ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায়
ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে
- পদ ।
অযোধ্যা তেজিয়া ৰাম গৈলা যেতিক্ষণ ।
নগৰীয়া লোক নথাকিল একোজন ॥১
নিজ প্ৰাণ তিনি জন বন চলি যাই ।
মৃতক শৰীৰে থাকিবোহো কাক চাই ॥২
এহি বুলি প্ৰজা ৰাঘৱৰ লাগ লৈলা ।
যাইবে কতো নপাবি পথতে পৰি ৰৈলা ॥৩
ৰাঘৱে বোলন্ত শুনা অযোধ্যাৰ জন ।
যদি দায়া খাকে মোৰ কৰিয়ো বচন ॥৪
মোহোৰ বাসনা এৰি অযোধ্যাক যাহা ।
ভৰতক ৰাজা পাতি ধৰ্ম্মপথ চাহা ॥৫
মোহোৰ শোকতে দগ্ধ ৰাজা দশৰথ ।
তাঙ্ক যেবে আশ্বাসিয়ো মোৰ হিতপথ ॥৬
প্ৰজা বোলে ৰাম প্ৰভু ধৰ্ম্ম চাহিয়োক ।
বাহুৰায়া মন অযোধ্যাক চলিয়োক ॥৭
নোহে আমি তেজিলোঁহো পুত্ৰ পৰিবাৰ ।
তোমাৰ তুলত বন কৰিলোঁহো সাৰ ॥৮
কৈকেয়ীৰ বচনক দৃঢ় মনে ধৰি ।
কোথা চলি যাহা আমাসাক পৰিহৰি ॥৯
ৰাগ ৰোষ সকলো আমাত ক্ষমা কৰি ।
প্ৰতিপাল কৰিয়োক অযোধ্যা নগৰী ॥১০
পিঠি দিয়া প্ৰজাক নিৰ্দ্দয় ৰাম বীৰ ।
শীঘ্ৰবেগে পাইলেক তমসা নদীতীৰ ॥১১
ৰাঘৱে বোলন্ত শুনাঁ লক্ষ্মণ বিনীত ।
প্ৰথম প্ৰবাসে আমি ভৈলোঁ উপস্থিত ॥১২
অসুখ নকৰ বাপু মন্যু পৰিহৰি ।
ৰাত্ৰি গোট বঞ্চিয়ো প্ৰজাক ৰক্ষা কৰি ॥১৩
কেন মতে ফলমূল ভুঞ্জিবোঁহো আজি ।
ঝাণ্ট কৰি তৃণ শয্যা দিয়ো মোক সাজি ॥১৪
ৰামৰ বচন শুনি লথাই মহা বীৰে ।
তৃণ শয্যা নিৰ্ম্মলা তমসা নদী তীৰে ॥১৫
ৰাম সীতা পাচে তথা শয়ন কৰিলা ।
নিদ্ৰা গৈলা দুয়ো দুখ শোক পাসৰিলা ॥১৬
চতুৰ্ভিতি বেঢ়ি শুইলা অযোধ্যাৰ লোকে ।
নিচেষ্টে গৈলন্ত নিদ্ৰা পীড়িলেক শোকে ॥১৭
ৰামৰ বিবিধগুণ কথা আতি কহি ।
সুমন্ত্ৰ লক্ষ্মণ জাগি থাকিলন্ত বহি ॥১৮
সমধিকে গৈল যেবে নিশা দুই পৰ ।
পাইলন্ত চেতন নিদ্ৰা ভাঙ্গিল ৰামৰ ॥১৯
ৰাঘৱে বোলন্ত লথাই প্ৰজাৰ বিপত্তি ।
পুত্ৰ দাৰা গৃহ তেজি আমাত ভকতি ॥২০
দাৰুণ বনত আসি তমসা কুলত ।
মোত অনুৰাগে শুইল বৃক্ষৰ মূলত ॥২১
প্ৰজাক আমাৰ দুখ দিতে নুযুৱাই ।
সবাহাঙ্কো পৰিহৰোঁ চিন্তাহা উপায় ॥২২
শুনাঁ বোলোঁ বচন সুমন্ত্ৰ সদভাৱ ।
