হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৭ অধ্যায়
হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ ।
ৰাক্ষস লোকক আদেশিলেক ৰাৱণে ।
ঝাণ্ট কৰি মোৰ ভাণ্ডাৰৰ বস্ত্ৰ আন ॥১
বান্দৰাৰ লাঞ্জত বান্ধিয়ো টানি টানি ।
তেলে সমে জোবৰায়ো ভণ্ডাৰৰ আনি ॥২
ৰাজাৰ বচনে ভাণ্ডাৰৰ বস্ত্ৰ আনি ।
বানৰাৰ লাঞ্জত বান্ধিয়া টানি টানি ॥৩
কাপোৰে নোজোৰে তৈল সবে ভৈল ক্ষয় ।
পুনু পুনু মাৰুতিৰ লাঙ্গুল বাঢ়য় ॥৪
পকাই পকাই লাঞ্জ বঢ়াই হনুমন্ত ।
কত বস্ত্ৰ লাগিল নাহিকে আদি অন্ত ॥৫
কৰযোৰ কৰি পাছে ভণ্ডাৰী বোলয় ।
ভণ্ডাৰৰ তৈল বস্ত্ৰ সবে ভৈল ক্ষয় ॥৬
ৰাজা বোলে ভণ্ডাৰী কৰ্পূৰ দেওঁ খাহাঁ ।
মন্দোদৰী পাশক সত্বৰ কৰি যাহাঁ ॥৭
সহস্ৰ কন্যাৰ তেন্ত মুখ্য পটেশ্বৰী ।
সবাহাৰে বস্ত্ৰ দেওক খান খান কৰি ॥৮
হেন শুনি ভণ্ডাৰীয়ে নথাকিল ৰৈয়া ।
অন্তেষ পুৰত সিটো প্ৰবেশিল গৈয়া ॥৯
কৰযোৰে ভণ্ডাৰি যুৰিলা যোৰহাত ।
আই পটেশ্বৰী বুলি নমিলেক মাথ ॥১০
নতো শুনা মাৱ তুমি ভৈল আথান্তৰ ।
তোমাৰ পাশক পঠাইলন্ত লঙ্কেশ্বৰ ॥১১
জম্বুদ্বীপ হন্তে মাৱ কপি এক আইল ।
ইন্দ্ৰজিতে বান্ধি আনি ৰাজাত ভেটাইল ॥১২
লাঞ্জে জুই দিবে আদেশিল লঙ্কেশ্বৰ ।
ভণ্ডাৰৰ বস্ত্ৰ ক্ষয় ভৈল নিৰন্তৰ ॥১৩
মন্দোদৰী বোলে কিনো মিলিল অকায ।
আবেসে জানিলোঁ ছন্ন ভৈল লঙ্কাৰাজ ॥১৪
এবে যেবে বস্ত্ৰ মই দিয়া নপঠাওঁ ।
ৰাজাৰ বৈলখে বৰ গৰিহাক পাওঁ ॥১৫
ৰাজ পটেশ্বৰী হেন মনে গুণি চাইল ।
খান খান কৰি সবে কাপোৰ অনাইল ॥১৬
বস্ত্ৰ আনি ভণ্ডাৰীৰ হাতে আনি দিল ।
বস্ত্ৰ পায়া ভণ্ডাৰিয়ো তেখনে চলিল ॥১৭
সিও বস্ত্ৰ নিয়া পাছে লাঞ্জত মেহ্ৰাইল ।
একো মতে বানৰাক যোৰন নযাইল ॥১৮
কৰযোৰে ভণ্ডাৰীয়য়ে বুলিল ৰাজাক ।
আই সকলৰ বস্ত্ৰে নাটিল ইহাক ॥১৯
ৰাজা বোলে ভণ্ডাৰী বানৰ বলিয়াৰ ।
বস্ত্ৰ কাটি আন গৈয়া জানকী সীতাৰ ॥২০
সহস্ৰ ৰাক্ষসী আছে তাইক ৰক্ষা কৰি ।
তাসম্বাৰো কাটি আন খান খান কৰি ॥২১
সীতাৰ বস্ত্ৰৰ নাম শুনি হনুমন্ত ।
মনত বিষাদে কপি পৰামৰিশন্ত ॥২২
পৱন তনয় আপোনাৰ মনে জানি ।
দীঘল লাঞ্জক তান তুটাইলেক আনি ॥২৩
