কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৩ অধ্যায়
কৌশল্যাই কৈকেয়ীক ভতৰ্সনা কৰে
বিষাদে কৌশল্যা কৈকেয়ীক লাগি চাইলা ।
কুল সংহাৰিণীক আগতে ভেট পাইলা ॥১
হাওৰ পাপীষ্ঠী চাৰী তই স্বামী খাইলি ।
সমস্ত লোকক শোক সাগৰে পেলাইলি ॥২
তোৰ গৰ্ভ ঠাই ভৈল সুস্বামী আমাৰ ।
সব ৰঘু বংশৰ চিন্তিলি বুন্দমাৰ ॥৩
তোৰ কুখিয়াতি তিনি ভুবনক যাইব ।
নৰকৰ পোকে তোক লাৰি ছাৰি খাইব ॥৪
যাৱে চন্দ্ৰ দিবাকৰ পৃথিবী সাগৰ ।
ঘোৰ ক্ৰিমি কুণ্ডত থাকিবি একেশ্বৰ ॥৫
ৰামত ভকত যেন লখাই মহাবীৰ ।
ভৰতো ৰামত তেন একে সে শৰীৰ ॥৬
পুতেয়ো নলৈবে ৰাজ্য স্বামীকো বধিলি ।
একোয়ে নফৈল তই নৰক সাধিলি ॥৭
তোহোৰ কাৰণে ৰামচন্দ্ৰ গৈলা বন ।
পুত্ৰশোকে নৃপতিয়ো তেজিলে জীৱন ॥৮
সিংহ গজৰাৱ শুনি জনকৰ জীৱে ।
চমকিয়া ৰাঘৱৰ ধৰিৱন্ত গ্ৰীৱে ॥৯
তই ভৈলি প্ৰজাৰ দুঃখৰ আদিমূল ।
কৰিলি নিৰ্ম্মূল তই ইটো ৰঘুকুল ॥১০
এহি বুলি মুঠি হানি পৰিলন্ত শোকে ।
প্ৰবোধিতে নপাৰিল সব নাৰী লোকে ॥১১
পাচে বশিষ্ঠক গৈয়া মাতাইয়া আনাইল ।
কুলগুৰু কৌশল্যাক প্ৰবোধ কৰাইল ॥১২
বিষাদে থাকিলা দেবী অস্থি চৰ্ম্মমাত্ৰ ।
বশিষ্ঠ বসিলা গৈয়া আউৰ যত পাত্ৰ ॥১৩
সেনাপতি,যুথপতি,মন্ত্ৰী,সন্ধিকৈ ।
মহা মহা সাধু যত সবাহাঙ্কে লই ॥১৪
ৰামদেৱ,যাজ্ঞবল্ক,বিশ্বামিত্ৰ,গৰ্গ ।
মাৰ্কণ্ডেয়,গৌতম ৰজাৰ গুৰুবৰ্গ ॥১৫
বশিষ্ঠক মধ্য কৰি বসিলা বিমনে ।
আদিত্যক বেঢ়িয়া যেহেন গ্ৰহগণে ॥১৬
সবে বিমৰিষি পাচে কৰিলন্ত থিৰ ।
তৈলদ্ৰোণী কৰি থৈল ৰাজাৰ শৰীৰ ॥১৭
পাত্ৰ পুৰোহিত মিলি আলোচিলা কাজ ।
অৰাজকে নিৰন্তৰে ছন্ন হৈবে ৰাজ ॥১৮
সবে হন্তে বুলিলন্ত বশিষ্ঠক চাই ।
ৰাজ্য ছন্ন হৈবেক নৃপতি কেহো নাই ॥১৯
দশৰথ চক্ৰবৰ্ত্তী ভৈলন্ত বিনাশ ।
ৰাম লক্ষ্মণেও এৰি গৈলা বনবাস ॥২০
পৰদাৰা হৰণ কৰিব মহাপাপ ।
পুত্ৰ হুয়া নমানিব আপোনাৰ বাপ ॥২১
নাৰীগণ স্বামীত হৈবেক অবিনীত ।
অনিয়মে সবে দোষ হৈবে উপস্থিত ॥২২
মাতুলৰ ঘৰত ভৰত শত্ৰুঘন ।
সত্ত্বৰে আনায়ো যেবে ৰাজ্য নোহেচ্ছন্ন ॥২৩
অৰাজকে দুষ্ট খলে আসঙ্গক পাইব ।
অনেক দুৰ্জ্জন চোৰ মছল উঠাইব ॥২৪
ৰাজায়ো আহন্তে মোত পুছিলন্ত কাজ ।
সত্ত্বৰে চিন্তিয়ো যেবে ছন্ন নোহে ৰাজ ॥২৫
শুনিয়ো সমাজে ইটো ৰামৰ চৰিত ।
ৰাম ৰাম বুলি সুখে তৰিয়ো কলিত ॥২৬