অযোধ্যাক লাগি মোৰ ৰথ বাহুৰাৱ ॥২৩
কতো দূৰ গৈয়া পাচে আন পন্থা ধৰি ।
অন্তৰীক্ষ ভাৱে ৰথ আন ঝাণ্ট কৰি ॥২৪
শ্ৰীৰামৰ বচন সুমন্ত্ৰে পৰিমাণি ।
সেহিমত কৰি ৰথ যোগাইলন্ত আনি ॥২৫
ৰাঘৱে সীতায়ে সেহি ৰথত চড়িয়া ।
তমসাৰ পাৰ ভৈলা প্ৰজাক এৰিয়া ॥২৬
পাৰ হয়া ৰাম যেবে বহু দূৰ গৈলা ।
প্ৰভাতত আদিত্য উদয় আসি ভৈলা ॥২৭
জাগি প্ৰজা সবে বোলে হৰি হৰি বিধি ।
খুজি ফুৰে হাতৰ হৰাইল যেন নিধি ॥২৮
অযোধ্যাক গৈল ৰাম দেখি ৰথ চিন ।
জানি নিৰন্তৰে প্ৰজা ভৈল শোক হীন ॥৩৯
ক্ষমাশীল ৰাম কোপ উপশাম ভৈল ।
হেন বুলি প্ৰজা সব অযোধ্যাক গৈল ॥৩০
পাচে প্ৰজা দেখে ৰাম নাহি অযোধ্যাত ।
সূৰ্য্য অস্ত গৈলে পদ্ম সঙ্কোচ সাক্ষাত ॥৩১
ভূমিত পৰিয়া প্ৰজা আপোনাৰ ঠাৱে ।
পুত্ৰ পৰিবাৰ সমে কান্দে দীৰ্ঘ ৰাৱে ॥৩২
নাৰীগণে স্বামীক বোলয় অনুত্তৰ ।
ৰাম গুণ পাসৰিয়া আসি লৈলে ঘৰ ॥৩৩
দিনেকৰো গুণ তান সুজিতে নপাৰি ।
স্বামী সকলক গালি পাৰে যত নাৰী ॥৩৪
স্বামীৰ মাথাত কেহো দেয় মাৰঘোৰ ।
এৰি আইলি ৰামক টেন্টন যেন চোৰ ॥৩৫
এভো হেন কৰহ ৰামৰ পাশে যাহা ।
সেৱা কৰি বিনয় ৰামক মনৱাহা ॥৩৬
ফল মূল গোটাই আনি ৰামক তুষিব ।
তোমাক আমাক ৰাম সীতায়ে পুষিব ॥৩৭
স্ত্ৰী মুখ চাইতে আইলি ৰামক তেজিয়া ।
পাপী মোক্ষ তেজি মৰে নৰকে মজিয়া ॥৩৮
এহিমতে প্ৰজায়ে ৰামক কৰে মৰ্ম্ম ।
তেজিল সমস্তে লোকে যাৰ যেন কৰ্ম্ম ॥৩৯
দেৱৰীয়ে দেব পূজা কৰিলে বিচ্ছেদ ।
ব্ৰাহ্মণ সকলে নপঢ়য় আৰু বেদ ॥৪০
ক্ষত্ৰে এৰিলেক অস্ত্ৰ শস্ত্ৰ কৰ্ম্ম ধৰ্ম্ম ।
বৈশ্যে এৰিলেক কৃষি বাণিজ্যৰ কৰ্ম্ম ॥৪১
শূদ্ৰে এৰিলেক সেৱা বিষাদিত লোক ।
পুত্ৰে মাতৃ এৰিলে তেজিল মাৱে পোক ॥৪২
সকলে প্ৰজাৰ ভৈল অসুখ আধূতি ।
ছতিশ জাতিয়ে তেজিলেক নিজ বৃত্তি ॥৪৩
দেশে দেশে প্ৰজা সবে কান্দে মন্যু কৰি ।
সকলে নগৰী ছানি শুনি হৰি হৰি ॥৪৪
দশৰথ কৈকেয়ীক প্জা বোলে ধিক ।
বিনা দোষে ৰামক পঠাইলা বনে কিক ॥৪৫
কতো দিন প্ৰজা সবে খাইলে অন্ন পানী ।
শুনিয়ো পথত যেন ৰামৰ কাহিনী ॥৪৬