ডাইন পাক গুচি লাঞ্জ বাম পাক কৈল ।
উলট পাকত লাঞ্জ আতি হ্ৰস্ব ভৈল ॥২৪
যেনে তেনে তৈলে বস্ত্ৰ অৰ্দ্ধেক তিন্তিল ।
অগনি লগায়া হনুমন্তক তুলিল ॥২৫
টানি জৰি গলত বান্ধিল দৃঢ় কৰি ।
নগৰ ফুৰাইতে তাঙ্ক নিল হাতে ধৰি ॥২৬
হুলস্থূল লঙ্কাত লাগিল কোলাহল ।
ছৱাল মেলেকে বেঢ়ি কৰে হাত তাল ॥২৭
ঢাক ঢোল উৰুলি মৃদঙ্গ লঙ্কা জুৰি ।
সবে মিলি চাহাঁ বানৰাৰ লাঞ্জ পুৰি ॥২৮
ৰাক্ষসৰ মাজে কপি বন্দী হুয়া যান্ত ।
আপোনাৰ মনত আপুনি গুণিলন্ত ॥২৯
ৰখিয়া বৰ্গক আমি এতিখনে মাৰি ।
ৰাম লক্ষ্মণৰ সমীপক যাইতে পাৰি ॥৩০
খাল খোপ পুৰিবোহোঁ গুচাইবো সংগ্ৰাম ।
দুৰ্গম গুছায়া ভূমি কৰিবোহোঁ সম ॥৩১
তেবেসে লঙ্কাক আসিবাৰ ফল হোৱে ।
মনে মনে আলোচন্ত পৱনৰ পোৱে ॥৩২
দেখিয়া সৰমা গৈল জানেকীৰ ভিতা ।
আথান্তৰ কথা মাৱ নতো শুনা সীতা ॥৩৩
তোমাৰ বানৰ লঙ্কেশ্বৰে বন্দী পাইল ।
লাঞ্জত অগনি দিয়া নগৰী ফুৰাইল ॥৩৪
হেন শুনি গোসাঁনীৰ বাঢ়ি গৈল শোক ।
হা হা যম কিক লাগি নেনিলহা মোক ॥৩৫
স্বামী মোৰ বাৰ্ত্তাক পাইবন্ত চিৰকালে ।
তাতো নিদিলেক বিধি মোহোৰ কপালে ॥৩৬
প্ৰণামোঁ অগনিদেৱ বায়ু তযু সখা ।
হনুমন্ত পুত্ৰ মোৰ পুত্ৰৱতে ৰাখা ॥৩৭
যেবে মই নজানোহো শ্ৰীৰামত পৰে ।
শীতল হুয়োক হনুমন্তৰ শৰীৰে ॥৩৮
অগনিক সীতা যেবে স্তুতি কৰিলন্ত ।
নদহন্ত অগনিয়ে শীতলে জ্বলন্ত ॥৩৯
হনুমন্তে সুস্থ হুয়া মনত গুণন্ত ।
সীতাৰ প্ৰসাদে মোক বহ্নি নদহন্ত ॥৪০
দেবীৰ প্ৰসাদে মোক নদহন্ত বহ্নি ।
তৃপিতিক কৰাওঁ লগাওঁ লঙ্কা ছনি ॥৪১
ডাঙ্গৰ দীঘল আছিলেক কলেৱৰ ।
অল্পদেহা কৰি জৰি গুছাইলা গলৰ ॥৪২
কৰি শিৰোগত আতি ৰামৰ চৰণ ।
মাধৱকন্দলী বিৰচিল ৰামায়ণ ॥৪৩
নিমজোক মন মোৰ চৰণে ৰামৰ ।
বোলাঁ ৰাম ৰাম সভাসদ নিৰন্তৰ ॥৪৪
- ২৮ অধ্যায়
- দুলৰি ।
পুণৰপি বীৰে, শৰীৰ বঢ়াইল,
- ঊৰ্দ্ধক লাঙ্গুল তৰি ।
আলগ সঞ্চাৰে, ডেৱ কৰিলন্ত,
- কতো দূৰ গৈয়া পৰি ॥১
আথে বেথে গৈয়া, সোণাৰ তম্ভক,
- দুইহাতে লৈল উপাৰি ।
ৰাক্ষস বৰ্গৰ, সবাৰো কোবাই,
- ঠেঙ্গ ভাঙ্গিলন্ত বাৰি ॥২
কতোহো মাৰিল, কতোহো পলাইল,
- দূৰত কতো পৰিল ।
এক লাম্ফ দিয়া, বীৰ হনুমান,
- ধৱলিৱৰে চড়িল ॥৩
