ৰাৱণক বিভীষণৰ সজ উপদেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৫ অধ্যায়
ৰাৱণক বিভীষণৰ সজ উপদেশ ।
ৰাৱণ বসিয়া আছে পাত্ৰ সমন্বিতে ।
বিষ্ণুত ভকত গৈয়া মিলিল তহিতে ॥১
গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ ।
ৰামত ভকত আতিশয় শুদ্ধমন ॥২
ৰাজনয় সমুচিত ধৰ্ম্মক জানন্ত ।
ৰাৱণক সম্বুধিয়া বাক্য বুলিলন্ত ॥৩
লঙ্কা পুৰি হনুমন্ত গৈল যেন মতে ।
আপুনিয়ো দেখিলাহা পাত্ৰ সমন্বিতে ॥৪
কাহাৰ শকতি আছে এক ডেৱ কৰি ।
শতেক সহস্ৰ পথ সাগৰক তৰি ॥৫
নিসংশয় মনে আসি পশিল নগৰ ।
সৰ্ব্বদেশ চাহিল ফুৰিল ঘৰে ঘৰ ॥৬
সীতাকো দেখিলে মাৰিলেক সেনাগণ ।
বন ভাঙ্গি সিথানক কৰিলে উত্ছন ॥৭
ইন্দ্ৰজিতে যুজিল যুদ্ধৰ যত ধৰ্ম্ম ।
নাগপাশে বান্ধিলেক ইকি যোগ্য কৰ্ম্ম ॥৮
দণ্ড বিহিলোহো ভাই ৰাখিলেক বধ ।
লাঞ্জৰ অগনি লঙ্কা কৰিলে দগধ ॥৯
উত্তম অধম যে মধ্যম কহে মন্ত্ৰ ।
সত্ত্বৰ ত্ৰিবিধ কৰিবাক লাগে তন্ত্ৰ ॥১০
একৈক সুমন্ত্ৰী মোৰ বুদ্ধিত অপাৰ ।
আপুনি সকলে জানা কি কহিবো আৰ ॥১১
একেশ্বৰে মন্ত্ৰী যেবে কৰয় নিশ্চয় ।
উত্তম বুলিয়া তাক কহে শাস্ত্ৰ নয় ॥১২
অনেক মন্ত্ৰীৰ যেবে হোৱে একমতি ।
মধ্যম বুলিয় তাক মন্ত্ৰৰ শকতি ॥১৩
পুৰুষৰ তেজে নাহি দৈবেসে বোলয় ।
অধম বুলিয় তাক শাস্ত্ৰৰ আলয় ॥১৪
ৰাঘৱ মুনিষ যেন জগত বিদিত ।
কহিলো কাহিনী যেন আমাৰ উচিত ॥১৫
তপৱন্ত ৰাম বৰ পুৰুষ অগাধ ।
লঙ্কা ছন কৰিবন্ত নাহিকয় বাধ ॥১৬
সুগ্ৰীৱক সখা কৰি ৰাম মহাবলে ।
সমদলে সাগৰ তৰিব অবিকলে ॥১৭
জানো মই সীতা লক্ষ্মী জনক জিয়াৰী ।
আৰ জানো ৰাম মধুসূদন মুৰাৰি ॥১৮
ৰামৰ হাতত জানো মোৰ যাইব জীৱ ।
তথাপি নিদিবোঁ সীতা জনকৰ জীৱ ॥১৯
শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত ।
দুঃস্বপ্নৰ কথা প্ৰভু গুচায়ো মনত ॥২০
প্ৰমাদত লঙ্কা পুৰি গৈল হনুমন্তে ।
আমি জানিলোত গক্ষ নভৈলে হন্তে ॥২১
আছিলোহো হন্তে আমি সচকিত মনে ।
কিসক কৰয় পৰাভৱ অল্পজনে ॥২২
অস্ত্ৰ বলে ভৰি পূৰি আছৈ সব লঙ্কা ।
মনুষ্য ৰামক প্ৰভু নকৰিবা শঙ্কা ॥২৩
শুনিয়োক সভাসদ ৰামৰ চৰিত্ৰ ।
পৰম সুৰস ৰস কৰ্ণৰ অমৃত ॥২৪
সংসাৰ ব্যাধিক কৰৈ ইসে উপশাম ।
নিৰন্তৰে উচ্চ কৰি বোলাঁ ৰাম ৰাম ॥২৫
- ৩৬ অধ্যায়
- ছবি ।
আপোনবলক প্ৰভু, তাক নেদেখাহা তুমি,
- ত্ৰিভুবনো জনিলাহা ভয় ।
পাতালৰ বাসুকিক, জিনি ভয় লগাইলাহা,
- আন কোন আগত থাকয় ॥১
দক্ষিণ দিশক গৈ, যমক জিনিলা তুমি,
- পশ্চিমে জিনিলা বৰুণ ।
ইন্দ্ৰ আদি কৰিযত, ত্ৰিদশক জিনিলাহা,
- তুমি সম বীৰ আছে কোন ॥২
কৈলাসক চালিলাহা, কুবেৰক জিনিলাহা,
- আনিলাহা পুষ্পক বিমান ।
স্বৰ্গ মৰ্ত্ত পাতালত, তোমাক সমান নাহি,
- ব্ৰহ্মাক কৰিলা বহুমান ॥৩
ৰামদেৱ লক্ষ্মণক, সুগ্ৰীৱক অঙ্গদক,
- একেশ্বৰে মাৰিবা ৰণত ।
ত্ৰৈলোক্যবিজয় আমি, একো একো সখা আছো,
- নকৰিবা কটাক্ষো মনত ॥৪
আছোক আমাৰ আন, ইন্দ্ৰজিত কুমাৰেযে,
- সবাকো মাৰিবে সমৰত ।
ইন্দ্ৰ আদি কৰি যত, ত্ৰিদশ দেৱতা আছো,
- জিনিআছ দুৰ্ঘোৰ ৰণত ॥৫
যি বীৰ ইন্দ্ৰক জিনি, লঙ্কাক আনিলবান্ধি,
- ত্ৰিদশক কৰিলেক ধাৰ ।
ব্ৰহ্মায়ে আসিয়া পাছে, প্ৰীতি প্ৰকাৰ কৰি,
- স্বৰ্গকো দিলন্ত অধিকাৰ ॥৬
কদাপি ইন্দ্ৰৰ মনে, মহাভয় নুগুচয়,
- ইন্দ্ৰজিত নামক সুমৰি ।
হেনবীৰ আছন্তেয়ো, লঙ্কা কোনে মাৰিবেক,
- থাকিয়োক ভয় পৰিহৰি ॥৭
স্বৰ্গ মৰ্ত্ত পাতালত, আছয় যতেক বীৰ,
- ৰণে হাৰি মানিলেক কাপ ।
হেনবীৰ আছন্তেনো, তোমাৰ কাহাক ভয়,
- মেঘনাদ প্ৰচণ্ড প্ৰতাপ ॥৮