহৰৰ পথক ক্ষেপিল ॥৫৬
জঙ্কা মাত্ৰ আছে ইটো অস্থি পূঞ্জ সাৰ ।
তাক উচ্ছাদিলা নাহি প্ৰত্যয় আমাৰ ॥৫৭
দেখা সাত গাছ তাল আছে বক্ৰভাৱে ।
তিনিগাছ ভেদে দদা একেশৰ ঘাৱে ॥৫৮
সাতো তাল ভেদা যদি তুমি একেশৰে ।
তেবেসে সংশয় গুছে মনৰ আমাৰে ॥৫৯
আনন্দ মিলয় তযু প্ৰমাণক পাও ।
বালীক মাৰিবা প্ৰভু তেবে পতিয়াও ॥৬০
ৰাঘৱে বোলন্ত সাত গাছ তাল সাৰ ।
বক্ৰভাৱে আছে অৰ্দ্ধ চন্দ্ৰৰ আকাৰ ॥৬১
কচু যেন ভেদোঁ একেশৰৰ প্ৰহাৰে ।
গুচাইবোঁ মনৰ ঝিয়া সকলে তোমাৰে ॥৬২
আগে দেৱ গুৰুক কৰিলা নমস্কাৰ ।
ধনু তুলি ধৰিলন্ত যেন বজ্ৰ সাৰ ॥৬৩
আজুৰিল ধনু কৰ্ণমানক নামিল ।
শ্ৰীমুখ বাণ আনি গুণে আৰোধিল ॥৬৪
বাম পাৱ আগ কৰি দক্ষিণক পাছ ।
একে প্ৰহাৰন্তে ভেদিলন্ত সাতো গাছ ॥৬৫
এক দুই তিনি চাৰি পাঁচ ছয় সাত ।
প্ৰত্যেকতে অগনি নিকলে জাকে জাক ॥৬৬
ঈষত্ কটাক্ষে ৰামে ভেদিলন্ত তাল তাল ।
পৰ্ব্বত ভেদিয়া শৰ পশিল পাতাল ॥৬৭
সাগৰত স্নানি পুনু পশিলা তূনত ।
চমকিত ভৈল পাছে পাঞ্চৰো মনত ॥৬৮
একোৱে নজানো আমি বানৰ তৰল ।
প্ৰাণৰ কাতৰে কটালিলাঁ তযু বল ॥৬৯
জিনিবাক পাৰা প্ৰভু জানো তিনি লোক ।
আবে কি কৰিবোঁ প্ৰভু আদেশিয়ো মোক ॥৭০
শ্ৰীৰামে বোলন্ত মিত্ৰ চিনিলা আমাক ।
সত্বৰে চলিয়ো এবে যাও কিষ্কিন্ধাক ॥৭১
একে পাত শৰত বালীক বধ কৰোঁ ।
ধিক্কাৰ বীৰম্ব যেবে দুই পাত ধৰোঁ ॥৭২