ধৱলিৱৰত, বসি হনুমান,
- আথাকৈ লাঞ্জ আফালি ।
ইঘৰে সিঘৰে, চালৰ ওপৰে,
- লৈযান্ত অগনি জ্বালি ॥৪
ইঘৰে সিঘৰে, মণ্ডল আকাৰে,
- সব নগৰক ছনি ।
আঠ গুণ প্ৰাণ, দশ গুণ বল,
- হনুয়ে জ্বালে অগনি ॥৫
বায়ুয়ে বোলন্ত, পুত্ৰ হনুমন্তে,
- সমস্তে লঙ্কা দহন্ত ।
অগনিৰ সখা, হুয়াসি পৱন,
- লঙ্কাক ছানি বহন্ত ॥৬
সহস্ৰ সংখ্যাত, মাগুলি ফুটাই,
- আকনা শবদ ৰোল ।
লঙ্কা নগৰীক, ধূমে বিয়াপিল,
- স্বৰ্গ মণ্ডলৰ কোল ॥৭
প্ৰসাদ সকল, খসিয়া পৰয়,
- বিচিত্ৰ ধৱলিৱৰৰ ।
প্ৰলয়ৰ বাৱে, ঢৌ উঠলিল,
- উল্লাল ভৈল সাগৰ ॥৮
কেহো কল কাটে, কেহো মাটি সিঞ্চে,
- কেহো আনি ঢালে জল ।
নুমাইবে নোৱাৰি, চেঞ্চা পোৰা ভৈল,
- গাৱত নাহিকে বল ॥৯
একোয়ে প্ৰকাৰে, লঙ্কাৰ অগনি,
- নিমান যেবে নযাই ।
কাখতীললায়ে, যত ঘৰ পাৱে,
- তাকো খেদি খেদি খাই ॥১০
ৰাৱণ ৰাজাৰ, বৰ ভয় ভৈল,
- বানৰৰ দেখি কায ।
ইন্দ্ৰজিত আদি, প্ৰহস্ত সহিতে,
- পলাই সব সমাজ ॥১১
ৰাজা পলাইবাৰ, দেখিয়া সকল,
- ৰাক্ষসগণ পলান্ত ।
পুত্ৰ পৰিবাৰা, সবাকো এৰিয়া,
- জীৱ ৰাখি মাত্ৰ যান্ত ॥১২
জয় জয় ৰাম, প্ৰভু ৰঘুপতি,
- তুমি অগতিৰ গতি ।
তোমাৰ অভয়, চৰণ পঙ্কজে,
- কৰোহোঁ সদা প্ৰণতি ॥১৩
পৰম মঙ্গল, তযু গুণ নামে,
- হৰে ভকতৰ ভয় ।
তেজি আন কাম, বোলাঁ ৰাম ৰাম,
- যত সমাজিক চয় ॥১৪
- ২৯ অধ্যায়
- পদ ।
কতো দূৰ হন্তে দেখি দগধ নগৰী ।
কুটুম্বে কুটুম্বে কান্দে গলাগলি কৰি ॥১
অন্ধলা পেঙ্গুৱা ছৱা গৰ্ভিনী নাৰী ।
যতেক মৰিল তাক বৰ্ণাইতে নপাৰি ॥২
সমস্ত লঙ্কাৰ ঘৰ পুৰি হনুমন্ত ।
আউল আউল কৰি বায়ু চৌপাশে বহন্ত ॥৩
বৃক্ষ সব ভাগৈ হস্তী ঘোঁড়া পুৰি মৰে ।
গিৰ গিৰ শবদ আক্ৰোশে বহ্নি কৰে ॥৪
লঙ্কাৰ দগধ দেখি সৰমা ৰাক্ষসী ।
সীতাৰ পাশক গৈয়া কৌতূহলে বসি ॥৫
হাস্য কৰি বোলে সীতা শুন প্ৰাণসখী ।
তোমাৰ সম্পদ কাল আমি আছো লখি ॥৬
তোমাৰ বানৰে লঙ্কেশ্বৰে বন্দী পাইল ।
লাঞ্জত অগনি দিয়া নগৰী ফুৰাইল ॥৭
পৰ্ব্বত সমান হুই মায়াবী বানৰ ।
ডেৱ দিয়া চড়িল ৰাজাৰ ধৌলিৱৰ ॥৮
ধৱলিৱৰত পৰি লাঙ্গুলৰ জুই ।
সব লঙ্কা পুৰি যাই ভস্মীভূত হুই ॥৯
চালে চালে ডেৱ দিয়া ফুৰিল লঙ্কাৰ ।
সবে লঙ্কা পোৰয় অগনি একাকাৰ ॥১০
ঊন পঞ্চাশত বায়ু লঙ্কাত বহিল ।
নিশেষ কৰিয়া সবে অগনি দহিল ॥১১
লঙ্কা পুৰি হনুমন্ত কৰিলন্ত চূৰ ।
তাত পাছে পুৰিলা ৰাজাৰ অন্তেষপুৰ ॥১২
লোমকৰ্ণ প্ৰহস্তৰ বিদুৰ জিহ্বৰ ।
কুমাৰৰো পুৰিলন্ত দিব্য বাসহৰ ॥১৩
সুৱৰ্ণ মাণিক সবে ৰতন পোৱালে ।
বিশ্বকৰ্ম্মে প্ৰৱন্ধে নিৰ্ম্মিলা চিৰকালে ॥১৪
প্ৰবন্ধেসে গঢ়িল নামিয়া স্বৰ্গহন্তে ।
দণ্ডেকৰ বোলে পুৰিলন্ত হনুমন্তে ॥১৫
হেন শুনি দেৱী ভৈলা পৰম হৰিষ ।
মাথা তুলি চাহিলন্ত পুৰিবাৰ দিশ ॥১৬
কতোক্ষণ কথা কৈল সৰমা সহিতে ।
আতিশয় মনোৰঙ্গ দুই হানো তহিতে ॥১৭
সাদৰে মাতিলা সীতা সৰমাক চাই ।
তুমি সম সুহৃদ আমাৰ আন নাই ॥১৮
লঙ্কা পুৰি হনুমন্তে ভৈলন্ত হতাশ ।
সাগৰ মাজক লাগি কৰিলন্ত ঝাস ॥১৯
আকাশৰ বাণী বীৰে শুনিলা তহিত ।
মুখে চুঞ্চি অগনিক পেলায়ো ত্বৰিত ॥২০
শুনি হনুমন্তে কৌতুকক বৰ পাইল ।
মুখে চুঞ্চি অগনিক তেখনে নিমাইল ॥২১
স্বস্থ ভৈলা হনুমন্ত গুচিল প্ৰয়াস ।
লঙ্কাক চাহিয়া বীৰে তুলিলন্ত হাস ॥২২
শ্ৰীৰামৰ চৰণক কৰি নমস্কাৰ ।
কেশৰী বায়ুক প্ৰণামিলা বাৰে বাৰ ॥২৩
লঙ্কাক পুৰিয়া বীৰ হৰিষিত মনে ।
মাধৱে ভনিল শ্ৰীৰামৰ চৰণে ॥২৪
উজানি বাহন্তে মই বাহিলোঁহো ভাটি ।
লাভক চাহন্তে মূলক কৰিলোঁহো লাঠি ॥২৫
লঙ্কাক দহন্তে মই একো নচাহিলোঁ ।
লগৰৰ লগে সীতা দেবীকো দহিলোঁ ॥২৬
এবেসে জানিলোঁ জীৱনৰ নাহি ফল ।
ফাট দিয়া বসুমতী যাওঁ ৰসাতল ॥২৭
এহি অগনিতে মই জাম্প দিয়া মৰোঁ ।
নুহি তেবে বাঢ়য় অগনি ঝাস কৰোঁ ॥২৮
হনুমন্তে অনেক গুণন্ত মনে মন ।
চঞ্চল বানৰ জাতি আতি অচেতন ॥২৯
শান্তী সীতা দেৱীক দহিব বহ্নি কিক ।
এক নুহি সীতায়ে দহন্ত অগনিক ॥৩০
এতহন্তে হনুমন্তে মনে অৱগাই ।
চিত্ত থিৰ হৌক আসো গোসাঁনীক চাই ॥৩১
একো কালে অগনি নযাইব সীতাবন ।
দেখিলেহে তথাপিতো থিতি হোৱে মন ॥৩২
লঙ্কা পুৰি হনুমন্তে কৰিলন্ত ছন্ন ।
দেশক যাইবাক লাগি উত্ৰাৱল মন ॥৩৩
সীতাক দেখিতে গৈলা কপি মহাবীৰে ।
দেখি হৰিষিতে প্ৰণামিলা জানু শিৰে ॥৩৪
সাফল ৰামৰ আমি পাৱ আৰাধিলো ।
লঙ্কা পুৰি বন ভাঙ্গি কাৰ্য্যক সাধিলো ॥৩৫
ৰামৰ পাশক যাওঁ আছিয়ো গোসাঁনী ।
তোমাৰ বচনে মাৱ আমাৰ মেলানি ॥৩৬
সীতায়ে বোলন্ত বাপু এৰি যাইবে মোক ।
তই এৰি গৈলে বাপু পাইবো বৰ শোক ॥৩৭
নতো এৰি যান্তে মোৰ দগধ হৃদয় ।
তই এৰি গৈলে মোৰ কেনে প্ৰাণ সয় ॥৩৮
লঙ্কাক পোৰন্তে বাপ ভৈলেহে হতাশ ।
ৰাত্ৰি গোট বঞ্চ আজি গুচোক প্ৰয়াস ॥৩৯
কতো দুৰে গোপ্য থানে লুকি দিয়া থাক ।
কালি যাইবে প্ৰভাতে আশ্বাস বুলিবাক ॥৪০
সীতাৰ বচন মানে কৰ্ণ পাতি শুনি ।
সীতাকো অভয়বাণী বুলিলা আপুনি ॥৪১
অপ্ৰয়াসে শ্ৰীৰামে নিবন্ত আসি সাজি ।
বিলম্বত কাৰ্য্য নাই লৰি যাওঁ আজি ॥৪২
সীতা দেবী যাত্ৰা দিল সৰ্ব্ব সুকুশল ।
ৰক্ষা বান্ধি বুলিলন্ত অব্যাহতে চল ॥৪৩
দেবীৰ নয়নে জল পৰিবাৰ দেখি ।
মাৰুতিৰ ক্ৰন্দন লৰিল হকহকি ॥৪৪
লঙ্কা পুৰি ৰাৱণৰ দুখক জনিয়া ।
জনক জীউৰ দুই চৰণ বন্দিয়া ॥৪৫
অৰিষ্ট পৰ্ব্বত আছে সমুদ্ৰ তীৰত ।
ডেৱ দিয়া চড়িলন্ত তাৰ উপৰত ॥৪৬
তাহান সম্ভৰে গিৰি ভাৰ নসহয় ।
জল সব নিকলিল পশু ভৈল ভয় ॥৪৭
টলবল কৰে গিৰি বাজে কল কল ।
পৰ্ব্বতৰ বাজ হোৱে সিংহ হস্তীগণ ॥৪৮
হৰিণ বৰাহ উট গৱয় মহিষ ।
পৰ্ব্বতৰ হন্তে পলাই যাই দশোদিশ ॥৪৯
গিৰি শৃঙ্গ বৃক্ষ শিলা পৰে খসি খসি ।
নাগগনো বিয়াকুল পলাই তৰসি ॥৫০
গন্ধৰ্ব্ব চাৰণ বিদ্যাধৰ যত যত ।
মনোময় ক্ৰীড়া কৰি থাকে পৰ্ব্বতত ॥৫১
গিৰি তল যাই দেখি চিত্ত গৈল ভাগি ।
চমত্কাৰে পলাই থৈল পাজৰক লাগি ॥৫২
অৰিষ্ট পৰ্ব্বত দীঘে যোজন শতেক ।
চৰাৱতো পাঞ্চ মন্দ হোৱয় ততেক ॥৫৩
পথালিয়ো হোৱয় যোজন দশ মান ।
তল গৈয়া গিৰি ভৈল ভূমিৰ সমান ॥৫৪
সাগৰ মধ্যত হনুমন্তে ৰিঙ্গ দিল ।
সিপাৰৰ হন্তে কপি বলেয়ো শুনিল ॥৫৫
সবেয়ো সবাকো বোলে এৰিয়ো বিষাদ ।
কৌতূহলে হনুমন্তে কৰে সিংহনাদ ॥৫৬
যিকৰি নাদয় হনুমন্ত মহাবলী ।
সীতাক দেখিল হেন কাৰ্য্যতে আকলি ॥৫৭
যেবে নেদেখিল হন্তে জনকৰ জীক ।
কিল কিল ধ্বনী তেবে কৰিলেক কিক্ ॥৫৮
গিয়াতি বৰ্গৰ বৰ হৰিষ অনেক ।
কেহো গীত গাৱে কেহো হৰিষ প্ৰত্যেক ॥৫৯
কাৰ্য্যক সাধিয়া সবে আসে হনুমান ।
আবেসে সবাৰে ৰক্ষা গৈল নাক কাণ ॥৬০
মৈনাক পৰ্ব্বত কপি পৰশিলা কৰে ।
গুণত নৰাচ যেন ছুটিল সত্বৰে ॥৬১